প্ৰকৃতিৰ সৌন্দৰ্যত লুকাই থকা গণিত

লেখক- অনামিকা বড়া

প্ৰকৃতিৰ সৌন্দৰ্যঃ

“সুন্দৰে যে ফুলাৰ মন্ত্ৰ অহোৰাত্ৰি মাতে
সেয়েহে আজি ইমান ফুল প্ৰভাতে প্ৰভাতে।”

– ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা

এই কাব্যদুশাৰীয়ে আমাক পুনঃ পুনঃ সোঁৱৰায় প্ৰকৃতিৰ সৌন্দৰ্যৰ কথা। অথবা সৌন্দৰ্যৰ কথা মনলৈ আহিলেই প্ৰতিজন অসমীয়াই আওৰাই ৰূপান্তৰৰ শিল্পীজনাৰ কলমেৰে নিগৰা সেই কাব্যমালা। প্ৰকৃতিৰ সৌন্দৰ্য পিয়াসী নোহোৱা জীৱ চাগে ক’তো নাই। এক অদেখা সূত্ৰত মাটি ফুটি ওলোৱা গছ এজোপাত যেতিয়া এটি-দুটি কুঁহিপাত মেলে, সেই পাতৰ গা-গছ সহিতে বৃদ্ধি হৈ ফল-ফুলেৰে জাতিষ্কাৰ হৈ চৌদিশ আমোল-মোলাই তুলিলে আমি মন্ত্ৰমুগ্ধ হৈ পান কৰোঁ প্ৰকৃতিৰ অমিয়া ৰস। তেতিয়া বাৰু আমাৰ মনলৈ এনে প্ৰশ্ন নাহেনে যে স্বয়ংচালিত এই সৌন্দৰ্যৰ আঁৰত বাৰু ৰহস্য কি? কোনে এই সৃষ্টিক এনেভাৱে সজাই তোলে যি আমাৰ চকুত সিঁচি দিয়ে মাথোঁ সৌন্দৰ্য? আচৰিত যেন লাগিলেও সঁচা যে এই সৌন্দৰ্যৰ আঁৰত লুকাই আছে ‘গণিত’ । কিন্তু কেনেকৈ?

গণিত নহ’লে জীৱন নচলেঃ

“এজন মানুহ এটা ভগ্নাংশৰ দৰে, যাৰ লবটো হৈছে তেওঁ যি সেইটো আৰু তেওঁৰ হৰটো হৈছে তেওঁ নিজকে যি বুলি ভাবে সেইটো। হৰটো বৃহত্তৰ মানে ভগ্নাংশটো ক্ষুদ্ৰতৰ।” – লিঅ’ টলষ্টয়ৰ এই উক্তিয়ে কয়, আমাৰ জীৱন দৰ্শনতেই আঁহে আঁহে কোঁহে কোঁহে নিহিত হৈ আছে গণিত।

১, ২, ৩, ৪ সংখ্যাৰে গণিতৰ সৈতে পৰিচয় হওঁতে আমি কোনেও কেতিয়াও নাজানিছিলোঁ বা ভবাও নাছিলোঁ যে বহুতৰ বাবে ‘আতংক’ হৈ থকা এই গণিততেই সৌন্দৰ্যৰ ৰহস্যও লুকাই থাকিব পাৰে! কিন্তু গণিতজ্ঞসকলৰ গৱেষণাই দেখুৱালে যে সেয়ে সঁচা। সংখ্যাৰ আৱিষ্কাৰ হোৱাৰ দিন ধৰি চলা নানান অনুসন্ধান, গৱেষণাই এটাৰ পিছত আনটো গাণিতিক চমক বিশ্বৰ সন্মুখত প্ৰতিভাত কৰিছে। কেৱল হিচাপ-নিকাচতে সীমাবদ্ধ বুলি ভবা গণিতে প্ৰকৃততে সমগ্ৰ বিশ্বকে গতি দি আছে। সকলো ঘটনা-পৰিঘটনা কিছুমান গাণিতিক সূত্ৰত অকণো ভুল নোহোৱাকৈ ঘটি আছে। প্ৰকৃতিৰ সৌন্দৰ্যও ইয়াৰে এটা উদাহৰণ মাত্ৰ।

