অসমৰ বহুৰঙী বসন্তোৎসৱৰ বিষয়ে যৎকিঞ্চিত
লেখক- কৰবী দত্ত
অসমত বসবাস কৰা বিভিন্ন জাতি, জনগোষ্ঠী, ভিন্নভাষী তথা ভিন্ন ধৰ্মাৱলম্বী লোকসকলৰ কথা ভাবিলে ফুলেভৰা কৰণি এটাৰ কথাহে মনলৈ আহে। কৰণিটোৰ প্ৰতিপাহ ফুলেই নানা ৰূপ, বৰণ আৰু সুৱাসেৰে উজ্জ্বল; অথচ প্ৰতিপাহেই একক আৰু অনন্য। তাৰ কেইপাহমান অবিহনে কৰণিটো অপূৰ্ণ। অসমত বসবাস কৰা বিভিন্ন জনগোষ্ঠীৰ ভাষা, সংস্কৃতি, ধৰ্মীয় ৰীতি-নীতি, সাজ-পোচাক, খাদ্যাভ্যাস আদিও ভিন্ন, অথচ তাৰ মাজতো সকলোৰে মাজত নানা সামঞ্জস্য পৰিলক্ষিত হয়। অসমত বিভিন্ন ঠাইত, বিভিন্ন জনগোষ্ঠীৰ লোকে উদযাপন কৰা বসন্তোৎসৱসমূহেও এই সামঞ্জস্যকেই প্ৰতিফলিত কৰে। অসমৰ সকলোবোৰ জনগোষ্ঠীয়ে একে সময়তে অথবা একে তাৰিখতে বসন্ত উৎসৱসমূহ পালন নকৰিলেও তেনে উৎসৱবোৰৰ আনন্দ-উলাহৰ ধৰণ-কৰণবোৰৰ ভালেখিনি মিল থকা দেখা যায়।
অসমত বসন্ত কালত উদযাপিত প্ৰধান উৎসৱ হৈছে ৰঙালী বিহু। উল্লেখযোগ্য, অসমৰ দ্ৰাবিড়, অষ্ট্ৰিক, মংগোলীয়, আৰ্য– সকলোবোৰ জনগোষ্ঠীৰ লোকেই বিহু পালন কৰে। বসন্তৰ আগমণৰ লগে লগে প্ৰকৃতিয়ে ৰূপ সলনি কৰে। গছে পাত সলায়, আমে মলিয়ায়, কঁঠালে মুচি পেলায়, পলাশ-মদাৰ-শিমলুৰ ৰংবোৰে চৌপাশ জাতিষ্কাৰ কৰে। বৰষুণৰ আগমনৰ লগে লগে শস্য-সম্ভৱা পৃথিৱীৰ আঁহ-পাহ মুকলি কৰি প্ৰকৃতিয়ে সৌন্দৰ্যৰ পোহাৰ মেলে।
চ’তৰ সংক্ৰান্তিৰ দিনা গৰু বিহু উদযাপনেৰে ৰঙালী বিহুৰ আৰম্ভণি কৰা হয়। পুৰণি কালত কৃষিয়েই মানুহৰ প্ৰধান জীৱিকা আছিল আৰু গৰুৱেই আছিল খেতিৰ ঘাই আহিলা। সেইবাবেই ৰঙালী বিহুৰ ৰং-ৰহইছ আৰম্ভ কৰাৰ পূৰ্বে গৰুক আদৰ-সাদৰৰ এই ৰীতি আৰম্ভ হৈছিল আৰু কালক্ৰমত ইয়েই গৰু বিহুৰ ৰূপ লৈছিল। সেইদিনা গৰুৰ গাত মাহ-হালধি সানি গৰুক গা ধুৱাই, দীঘলতী, মাখিয়তিৰে কোবাই, গৰুৰ গালৈ লাও-বেঙেনা মাৰি গোৱা হয়ঃ
“দীঘলতী দীঘল পাত
গৰু কোবাও জাত জাত,
লাউ খা, বেঙেনা খা,
বছৰে বছৰে বাঢ়ি যা।
মাৰ সৰু, বাপেৰ সৰু
তই হ’বি বৰ গৰু।”
কোনো কোনো অঞ্চলত গৰুৰ খুৰাত মিঠাতেল সানি দি পাছত অৱশিষ্ট তেলখিনি মানুহেও গাত সানে। এনে কৰিলে বিভিন্ন চৰ্মৰোগৰ পৰা হাত সাৰিব পৰা যায় বুলি কোনো কোনো অঞ্চলৰ লোকে বিশ্বাস কৰে। সেইদিনা কোনো কোনো অঞ্চলত বছৰটোলৈ ৰোগ-ব্যাধিৰ পৰা মুক্ত হৈ থাকিবলৈ এশ এবিধ শাক খোৱাৰ পৰম্পৰা আছে। গৰু বিহুৰ দিনা গৰুক নতুন পঘা দিয়া হয়। কোনো কোনো অঞ্চলত গৰুৰ পঘাত মৰাপাটৰ লগত তৰা গছৰ আঁহো মিহলি কৰি দিয়ে। গা ধুওৱাৰ পাছত ন-বিচনীৰে বিচি, ভৰি ধুৱাই পিঠা-পনা আৰু জলপান আদি খুওৱা হয়। সন্ধিয়া গোহালিৰ সমুখত তুঁহগুৰি, কপাহ, বিহলঙনি আদিৰে থুপা জ্বলাই (জাগ দি) পোক-পতংগ নিৰ্মূল আৰু অপায়-অমংগলৰ পৰা গৰুবোৰক ৰক্ষা কৰাৰ বাবে প্ৰাৰ্থনা কৰা হয়। অসমৰ প্ৰধান কৃষিভিত্তিক উৎসৱ বিহুৰ অন্যতম গুৰুত্বপূৰ্ণ এই গৰু বিহুৰ গভীৰ তাৎপৰ্য আছে। উল্লেখযোগ্য, ঠাইভেদে গৰু বিহুত পালন কৰা বিভিন্ন নীতি-নিয়মৰ ভিন্নতা দেখা যায়। বিহুৰ দিনা নখ আৰু ভৰিৰ তলুৱাত জেতুকা লগালে বছৰটোলৈ বসন্ত ৰোগকে ধৰি বিভিন্ন চৰ্মৰোগৰ পৰা হাত সাৰি থাকিব পাৰি বুলি বহুতে বিশ্বাস কৰে। উল্লেখযোগ্য, গৰু বিহুত গৰুক বিচনীৰ বা দিয়াৰ আগতে মানুহে বিচনী ব্যৱহাৰ কৰিব নাপায় বুলিও ঠায়ে ঠায়ে এক জনবিশ্বাস প্ৰচলিত হৈ আছে।
