এজোপা মটৰমাহ আৰু এখন যাদুকৰী পৃথিৱী

লেখক- মেঘনা চৌধুৰী

হঠাতে এদিন মানুহজনৰ মনত খেলালে মটৰমাহ এটা মাটিত পুতি থোৱাৰ কথা৷ সেইমৰ্মে তেওঁ কামটো কৰিলেও৷ এদিন দুদিনকৈ গজি উঠা মটৰমাহৰ পুলিটোৰ দৰে মানুহজনৰ মনৰ আশাবোৰো বাঢ়ি আহিল, – গুটিৰ পৰা গজালি ওলাই পুলি এটা হোৱাৰ সেই কাহিনীটো এদিন পৃথিৱীয়ে কাণেৰে নুশুনে, বৰং চকুৰে দেখিব৷ আৰু সঁচাকৈয়ে এদিন দৰ্শকে তধা লাগি চালে আগেয়ে কোনোদিন নেদেখা সেই ৰূপকথাৰ দৰে দৃশ্য৷ সেইদিনা সফলতাৰ হাঁহিৰে উজলি উঠিছিল মানুহজনৰ মুখাৱয়ব৷ সকলোৰে মনত বিশ্বাস জগাই তুলিব পাৰি তেওঁৰ সাহ বাঢ়িছিল৷ সিদ্ধান্ত লোৱা হৈ গৈছিল, তেওঁ বিদেশলৈ যাব আৰু নতুন শিল্প এবিধৰ শিক্ষা গ্ৰহণ কৰি ভাৰতলৈ উভতি আহিব৷ বিংশ শতিকাৰ প্ৰথমাৰ্ধৰ সেই সবাতোকৈ বিস্ময়কৰ শিল্পবিধৰ নামেই হ’ল চিনেমা, আৰু আজীৱন চিনেমাৰেই সাধনা কৰি, ভাৰতভূমিত এই শিল্পবিধৰ বাটকটীয়া হৈ পৰা সেইগৰাকী পুৰুষৰ নাম ঢুণ্ডিৰাজ গোবিন্দ ফাল্কে ৷ ভাৰতীয় চিনেমাৰ পিতৃপুৰুষ দাদাচাহেব ফাল্কে ৷

১৮৯৬ চনৰ ৭ জুলাই তাৰিখে বোম্বেৰ ৱাটছন হোটেলত প্ৰথমবাৰৰ বাবে প্ৰদৰ্শিত হৈছিল কেইখনমান অতি কম দৈৰ্ঘ্যৰ চিনেমা৷ সেয়াই আছিল এইখন দেশত চলন্ত দৃশ্যক পৰ্দাত তুলি ধৰাৰ প্ৰথমটো প্ৰয়াস৷ সেইদিনা বম্বে গেজেট আৰু টাইমছ অফ ইণ্ডিয়া কাকতে উক্ত প্ৰদৰ্শন সম্পৰ্কত ছপা কৰা বাতৰিৰ শিৰোনাম আছিল ‘দ্য মাৰ্ভল অফ দ্য চেঞ্চুৰি’ অৰ্থাত ‘শতিকাটোৰ বিস্ময়’! কিন্তু সেই প্ৰচেষ্টাৰ সৈতে কোনো ভাৰতীয় লোক জড়িত হৈ থকাৰ তথ্য পোৱা নাযায়৷ ১৯১০ চনত ‘দ্য লাইফ অফ্‌ খ্ৰাইষ্ট’নামৰ চুটি চিনেমা এখন চোৱাৰ পিছতেই দাদাচাহেব ফাল্কেৰ মনত এই শিল্পবিধৰ প্ৰতি আকৰ্ষণৰ জন্ম হয়৷ যিহেতু তেওঁ নিজে এগৰাকী পেছাদাৰী যাদুকৰ আছিল, সেয়ে ফাল্কেই দেখি পেলাইছিল ভাৰতীয় দৰ্শকক পৰ্দাৰ মাজেৰে এখন যাদুকৰী দুনীয়ালৈ লৈ যোৱাৰ অভিলাষি সপোন৷ সেইগৰাকী ব্যক্তিয়েই ভাৰতত দেশীয় চিনেমাৰ ইতিহাস ৰচনা কৰিছিল ১৯১৩ চনত মুক্তিপ্ৰাপ্ত নিৰ্বাক পূৰ্ণদৈৰ্ঘ্যৰ চলচ্চিত্ৰ ‘ৰাজা হৰিশ্চন্দ্ৰ’ৰ যোগেদি৷ দেশৰ প্ৰথমখন চলচ্চিত্ৰই কিন্তু সেই সময়ৰ জোখাৰে কাৰিকৰীগত দিশৰ পৰা যথেষ্ট উন্নত আছিল৷ সেই ঐতিহাসিক ঘটনাক সন্মান জনাই চিনেমাখন মুক্তি লাভ কৰা ৩ মে’তাৰিখটোতে প্ৰতি বছৰে ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাসমূহ প্ৰদান কৰা হয়৷

