অসমীয়া গদ্য সাহিত্যত ভট্টদেৱ
লেখক- বিকাশ শৰ্মা
অসমীয়া গদ্য সাহিত্যৰ বুৰঞ্জী অতি প্ৰাচীন।
“তন্ত্ৰ মন্ত্ৰ আৰু ইন্দ্ৰজাল বিদ্যাৰ দেশ হিচাপে প্ৰাচীন কালৰে পৰা পৰিগণিত হৈ আহিছে আমাৰ দেশ কামৰূপ।
অসমত শংকৰদেৱৰ আবিৰ্ভাৱৰ বহুকাল আগতেই উদ্ভৱ হোৱা মন্ত্ৰ সাহিত্যৰ যোগেদি অসমীয়া গদ্যই উন্মেষ লাভ কৰিছিল বুলি ভাবিব পাৰি।” (তথ্যৰ উৎসঃ– ড০ বাণীকান্ত শৰ্মা সম্পাদিত ‘অসমীয়া সাহিত্যৰ বুৰঞ্জী’, তৃতীয় খণ্ড, আবিলেক, পৃষ্ঠা – ৬১৫)।
তাৰ পৰবৰ্তী সময়ত ‘বহুমুখী প্ৰতিভাৰ আকৰ স্বৰূপ’ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিৰচিত অঙ্কীয়া নাটৰ গদ্যয়ো অসমীয়া পুৰণি গদ্যৰ নিদৰ্শন ডাঙি ধৰে।
অৱশ্যে, ব্ৰজাৱলী বা ব্ৰজবুলি ভাষাত ৰচিত অঙ্কীয়া নাটৰ গদ্যক প্ৰকৃত অসমীয়া গদ্যৰ চানেকি বুলি কোৱা টান।
এই মতৰ সপক্ষে ‘অসমীয়া সাহিত্যৰ সমীক্ষাত্মক ইতিবৃত্ত’ৰ প্ৰণেতা ড০ সত্যেন্দ্ৰ নাথ শৰ্মাদেৱে দুটা যুক্তি দৰ্শাইছে।
“প্ৰথম কথা, সেই গদ্যত মৈথিলীৰ আধিপত্য পোৱা যায় আৰু দ্বিতীয়তে গদ্য ৰচনাৰ বাক্যবিন্যাস–প্ৰণালী তাত ৰক্ষা কৰা নাই।”
ড০ সত্যেন্দ্ৰ নাথ শৰ্মাদেৱৰ মতে, “ভট্টদেৱৰ হাতত প্ৰকৃত অসমীয়া গদ্যৰ সৃষ্টি হয়।”
এই সম্পৰ্কে ড০ বিৰিঞ্চি কুমাৰ বৰুৱাদেৱে কৈছে, “অঙ্কীয়া নাট আৰু মন্ত্ৰপুথিত অসমীয়া গদ্যৰ প্ৰাচীন নিদৰ্শন পোৱা গৈছে। কিন্তু, অসমীয়া গদ্যক পোনপটীয়া আৰু প্ৰধানকৈ সাহিত্য ৰচনাত ব্যৱহাৰ কৰে ভট্টদেৱে। তেওঁৰ হাততেই গদ্য ৰীতিৰ বান্ধ দৃঢ় হৈ গদ্য সাহিত্যই পৰিপুষ্টি লভে আৰু চিন্তাবস্তু পৰিস্ফুটভাৱে প্ৰকাশ কৰিবলৈ সমৰ্থ হয়।”
এই দিশৰ পৰা বিচাৰ কৰি চালে ভট্টদেৱৰ হাততে অসমীয়া গদ্য এটা শক্তিশালী ৰূপত প্ৰতিস্থিত হয় বুলি কোৱাটো হয়তো অত্যুক্তি কৰা নহ’ব।
ভট্টদেৱৰ ‘কথাগীতা’ পঢ়িয়েই বংগৰ বিখ্যাত পণ্ডিত আচাৰ্য প্ৰফুল্ল চন্দ্ৰ ৰায়ে কথাগীতাক অমূল্য ৰত্ন আখ্যা দি কৈছে, “Assamese prose literature developed to a stage in the far distant sixteenth century which no other literature of world reached except the writings of Hooker and Latimer in England.”