সম্প্ৰতি কৃষকসকলে ট্ৰেক্টৰ, পাৱাৰ টিলাৰকে ধৰি কৃষিৰ নানা ধৰণৰ অত্যাধুনিক সা-সঁজুলি ব্যৱহাৰ কৰিবলৈ লোৱাৰে পৰা গৰুৰ গুৰুত্ব বহুখিনি হ্ৰাস পাইছে। কোনো কোনো গাঁৱৰ গোহালিতো এতিয়া আৰু বলদ গৰু দেখা নাযায়, বহুতে গাই পুহিবলৈও এৰিছে। তথাপিও অসমীয়া লোকসকলে উলহ-মালহেৰে গৰু বিহু পালন কৰে। নগৰীয়া লোকসকলে ঘৰত গৰু নাথাকিলেও মাহ-হালধিৰে গা ধোৱা, জেতুকা লগোৱা আদিকে ধৰি গৰু বিহুৰ সৈতে জড়িত নানা পৰম্পৰা পালন কৰে।
ৰঙালী বিহুৰ দ্বিতীয় দিনা মানুহ বিহু। সেইদিনা গা-পা ধুই সৰুৱে ডাঙৰক সেৱা জনায়, ডাঙৰে সৰুক আশীৰ্বাদ দিয়ে, বিহুৱানৰ আদান-প্ৰদান কৰা হয়। ভোগালী বিহুৰ সমান নহ’লেও ৰঙালী বিহুতো সকলোৱে সাধ্যানুসাৰে নানা ধৰণৰ পিঠা-পনা, জলপানৰ যা-যোগাৰ কৰে। অঞ্চলবিশেষে ডেকা-গাভৰুৱে মুকলি পথাৰত দলবান্ধি বিহুগীত গাই, বিহুনৃত্য কৰি আনন্দ কৰে। কোনো কোনো ঠাইত সৰু সৰু ল’ৰা-ছোৱালীয়ে ঘৰে ঘৰে গৈ বিহু মাৰে। দলবান্ধি ঘৰে ঘৰে গৈ হুচৰি গোৱাৰ পৰম্পৰাও ভালেমান অঞ্চলত প্ৰচলিত। কোনো কোনো ঠাইত মহিলাসকলে জেংবিহুও পালন কৰে। ব’হাগ বিহুৰ তৃতীয় দিনা গোসাঁই বিহু। সেইদিনা ৰাজহুৱা নামঘৰত নাম-প্ৰসংগ কৰা হয়। অৱশ্যে কোনো কোনো ঠাইত বিহুৰ দ্বিতীয় দিনাই, অৰ্থাৎ মানুহ বিহুৰ দিনাই এই নাম-প্ৰসংগ কৰা হয়। অসমৰ জনজীৱনৰ এসময়ৰ অতি আদৰৰ সম্পদ তাঁতশালৰ নামেৰে চতুৰ্থ দিনাৰ বিহুক তাঁতৰ বিহু আৰু কৃষি কাৰ্যৰ অন্যতম সঁজুলি নাঙলৰ নামেৰে পঞ্চম দিনক নাঙলৰ বিহু নামকৰণ কৰা হৈছে। বিহুৰ ষষ্ঠ দিনা জীয়ৰী বা চেনেহী বিহু। সেইদিনা বিয়া হোৱা জীয়ৰীবোৰ মাকৰ ঘৰলৈ বিহু খাবলৈ আহে। সাত বিহু শেষৰ দিনা চেৰা বিহু। অৱশ্যে সাতদিনতকৈ বেছিদিনৰ বাবে বিহু পালন কৰিলেও শেষৰ দিনাৰ বিহুক চেৰা বিহু বুলিয়েই জনা যায়। কোনো কোনো অঞ্চলত সাতবিহুৰ দিনা সাত শাক আৰু কোনো কোনো অঞ্চলত এশ এবিধ শাক খোৱাৰ পৰম্পৰা আছে। সাত শাক খালে বছৰটোলৈ ৰোগ-ব্যাধিৰ পৰা মুক্ত হৈ থাকিব পাৰি বুলি বিশ্বাস কৰা হয়। সাত বিহুৰ এই নামবোৰৰো অৱশ্যে ঠাইভেদে সামান্য ভিন্নতা থকা দেখা যায়। আনহাতে, বিহু উৰুওৱা বা বিহু সামৰাৰ দিনা বিহুতলীৰ বট, আঁহত বা জৰি গছৰ গুৰিত বিহুত ব্যৱহৃত যিকোনো এবিধ বাদ্য এৰি বা ভাঙি থৈ হৰিধ্বনি দি পিছফালে উভতি নোচোৱাকৈ ঘৰমূৱা হোৱাটোও এক পৰম্পৰাগত নিয়মৰূপে ভালেমান ঠাইত চলি আহিছে৷ সময়ৰ সোঁতত বিহুৰ সৈতে জড়িত বিভিন্ন ৰীতি-নীতি, পৰম্পৰা, লোকবিশ্বাসৰো পৰিবৰ্তন ঘটিছে। তথাপিও বিহু বুলি ক’লেই আজিও জাতি- ধৰ্ম নিৰ্বিশেষে অসমৰ ইমূৰৰ পৰা সিমূৰলৈ সকলো লোকৰেই হৃদয় উদ্বেলিত হয়।
