ত্ৰয়োবিংশ খণ্ড: আম্ৰপালী: স্বৰ্ণিল দস্তাবেজৰ বৰ্ণীল কাহিনী

লেখক- পাৰবীন চুলতানা

যুদ্ধসম্পৰ্কীয় স্থিতিক কেন্দ্ৰ কৰি মগধৰাজ্যত বিম্বিসাৰ আৰু বিম্বিসাৰপুত্ৰ অজাতশত্ৰুৰ মাজৰ মতানৈক্যই শীৰ্ষৰূপ ধাৰণ কৰিছে। একালৰ সাম্ৰাজ্যবিস্তাৰৰ স্বপ্নবিলাসী বিম্বিসাৰে তথাগতৰ ওচৰত শৰণ লৈ বৌদ্ধ সংঘৰ নামত ৰাজকোষ খৰচ কৰিবলৈ ধৰিছে। তথাগতৰ ক্ৰমবৰ্ধমান প্ৰভাৱত সেনা আৰু ৰাজপুত্ৰসকলৰ হাতত ভিক্ষাপাত্ৰ তুলি দিয়াৰ আয়োজন চলিছে সৰ্বত্ৰ। তথাগতৰ প্ৰতি মগধৰাজ বিম্বিসাৰৰ অনুকম্পাক লৈও মতবিৰোধ আৰম্ভ হৈছে পুত্ৰ অজাতশত্ৰুৰ সৈতে।

আৰ্যৱৰ্তৰ ক্ষত্ৰিয়কুলৰ গৰিমা অক্ষুণ্ণ ৰাখি ৰাজধৰ্ম জীয়াই ৰখাৰ পক্ষপাতী অজাতশত্ৰুৱে এখন এখনকৈ ৰাজ্য দখল কৰি মগধৰ বহতীয়া ৰাজ্য কৰি তোলাৰ চিন্তাত বিভোৰ হৈ থাকোঁতেই পিতাক বিম্বিসাৰৰ এই যুদ্ধবিৰোধী স্থিতিয়ে বিৰক্ত কৰিছে মগধ যুৱৰাজক। যুৱৰাজে আস্ফালন কৰে মাতৃৰ ওচৰত,

“এই সন্ন্যাসীক লৈ পিতাৰ উন্মাদনা মোৰ সহ্য নহয় মাতৃদেৱী। জাতি-বৰ্ণহীন ধৰ্ম আকৌ কেনেধৰণৰ ধৰ্ম! তেতিয়া দেখোন ৰজা আৰু প্ৰজাৰ মাজত একো পাৰ্থক্যই নাথাকিব। সমাজত উচ্চ-নীচ বুলি কোনো শ্ৰেণীয়েই নাথাকিব। মই বুদ্ধৰ দৰ্শন মানিব নিবিচাৰোঁ মা। মই মনুবাদত বিশ্বাসী।”

মাতৃ চেলেনা আহি পুত্ৰৰ কান্ধত হাত থয়, “ভাল কথা। কিন্তু তাৰ বাবে মগধ সিংহাসনৰ উপযুক্ত হ’ব লাগিব প্ৰথমে।”

“মগধৰ সিংহাসনৰ বাবে মই পূৰ্ণভাৱে উপযুক্ত মাতৃদেৱী, মাত্ৰ সুযোগৰ অপেক্ষাত আছোঁ।”

“সেইটোতো মোৰো স্বপ্ন বাছা। কিন্তু মহাৰাজৰ সৈতে বৈশালীৰ নগৰবধুৰ সম্পৰ্ক মোৰ সহ্য নহয় যে পু্ত্ৰ!”

সেই নগৰবধুক ত্যেজিব নোৱাৰে সম্ৰাট বিম্বিসাৰে। নগৰবধুৰ বাবেই তেওঁ সুদীৰ্ঘ বাট নেওচি ঢাপলি মেলে গংগাৰ পাৰৰ লুংলুঙীয়া বাটটোৰে।প্ৰতিক্ষাৰতা নাৰীৰ চকুৰ ৰশ্মিয়ে টানে তেওঁক। ঘোঁৰাৰ বেগ বঢ়াই দিয়ে তেওঁ।

বৈশালী এতিয়া যুদ্ধই কোঙা কৰি যোৱা এখন নগৰ। মাহদিয়েক পূৰ্বে শস্য শ্যামলা এই পথাৰৰ কাষেৰেই তেওঁ মগধলৈ ল’ৰি গৈছিল। সেইদিনাৰ সৈতে আজিৰ যেন আকাশ-ভুৱন পাৰ্থক্য। সেইদিনা জলতৰংগৰ সুৰত ধৰালৈ নামি আহিছিল প্ৰেমৰ বন্যা; আৰু আজি যেন চৌপাশে শ্বাসৰুদ্ধকৰ পৰিবেশ; যেন কেঁচা তেজৰ গোন্ধ । নিজকে দোষী যেন অনুভৱ হ’ল তেওঁৰ।

গছে কুঁহিপাত সলাইছে। আম্ৰবৃক্ষই মলিয়াইছে। স্নানঘাটত উপস্থিত হৈ চাই ৰৈছোঁ সৰোবৰৰ তিৰবিৰ জলধাৰালৈ। আহ্নিকৰ বেলিটো পক্ক বিল্বৰ দৰে পূৰঠ হৈ আহিছে। ভাস্কৰদেৱতাৰ দেহৰ পৰা নিৰ্গত স্বৰ্ণকণাই জালিকটা ছাঁৰে শালি পেলাইছে নাতিদূৰৰ গহনবনখনি।

জলকেলি সামৰি প্ৰস্তৰখণ্ডত বহি ৰৈছোঁ। শীতল জলে শাঁত পেলোৱা দেহাটোৰ পৰা দাসীয়ে সিক্ত বসন আঁতৰাই কোমল বসন পৰিধান কৰাইছে। মহিষ-শিঙৰ কংকনেৰে মোৰ ঘন কেশগুচ্ছ আঁত লগাইছে। আঁত লগাব পৰা নাই মনটো কেৱল। মনৰ মাজত অনেক দ্বন্দ। দুচকুৰ তলত অনিদ্ৰাই টানি অনা গভীৰ কৃষ্ণৰেখা।

কোনো নিপুণ খনিকৰে হাজাৰ বছৰৰ সাধনাৰে গঢ়ি তোলা এই দেহবল্লৰী ক্ৰমাৎ যেন কৃশ হৈ যাবলৈ ধৰিছে। জবাফুলৰ লেপনেৰে কৌষেয় কোমল কৰি ৰখা কেশগুচ্ছও যেন ৰুক্ষ হৈ যাবলৈ ধৰিছে। সৈৰিন্ধীয়ে চুলিটাৰি আঁত লগাই তাকেই কৈ আছিল। 

