হাইড্ৰ’জেন ইন্ধন

লেখক- বিকিয়ান বাইলুং

প্ৰযুক্তিবিদ্যাৰ অগ্ৰগতিৰ লগে লগে মানুহৰ নিত্যনৈমিত্তিক সামগ্ৰীৰ ব্যৱহাৰ দিনক দিনে বাঢ়ি আহিব ধৰিছে৷ মানুহৰ সম্পদ আহৰণৰ লালসা দিনক দিনে বাঢ়ি আহিছে। পৰিণতিস্বৰূপে অনৱীকৰণযোগ্য সম্পদ দ্ৰুত গতিত হ্ৰাস পাবলৈ ধৰিছে। এই গতি অব্যাহত থাকিলে অদূৰ ভৱিষ্যতে আমাৰ পৃথিৱীখন এক সংকটৰ সন্মুখীন হোৱাটো খাটাং৷ শিল্প বিপ্লৱৰ সূচনাৰে বিশ্বত আৰম্ভ হৈছিল শৈল্পিক বিপ্লৱ। এই ঔদ্যোগিক জয়যাত্ৰাৰ পৰিপ্ৰেক্ষিতত আজি মানৱ সমাজ বস্তুগত সামগ্ৰীৰ ওচৰত হাৰ মানিবলৈ বাধ্য হৈ পৰিছে। 

সৃষ্টি হ’বলৈ নিযুত নিযুত বছৰৰ প্ৰয়োজন হোৱা অনৱীকৰণযোগ্য সম্পদসমূহৰ সঞ্চিত পৰিমাণ দিনক দিনে কমি আহিবলৈ ধৰিছে। বৰ্তমান এই বিষয়টোৱে অধিক গুৰুত্ব লাভ কৰিছে৷ এণ্টনি লিভয়জাৰে নামাকৰণ কৰা এটা মৌল হʼল হাইড্ৰ’জেন। পৰ্যাবৃত্ত তালিকাৰ প্ৰথমটো মৌল৷ এই মৌলৰ সহায়ত হাইড্ৰ’জেন বোমাৰ দৰে শক্তিশালী বোমা প্ৰস্তুত কৰাৰ লগতে হাইড্ৰ’জেনক ইন্ধন হিচাপেও ব্যৱহাৰ কৰিব পৰা গৈছে ।  

১৮০৬ চন মানৰ পৰাই হাইড্ৰ’জেন ইন্ধনে চৰ্চা লাভ কৰি আহিছে । বৰ্তমান এই ইন্ধনৰ প্ৰয়োজনীয়তা ক্ৰমান্বয়ে বাঢ়ি অহাৰ লগতে উন্নয়নৰ প্ৰতিযোগিতাত হাইড্ৰ’জেন ইন্ধনে শীৰ্ষ স্থান দখল কৰিছে ।ভাৰতবৰ্ষৰ নতুন দিল্লীত প্ৰথমবাৰৰ বাবে হাইড্ৰ’জেন ইন্ধনযুক্ত Tata star bus চলিছিল।পথ পৰিবহন মন্ত্ৰী নীতিন গাডকাৰীয়ে এই ক্ষেত্ৰত বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে। বিভিন্ন পৰীক্ষা-নিৰীক্ষাৰ মাজেৰে বিগত সময়চোৱাত হাইড্ৰ’জেন ইন্ধনৰ বজাৰখনৰ লগতে ভাৰতৰ অৰ্থনৈতিক দিশটো উল্লেখ কৰি বিভিন্ন সভাত বিশেষজ্ঞসকলৰ মাজেত মত বিনিময় হৈছে৷ ১ লিটাৰ পেট্ৰলৰ তুলনাত ১ কেজি হাইড্ৰ’জেন ইন্ধন বেছি কাৰ্যক্ষম। ইয়াক জীৱাশ্ম ইন্ধনৰ বিকল্প  হিচাপে গ্ৰহণ কৰিব পাৰি৷ ইয়াৰ বাবে এতিয়াও ভাৰতৰ দৰে উন্নয়নশীল দেশত সজাগতাৰ প্ৰয়োজন আছে।  

হাইড্ৰ’জেন ইন্ধনে বৰ্তমান বিশ্বত গুৰুত্ব পোৱাৰ কাৰণটো হ’ল হাইড্ৰ’জেন ইন্ধন এক পৰিস্কাৰ ইন্ধন। ইয়াক দহন কৰিলে কেৱল পানী‌ উৎপন্ন হয় যি পৰিৱেশ অনুকূল। বৰ্তমান পৰিৱেশ প্ৰদূষণৰ মাত্ৰা হ্ৰাস কৰিবলৈ ইয়াক জীৱাশ্ম ইন্ধনৰ বিকল্প হিচাপে ব্যবহাৰ  কৰিব পাৰি। হাইড্ৰ’জেন উৎপন্ন কৰা এটা প্ৰক্ৰিয়া হ’ল তাপীয় প্ৰক্ৰিয়া। হাইড্ৰ’জেন উৎপাদনৰ বাবে তাপীয় প্ৰক্ৰিয়াত সাধাৰণতে ভাপ উৎপন্ন কৰা হয়। এই প্ৰক্ৰিয়াটো উচ্চ উষ্ণতাৰ প্ৰক্ৰিয়া য’ত বাষ্পই হাইড্ৰ’কাৰ্বন ইন্ধনৰ সৈতে বিক্ৰিয়া কৰি হাইড্ৰ’জেন উৎপন্ন কৰে। বহুতো হাইড্ৰ’কাৰ্বন ইন্ধনৰপৰাও হাইড্ৰ’জেন উৎপাদন কৰিব পাৰি। য’ত প্ৰাকৃতিক গেছ, ডিজেল, নবীকৰণযোগ্য তৰল ইন্ধন, গেছিফাইড কয়লা বা গেছিফাইড জৈৱবস্তু আদি অন্তৰ্ভুক্ত। আজি প্ৰাকৃতিক গেছৰ বাস্প পদ্ধতিৰপৰা প্ৰায় ৯৫% হাইড্ৰ’জেন উৎপন্ন হয়।