অসমত বসবাস কৰা ভালেমান জনগোষ্ঠীয়ে নিজস্ব ৰীতি-নীতিৰে বসন্ত কালত বিহুকে ধৰি বিভিন্ন উৎসৱ পালন কৰে।
অসমৰ এক প্ৰধান জনগোষ্ঠী বড়ো-কছাৰী সম্প্ৰদায়ৰ লোকসকলে পালন কৰা ব’হাগ বিহুক বৈশাগু বুলি জনা যায়। গৰু বিহু আৰু মানুহ বিহু দুয়োটা বিহুৱেই তেওঁলোকে পালন কৰে। চ’ত মাহৰ সংক্ৰান্তিৰ দিনা গৰুক পুখুৰী বা নৈলৈ গা ধুৱাৱলৈ নিয়াৰ পূৰ্বে গৰুক ধান খাবলৈ দিয়া হয়, শিং আৰু খুৰাত সৰিয়হৰ তেল ঘঁহাৰ উপৰিও ভাতৰ চৰুৰ ক’লা ছাই সৰিয়হৰ তেলৰ লগত মিহলাই গৰুৰ গোটেই গাতে ফুটফুটকৈ দাগ দিয়ে। গা ধু্ৱোৱাৰ পূৰ্বে বড়ো-কছাৰী গৰখীয়াহঁতে গৰুক লাও-বেঙেনাৰ মালা পিন্ধাই, দীঘলতিৰে কোবাই গৰুৰ শ্ৰীবৃদ্ধি কামনা কৰি নানা গীত গায়। সেইদিনা গৰুক নতুন পঘা দিয়া হয়।
মানুহ বিহুৰ দিনা, অৰ্থাৎ নৱবৰ্ষৰ প্ৰথমদিনা ৰাতিপুৱাই খেৰাই পূজাৰ ছত্ৰাওলি সুৰৰ বাঁহী বজাই নৱবৰ্ষক আদৰণি জনায়। সেইদিনা পাকঘৰৰ চৰু-হাড়ী ধুই-পখালি, ঘৰ-দুৱাৰ মচি চোতালৰ বাথৌ থানত বাথৌ বুঢ়া মহাৰাজ আৰু কামাখ্যা গোঁসানীক পূজা দিয়ে। তাৰ পাছতে চোতালৰ দক্ষিণ দিশে পৰিয়ালৰ মৃত পূৰ্বপুৰুষসকলক উদ্দেশ্য কৰি পূজা আগবঢ়ায়। এই পূজাৰ পাছত খুংখা নামৰ এবিধ তিতা বনৰীয়া শাকৰ লগত কুকুৰা চৰাইৰ মঙহ ভাজি পৰিয়ালৰ সকলোৱে খাই পুৰণি বছৰক বিদায় জনায়। গামোচা দি বিহুৰ সম্ভাষণ জনোৱা ৰীতি বড়ো কছাৰীসকলৰ মাজতো বিদ্যমান। “ভৰ বিহু”, অৰ্থাৎ দ্বিতীয় বিহুৰ দিনা ডেকা-গাভৰুৰ লগতে বয়সীয়া মুনিহ-তিৰোতায়ো বৈশাগু নৃত্য কৰে। খাম, যথা, খাওবাং (তাল),চিফুং, থৰখা ( টকা), গগ্না (গগনা) আদি বাদ্য বড়ো-কছাৰীসকলে ব্যৱহাৰ কৰে। সাত দিন ধৰি পালন কৰা ব’হাগ বিহুৰ দ্বিতীয় দিনাৰ পৰা ব’হাগৰ পাঁচদিনলৈ ঘৰে ঘৰে মাগন কৰি ফুৰে। বিহুৰ শেষৰ দিনা ভোজ-ভাত খাই বিহু বিদায় দিয়ে। সেইদিনাই সাত প্ৰকাৰৰ তিতা শাকো খায়। সন্তান কামনা কৰি বা সন্তানৰ মংগল কামনা কৰি বিহুৱাসকলৰ পৰা বৰ লোৱাৰ প্ৰথাও বড়ো-কছাৰীসকলৰ মাজত প্ৰচলিত। আনহাতে, বৈশাগু উৎসৱৰ কালচোৱাত সা-সম্পত্তি কিনা-বেচা কৰা, ভঁৰালত প্ৰৱেশ কৰা, ঢেকী দিয়া আদি কামবোৰ তেওঁলোকে নকৰে।
অসমৰ ভৈয়াম অঞ্চলৰ আন এক বৃহৎ জনগোষ্ঠী সোণোৱাল কছাৰীসকলৰ বিভিন্ন উৎসৱ-পাৰ্বণৰ ভিতৰত ব’হাগ বিহুৱেই প্ৰধান। বিহুৰ সময়ত গাঁৱৰ নামঘৰত আনুষ্ঠানিক ভাৱে হুচৰি আৰম্ভ কৰি পাছত ঘৰে-ঘৰে হুচৰি গায়। হুচৰি দলটোৱে লগত লৈ যোৱা দীঘল বাঁহডাল গৃহস্থৰ চোতালত তিনিটা খুটাৰ ওপৰত ৰাখি বিহু নামৰ তালে তালে বজায়। ব’হাগ বিহুৰ সাতদিনৰ আগতে সোণোৱাল কছাৰীসকলে হগ্ৰা নৃত্যৰ আয়োজন কৰা কৰে। আনহাতে, প্ৰতি বছৰে বা প্ৰতি দুবছৰৰ মূৰে মূৰে ব’হাগ মাহৰ সাত দিনৰ দিনা বিহু উৰুওৱাৰ পাছত অষ্টম দিনা ”বহুৱা নৃত্য”ৰ আয়োজন কৰা হয়।