প্ৰকৃতিয়ে নিজৰ কাম কৰি আছে; কুহক পখীয়ে সংগী বিচাৰি গীত জুৰিছে; যুদ্ধ আৰু ধ্বংসৰ সময়তো বসন্ত ঋতুৱে সৃষ্টিৰ বীজ কঢ়িয়াবলৈ এৰা নাই; এনেহেন ভৰুণ গৰ্ভতো মই বাৰে প্ৰতি অৰণ্যৰ মাজলৈ ওলাই আহিছোঁ, উদ্যানৰ কাষ্ঠবেদীত বহি দীৰ্ঘ সময় নিসংগতা যাপন কৰিছোঁ আৰু মাজে মাজে মদাসক্ত মানৱীৰ দৰে ‘প্ৰাণৰ ঈশ্বৰ তুমি ক’ত, তুমি ক’ত’ বুলি বিলাপ কৰি উঠিছোঁ।  

এদিন তেনে সময়তেই অশ্বখুৰাৰ চিনাকী শব্দ এটা দূৰৈৰ পৰা ওচৰলৈ আহি যেন মোৰ কৰ্ণকুহৰ বিন্ধিলে। ততাতৈয়াকৈ অৰণ্য এৰি দৌৰি আহিলোঁ মূলদ্বাৰলৈ।  

“কোন?”

মোৰ লগতে বাজলৈ ওলাই আহিছে সখী প্ৰভা।

“কোন হয়?”

আগন্তুকক দেখি মুখৰ মাত হেৰাই গ’ল মোৰ।

বিক্ৰম! বিক্ৰম আহিছে আম্ৰ কুঞ্জলৈ। এয়াতো সপোনৰ অগোচৰ। এই সংকটময় অৱস্থাত বিক্ৰম কিদৰে আহিব পাৰে সুদীৰ্ঘ বাট অতিক্ৰমি। বিক্ৰম-পত্নীৰ সমস্ত আলাপ, নিজৰ ওচৰত সমস্ত প্ৰতিশ্ৰুতি নিমিষতে পাহৰি গ’লোঁ যেন। ভৰুণ গৰ্ভৰ সন্তানটিও ব্যাকুল হৈ আছিল পিতৃৰ কণ্ঠ শুনিবলৈ। বিক্ৰমৰ কণ্ঠ শুনি স্ফীত হৈ উঠিল নিম্ন উদৰ।

অতিথিগৃহৰ আছুটিয়া কক্ষত মোৰ বাহুত ধৰি বিক্ৰমে মোক কাষতে বহাই দিলে।

“কেনে আছা দেৱী? ইমানদিন কি কৰি আছিলা মোৰ অবিহনে? মনত পৰিছিলনে মোলৈ?”, একে উশাহতে বহুত প্ৰশ্ন সুধি দিলে তেওঁ।

“মনত পৰাৰ প্ৰশ্ন কিদৰে আহে বিক্ৰম, উশাহত বান্ধি থৈছোঁ তোমাক, উশাহে প্ৰতি তোমাৰ নাম”, জড়তা নোহোৱাকৈ কৈ পেলালোঁ।

“মোলৈ অপেক্ষা কৰি আছিলানে?”, থুঁতৰিত ধৰি পুনৰ প্ৰশ্ন বিক্ৰমৰ।

“তোমালৈ উপহাৰ এটি প্ৰস্তুত কৰি আছিলোঁ”, গৰ্ভৰ সন্তানৰ কথা বিক্ৰমক ক’বলৈ ব্যাকুল হৈ পৰিলোঁ।

“উপহাৰ? চাওঁ দেখুওৱা।”, স্নেহমিহলি কণ্ঠ তেওঁৰ।

গৰ্ভত তেওঁৰ হাতখন থৈ দিলোঁ। আচৰিত ধৰণেৰে মোলৈ চাই ৰ’ল তেওঁ।

“ইয়াৰ মানে কি দেৱী?”

“মোৰ গৰ্ভত এয়া তোমাৰ কোষেৰে সৃষ্ট জীৱ বিক্ৰম।”, মিচিকিয়া হাঁহি এটিৰে

তেওঁৰ প্ৰশ্নৰ উত্তৰ দিলোঁ মই।

“সঁচা!”, আবেগত চকু তিৰবিৰাই উঠিল তেওঁৰ।

“সঁচাইতো বিক্ৰম, এয়া চোৱা তোমাৰ বৰ্তমানত কিদৰে উথলি উঠিছে গৰ্ভ।”

“দেৱী, তুমি মোৰ সন্তান গৰ্ভত ধাৰণ কৰিবা বুলি, সেই সন্তান এইদৰে লালন কৰিবা বুলি মই অনুমানো কৰিব পৰা নাছিলোঁ দেৱী। তুমি বৰ পৱিত্ৰ, বৰ নিষ্কলুষ দেৱী।”

“মই পৱিত্ৰ নহওঁ বিক্ৰম, মোৰ প্ৰেমহে পৱিত্ৰ, এই প্ৰেম তুমি জাগ্ৰত কৰিছা, গতিকে এই পৱিত্ৰতা তোমাৰহে সৃষ্ট।”

“কিন্তু মই যে ইমান পৱিত্ৰ নহওঁ, মোৰ প্ৰেমো ইমান নিষ্কলুষ নহয়”, বিক্ৰমৰ চকুত যেন প্ৰগাঢ় বিহ্বলতা।
বিক্ৰমৰ বেদনাসিক্ত মুখখন আজলি পাতি তুলি ধৰিলোঁ ।

“কিয় এইদৰে কৈছা বিক্ৰম, মোৰ প্ৰেমাষ্পদৰ ওপৰত এই আঙুলি উঠাবলৈ তোমাক কোনে অধিকাৰ দিলে?”
“কাৰণ তোমাৰ প্ৰেমাষ্পদ মিথ্যা বচনৰ পৰা এতিয়াও মুক্ত হ’ব পৰা নাই।”
মই অধৈৰ্য হৈ পৰিলোঁ যেন হঠাতে, উষ্মামিহলি কণ্ঠৰে প্ৰশ্ন কৰিলোঁ,

“কি মিথ্যা বচন বিক্ৰম? খুলি কোৱা মোক। এই প্ৰেম ছলনা আছিলনে? মোৰ প্ৰতি তোমাৰ প্ৰেম নাছিলনে? মই বিশ্বাস নকৰো বিক্ৰম, কিয় এই আচৰণ কৰিছা? পত্নীৰ ওচৰত প্ৰতিশ্ৰুতিবদ্ধ হৈ আহিছা নিশ্চয়। সঁচা কথাটো কোৱা মোক।”

শুষ্ক ফল, ঘৃত আৰু দুগ্ধৰে প্ৰস্তুত কৰা পৰমান্ন আৰু শীতল পানীয় লৈ প্ৰভা সোমাই আহিছিল। আমাৰ উষ্ম বাক-বিতণ্ডাত বিমূঢ় হৈ ৰৈছিল তাই। সদায়েই শান্তৰূপ ধাৰণ কৰা সখীয়েকৰ এই ৰূপৰ সৈতে তাইৰ পৰিচয় নাছিল। তাতেই প্ৰেমাষ্পদৰ আগমনত প্ৰেম বাদ দি উগ্ৰতাৰ এই বহিঃপ্ৰকাশ কিবা যেন নজহা-নপমা কথা।

