বিবিংশ খণ্ডঃ আম্ৰপালী: বৰ্ণিল দস্তাবেজৰ স্বৰ্ণীল লিপি
লেখক- পাৰবীন চুলতানা
কপিলাবস্তু।
কপিলাবস্তুৰ যুৱৰাজ শাক্য বংশৰ সিদ্ধাৰ্থই বিলাসী ৰাজকীয় জীৱনৰ লগতে সুন্দৰী পত্নী আৰু কণমানি পুত্ৰক এৰি আৰম্ভ কৰিছিল বনযাত্ৰা। চৌপাশে জাহ নোযোৱা অতৃপ্ত তাড়না এটিয়ে তেওঁক পৰিচালিত কৰিছিল নিঃসংগ আৰু নিৰাসক্ত জীৱনৰ দিশে। মৃগয়াৰ পৰা ওভটাৰ পথত বিম্বিসাৰে দেখিছিল বোধিবৃক্ষৰ তলত স্বৰ্ণবৰ্ণী অৱয়ব এটাই ক্ৰমশঃ ক্ষীণকায় ৰূপ এটি ধাৰণ কৰিবলৈ ধৰিছে। বিস্তৃত বক্ষ, সমুদ্ৰসদৃশ গভীৰ এহাল চকুৰ অধিকাৰী যুৱকজনক দেখি ৰৈ গৈছিল তেওঁ।
“কোন হয় তুমি? হে যুৱক। কি তোমাৰ নাম? এই বয়সতে গৃহ এৰি বৃক্ষৰ তলত আশ্ৰয় লৈছা কিয়?”
মৃগয়াৰ সংগীয়ে জনাইছিল সন্ন্যাসৰূপ ধাৰণ কৰা শাক্য যুৱৰাজৰ কথা। অপাৰ বিভূতি বিলাস এৰি জাগতিক ঋদ্ধিৰ ওপৰত প্ৰশ্ন বিচাৰি অৰণ্যমুখী হৈছে এই কুমাৰ। ছটফটাই উঠিছিল মগধ–সম্ৰাট বিম্বিসাৰ। শৌৰ্য–বীৰ্যৰ ফালৰ পৰা এই কুমাৰ যে ৰজাৰ বাবেই উপযুক্ত!
“মোৰ লগত আহা যুৱক, মই অৰ্ধেক মগধ তোমাৰ নামত দি দিম”, মোহগ্ৰস্ত সম্ৰাটে সন্ন্যাসীক প্ৰস্তাৱ দিছিল।
হাঁহিছিল যুৱকে। এই লোভ–মোহৰ পৰা তেওঁ বহুদূৰত অৱস্থান লৈছে। বিম্বিসাৰে নুবুজিছিল সেই কথা। ৰহস্যৰে ভৰা কক্ষটোৰ কপাট পোৱা নাছিল তেওঁ। মগধৰ ৰাজসভাত পুত্ৰ আৰু প্ৰধানমন্ত্ৰীৰ ওচৰত বৈশালী আক্ৰমণৰ নিৰ্দেশনা দিওঁতেও সেই অপাৰ ৰহস্যময়তাৰ প্ৰশ্নই তোলপাৰ লগোৱা নাছিল মনত।
দেৱী আম্ৰপালীক লগ পোৱাৰ পিছত কথাবোৰ তেনে হৈ নাথাকিল। বাৰে বাৰে তেওঁ শাক্যমুনিৰ সভাত উপস্থিত হ’ল, বাৰে বাৰে তেওঁ নিজৰ অস্থিৰতাৰ উত্তৰ বিচাৰিলে। ৰাজগৃহৰ বেণুবন উদ্যানত নিগাজী স্থান গ্ৰহণ কৰা বৌদ্ধ ভিক্ষুৰে পৰিবেষ্টিত শাক্যমুনিক দৰ্শন কৰে প্ৰতি প্ৰত্যুষতে । সংগীসকলৰ সৈতে সেই বৌদ্ধবিহাৰত শীতকাল অতিক্ৰান্ত কৰা শাক্যমুনিৰ নামত সম্ৰাট বিম্বিসাৰে ৰাজকোষৰ ধন খৰচ কৰে। শাক্যমুনিয়ে দুখৰ উৎস আৰু নিৰ্বাণৰ কথা আলোচনা কৰে। তৃষা পূৰ নোহোৱা মনটোক বান্ধিবলৈ শিকায় শাক্যমুনিয়ে। উপলব্ধিৰে এই সমূহ অনুভূতি নিজৰ বশলৈ আনি লোভ–মোহ–ক্ৰোধ ত্যাগ কৰিবলৈ পৰামৰ্শ দিয়ে ভিক্ষুগণক।
“তৃষা মানে কি?”, কোনো এজন ভিক্ষুৱে প্ৰশ্ন কৰে।
“তৃষা মানে মনৰ সেই স্থিতি, যি স্থিতিত অসীম ক্ষমতা আৰু ঐশ্বৰ্যইও কোনো এজনক সন্তুষ্ট কৰিব নোৱাৰে।“
“উপলব্ধিৰ অৰ্থ কি?”
পুত্ৰ অজাতশত্ৰুৰ আগমণত সেইদিনা সেই প্ৰশ্নৰ উত্তৰ জ্ঞাত নহ’ল বিম্বিসাৰৰ। জাগতিক অসাৰতাৰ উপলব্ধিৰে লোভ–মোহ–ক্ৰোধ ত্যাগৰ অৰ্থ উলিয়াব নোৱাৰিলে বিম্বিসাৰে। কিন্তু আজি দেৱী আম্ৰপালীৰ সুকোমল স্পৰ্শ এৰি ওভতনি যাত্ৰা গ্ৰহণ কৰিবলগা কথাটোৱে তেওঁক এই তত্বসমূহ ভিন্ন দৃষ্টিৰে চাবলৈ শিকাইছে। অশ্বখুৰাৰ খট্ খট্ শব্দত তেওঁ যেন গভীৰ উপলব্ধিত নিমজ্জিত হৈছে, এই ক্ষমতাৰ তৃষাই তেওঁক সিমান সুখপ্ৰাপ্তি কৰিব নোৱাৰে, যিমান পাৰে প্ৰিয় নাৰীৰ প্ৰেম সনা চকুযুৰিয়ে। সেই নাৰীৰ বাবেই মগধলৈ উভতি আহিছে তেওঁ। যুদ্ধৰ বিপক্ষে তৰোৱাল ধৰিবলৈ উভতি আহিছে তেওঁ। কিন্তু দেৱীক এইবোৰ কথা বুজাই থৈ আহিব নোৱৰাৰ দুখ এটাই তেওঁক পিষ্ট কৰি আনিছে।
গংগাৰ পাৰৰ গোপন পথেৰে ঘোঁৰাৰ লেকাম এৰি তেওঁ তীব্ৰবেগেৰে গৃহমুখী হৈছে। বৈশালী আৱৰি থৈছে তেওঁৰেই সৈন্যই। অথচ তেওঁ যেন নিজৰ সৈন্যকে বাৰণ কৰাৰ ক্ষমতা নাই। কাৰণ, তেওঁ এতিয়া মগধ–সম্ৰাট বিম্বিসাৰ নহয়, তেওঁ এতিয়া ছদ্মবেশী বণিক বিক্ৰমসেন।
“ৰাণীমা, ৰাণীমা”, ৰাত্ৰিৰ মধ্য প্ৰহৰত তেওঁ দেৱী ক্ষেমাৰ দুৱাৰত টোকৰ মাৰিলে।
ৰাণী ক্ষেমাই খপজপকৈ শেতেলী এৰি দুৱাৰৰ শলখা খোলে। সন্মুখত স্বামীক দেখি তত হেৰায় তেওঁৰ।
“এই মধ্য–ৰজনীৰ প্ৰহৰত? এই প্ৰহৰত ক’ৰ পৰা আহিছে স্বামী?”
