ৰাস্তাত “নুৰামটৰ”

লেখক- - কাশ্যপ এম মণিকা

সেইদিনা আছিল গুণোৎসৱৰ দ্বিতীয় দিন। ডিউটি শেষ কৰি চিনেমাত শ্বাহৰুখ খানহঁত টাই-চুট পিন্ধি বিছনাত বাগৰি থকাৰ দৰে ময়ো মেখেলা চাদৰ চেঞ্জ নকৰাকৈয়ে বাগৰি আছোঁ, ৰুমমেট পোৱাহি নাই। ডিউটি পৰা স্কুলখনত পেট-পূজা ভালকৈয়ে হাঁহে-মাহে দি আহিছোঁ গতিকে ভাত নাৰান্ধিলেও হ’ব। তদুপৰি ভাত নাখালে বাচন ধুবও নালাগে। দুগুণ আনন্দৰে মোবাইলত ৰাইজৰ গুণোৎসৱত পিন্ধা মেখেলা চাদৰ আৰু ব্লেজাৰবোৰ চাই আছোঁ, তেনেতে লগৰজনীয়ে ফোন কৰিলে—

 

– বা প্লেন চাবলৈ আহিবা নেকি? 

– ক’ত? 

– মই লাহদৈগড় চাৰিআলিতে আছোঁ, আহা যদি আহা প্লেন আহি চেনিজান পালেহিয়েই।

 

চেনিজান মোৰ ৰুমৰ পৰা ৭ কিঃমি মান দূৰ হ’ব। মই গৈ আছোঁ বুলি একেজাঁপে উঠি মেখেলা চাদৰ দলিয়াই কুৰ্টি এটা পিন্ধি সাজু হ’লোঁ। সময় কম; প্লেন পাৰ হৈ গ’লে শেষ আৰু। প্লেন আকাশত উৰা সবেই দেখিছে কিন্তু ৰাস্তাত চলা কেইজনে দেখিছে? সেই বিৰল মুহূৰ্তৰ সাক্ষী হ’বলৈ স্কুটিখন উলিয়াই মালিকৰ ঘৰৰ গেট নজপোৱাকৈয়ে ছৰ্টকাট মাৰি দিছোঁ, চকু হাইৱেত। আঁতৰৰপৰা মানুহৰ শাৰী প্ৰত্যক্ষ কৰিলোঁ। মই যিমান বেগত স্কুটি চলাইছোঁ এৰোপ্লেনে এৰি যায় বুলি, সিমান বেগত ফ্লাইটত ডুবাইলৈ যাব লগাকেইটায়ো নচলায় ফ্লাইটে এৰি যাব বুলি। গৈ চাৰিআলিটো পালোঁগৈ। স্কুটিখন ৰখাই লগৰজনীক ফোন কৰিলোঁ। চাৰিআলিটো ইতিমধ্যে লোকে-লোকাৰণ্য হৈ পৰিছে। মনটো ভালো লাগিছে, মানে প্লেন আকাশতহে দেখা মোৰ দৰে অনেক প্ৰাণী আছে। আমিও লাহেকৈ ৰাস্তাৰ কাষত মন্ত্ৰীক আদৰিবলৈ শাৰী পতাৰ দৰে লাইনত থিয় হ’লোঁ। মোৰ আগত আকৌ তামোল গছ হেন দুটামান থিয় হৈ দিলে, মই একো নেদেখা হৈ পৰিলোঁ সিঁ‌হঁতৰ জেকেটকেইটাৰ বাদে। কৈয়ে দিলোঁ— হেৰি আমাকো অলপ চান্স দিব। প্লেন চাবলৈহে আহিছোঁ, জেকেটসোপা চাবলৈ নহয়। 

 

৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিতে ৰৈ আছোঁ। মাজে মাজে পুলিছে ৰাস্তাৰ মাজ পোৱা মানুহখিনিক ৰাস্তাৰপৰা গৰু খেদোৱাৰ দৰে হুৰাই খেদি পঠিয়ায়। যোৰহাটৰ ফালৰপৰা অহা ছুপাৰ বাছ, মেজিক, সৰু গাড়ীত অহা সবেই চিৰিয়াখানাৰ জন্তুক ভিডিঅ’ কৰাৰ দৰে গাড়ীৰ পৰাই আমাক ভিডিঅ’ কৰি নিছে। সেইবোৰ ধুনীয়া ধুনীয়া গাড়ীত চুইটকে পাৰ হৈ যোৱা মানুহ। ইফালে থিয় হৈ হৈ মোৰ আমনি লাগি গৈছে, কিন্তু নুৰাজাহাজৰ দেখা দেখিয়ে নাই। মনে মনে ভাবিছো ঐ “কোনোবাই যদি চকী এখন দিলেহেঁতেন ঐ বহিবলৈ, ৰাহু কেতু শনি সকলো খণ্ডন হোৱাকৈ আৰ্শীবাদ দিলোঁহেঁতেন। সন্ধ্যা লাগিল কিন্তু নুৰাজাহাজৰ দেখা-সাক্ষাৎ নাই। দূৰৈত তেলৰ টেংকাৰ এখন দেখিলে দুই এজনে চিঞৰ মাৰি দিয়ে— “আহি গ’ল, আহি গ’ল।” 

 

আমিও সন্মুখত ৰৈ থকা দুই এটাক ঠেলি কাছই মূৰটো উলিওৱাৰ দৰে প্লেন চাবলৈ যত্ন কৰোঁ। কিন্তু সেয়া প্লেন অনা ট্ৰেইলাৰ নহয়, তেল অনা টেংকাৰহে। অৱশেষত আমাৰ আকাংক্ষিত উৰাজাহাজখন ট্ৰেইলাৰৰ পিঠিত উঠি আহি উপস্থিত হোৱাৰ খবৰটো মেজিক চালক এজনে দিলে। মেজিকখনে উৰাজাহাজখনক অভাৰটেক কৰি আহিছে। তেনেতে উৰাজাহাজৰ মালিকজন বলেৰ’ এখনত আমাৰ সন্মুখেৰে পাৰ হৈ গ’ল। ইমান কষ্ট অতিক্ৰম কৰি অহাৰ পাছতো তেওঁ যেনেধৰণে হাস্যবদনে ৰৈ থকা মানুহবোৰক মাত লগাই শিৱসাগৰলৈ নিমন্ত্ৰণ দি গ’ল, দেখিয়েই বুজিব পাৰিলোঁ কিয় তেওঁ উৰক বা নুৰক উৰাজাহাজ এখন কিনিব পাৰিছে। লাহে লাহে সকলোৱে মোবাইলবোৰ ৰাস্তাৰ দিশে পোনাবলৈ ধৰিলে, নিশ্চিত হ’লোঁ উৰাজাহাজ পাই গ’লহি। পুলিচৰ হুমকিত অলপ পিছুৱাই আহিলোঁ কিয়নো উৰাজাহাজৰ পেটটো ডাঙৰ। ৰাস্তাত ৰৈ থাকিলে “আমাক প্লেনে খুন্দিয়াই নিহত কৰিব।” দুই মিনিটমান আমি চকুৰে পলক নেপেলোৱাকৈ চাই থাকোঁতেই উৰাজাহাজখন পাৰ হৈ গ’ল। আমিও ৰাস্তাত উৰাজাহাজ চলাৰ বিৰল মুহূৰ্তৰ সাক্ষী হৈ ৰ’লোঁ। ইতিমধ্যে সন্ধ্যা লাগি ভাগিল। দিনতেই আহিছিলোঁ প্লেন চাবলৈ। প্লেন পাৰ হৈ যোৱাৰ পাচত ৰাস্তা মুকলি হ’বলৈ ১০ মিনিট মান লাগিল। তেতিয়াহে মনত পৰিল স্কুটিৰ হেড লাইটটো ফিউজ হৈ আছে। কুকুৰীকণাৰ দৰে খেপিয়াই খেপিয়াই কঁপি কঁপি ৰুম পালোঁহি। গেট খুলিয়েই লৰ ধৰাৰ বাবে মালিকৰ ফুল ছাগলীয়ে চাফা কৰি পেলালে। হওক উৰক বা নুৰক উৰাজাহাজখন দেখিলোঁ যেতিয়া জীৱনটো সাৰ্থক হ’ল। যমৰ আগত ফুটনি এটাকে মাৰিব পাৰিম— “আপুনি আকাশত উৰা উৰাজাহাজ হে দেখিছে আমি ৰাস্তাত চলা উৰাজাহাজো দেখিছোঁ।”

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Don`t copy text!