প্ৰকৃতিত অধিকাংশ কামতে গণিত নজনাকৈয়ে ব্যৱহৃত হৈ থকাটোৱে নিৰন্তৰ গাণিতিক প্ৰভাৱৰ কথাকে প্ৰতীয়মান কৰে। লগতে উপলব্ধি কৰাই তোলে আমাৰ প্ৰত্যেকৰে মাজত আমাৰেই অজ্ঞাতে প্ৰস্ফুটিত হৈ থকা এটা গাণিতিক মন। সেই গাণিতিক মনটোৰ বাবেই চাগে এগৰাকী গৃহিণীয়ে ঘৰখন ধুনীয়াকৈ সজাই ৰাখিব জানে অথবা শিশুসকলে সৰু চকলেটতকৈ ডাঙৰ চকলেটটোলৈ হেঁপাহ মেলে । আকৌ হাতখৰচ বছাই নিজৰ পছন্দৰ নতুন সামগ্ৰী এপদ বা বাহিৰা কিতাপ এখন কিনাটোতো গণিতেই সোমাই থাকে। বিদ্যালয় এখন পৰিচালনা কৰাৰ পৰা বিভিন্ন অনুষ্ঠান পৰিচালনালৈকে, কুটীৰ শিল্পৰ পৰা ডাঙৰ উদ্যোগলৈকে, দিন বাৰ তাৰিখৰ পৰা সময়লৈকে, ঘৰখনৰ কাম-কাজৰ পৰা চাকৰিৰ দৰমহালৈকে, দোকানীজনৰ পৰা অৰ্থনীতিৰ বৃহৎ বৃহৎ ফৰ্মূলালৈকে সকলো গণিতেইতো চলাই আছে।

পথাৰত-বজাৰত-যান-বাহনত ক’ত নাই গণিত? ৰাতিপুৱা শুই উঠাৰ পৰা ৰাতি বিছনাত পৰালৈকে এনে কোনো ক্ষেত্ৰ নাই য’ত গণিত ব্যৱহাৰ হোৱা নাই অথবা য’ত গণিতে ক্ৰিয়া কৰা নাই। মাথোঁ কিছুমান দেখি থকাকৈ, কিছুমান অনুভৱ কৰিব পৰাকৈ আৰু কিছুমান কল্পনাও কৰিব নোৱৰাকৈ শিপাই আছে।

গণিতৰ সাৰ্বজনীনতাঃ

“ঈশ্বৰে বিশ্বব্ৰহ্মাণ্ডখন ৰচিবলৈ ব্যৱহাৰ কৰা ভাষাটোৱে হৈছে গণিত।”