বিম্বিসাৰৰ সেইবোৰ শুনিবলৈ সময় নাছিল। দেৱী ক্ষেমাৰ দুবাহুত খামুচি ধৰিলে তেওঁ।
“ৰাজগৃহত কি চলিছে দেৱী? যুদ্ধৰ সিদ্ধান্ত কিদৰে লোৱা হ’ল? তুমি কি চাই থাকিলা দেৱী? মোৰ বাবে অপেক্ষা কৰিবলৈ সময় নাছিল কিয় ৰাণী?”
ক্ষেমা ক্ষোভিত হৈছে। এই প্ৰশ্নৰ উত্তৰ বিচাৰি আহিছে তেওঁৰ স্বামী। তেওঁৰ কুশলবাৰ্তা ল’বলৈ নহয়?
সংযত হৈ উত্তৰ দিলে তেওঁ,
“মহাৰাজ পাহৰি গৈছে আপুনি, নিৰ্বাচনৰ সুযোগ লৈ বৈশালী আক্ৰমণৰ এই কৌশল আপোনাৰেই সিদ্ধান্ত আছিল।”
“সেয়া সেই সময়ৰ সিদ্ধান্ত আছিল, এই সময়ৰ নহয়।“
“ক্ষত্ৰিয় এজনৰ সিদ্ধান্ত কিদৰে সময় অনুযায়ী সলনি হয় মহাৰাজ? আপুনি সলনি হৈছে মহাৰাজ। আপুনি ক্ষত্ৰিয় ধৰ্ম পালন কৰিব পৰা নাই।”
“হয় ক্ষেমা, মই হয়তো ক্ষত্ৰিয় ধৰ্ম পালন কৰিব পৰা নাই। কিন্তু এই যুদ্ধ বন্ধ হ’বই লাগিব।“
“কিয় মহাৰাজ, এয়া সমূহ মগধবাসীৰে আকাংক্ষা। বৈশালীৰ দৰে স্বৰ্ণনগৰী এখনক নিজৰ কৰি ল’ব পৰাটো মগধবাসীয়ে সৌভাগ্য বুলি গণ্য কৰে। মগধৰ এই আকাংক্ষাক আপুনি পদমোচন খুজিছে কিয়? কি কাৰণ মহাৰাজ?”
“বুজিবলৈ চেষ্টা কৰা দেৱী, এই যুদ্ধ অসম্ভৱ। বৈশালী ধ্বংসৰ পৰিকল্পনা এতিয়া মগধ সম্ৰাটৰ বাবে অসম্ভৱ।”
“কিয় অসম্ভৱ মহাৰাজ? মগধৰ হাতত সৈন্য আছে, অস্ত্ৰৰ কাৰখানা আছে, বৈশালীৰ হাতত কি আছে, যি কাৰণে এই যুদ্ধ অসম্ভৱ?”
“বৈশালীৰ হাতত আম্ৰপালী আছে দেৱী”, বিতত কণ্ঠেৰে উত্তৰ দিয়ে তেওঁ।
“আম্ৰপালী! কেৱল এগৰাকী নাৰীৰ বাবেই অত অহংকাৰ বৈশালীৰ! কেৱল এগৰাকী নাৰীৰ বাবেই বৈশালীক ভয় কৰে মগধে! কি আছে সেই নাৰীৰ হাতত মহাৰাজ?”
“তেওঁৰ হাতত কি আছে সেয়া এটা শব্দত প্ৰকাশ কৰিব নোৱাৰি দেৱী। তেওঁৰ মাজত এক অনন্য শক্তি আছে, ৰূপ–গুণেৰে যি শক্তিৰ মাপনিৰ্ণয় সম্ভৱ নহয়। তেওঁৰ বাবেই এই যুদ্ধৰ বিৰোধিতা কৰিছোঁ মই। তেওঁৰ বাবেই মই মোৰ পূৰ্বৰ সিদ্ধান্ত সলাবলৈ বাধ্য হৈছোঁ।”
এক অপাৰ মহিমাৰে মহিমামণ্ডিত হৈ উঠিছিল ৰজাৰ মুখমণ্ডল। সেই মুখৰ জ্যোতিয়ে নিশাৰ তমসা আঁতৰাই পোহৰাই তুলিছিল ৰাণী ক্ষেমাৰ শোৱনিকক্ষ। তথাপি ৰাণী ক্ষেমাৰ মনৰ পৰা কৌতুহল আঁতৰা নাছিল। তেওঁৰ দৰে ৰূপৱতী নাৰী বিশ্বব্ৰহ্মাণ্ডত নাছিল, স্বামীসহিতে সহস্ৰজনে মুগ্ধতা আৰু প্ৰশংসাৰে বুৰাই ৰাখিছিল তেওঁক। আম্ৰপালী কি তেওঁতকৈও সুন্দৰ! স্বামীৰ মুখত এই দ্বিবচন কিয়?
“ৰিজনি নাহে দেৱী। আম্ৰপালীক স্বচক্ষে দেখা পোৱাটোও এটা অনিন্দ্য সুন্দৰ পৰিঘটনা।”
“মই তেওঁক লগ পাব খোজো মহাৰাজ। কি আছে তেওঁৰ মাজত, সেয়া মই নিজচক্ষুৰে দৰ্শন কৰিব খোজোঁ।“
“সেয়া অসম্ভৱ দেৱী। তুমি তেওঁৰ ওচৰত কি পৰিচয় দিবাগৈ?”