ভাৰতীয় চিনেমাৰ সুদীৰ্ঘ ইতিহাসত সবাক চলচ্চিত্ৰই পোহৰ দেখিছিল ১৯৩১ চনৰ ১৪ মাৰ্চত মুক্তিপ্ৰাপ্ত আৰ্দশিৰ ইৰানী পৰিচালিত ‘আলম আৰা’চলচ্চিত্ৰখনৰ যোগেদি৷ তেতিয়াৰে পৰা ভাৰতীয় চলচ্চিত্ৰ ধাৰাটো বহু উত্থান পতনৰ সাক্ষী হৈ ৰৈছে৷ বম্বে অথবা বলিউডকেন্দ্ৰীক চিনেমাৰ সমান্তৰালভাৱে দেশখনৰ বিভিন্ন ৰাজ্যত গঢ়ি উঠা আঞ্চলিক উদ্যোগে আজি পৰ্যন্ত কোটি কোটি জনতাক মনোৰঞ্জনেই দিয়া নাই, সহসৃজনক ভোকৰ ভাতমুঠিও দি আহিছে৷ পৃথিৱীৰ ভিতৰতেই বাৰ্ষিক মুক্তিলাভ কৰা চলচ্চিত্ৰৰ সংখ্যাৰ ক্ষেত্ৰত শীৰ্ষস্থান দখল কৰি থকা এই দেশৰ পৰাই সৃষ্টি হৈ আহিছে এখনৰ পাছত আনখন যুগমীয়া চিনেমা৷
ফাল্কেই কাটি থৈ যোৱা বাটেৰেই আগবাঢ়ি সহস্ৰজনে ভাৰতীয় চিনেমাৰ ইতিহাসত সোণালী আখৰেৰে নিজৰ কৃতিত্ব লিপিবদ্ধ কৰি গ’ল৷ ফাল্কেৰ পদাংক অনুসৰণ কৰি, দক্ষিণ ভাৰত আৰু পশ্চিম বংগত চিনেমা নিৰ্মাণৰ কুচকাৱাজ আৰম্ভ হোৱা সময়তে জ্যোতিপ্ৰসাদ আগৰৱালায়ো অসমীয়া চিনেমাৰ দুৱাৰ মুকলি কৰিছিল। জ্যোতিপ্ৰসাদ আগৰৱালাৰ জয়মতীয়ে ১৯৩৫ চনতে যি কাৰিকৰী দক্ষতা আৰু উন্নত প্ৰযোজনাৰ পৰিচয় দিছিল, সেয়া সেই সময়ত বিৰলেই নহয়, অনুকৰণীও আছিল। দেশে স্বাধীনতা লাভ কৰালৈ জয়মতীৰ পিছত কেৱল তিনিখন চলচ্চিত্ৰই মুক্তিলাভ কৰিছিল – ইন্দ্ৰমালতী (১৯৩৯, পৰিচালকঃ জ্যোতিপ্ৰসাদ আগৰৱালা), মনোমতী (১৯৪১, পৰিচালকঃ ৰোহিনী কুমাৰ বৰুৱা, আৰু বদন বৰফুকন (১৫ এপ্ৰিল ১৯৪৭, পৰিচালকঃ কমল নাৰায়ণ চৌধুৰী)। স্বাধীনোত্তৰ কালত যদিওবা অসমীয়া চিনেমাৰ নিৰ্মাণ হৈ থাকিল কিন্তু এটা সম্পূৰ্ণ উদ্যোগ গঢ়ি উঠাত কিছু পলম হৈছিল। তাৰ মাজতো এই উদ্যোগটোলৈ কিছু লেখতল’বলগীয়া শিল্পী আৰু কলা-কুশলীৰ আগমন ঘটি থাকিল আৰু অসমীয়া চিনেমাই ৰাষ্ট্ৰীয় পৰ্যায়তো খ্যাতি লাভ কৰিলে।