অসমৰ ৰাভা সম্প্ৰদায়ৰ লোকসকলে ব’হাগ বিহুটো ‘বিছুৱা’ হিচাপে পালন কৰে। বিছুৱাৰ উৰুকাত কেইবিধমান বনৰীয়া গছ-পাত আৰু আলু (জাব্ৰে) ঘৰে-চোতালে বান্ধি দি বতাহ-বৰষুণ আৰু অপায়-অমংগলৰ পৰা হাত সাৰিবলৈ প্ৰাৰ্থনা কৰে। গৰু বিহুৰ দিনা সেই জাব্ৰেৰে কোবাই গৰুক গা ধুৱায়। ঘৰৰ গৃহিণীগৰাকীয়ে সেই দিনাই বাহী চোতাল সৰা-মচা কৰি পুৰণি খদা এটাত এখদা গোবৰ লৈ দহিকটা সূতা বুটী বাঢ়নীটাৰেৰে সৈতে পদুলিমুখত পেলাই দি পুৰণি বছৰটোক বিদায় দিয়ে। ব’হাগৰ প্ৰথম দিনটোত পূৰ্বপুৰুষক স্মৰণ কৰি তেওঁলোকৰ নামত মদ-ভাত অৰ্পণ কৰা হয়। ব’হাগৰ প্ৰথমটো সপ্তাহত বয়সস্থ বা আদহীয়া পুৰুষ-মহিলাসকলে বহুৰাঙী বা বগেজাৰী গীত গাই , নাচি-বাগি বিছুৱাটি উৎসৱ পালন কৰে। ডেকা-গাভৰুসকলেও এই সময়তে জীৱনসংগী নিৰ্বাচন কৰে। অসমৰ বিভিন্ন অঞ্চলত বসবাস কৰা ৰাভাসকলে বিছুৱাটিৰ বাদেও বসন্ত কালত আন নানা প্ৰকাৰৰ উৎসৱ-অনুষ্ঠানো পালন কৰে।
অসমৰ দেউৰী জনগোষ্ঠীৰ লোকসকলেও তিনিওটা বিহুৱেই পালন কৰে। “জামা চাজেবা বিচু” বুলি জনাজাত ব’হাগ বিহুৰ উৰুকা পালন কৰা হয় ব’হাগৰ সংক্ৰান্তিৰ পাছৰ প্ৰথমটো বুধবাৰে। এসপ্তাহ জুৰি অতি উলহ-মালহেৰে এই বিহু পালন কৰি পাছৰটো বৃহস্পতিবাৰে বিহুৰ সামৰণি মৰা হয়। এই বিহুৰ কালত ডেকা-গাভৰুসকলে ঘৰে ঘৰে গৈ হুঁচৰি গায় আৰু বিহু নাচে। দেউৰীসকলৰ বিহুত কণী যুঁজ, বোকা খেল আদি পৰম্পৰাৰ প্ৰচলন আছে।
হাজং জনগোষ্ঠীৰ লোকসকলেও তিনিওটা বিহুৱেই পালন কৰে। হাজংসকলৰ ব’হাগ বিহুক “চৈত চংগ্ৰানী” বুলি জনা যায়।
অসমৰ আন এটা উল্লেখযোগ্য জনগোষ্ঠী হৈছে ডিমাছা। ডিমাছা সকলে অৱশ্যে মাঘ বিহুকহে বৰ বিহু হিচাপে পালন কৰে। খেতি চপোৱাৰ পাছত ব্ৰাই শিব্ৰাই (ভগৱান শিৱ) আৰু আই গামাডী (পাৰ্বতী)ৰ প্ৰাৰ্থনাৰে আৰম্ভ হোৱা এই বিহুত ডেকা-গাভৰুহঁতে ঘৰে ঘৰে গৈ বিহু গায়। প্ৰথমে গাঁৱৰ গাওঁবুঢ়াৰ ঘৰত বিহু গোৱাৰ পাছতহে আন মানুহৰ চোতালত বিহু গোৱা হয়। বিহুৰ ডিমাছা প্ৰতিশব্দ ‘বুসু’ ৰ অৰ্থ হৈছে সকলোৱে লগ হৈ নাচ-গান কৰি ভোজভাত খোৱা। এই উৎসৱত নানা ধৰণৰ গীত-মাত গাই ডিমাছা ডেকা-গাভৰু সকলে ৰং-ৰহইছ কৰে।
অসমৰ তিৱা সম্প্ৰদায়ৰ লোকসকলেও নিজস্ব ৰীতি-নীতিৰে বিহু বা ‘বিচু’ উৎসৱ পালন কৰে। ব’হাগ বিহুৰ দিনা নাঙল, যুঁৱলি, মৈ আদি কৃষিৰ সঁজুলিবোৰ ভালকৈ ধুই প্ৰতিটো বংশৰ এজন বিশিষ্ট লোকৰ ভঁৰালৰ সমুখত জমা কৰি থয় আৰু গধূলি কুকুৰা কাটি পূজা দি কুকুৰাৰ তেজ সেই সঁজুলিবোৰৰ ওপৰত ছটিয়াই দিয়ে। আনহাতে, ফেব্ৰুৱাৰী মাহৰ শেষত বা মাৰ্চ মাহৰ আৰম্ভণিতে তিৱাসকলে “ছগ্ৰা মি ছাৱা” নামৰ বসন্তোৎসৱ পালন কৰে। “ছগ্ৰা মি ছাৱা”ৰ অৰ্থ হৈছে সকলোৱে মিলিজুলি কৰা নৃত্য ।
