বিংশ খণ্ড: আম্ৰপালী: বৰ্ণিল দস্তাবেজৰ স্বৰ্ণিল লিপি

লেখক- পাৰবীন চুলতানা

ঋতুৰাণী বসন্তোৎসৱৰ আনন্দত মতলীয়া হৈছে বৈশালীবাসী। সেই আনন্দ দুগুণ কৰিলে পূৰ্ণিমা তিথিৰ নিমিত্তে আম্ৰকুঞ্জৰ মুকলি মঞ্চত সুন্দৰভাৱে আয়োজন কৰা নৃত্য-অনুষ্ঠানসমূহে। বৈশালীৰ সকলো শ্ৰেণীৰ বাল-বৃদ্ধৰ বাবে নৃত্য পৰিৱেশন কৰিবলৈ মঞ্চত ভৰি পেলাইছিলোঁ। শিকাৰু নটীসকলে মোক সংগ দিছিল। সখী প্ৰভাৰ স্থান পূৰাইছিল দাসী সুহাগীয়ে। সখী প্ৰভাৰ দৰে প্ৰসাধন কৰাই সুহাগীক প্ৰভা হিচাপে মঞ্চত ৰখা হৈছিল। এয়া আছিল প্ৰভাৰ পৰামৰ্শ। তাইৰ অনুপস্থিতি যাতে দৰ্শকসকলে অনুভৱ নকৰে, তাৰ বাবে বাৰে বাৰে সুহাগীক এই পৰামৰ্শ দি গৈছিল প্ৰভাদেৱীয়ে।
মোৰ বাবে যদিও বিষণ্ন আছিল, তথাপি সন্ধ্যাটো আছিল এটা মায়াবী সন্ধ্যা। বিদায়ৰ বেলাত বিক্ৰমে দেহ-মনত সানি থৈ যোৱা উষ্ম পৰশেৰে মাতাল হোৱা এটা সন্ধ্যা। জ্যোৎস্নাবিধৌত সন্ধ্যাটোৰ ৰহন সানিছে চাউলেৰে প্ৰস্তুত কৰা সোমৰস আৰু মৃগপহুৰ সুস্বাদু মঙহেৰে। হিমালয় পৰ্বতত ঠেকা খাই অহা বাউল বতাহজাকে গংগাৰ ওপৰৰ মেঘকণাবোৰ মুহূৰ্ততে বিয়পাই দিলে। বতাহ আৰু বৰষুণেৰে বিয়পি পৰিল বৈশালী নগৰৰ পথ-উপপথ।
বিক্ৰম বাৰু কুশলে যাব পাৰিছেনে? প্ৰভা গৈ পালেনে? বাটত একো বিপদ নহয়তো! বুকুখনত অজান সংকেতধ্বনি বাজি উঠিল। নিৰাপত্তাৰক্ষীদ্বয়লৈ চাই পঠিয়ালোঁ। তেওঁলোক মোৰ নিৰাপত্তাৰ বাবে সষ্টম হৈ আছে, সদায় থকাৰ দৰেই। কিন্তু তেওঁলোকে নাজানে, মোৰ নিৰাপত্তাৰ বাবে বিক্ৰম আৰু প্ৰভাও কুশলে থকাটো প্ৰয়োজন। মনটো ইচাট-বিচাট কৰি উঠিছে। কিয় যে বাৰে বাৰে মোৰ বক্ষ কঁপি উঠিছে! কাণ গৰম হৈ উঠিছে, গাল দুখন ৰঙা পৰিছে, বাৰে বাৰে প্ৰভালৈ মনত পৰিছে, নিৰাপত্তাৰক্ষীক চিঞৰি উঠিছোঁ,

“প্ৰভাৰ ওচৰলৈ যোৱা, সুকলমে ঘূৰাই আনা তাইক। মোৰ মন থিত নহয় তাই ঘূৰি নাহিলে।”

আৰু ঠিক অলপ পাছতেই নিৰাপত্তাৰক্ষীয়ে খবৰ দিছে, “দেৱী প্ৰভাক ৰজাৰ সৈন্যবাহিনীয়ে ঘেৰি লৈ গৈছে, কল্কিনাথৰ মৃত্যু হৈছে।“

“কি!”