গেলিলিঅ’ গেলিলি

এইখিনিতে পঢ়ুৱৈৰ মনত প্ৰশ্ন উঠিব পাৰে যে কেৱল গণিতেই জানো জগত খন চলাই আছে? ইয়াত কি ভাষা, সমাজ বিজ্ঞান, মনোবিজ্ঞান, চিকিৎসাবিজ্ঞান, শৰীৰ-চৰ্চা আদি এইবোৰৰ একোৱেই প্ৰয়োজন নাই? আমাৰ ভুলটো সেইখিনিতেই হয়। বিষয় ভাগ ভাগ কৰি পঢ়ি আহোঁ বাবেই আমি সকলোকে বেলেগ বেলেগ কৰিয়েই যিকোনো কথা ভাবোঁ। আমি পাহৰি যাওঁ যে এই সকলোবোৰ ‘বাস্তৱ’ নামৰ বহুভুজৰ একো একোখন পিঠি। এখন পিঠি নাথাকিলেই সি বহুভুজৰ অস্তিত্ব হেৰুৱাব। যিদৰে সমাজ এখনত এজন শিক্ষকৰ প্ৰয়োজন, এজন খেতিয়কৰ প্ৰয়োজন, একেদৰেই প্ৰয়োজন আছে চিকিৎসকৰ, গাড়ীচালকৰ, ব্যৱসায়ীৰ, অভিযন্তাৰ, সৈনিকৰ, উকীলৰ অথবা অন্যান্য বৃত্তিধাৰীসকলৰ। কিন্তু এজন মানুহেই জানো একেসময়তে এই সকলোখিনি হ’ব পাৰে? নিশ্চয় নোৱাৰে। ( ব্যতিক্ৰম হিচাপে – মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ দৰে ব্যক্তিৰ কথা সুকীয়া। সময়ে দাবী কৰা সকলো কামেই তেওঁ কৰিব পাৰিছিল যাৰ বাবে আমাৰ দৃষ্টিত তেওঁ ‘মহাপুৰুষ’ অথবা এজন ‘অ-সম’ ব্যক্তি। একেদৰে নাম ল’ব পাৰি লিঅ’নাৰ্ড’ দা ভিন্সিৰো ) যিকোনো এক বৃত্তিধাৰী হৈহে এজনে জীৱন সংগ্ৰাম কৰিব, সমাজলৈ অৰিহণা যোগাব পাৰিব। সেই একে ভিত্তিতেই আমি পঢ়া বিষয়বোৰ মাথোঁ ভাগ ভাগ কৰিহে লোৱা হয়। প্ৰকৃততে এই সকলো বিষয়েই এটাৰ লগত আনটো ওতঃপ্ৰোতভাৱে জড়িত। মাথোঁ ইবোৰৰ আন্তঃসম্বন্ধক বুজিবলৈ প্ৰয়োজন সূক্ষ্ম দৃষ্টি তথা গভীৰ অন্বেষণ। বিজ্ঞান, অৰ্থনীতি, দৰ্শন, চিত্ৰকলা, শিক্ষা, সমাজতত্ত্ব, সংগীত, সাহিত্য আদি প্ৰত্যেকৰে ভেটিতে গণিত নানাধৰণেৰে নিহিত হৈ আছে। আনকি ভাষা একোটাৰ বৰ্ণসমূহৰ উচ্চাৰণ, ব্যাকৰণ আদিতো নিহিত হৈ আছে গণিত। উল্লেখযোগ্য যে, প্ৰখ্যাত পৰিসংখ্যাবিদ ড° জ্যোতিপ্ৰসাদ মেধিয়ে সংস্কৃত ভাষাৰ স্বৰসমূহত ‘ফিবোনাচ্চি অনুক্ৰম’ৰ উপস্থিতিক লৈ এখন গৱেষণা পত্ৰও প্ৰস্তুত কৰিছিল।

ফিবোনাচ্চি অনুক্ৰম আৰু সোণালী সংখ্যাঃ

“কোনেনো কল্পনা কৰিছিল যে স্বাভাৱিক সংখ্যাবোৰৰ (১,২,৩,৪,৫,…) দৰে ইমান সৰল বস্তুবোৰে এদিন মৌলিক সংখ্যাবোৰৰ(২,৩,৫,৭,১১,১৩,…) দৰে ইমান দুৰ্বোধ্য কিবাবোৰ জন্ম দিব পাৰিব?” – ইয়ন ষ্টিৱাৰ্ট (ইংৰাজ গণিতজ্ঞ আৰু বিজ্ঞান লেখক)