নজহা-নপমা কথাই। অতদিনৰ প্ৰতীক্ষাৰ অন্তত প্ৰিয়তমৰ এই আচৰণ সঁচাই নজহা-নপমা কথা। দেৱালত আঁউজি চুচৰি চুচৰি মজিয়াত বহি পৰিছোঁ মই। তাৰ পিছত আকৌ উত্তেজিত হৈ বিক্ৰমৰ কাষত থিয় হৈ তীক্ষ্ণ দৃষ্টি নিক্ষেপ কৰিছোঁ।

“কোৱা বিক্ৰম, সঁচা কথাটো কবলৈ ভয় কিয়? মোৰ দৰে গণিকা এজনীৰ গৰ্ভত থকা সন্তানটো তোমাৰ নহয় বুলি দাবী কৰিব বিচাৰিছা নেকি? নে ক’ব খুজিছা সেয়া সাময়িক মোহ আছিল? তুমি যিয়েই নোকোৱা বিক্ৰম, মোৰ জীৱনৰ বাবে সেই সময়খিনি সৰ্বশ্ৰেষ্ঠ আৰু আটাইতকৈ পৱিত্ৰ আছিল, মই এই পৱিত্ৰতা ৰক্ষা কৰিম। তোমাৰ সহায় নোহোৱাকৈও মই মোৰ প্ৰেমৰ শ্ৰেষ্ঠতা প্ৰমাণ কৰিব পাৰিম। যোৱাগৈ বিক্ৰম। তুমি নহা হ’লেই ভাল আছিল। অন্তত এই মোহেই মোক সমগ্ৰ জীৱন আছন্ন কৰি ৰাখিলেহেঁতেন।”

উচুপি উঠিছিলোঁ মই। বিক্ৰমে মোৰ কান্ধত হাত থৈছিল।

“ভুল বুজিছা দেৱী। মোৰ প্ৰেম উদিত সূৰ্যৰ দৰেই সত্য আৰু পৱিত্ৰ। কিন্তু মোৰ পৰিচয় সত্য নহয়। মই বিক্ৰম নহয়।”

“বিক্ৰম নহয়! কোন হয় তুমি?”,

সৰ্পফেনাৰ দৰে ফেঁট তুলি উঠিলোঁ মই। পিছুৱাই আহিলোঁ দুখোজ।

“তাৰ আগতে কথা দিয়া দেৱী, মোৰ পৰিচয় যিয়েই নহওক কিয়, মোৰ হাত এৰি নিদিয়া তুমি”, বিহ্বলতাৰে উত্তৰ দিলে বিক্ৰমসেন নামধাৰী ব্যক্তিজনে।

“কোন হয় তুমি? তোমাৰ শুদ্ধ আৰু সত্য পৰিচয় দিয়া। এতিয়াই। এই মুহূৰ্ততে।”, মই ক্ৰোধ সম্বৰণ কৰিব নোৱাৰিলোঁ।

“মই মগধ সম্ৰাট বিম্বিসাৰ।”

“কি!”

লগে লগেই যেন দুৱাৰৰ বাহিৰত ৰৈ থকা পৰমান্নভৰ্তি পাত্ৰটো হাতৰ পৰা সৰি পৰিল। মজিয়াত পৰি খণ্ড খণ্ড হৈ গ’ল মাটিৰ পিয়লা।

অচেতন হৈ পৰাৰ উপক্ৰম হ’ল মোৰো। বিক্ৰমে মোৰ লগত ধেমালি কৰিছে নেকি? যি বিম্বিসাৰৰ নেতৃত্বত মোৰ প্ৰাণৰ বৈশালীত ধ্বংসলীলা চলি আছে, সেই বিম্বিসাৰে মোৰ লগত এয়া অভিনয় কৰিলে নে কি? নাই, নাই, বিক্ৰমৰ মাজত সেই মদগৰ্বী ৰজাৰ ৰূপ বিৰাজমান নহয়, তেওঁ বিম্বিসাৰ হ’বই নোৱাৰে।

“কিয় ধেমালি কৰিছা বিক্ৰম? তুমি জানা, এই সময়ত এই ধেমালি ভাল নহয়। তুমি জানা, মোৰ গৰ্ভত তোমাৰেই সন্তান, এই সন্তানৰ খাতিৰত তুমি অন্তত …..”
আধাতে কাতৰকণ্ঠেৰে কৈ উঠিল তেওঁ,

“নহয় দেৱী, মই মগধৰাজ বিম্বিসাৰেই হয়। তোমাৰ গৰ্ভত মোৰ সন্তান, গতিকে এতিয়া মই তোমাক অকলে এৰি থৈ মগধলৈ ওভতি যাব নোৱাৰোঁ। তুমি মোৰ স’তে মগধলৈ যাব লাগিব। তোমাক মগধৰ ৰাণী কৰি ৰাখিম দেৱী, তুমি আপত্তি নকৰিবা।”

“বেচ সিদ্ধান্ত আপোনাৰ। মহাৰাজ আপুনি কিদৰে ভাবিলে যে, আপুনি ইংগিত দিলেই মই আপোনাৰ প্ৰেমত নিমজ্জিত হ’ম, আপোনাৰ ইচ্ছা গ’লেই মই আপোনাৰ অংকশায়িনী হ’ম, আপুনি বিচাৰিলেই মই নিজ ৰাজ্যৰ সৈতে বিশ্বাসঘাটকতা কৰি আপোনাৰ ৰাজ্যৰ ৰাণী হ’বলৈ যাম। মোৰ ইচ্ছা-অনিচ্ছাৰ কি মূল্য থাকিল সম্ৰাট বিম্বিসাৰ?”

প্ৰৱেশপথেৰে ওলাই যোৱা অশ্বখুৰাৰ শব্দত ক্ষন্তেক মৌন হৈ ৰ’লোঁ। কোন ওলাই গ’ল সেই কথা ভবাৰ অৱকাশ নাছিল। বিম্বিসাৰে মোক যিমানেই বুজাবলৈ চেষ্টা কৰিছিল, সিমানেই উত্তেজিত হৈছিলোঁ মই। যি সম্পৰ্কৰ ভেঁটিটোৱেই মিথ্যাবাদৰ ওপৰত প্ৰতিষ্ঠিত, সেই সম্পৰ্ক স্থায়ী কিদৰে হ’ব পাৰে। গৰ্ভস্থ সন্তানটোলৈ মোহ কমি গৈছিল যেন। সম্ৰাট বিম্বিসাৰৰ ওপৰত ঘৃণা ওপজিল, অহা পথেৰে ওভতাই পঠিয়ালোঁ তেওঁক। বিদায়ৰ মুহূৰ্তত মুখ নাচালোঁ তেওঁৰ, এনে নহয় যে তেওঁৰ প্ৰেমক মই ঘিণ কৰি পেলালোঁ, ঘিণ কৰিছিলোঁ মিছা পৰিচয়েৰে প্ৰেমৰ অভিনয় কৰা সত্তাটোক। প্ৰেম সঁচা আছিলনে মিছা সেয়া ভৱাৰ অবকাশ নাছিল।পালংকত দেহা এৰি ভাবি থাকিলোঁ, কি হৈ গ’ল এয়া। এই সন্তানৰ প্ৰতিও মোৰ মোহ শেষ হৈ যাব নেকি?