প্ৰভাৰ অন্যমনস্কতা, প্ৰভাৰ কল্কিনাথৰ ওচৰলৈ যাত্ৰা, এই সকলোবোৰেই মনলৈ আহিল। নাই, একোৱেই চিন্তা কৰিব নোৱৰা হৈছোঁ। নিৰাপত্তাৰক্ষীক হাতযোৰ কৰিছোঁ, “দেৱী প্ৰভাক বচাই আনা, কোনো পৰিস্থিতিতে তাই ৰজাৰ চৌহদত ভৰি দিব নালাগে। তাইক ঘূৰাই আনা। প্ৰয়োজন হ’লে সৈন্যবাহিনী লৈ যোৱা। ৰজাৰ সৈন্যৰ লগত প্ৰাণ দি হ’লেও দেৱী প্ৰভাক ঘূৰাই আনা।”
সৈন্যবাহিনী পঠিয়াই মই মঞ্চলৈ আহিলোঁ। সুহাগীয়ে নৃত্য কৰি আছে। প্ৰভাৰ সাজেৰে তাইক একদম প্ৰভা যেনেই লাগিছে। প্ৰভা আছে শত্ৰুসেনাৰ বেহুত। কি কৰোঁ মই? হাত-ভৰি অসাৰ হৈ পৰিছে।
মোৰ নিৰাপত্তাৰক্ষীদ্বয় প্ৰভাৰ ওচৰ পাইছেগৈ নে নাই, সেইটো নাজানো মই। বিক্ৰমো গুচি গ’ল সন্ধ্যাবেলাতে। বৰ অকলশৰীয়া যেন লাগিল মোৰ। মানুহেৰে গিজগিজাই থকা আম্ৰকুঞ্জৰ প্ৰমোদকক্ষটোত নিজকে বৰ নিসংগ যেন লাগিল মোৰ।
নাই, এয়াতো অৱধাৰিতভাৱে হ’বলগা আছিল। ইমান এটা বিপদসংকুল পথেৰে খোজ লৈছিলোঁ, ইমানকণ জটিলতা অৱশ্যম্ভাৱী আছিল। মসৃণতাৰ আশা মই কিদৰে কৰিছিলোঁ?
মই মগজুটো ঠাণ্ডা কৰিবলৈ চেষ্টা কৰিলোঁ।
কল্কিনাথৰ মৃ্ত্যু হ’ল। সখি প্ৰভাৰ সৈতে নিশাযাপন কৰাৰ পৰতে কল্কিনাথৰ মৃত্যু হ’ল।
ৰজা মনুদেৱৰ সৈন্যবাহিনীয়ে সখি প্ৰভাক আটক কৰিলে!
সঁচাকৈয়ে সখি প্ৰভাই হত্যা কৰিলে নেকি কল্কিনাথক? বিক্ৰমে দিয়া পৰামৰ্শ তাই মোৰ লগত আলোচনা নকৰাকৈয়ে মানি ল’লে নেকি?
ইমানবোৰ কথা হৈ গ’ল। মই যে ততেই ধৰিব নোৱাৰিলোঁ। অন্ততঃ প্ৰভাই যদি মোক কথাবোৰ খুলি ক’লেহেঁতেন, মই এই দুৰ্ঘটনাটোৰ বাবে মানসিকভাৱে প্ৰস্তুত থাকিব পাৰিলোঁহেঁতেন।

যদি বিক্ৰম এতিয়া মোৰ ওচৰত থাকিলহেঁতেন, তেতিয়াও মই কিবা এটা পথ বিচাৰি পালোঁহেঁতেন। এতিয়া মই কি কৰোঁ? ভিতৰি ভিতৰি উত্তেজনা বাঢ়ি গৈছে মোৰ। ঘনে ঘনে আৰাধ্য দেৱতাৰ নাম স্মৰণ কৰিছোঁ, অস্থিৰতাৰ এই ক্ষণবোৰৰ অন্ত পৰক। শেষ হৈ যাওক বিভীষিকাৰ ৰাতিবোৰ।

মঞ্চৰ মনোমোহা নৃত্যই দৰ্শকৰ মনপ্ৰাণ হৰি নিছে, প্ৰভাৰূপী সুহাগীৰ নৃত্যত আকৃ্ষ্ট হৈ ধনী বণিক এজনে সোণৰ মুদ্ৰা দলিয়াইছে। সেই নৃত্যৰ লয়তো, বাদ্যৰ ঝংকাৰতো মোৰ কাণত পৰিছে নগৰৰ বৌদ্ধবিহাৰৰ পৰা ভাঁহি অহা কণ্ঠ,

“বুদ্ধং শৰণং গচ্ছামি। ধম্মং শৰণং গচ্ছামি।”

পূৱে বেলি ধলফাঁট দিছে। নিচাই আছন্ন কৰি ৰখা মানুহবোৰ ঢলং পলং খোজেৰে ঘৰমুখী হৈছে। নৃত্য কৰি ক্লান্ত হোৱা নটীসকলে নৃত্যৰ সাজ সোলোকাইছে। প্ৰমোদকক্ষ নিজম হৈ পৰিছে।

