একবিংশ খণ্ড: আম্ৰপালী: বৰ্ণিল দস্তাবেজৰ স্বৰ্ণীল লিপি

লেখক- পাৰবীন চুলতানা

ধীৰে ধীৰে শ্যামলীসাজ ধাৰণ কৰিছে প্ৰকৃতিয়ে। উৎকট গ্ৰীষ্মৰাণীৰ দেহা জুৰ পেলাবলৈ বৰ্ষা ঋতুৱে ক’লা মেঘেৰে আকাশ ছানি ধৰিছে। কুঁহিপাতবোৰ পূৰঠ হৈ গাঢ় কৰিছে আৰণ্যক বিৰিখৰ কাণ্ড। এনে সময়ত যিকোনো মানুহৰ মনেই প্ৰিয়জনৰ সান্নিধ্যৰ বাবে আকুল হৈ উঠিব পাৰে।

চম্পা নদীৰ নিৰ্মল পানীত প্ৰভাতী স্নান কৰি মগধৰ ৰাণী ক্ষেমাই বিম্বিসাৰৰ বিদায়বেলাৰ মুখখন মনলৈ আনিলে। শেষ মুহূৰ্তত কি কৈ গৈছিল তেওঁ? তেওঁৰ একান্ত নিজৰ পুৰুষজনে কোন নাৰীৰ নাম জপ কৰি তেওঁৰ পৰা বিদায় লৈছিল? সৌন্দৰ্যৱতী, প্ৰজ্ঞাৱতী ক্ষেমাৰ বাবে এইটো বৰ আশ্চৰ্যৰ কথা নহয়নে? বিম্বিসাৰৰ জগতত তেওঁৰ দৰে সুশীলা, স্বামীপ্ৰাণা নাৰী আন কোনোবা থাকিব পাৰেনে? ধৰ্মচৰ্চা, ৰাজবিদ্যাৰ পৰা ভ্ৰমণলৈকে কি কি কথাত সংগ দিয়া নাছিল তেওঁ? বিম্বিসাৰে জনা নাছিলনে তেওঁৰ অদৰ্শনত ৰাণী ক্ষেমাৰ দুনয়নৰ ৰশ্মি হেৰাই যায়, নিশাৰ নিদ্ৰাই সংগ নিদিয়ে শেতেলীত।দাৱানলে ছাঁই কৰিছে তেওঁ মন। মনৰ কালিমাখিনিয়ে মুখখনতো এলান্ধুবৰণৰ তৰপ সানিছে। ৰাজনন্দিনীজনী হৈ শিৰ তুলি ৰজা বিম্বিসাৰৰ কাষে কাষে ঘূৰোঁতে গৰ্বিত বুকুখনে এবাৰলৈও ভবা নাছিল স্বামীৰ মনৰ যি সাম্ৰাজ্যত তেওঁ ৰাজৰাণী হৈ বহি আছে, সেই সাম্ৰাজ্য ক্ষেমাৰ নিজৰ নহয়। কিহৰ অভাৱ আছিল তেওঁৰ মাজত যে স্বামীয়ে অতদিনে শিৰত পিন্ধাই থোৱা প্ৰেমৰ কিৰীটিটো ইমান সংগোপনে চুৰ কৰি আনক পিন্ধাই দিব? এয়াতো তেওঁৰ সপোনৰো অগোচৰ আছিল।

কি আছে এজনী সামান্য নগৰগণিকাৰ মাজত? সৌন্দৰ্যৰ বাদে কি আছে বৈশালীগণিকা আম্ৰপালীৰ মাজত? তেওঁৰ দৰে কাব্য ৰচনা কৰিব পাৰে নে সেই নগৰগণিকাই? শাস্ত্ৰজ্ঞান আছেনে তেওঁৰ? প্ৰতিভাৰ অত আধিক্যৰে চহকী পত্নী এৰি কিহৰ তাড়নাত তেওঁৰ স্বামী আন নাৰীৰ সান্নিধ্যত নামে অত ঘনে ঘনে? কেৱল দৈহিক প্ৰয়োজনতেই নে? কেৱল দৈহিক প্ৰয়োজনত বিশাল গংগা নদী পাৰ হৈ সিপাৰলৈ ঢাপলি মেলিবনে তেওঁৰ স্বামীয়ে? সেই অন্য নাৰীগৰাকীক দৰ্শন কৰাৰ দুৰ্বাৰ বাসনা এটি জাগি উঠে ৰাণীৰ মনত। কিমান সৌভাগ্যশালী হ’ব সেই নাৰী, যাৰ বৰ্তমানৰ এইখণ্ড সম্ৰাট বিম্বিসাৰৰ প্ৰেম আৰু সান্নিধ্যৰে গৌৰৱমণ্ডিত হৈ আছে।