“আপোনাৰ পত্নী বুলি পৰিচয় দিম মহাৰাজ।”
দেৱী ক্ষেমা যেন হঠাতে দুৰ্বীনিত হৈ উঠিছিল। স্বামীৰ ওচৰত তেওঁৰ অযুত প্ৰেম–ভালপোৱা ঢাকি দিব পৰা সেই অনিন্দ্য সুন্দৰ পৰিঘটনাটোক ওচৰৰ পৰা দৰ্শন কৰিবলৈ হেঁপাহ জাগিল তেওঁৰ। বিম্বিসাৰ ছটফটাই উঠি ক’লে,
“কিন্তু দেৱী, মোৰ সত্য পৰিচয় আম্ৰপালীৰ ওচৰত প্ৰকাশ কৰা নাই। মই বিক্ৰমসেন নামধাৰী ছদ্মবেশী বণিক এজনৰ ৰূপতহে গৈছিলোঁ। সেই ছদ্মবেশৰ মুখা দেৱীৰ ওচৰত খুলিবলৈ সক্ষম নহ’লোঁ দেৱী।“
“ময়ো যাম সেই ছদ্মবেশী ৰূপত। মোৰ গমনৰ ব্যৱস্থা কৰক মহাৰাজ। তেতিয়াহে আপোনাৰ যুদ্ধৰ স্থিতি সম্পৰ্কে ময়ো বিচাৰ কৰিবলৈ জ্ঞান পাম।”
অহংকাৰত আঘাত লাগিছিল তেওঁৰ। যি ৰূপ–গুণৰ আত্মবিশ্বাসেৰে সম্ৰাট বিম্বিসাৰৰ উপযুক্ত সংগিনী হৈ অহংকাৰত নিমজ্জিত হৈছিল, সেই অহংকাৰ থুনুকা কাঁচঘৰৰ দৰে জনজনকৈ খহি পৰিছিল। ৰাজভূষণ সলাইছিল তেওঁ। সাধাৰণ অলংকাৰ পৰিধান কৰিছিল। ধনী বণিজ–পত্নীৰ ৰূপ গ্ৰহণ কৰি লুংলুঙীয়া বাট এটিৰে এজন মাত্ৰ সহযোগী লৈ বৈশালী অভিমুখে দেৱী ক্ষেমাৰ ৰথ আগবাঢ়িল। যুদ্ধৰ হেতু বৈশালীৰ চতুৰ্দিশে তেতিয়া কটকটীয়া নিৰাপত্তা। তাৰ মাজতো আম্ৰকুঞ্জৰ চৌহদত ভৰি দিবলৈ সক্ষম হ’ল তেওঁ।
মায়াপুৰীৰ দৰে নৈসৰ্গৰে ভৰা আম্ৰপালীৰ আলয়। শ্যামলীমাৰে আৱৰা এটি টিলাৰ ওপৰত অৱস্থিত এই আলয়। আলয়ৰ সমীপৰ উদ্যানত ভৰি আছে ৰং–বিৰঙী ফুলৰ সমাহাৰ। ইয়াতেই তেওঁৰ স্বামীৰ প্ৰেয়সী থাকে। সেই ৰাজগণিকা, যাৰ বাবেই স্বামীৰ ওচৰত তেওঁৰ অতদিনৰ প্ৰেম আৰু অধিকাৰ খহি পৰিছে। কি আছে এই গণিকাৰ, গৌৰবৰ্ণী চৰ্মৰ আঁৰত সুকোমল মঙেহেৰে ভৰা যি শৰীৰ আছে সেয়াও জানো স্ব–ইচ্ছাৰে পৰিচালিত? ভিন্ন পুৰুষৰ স্পৰ্শই কলুষিত কৰা নাইনে সেই শৰীৰ? মনত তেওঁৰ নানান প্ৰশ্নৰ জোৱাৰ। বতাহত এৰি দিয়া হুমুনিয়াহৰ গতি ভেদি মই তেওঁৰ ওচৰলৈ আগুৱাই আহিলোঁ।
“কোন হয় আপুনি? এই আম্ৰকুঞ্জত আজিলৈ কোনো ভদ্ৰমহিলাৰ পদধূলা পৰা নাই।“, জিৰণিকক্ষলৈ বাট দেখুৱালোঁ তেওঁক।
“মই বিক্ৰমৰ ভাৰ্যা, বিক্ৰম–প্ৰজাৱতী।”, নাৰীকণ্ঠই পৰিচয় দিলে।
“বিক্ৰম–প্ৰজাৱতী! মোৰ কি সৌভাগ্য!”, দৌৰি আহি যেন সেই আত্মীয় নাৰীৰ দুহাতত ধৰি ল’ম।
“বিক্ৰমৰ কি খবৰ? কুশলে আছেনে তেওঁ?”,
আকৌ সুধিলোঁ, “যুদ্ধৰ হেতু বিক্ৰমৰ খবৰ পোৱা নাই।“
“বিক্ৰম কেনে আছে খবৰ ল’বলৈ তুমি কোন হয় তেখেতৰ?”
তেওঁ উলটি ধৰিলে মোক। আহত হ’লোঁ মই, বিক্ৰমৰ বাবে মই কোন হয়, সেয়া নজনাকৈয়ে তেওঁ মোৰ ওচৰলৈ আহিছেনে?
“কোৱা সুন্দৰী নাৰী, কোন হয় বিক্ৰমৰ তুমি?”, আকৌ সুধিছে মোক। মই তেওঁৰ দুবাহুত হাত থৈ চকুলৈ চালোঁ,
“তেওঁৰ চকুত মোৰ প্ৰতিবিম্ব দেখা নাইনে আপুনি? তেওঁৰ উশাহবোৰ পঢ়ি চাইছেনে কেতিয়াবা? বুজি পোৱা নাইনে মই তেওঁৰ কোন হওঁ?”
মোৰ স্পষ্ট স্বীকাৰোক্তিয়ে যেন তেওঁৰ হৃদয়ৰ অগ্নিকুৰাত ইন্ধনহে যোগালে।
“দেৱী, তুমি পাহৰি গৈছা, মই তেওঁৰ পত্নী হওঁ আৰু তোমাৰ উপ–পত্নী হোৱাৰো যোগ্যতা নাই।”
“এই পৃথিৱীত কোন কাৰ কি হয় বিক্ৰম–প্ৰজাৱতী?”