পষেকদিন ধৰি অপেক্ষা কৰি থকা ৰাতিটোৰ অন্ত পৰিছে। এতিয়া নতুন এক উদ্যমেৰে কৃষকসকল কৃষিকৰ্মত নিয়োজিত হ’ব নতুবা বণিকসকল নিয়োজিত হ’ব বেহা-বণিজত। লগতে নতুন এটা পষেকৰ অপেক্ষা, পিছৰটো শুক্ল পক্ষৰ তিথিৰ বাবে নতুন এটা উদ্দীপনা। আকৌ সেই উদ্দীপনাৰ
মৃ্‌ত্যু হ’ব, আকৌ অপেক্ষা, আকৌ জন্ম। এয়াইতো চলি আহিছে সমস্ত জগতত। এয়াইতো প্ৰকৃতিৰ নিয়ম।
শাক্যমুনিয়ে প্ৰাতঃসভাত শিষ্যগণক কৈ আছিল,

“এই যে প্ৰজ্জ্বলিত বহ্নিশিখাত প্ৰতিমুহূৰ্তে জ্বলন্ত সূক্ষ্ম আঙঠাবোৰ উৰ্ধলৈ উৎক্ষিপ্ত হৈ নুমাই যায় আৰু তাৰ ঠাই গ্ৰহণ কৰে নতুন নতুন প্ৰজ্জ্বলিত আঙঠাই, এই ঘটনাটো ইমান দ্ৰুতভাৱে ঘটে যে আমাৰ চকুত নপৰে, সেয়ে আমি বিৰামহীন বহ্নিশিখা বুলিয়ে গণ্য কৰোঁ। প্ৰকৃতপক্ষে বহ্নিশিখাৰ স্থায়িত্ব বুলিবলৈ একোৱেই নাই। এই কথাটো জীৱ-জগতৰ প্ৰতিটো অণু-পৰমাণুৰ লগতেই খাটে।”

হয়, স্থায়িত্ব বুলি একোৱেই নাই। সকলো অস্থিৰতাৰে মৃত্যু আছে, বুকুৰ দহনৰ শাম কাটিব অতি সোনকালেই, মনটোক প্ৰবোধ দিলোঁ।
আৰু ক্ষন্তেক বিৰতিৰ পিছতেই আম্ৰকুঞ্জৰ প্ৰৱেশদ্বাৰ খুলি নিৰাপত্তাৰক্ষী বীৰেন্দৰ সোমাই আহিল, পিছে পিছে প্ৰভা। প্ৰভাক দেখিয়েই সাবতি কান্দি উঠিলোঁ মই, বীৰেন্দৰৰ হাতত ধৰি উচুপি উঠিলোঁ,

“ভাতৃ বীৰেন্দৰ, এই ঋণ কিদৰে শুজিম নাজানো মই।”

বীৰেন্দৰে সংক্ষিপ্তভাৱে জনালে মোক, কিদৰে আমাৰ সৈন্যবাহিনীয়ে ৰজা মনুদেৱে প্ৰেৰণ কৰা আটাইকেইজন সৈন্যক হত্যা কৰি প্ৰভাক আদবাটৰ পৰাই উদ্ধাৰ কৰিবলৈ সক্ষম হ’ল।
এইবাৰ প্ৰভাক টানি আনিলোঁ শয়নকক্ষলৈ, “কল্কিনাথৰ মৃত্যু কিদৰে হ’ল? সঁচা কথা ক।”

প্ৰভাই মোক বিহৰ দৰৱটো দেখুৱালে। খামুচি ধৰিলোঁ তাইক, “ইমান সাহস তোৰ!”

“তোৰ প্ৰতি থকা আনুগত্যই দিছে মোক এই সাহস”, নিৰ্ভীকভাৱেৰে উত্তৰ দিলে তাই। তাইৰ চকুলৈ চালোঁ। অলপো অনুশোচনা নাই, খেদ নাই।

ইমান আনুগত্য! এই আনুগত্যক মই কিদৰে লালন কৰোঁ? পালংকত বহি আকাশ-পাতাল ভাবি থাকিলোঁ। বসন্তোৎসৱৰ আনন্দ ম্লান পৰি গৈছে। বতাহত বিষাদজৰ্জৰিত জলকণাৰ ভৰ।
কল্কিনাথৰ মৃত্যু ঘটিছে। এই মৃত্যুক সহজভাৱে লোৱা নাই বৈশালীৰ ৰাজপৰিয়ালে। যিকোনো মুহূৰ্ততে চমন জাৰি হ’ব পাৰে। আৰু সেয়াই হ’ল।

দিনৰ দ্বিতীয় প্ৰহৰত ৰজাৰ পত্ৰ আহিল। অনতিপলমে দেৱী আম্ৰপালী আৰু দেৱী প্ৰভাক বিচাৰকক্ষত হাজিৰ হোৱাৰ নিৰ্দেশনামা।