ধৃষ্ণিবৰ্ণী পুষ্পকাননৰ মাজেৰে অকলশৰে খোজ দিছিল ৰাণী ক্ষেমাই। মুক্তা খটোৱা বেঙুনীয়া বসনে ঢাকি ৰাখিছিল তেওঁৰ কৃশাংগী দেহা। গোমা আকাশৰ চন্দ্ৰটোৰ দৰেই তেওঁ আছিল বিষাদময় আৰু গম্ভীৰ। প্ৰমোদকক্ষৰ কোনো এক কোণৰ পৰা অহা বাঁহীবাদনৰ সুৰে তেওঁৰ অন্তৰ্জগতৰ আলোড়িত কৰি তুলিলে। কাননৰ পৰা ৰাজগৃহলৈ উভতি আহে তেওঁ। ৰোহঘৰৰ দুৱাৰ বন্ধ কৰি শীতল মজিয়াত বহি পৰে। ৰাণীৰ সাজ সোলোকাই অংগ-প্ৰতংগবোৰ খুঁটিয়াই চায় তেওঁ, স্বৰ্ণৰ দৰে উজ্জ্বল বৰ্ণ তেওঁৰ, মৎসৰ দৰে অক্ষি। এইখিনিয়ে সন্তুষ্ট ৰাখিব নোৱাৰিলে তেওঁৰ স্বামীক। ইমানেই সুন্দৰী নে আম্ৰপালী? কেৱল সৌন্দৰ্যৰ বাবেই বাষ্পীভূত হৈ উৰি যায় দীৰ্ঘজোৰা প্ৰেমৰ। তেতিয়াহ’লে প্ৰেমক অমৰত্বৰ আখ্যা কিয় দিয়া যায়?

প্ৰশ্নৰ উপৰি প্ৰশ্ন, হুমুনিয়াহৰ লানি নিছিগা ধাৰ, জোৰকৈ চেপি ধৰা ক্ৰন্দনৰ ভৰে ৰাজৰাণীক থিৰেৰে থাকিবলৈ নিদিয়ে। ৰোহঘৰৰ ভিতৰৰ ক্ষণবোৰ ৰৈ ৰৈ পাৰ হয়। ৰাণী চেলেনা ব্যতিব্যস্ত হৈ পৰে। কিন্তু ক্ষেমাৰ মুখ চাই বুজা নাযায়, ঔদাসীন্য আৰু নিৰ্লিপ্ততাৰ আঁৰৰ কাৰক কি? প্ৰিয় বৰ্ষাঋতুৰ আলস্য-পিষ্ট একো একোটা দিবা-নিশি ৰাজগৃহৰ ওপৰেৰে পাৰ হৈ যায়। মগধৰাজ বিম্বিসাৰৰ নাম জপ নহয় ক্ষেমাৰ ওষ্ঠ ভেদি। কি হৈছে ৰাণী ক্ষেমাৰ? চিন্তাত পৰে মগধৰাজ্যৰ প্ৰধানমন্ত্ৰী আশুতোষ। ৰোহঘৰলৈ খোজ আগবঢ়াই তেওঁ থমকি ৰয়, অন্তৰাত্মাৰ পৰা উফৰি আহে সেই প্ৰশ্ন,

“ৰাণীক তুমি কি বুলি সান্ত্বনা দিবা আশুতোষ? বিম্বিসাৰ আৰু আম্ৰপালীৰ সম্পৰ্কৰ বাবে তুমিয়ে জানো দায়ী নোহোৱা?”

ৰোহঘৰৰ কক্ষত টোকৰ দি তেওঁ নিৰ্বোধ শিশুৰ দৰে থিয় দি ৰয়। হিমসিক্ত শূন্যতাৰে ৰাণী ক্ষেমা তেওঁৰ সন্মুখত দণ্ডায়মান হয়, বিৱৰ্ণ চকুত যেন খঞ্জৰৰ দৰে তীক্ষ্ণ প্ৰশ্ন, “মোক কি বুজাবলৈ আহিছা প্ৰধানমন্ত্ৰী আশুতোষ? পুৰুষে কিদৰে উত্তৰাধিকাৰীসূত্ৰে অৰ্জন কৰে নাৰীৰ হৃদয়ৰ সৈতে খেলাৰ অধিকাৰ, সেয়াই বুজিবলৈ আহিছানে?”

প্ৰশ্নৰ আঘাতত থকা-সৰকা হৈছে তেওঁ। মৌনতা ভেদি কোনোমতে প্ৰকাশিত হৈছে সেই অলংঘ্য প্ৰশ্নৰ নিনাদ, “আপুনি কি বিচাৰিছে ৰাণী ক্ষেমা?”

শীতাৰ্ত হাঁহি এটা বিয়পি পৰিছে ৰাণী ক্ষেমাৰ বদনত, বিৰবিৰাই কৈ উঠিছে, “একো বিচৰা নাই প্ৰধানমন্ত্ৰী, কিয়েইবা বিচাৰিব পাৰোঁ প্ৰিয়পুৰুষৰ এধানি সুখৰ বাদে?”

বৈশালী আক্ৰমণৰ ক্ষণ গণি থকা যুৱৰাজ অজাতশত্ৰুৰ ৰক্ত তগবগাই উঠে। চুবুৰীয়া বৈশালী ৰাজ্যত বৃহৎ ৰাজনৈতিক সালসলনি হৈছে। ৰজা মনুদেৱ ক্ষমতাচ্যুৎ হৈছে। এই অস্থিৰ সময়তে কিয় সুযোগ লোৱা নাই মগধৰাজে? মগধৰাজৰ পত্নীসকল কিয় উদাসীন, নিৰাসক্ত? বিশাল ৰাজগৃহৰ সভাকক্ষত জৰুৰী সভা আহ্বান কৰি মগধৰ প্ৰধান বিষয়াসকলক মাতি পঠিয়ায় বিম্বিসাৰপুত্ৰ অজাতশত্ৰুৱে।

“প্ৰধানমন্ত্ৰী!”, যুৱৰাজ অজাতশত্ৰুৱে নিৰ্দেশ দিবলৈ প্ৰস্তুত হয়।

“আজ্ঞা কৰক যুৱৰাজ”, প্ৰধানমন্ত্ৰী আশুতোষে যুৱৰাজক সঁহাৰি দিয়ে।

“বৈশালীৰ দক্ষিণ খণ্ডৰ পালিৰজাৰ লগত পিতায়ে কিছু বুজাবুজিলৈ আহিছিল। সেই বিষয়টো সম্পৰ্কে মহাৰাজ বিম্বিসাৰে আপোনাৰ লগত আলোচনাত বহিছিল নেকি?”