উচুপি উচুপি অৱশ হৈ পৰিছিল দেহা। তেনে সময়তেই দলদোপ হেন্দোলদোপকৈ সেনানীৰ দল আহি আম্ৰকুঞ্জৰ চৌপাশ ঘেৰি লৈছিল। যুদ্ধবীৰৰ সেনাপতিয়ে আহি দাসীৰ হাতত মোলৈ বুলি পত্ৰ তুলি দিছিল। মোক আটক কৰাৰ সেই নিৰ্দেশনামাত মোৰ ভৰিৰ তলৰ মাটিকণ যেন নোহোৱা হৈ গ’ল। কি ভুল কৰিলোঁ মই?

“হে ৰাজন, কি দোষ আছিল মোৰ, কিহৰ বাবে এই নিৰ্দেশ?”

“ক্ষমা কৰিব দেৱী, বিচাৰকক্ষৰ পূৰ্বে এই কাৰণ সদৰি কৰিবলৈ অনুমতি দিয়া হোৱা নাই। দেশদ্ৰোহিতাৰ অভিযোগ আহিছে বুলি ভিতৰুৱা সূত্ৰে জানিব পাৰিছোঁ।”

“দেশদ্ৰোহিতাৰ অভিযোগ! কোনে দিছে সেই অভিযোগ?”

“আপোনাৰ সখী দেৱী প্ৰভাই।”

“দেৱী প্ৰভাই! মিছা কথা কৈছে আপোনালোকে। দেৱী প্ৰভাই সেই অভিযোগ আনিবই নোৱাৰে। এয়া পূৰ্বৰ ৰজা মনুদেৱৰ কিবা চক্ৰান্ত হ’ব পাৰে।”

“ৰজা মনুদেৱৰ চক্ৰান্ত নহয় পালী। সেনাপতিয়ে ঠিকেই কৈছে, বৈশালী আক্ৰমণত মগধৰাজ বিম্বিসাৰক সহায় কৰাৰ অভিযোগটো ময়েই দিছোঁ”, সখী প্ৰভা আহি পিছফালে থিয় হ’ল।

“প্ৰভা তই!”, অবিশ্বাসৰ চাৱনিৰে চালোঁ তাইলৈ।

তাইৰ মুখ ভাৱলেশহীন যেন,

“বিম্বিসাৰেই জানো মোৰ শিৰৰ সেন্দুৰ মচি দিয়া নাছিল। বিম্বিসাৰেই জানো বৈশালীত ধ্বংসযজ্ঞ চলোৱা নাই। সেই বিম্বিসাৰৰ সন্তান ধাৰণ কৰিছ গৰ্ভত। ছিঃ পালী!”

তাইৰ দুবাহু খামুচি ধৰিলোঁ মই, “মই কি কৰা উচিত প্ৰভা?”

“সেই বিচাৰ বৈশালীনৃপতিৰ ৰাজকক্ষত হ’ব।”  

প্ৰভা সোমাই গ’ল দপদপাই। মই সেনাপতিৰ লগত বাগীলৈ খোজ ল’লোঁ। দেশদ্ৰোহিতাৰ অপযশ আহিছে মোৰ ওপৰত। দেশদ্ৰোহিতাৰ শাস্তি মোৰ নজনা নহয়। কিন্তু মোৰ ভুল কি আছিল? মগধ সম্ৰাটৰ লগত সম্পৰ্ক যেমোৰ বাবেও প্ৰতাৰণা আছিল সেয়া বুজিবনে বৈশালীৰ ৱিজ্জী পৰিষদে?

বক্ষৰ শিল গলি দুচকুৰে অনল সদৃশ উষ্ণসোঁত বৈ আহিল। চেতন-অচেতন দেহটো কোনোমতে বৈশালীৰ ৰাজপথেৰে আগুৱাই গৈ থাকিল। এইখিনিতে বৈশালীৰ নাগৰিকসকলে মোক পুষ্পৰে ধুৱাই দিছিল। ইয়াতে চৰণ চুই আশীৰ্বাদ লৈছিল কত কিশোৰী-নৰ্তকীয়ে। আজি মোৰ ভৰিৰ তলত মাটি নাই, উশাহ ল’ব নোৱৰাকৈ বন্ধ হৈ আছে বতাহ। সুৰুযৰ ৰ’দ লুকাই গোমা কৰি আনিছে আকাশ। পৰ্জন্যৰ আঁৰত লুকাই পৰিছে পূৰ্ণ শশীকলাৰ উজ্জ্বল মুখমণ্ডল।

“ভুলটো ক’ত মোৰ?”, ওৰেটো বাট মই জীৱন-জগতৰ অসাৰতাৰ ওচৰত প্ৰশ্ন তুলি গৈ থাকিলোঁ। বৈশালীৰ প্ৰজাসকলে একো বুজিব নোৱাৰি পদপথত থিয় দি থাকিল। বক্ৰ হাঁহিৰে পোতাশালত মোক আদৰিবলৈ ৰৈ আছিল বৈশালীৰাজ যুদ্ধবীৰ।   

“বাঃ বৈশালীবধূ। আপুনি যে অতদিনে বৈশালীবাসীৰ আগত দেশপ্ৰেমৰ মুখা পিন্ধি আছিল, সেয়া আজি খহি পৰিল। বিচাৰপতিয়ে শুনানী দিয়াৰ পাছতেই পোতাশালত আপোনাৰ জীৱনৰ অন্ত পৰিব, গমি চাইছেনে এই কথাটো? বৈশালীয়ে কি দিয়া নাছিল আপোনাক? কিহৰ মোহত পৰি আপুনি বৈশালীক বিশ্বাসঘাটকতা কৰিলে দেৱী আম্ৰপালী?”