টাই জনগোষ্ঠীৰ লোকসকলেও ব’হাগ মাহত দ-খেতিত নামিবলৈ এটা উৎসৱ পাতে। “পয়-চাং-কেন” বা ” পয়-চায়-নাম” বুলি জনাজাত এই উৎসৱ বিহুৰ সৈতে একে বুলি বিশিষ্ট লোকসংস্কৃতিবিদ লীলা গগৈয়ে মন্তব্য কৰিছে। অসমৰ বিভিন্ন অঞ্চলত বসবাস কৰা টাই-খামতি, টাই-ফাকে, টাই-আইতন, টাই-তুৰুং আৰু টাই-খাময়াঙ লোকসকলে উলহ-মালহেৰে এই উৎসৱ পালন কৰা দেখা যায়। বৌদ্ধ ৰীতি-নীতিৰে পালন কৰা এই উৎসৱৰ আৰম্ভণিতে বৌদ্ধ মন্দিৰৰ পৰা বুদ্ধ মূৰ্তি উলিয়াই গা ধুৱায়। টাই ডেকাই ক্লং ঢোল বজায়, গাভৰুৱে গগনা বজাই পয়-চাং-কেন (বিহু) গীত গায়। লীলা গগৈয়ে তেওঁৰ ” টাই সংস্কৃতিৰ ৰূপৰেখা” গ্ৰন্থত উল্লেখ কৰিছে – ” অসমৰ হুচৰিৰ অনুৰূপে ব্ৰহ্মদেশত ‘পয়-চাং-কেন’ৰ সময়ত গীত গাই, বাদ্য বজাই, বাটে বাটে গৈ থাকে। ঘৰৰ গৃহস্থই দোণ বা খৰাহী এটাত এগৰি চাউল, এটা কণী, এটা তামোল-পান আৰু অলপ পইচা দি পদুলিমূৰতে পয়-চাং-কেন গীত গোৱা মানুহক সেৱা কৰি আশীৰ্বাদ লয়। তেওঁবিলাকে ধুমুহা-বজ্ৰ, অতিবৃষ্টি-অনাবৃষ্টি নিবাৰণ কৰি অহা বছৰটোত শইচৰ উৎপাদন বঢ়াবলৈ পূৰ্বপুৰুষসকলক প্ৰাৰ্থনা জনায়। বোধকৰোঁ, আহোম যুগত ডা-ডাঙৰীয়াসকলৰ ঘৰত আশীৰ্বাদ দিবলৈ যোৱাৰ পৰাই অসমত হুচৰিয়ে নতুন ৰূপ লয়।” টাই আহোমসকলৰ “ছেঙ নাঙ বিহু” হৈছে ৰঙালী বিহুৰ এটি অন্যতম আকৰ্ষণীয় অনুষ্ঠান। টাই ভাষাত ছেঙ মানে আদৰ্শ আৰু নাঙ মানে গাভৰু। এই শব্দৰ অপভ্ৰশংৰ পৰা জেং নাঙ আৰু জেং নাঙৰ পৰাই জেং বিহুৰ উৎপত্তি হোৱা বুলি লোকসংস্কৃতিৰ কোনো কোনো গৱেষকে অনুমান কৰে।
কাৰ্বিসকলৰ গৰু বিহুক দ’মাহীপে (বৰ দোমাহী) বুলি জনা যায়। গৰু বিহুৰ আগদিনা ভালেমান গৰখীয়া লগ হৈ গৰু বিহুৰ বাবে প্ৰয়োজন হোৱা বিভিন্ন গছ-লতা সংগ্ৰহ কৰে। বিহুৰ দিনা গৰুবোৰৰ গাত মাহ-হালধি ঘঁহি দোঙৰ পাৰলৈ গা ধুৱাবলৈ নিয়া হয় । গা ধুওৱাৰ আগতে দোংটোৰ পানী ভেটি ৰখা হয়। বৰ গৰখীয়া আৰু সৰু গৰখীয়াই জলকোঁৱৰ আৰু জলকুঁৱৰীৰ উদ্দেশ্যে তামোল-পান আগবঢ়াই ভেটাটো খুলি দিলেহে ৰাইজে গৰুবোৰ পানীত নমায় আৰু নতুন লাহনিৰে গৰুৰ গালৈ ‘বাছেৰা” অৰ্থাৎ বাঁহৰ কাঠিত গাঁথি নিয়া লাউ-বেঙেনা মাৰে। উল্লেখযোগ্য যে সাধাৰণতে কাৰ্বি ৰাইজে গাঁৱৰ বাংথে বা ৰজাজনক আগস্থান দিলেও গৰু বিহুৰ দিনা বৰ গৰখীয়াজনকহে আগস্থান দিয়া নিয়ম। দ’মাহীত গোৱা কাৰ্বি বিহুগীতসমূহক ‘দ’মাহীআলুন’ বুলি জনা যায় আৰু এই গীত-মাতবোৰত কাৰ্বি সমাজ জীৱনৰ ছবি প্ৰস্ফূটিত হয়। উল্লেখযোগ্য যে এই কাৰ্বি বিহুগীতসমূহ ‘লুনফাৰৱ’ (বনগীত) ৰূপেও স্বীকৃত।