“হয় যুৱৰাজ, বৈশালীৰ নতুন নেতৃত্বক লৈ সুখী নোহোৱাসকলে মগধৰাজক সহায় কৰাৰ কথা আছিল। সেইমতে দক্ষিণ খণ্ডৰ পালিৰাজে মহাৰাজক কিছু ভিতৰুৱা খবৰ, পশ্চাদদুৱাৰৰ মানচিত্ৰ আৰু আক্ৰমণৰ উপযুক্ত সময়ৰ জ্ঞান দিছিল। কিন্তু মহাৰাজে সেই মানচিত্ৰ গুপ্ত স্থানত ৰাখিছে। আমাৰ জ্ঞাত নহয় সেই তথ্য।”

“কিন্তু প্ৰধানমন্ত্ৰী, আপুনিতো দেখিছেই মহাৰাজে ৰাজকাৰ্য তথা ৰাজ্যভাৰৰ সমস্ত দায়িত্ব আমাৰ হাতত অৰ্পণ কৰিছে। তেওঁ এতিয়া ৰাজকাৰ্যৰ আসক্তি এৰি প্ৰধানতঃ ভ্ৰমণবিহাৰ আৰু শাক্যমুনিৰ নব্যধৰ্মত মনোনিৱেশ কৰিছে।”

“হয় যুৱৰাজ, শাক্যমুনিৰ নৱধৰ্মই ৰাজ ব্যৱস্থাটোক মৃত্যুৰ মুখলৈ ঠেলি দিব। মহাৰাজ এই নতুন ব্যৱস্থাটোৰ প্ৰতি আকৃষ্ট হোৱাটো ৰাজপৰিয়ালসমূহৰ বাবে দুৰ্ভাগ্যজনক।”

“গতিকে প্ৰধানমন্ত্ৰী, বিলম্বৰ হেতু নাই। অনতিপলমে বৈশালীক আমাৰ অধীনলৈ আনি ৰাজ্যৰ সম্প্ৰসাৰণ ঘটাব লাগে।”

প্ৰধানমন্ত্ৰীক আদেশ দিয়ে যুৱৰাজে, যুদ্ধৰ বাবে প্ৰস্তুত হোৱা যাওক। বৈশালী-আক্ৰমণৰ ৰণনীতি অতি শীঘ্ৰে তৈয়াৰ কৰা হওক।

যুৱৰাজৰ নিৰ্দেশ পাই প্ৰধানমন্ত্ৰী আশুতোষে বক্ৰ হাঁহি এটা মাৰি প্ৰস্থান কৰিলে। বৈশালীৰ প্ৰতি তেওঁৰ বিদ্বেষ বহু পুৰণি। বৈশালীয়ে তেওঁৰ পিতৃক দেশদ্ৰোহী আখ্যা দি দেশান্তৰিত কৰাৰ পাছৰে পৰা তেওঁৰ বুকুত জ্বলি আছে প্ৰতিশোধৰ বহ্নি। এতিয়া এই বহ্নিশিখাৰ শক্তি প্ৰদৰ্শনৰ সময়। মগধৰ বৃহৎ সেনাবাহিনীৰ সৈতে তেওঁ গভীৰ আলোচনাত বহিল। অস্ত্ৰ-শস্ত্ৰৰে পৰা অশ্ব, হস্তিনী আৰু পদাতিক সৈন্যক আচুটিয়াকৈ পৰ্যবেক্ষণ কৰি তেওঁ সমগ্ৰ মগধৰ জনগণক যুদ্ধৰ জাননী দিলে। মগধৰ জনগণ আহ্লাদিত হ’ল। যথাসম্ভৱ সহায়-সহযোগিতা আগবঢ়াবলৈ তৎপৰ হ’ল সকলো।

বৈশালীৰ দক্ষিণ খণ্ডৰ পালিৰজালৈ গোপন পত্ৰৰে যোগাযোগ কৰা হ’ল। গভীৰ নিশা আন্ধাৰৰ আৰ লৈ বৈশালীৰাজ্যৰ প্ৰৱঞ্চক পালি ৰজাই দেখুৱাই দিয়া পথেৰে আহি সমগ্ৰ বৈশালী মগধৰ সৈন্যই দখল কৰি ল’ব, এয়াই আছিল মগধৰ যুৱৰাজ আৰু প্ৰধানমন্ত্ৰীৰ পৰিকল্পনা।