স্বাভাৱিক সংখ্যাবোৰ যিদৰে ১,২,৩,… এনেকৈ এক এক বাঢ়ি এটা ক্ৰমত থাকে একেদৰে ‘ফিবোনাচ্চি অনুক্ৰম’ হৈছে এক নিৰ্দিষ্ট নিয়মত গৈ থকা কিছুমান সংখ্যাৰ এক ক্ৰম । নিয়মটো হৈছে সংখ্যাবোৰৰ শাৰীটো বা অনুক্ৰমটোৰ প্ৰথম আৰু দ্বিতীয় স্থানত ১ থাকিব আৰু তাৰ পিছৰ স্থানসমূহত ক্ৰমান্বয়ে ঠিক পূৰ্বৰ সংখ্যা দুটা যোগ কৰি পোৱা সংখ্যাটো থাকিব। অৰ্থাৎ ফিবোনাচ্চি অনুক্ৰমটো হ’ল- ১, ১, ২, ৩, ৫, ৮, ১৩, ২১, ৩৪, ৫৫, ৮৯, … (অসীমলৈ)। যিদৰে টকাৰ লগত পইচাৰ সম্বন্ধ সেইদৰেই ফিবোনাচ্চি অনুক্ৰমৰ লগতে জড়িত আছে ‘সোণালী সংখ্যা’। সোণালী সংখ্যাটো হৈছে (১+√৫)/২ বা প্ৰায় ১.৬১৮ । এই ফিবোনাচ্চি অনুক্ৰম আৰু সোণালী সংখ্যাই হৈছে আৰম্ভণিতে উল্লেখ কৰা সৌন্দৰ্যৰ ৰহস্যৰ আঁৰত গণিতজ্ঞসকলে বিচাৰি উলিওৱা গণিত।

সৌন্দৰ্যত গণিত অন্বেষণঃ

ফুল সৌন্দৰ্যৰ প্ৰতীক। যাদৃচ্ছিকভাৱে বিভিন্ন ফুলৰ পাহিৰ সংখ্যা যদি হিচাপ কৰা যায়, তেন্তে পাহিৰ সংখ্যাবোৰ ফিবোনাচ্চি অনুক্ৰমৰ একো একোটা সংখ্যা হয়। প্ৰজাতি অনুযায়ী একেবিধ ফুলৰে পাহিৰ সংখ্যা ভিন ভিন হ’ব পাৰে, কিন্তু সেই সংখ্যাবোৰো ফিবোনাচ্চি অনুক্ৰমৰে সংখ্যা হয়। বৰ্তমান সময়তে আহিন মাহ বুলিলেই পদূলি আমোলমোলাই থকা শেৱালি ফুলৰ পাহিৰ সংখ্যাকে চালে সাধাৰণতে ৩ বা ৫ হোৱা দেখা যায়। একেদৰে দেখা যায় আইৰিছ, ভেঁট জাতীয় বহুতো ফুলৰ পাহিৰ সংখ্যা ৩, জবা, চম্পা, মাধৈমালতী, কৰবী আদি ফুলৰ পাহিৰ সংখ্যা ৫, নাৰ্জি ফুলৰ পাহিৰ সংখ্যা ১৩ ইত্যাদি। অৱশ্যে ৪, ৬ বা ১০ পহীয়া ফুলো নথকা নহয় কিন্তু বেছিভাগ ফুলৰে পাহিৰ সংখ্যা ফিবোনাচ্চি অনুক্ৰমৰ সংখ্যা হোৱাৰ প্ৰবৃত্তি এটা প্ৰকৃতিতে আছে । অৱশ্যে এই কথা ১৩ বা ততোধিক পাহিবিশিষ্ট ফুলৰ ক্ষেত্ৰত বিশেষভাৱে প্ৰযোজ্য। উদাহৰণস্বৰূপে- ডেইজি, তাৰকা আদি ফুলৰ পাহিৰ সংখ্যা সাধাৰণতে ২১ হোৱাৰ লগতে ডেইজি ফুলৰ আন কিছুমান প্ৰজাতিৰ পাহিৰ সংখ্যা ৩৪, ৫৫ বা ৮৯ ।