একেবাৰে আৰম্ভণিৰ সময়চোৱাত ভাৰতীয় চিনেমাই পশ্চিমৰ শৈলীক অনুসৰণ কৰি কেৱল পৌৰাণিক আখ্যান আধাৰিত কাহিনীতে মনোনিৱেশ কৰিছিল। ইয়াৰ কাৰণ কেইবাটাও আছিল। প্ৰথমতঃ তেতিয়াৰ দিনত মানুহে আটাইতকৈ ভয় আৰু শ্ৰদ্ধা কৰা বিষয়টোৱেই আছিল ধৰ্ম। সেয়ে লোকমনত প্ৰৱেশ কৰিবলৈ চিনেমা নিৰ্মাতাসকলৰ হাতত তাতোকৈ ভাল বিষয় নাছিল। দ্বিতীয় মতটো বহুকেইগৰাকী চিনেমা আলোচক আৰু সমালোচকে আগবঢ়াই যোৱা। সেয়া হৈছে, বৃটিছশাসিত দেশখনত একশ্ৰেণীৰ পৰিচালক-প্ৰযোজকে ভাৰতীয় লোকৰ মাজত ঐক্য সৃষ্টি কৰিব পৰা এক শক্তিশালী উপাদান হিচাপে ধৰ্ম বিষয়টোকেই ধৰি লৈছিল। লাহে লাহে এই কাহিনীবোৰৰ গাতে ভেজা দি সুদৃশ্য ৰাজপ্ৰাসাদ, বিশাল বাজেট, অসংখ্য শিল্পী, যুদ্ধ বিগ্ৰহৰ পৰা আৰম্ভ কৰি অলৌকিক কাহিনী আধাৰিত চিনেমাৰ পয়োভৰ ঘটিবলৈ ধৰিছিল। দৰ্শকেও যেন তেনেবোৰ চিনেমাই চাবলৈ বিচাৰিছিল।