ৰাজগৃহৰ মন্ত্ৰণাকক্ষত দিনজোৰা আলোচনা চলিল। মগধৰাজ্যৰ যুৱৰাজ অজাতশত্ৰু আৰু প্ৰধানমন্ত্ৰী আশুতোষৰ নেতৃত্বত সৈন্যবাহিনী গঠন কৰা হ’ল। পদাতিক সৈন্য, অশ্বাৰোহী সৈন্য, হস্ত্যাৰোহী সৈন্যৰ বৃহৎ দল এটা বৈশালীৰ দক্ষিণ খণ্ডৰ গোপন পথ এটাৰে প্ৰৱেশ কৰাৰ ব্যৱস্থা কৰা হ’ল।

বৈশালীত তেতিয়া আনন্দৰ বন্যা। নৱনৃপতি যুদ্ধবীৰৰ ৰাজঅভিষেক পৰ্বৰ সামৰণি পৰিছিল মাথোঁ। বাৰিষাৰ বৰষুণজাকে বৈশালীৰ কৃষকসকললৈ নতুন আশা কঢ়িয়াই আনিছিল। অৱশ্যে নেৰানেপেৰা বৃষ্টিৰ বাবে গংগাৰ দুয়োকুল প্লাৱিত হৈ পৰিছে। প্ৰতিবাৰৰ দৰেই বৈশালীৰ সমগ্ৰ প্ৰশাসন সাজু হৈ উঠিছিল বানাক্ৰান্ত অঞ্চলসমূহত সাহাৰ্য দিবৰ বাবে।

নিশাভৰা বৃষ্টিৰ অন্তত নিৰ্ম্মাল্যৰ শুভ্ৰ পুষ্পৰ দৰে পবিত্ৰ আভা এটা চুকে-কোণে বিয়পি পৰিছিল। এই আভাই মোৰ মনৰ অনিশ্চয়তা আৰু সংশয়তা দূৰ কৰি মোক প্ৰেমৰ স্থায়িত্বৰ প্ৰসংগত মনচক্ষু খুলি দিছিল। এই কথা মোৰ অজ্ঞাত নহয় যে, এই মহাজগতত কোনোটো বিন্দুৱেই স্থায়ী নহয়, কিন্তু এইটোও সত্য যে কিছু কথা ইমান ক্ষণস্থায়ীও নহয়। প্ৰতিবাৰ বিক্ৰমে বিদায় লোৱাৰ পৰ্বত মোক হতাশাই আৱৰি ধৰাৰ সময়ত স্থায়িত্বৰ এই আপেক্ষিকতাই মোক তুলি ধৰে। প্ৰেম যদি ভ্ৰম হয়, এই ভ্ৰমতে মই ডুবি থাকিবলৈ ভাল পাম- এইদৰে নিজেই নিজৰ প্ৰশ্নসমূহ ফঁহিয়াই নিজেই উত্তৰ দি যাওঁ এটা এটাকৈ। এই উত্তৰ প্ৰাপ্তিৰ পিছত অনন্য আশিস আৰু উদ্দীপনাৰে ওপচি উঠে মোৰ সিক্ত হৃদয়। তেওঁ আহিব, বাৰে বাৰে আহিব, অহাৰে কথা, কাৰণ প্ৰেমত মোৰ বিশ্বাস আটাইতকৈ বেছি। কাষৰ পালংকত শয়নৰত সখী প্ৰভালৈ চাই পঠিয়াইছিলোঁ। কল্কিনাথৰ ৰহস্যজনক মৃত্যুৰ পাছত ইক্ষ্বাকুবংশৰ নেতা হিচাপে নিযুক্ত হোৱা বীৰসিঙৰ লগত সখী প্ৰভাৰ বিবাহৰ কথা চলিছিল। সখী প্ৰভাৰ চকুৰ পতাত তেতিয়া সপোনৰ ভৰ। তাইক মই আমনি নকৰি নিজৰ জগতত বিচৰণ কৰি ৰওঁ।

দিন যায়, দিন আহে। পুৰণি দিনবোৰ হৈ পৰে নতুন দিনৰ প্ৰতীক্ষাৰ নামান্তৰ মাত্ৰ। প্ৰেম আৰু বিৰহৰ অহৰহ স্তুতিধ্বনিত প্ৰাৰ্থনাগৃহলৈ পৰিণত হয় দেহধাৰী আত্মা। তেনে এটা বৰ্ষাসিক্ত প্ৰত্যুষৰ সময়। মন্দিৰৰ ঘণ্টাৰ দৰে পৱিত্ৰ সুৰ এটি বিয়পি পৰিছে সৰ্বত্ৰ। পূব গগনত আদিত্যৰাজৰ প্ৰথম বিন্দুটোৱে ভৰি থৈছে মাত্ৰ। 

আম্ৰকুঞ্জৰ বাহিৰত হঠাতে শুনা গ’ল কোনোবা অশ্বাৰোহীৰ ভৰিৰ খুৰাৰ শব্দ। বাতায়ন মেলি সম্ভেদ ল’বলৈ বিচাৰিলোঁ। শীতল মলয়াই মেৰিয়াই ধৰিলে শৰীৰ। শৰীৰৰ ৰন্ধ্ৰে ৰন্ধ্ৰে বিয়পি যোৱা গৈৰিক পৱনধাৰাই যেন কাণে কাণে কৈ গ’ল, “প্ৰেমাষ্পদৰ আগমনত কি যৌৱনময়ী হৈ উঠিছা তুমি হে নাৰী!”