বৈশালীৰাজৰ শ্লেষমিহলি বচনত মোৰ দুনয়নৰ পৰা টপ টপকৈ অশ্ৰু নিগৰিছে। বিচাৰকক্ষত মোৰ নিৰ্দোষিতা প্ৰমাণ হ’বনে, এই প্ৰশ্নই মোক থকাসৰকা কৰিছে। জীৱনটোলৈ হঠাতে মোহ আহি গৈছে। আত্মবিশ্বাস হেৰাই গৈছে মোৰ। সেপ ঢুকিছোঁ ক্ষণে ক্ষণে। ভগৱানক কাতৰ কৰি সুধিছোঁ, মোৰ মুখৰ শব্দই এইবাৰ শক্তি গোটাব পাৰিবনে, মোৰ সন্তানক পৃথিৱীৰ মুখ দেখুৱাব পাৰিবনে? গণিকাৰ বাবে যে প্ৰেম শব্দটোৱেই নিষিদ্ধ, তাকো শত্ৰুদেশৰ ৰজাৰ সৈতে। ছিঃ ধিক্কাৰ আহিল নিজলৈ। ইমান মুৰ্খ মই কিদৰে হ’লোঁ?  অচিন ব্যক্তিৰ কথাত কিহৰ মোহত বন্দী হ’লোঁ?

গৰ্ভত আঠমহীয়া সন্তান লৈ মই পৰি ৰৈছোঁ কাৰাগাৰৰ অন্ধকাৰ কক্ষৰ পুতিগন্ধময় মজিয়াত। জীৱনৰ আটাইতকৈ আপোন হেন জ্ঞান কৰা ব্যক্তি দুগৰাকীৰ প্ৰতাৰণাই বীতশ্ৰদ্ধ কৰি পেলাইছে মোক। প্ৰভাৰ প্ৰতি অলপো আক্ষেপ নাই, আক্ষেপ আছে নিজলৈ আৰু মগধৰাজলৈ। কি বিচাৰিছিল তেওঁ? ছলনাৰে মোৰ গৰ্ভত সন্তান জাপি কি প্ৰমাণ কৰিব বিচাৰিছিল তেওঁ? এতিয়া সেই সন্তানে উশাহ ল’ব নোৱৰাকৈ বন্ধ কুঠৰীত বন্দী মই। মই স্বীকাৰ কৰিব নুখুজিলেও এয়াই সত্য। মোৰ শৰীৰত শত্ৰুৰ তেজ প্ৰবাহমান হৈ গৈছে। এই সত্য বৈশালীৰ দৰে কঠোৰ ৰাজ্য এখনে মানি ল’ব নোৱাৰে।

পুষ্পকলৈ মনত পৰি গ’ল মোৰ। শত্ৰুদেশৰ সৈতে চোৰাংভাৱে যোগাযোগ ৰখাৰ মিছা অভিযোগত পুষ্পকক হত্যা কৰা হৈছিল, তেনেস্থলত মোৰ বাবে মৃত্যুৰ বাদে আন কি শাস্তি হ’ব পাৰে?
উচুপনিবোৰ শেষ হ’ল। মৃত্যুলৈ সাজু হ’লোঁ যেন।

গভীৰ নিশাৰ নিস্তব্ধতা এৰি নিশাচৰ প্ৰাণীবোৰৰ আৰাও ভাঁহি আহিছে। সূৰ্যোদয়লৈ এতিয়াও কেইবা দণ্ড বাকী। ঈশান দিশত সেয়া ৰজাৰ স্নানঘাট। দূৰৈৰ গিৰিমালাত বৃক্ষৰ লানি। চম্পা নৈৰ এইপাৰে কহুৱাবন আৰু নল-খাগৰি। সূৰুযৰ প্ৰথমচাটি পোহৰত ৰিণিকি ৰিণিকি জিলিকি উঠিছে শুভ্ৰ ৰত্নৰ দৰে বলুকাৰাশি। অৰণ্যৰ দিশৰ পৰা ছয়াময়াকৈ এক নাৰীমূৰ্তি আহি যেন তেওঁৰ চকুত চকু থাপি সুধি পেলালে,

“এয়া তুমি কি কৰিলা বিক্ৰম?”

স্নানৰ নিমিত্তে ঘাটত বহি ৰোৱা সম্ৰাট বিম্বিসাৰ জপংকৈ পানীত নামি পৰে। সূৰ্য প্ৰাণায়মৰ বাবে হাতযোৰ কৰি চকু মুদি বিৰবিৰাই উঠে,  

“নাই, এয়া হ’ব নোৱাৰে, আম্ৰপালীৰ গাত একো দোষ নাই। যি দোষ আছে সেয়া কেৱল মোৰ দোষ। আম্ৰপালীয়ে কেৱল প্ৰেম কৰিছিল। সঁচা প্ৰেমৰ এই শাস্তি হ’ব নোৱাৰে। মোৰ ভুলৰ শাস্তি মোৰ সন্তানে পাব নোৱাৰে।”

মগধৰ ৰাজসভাতো প্ৰধানমন্ত্ৰী আশুতোষৰ ওচৰত আস্ফালন কৰি ক্ষেদ প্ৰকাশ কৰে বিম্বিসাৰে। তেওঁৰ  অস্থিৰ বিভ্ৰান্ত খোজত ৰাজগৃহৰ সভাকক্ষ তল-ওপৰ হয়। প্ৰধানমন্ত্ৰী আৰু যুৱপুত্ৰ অজাতশত্ৰুৰ প্ৰৱল বাধা সত্বেও ৰাজদূতক নিৰ্দেশ দিয়ে বৈশালীলৈ শান্তিৰ প্ৰস্তাৱ পঠিয়াবলৈ। পত্ৰলেখকে ৰজাৰ আদেশ লিপিৱদ্ধ কৰে।

অৱশেষত বৈশালীৰাজ যুদ্ধবীৰৰ হাতত পৰে মগধৰাজৰ শান্তিচুক্তিৰ পত্ৰ। বিনিময়ত আম্ৰপালীৰ মুক্তি। ওঁঠেৰে বক্ৰ হাঁহি এটাই ক্ৰিয়া কৰি যায় তেওঁক। আম্ৰপালী বৈশালীৰ অস্ত্ৰ, আম্ৰপালী বৈশালীৰ সম্পদ। কোনো কাৰণতে এই সম্পদক শত্ৰুৰজাৰ হাতত তুলি দিব নোৱাৰি।

কাৰাগাৰৰ দুৱাৰ খুলি নিজমুখে অভিবাদন জনায় তেওঁ,

“অভিনন্দন নগৰবধূ, আজি বৈশালীৰ বাবে এক সাফল্যৰ দিন। বৈশালীত যুদ্ধৰ অন্ত পৰিছে। এই আনন্দতে বৈশালীৰাজে সমূহ কয়দীক কাৰাগাৰৰ পৰা মুক্ত কৰি দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। তোমাৰ বাবে নিশ্চয়কৈ এয়া সৌভাগ্যৰ কথা।”

কি কয় বৈশালীৰাজে! মৃত্যু অপেক্ষাৰত মানৱীৰ হাতত জীৱনৰ অমৃত তুলি দিয়াৰ কাৰণ কি? এয়াও নিশ্চয় ছলনা। নীৰৱে বহি ৰ’লোঁ মজিয়াতে।