অসমৰ মিছিং সম্প্ৰদায়ৰ প্ৰধান উৎসৱ “আলি আই লৃগাং” পালন কৰা হয় বসন্ত কালতেই। প্ৰতি বছৰে ফাগুন মাহৰ প্ৰথম বুধবাৰে উদযাপন কৰিবলৈ লোৱা লৃগাং পাঁচদিন ধৰি চলে। এই সময়ছোৱাত ডেকা-গাভৰুসকলে ঢোল, পেঁপা, গগনা, বৰকাঁহ, তাল আদি বজাই , পৰম্পৰাগত পোচাক পৰিধান কৰি গুমৰাগ নৃত্য কৰে, ঐনিতম গায়। গুমৰাগ নানাচিলে আৰু বৰকাঁহ নবজালে বৰষুণ নহয় আৰু পথাৰৰ বীজবোৰ অংকুৰিত নহয় বুলি মিছিংসকলে বিশ্বাস কৰে। আলি আই লৃগাং উপলক্ষে কৌপাতত বান্ধি বৰা চাউলৰ ‘পুৰাং’ প্ৰস্তুত কৰাৰ লগতে মাছ, মাংস, আপঙৰো ব্যৱস্থা কৰা হয়। আগন্তুক বছৰটোত খাদ্যসামগ্ৰীৰে ভঁৰাল ভৰি থকাৰ কামনাৰে ইষ্টদেৱতা চন্দ্ৰ, সূৰ্য তথা পূৰ্বপুৰুষক স্মৰণ কৰি জলপিণ্ড আগবঢ়োৱাটোও মিছিংসকলৰ এক পৰম্পৰা। উল্লেখযোগ্য, মিছিং গাঁওবোৰত লৃগাঙৰ দিনাৰ পৰাই শস্য ৰোপনৰ কাম আৰম্ভ কৰা হয়।
অসমৰ ঘাইকৈ তিনিচুকীয়া জিলাত বাস কৰা মৰাণ সম্প্ৰদায়ৰ লোকসকলে বহাগ মাহৰ প্ৰথম মংগলবাৰটো উৰুকা আৰু বুধবাৰটোত গৰু বিহু পালন কৰে। মৰাণসকলৰ ৰাতি বিহুৰ এক অনন্য বৈশিষ্ট আছে। মাৰ্জিত আৰু পৰিশীলিত ৰূপত পালন কৰা এই ৰাতি বিহুত গাঁৱৰ ডেকা-গাভৰুসকলে ওৰে নিশা নৃত্য-গীত কৰে। কাষৰীয়া গাঁৱৰ ডেকাসকলেও এই ৰাতি বিহুত ভাগ লব পাৰে।অৱশ্যে মৰাণসকলৰ বিহু কেৱল ডেকা-গাভৰুসকলৰ আনন্দ উৎসৱ নহয়, ইয়াৰ গুৰু-গোঁসাই, ভকত-বৈষ্ণৱৰ অংশগ্ৰহণো অতি গুৰুত্বপূৰ্ণ। আনহাতে, ব’হাগ বিহুৰ সময়ত মটক জনগোষ্ঠীয়ে পালন কৰা গছতলৰ বিহুৰো সুকীয়া বৈশিষ্ট্য আৰু গুৰুত্ব আছে। মটকসকলেও আন বহুতো জনগোষ্ঠীৰ দৰে গৰু বিহু পালন কৰে।
ঠেঙাল কছাৰী জনগোষ্ঠীৰ লোকসকলে চ’ত মাহৰ দ্বিতীয় বুধবাৰে তৰা ছিৰা বিহু পালন কৰে আৰু সেইদিনাই বিভিন্ন ৰীতি-নীতি, পৰম্পৰাৰ মাজেৰে গৰুৰ পঘা বাটিবৰ বাবে প্ৰয়োজন হোৱা তৰা গছ সংগ্ৰহ কৰাৰ কাম কৰে। ঠেঙাল কছাৰীসকলে গৰু বিহুও পালন কৰে। আনহাতে, সেইদিনাই গাঁৱৰ মুখিয়ালজনৰ ঘৰৰ চোতালত বয়োজ্যেষ্ঠ সকলে কলহে কলহে পানী ঢালি নাচি-বাগি, বোকা খেলি “বোকাবিহু” পালন কৰে। ঠেঙাল কছাৰীসকলৰ পুৰুষ, গাভৰু আৰু বৃদ্ধাসকলে বেলেগে বেলেগে দল বান্ধি ঘৰে ঘৰে বিহু মাৰি পোৱা পইচাৰে নিমখ কিনি গাঁৱৰ সকলোকে ভগাই দিয়াটোও তেওঁলোকৰ এক পৰম্পৰা।
অসম সাহিত্য সভাই ১৯৮৩ চনত প্ৰকাশ কৰা সুশীল কুৰ্মীৰ “চাহবাগিচাৰ অসমীয়া সম্প্ৰদায়” গ্ৰন্থখনত উল্লেখ থকা মতে, অসমৰ চাহ জনগোষ্ঠী সম্প্ৰদায়ৰ লোকসকলেও বিহু পালন কৰে। গ্ৰন্থখনত উল্লেখ আছে, ” চাহ-মজদুৰ ডেকা-গাভৰুৱে বিহুগীত গায়, বিহুনাচ নাচে।” আনহাতে, একেজন লেখকৰে “অসমৰ চাহ শ্ৰমিকৰ অৱদান” গ্ৰন্থত উল্লেখ আছে–”চাহ জনজাতি সমাজৰ লোকে ঢোল-পেঁপা, গগনা আদি বজায়। ৰাজগড় চাহবাগিচাৰ তুলসী ওজাৰ বিহু দলৰ কথা বহুতে জানে। …তুলসী ওজায়ো সেই ষাঠিৰ দশকতে বিহুগীতৰ মাজেৰে শুনাই থৈ গৈছে এইদৰেঃ
অ’ সৰুমাই আমাৰ সোণৰ অসম
অ’ সৰুমাই লাগে বহুত মৰম
অসমীয়া বঙালী
নকৰিবা ধেমালি
অ’ সৰুমাই অসম ৰসাতলে যায়।”