স্বাধীনতাৰ পাছত দেশখনৰ আন আন ক্ষেত্ৰসমূহক প্ৰভাৱিত কৰাৰ দৰে চিনেমাৰ কাহিনীলৈয়ো পৰিৱৰ্তন আহিল। এফালে যেনেকৈ মহানগৰীয় জীৱন প্ৰণালীৰ উপস্থাপনে নতুনকৈ গজি উঠিবলৈ ধৰা ধনী শ্ৰেণী, মুম্বাইৰ দৰে স্থানত কেৱল সুৰা, পাৰ্টি, অপৰাধ জগতত কেন্দ্ৰীভূত কাহিনীয়ে দৰ্শকৰ দুচকুত ৰঙীণ চশমা এযোৰ পিন্ধাই দিছিল, ঠিক তেনেকৈ এচাম পৰিচালকে দেশৰ মধ্যবিত্ত শ্ৰেণীৰ দৈনন্দিন জীৱন সংগ্ৰাম, গ্ৰামাঞ্চলৰ চৰম দৰিদ্ৰতা, মহাজন শ্ৰেণীয়ে পিষ্ট কৰা শ শ উপান্ত কৃষক আৰু মাটি ভেটি এৰি মহানগৰৰ আন্ধাৰ গলি, বস্তি আৰু ৰেলৰ আলিত আশ্ৰয় লোৱা সপোনহীন মানুহৰ গল্পবোৰ কোৱাৰ প্ৰয়াস কৰিবলৈ ধৰিছিল। বিশেষকৈ বিংশ শতিকাৰ ষাঠিৰ দশকৰ মাজভাগত দেশৰ প্ৰথমটো চিনেমা শিক্ষাৰ প্ৰতিষ্ঠান, পুণেৰ ফিল্ম এণ্ড টেলিভিশ্যন ইনষ্টিটিউটৰ পৰা উত্তীৰ্ণ হৈ দেশৰ ভিন্ন প্ৰান্তত সিচঁৰতি হৈ পৰা নব্য পৰিচালকসকলৰ বেছিভাগেই চিনেমাক কঠোৰ বাস্তৱৰ পৰা পৃথককৈ চাব পৰা নাছিল। তেওঁলোক প্ৰভাৱিত হৈছিল ফৰাচী নব্য জোৱাৰ, ইটালীৰ নব্য বাস্তৱবাদৰ দৰে ধাৰণাৰ দ্বাৰা। সেই সময়চোৱাকেই প্ৰকৃতাৰ্থত ভাৰতত সমান্তৰাল চিনেমাৰ আৰম্ভণিৰ সময় বুলিব পাৰি, যদিওবা তাৰ বহু পূৰ্বে চেতন আনন্দৰ দৰে পৰিচালকে ‘নীচা নগৰ’(১৯৪৬) জাতীয় চিনেমাৰে দৰ্শকৰ মনত চিনেমাৰ প্ৰতি থকা চলতি ধাৰণাক প্ৰত্যাহ্বান জনাইছিল। তাৰো পূৰ্বে নিৰ্মিত হৈছিল ‘অছুত কন্যা’(১৯৩৬)ৰ দৰে সমাজ সংস্কাৰমূলক জনপ্ৰিয় চলচ্চিত্ৰ। ভাৰতৰ সমান্তৰাল চিনেমাৰ উত্থানৰ ক্ষেত্ৰত বেংগল স্কুলৰ ভূমিকা অনস্বীকাৰ্য। তেতিয়াৰে পৰা আজিলৈকে জনপ্ৰিয় মনোৰঞ্জধৰ্মী, সাধাৰণ ভাষাত মছলামিশ্ৰিত চিনেমাৰ সৈতে সমানে চলি আছে চিৰিয়াছধৰ্মী, বাস্তৱ জীৱনক প্ৰতিফলিত কৰা চিনেমাৰ ধাৰা। আনকি ভাৰতৰ সমান্তৰাল চিনেমাই দৰ্শকক মনোৰঞ্জনৰো ভৰপূৰ যোগান ধৰিছে। আহি আহি চিনেমাই এই দেশত এনে এটি পৰ্যায় লাভ কৰিছে য’ত দৰ্শকে বাস্তৱধৰ্মী চিনেমাকেই অধিক পচন্দ কৰিবলৈ লৈছে। বহু বছৰ পূৰ্বে শ্যাম বেনেগেল পৰিচালিত‘মন্থন’(১৯৭৬) নামৰ চিনেমাখনৰ বাবে গুজৰাতৰ সহস্ৰ গোপালক আৰু কৃষকে প্ৰতিজনে দুটকাকৈ অৰিহণা আগবঢ়াইছিল আৰু প্ৰযোজক হিচাপে তেওঁলোকে ট্ৰাকত উঠি চিনেমাখন চাবৰ বাবে বোম্বেলৈ আহিছিল। তেতিয়াও ভাৰতত সূচনা হৈছিল ৰাইজৰ অৰিহণাৰে চিনেমা নিৰ্মাণৰ প্ৰক্ৰিয়া, যাক এতিয়া প্ৰচলিত ক্ৰাউড ফাণ্ডিঙ প্ৰক্ৰিয়াৰ সৈতে তুলনা কৰিব পাৰি। সুখৰ বিষয় এয়ে যে এই প্ৰক্ৰিয়াৰ দ্বাৰা এতিয়া অসমতে চিনেমা নিৰ্মাণ কৰি থকা হৈছে।

চিনেমাই সময় আৰু আয়তনক সংকুচিত কৰি ক্ষুদ্ৰ পৰিসৰত প্ৰদৰ্শন কৰে৷ সেয়ে কোনো কোনো সময়ত পৰিচালকে আগবঢ়াই দিয়া অসম্পূৰ্ণ কাহিনী এটাৰ মাজতো দৰ্শকে এটা সম্পূৰ্ণ বৃত্ত দেখা পায়৷ জীৱনৰ বহুমাত্ৰিক ৰং-ৰূপ, মানৱ মনৰ চিৰন্তন হা-হুতাহ, তৰপে তৰপে লুকাই থকা চেতনাক চিনেমাই তুলি ধৰে চেলুলয়েডত। বয়স, ৰুচি আৰু সময় অনুযায়ী আমি ভিন্ন সোৱাদৰ চিনেমা চাবলৈ ভাল পাওঁ। কেতিয়াবা কেৱল মনৰ চাপ আঁতৰাই মনোৰঞ্জন ল’বলৈ আৰু আন কেতিয়াবা সেই চিনেমাক বহু দিনলৈ অৱচেতনত ধাৰণ কৰিবলৈ। আনকি ক’ভিড অতিমাৰীৰ সময়তো যি হাৰত ওভাৰ দ্য টপ অৰ্থাত ওটিটি প্লেটফৰ্মসমূহৰ চাহিদা বাঢ়িছে, সেয়া ইয়াৰেই সূচক যে মানুহে পৰম আতংকময় পৰিস্থিতিতো চিনেমা চাবলৈ এৰা নাই, অথবা ওলোটাকৈ ভাবিলে, চিনেমাই আমাক ক্ষন্তেক হ’লেও মানসিক সকাহ দিছে।