“দেৱী আম্ৰপালী দুৰ্বল হৈ পৰিছে। স্নানাহাৰৰ ব্যৱস্থা কৰা হওক।” পৰিচাৰিকাক নিৰ্দেশ দিয়ে ততালিকে।

বৈশালীৰাজৰ তৎপৰতাত আচৰিত হ’লোঁ মই। এনে কি চমৎকাৰ হৈ গৈছে যে বৈশালীত যুদ্ধৰ অন্ত পৰিছে। কথাবোৰ যেন গভীৰ ৰহস্যৰ আৱৰ্তত পাক খাই পৰিছে।

যুদ্ধবীৰৰ মহানতাক সকলোৱে হাঁহিমুখে আদৰিছে। যুদ্ধ সমাপ্তিৰ উৎসৱ পালন হৈছে বৈশালী নগৰীত। বহুদিনৰ মূৰত বৈশালীগণৰ মুখলৈ হাঁহি ঘূৰি আহিছে। সমদলত বিলীন হৈছে বাল-বৃদ্ধ-বণিতা। পুষ্পসজ্জাৰে সজ্জিত হৈছে ৰাজপথ। ৰজাৰ ৰথত আঁৰি দিয়া হৈছে ৰঙীন পুষ্পগুচ্ছ।

ইমান বৰ্ণময় পৰিবেশত মোৰ মুখ ম্লান কিয়, কিয় হৃদয় বৰ্ণহীন? বৈশালীৰ প্ৰতি মোৰ প্ৰেম মিছা আছিল নেকি? বৈশালীৰ আনন্দই মোক সুখী কৰিব পৰা নাই কিয়?

ঘোঁৰাবাগীত উঠি সুদূৰৰ গিৰিমালাৰ উচ্চ শৃংগটোলৈ চাই ৰৈছোঁ মই। সেই শিখৰত ভৰি থোৱাৰ পাছত কাৰোবাৰ সাধ্য আছেনে আৰু উধাই যাবলৈ? নাই, কাৰোৱেই নাই। মোৰো আৰু সাধ্য নাই উধাই যাবলৈ। এতিয়া মাথোঁ নিম্নগামী গতি। বৰ আয়াসতে শীৰ্ষৰ পৰা শূন্য হৈ যাব পাৰে মানুহ। একোৱেই ভৰসা নাই, কতোৱেই ভৰসা নাই।

বাগী আহি আম্ৰকুঞ্জৰ চৌহদ পালেহি। ৰৌদোজ্জ্বল বতৰতো মোৰ উদ্যান পুষ্পিত হৈ উঠা নাই ভিন্নবৰ্ণী পুষ্পৰে। হৰিৎপত্ৰবোৰ জঁই পৰি গৈছে। নকুলৰ দলটোৱে আগৰ দৰে উমলি থকা নাই। দাসীসকল চুচুক-চামাককৈ গৱাক্ষৰ আঁৰকাপোৰৰ সিপাৰে ৰৈ আছে।
প্ৰভা ক’ত?

মোৰ দুচকুৱে তাইকে অন্বেষণ কৰি ফুৰিছে। প্ৰভা অবিহনে মোৰ অস্তিত্বইবা ক’ত? মোৰ গৰ্ভৰ অনাহুত অতিথিয়ে অস্পৃশ্য কৰিছে নেকি মোক?

ভাগি পৰিছোঁ নেকি মই? হতাশাই বেৰি ধৰিছে নেকি মোক? জীৱন অসাৰ হৈ গৈছে নেকি মোৰ?

এনে সহস্ৰ প্ৰশ্নৰ উত্তৰ বিচাৰি মই উদ্যানৰ কাষ্ঠবেদীত বহি পৰিছোঁ আৰু তেনে সময়তে ভিক্ষুকৰ কণ্ঠই কৰ্ণ স্পৰ্শ কৰিছে।

“দেৱী, ভিক্ষম দেহি।”

হাঁহি উঠি গৈছে মোৰ। মোৰ কোলা এতিয়া ভিক্ষুকতকৈও উদং। মই শূন্য, মই নিঃস্ব। বৌদ্ধ ভিক্ষুকে নিজৰ বোধিজ্ঞানেৰে মোৰ মনৰ খবৰ কিয় পোৱা নাই?
আকৌ শুনিলোঁ ভিক্ষুকৰ কণ্ঠ,

“দেৱী, ভিক্ষম দেহি।”

ঘূৰি চালোঁ, দীৰ্ঘদেহী, গৌৰবৰ্ণী, কেশহীন মুণ্ডৰ ভিক্ষুকজনক যেন ক’ৰবাত লগ পাইছোঁ মই। ঠিক মনত পেলাব পৰা নাই, শৰীৰ আৰূ মনৰ পীড়াই বিশৃংখল কৰি থৈছে মোৰ মন-মগজু। ক্লান্ত কণ্ঠেৰে উত্তৰ দিলোঁ ভিক্ষুকক,

“শ্ৰমণ, ৰ’দত ঘূৰি ঘূৰি তোমাৰ শৰীৰ নিশ্চয় ক্লান্ত হৈ পৰিছে। আম্ৰবনৰ এই শীতল ছাঁত তুমি ক্ষন্তেক জিৰণি লোৱা। সোনকালেই আহাৰৰ ব্যৱস্থা কৰা হ’ব।”

“মই আহাৰৰ বাবে অহা নাই দেৱী। আৰু ৰ’দে মোক ক্লান্ত নকৰে। মই প্ৰকৃতিৰ সৈতে সহাৱস্থান কৰিবলৈ শিকিছোঁ।”

“আহাৰৰ বাবে অহা নাই! তেতিয়াহ’লে কিহেৰে পূজিম তোমাক শ্ৰমণ?”

“মনত আছেনে দেৱী, মাহদিয়েকে পূৰ্বে মই তোমাক এটা আম্ৰফল উপহাৰ দিছিলোঁ।”

চাটকৈ মনত পৰি গ’ল মোৰ। হয়, এটা আম্ৰফল উপহাৰ দিছিল এইজন ভিক্ষুকে। সিদিনাও মই বৰ বিৱৰ্ণ আছিলোঁ, হতাশ আছিলোঁ। আম্ৰফলটোৰ উপহাৰৰ কাৰণ মই বুজিবলৈ চেষ্টা কৰা নাছিলোঁ।

“মনত পৰিছে শ্ৰমণ। কি ক’ব খুজিছা তুমি মোক বুজাই কোৱা।”

“মোক সেই আম্ৰফলটো ঘূৰাই দিয়া।”

হাঁহি উঠিল মোৰ, এই শ্ৰমণ সঁচাকৈয়ে বৎসসুলভ। দুই মাষেকৰ আগৰ আম্ৰফলটো ঘূৰাই বিচাৰিলে কিদৰে ঘূৰাই দিওঁ মই?