চাহবাগিচাৰ লোকসকলে বিহুক আদৰি লোৱাৰ কথা ইয়াৰ পৰাই বুজিব পাৰি। এসময়ত বিহাৰ, মধ্যপ্ৰদেশ, তামিলনাডু, অন্ধ্ৰপ্ৰদেশ, মহাৰাষ্ট্ৰ আদি বিভিন্ন প্ৰান্তৰ পৰা বৃটিছ চাহখেতিয়কৰ দালালসকলে নানা প্ৰলোভনেৰে অসমলৈ অনা এই লোকসকলে সময়ৰ সোঁতত স্থানীয় সমাজৰ সৈতে মিলি গৈ অসমীয়া সংস্কৃতিকেই আঁকোৱালি লৈছে। সেয়ে চাহবাগিচাসমূহতো অনুষ্টুপীয়াকৈ হ’লেও বিহুৰ ৰীতি-নীতিসমূহ পালন কৰা হয়। আজিকালি কোনো কোনো বাগিচাত মঞ্চ বিহুৰো আয়োজন কৰা হয়। তদুপৰি, চ’ত মাহত পালন কৰা ‘চৈত পৰৱ’ বা ‘চড়ক পূজা’ও চাহ জনগোষ্ঠীৰ লোকসকলে বসন্ত কালত উদযাপন কৰা এটা অন্যতম উৎসৱ।
ওপৰত উল্লেখ কৰি অহা জনগোষ্ঠীসমূহৰ বাদেও অসমৰ বিভিন্ন ঠাইত বসবাস কৰা সৰু-বৰ বিভিন্ন জনগোষ্ঠীয়ে বসন্তকালত নানা ধৰণৰ উৎসৱ-অনুষ্ঠানৰ আয়োজন কৰে।
অসমৰ ইছলামধৰ্মী লোকসকলেও বসন্তোৎসৱ হিচাপে ৰঙালী বিহু পালন কৰি আহিছে। বিভিন্ন সূত্ৰত উল্লেখ থকা অনুসৰি, উনৈশ শতিকাৰ শেষৰফালে একাংশ সম্ভ্ৰান্ত অসমীয়া
লোকে বিহুটোক নিম্নশ্ৰেণীৰ অশিক্ষিত লোকৰ লজ্জাজনক উৎসৱ বুলি গণ্য কৰাৰ লগতে ইয়াৰ বিৰোধিতা কৰিছিল। তদুপৰি, ১৮৯৮ চনত এজন লোকে ৰাষ্ট্রীয় পর্যায়ৰ এখন কাকতত প্রৱন্ধ লিখি বিহু নিষিদ্ধ কৰাৰ ব্যৱস্থা ল’বলৈ আবেদন জনোৱাৰ পাছত বৃটিছ চৰকাৰে বিহু নিষিদ্ধকৰণৰ ব্যৱস্থা গ্রহণ কৰিছিল। অৱশ্যে সেই সময়ৰ নগাঁও আদালতৰ তৰণী আনন্দ দাসৰ উদ্যোগত পুৰণিগুদামৰ হালোৱা গাঁৱৰ ঢোলৰ ওজা মৈমত টাটিঙা হাজৰিকা আৰু তেখেতৰ ভনীয়েক চেনিমায়ে আন কেইগৰাকীমান সহযোগীৰ সৈতে গুৱাহাটীত গর্ডন চাহাবৰ আগত বিহু নাচি বিহু নাচ যে এক কলাত্মক নৃত্যহে তাক প্ৰমাণ কৰিছিল। মৈমত টাটিঙাক ধর্মসুত্রে মুছলমান বুলি জনা যায়। ইয়ে সুদীৰ্ঘ কাল ধৰি অসমৰ মুছলমান লোকসকলেও বিহু পালন কৰাৰ কথাকে সূচায়। ইছলামধৰ্মীসকলে উলহ-মালহেৰে গৰু বিহু পালন কৰাৰ লগতে সেইদিনাই কোনো কোনো ঠাইত এশ এবিধ (ঠাই বিশেষে সাতবিধ) শাক খায়। অৱশ্যে কোনো কোনো ঠাইত সাত বিহুৰ দিনাও এই পৰম্পৰা পালন কৰে। অসমীয়া মুছলমান সমাজৰ লোকসকলেও পহিলা বহাগৰ দিনা মাহ-হালধি বটি গা ধোৱে, চৰ্মৰোগৰ পৰা আঁতৰি থাকিবলৈ জেতুকা লগায়। বিহু উপলক্ষে বিভিন্ন ধৰণৰ পিঠা-পনা, চিৰা, সান্দহ, হুৰুম আদিও তেওঁলোকে প্ৰস্তুত কৰে। জ্যেষ্ঠজনক প্ৰণাম কৰাত বাদে চুবুৰীয়া আৰু ইষ্ট-কুটুম্বৰ ঘৰলৈ বিহু খাবলৈ যোৱা, বিহুৱান লোৱা আদি সকলোবোৰ প্ৰথা মুছলমানসকলৰ মাজতো প্ৰচলিত। পূৰ্বতে গাঁৱৰ হুচৰি দলটোৱে মুছলমান সকলৰ চোতালতো হুচৰি গাইছিল, মুছলমান ডেকায়ো হুঁচৰি দলৰ সদস্য হৈ লগৰীয়াৰ সৈতে সমানে হুঁচৰিত ভাগ লৈছিল। পিছে সম্প্ৰতি বিভিন্ন কাৰণত বিহু পালনৰ উৎসাহ-উদ্দীপনা পূৰ্বতকৈ কিছু হ্ৰাস পোৱা বুলি জানিব পৰা গৈছে।
অসমীয়া সমাজৰ আন বিভিন্ন ধৰ্মাৱলম্বী লোকসকলেও বসন্ত কালৰ প্ৰধান উৎসৱ ৰঙালী বিহু পালন কৰে। ইন্টাৰনেটৰ এক শেহতীয়া সূত্ৰত আনকি খ্ৰীষ্টীয় বিহুগীতৰো তথ্য লাভ কৰা হৈছে।