হয়, আম্ৰকুঞ্জত বিক্ৰমৰ পদাৰ্পণ ঘটিছে। দ্বাৰৰক্ষীৰ ওচৰত আম্ৰপালীলৈ পত্ৰ এৰি সুদীৰ্ঘকালৰ বাবে তেওঁ আম্ৰকুঞ্জৰ অতিথিগৃহ আৰক্ষণ কৰিলে। স্বৰ্ণমুদ্ৰাৰ জনজননিত সাৰ পাই গ’ল অতিথিগৃহৰ পৰিচাৰক-পৰিচাৰিকা। অপৰিচিত নহয় তেওঁ। দেৱীৰ একান্ত আপোন পুৰুষজন সবাৰে প্ৰিয়। স্নানৰ দিহা কৰা হ’ল। দুগ্ধ আৰু শুষ্ক ফলেৰে আপ্যায়ন কৰি দেৱীক বিক্ৰমসেনৰ আগমন সম্পৰ্কে খবৰ দিয়া হ’ল।

পত্ৰযোগে বিক্ৰমে অতিথিগৃহত বাহৰ পতাৰ খবৰ পাই মোৰ মন আনন্দত উথলি উঠিল। স্বপ্নকক্ষিকা বন্ধ আছিল সাময়িকভাৱে। শ্ৰাৱনৰ এই মধুময় সময়খিনি মই নিজৰ বাবে উপভোগ কৰিম বুলিয়েই লিগিৰাহঁতক কিছুদিনৰ বাবে কামৰ পৰা বিৰতি দি দিছোঁ। এইখিনি সময়ত বিক্ৰমৰ উপস্থিতিয়ে মোক আনন্দত অধীৰ কৰি তুলিলে।

স্নান-সৰোবৰৰ পাৰত পদ্মাসনত তপস্যাৰতা দেৱীৰ তাপস ভংগ কৰিবলৈ এনে এটি খবৰেই যথেষ্ট আছিল। শীতল জলে তৃষ্ণাতুৰ কণ্ঠত প্ৰাণ দিয়াৰ দৰে এই আগমনে মোৰ আত্মা জুৰ পেলাই দিলে।

গিৰিমালা ভেদি বৈ অহা স্বচ্ছ নিৰ্ঝৰিনীৰ সুললিত সুৰধ্বনিৰ গুঞ্জন এটাত মোৰ চঞ্চল মন শান্ত হৈ পৰিল। দাপোণত স্ব-মুখ দৰ্শন কৰিলোঁ। অঞ্জনাভি চক্ষুৰ প্ৰশান্ত চাৱনিয়ে মোক মায়াসমুদ্ৰত বিলীনহোৱাৰ কথা কৈ গ’ল। স্তনপট্টৰ ওপৰত কৌশেয়-কোমল বস্ত্ৰ এখনি মেলি লৈ মই অতিথিকক্ষৰ ফালে খোজ ল’লোঁ।

নীলপদ্মৰে ভৰা সৰোবৰৰ কাষত অৱস্থিত এই অতিথিগৃহ। বিখ্যাত শিল্পীৰ কাৰুকাৰ্যৰে ভৰি আছে অতিথিগৃহৰ প্ৰতিটো কক্ষ। বিক্ৰমৰ গহীন খোজকেইটাই যেন এই অতিথিগৃহটোক নতুন ৰূপ দিছে। দুৱাৰৰ ফাকেঁৰে চাই পঠিয়ালোঁ তেওঁলৈ।অতিথিকক্ষৰ দেৱালত আঁৰি থোৱা ভিন্নশৈলীৰ   কাঠামোবোৰত বান্ধি থোৱা ছবিবোৰ তেওঁ চাই গৈছে ধীৰে ধীৰে। বিখ্যাত মহিষীসকলৰ ছবিবোৰৰ মাজত কোনোজন কবি, কোনোজন বিখ্যাত সম্ৰাট, কোনোজন শিল্পী, কোনোজন আকৌ গায়ক। তাৰ মাজতে এখন ছবি দেখি তেওঁ উচপ খাই থমকি গৈছে।

“কিয় বিক্ৰম, কিয় ৰৈ গ’লা তুমি?”, কক্ষত ভৰি থৈ সুধি পেলালোঁ তেওঁক।

ছবিখনৰ পৰা চকু আঁতৰাই বিক্ৰমে মোলৈ চালে, জীৱন্ত নিখুঁত প্ৰতিমা এটিক সন্মুখত দেখি যেন চকু চাত মাৰি ধৰিলে তেওঁৰ। সদ্যস্নাতা দেৱীৰ দেহৰ পৰা নিৰ্গত দ্যুতিয়ে তেওঁৰ চকুত মোহাঞ্জন সানি দিলে। নৈবেদ্যৰ দৰে পৱিত্ৰ নিৰ্যাস এটি বিয়পি যায় বক্ষভেদি। স্পৰ্শৰ আকুল বাসনা এৰি নিজক সম্বৰণ কৰি মোক সুধি পেলায় তেওঁ, “এই ছবিসমূহ কোনে অংকন কৰিছে দেৱী?”

“বিভিন্ন শিল্পীৰ দ্বাৰা এই ছবিসমূহ অংকন কৰা হৈছে। তোমাৰ পছন্দ হোৱা নাই নেকি বিক্ৰম?”