ভিক্ষুকে আকৌ ক’লে, “মই তোমাক আম্ৰফলটো সযতনে থ’বলৈ কৈছিলোঁ।”

“শ্ৰমণ, মোৰ বাগানত বহুত আম্ৰফল আছে। তোমাৰ জোলোঙা পূৰ্ণ কৰি দিব পাৰিম।”

“নাই দেৱী, মোক সেইটোহে লাগে, যিটো মই তোমাক দি থৈ গৈছিলোঁ।”

কি বৎসলতা! ধৈৰ্য হেৰাই গৈছে মোৰ। ক্ষুধা-তৃষাত মোৰ নিজৰে অৱস্থা নাই, শ্ৰমণেতো দেখি আছে মোৰ শৰীৰৰ অৱস্থা। এটা আম্ৰফলৰ বাবে কিয় ইমান আকোৰগোঁজ হৈ লাগি আছে? যিমান মন যায় লৈ যাওক মোৰ উদ্যানৰ পৰা।
অধৈৰ্যৰ ভাৱ প্ৰকট নকৰি শান্তভাৱেৰে শ্ৰমণক ক’লোঁ,

“সেইটোতো সম্ভৱ নহয় শ্ৰমণ। ইমানদিনলৈ এটা আম্ৰফল কিদৰে ভাল হৈ থাকিব? গতিকে তুমি মোক মোৰ সামৰ্থ্যৰ ভিতৰত কিবা খোজা আৰু মই সেইটোকে তোমাক দান দিম বুলি প্ৰতিশ্ৰুতি দিলোঁ।”

“ঠিক আছে দেৱী, মোক সেই আম্ৰফলটো নালাগে, মাত্ৰ তুমি মোক এটা কথাৰ উত্তৰ দিয়া।”

“নিশ্চয় শ্ৰমণ, মই তোমাৰ প্ৰশ্নৰ উত্তৰ দিবলৈ চেষ্টা কৰিম।”

“প্ৰকৃতিৰ নিয়ম অনুসৰি সেই আম্ৰফলটোৰ অৱক্ষয় হোৱাৰ দৰেই আমাৰ জীৱনটোও জন্মৰ পৰা মৃত্যুলৈকে, মিলনৰ পৰা বিচ্ছেদলৈকে জানো এটা প্ৰাকৃতিক নিয়মত চলি নাথাকে? আমাৰ সুখ-দুখবোৰো প্ৰাকৃতিক ঘটনাৰ দৰেই সহজ আৰু অৱধাৰিত নহয়নে? তেতিয়াহ’লে আমি ইয়াক সহজে গ্ৰহণ নকৰোঁ কিয়? যিবোৰ বস্তুৱে আমাক আনন্দ দিয়ে, যেনে আমাৰ শৈশৱ, যৌৱন, বৈভৱ, বন্ধু বা পৰিয়ালবৰ্গ এই সকলোবোৰক আমি একেই স্থিতিতে কিয় বিচাৰোঁ? আম্ৰফলটোৰ অৱক্ষয়ক সহজে গ্ৰহণ কৰাৰ দৰে জীৱনৰ অৱক্ষয়ক কিয় সহজে গ্ৰহণ কৰিব পৰা নাই দেৱী? যিবোৰ নোহোৱা হৈ গ’ল, সেইবোৰৰ বাবে ইমান কষ্ট কিয় পাই আছা দেৱী?”
আশ্চৰ্যচকিত হৈ চাই ৰ’লোঁ ভিক্ষুলৈ।
ভিক্ষুৱে মোক এয়া প্ৰশ্ন সুধিলে নে জীৱনৰ উত্তৰ দিলে? এই ভিক্ষুকক মই বৎসসুলভ স্বভাৱৰ বুলি কটাক্ষ কৰিছিলোঁ। ইমান কম বয়সতে জীৱন-জগতৰ ইমান জ্ঞানৰে পূৰ্ণ হৈছে ভিক্ষুৰ মন?

“কি নাম তোমাৰ শ্ৰমণ?”, নুসুধি নোৱাৰিলোঁ।

“আনন্দ মোৰ নাম। শাক্যমুনিৰ শিষ্য মই।”

“শাক্যমুনি। শাক্যমুনি। শাক্যমুনিক কিদৰে লগ পাম শ্ৰমণ?”

“সময় হ’লেই লগ পাবা দেৱী। তেওঁ তোমাৰ মাজতে আছে, বিবেকৰ চক্ষু খুলি চোৱা।”

গুচি গ’ল তেওঁ। থৈ গ’ল মনৰ মাজত অযুত প্ৰশ্ন। তৃষা নপলায় মনুষ্যৰ। সাম্ৰাজ্য দখল কৰি তৃষা দূৰ নহ’ল মগধৰাজৰ। বৈশালীৰাজ্যৰ লোভত প্ৰেমৰ ছলনাৰে প্ৰতাৰণা কৰিব পাৰে মোৰ দৰে নাৰীক!

নাই, শ্ৰমণে কৈ যোৱাৰ দৰে ইমান উদাসীন হোৱা নাযায়। এই অগ্নিকুৰাৰ মোক প্ৰয়োজন আছে। মগধৰাজ বিম্বিসাৰৰ প্ৰতি উথলি উঠা ঘৃণাৰ এই অগ্নিকুৰাই মোৰ জীৱনৰ ইন্ধন হ’ব। নহ’লে কি লৈ জীয়াই থাকিম মই?

“প্ৰভা মোক ক্ষমা কৰি দে,” দুৰ্বল মুহূৰ্তত আমি ইজনীয়ে সিজনীৰ কান্ধত হাত থ’লোঁ। মোৰ প্ৰসৱ বেদনা আৰম্ভ হ’ল। এটি পুত্ৰ সন্তানৰ জননী হ’লোঁ। সেই সন্তানৰ নামাকৰণ হৈ গ’ল। বিমল।
বিমল আমাৰ সুখৰ উৎস হৈ উঠিল। স্তনপান কৰাওঁ মই, শেতেলীত বুকুৰ উমেৰে সাৱটি ৰাখে প্ৰভাই। শিশুৰো যে কি এক আচৰিত মহিমা, সমস্ত দুখ আঁতৰাই জীৱন মধুৰ কৰি তোলে। এই সন্তানৰ বাবেই আমি  জী উঠোঁ পুনঃপুনঃ, প্ৰকৃতিয়ে পুনৰ বাৰ ছন্দ সানে জীৱনত। প্ৰমোদকক্ষৰ দুৱাৰ মুকলি হয় বৈশালীগণৰ বাবে। নূপুৰ আৰু বাদ্যসংগীতে ধুৱাই নিয়ে আম্ৰকুঞ্জৰ দুখ।
মধ্য-ৰজনীৰ প্ৰহৰত শশীকলাৰ স্নিগ্ধ পোহৰত মই বিমলৰ মুখলৈ চাই আনমনা হৈ ৰওঁ, একেই নাক-মুখ-চকু। কতবাৰ সেই চকুলৈ চাই মই হেৰাই গৈছিলোঁ, কতবাৰ সেই মুখ স্পৰ্শ কৰি প্ৰেমৰ গভীৰতাৰ মাপ লৈছিলোঁ, সেই গভীৰতাই স্পৰ্শ কৰিব নোৱাৰিলেনে সম্ৰাট বিম্বিসাৰক? মিথ্যাৰ উপৰি মিথ্যা বচন মাতি গ’ল তেওঁ। ৰাজনীতি, কূটনীতি কি আলোচনা চলা নাছিল আমাৰ মাজত? আলোচনা প্ৰসংগত কত ভিতৰুৱা তথ্যৰে মই বৈশালীক যেন তেওঁৰ হাতত তুলি দিবলৈহে বাকী আছিল।