১৯৩৪ চনত গোলাঘাট জিলাৰ বেতিয়নী অঞ্চলত সৰ্বপ্ৰথমে মঞ্চবিহু আয়োজন কৰাৰ কথা জনা যায়। তাৰ পাছত ১৯৫২ চনত সিংহপুৰুষ ৰাধাগোবিন্দ বৰুৱাৰ উদ্যোগত গুৱাহাটীৰ লতাশিল খেলপথাৰত মঞ্চ বিহুৰ আয়োজন কৰা হয় । তাৰ পিছৰে পৰা লাহে লাহে সমগ্ৰ অসমৰ বিভিন্ন ঠাইত মঞ্চবিহুৰ সূচনা হয় আৰু তাত অসমৰ সকলো জনগোষ্ঠী, ভাষা-ভাষী তথা ধৰ্মাৱলম্বী লোকে ভাগ লয়। এই বিহুৰ অনুষ্ঠানসমূহত নানা জনগোষ্ঠীৰ বৰ্ণাঢ্য সংস্কৃতিৰ প্ৰদৰ্শন কৰিবলৈ লোৱাৰে পৰা বিহুৰ সৈতে সংপৃক্ত হৈ থকা বিভিন্ন লোকাচাৰ আৰু ৰীতি-নীতি সম্পৰ্কে সকলো লোকেই অৱগত হ’বলৈ ধৰে আৰু বিভিন্ন জনগোষ্ঠীৰ মাজত প্ৰচলিত বিহু সম্পৰ্কীয় ৰীতি-নীতি তথা পৰম্পৰাসমূহৰ কিছু সংমিশ্ৰণো ঘটে।
সময়ৰ লগে লগে বসন্ত কালত উদযাপিত অসমৰ প্ৰধান উৎসৱ বিহুৰ তথা আন আন জনগোষ্ঠীৰ বসন্তোৎসৱসমূহৰ ৰূপৰ নানা ধৰণৰ পৰিবৰ্তন ঘটিছে। তথাপিও, বসন্ত কালত পলাশ, মদাৰ, শিমলুৰ ৰঙে চৌপাশ ৰাঙলী কৰি তোলাৰ পৰত, ধূলিয়ৰি পৃথিৱীত প্ৰথমজাক বৰষুণ পৰি ওলোৱা মন মতলীয়া কৰা গোন্ধত, গছে ন কুঁহিপাত সলোৱাৰ পৰত, কুলিয়ে আকুলতাৰে লগৰীজনীক মাতি থকাৰ পৰত, জাতি-জনগোষ্ঠী, ধৰ্ম নিৰ্বিশেষে অসমৰ প্ৰতিজন লোকেই হৃদয়েৰে অনুভৱ কৰে– বসন্ত আহিলেই! এই অনুভৱ চিৰন্তন, সৰ্বব্যাপী, চিৰ-অম্লান।
(লেখিকাৰ টোকাঃ তলত উল্লেখ কৰা গ্ৰন্হসমূহ, ইন্টাৰনেটত কিছু পোৱা তথ্যৰ লগতে কেইগৰাকীমান সহৃদয় তথ্যদাতাৰ সহায় লৈ এই লেখাটো প্ৰস্তুত কৰা হৈছে। ইয়াত সংযোজন/ সংশোধনৰ অৱকাশ নিশ্চয় আছে। কোনো ভুল-ভ্ৰান্তি দেখিলে পাঠকসকলে ক্ষমা কৰাৰ লগতে অনুগ্ৰহ কৰি মন্তব্যৰ জৰিয়তে প্ৰয়োজনীয় তথ্য সংযোজন কৰিলে বাধিত হ’ম। )
সহায়ক গ্ৰন্থসমূহঃ
১. বড়ো-কছাৰীৰ সমাজ আৰু সংস্কৃতিঃ ভবেন নাৰ্জী, প্ৰথম প্ৰকাশঃ ১৯৬৬ চন, প্ৰকাশকঃ বীণা লাইব্ৰেৰী
২. ৰাভা লোক-সংস্কৃতিঃ ডঃ উপেন ৰাভা হাকাচাম, প্ৰথম প্ৰকাশঃ ২০০৬ চন, প্ৰকাশকঃ অসম প্ৰকাশন পৰিষদ
৩. চিত্ৰ-বিচিত্ৰ অসমঃ প্ৰদীপ বৰুৱা, প্ৰথম প্ৰকাশঃ ২০০৩ চন, প্ৰকাশকঃ জ্যোতি প্ৰকাশন
৪. ডিমাছাসকলৰ গীত-মাতঃ নগেন্দ্ৰ নাথ বৰুৱা, প্ৰথম প্ৰকাশঃ ১৯৮২ চন, প্ৰকাশকঃ অসম প্ৰকাশন পৰিষদ
৫. টাই সংস্কৃতিৰ ৰূপৰেখাঃ লীলা গগৈ চতুৰ্থ সংস্কৰণ, ১৯৯৪ চন, প্ৰকাশকঃ বনলতা
৬. ভৈয়াম কাৰ্বিৰ লোক পৰম্পৰা আৰু গীত-পদঃ মুৰুলীধৰ দাস, প্ৰথম প্ৰকাশ ২০০৭ চন, প্ৰকাশকঃ অসম জনজাতি আৰু অনুসূচিত জাতি গৱেষণা প্ৰতিষ্ঠান
৭. অসমৰ চাহ শ্ৰমিকৰ অবদানঃ সুশীল কুৰ্মী, প্ৰথম সংস্কৰণঃ ডিচেম্বৰ ২০০৭, প্ৰকাশকঃ অসম প্ৰকাশন পৰিষদ
৮. চাহবাগিচাৰ অসমীয়া সম্প্ৰদায়ঃ সুশীল কুৰ্মী, প্ৰথম প্ৰকাশঃ ১৯৮৩, প্ৰকাশকঃ অসম সাহিত্য সভা
৯. অসমৰ সংস্কৃতি কোষ, মুখ্য সম্পাদকঃ ডঃ নাৰায়ণ দাস, দ্বিতীয় প্ৰকাশ ২০১৪ চন, প্ৰকাশকঃ জ্যোতি প্ৰকাশন (প্ৰাগজ্যোতিষ মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ হৈ)
১০. আহোমসকলৰ উৎসৱ-অনুষ্ঠানঃ ডঃ সুখ বৰুৱা, প্ৰথম প্ৰকাশঃ মাৰ্চ, ২০০৭, প্ৰকাশকঃ কল্পতৰু প্ৰকাশন