“এওঁ কোন?”, হঠাতে মগধৰাজ বিম্বিসাৰৰ ছবিখনলৈ আঙুলিয়াই সুধিলে তেওঁ।

“এয়া মগধৰাজ বিম্বিসাৰ। পোন্ধৰবছৰ বয়সতে মগধৰাজ হিচাপে অভিষিক্ত হৈ বিভিন্ন যুদ্ধ আৰু বৈবাহিক সম্পৰ্ক আদি কূটনীতিৰ মাধ্যমেৰে তেওঁ সাম্ৰাজ্য বিস্তাৰ কৰে। মাজে মধ্যে বৈশালীৰাজ্যকো তেওঁ দৃষ্টি নিক্ষেপ নকৰা নহয় আৰু সেই হেতু বৈশালীয়ে তেওঁক শত্ৰুদেশৰ ৰজা হিচাপে গণ্য কৰে।”

“তেনে এখন শত্ৰুদেশৰ ৰজাৰ ছবি তোমাৰ অতিথিগৃহত।”“নাই নাই বিক্ৰম, তেওঁক মই ব্যক্তি হিচাপেহে শ্ৰদ্ধা কৰোঁ। এই কথা অৱশ্যেই জ্ঞাতব্য যে, কেৱল সম্ৰাট হিচাপেই তেওঁ বিখ্যাত নহয়, তেওঁ এজন বিখ্যাত গায়কো।”

“তুমি লগ পাইছানে তেওঁক?”, বিক্ৰমসেনে পুনঃ প্ৰশ্ন কৰে।

“নাই নাই লগ পোৱা নাই, কিন্তু তেওঁৰ কীৰ্তিৰ কথা কোনে নাজানে? এয়া হয়তো বিম্বিসাৰৰ তৰুণ বয়সৰ ছবি।”

বিক্ৰম আশ্বস্ত হ’ল। দেৱীয়ে তেওঁৰ ছদ্মবেশী ৰূপ ধৰিব পৰা নাই। তেওঁ ক’লে,

“দেৱী, তোমাৰ নৃত্যকলাত দেশ-বিদেশৰ খ্যাতি আছে, অথচ মই আজিলৈ নৃত্য পৰিদৰ্শনৰ সেই সৌভাগ্য অৰ্জন কৰিব পৰা নাই।”

“ক্ষমা কৰা বিক্ৰম, অতি শীঘ্ৰেই সেই ব্যৱস্থা কৰা হ’ব।”

চাই ৰ’লোঁ একেথৰে বিক্ৰমলৈ। বিক্ৰমে মোৰ নৃত্যক শ্ৰদ্ধা কৰে, বিক্ৰমে শিল্পক শ্ৰদ্ধা কৰে, এই কথাটোৰ বাবেই যেন বিক্ৰমৰ প্ৰেমত নতুনকৈ পৰিলোঁ। মোৰ দৃষ্টিত কম্পন উঠিছিল যেন বিক্ৰমৰ। কিহৰ কম্পন সেয়া, সন্দেহ নে প্ৰশয়ৰ, বিক্ৰমে যেন নিজেও তত ধৰিব নোৱাৰিলে। দিনে দিনে গভীৰ হৈ উঠা এই চকুহালে বিক্ৰমৰূপী বিম্বিসাৰৰ ছদ্মবেশক যেন ভ্ৰকূটি কৰে। কক্ষৰ পৰা ওলাই যোৱা অপসৃয়মান নাৰীমূৰ্তিটোলৈ চাই তেওঁৰ বক্ষ কঁপি উঠে, এই ছদ্মবেশে প্ৰেমৰ এই মসৃণ গতিৰ ছন্দপতন নঘটায়তো!

ইন্দ্ৰকাননৰ দৰে সজাই তোলা হ’ল সংগীতগৃহ। সুৰ, লয় আৰু তালৰ ছন্দত বাদ্যসংগতকাৰীসকলে বাদ্য সংগত কৰিছে। হস্ত আৰু পাদৰ উপযুক্ত সঞ্চালনেৰে নৃত্যকলা প্ৰদৰ্শন কৰিবলৈ সাজু হৈছোঁ মই। বাহিৰত সঘনে বাজি উঠিছে পৰ্জন্য সংগীত। শ্যামবৰ্ণী পৰ্জন্যৰ আকাশত মাজে মাজে জিলিকি উঠিছে ৰূপালী ৰেখা। সন্ধ্যাৰে পৰা ধীৰ গতিৰে বলি থকা পৱনদেৱতাই হঠাতে চঞ্চল ৰূপ ধাৰণ কৰি প্ৰভঞ্জন নমাই আনিছে। বৃষ্টিয়ে ধুৱাই পেলাইছে অভিমানী পৃথিৱী। বাউল প্ৰকৃতিৰ খেয়ালী আহ্বানত যেন নিজকে ধৰি ৰাখিব পৰা নাই ছদ্মবেশী বিম্বিসাৰে। নিজৰ অজ্ঞাতেই হাতত তুলি ল’লে মৃদংগম বাদ্য। গগনত অখণ্ডভাৱে বাজি থকা জলতৰংগৰ সমাহাৰত সংগীতকক্ষৰ অভ্যন্তৰৰ বাদনৰ সুৰে এটা নতুন ধ্ৰুপদী ৰাগ সৃষ্টি কৰিলে। নৃত্য থমকি গ’ল মোৰ। একান্ত মনে মৃদংগমত চাপৰ মাৰিছে বিক্ৰমে। তন্ময় হৈ শুনি ৰৈছোঁ মই। বিক্ৰমৰ এই ৰূপ নকৈ পৰিচিত হৈছে মোৰ। এই ৰূপত মই আশ্চৰ্যবোধ কৰিছোঁ। দেশে বিদেশে ঘূৰি ফুৰা এজন ব্যৱসায়ীৰ বাবে শিল্পৰ এই উচ্চস্তৰৰ সাধনা কিদৰে সম্ভৱ!