প্ৰভাই মোৰ চকুলৈ চালে। মই আশ্বাস দিলোঁ, উপায় উলিয়াম মই। প্ৰয়োজন হ’লে কূটনীতিৰ আশ্ৰয় ল’ম। ৰাজনীতিত সকলো সম্ভৱ, আচাৰ্যই মোক শিক্ষাদানৰ সময়ত কোৱা কথা আছিল সেয়া।
মুখত সৌম্যভাৱৰ প্ৰলেপ সানি ধীৰ খোজেৰে মই আৰু সখী প্ৰভা ঘোঁৰা-বাগীত উঠিলোঁ আগে পিছে মোৰ নিৰাপত্তাৰক্ষীদ্বয়। নগৰৰ ধূলি উৰুৱাই নগৰগণিকাৰ ঘোঁৰা-বাগী আগবাঢ়ি গ’ল ৰাজহাউলিলৈ। ৰাজপথত উৎসুক বৈশালীৰ উৎকণ্ঠিত মুখমণ্ডল। সকলোৰে আদৰৰ নগৰগণিকাক ৰজাই চমন জাৰি কৰি মতাই নিছে। আৰু নগৰগণিকাই তেওঁৰ আহবান মানি লৈছে। এয়াতো নাভূত-নাশ্ৰুত কথা।
মনত মোৰ অজস্ৰ ভাৱৰ আলোড়ন। এই একেই চমন লৈ এদিন এজনী কিশোৰী ঘৰৰ পৰা ওলাই আহিছিল ৰাজপথৰ ওপৰেৰে। বিশাল ৰাজসভাত তাইৰ জীৱনৰ গতি নিৰ্ধাৰণ হৈছিল। সেইদিনা তাই আছিল নিৰাশ্ৰয়া। সেইদিনা তাই নিৰুপায়তাৰ ওচৰত সমৰ্পিতা হৈছিল।
মাজত কিছু বছৰৰ ব্যৱধান মাথোঁ। আজিও একেই চমনপত্ৰ, ৰাজপথত একেখিনি জনতাৰ ভিৰ, একেই ঘোঁৰাবাগীৰ শব্দ।

খটপ..খটপ..খটপ।

সেই কিশোৰীজনীৰ দৰে আজিও মই সেই নিৰুপায়তাৰ ওচৰত সমৰ্পণ কৰিমনে? ইতৰ জীৱয়ো আত্মৰক্ষাৰ কৌশল জানে। মই কিয় সেই দম্ভৰ ওচৰত সমৰ্পণ কৰিম। নকৰিম, কদাপি নকৰিম। মুখখন কঠোৰ হৈ আহিল মোৰ। ৰাজপথত জনতাই ভিৰ কৰিছে। ৰজাৰ চন্তৰীয়ে লৈ যোৱা নগৰবধূক চাবলৈ বৈশালীবাসী হিলদল ভাঙি আহি সমস্বৰে চিঞৰি উঠিছে,

“দেৱী আম্ৰপালীৰ জয় হওক।”

ৰাজপথৰ দুকাষৰ পৰা ভাঁহি অহা জয়ধ্বনিয়ে মোৰ শক্তি বঢ়াই তুলিলে। মই অপৰাজেয় হ’বই লাগিব। নাৰীক মন-প্ৰাণৰহিত এক জড় পদাৰ্থ বুলি গণ্য কৰা সামান্য এজন মানৱৰ ওচৰত মই আত্মসমৰ্পণ কিয় কৰিম? মোৰ মনৰ জ্যোতিৰে আলোকিত হ’ল চেহেৰা। নিৰ্ভীক খোজেৰে মই ঘোঁৰাবাগীৰ পৰা নামি ৰাজহাউলিৰ মুকলি সভাকক্ষত প্ৰৱেশ কৰিলোঁ। সভাকক্ষত পূৰ্বৰে পৰাই আসন লৈ আছিল বিচাৰপতি প্ৰমুখ্যে ৱিজ্জী পৰিষদৰ নেতা আৰু সদস্যসকলে। আনকাষে বহিছিল ৰজা মনুদেৱসহিতে উপৰজা যুদ্ধবীৰ, প্ৰধানমন্ত্ৰী তাম্ৰভদ্ৰ, সেনাপতি আৰু অন্যান্য ব্যক্তিসকল। সভাকক্ষৰ চৌপাশে জনতাৰ ভিৰ। জনতাৰ মাজৰ পৰা গুণগুণনি এটা বাঢ়ি আহিছে ক্ৰমাৎ । নগৰগণিকাৰ বিচাৰ হ’ব আজি। তেওঁলোকৰ মৰমৰ নগৰগণিকা আজি ৰজাৰ বিচাৰকক্ষত। কি দোষ কৰিলে নগৰগণিকাই, সেয়া তেওঁলোকৰ জ্ঞাত নহয়।

মহামান্য বিচাৰপতিয়ে মাত লগালে,

“নগৰবধূ আম্ৰপালী, আপোনাৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ আহিছে। আপুনি নিশ্চয় জ্ঞাত যে, যোৱানিশা ইক্ষ্বাকু দলৰ নেতা কল্কিনাথৰ এক ৰহস্যজনক মৃত্যু হৈছে। এই মৃত্যুত আপোনাৰ হাত আছে বুলি বৈশালীনৃপতি মনুদেৱে লিখিত আবেদন দাখিল কৰিছে। এই সন্দৰ্ভত আপুনি কি ক’ব?”