‘কথা ভাগৱত’, ‘কথা–গীতা’ আৰু ‘কথা ভক্তি–ৰত্নাৱলী’ ভট্টদেৱৰ গদ্যত ৰচিত গ্ৰন্থ তথা তেৰাৰ সাহিত্যিক জীৱনৰ কীৰ্ত্তিস্তম্ভ স্বৰূপ।
ভট্টদেৱে কথাবন্ধে গীতা ভাগৱত ৰচনা কৰাৰ মূলতেই হ’ল মহাপুৰুষ দামোদৰদেৱ।
এই কথা স্বয়ং ভট্টদেৱৰ ৰচনা কথা–গীতাৰ আৰম্ভণিতে স্পষ্ট হৈছে – “মঞি অল্পমতি। তথাপি শ্ৰীদামোদৰৰ আজ্ঞায়ে সন্তসৱৰ অনুমোদনে টীকা–ভাষ্য অনুসৰি সংক্ষেপ প্ৰকাৰে নিবন্ধো।”
সেয়েহে, ভট্টদেৱে মূল ভাগৱত আৰু গীতাৰ সাৰমৰ্ম কথা অৰ্থাৎ গদ্যত ভাঙনি কৰিছিল।
পাছত ‘ৰত্নাৱলী’ও ভাঙনি কৰে।
ভট্টদেৱৰ এই তিনিওখন গ্ৰন্থতে অসমীয়া গদ্য ভাষাৰ প্ৰকাশিকা শক্তিৰ পৰিচয় পোৱা যায়।
ভট্টদেৱে তেওঁৰ গদ্য ৰচনাত অঙ্কীয়া নাটৰ গদ্যৰ লেখিয়াকৈ কৃটিম তথা অপ্ৰচলিত ভাষা এটিক স্থান দিয়া নাই।
সেইবুলি তেওঁ দৈনন্দিন ব্যৱহাৰ্য্য কথ্যভাষাও ব্যৱহাৰ কৰা নাই। সংস্কৃত আৰু কথিত শব্দৰ সংমিশ্ৰণত কথ্যভাষাৰ এটা সাধু আৰু গম্ভীৰ ৰূপহে তেওঁ ব্যৱহাৰ কৰিছে।
ড০ বিৰিঞ্চি কুমাৰ বৰুৱাদেৱৰ ভাষাৰে, “অসমীয়া কথ্য ভাষাই ভট্টদেৱৰ হাতত দ্বিজত্ব লভিলে।”
ভট্টদেৱ আছিল সংস্কৃত সাহিত্যৰ বিদগ্ধ পণ্ডিত। ‘ভক্তি–বিবেক’, ‘ভক্তিসাৰ’, ‘শৰণ–মালিতা’ৰ লেখিয়া সংস্কৃত গ্ৰন্থৰ ৰচক আছিল ভট্টদেৱ।
সেয়েহে, তেওঁৰ গদ্য ৰচনাৰ ওপৰতো স্বাভাৱিকভাৱেই সংস্কৃত বাক্যৰীতিৰ প্ৰভাৱ পৰিছিল।
ড০ হেমন্ত কুমাৰ শৰ্মাদেৱৰ মতে, “কথিত ভাষাৰ লগত প্ৰচুৰ তৎসম শব্দ আৰু বাক্যৰীতিৰ প্ৰয়োগ ঘটাত সেই ভাষা বহু পৰিমাণে কৃটিম যেন হৈছে যদিও এই ভাষাই গীতা ভাগৱতৰ বিষয়বস্তুৰ গাম্ভীৰ্য আৰু পৱিত্ৰতা ৰক্ষা কৰিবলৈ সমৰ্থ হৈছে।”
ভট্টদেৱৰ পূৰ্বে গদ্যত গ্ৰন্থ ৰচনাৰ কোনো আৰ্হি নাছিল আৰু ভট্টদেৱৰ অনুবাদমূলক গদ্য সাহিত্যৰ আধাৰ গ্ৰন্থসমূহো ছন্দত ৰচিত হোৱা হেতুকেই বহু সময়ত কাব্যসুলভ বা পদগন্ধী ৰূপ এটা ভট্টদেৱৰ গদ্যতো দেখা পোৱা গৈছিল।
উদাহৰণ স্বৰূপে – কৃষ্ণৰ ৰূপৰ বৰ্ণনাৰ প্ৰসংগত ভট্টদেৱে লিখিছে – “প্ৰসন্ন বদনঃ কমল নয়নঃ নাসা তিল ফুলঃ মুখে মন্দ হাসঃ কতাক্ষ প্ৰকাশ।” ইত্যাদি।