ফিবোনাচ্চি সংখ্যাই ফুলৰ বীজতো নিজকে স্থাপন কৰি থৈছে। সূৰ্যমুখী ফুলপাহ দেখিবলৈ কেনে শুৱনি, তাতোকৈ শুৱনি তাৰ মাজ অংশত থকা বীজৰ সৰ্পিলকাৰ সাজোন। কেন্দ্ৰত আৰম্ভ হৈ পৰিধিত শেষ হোৱা এই সৰ্পিলকাৰ সাজোনটো চালে দেখা যায় যে বীজবোৰ দুটা দিশত থাকে – ঘড়ীৰ কাঁটাৰ দিশত আৰু ঘড়ীৰ কাঁটাৰ বিপৰীত দিশত। ইহঁতৰ সংখ্যা হিচাপ কৰিলে সদায় ফিবোনাচ্চি অনুক্ৰমৰ দুটা ওচৰা-ওচৰি সংখ্যা পোৱা যায়। সাধাৰণ সূৰ্যমুখী ফুলত এই সংখ্যা দুটা হ’ল ২১ আৰু ৩৪ । অৰ্থাৎ ঘড়ীৰ কাঁটাৰ দিশত সৰ্পিলৰ সংখ্যা যদি ২১, তেন্তে ঘড়ীৰ কাঁটাৰ বিপৰীত দিশত সৰ্পিলৰ সংখ্যা ৩৪। বিভিন্ন প্ৰজাতিৰ সূৰ্যমুখী ফুলৰ ক্ষেত্ৰত এই সংখ্যাবোৰ ৩৪ আৰু ৫৫, ৫৫ আৰু ৮৯, ৮৯ আৰু ১৪৪ হোৱা দেখা যায়।

মনলৈ প্ৰশ্ন আহে যে সৌন্দৰ্যৰ প্ৰতীক ফুলৰ পাহি হওক, বীজৰ সাজোন হওক, এইবোৰত ফিবোনাচ্চি সংখ্যাক জড়িত কৰিব পাৰিলেই কি ই সদায়ে একেই হ’ব পাৰে? ই কোনো কাকতালীয় পৰিঘটনা নহয়তো? ফিবোনাচ্চি অনুক্ৰমক যিকোনো দিশতে মিলাই দিব পৰাৰ আঁৰত আন কিবা ৰহস্য আছে নেকি? এইবোৰ প্ৰশ্ন আজিৰ নহয়। অনুসন্ধিৎসু মানুহে নিতে নৱ নৱ প্ৰশ্নৰ সহিতে গৱেষণাও সমানে আগবঢ়াই নিয়ে। এনে গৱেষণাৰ ফলশ্ৰুতিতেই গণিতজ্ঞসকলে প্ৰমাণ কৰিছে যে সূৰ্যমুখী ফুলৰ ক্ষেত্ৰত আচলতে প্ৰতিটো বীজৰে জন্ম হয় গোলাকাৰ ফুলটোৰ কেন্দ্ৰত। নতুন বীজৰ আৱিৰ্ভাৱৰ সময়ত আগতে জন্মা বীজটো কেন্দ্ৰৰ পৰা আঁতৰি যায় আৰু এই কামটোৰ পুনৰাবৃত্তি ঘটি সৰ্পিলবোৰ গঢ়ি উঠে। এটাৰ পিছত এটাকৈ যদি কেন্দ্ৰবিন্দুত বীজবোৰৰ বিকাশ ঘটি থাকে তেনেহ’লে সৰ্পিলবোৰৰ সংখ্যা ফিবোনাচ্চি অনুক্ৰমৰ সংখ্যা হ’বই লাগিব। এই ধৰণৰ বিন্যাসৰ বাদে অন্য কোনো বিন্যাস সম্ভৱ নহয়। এইদৰে বিন্যস্ত হৈ থাকিলেহে সকলো বীজে সূৰ্যৰ পোহৰৰ সমান ভাগ পাব পাৰে। এনেবোৰ ক্ষেত্ৰতে উপলব্ধি হয় সংখ্যাৰ মহিমা অপাৰ।