“ইক্ষ্বাকু দলৰ নেতা কল্কিনাথৰ মৃত্যুৰ কথাটোৱেই আমাৰ জ্ঞাত নহয়। তেনেস্থলত এই অভিযোগ একেবাৰে ভিত্তিহীন মহামান্য বিচাৰপতি। বৈশালীনৃপতি মনুদেৱে কি কাৰণত এই অভিযোগ দাখিল কৰিছে, সেয়া মোৰ বোধগম্য হোৱা নাই।”

এইবাৰ সেনাপতি চিহনাদ আগবাঢ়ি আহিল, “যোৱানিশা দেৱী প্ৰভা কল্কিনাথৰ অংকশায়িনী আছিল আৰু সেই সময়তে আমাৰ সেনাই গৈ কল্কিনাথক মৃত অৱস্থাত উদ্ধাৰ কৰিছিল। গতিকে দেৱী প্ৰভাক এই হত্যাৰ লগত প্ৰত্যক্ষভাৱে জড়িত বুলি জনা যায়। দেৱী আম্ৰপালীৰ পৰামৰ্শমতে দেৱী প্ৰভাই এই ঘৃণনীয় পদক্ষেপ গ্ৰহণ কৰে, গতিকে দেৱী আম্ৰপালীকো এই হত্যাৰ পৰোক্ষ অভিযুক্ত হিচাপে দোষী সাব্যস্ত কৰা উচিত।”

মই এইবাৰ সজোৰে প্ৰতিবাদ কৰি উঠিলোঁ, “মাননীয় সেনাপতি মহোদয়, আপোনাৰ ভুল হৈছে। যোৱানিশা দেৱী প্ৰভা কল্কিনাথৰ অংকশায়িনী নাছিল, বৰঞ্চ ওৰেটো নিশা বৈশালীৰ দৰ্শকৰ সন্মুখত নৃত্য পৰিৱেশন কৰি আছিল। যিহেতু শুক্ল পক্ষৰ নিশা আম্ৰকুঞ্জৰ দ্বাৰ সমগ্ৰ বৈশালীৰ বাবে মুক্ত থাকে আৰু সমগ্ৰ নিশা মই আৰু দেৱী প্ৰভাই দৰ্শকৰ মনোৰঞ্জনৰ বাবে প্ৰয়াস কৰোঁ, এয়া আমাৰ ৰাজকাৰ্য বুলি গণ্য কৰোঁ আৰু এই চুক্তি আজিৰ পৰা বহুবছৰৰ আগতেই হৈ গৈছে। বিচাৰপতি মহোদয়, আপুনি নিজেও বহুবাৰ তেনে নৃত্যানুষ্ঠানৰ দৰ্শক হৈ আমাক কৃতাৰ্থ কৰিছে।”

মনুদেৱৰ চকু থৰ হৈ গ’ল ঘপহকৈ, চিহনাদৰ মুখ মেল খাই গ’ল আৰু প্ৰভাই অবাক হৈ মোলৈ চাই ৰ’ল। বিচাৰপতিয়ে মোক সুধিলে,

“দেৱী আম্ৰপালী, আপোনাৰ অভিযোগ খণ্ডন কৰিব পৰাকৈ কিবা সাক্ষ্য আছেনে আপোনাৰ ওচৰত?”

অলপ দেৰি চিন্তা কৰিলোঁ মই, তাৰ পাছত ক’লোঁ, “আছেতো, এই সভাকক্ষৰ চৌপাশে থকা বৈশালীবাসীক প্ৰশ্ন কৰক, কালি আমাৰ নৃত্যানুষ্ঠানত উপস্থিত থকা যিকোনো ব্যক্তিকে সুধি চাব পাৰে, কালি সকলোৱেই দেৱী প্ৰভাৰ নৃত্য উপভোগ কৰি আহিছে।”

ৰজা মনুদেৱে আসনত পোন হৈ বহিল। মোৰ আত্মবিশ্বাস দেখি চিহনাদ কিছু অপ্ৰস্তুত।

“যোৱানিশা আম্ৰকুঞ্জৰ নৃত্যানুষ্ঠান উপভোগ কৰা কেইজনমান দৰ্শকক হাজিৰ কৰা যাওক।”, বিচাৰপতিয়ে নিৰ্দেশ দিলে।

চন্তৰীয়ে সভাকক্ষৰ পিছফালে ঠিয় দি থকা কেইজনমান সাধাৰণ প্ৰজাক মাতি আনিলে। বিচাৰপতিয়ে সুধিলে,

“হে প্ৰজাগণ, আপোনালোকে কওকচোন, যোৱানিশাৰ নৃত্যানুষ্ঠানত দেৱী প্ৰভাই নৃত্য পৰিৱেশন কৰিছিল নে?”