“হে বৈশালী মোক ক্ষমা কৰা!”, আত্মাৰ আহ্বানত মই বৈশালীক বাৰে বাৰে ক্ষমা বিচাৰোঁ। ভগৱানৰ নাম জপ কৰাৰ দৰে বাৰে বাৰে আওৰাও সেই স্তুতি, “হে বৈশালী মোক ক্ষমা কৰা।”

গভীৰ প্ৰেম আৰু ঘৃণাৰ মাজত খুব নিকট সম্পৰ্ক থাকে। মোৰো সেয়েই হ’ল। তেওঁৰ প্ৰতি থকা গভীৰ প্ৰেম মই ঘৃণাৰ প্ৰলেপেৰে ঢাকিবলৈ যতমানে প্ৰয়াস কৰিলোঁ। সফল হ’লোঁনে নাই সেয়া সময়ে ক’ব। কিন্তু তেনে সময়তে মগধৰাজৰ পৰা পোৱা পত্ৰ এখনিয়ে এই ঘৃণাৰ প্ৰলেপ দুগুণ কৰি পেলালে। বিমলক নিজৰ ৰাজ্যলৈ লৈ যাব খুজিছে তেওঁ। বিমলৰ আনুষ্ঠানিক শিক্ষাৰ বাবে পিতৃদায়িত্ব পালন কৰাৰ পৰা বঞ্চিত হ’ব খোজা নাই তেওঁ।

আকৌ দুটামান উজাগৰী ৰাতি পাৰ হ’ল। কৰ্ণকূহৰত বাজি থাকে দূৰণিবটীয়া অশ্বৰ খট্ খট্ শব্দ, এই যেন ওচৰলৈ আহি মোৰ পৰম সম্পদটোক মোৰ বক্ষৰ পৰা কাঢ়ি লৈ যাব।

মনৰ পীড়াই ৰক্তকণিকাত বিহ ঢালি দিয়ে। পিষ্ট হোৱাৰ তাড়না জাগে। বৰ্ষাঋতুৰ কোনো এটা সন্ধ্যা আম্ৰকুঞ্জত অতিথিযাপন কৰা কোমলবয়সীয়া ভিক্ষুকৰ সন্মুখত বস্ত্ৰৰ আৱৰণ খহাই মই অসংযত আচৰণ কৰি ৰওঁ। তৰুণ ভিক্ষুকৰ আদৰুৱা কণ্ঠত বিগলিত হৈ উদঙাই দিবলৈ মন যায় মন-শৰীৰৰ ঐশ্বৰ্য-বিভূতি। সংযত ভিক্ষুকে মোৰ দেহৰ বস্ত্ৰ সামৰি বাধা দি উঠে,

“আপুনি সাধাৰণ নাৰী নহয় দেৱী, আপুনিতো অনন্য নাৰী। মই এই অনন্যা নাৰীজনীৰ প্ৰেমত পৰিছোঁ। আপোনাৰ প্ৰেমৰ প্ৰতি আকৰ্ষণ অনুভৱ কৰিছোঁ। আকৰ্ষণ অনুভৱ নকৰোঁ কেৱল এই শৰীৰৰ প্ৰতি। এই নিপোটল ওঠ, উঠন বক্ষ, মিহি ছালৰ সকলোবোৰেই আকৰ্ষণীয়। কিন্তু মই কি দেখিছোঁ জানেনে? চকুৰ আগতেই এই ছাল সোঁতোৰা-সোঁতোৰ হৈ যোৱা দেখিছোঁ, এই উঠন বক্ষ ওলমি পৰা দেখিছোঁ। আপোনাৰ বৰ্তমানৰ সুন্দৰ নাভি, বুকু, পেট এই সকলোবোৰৰ প্ৰেমত মই কেৱল দুখেই দেখিছোঁ।”

দুখ! দুখ! দুখ!

এই দুখৰ উৎস ক’ত, এই দুখৰ নিৰ্বাণ ক’ত? সেয়া এক ভিন্ন প্ৰশ্ন। সেই প্ৰশ্নৰ উত্তৰ ভিন্ন। বৰ্ষাৰ ৰাতিবোৰত মোৰ মনৰ ঘৃণাৰ ক্লেদবোৰ মচি মচি বৌদ্ধ ভিক্ষুকে মোক সেই প্ৰশ্নবোৰৰ উত্তৰ দি যায়। গৌতম বুদ্ধৰ শিষ্য তেওঁ। বুদ্ধৰ সান্নিধ্যই পূৰ্ণ কৰিছে তেওঁক। তেওঁকো সুধি পেলালোঁ,

“বুদ্ধক কিদৰে লগ পাম শ্ৰমণ?”

এই শ্ৰমণেও একেই উত্তৰ দিলে,

“তেওঁ তোমাৰ মাজতে আছে, মন প্ৰসাৰ কৰি চোৱা, বিবেকৰ চক্ষু খুলি চোৱা।”

বিবেকৰ চক্ষু খুলি পিত্ পিত্কৈ চৌপাশ চাওঁ। মগধৰ ৰাণী হোৱাৰ তাড়না নাহে কেতিয়াও। এই জীৱনেই মোৰ বাবে সত্য। এই গণিকাবৃত্তিয়েই মোৰ স্বধৰ্ম। সত্যৰ বাট এৰি মৰিচীকাৰ পিছত দৌৰি ফুৰিবলৈ মন নাযায় মোৰ। অথচ মই নাজানো সত্য কি, তাক পোৱাৰ উপায় কি। যদি ভিক্ষুৱে কোৱাৰদৰে বিস্মৃতিৰ অটল গহ্বৰতেই সত্য সোমাই আছে, তেন্তে তাৰ কাঠী নিশ্চয় তথাগতৰ ওচৰত থাকিব। তথাগতই মোক বুদ্ধত্বৰ পথ দেখুৱাব, আত্মদৰ্শনৰ মাৰ্গত আগুৱাই নিব। বাতায়নেৰে সোমাই অহা মলয়াছাটিৰদৰে মোৰো হৃদয়ৰ ধুমুহাক প্ৰশমিত কৰিবপৰা আত্মদৰ্শনৰ মলয়া এছাটিৰ দৰকাৰ; হয়তো তাৰবাবেই এই জীৱনযোৰা প্ৰতীক্ষা।
(আগলৈ)

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Don`t copy text!