 নিশাৰ শেষ প্ৰহৰত মেঘ থামিল। বাদ্যসংগতকাৰীসকলে সংগীতগৃহ ত্যাগ কৰিলে। নৈশ প্ৰদীপৰ কোমল পোহৰত বিক্ৰমৰ পৃষ্ঠস্থানত থিয় দি ৰ’লোঁ মই। মনত অযুত প্ৰশ্ন। এওঁ কোনো সাধাৰণ বণিক হ’ব নোৱাৰে। জীৱনত কম মানুহৰ সৈতে সাক্ষাৎ হোৱা নাই মোৰ। ৰজা, মন্ত্ৰী, অভিজাত বণিকৰ পৰা কৃষকলৈকে অনেক ব্যক্তিৰ সংস্পৰ্শলৈ আহিছোঁ। অনেকেই মোৰ নৃত্যৰ প্ৰশংসাত ৰত হৈছে, অনেকেই মোৰ দেহৰ সুষমাৰ বাবে ব্যাকুল হৈছে, কিন্তু এইদৰে কোনোৱেই মোৰ আত্মালৈ জাগৰণ আনিব পৰা নাছিল।

“কোন হয় তুমি? কোন তুমি বিক্ৰম?”, হতচকিত কণ্ঠেৰে সুধি পেলাইছোঁ মই।

উত্তৰ দিয়া নাই বিক্ৰমে। থুঁতৰিত ধৰি কাষ চপাই নিছে মোক।

“মোক তোমাৰ পৰিচয় দিয়া বিক্ৰম। তুমি কোনো সাধাৰণ পুৰুষ নোহোৱা। মইতো এজনী সামান্য গণিকা। মই তোমাক দেহদানৰ বাবে বাধ্য হ’ব পাৰোঁ, কিন্তু মনদানৰ বাবে যোগ্যতা মোৰ নাই। 

“নাই নাই দেৱী, তুমি সামান্য নাৰী নোহোৱা, তুমি শিল্পী, তুমি অনন্যা।” 

“সামান্য নাৰী নহওঁ! শিল্পী হওঁ মই! অনন্যা হওঁ মই! এই তোষামোদৰ কাৰণ কি বিক্ৰম?” 

“তোষামোদ নহয় দেৱী, এয়া মোৰ অনুভৱ। এই অনুভৱেই সত্য।” 

প্ৰকৃত শিল্পীয়েহে শিল্পৰ মৰ্যাদা দিব পাৰে। বিক্ৰম এজন প্ৰকৃত শিল্পী। মাটিত আঁঠুকাঢ়ি মই তেওঁৰ চৰণ স্পৰ্শ কৰিলোঁ। তেওঁ দাঙি ধৰিলে মোক, “তোমাৰ স্থান চৰণত নহয় আম্ৰপালী। তোমাৰ স্থান মোৰ বক্ষত।”

দুই হাত প্ৰসাৰি বিক্ৰমসেনে মোক বক্ষলৈ আহ্বান জনালে। তেওঁৰ বলিষ্ঠ আলিংগনত মই দিকবিদিক হেৰুৱাই জীণ গ’লোঁ সেই মায়াসমুদ্ৰত। গংগাজলৰ দৰে এই পৱিত্ৰ স্পৰ্শই যেন মোক শুদ্ধ কৰি তুলিলে। এই স্পৰ্শ দেহজ নাছিল, এই স্পৰ্শত লালসা নাছিল, ত্ৰিবেণী সংগমৰ কোনো এক বিন্দুত যেন মিলিত হৈ গ’ল দেহ, মন  আৰু আত্মা।

কথাবোৰৰ পুনৰাবৃত্তি ঘটিল । পুনৰাবৃত্তি ঘটা কথাবোৰ ন-ক্ষণত ন-ৰূপ ল’লে। দিনে দিনে মিলনৰ গাঢ়তা বাঢ়িল, দিনে দিনে প্ৰেমৰ গভীৰতা বাঢ়িল। আৰু তেনে এক মধুময় সময়ত আউল লগাবলৈ জৰুৰী নিৰ্দেশ লৈ ৰজাৰ পত্ৰদাতা আহিল। পত্ৰ পঢ়ি চিন্তিত হৈ পৰিল মোৰ মুখমণ্ডল। মোৰ মুখৰ বৰণ লক্ষ্য কৰিলে বিক্ৰমে।

“কি হৈছে দেৱী? কিবা গুৰুতৰ সমস্যা নেকি?”

“হয় বিক্ৰম। সমস্যা গুৰুতৰেই। মগধৰ ৰজাই বৈশালী আক্ৰমণ কৰিছে। বৈশালীৰাজে সমগ্ৰ বৈশালীতে সূচনা জাৰি কৰিছে।”

“কি কৈছা দেৱী? মগধৰ ৰজাই বৈশালী আক্ৰমণ কৰিছে! এই সম্বাদ কিমান দূৰ সত্য দেৱী?”