সকলোৱে সমস্বৰে চিঞৰিলে, কৰিছিল, দেৱী প্ৰভাই ওৰেটো নিশা তেওঁলোকৰ বাবে নৃত্য পৰিৱেশন কৰিছিল।

ৰজা মনুদেৱ আসনৰ পৰা থিয় হৈ দিলে, মিছা কথা, এওঁলোকে মিছা কৈছে, আমাৰ সৈন্যবাহিনীয়ে দেৱী প্ৰভাক কল্কিনাথৰ গৃহত প্ৰৱেশ কৰা দেখি আহিছে।

এইবাৰ মই আশ্চৰ্য প্ৰকাশ কৰি ক’লোঁ, “আপোনাৰ সৈন্যবাহিনী! আপোনাৰ সৈন্যবাহিনীয়ে কল্কিনাথৰ বাসভৱনত কি কৰি আছিল? আৰু অকলশৰীয়া নাৰী এগৰাকীক তেওঁলোকে কিয় বাধা দিব নোৱাৰিলে? মোৰতো এনে লাগিছে যেন কিবা ব্যক্তিগত কাৰণত আপুনিয়েই নেতা কল্কিনাথক হত্যা কৰি দোষটো আমাৰ ওপৰত জাপি নিজে বাচিবলৈ বিচাৰিছে।”

বিচাৰপতিৰ বিচাৰত খেলিমেলি লাগি গ’ল। ৰজা মনুদেৱৰ সৈন্যবাহিনীয়ে কল্কিনাথৰ বাসভৱনত কি কৰি আছিল? আৰু যদি এই সৈন্যবাহিনী তাত উপস্থিত আছিল, তেন্তে এগৰাকী নাৰীৰ হাতৰ পৰা কল্কিনাথক উদ্ধাৰ কৰিব নোৱৰাৰ কি কাৰণ থাকিব পাৰে?
ৰজা মনুদেৱে এইবাৰ ক’বলৈ ধৰিলে, “নেতা হিচাপে কল্কিনাথ এজন যোগ্য ব্যক্তি আছিল আৰু তেওঁৰ মৃত্যু বৈশালীৰ বাবে এটা ডাঙৰ ক্ষতি। কিন্তু তেওঁৰ মৃত্যু এটা সহজ মৃত্যু নহয়, বৰঞ্চ ই এটা সুপৰিকল্পিত আৰু শীতল মগজুৰে সম্পন্ন কৰা হত্যাকাণ্ডহে। গতকালি দিনৰ দ্বিতীয় প্ৰহৰত ইক্ষ্বাকু দলৰ নেতা কল্কিনাথে আহি আমাৰ ওচৰত এই শংকা ব্যক্ত কৰিছিল আৰু দেৱী প্ৰভা যে নৈশযাপনৰ বাবে কালি নিশা তেওঁৰ গৃহলৈ অহাৰ কথা, সেয়া আমাৰ ওচৰত ব্যক্ত কৰিছিল। তেওঁৰ নিৰাপত্তাৰ বাবে মই আধাডজন সেনানী তেওঁৰ বাসভৱনলৈ পঠিয়াই দিছিলোঁ। কিন্তু বিধিৰ বিপাক, মোৰ সৈন্যই তেওঁক মৃত্যুৰ পৰা বচাব নোৱাৰিলে।“

বিচাৰপতিয়ে মোৰ মুখলৈ চালে। হাঁহি দিলোঁ মই,

“মাননীয় বিচাৰপতি, মই কেইটামান কথা বুজি পোৱা নাই, প্ৰথমটো এয়ে যে, মৃত্যুভয় থকাৰ পাছতো কল্কিনাথে কি কাৰণত দেৱী প্ৰভাক নিজ গৃহলৈ আমন্ত্ৰণ জনাব। দ্বিতীয়তে, অকলশৰীয়া, নিৰস্ত্ৰ নাৰী এগৰাকীক ছজনকৈ সেনানীয়ে পৰাভূত কৰিব নোৱৰাৰ কি কাৰণ থাকিব পাৰে। তৃতীয়তে, এই সকলোবোৰ কথা আগতীয়াকৈ জনাৰ পিছতো ৰজা মনুদেৱে কিয় নিৰাপত্তা দিব নোৱাৰিলে কল্কিনাথক? এই গোটেই কথাবোৰেই প্ৰকৃততে এটা প্ৰহসন নহয়নে?