“তেওঁৰ নাম উচ্চাৰণ নকৰিবা আম্ৰপালী। তোমাৰ কি অধিকাৰ আছে তেওঁৰ ওচৰত দেৱী?”
“ক্ষমা কৰক প্ৰজাৱতী, এই অধিকাৰ প্ৰকৃতিপ্ৰদত্ত। প্ৰকৃতিয়ে আমাক লালন কৰিছে, প্ৰকৃতিয়ে আমাৰ অন্তৰত প্ৰেম থাপিছে, প্ৰকৃতিয়ে এই অধিকাৰ দিছে।“
“কিন্তু সমাজে তোমালোকক স্বীকৃতি দিয়া নাই। অস্বীকৃত সম্পৰ্ক এটাক লৈ কিয় ইমান অহংকাৰ কিয়?”
“কাৰণ সমাজস্বীকৃত সকলো সম্পৰ্কক নেওচি অস্বীকৃত সম্পৰ্কটোক ধাৰণ কৰিছে তেওঁ। তাতেই মোৰ অহংকাৰ।“
“সকলো সম্পৰ্কৰে পতন থাকে। এই সম্পৰ্কৰো পতন থাকিব।“
“সম্পৰ্কৰ পতন থাকিব, প্ৰেমৰ নহয়।“
মোৰ দুবাহুত খামুচি ধৰিলে তেওঁ, “তোমাৰতো পুৰুষৰ অভাৱ নাই। বিবাহিত পুৰুষ এজনক এইদৰে প্ৰেমত বন্দী কৰাৰ প্ৰয়োজন ক’ত আছিল?”
“প্ৰয়োজনৰ কথা কিয় আহে প্ৰজাৱতী? তেওঁ পৰশমণি শিল হৈ মোক স্পৰ্শ কৰিলে, মই সোণ হৈ পোহৰ দিলোঁ।”
“আৰু সেই পোহৰত তেওঁ চগা হৈ জাহ যাব খোজে। কিয় নুবুজে তেওঁ, এই অত্যধিক মোহেই তেওঁৰ পতন আনিব?”
“নাই নাই প্ৰজাৱতী, তেওঁৰ পতন কামনা নকৰিব। এই মহাজাগতিক পৰিক্ৰমাৰ এয়া এটা বিন্দু মাথোঁ। সামান্য বিন্দু, নগণ্য বিন্দু। এই বিন্দুটো পাৰ হ’লেই সকলো সহজ, সকলো প্ৰতিপাদিত।”
“তোমাৰ দৰে গণিকাৰ বাবে ই নগণ্য বিন্দু হ’ব পাৰে, মোৰ বাবে নহয়।“, স্পৰ্ধামিহলি খঙেৰে কৈ উঠিল বিক্ৰম–পত্নীয়ে।
“নহয় প্ৰজাৱতী, মোৰ বাবেও নগণ্য নহয়, এই বিন্দুটোতেই মোৰ জীৱন স্তব্ধ হৈ গ’ল। কিন্তু মোৰ জীৱনটোৱেই জানো নগণ্য নহয়!”, বিচলিত কণ্ঠেৰে উত্তৰ দিলোঁ মই।
“আন নাৰীৰ মুখত তেওঁৰ নাম মোৰ সহ্য নহয়। অথচ সময়ৰ কি ছলনা, আজিকালি প্ৰতিনিয়ত তেওঁৰ মুখত অন্য নাৰীৰ নাম জপ হয়। তেওঁ মোৰ অহংকাৰ আছিল, মোৰ অহংকাৰ আজুৰি কি শান্তি পালা দেৱী? তাতোকৈ যদি মোৰ জীৱন ভিক্ষা কৰিলাহেঁতেন, হাঁহিমুখে তোমাৰ নাম কৰি দিলোহেঁতেন এই জীৱন”, উচুপি উঠিছিল সেই নাৰীয়ে।
কান্ধত হাত থৈ নিচুকাব খুজিছিলোঁ তেওঁক, বতাহজাকে নিৰলে ৰৈছিল, কেতেকীয়ে বিনাবলৈ পাহৰি গৈছিল। আম্ৰকুঞ্জৰ উচুপনিত পৰিভ্ৰমী পখীবোৰ নিশ্চুপ হৈ ৰৈছিল।
“মই নিঃস্ব দেৱী। মোৰ এতিয়া একোৱেই বাকী নৰ’ল। মোৰ এই ৰূপ–যৌৱন–প্ৰজ্ঞা সকলোবোৰ এজনী সামান্য গণিকাই মূল্যহীন কৰি পেলালে।“
তেওঁ নেদেখাকৈ মিহি হাঁহি এটাই মোৰ ওঁঠত ৰেখা আঁকি দিলে। বহুজন পুৰুষক সংগ দিয়াৰ বাবেই মই সমাজবহিৰ্ভূত জীৱ। বহুজনী নাৰীক সংগ দিয়া পুৰুষসকল এওঁলোকৰ বাবে পূজ্য। ভালপোৱাৰ মহাৰ্ঘৰে পৱিত্ৰ হৈ উঠে পুৰুষ। কলংকৰ দুৰ্নাম কেৱল নাৰীৰ বাবেই অনুবদ্ধ। এই সংকীৰ্ণতাৰ পৰা মুক্ত নহ’লে কি মৃল্য এই ৰূপৰ, কি মূল্য এই যৌৱনৰ, প্ৰজ্ঞাৰ?
“তেওঁক ইয়াৰ পৰা লৈ যাবলৈ আহিছোঁ। যি আছে সকলো ওভতাই দিয়া মোক।”, আঞ্চুল মেলি পুটাঞ্জলি ভিক্ষা কৰিলে তেওঁ। এনে লাগিছে যেন, কুসুমে কুসুমে উৰি ফুৰা প্ৰজাপতিটোহে বিচাৰিছে তেওঁ। বক্ষ বিদীৰ্ণ কৰিলেও সেই প্ৰজাপতিয়ে বিষাদ–বিদায়ৰ এই ক্ষণত মোৰ হাতত ধৰা দিবনে?