কেৱল ফুলতে নহৈ প্ৰকৃতিৰ সৌন্দৰ্য জানো ইয়াৰ প্ৰতিটো উপাদানতে নাই? ইবোৰৰ সৌন্দৰ্যৰ আঁৰতো বাৰু গণিতেই আছে নেকি? আচৰিত যেন লাগিলেও এয়ে সঁচা যে অধিকাংশ ক্ষেত্ৰতে গণিতৰ উপস্থিতি বিদ্যমান । একেবাৰে ওচৰতে চাবলৈ গ’লে ফুল ফুলা গছজোপা, গছজোপাৰ পাতৰ বিন্যাস, অৱস্থান, মৌ-মাখি, পখিলালৈকে ফিবোনাচ্চি অনুক্ৰমৰ প্ৰভাৱ পৰিলক্ষিত হয়। ড° বিপুলজ্যোতি শইকীয়াই তেখেতৰ ‘সোণালী সংখ্যা’ কিতাপখনত এই বিষয়ে বৰ সুন্দৰকৈ উপস্থাপন কৰি লিখিছে এনেদৰে, “যিজোপা গছে ফুলপাহ ধাৰণ কৰিছে, সেই গছজোপাক ফিবোনাচ্চি অনুক্ৰমে স্পৰ্শ কৰিছে। সেই ফুলত আহি পৰা মৌ-মাখিটোকো। সেই ফুলত আহি পৰা ৰং-বিৰঙৰ পখিলাবোৰকো।”

প্ৰকৃতিৰ পৰা মানৱসৃষ্টলৈকেঃ

সূৰ্যৰ পোহৰত নিজৰ ছাঁৰ দৈৰ্ঘৰ পৰা সময় গণনা শিকা মনুষ্যই গা-গছৰ ক্ষত-বিক্ষত অংশৰ স্বয়ংক্ৰিয় পূৰ্ণতাত মানৱ শৰীৰৰ আঘাতৰ চিকিৎসা পদ্ধতি উদ্ভাৱন কৰিছিল। সেই মনুষ্যই বাৰু প্ৰকৃতিৰ সৌন্দৰ্যৰ গাণিতিক ৰহস্যক কেনেকৈ ব্যৱহাৰ কৰে? কাকতালীয়ভাৱে অতি প্ৰাচীন কালৰ পৰাই ইয়াৰ স্বাক্ষৰ পোৱা যায়। গ্ৰীচৰ ৰাজধানী এথেন্সত থকা গ্ৰীক দেৱী এথেনাৰ মন্দিৰ ‘পাৰ্থেনন’ৰ স্থাপত্যত সোণালী আয়তক্ষেত্ৰ(আয়তক্ষেত্ৰৰ সন্নিহিত বাহুৰ দৈৰ্ঘৰ অনুপাত সোণালী সংখ্যা অৰ্থাৎ ১.৬১৮ হ’লে আয়তক্ষেত্ৰটোক সোণালী আয়তক্ষেত্ৰ বোলা হয়)ৰ উপস্থিতি পোৱা যায়। ইজিপ্তৰ বিখ্যাত পিৰামিডৰ স্থাপত্যতো সোণালী সংখ্যাৰ উপস্থিতি পোৱা যায়। ইউৰোপৰ নৱজাগৰণৰ সময়ত বিভিন্ন শিল্পীয়ে তেওঁলোকৰ শিল্পকৰ্মত সোণালী সংখ্যাক লৈ নানান পৰীক্ষা কৰিছিল, যাৰ উদাহৰণ লিঅ’নাৰ্ড’ দা ভিন্সি আৰু তেওঁৰ বিখ্যাত ছবি মনালিছা, লাষ্ট ছাপাৰ আদি। আগ্ৰাৰ তাজমহলো যে সোণালী অনুপাতেৰে সোণালী হৈ উজলি থকা পৃথিৱীৰ সপ্তম আশ্চৰ্য সেয়া সৰ্বজনবিদিত।