আকৌ ক’বলৈ ধৰিলোঁ মই,

“মাননীয় বিচাৰপতি মহোদয়, মই এই বিচাৰৰ ৰায় মানি ল’বলৈ সাজু আছোঁ। যদি মই প্ৰকৃতপক্ষেই দোষী, মোৰ হাত মেলি দিছোঁ, পোতাশাললৈ নিক্ষেপ কৰক মোক নতুবা গংগাত উটুৱাই দিয়ক। কিন্তু বৈশালীৰ হৈ মই এটা প্ৰশ্নৰ উত্তৰ বিচাৰিছোঁ।

সভাত মৌনতাই বিৰাজ কৰিলে। বিচাৰপতিয়ে মোৰ ফালে চাই মূৰ দুঁপিয়ালে। সন্মতি পাই মই ক’বলৈ ধৰিলোঁ,

“ৰজা মনুদেৱৰ কথাবোৰ যদি সঁচা বুলি ধৰিও লওঁ, যদি কল্কিনাথে সঁচাকৈয়ে বৈশালীনৃপতিক মৃত্যুভয়ৰ এই শংকা আগতীয়াকৈ জনাইছিল আৰু বৈশালীনৃপতিয়ে এই শংকা দূৰ কৰাত অসমৰ্থ হ’ল, বৰঞ্চ তেওঁক মৃত্যুমুখলৈ ঠেলি দিলে, তাৰ বাবে তেওঁ বৈশালীবাসীৰ ওচৰত দায়বদ্ধ। কল্কিনাথৰ দৰে নেতা এজনকে তেওঁ নিৰাপত্তা দিব নোৱাৰিলে, বৈশালীৰ জনগণক তেওঁ কিদৰে নিৰাপত্তা দিব পাৰিব? নিৰাপত্তা দিব নোৱৰা এজন ব্যক্তিক গণতন্ত্ৰই কিয় ৰাজ্যভাৰৰ দায়িত্ব দিব?”
সভাকক্ষৰ চৌপাশে অৱস্থান লোৱা জনগণৰ মাজত গুনগুণনি উঠিল। গুণগুণনি উঠিল ৱিজ্জী পৰিষদৰ সদস্যসকলৰ মাজত। তেওঁলোকৰ নিৰ্বাচিত নেতালৈ এইদৰে আঙুলি টোৱাবলৈ কাৰো সাধ্য নাছিল। কিন্তু কথাটোতো মিছাও নহয়। প্ৰকৃত নেতা এজন আগবঢ়াই দিব নোৱাৰিলে ৱিজ্জী পৰিষদ ভাগি যাব। সংখ্যাগৰিষ্ঠ লিচ্ছবিদলৰ মূল নেতাজনৰ বাবে ৱিজ্জী পৰিষদ ভাগি গ’লে দলৰ শক্তি কমি যাব। ৰজা মনুদেৱৰ বিপক্ষে সৰৱ হৈ উঠিল লিচ্ছবিদলৰ কিছু সদস্যও। এইজন নেতাই তেওঁলোকৰ দায়িত্ব পালন কৰিব পৰা নাই, এইজন নেতাৰ দায়িত্বহীনতাৰ বাবে বৈশালীবাসীয়ে কল্কিনাথৰ দৰে যোগ্য নেতা এজনক হেৰুৱাবলগীয়া হ’ল ইত্যাদি ঢেৰ অভিযোগেৰে ৰজা মনুদেৱক থকা-সৰকা কৰি ৱিজ্জী পৰিষদ ভাগি দিবলৈ উদ্যত হ’ল।
কল্কিনাথৰ হত্যাকাৰীৰ কথা তল পৰিল। বিচাৰপতিয়ে বিচাৰৰ দিন পিছুৱাই দিলে। সহস্ৰ জনতাৰ আবেষ্টনীৰ মাজত আমি দুয়ো গৃহমুখী হ’লোঁ। বৈশালীৰ আকাশে-বতাহে জনতাৰ কণ্ঠ ধ্বনিত হ’ল,

“দেৱী আম্ৰপালীৰ জয় হওক। মনুদেৱৰ পতন হওক।”

কল্কিনাথৰ মৃত্যুৰ লগে লগে বৈশালী ৰাজসভাত বেলেগ এটা সমস্যাহে গা কৰি উঠিল। সেয়া হ’ল বৈশালীৰ ৰজা নিৰ্বাচনৰ প্ৰক্ৰিয়া। শাসনত থকা লিচ্ছবিদলে কোনো কাৰণতে মনুদেৱক নেতা হিচাপে মানি ল’ব নুখুজিলে। যোগ্য নেতা হিচাপে যুদ্ধবীৰক প্ৰক্ষেপ কৰি লিচ্ছবিদলে নিৰ্বাচনী ৰণৰ বাবে সাজু হ’ল। বয়স, অভিজ্ঞতা আৰু দক্ষতাৰ ফালৰ পৰা যুদ্ধবীৰৰ সমকক্ষ কোনো নাছিল।