“দিয়া দেৱী, তেওঁৰ সকলোবোৰ ওভতাই দিয়া মোক। দেনা–পাওনাৰ হিচাপবোৰ আজিয়েই শেষ হওক।”, ধীৰ কণ্ঠেৰে কৈ উঠিল বিক্ৰম–প্ৰজাৱতীয়ে।
তেওঁৰ গভীৰ কণ্ঠত কক্ষৰ ভিতৰত যেন হাঁহাকাৰৰ গীত এটি সংগত হ’ল। শ্বাসৰুদ্ধ হৈ পৰিল বন্ধ বতাহ। গৱাক্ষৰ কপাট খুলি হিমালয়ৰ বতাহজাকক সম্ভাষণ জনালোঁ। বতাহৰ লগতে ভাঁহি আহিল মুৰুলীৰ কৰুণ সুঁহুৰি এটি। তেওঁলৈ পৃষ্ঠ দি ক’লোঁ মই,
“তেওঁৰ কি আছে মোৰ ওচৰত! আছে, এই সংগীতকক্ষ বিয়পি তেওঁৰ মৃদংগমৰ সুৰ বাজি আছে, তেওঁৰ পৌৰুষৰ সুবাসেৰে ভৰি আছে স্নানাগাৰ। এই সকলোবোৰেই লৈ যাবনে প্ৰজাৱতী?”
উচুপি উচুপি মজিয়াত বহি পৰিল তেওঁ। উদাস, ৰিক্ত চকুহালিৰ পৰা টপ টপ অশ্ৰুৰে মজিয়া ভিজি গৈছে। মুখখন তুলি ধৰিলোঁ মই। কুন্দত কটা মুখ, নিখুঁত ভাস্কৰ্যৰে অঁকা প্ৰতিমা যেন। ক্ষণিক পূৰ্বৰ দৰ্পশূন্য হৈ মুখখনত বিয়পি পৰিছে বিষাদকোমল কজলা ছায়া। কজলাবৰ্ণী ছায়াৰ মাজতো তেওঁৰ ৰূপৰ অত বিভূতি! বিক্ৰমে এই নাৰীক নেওচা দি মোৰ ওচৰলৈ আহে বাৰে বাৰে। তেওঁক দেখি যেন মোৰ প্ৰেমৰ অহংকাৰ বাঢ়ি গৈছে।
“মই বিক্ৰমৰ কনিষ্ঠা পত্নী। ইমানদিন মৰম, প্ৰেম আৰু শ্ৰদ্ধাৰ যি আসনত ৰাখিছিল বিক্ৰমে, সেই আসনৰ পৰা অৱনমিত হ’বলৈ কষ্ট পাইছোঁ”, উচুপনি সামৰি কৈ উঠিছিল তেওঁ।
“নাই নাই প্ৰজাৱতী। আপোনাৰ আসন একেই আছে। মোৰ আসন নাই, বতাহৰ দৰে নিৰাকাৰ, অদৃশ্য অনুভৱ কিছুমানত ওপঙি আছোঁ। আপুনিতো জানে, গণিকাৰ ভাগ্যত প্ৰেম নাথাকে। গণিকাৰ ভাগ্যইবা’ ক’ত থাকে?”
“মই কি কৰোঁ আম্ৰপালী?”
“মই কি কৰোঁ প্ৰজাৱতী?”
প্ৰেম মানেই যন্ত্ৰণাৰ আকৰ। প্ৰেমৰ বিনিময়ত হৃদয়ৰ চন্দুকত দুখৰ মুদ্ৰাৰ সঞ্চয় বাঢ়ে। চন্দ্ৰমাৰ ৰাতি আকাশত ওলমি থকা পক্ক সুমথিৰা ফলৰ নিখুঁত শশীকলাই নিজ বক্ষত দুখৰ দাগ কাটে। জীৱনলৈ ৰৈ যায় সেই দাগ।
যি দাগ ৰৈ গ’ল বিক্ৰম–পত্নীৰ জীৱনত, একেই দাগেই মোকো ঘূণীয়া কৰি যাব যে সেয়া ধূৰুপ। পৰম আকুলতাৰে দুয়োজনীয়ে দুয়োজনীক সাৱটি ধৰি উচুপিলোঁ, উচুপনিবোৰ দিগবলয়ৰ কোনো এটা বিন্দুত এক হৈ গ’ল। বিদায়ৰ বেলাত মোৰ মুখখনি চুই চালে তেওঁ, চুই চালে মোৰ অৰুণিমা গাল, ভাঁজ লগা থুঁতৰি, কম্পিত ওঁঠ।
“দেৱী তুমি অপৰূপা অনন্যা। তোমাৰ দৰে নাৰীৰ সাক্ষাৎ মোৰ কদাপি নহ’ব। ধন্য মই দেৱী।”, তেওঁ ক’লে।
“আপুনিও প্ৰজাৱতী, আপোনাৰ দৰে নাৰীৰ সৈতে সাক্ষাৎ মোৰ কদাপি নহ’ব।“
“মোৰ স্বামীৰ প্ৰেম তুমি, গৌৰৱ তুমি। এই গৌৰৱ তুমি অক্ষুণ্ণ ৰাখিবা।“
“নহয় প্ৰজাৱতী, মোক এই দায়িত্ব নিদিব, মই ইয়াৰ বাবে যোগ্য নহওঁ।”
পথৰুৱা ধূলি উৰুৱাই গুচি গ’ল ৰাণী ক্ষেমাৰ তেজাল ঘোঁৰা। অহংকাৰৰ পতন হৈছিল তেওঁৰ। পাৰ্থিৱ মোহৰ পৰা মুক্ত হৈ কোনো অজান জগতত বিচৰণ কৰিবলৈ মন গৈছিল তেওঁৰ। কি লক্ষ্য এই জীৱনৰ? এগৰাকী সাধাৰণ গণিকাই কোৱাৰ দৰে সঁচাই বৰ নগণ্যনে, এটা বিন্দুৰ পিছত সকলো স্থিৰ হৈ যায়নে?
কি সেই বিন্দু? সেই বিন্দুৰ ক্ষণ কেতিয়া আহিব? কোনে আনি দিব?
মৃত্যুৱে ?
নে বোধিজ্ঞানে?