গণিতৰ নিতে নৱ ৰূপঃ

বীৰ নেপোলিয়নে মন্তব্য কৰিছিল যে দেশৰ সমৃদ্ধিৰ সৈতে গণিতৰ অগ্ৰগতি আৰু পূৰ্ণতা ওতঃপ্ৰোতভাৱে জড়িত। অসমৰ এজন আগশাৰীৰ গণিতজ্ঞ ড° দিলীপ শৰ্মাৰ ভাষাৰে “গণিতৰ ব্যৱহাৰিক দিশৰ উপৰিও ইয়াৰ নিজস্ব সুষমা আছে। সঁচাকৈয়ে গণিত নিৰুপম।” সংখ্যাৰ পৰা চতুষ্টয়লৈকে, আৰ্কিমিডিছৰ ‘পশুৰ অংক’ৰ পৰা আৰম্ভ কৰি ফাৰ্মাৰ অন্তিম উপপাদ্যলৈকে গণিতৰ বিস্তৃত ক্ষেত্ৰৰ কথা কৈ লিখি কেতিয়াও শেষ কৰিব নোৱাৰি। হাজাৰ বছৰ ধৰি সমাধান নোহোৱা গাণিতিক সমস্যাৰ সমাধান কৰিবলৈ গৈ গৱেষণাৰ স্তৰে স্তৰে গণিতজ্ঞসকলে আজিও উন্মোচন কৰি গৈয়ে আছে গণিতৰ নতুন নতুন ক্ষেত্ৰ । নিত্য-নতুন চিন্তাধাৰাই সেয়ে গণিতক চিৰ নবীন কৰি ৰাখিছে। সীমাহীন এই ক্ষেত্ৰত গণিতজ্ঞসকলে অদূৰ ভৱিষ্যতে আৰু বা কত কি বিস্ময় বিশ্বৰ সন্মুখলৈ আনিব কোনে জানে?

[সহায়ক গ্ৰন্থৰাজিঃ সোণালী সংখ্যা – ড° বিপুলজ্যোতি শইকীয়া, নিৰুপম গণিত – ড° দিলীপ শৰ্মা, অংক নহয় আতংক – পংকজ জ্যোতি মহন্ত]

বিনম্ৰতাৰে
অনামিকা বড়া
সম্পাদক
কাতি, ১৯৪৩ শক
একাদশ বৰ্ষ,তৃতীয় সংখ্যা

এই সংখ্যাটোৰ আঁৰত-

আলোচনীখনৰ মূল জীৱনী শক্তি হৈছে ইয়াৰ ভিন্নসুৰী লেখাসমূহ। পোন প্ৰথমেই নিজৰ নিজৰ লেখাৰে এই মাহৰ আলোচনীখন পূৰ্ণ হোৱাত সহায় কৰা প্ৰতিজন লেখক-লেখিকালৈ জনাইছোঁ আন্তৰিক কৃতজ্ঞতা।

লেখাসমূহ বৰ্ণাশুদ্ধি কৰাৰ পৰাৰ আপলোড কৰালৈকে এই যাত্ৰাপথত বিভিন্ন ধৰণে জড়িত থাকে সাহিত্য ডট অৰ্গৰ সম্পাদনা সমিতিৰ বিষয়ববীয়াসকল। ধন্যবাদ জ্ঞাপন কৰিলোঁ ড° মৃণাল জ্যোতি গোস্বামী, ড° মনোজ মন কলিতা, কলচুম বিবি, দীপজ্যোতি বৰা, মণ্টু কুমাৰ বৰঠাকুৰ, উজ্জ্বল দিপ্লু গগৈ, মৃদুল কুমাৰ শৰ্মা, উৎপলা কৌৰ আৰু মাধুৰ্য্য গোস্বামীলৈ।