এইবেলি আকৌ শীত আহিছে। মানৱ জীৱনলৈ নতুনকৈ অহা স্তব্ধতাবোৰৰ মাজতো কিন্তু শীতৰ আগমনৰ লগে লগে বাগিচা শুৱাই ফুলি উঠিছে বতৰৰ ৰংবিৰঙী ফুল, বিল আৰু জলাশয়বোৰৰ পাৰত পৰিভ্ৰমী চৰায়ে ডেউকা কোবাইছে, পকা সুমথিৰাৰ পোহাৰীয়ে লগভাত খাবলৈ যোৱা দলবোৰলৈ আশাৰে বাট চাইছে, জেকেটৰ বুকুলৈ সোমাব নোৱৰা সন্ধিয়াৰ চেঁচা বতাহখিনিয়ে গোমধান পুৰি থকা আঙঠাখিনিকে একোবাৰ ডগমগীয়াকৈ পোহৰাই তুলিছে, আৰু ধোঁৱা বলি থকা চুৰুহা অথবা কফিত শোহা মাৰি চিনেমাৰ সোৱাদ লৈছে শীত ভালপোৱা প্ৰতিগৰাকী চিনেৰসিকে।

২০২১ বৰ্ষৰ ২ মে’তাৰিখে সমান্তৰাল শৈলীৰ ভাৰতীয় চিনেমাৰ অন্যতম এগৰাকী ধ্বজাবাহক, অস্কাৰ বঁটাৰে সন্মানিত প্ৰথমগৰাকী ভাৰতীয় সত্যজিত ৰায়ৰ জন্মৰ ১০০ বছৰ সম্পূৰ্ণ হ’ব। সাহিত্য ডট অৰ্গৰ এই সংখ্যাটি তেখেতৰ শতবাৰ্ষিকীৰ সৈতে সংগতি ৰাখি চিনেমা বিশেষ সংখ্যাৰূপে সজোৱা হৈছে।
আগন্তুক ইংৰাজী নৱবৰ্ষৰ শুভকামনাৰে,

মেঘনা চৌধুৰী
সম্পাদক,
সাহিত্য ডট অৰ্গ, দশম বছৰ পঞ্চম সংখ্যা

এই সংখ্যাটোৰ আঁৰত-

বেটুপাত: ডাঃ হিতেশ্বৰ শৰ্মা
সাক্ষাৎকাৰ গ্ৰহণ: ৰূপাংকৰ চৌধুৰী, মেঘনা চৌধুৰী
বৰ্ণাশুদ্ধি নিবাৰণ: ড৹ মৃণালজ্যোতি গোস্বামী, মৃদুল কুমাৰ শৰ্মা, ড৹ অভিজিত দত্ত, মিতালী বৰ্মন, কলচুম বিবি, মৌচুমী বৰি, চাহিন জাফ্ৰি
কাৰিকৰী সহায়: ডাঃ হিতেশ্বৰ শৰ্মা¸মৃদুল কুমাৰ শৰ্মা, ড৹ মনোজ মন কলিতা
বিশেষ কৃতজ্ঞতা: মৃদুল কুমাৰ শৰ্মা¸ৰূপাংকৰ চৌধুৰী, ড৹ অভিজিত দত্ত, লেখকবৃন্দ আৰু অসমীয়াত কথা-বতৰা গোটৰ সমূহ প্ৰশাসকৰ লগতে সদস্যসকল।

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Don`t copy text!