ইলেক্ট্ৰলাইছিছ পদ্ধতিঃ ইলেক্ট্ৰলাইছিছ  প্ৰক্ৰিয়াৰে পানীক অক্সিজেন আৰু হাইড্ৰ’জেনলৈ পৃথক কৰিব পাৰি। বিদ্যুৎ বিশ্লেষক প্ৰক্ৰিয়াবোৰ ইলেক্ট্ৰলাইজাৰত সংঘটিত হয় যিয়ে ইন্ধন কোষৰ দৰেই ওলোটাকৈ কাম কৰে। ইন্ধন কোষৰ দৰে হাইড্ৰ’জেন অণুৰ শক্তি ব্যৱহাৰ কৰাৰ পৰিৱৰ্তে ইলেক্ট্ৰলাইজাৰে পানীৰ অণুৰপৰা হাইড্ৰ’জেন সৃষ্টি কৰে।

হাইড্ৰ’জেন ইন্ধন প্ৰস্তুত কৰাৰ বহুতো পদ্ধতি আছে৷ সেইবোৰৰ ভিতৰত তাপীয় প্ৰক্ৰিয়া, ইলেক্ট্ৰলাইছিছ হৈছে সহজ প্ৰক্ৰিয়া। 

হাইড্ৰ’জেন ইন্ধনৰ আন এটা নাম হৈছে গ্ৰীণ হাইড্ৰ’জেন অৰ্থাৎ সেউজ হাইড্ৰ’জেন। যোৰহাটত ভাৰতৰ প্ৰথমটো গ্ৰীণ হাইড্ৰ’জেনৰ প্ৰকল্প স্হাপন কৰা হৈছে৷ Oil India limited ৰ দ্বাৰা নিৰ্মিত হাইড্ৰ’জেন প্লাণ্টৰ পৰা প্ৰতি দিনে ১০ কিলোগ্ৰাম গ্ৰীণ হাইড্ৰ’জেন উৎপাদন কৰা হৈছে । ইয়াৰ দ্বাৰা অসমৰ হাইড্ৰ’জেন ইন্ধনৰ চাহিদা কিছু পৰিমাণে পূৰণ হোৱাৰ লগতে ইয়াৰ ব্যৱহাৰৰ ফলত অসমৰ পৰিবেশ প্ৰদূষণ বহু পৰিমাণে ৰোধ কৰিব পৰা যাব। গ্ৰীণ হাইড্ৰ’জেনৰ দৰে ব্ৰাউন হাইড্ৰ’জেন, গ্ৰে হাইড্ৰ’জেন, ব্লু হাইড্ৰ’জেন আদিও পোৱা যায়।

যদিও হাইড্ৰ’জেন ইন্ধন আমাৰ বাবে প্ৰয়োজনীয় তথা প্ৰকৃতিৰ বাবেও উপযোগী তথাপিও এই ইন্ধন ভাৰতবৰ্ষত বৰ্তমান সহজলভ্য হৈ উঠা নাই। চৰকাৰে ইয়াক  মুকলিকৈ বিক্ৰী কৰাৰ অনুমতি প্ৰদান কৰা  নাই। এই ইন্ধনৰ মূল্য আন ইন্ধনসমূহৰ তুলনাত অধিক । এই ইন্ধনৰ ব্যৱহাৰৰ ফলত জীৱাশ্ম ইন্ধনৰ প্ৰয়োগ কমি আহিব আৰু ভৱিষ্যত প্ৰজন্মৰ বাবে সঞ্চিত হৈ ৰ’ব। প্ৰদূষণৰ মাত্ৰা হ্ৰাস পোৱাৰ লগে লগে জৈৱ বৈচিত্ৰ্য টনকিয়াল হৈ উঠিব। প্ৰদূষণৰ ফলত হোৱা‌ বেমাৰ আজাৰৰ পৰিমাণো কমি আহিব। ভাৰতৰ দৰে জনবহুল দেশ এখনে যদি গ্ৰীণ হাইড্ৰ’জেন ইন্ধন হিচাপে ব্যবহাৰ কৰে তেন্তে Net Zero Carbon emission Commitment টো লাভ কৰিবলৈ সহজ হ’ব ।

 উৎস: আসাম ট্ৰিব্যুন

       ইণ্টাৰনেট।

        

 

      

 

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Don`t copy text!