“এয়া সম্পূৰ্ণ সত্য বিক্ৰম, সৌৱা চোৱা, হিমালয়ৰ পাদ দেশত তম্বু তৰি মগধৰ সেনানীয়ে বাহৰ পাতিছে। বৈশালীৰাজে মোৰ সেনানীসকলকো যুদ্ধত সহায়ৰ বাবে আহ্বান কৰিছে। এয়া বৰ দুঃসময় বিক্ৰম। মগধৰাজে পিছদুৱাৰেদি এইদৰে আক্ৰমণ কৰি কাপুৰুষালিৰ পৰিচয় দিয়াৰ প্ৰয়োজন নাছিল।”

“মোৰ বিশ্বাস হোৱা নাই দেৱী। ক’ৰবাত নিশ্চয় কিবা এটা ভ্ৰান্তি হৈছে।” “

কিয় বিক্ৰম, কি কাৰণত মোতকৈও মগধৰাজৰ ওপৰত তোমাৰ বিশ্বাস বেছি?”

“নাই নাই দেৱী, মই ক’ব বিচাৰিছিলোঁ যে…….”

“মই এতিয়া একোকে শুনিবলৈ প্ৰস্তুত নহ’ম বিক্ৰম। মোৰ ৰাষ্ট্ৰৰ বিপদৰ সময়ত মই ৰাষ্ট্ৰৰ ওচৰত ঠিয় হোৱাটো প্ৰয়োজনীয়। যুদ্ধৰ সামৰণি নোহোৱালৈকে আম্ৰকুঞ্জৰ সকলো প্ৰমোদ-মনোৰঞ্জন বন্ধ কৰি দিয়াৰ সিদ্ধান্ত লোৱা হ’ল।”

খৰ খোজেৰে বাহিৰলৈ ওলাই আহিলোঁ মই। মোৰ সেনানীসকলক প্ৰয়োজনীয় নিৰ্দেশ দি অনতিপলমে বৈশালীৰ সেনাপতিৰ কাষত থিয় হ’বলৈ ক’লোঁ।

বৈশালী ৰাজপথ, গাঁও-ভূঁই ভৰি পৰিছিল শত্ৰুদেশৰ সৈনিকেৰে। বানপানীত ব্যস্ত থকা সেনাগণক জৰুৰীকালীনভাৱে যুদ্ধলৈ মাতি পঠিওৱা হৈছিল। ঘোষকে ৰাজপথত ঘোষণা কৰি আছিল যুদ্ধৰ বাতৰি।

বাতায়নেৰে ডিঙি মেলি বিক্ৰমে ৰাজপথলৈ চাই পঠিয়াইছিল। ভয়াৰ্ত হৈ পৰিছিল বিক্ৰমৰ মুখমণ্ডল। এয়া কি হ’ল, কেনেকৈ হ’ল? মগধে ইমান খৰতকীয়াকৈ যুদ্ধৰ আয়োজন কৰিলেইবা কিয়? ৰাজগৃহত কি চলিছে? কোনে নিৰ্দেশ দিলে এই আকস্মিক যুদ্ধৰ? যুৱৰাজ অজাতশত্ৰুৱে নে ৰাজৰাণীয়ে? ভুল কৰিলে তেওঁ। মগধৰ শাসনভাৰ আনৰ হাতত এৰি অহাটোৱেই ভুল হ’ল তেওঁৰ। ৰাণী ক্ষেমাই জানেনে এই কথা? কেনেবাকৈ এই ষড়যন্ত্ৰ তেওঁৰেই নহয়তো!

বিক্ষিপ্ত চিন্তা কিছুমানে আগুৰি ধৰিলে তেওঁক। বণিকৰ মলিয়ন সাজ পৰিধান কৰি দেৱীৰ কাষত থিয় হ’ল। বিদায়ৰ ক্ষণ এয়া। মধুপ্ৰণয়ৰ এই প্ৰচণ্ড আসক্তি এৰি এইদৰে বিদায় ল’বলগীয়া কথাটো কিমান কষ্টকৰ তেওঁ বুজি পায়। কিন্তু উপায় নাছিল তেওঁৰ। ধৰফৰাই উঠিলোঁ মই।

“এনেকৈ বিদায় লয়নে বিক্ৰম?”

“হয় দেৱী, এয়া যে যুদ্ধৰ সময়।” কপালত চুমা এটা আঁকি তেওঁ বিদায় ল’লে। তেজী ঘোঁৰাই তেওঁৰ ওভতনি খোজৰ চিহ্নবোৰ মোৰ বক্ষত যেন আঁকি গ’ল, খট..খট..খট।

কিঞ্চিত আহত হ’লোঁ মই, তেওঁ নিশ্চয় পত্নী-পুত্ৰৰ বাবে শংকিত হৈছে। সেয়েহে মোক অকলে এৰি প্ৰস্থান কৰিলে তেওঁ। মই কিয় পাহৰি গৈছিলোঁ যে মই এগৰাকী গণিকাহে মাথোঁ। তেওঁৰ সৈতে মোৰ সম্পৰ্কটো এগৰাকী প্ৰেমিকা হিচাপেহে, পত্নী হিচাপে নহয়।

আঁঠুত মুখ গুজি উচুপি উঠিলোঁ মই। অনিশ্চয়তাৰ কণ্টকে মোক বিন্ধিবলৈ ধৰিলে।

(আগলৈ)

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
Copying is Prohibited!