ৰাজকীয় জীৱনৰ লাহ–বিলাহে তেওঁক শান্তি দিব পৰা নাই। সম্পৰ্কবোৰৰ প্ৰতি বীতশ্ৰদ্ধ হৈ পৰিছে তেওঁ। বৈৰাগী জীৱনটোলৈ হাবিয়াস ওপজিল তেওঁৰ। ভিতৰি ভিতৰি এক গভীৰ ঔদাস্য অনতিক্ৰমি তেওঁৰ অন্তৰ্জগত গধুৰ কৰি তুলিছিল। গেৰুৱা চীৱৰ পৰিহিতা হৈ বুদ্ধত জীণ যাবলৈ মন গ’ল তেওঁৰ।
ৰাজগৃহৰ পৰা ৰথ ঘূৰিছিল বেণুবন উদ্যানৰ দিশে, য’ত ভিক্ষুগণেৰে পৰিবেষ্টিত হৈ শাক্যমুনিয়ে সংঘত সদস্যভুক্তি কৰাই আছিল।
“বুদ্ধং শৰণং গচ্ছামি।
ধম্মং শৰণং গচ্ছামি”।
এই যেন ৰাজভূষণ খুলি একবস্ত্ৰ ধাৰণ কৰিব তেওঁ, মূৰৰ দীঘল কেশগুচ্ছ কাটি পেলাব, এই যেন অলংকাৰ খুলি নিৰাভৰণা দেহটো এৰি দিব চম্পা নদীৰ কোলাত আৰু ভিতৰৰ সেই উদাসীনতাৰ আৱৰণখন পখালি পখালি তেওঁ আস্ফালন কৰিব,
“আম্ৰপালী, ঠিকেই কৈছিলা তুমি। চোৱাচোন, এই বিন্দুৰ পাছত একো দুখেই টলাব নোৱাৰাকৈ মই কিদৰে ইমান স্থিৰ হৈ পৰিলোঁ!”
চম্পানৈৰ পানীৰ ঢৌত ঠেকা খাই খাই এই আষ্ফালনবোৰ মোৰ কৰ্ণকূহৰত খুন্দা মাৰে। বিভ্ৰমী স্বপ্ন দেখি বিৰবিৰাই উঠোঁ মই,
“মোক ক্ষমা কৰা বিক্ৰম–ভাৰ্যা, মোক ক্ষমা কৰা।”
অনুশোচনাৰ অনলে মোক দগ্ধ কৰে। প্ৰেম ইমান অল্পমূল্যৰ অনুভৱ নহয়। মোৰ দৰে গণিকাই এই অনুভৱক কিয় স্পৰ্শ কৰিলোঁ? কিদৰে প্ৰেমৰ নামত বিলীন কৰিলোঁ মন–আত্মা–শৰীৰ? কিয় সেই ভিক্ষুণী নাৰীক ওভতাই দিব নোৱাৰিলোঁ মৃদংগমৰ সুৰ, কিয় লৈ যাবলৈ নিদিলোঁ সেই পৌৰুষ পৌৰুষ সুবাস? কিয় সেই সুবাসত মাতাল নোহোৱাৰ প্ৰতিশ্ৰুতি দিব নোৱাৰিলোঁ? মই তেওঁক কোৱাৰ দৰেই এটা বিন্দুৰ পাছত সকলোবোৰ ইমান সহজনে, ইমান স্থিৰনে?
একে সময়তেই বিক্ৰমৰ সান্নিধ্য পাবলৈ আকুল হৈ পৰিছোঁ। স্পৰ্শ কৰিবলৈ মন গৈছে সেই অধৰ, যি অধৰ ভেদি প্ৰতিনিয়ত স্তোত্ৰ হয় মোৰ নামৰ অক্ষৰ। স্পৰ্শ কৰিবলৈ মন গৈছে সেই অক্ষিপট্ট, য’ত প্ৰতিনিয়ত প্ৰতিফলিত হয় মোৰেই অনুবিম্ব।
মনটোৰ এই বিপৰীতমুখী স্থিতিয়ে মোক দুৰ্বল কৰিলে। ৰাতিৰ ৰাতিটো মই বিনিদ্ৰাই কটালোঁ। পুৱতি নিশালৈ চিলমিলকৈ টোপনি আহিল, সেইকণ টোপনিতেই সপোন দেখিলোঁ, বিক্ৰমৰ পৰা যেন দূৰলৈ গৈ আছোঁ, গৈ আছোঁ, ক্ৰমাৎ ধূসৰ হৈ গৈছে তেওঁৰ অৱয়ব।
বাষ্পাকুল হৈ পৰিছে দুনয়ন, কান্দি পেলালোঁ মই, অৱনত মুখমণ্ডল মোৰ অশ্ৰুৱে ভিজাই দিলে, হাতযোৰ কৰি নিজেই নিজক যেন কৈ উঠিম,
“নোৱাৰিম মই, তেওঁক বাদ দি দেখোন মোৰ আত্মাৰ কোনোটো বিন্দুৱেই তৃপ্ত নহয়।”
ৰাজ্যত যুদ্ধৰ অস্থিৰতা, হৃদয়ত প্ৰেমৰ অস্থিৰতা, প্ৰেমত সম্পৰ্কৰ অস্থিৰতা–এই সকলোবোৰ অস্থিৰতাই মোক মোক গ্ৰাস কৰি আনিলে। নৃত্য–গীত, কাব্যৰচনা তথা পুথি–অধ্যয়ন একোতেই মই মনোযোগ দিব নোৱাৰিলোঁ। অস্থিৰতাটো যেন শেতেলীৰ শিতানত নিগাজীকৈ বহি লয়, নিদ্ৰাৰ আগমন ঘটিলেই কোষে কোষে বিয়পি মোক উদভ্ৰান্ত কৰি তোলে। উজাগৰী ৰাতিবোৰৰ অত্যাচাৰত চকুৰ গুৰি ক’লা পৰে, মুখৰ উজ্জ্বলতা কমি যায়, অৱশ হৈ যাওঁ অলপ আয়াসতে।
“কি হৈছে মোৰ?”, দৰ্পণত চকু থৈ প্ৰশ্ন কৰোঁ নিজক।
“কি হৈছে তোৰ?”, প্ৰভাই মোৰ মুখলৈ চাই প্ৰশ্ন কৰে।
“কি হৈছে দেৱীৰ?”, আম্ৰকুঞ্জৰ দেৱালে দেৱালে জাগি উঠে প্ৰশ্ন।
বৈদ্য আহে, হাতৰ নাড়ী পিতিকি চায়, “দেৱীৰ গৰ্ভ ভৰুণ হৈছে”।
প্ৰভাই মোলৈ প্ৰশ্নবোধক চাৱনি নিক্ষেপ কৰে। নিম্ন উদৰত বনৌষধ লেপনেৰে মোৰ গৰ্ভধাৰণ ৰোধ কৰি থকা হৈছিল, তাৰ মাজতে এই ভুল কিদৰে হ’বলৈ পালে? গণিকাৰ সন্তান কাম্য নহয়, এই সাধাৰণ কথাটোকে মই বিচাৰ নকৰিলোঁ কিয়?
“মই বিক্ৰমক হেৰুৱাবলৈ বিচৰা নাছিলোঁ প্ৰভা। ভগৱানে মোৰ প্ৰাৰ্থনা মঞ্জুৰ কৰিছে”, ক্ষীণ হাঁহি এটা শেঁতা ওঁঠত জিলিকি উঠিল।
“এয়া সহজ কথা নহয় পালী। গণিকাৰ সন্তানক সমাজত অবৈধ ঘোষণা কৰা হয়।“
“ঈশ্বৰে আমাৰ প্ৰেমত বৈধতা প্ৰদান কৰিছে, এয়া জানো তাৰেই স্বাক্ষৰ নহয়!”