উল্লেখ্য যে, এনেধৰণৰ পদ্যধৰ্মী ৰচনাৰ দৃষ্টান্ত কথা–ভাগৱতৰ মাজত কম, কথা–গীতাৰ মাজতো পাবলৈ টান আৰু কথা ৰত্নাৱলীৰ মাজত নায়েই।
ভট্টদেৱৰ গদ্যত বাক্যবিন্যাস প্ৰণালী নিখুঁত আৰু ব্যাকৰণৰ প্ৰয়োগ বিশুদ্ধ। বাক্যবোৰ সাধাৰণতে চুটি চুটি যদিও ঠাইবিশেষে সংস্কৃতীয়া প্ৰভাৱৰ পৰা মুক্ত হ’ব নোৱাৰি সমাসবদ্ধ বাক্যও প্ৰয়োগ কৰা দেখা যায়।
পিছে, তৎসম আৰু তদ্ভৱ শব্দ প্ৰয়োগৰ সমতা ৰক্ষা কৰিয়েই তেওঁ বাক্যবোৰ ৰচনা কৰিছে।
ভট্টদেৱৰ গদ্য ৰচনাত উত্তৰ পুৰুষৰ ভৱিষ্যত কালত ‘ম’ প্ৰত্যয় (কৰিম) আৰু তৃতীয় পুৰুষৰ ‘ব’ প্ৰত্যয়ৰ ব্যৱহাৰো পৰিলক্ষিত হয়।
একোটি চুটি বাক্যত ভালেখিনি কথা সুমুৱাই ৰাখিব পৰা ক্ষমতা ভট্টদেৱৰ গদ্যৰ অন্যতম বৈশিষ্ট্য।
উপমাৰ প্ৰয়োগ কৰি কঠিন তত্ত্বমূলক কথাখিনি সহজবোধ্য কৰিবলৈ কৰা যত্নও ভট্টদেৱৰ ৰচনাত পৰিলক্ষিত হয়।
উদাহৰণ স্বৰূপে – “যেমনে কাষ্ঠসমূহক প্ৰজ্বলিত অগ্নিয়ে ভষ্ম কৰে, তেমনে কালাগ্নিয়ে পাৰব্ধ বিনে সকল কৰ্মকে উষ্ণ কৰে।”
এইখিনিতে আৰু এটা কথা উল্লেখ কৰিব পাৰি যে দামোদৰ দেৱৰ আদেশত ভট্টদেৱে প্ৰথমে কথা ভাগৱত আৰু তাৰ চাৰি বছৰ পিছত কথাগীতা ৰচনা কৰে।
সেয়েহে কথাগীতাৰ ভাষা কথা–ভাগৱতৰ ভাষাতকৈ অধিক নিমজ আৰু ওজস্বী।
গুৰুৰ আদেশত ভট্টদেৱে ভাগৱতাদি তত্ত্বপূৰ্ণ শাস্ত্ৰ তিনিখনৰ যি গদ্যৰূপ দিছিল, সেয়াই সংস্কৃত শাস্ত্ৰৰ মৌজোল পান কৰাত সৰ্বসাধাৰণ লোকক যথেষ্ট পৰিমাণে সহায় কৰিছিল।
“স্ত্ৰী–শূদ্ৰ–শিশু সমস্তে বুজয়, পঢ়ন্তে নাহি দূষণ” – ভট্টদেৱৰ ভাগৱত, গীতা আৰু ৰত্নাৱলীৰ গদ্যৰূপ আৰু গদ্যৰীতিৰ কৃতকাৰ্যতা সম্বন্ধে ৰামৰায়ৰ এই উক্তিও ইয়াৰ উৎকৃষ্ট প্ৰমাণ।
ভট্টদেৱৰ পৰবৰ্তী লেখক–সাহিত্যকাৰসকলে তেওঁৰ গদ্যৰীতিক বহু পৰিমাণে অনুসৰণ কৰিছিল।
ইয়ো ভট্টদেৱৰ গদ্যৰ এক বৃহৎ সাফল্য।
অসমীয়া গদ্য সাহিত্যৰ অন্যতম ৰূপাঙ্কণ কৰোঁতা মহাপুৰুষ ভট্টদেৱক আজি তেৰাৰ ৪৬৪ তম জন্মজয়ন্তীত শ্ৰদ্ধাৰে সোঁৱৰণ কৰিছোঁ। ।