আলোচনীখনৰ এক অতি গুৰুত্বপূৰ্ণ অংগ হৈছে সাক্ষাৎকাৰ। এই ক্ষেত্ৰত পোনতে সাক্ষাৎগ্ৰহণৰ বাবে অনুমতি প্ৰদান কৰা ড° মুনীন্দ্ৰ কুমাৰ মজুমদাৰ ছাৰক কৃতজ্ঞতা যাচিলোঁ। সাক্ষাৎগ্ৰহণত আৰু লিখিত সাক্ষাৎকাৰটি সম্পাদনা কৰাৰ ক্ষেত্ৰত বিশেষভাৱে সহায় কৰা ড° অভিজিত দত্ত দাদালৈ আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ। লগতে সাক্ষাৎকাৰৰ ভিডিঅ’ সম্পাদনা প্ৰস্তুত কৰি তোলাৰ বাবে বিকাশ দত্ত দাদালৈকো আন্তৰিক ধন্যবাদ থাকিল।

মোৰ বাবে নতুন আৰু কঠিন এই যাত্ৰাপথত ব্যক্তিগতভাৱে দিহা-পৰামৰ্শ-সহায়েৰে মোক উদ্ধাৰ কৰা কিছুলোকৰ নাম নল’লে ভুল হ’ব। পোন প্ৰথমেই “গণিত-অন্বেষণঃ সাহিত্যৰ মাজেৰে গণিতময় জীৱনত এভুমুকি” বিষয় লৈ আগবাঢ়ি যোৱাৰ জুমুঠিটো তৈয়াৰ কৰাৰ পৰা শেষ মুহূৰ্তলৈকে বিচৰা মাত্ৰকে সহায় কৰা পিতৃসম শান্তনু কৌশিক বৰুৱাক কৃতজ্ঞতা জনাবলৈ মোৰ ভাষাৰ অভাৱ। যাত্ৰাপথচোৱাত অনভিজ্ঞ ভনীয়েকক সাহস দি যোৱা অভিজ্ঞ কুশল কলিতা দাদা তথা বিশেষ সহায় আগবঢ়োৱা প্ৰাঞ্জল দাস দাদা, ভাইটি মৃণাল ঠাকুৰীয়া আৰু ভাই চাণক্য কুমাৰ দাসৰ ওচৰত চিৰকৃতজ্ঞ হৈ ৰ’লোঁ। তদুপৰি ড° জিতেন কলিতা ছাৰ, ড° নয়নদীপ ডেকা বৰুৱা ছাৰ, পংকজ জ্যোতি মহন্ত দাদা আৰু ভাইটি প্ৰাঞ্জল তালুকদাৰৰ বহুমূলীয়া দিহা-পৰামৰ্শই মোক বাধিত কৰিলে। এই সকলোকে মোৰ অন্তৰভৰা কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ। আৰম্ভণিৰ পৰাই ছাঁৰ দৰে থাকি মোক সহায় কৰি যোৱা খনিন্দ্ৰ ভূষণ মহন্ত দাদা আৰু ভাতৃসম বন্ধু প্ৰিয়াংকুশ ডেকাক কি বুলি ধন্যবাদ জনাম! সকলোৰে ওচৰত চিৰঋণী।

পৰিশেষত, অজানিতে ৰৈ যোৱা ভুল-ত্ৰুটিৰ বাবে ক্ষমা বিচাৰি অসমীয়া কথা-বতৰা গোটৰ সমূহ সদস্য, পঢ়ুৱৈৰ পৰা আৰম্ভ কৰি জ্ঞাতে-অজ্ঞাতে সহায় আগবঢ়োৱা সবাকে কৃতজ্ঞতা জনাই আপোনালোকলৈ আগবঢ়াই দিলোঁ সাহিত্য ডট অৰ্গৰ একাদশ বৰ্ষৰ তৃতীয় সংখ্যা ।

Subscribe
Notify of

2 Comments
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
অবিনাশ শৰ্মা
2 years ago

সুন্দৰ সম্পাদকীয়৷ পঢ়ি ভাল পালোঁ৷

আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিলোঁ।

Don`t copy text!