প্ৰভাই কিবাকিবি কৈ আছিল। বৈদ্যৰ পৰা বিষযুক্ত গছৰ শিপা সংগ্ৰহ কৰিছে। কিন্তু মোৰ অনুনয় বিনয়ৰ ওচৰত হাৰ মানিলে তাই। এই সন্তান মই মোৰ বুকুৰ উমেৰে ডাঙৰ কৰিম। বিক্ৰমক মোৰ সিদ্ধান্তটো জনাবলৈ বৰকৈ মন গ’ল। কিন্তু বিক্ৰমৰ খবৰ নাই। পৰিস্থিতি বৰ সংকটময়। চৌপাশে যুদ্ধৰ বিভীষিকা। মগধসৈন্যৰ নিৰ্বিচাৰ আক্ৰমণত বৈশালীবাসী ত্ৰস্তমান হৈ পৰিছে। সীমামূৰীয়া অঞ্চলখিনি দখল কৰি লৈছে মগধৰ সৈন্যই। বৈশালীসৈন্যৰ অৰ্ধেক সংখ্যকৰ মৃত্যু হৈছে। বৈশালীৰাজ যুদ্ধবীৰে জৰুৰীভাৱে মাতি পঠিয়াইছে মোক।
“দেৱী, ৰাজনীতি আৰু কূটনীতিত যে আপুনি সিদ্ধহস্ত এই কথা মোৰ বাদে কোনে ভালকৈ জানে! ৰাজ্যৰ এই বিপৰ্যয়ৰ সময়ত সেই বিদ্যাক কামত লগাওক আপুনি। বিম্বিসাৰনগৰলৈ গমন কৰক অতি সোনকালেই, যুদ্ধৰ সমাপ্তিৰ বাবে মগধৰ ৰজাক সন্মত কৰাওক।“
কি কয় বৈশালীৰাজে! মই এই অৱস্থাত শত্ৰুদেশলৈ কিদৰে যাব পাৰোঁ, কিদৰে মগধৰ ৰজাৰ ওচৰত যুদ্ধসমাপ্তিৰ প্ৰস্তাৱ দিব পাৰোঁ? ৰজাৰ মন্ত্ৰী–বিষয়া এজনৰ দ্বাৰা এই কাৰ্য কিয় সম্ভৱ নহয়? মহামাত্য আছে, সেনাপতি আছে, তেনেস্থলত মগধৰ ৰজাই এগৰাকী গণিকাৰ ভূমিকাক কিদৰে গ্ৰহণ কৰিব? বৈশালীৰাজে আচলতে কি বুজাব খুজিছে?
“আপুনি ঠিকেই বুজিছে দেৱী, আনে নোৱাৰা কামটো আপোনাৰ সৌন্দৰ্য আৰু ব্যক্তিত্বই অনায়াসে কৰিব পাৰিব বুলি সমগ্ৰ বৈশালীয়ে বিশ্বাস কৰে। বৈশালীৰ সেই বিশ্বাসক আপুনি কাৰ্যত পৰিণত কৰক দেৱী। তাতে মগধৰাজ বিম্বিসাৰ এজন কলাপ্ৰেমী লোক। আপোনাৰ কলাই যে তেওঁক আকৃষ্ট কৰিব সেয়া নিঃসন্দেহে মানিব লাগিব। আপোনাৰ এই গুণসমূহ দেশৰ কামত প্ৰয়োগ কৰক দেৱী। এয়া মোৰ আদেশ বুলি নহয়, এজন বৈশালী নাগৰিকৰ দায়িত্ব হিচাপে গ্ৰহণ কৰক।“
“কিন্তু মহাৰাজ, কথাবোৰ ইমান সহজ হৈ থকা নাই। এই মুহূৰ্তত আপোনাৰ প্ৰস্তাৱত মান্তি হোৱাটো মোৰ বাবে একপ্ৰকাৰ অসম্ভৱ।”
“আপোনাৰ বাবে অসম্ভৱ বুলি কিবা শব্দ আছে বুলি জানি আশ্চৰ্যবোধ কৰিছোঁ দেৱী। বুজি উঠিছোঁ, বৈশালীৰ প্ৰতি আপুনি যি দায়িত্ব তথা প্ৰেম প্ৰদৰ্শন কৰে, সেয়া নিস্বাৰ্থ নহয়। সেয়া বৈশালীগণক আভুৱা ভৰাৰ অচিলাহে মাথোঁ। পূৰ্বৰ ৰজা মনুদেৱৰ ওচৰত আপোনাৰ অহমিকা প্ৰদৰ্শনৰ আহিলা মাত্ৰ।“
“আপুনি ভুল বুজিছে যুদ্ধবীৰ। বৈশালীৰ প্ৰতি মোৰ প্ৰেম স্বাৰ্থসন্বলিত নহয়। কিন্তু এই মুহূৰ্তত মই নিৰুপায়। আপুনি এইবাৰলৈ মোক ক্ষমা কৰক।”
গধুৰ মনেৰে ঘোঁৰাবাগীত উঠিলোঁ। পেটত সন্তান আৰু এইফালে যুদ্ধলৈ আহ্বান। কি কৰোঁ মই? বাগীৰে পথৰ গছ–বনবোৰলৈ চাই পঠিয়ালোঁ। শস্যপথাৰ উছন্ন, ৰাজপথ শূন্য। সীমান্তত মগধৰাজে মেলি দিয়া অশ্ববাহিনীৰ ভয়ত পলায়ন কৰা প্ৰজাৰ বিৱৰ্ণ মুখ। এটা বৃহৎ ধ্বংসস্তুপৰ ওপৰত বহি আছে যেন বৈশালী নগৰ। তাৰ মাজতো গৰ্ভত একলা একলাকৈ বাঢ়ি অহা কণমান জীৱটোৰ প্ৰতি মোৰ কি যে মোহ! এই জীৱটো নোহোৱা হ’লে যুদ্ধবীৰৰ প্ৰস্তাৱ মানিবলৈ মোক এক দণ্ডও নালাগিলহেঁতেন। কেৱল প্ৰস্তাৱ মনাই নহয়, শত্ৰুৰজাৰ ওচৰত সৰ্বোচ্চ অৰ্পণ কৰি বৈশালীবাসীৰ মুখৰ হাঁহি ঘূৰাই আনিলোহেঁতেন।
চকুৰ আগেৰে পাৰ হৈ গ’ল এটা ভগ্ন ৰাজপ্ৰসাদ, তাৰ ওপৰেৰে অতীত ঐশ্বৰ্য বিচাৰি ঘূৰ্মুতিয়াই ফুৰা এটি নাঙঠ শিশু। আসঃ চকু মুদি দিলোঁ মই। ইয়াতকৈ বেছিকৈ ভবা নাযায়। কি দিবলৈ ধৰালৈ আমন্ত্ৰণ কৰিব খুজিছোঁ এই নিষ্পাপ শিশুক, সেয়া জনা নাযায়। সৰগৰ ৰাজ্যত ওমলি থকা শিশুটিক মৰ্ত্যলৈ নমাই অনাৰ প্ৰয়োজনেই বা’ কি?
আছে, প্ৰয়োজন নিশ্চয় আছে। প্ৰকৃতিৰ সকলো পৰিঘটনাৰে কিছু উদ্দেশ্য থাকে, কিছু কাৰণ থাকে, কিছু প্ৰয়োজন থাকে। এই সন্তানৰো নিশ্চয় প্ৰয়োজন আছে।
অৱশ দেহাটো এৰি দিলোঁ মেহগনি কাষ্ঠনিৰ্মিত পৰ্যংকত। যুদ্ধবীৰৰ ভৰ্ৎসনাখিনি মনত পৰিল। দায়িত্বপালনৰ যি সুযোগ মই পায়ো হেৰুৱালোঁ, সিয়েই মোক গোটেই জীৱন আত্মশ্লাঘাত ভোগাবলৈ যথেষ্ট।
শেষৰাতিলৈ চিলমিলকৈ টোপনি আহিল। ধ্বংসস্তুপৰ মাজত পোখা মেলি অহা সেউজ পত্ৰ দুখিলাই মোৰ তপ্ত হৃদয়ত বা’ দি থাকিল। সাৰ পাই শুনিলোঁ সেই দুখবৰ। শত্ৰুসেনাৰ আক্ৰমণত প্ৰভাৰ প্ৰেমিক তথা ইক্ষ্বাকু বংশৰ ৰজাৰ মৃত্যু ঘটিছে।
মগধৰাজ বিম্বিসাৰৰ প্ৰতি ঘৃণা ওপজিবলৈ তেনে এটি খবৰেই যথেষ্ট আছিল। ঘৃণা ওপজিল ভগৱানৰ ওপৰতো। আম্ৰকুঞ্জৰ ৰংবোৰ ক্ষন্তেকতে বৰ্ণহীন হৈ পৰিল। শুধ বগা বস্ত্ৰৰে আবৃত হ’ল প্ৰভাৰ শৰীৰ। গণিকাৰ পৰা স্ত্ৰী হোৱাৰ সুখ সহ্য নহ’ল নিয়তিৰ। সেন্দুৰৰঙা সপোনটো ক’লা ছায়া এটাই ঢাকি থৈ গ’ল। তাইলৈ চাব নোৱাৰি, বিষাদবহ্নিয়ে কলিজা বিদীৰ্ণ কৰে।
অনিশ্চয়তাৰে ভৰা ক্ষণবোৰ সাৱটি গৈ আছোঁ। সময়ে সময়ে জিৰণি লৈছোঁ, সময়ে সময়ে ভাবনাত ডুব গৈছোঁ। বিক্ৰমলৈ মনত পৰি অশান্ত হৈ পৰিছোঁ। হাতৰ স্পৰ্শৰে গৰ্ভ নিচুকাইছোঁ। কেতিয়াকৈ যুদ্ধ শেষ হ’ব, কেতিয়াকৈ বিক্ৰমৰ সৈতে দৰ্শন হ’ব, কেতিয়াকৈ শুভ্ৰ বস্ত্ৰৰে আবৃত প্ৰভাৰ কৃশ দেহাটো ঠন ধৰি উঠিব, কেতিয়াকৈ আম্ৰকুঞ্জৰ উদ্যানৰ ফলবোৰ ভক্ষণ কৰিবলৈ কপিকুলৰ আগমন ঘটিব?
কোনে জানে, সকলো পৰিঘটনা হয়তো এই বিন্দুতেই সমাপ্ত। কোনে জানে, ইয়াতকৈ আগলৈ হয়তো এটাই বিন্দু, যি বিন্দু শূন্য আৰু ধ্বংসৰে আবৃত।
গৈৰিক চীৱৰ পৰিহিত এদল বৌদ্ধ ভিক্ষুই ৰাজপথত বুদ্ধৰ বাণী বিলায়,
“বুদ্ধং শৰণং গচ্ছামি”
“ধম্মং শৰণং গচ্ছামি।“
তেওঁলোকক যুদ্ধৰ বিভীষিকাই আহত নকৰেনে?
উদ্যানৰ পীতবৰ্ণী ফলবোৰৰ মাজেৰে গৌৰবৰ্ণী ভিক্ষুকে চাই পঠিয়ায় মোলৈ। কান্ধত জোলোঙা, হাতত ভিক্ষাৰ পাত্ৰ লৈ মোৰ ওচৰলৈ আগুৱাই আহে তৰুণ ভিক্ষুক,
“দেৱী, তোমাক হতাশ দেখিছোঁ। গৰ্ভ স্ফীত হৈ আছে তোমাৰ। প্ৰকৃতিয়ে অমূল্য উপহাৰ প্ৰদান কৰিছে তোমাক, তাৰ পাছতো কি লৈ অত হতাশা দেৱী?”
কান্ধৰ জোলোঙাৰ পৰা পক্ক আম্ৰফল এটি উলিয়ালে তেওঁ, “দেৱী এই উপহাৰ তোমাক দিছোঁ। সযতনে থ’বা। ইয়াক আহাৰ হিচাপে গ্ৰহণ নকৰিবা।”
কৈ কৈ ভিক্ষুজন সংগীসকলৰ সৈতে স’তে মিলি গ’ল। তেওঁ দি যোৱা আম্ৰফলটো সোঁহস্তৰ তলুৱাত লৈ কিংকৰ্তব্যবিমূঢ় হৈ এক নিমিষে চাই ৰ’লোঁ। লোকচক্ষুৰ আঁৰত গৰ্ভধাৰিত সন্তানটোৰ পিতৃ পৰিচয়ৰ দৰেই যেন ৰহস্যময়তাৰ মাজত মিলি গ’ল পক্ক আম্ৰফলৰ সুমিষ্ট গন্ধ।
(আগলৈ)