বৈশালীৰ ৰাজনীতিত ৰজা মনুদেৱৰ এই পতন চুবুৰীয়া ৰাজ্যৰ ৰজাসকলৰ কাণত পৰিবলৈ বেছি সময় নালাগিল। চোৰাংচোৱাৰ যোগেৰে মগধৰাজ বিম্বিসাৰৰ কাণতো পৰিল এই কথা। কাণত পৰিল নেতা কল্কিনাথৰ আচম্বিক মৃত্যুৰ কথা, কাণত পৰিল আম্ৰপালীলৈ বৈশালীনৃপতিয়ে আঙুলি টোওৱাৰ কথা। মনৰ নক্সাত এই সমূহ উত্থান- পতনৰ বিন্দু আঁকি থিৰেৰে থাকিব নোৱাৰিলে তেওঁ। অশ্বপালকক তেওঁৰ বাবে বেগী ঘোঁৰা এটা সাজু কৰিবলৈ গৈ পুত্ৰ অজাতশত্ৰু আৰু ৰাণী চেলেনাৰ সৈতে ৰাজকাৰ্য সম্পৰ্কীয় আলোচনাত মিলিত হ’ল। তাৰ পাছত তেওঁ ৰাণী ক্ষেমাৰ ওচৰ পালেগৈ। অসময়ত স্বামীৰ উপস্থিতিত হাঁহাকাৰ লাগি গ’ল ৰাণীৰ। কি হৈছে তেওঁৰ স্বামীৰ? মুখখনত কি চিন্তাৰ প্ৰচ্ছায়া সেয়া? কি লুকুৱাইছে তেওঁৰ পৰা? এনেকুৱা হাজাৰটা প্ৰশ্নৰে তেওঁৰ সুকোমল বক্ষৰ কপৌজনী ধৰফৰাই উঠিল। স্বামীয়ে আহি তেওঁৰ কান্ধত হাত থ’লে।

“ৰাণী ক্ষেমা, গোপন যাত্ৰা এটালৈ ওলাইছোঁ।”

“মোৰ পৰাও গোপন কৰাৰ কি কাৰণ স্বামী? মইতো আপোনাৰ অশুভচিন্তক নহয়।“

“নাই ক্ষেমা, সেইদৰে নক’বা। পাপে চুব মোক।”

পত্নী ক্ষেমাৰ চকুৰে অশ্ৰু নিগৰি আহে। পূৰ্বতে মৃগয়া নতুবা ভ্ৰমণলৈ ৰাণী ক্ষেমাক লগত লৈ ফুৰা বিম্বিসাৰে আজিকালি তেওঁৰ পৰা আঁতৰি ফুৰে। স্বামীৰ এই একাকী যাত্ৰাৰ কাৰণ পত্নীৰ ওচৰত গোপন কৰাটো তেওঁৰ বাবে দুৰ্ভাগ্যৰ কথা হয়নে নহয়? কিন্তু তাতকৈ বেছি উৎসুকতা দেখুৱাবলৈ নতুবা অধিকাৰ দেখুৱাবলৈ তেওঁক ৰাজকীয় আভিজাত্যই বাধা দিয়ে।আত্মসন্মানো কম নহয় তেওঁৰ? কিয় সুধিব আগতীয়াকৈ তেওঁ? নোসোধে, আলবৎ নোসোধে। অশ্ৰুও নেদেখুৱায় তেওঁ। লুকুৱাই থ’ব সমস্ত ব্যথাবোৰ। মুখখন ঘূৰাই তেওঁ দেৱালৰ ফালে চাই ৰয়।

“ৰাণী, তুমি এনে আচৰণ কৰিলে কিদৰে যাত্ৰা আৰম্ভ কৰোঁ মই?”

“মই ঠিকেই আছোঁ মহাৰাজ। আপুনি নিচিন্তমনে যাত্ৰা আৰম্ভ কৰিব পাৰে।“

স্বাভাৱিক অৱস্থালৈ আহিব খোজে ৰাণী। বিম্বিসাৰে তেওঁক আলফুলকৈ বুকুত সাবটি ধৰে। গংগা নৈয়ে পৃথক কৰি থোৱা নগৰ এখনত প্ৰতীক্ষাৰতা নাৰী মূৰ্তি এটি জিলিকি উঠে তেওঁৰ চকুত। অস্ফূট স্বৰেৰে বিৰবিৰাই উঠে তেওঁ, “দেৱী আম্ৰপালী। মোৰ সমস্ত গোপনীয়তাৰ আঁৰৰ নাৰীগৰাকী হৈছে দেৱী আম্ৰপালী।”

বান্ধোন এৰি দিয়ে পত্নী ক্ষেমাই। কি শুনিলে তেওঁ? অন্তৰংগ ক্ষণতো তেওঁৰ স্বামীয়ে কাৰ নাম জপ কৰিলে? কিয় জপ কৰিলে আন নাৰীৰ নাম? তেওঁতো কেৱল পত্নীধৰ্ম পালন কৰি থকা নাই। তেওঁ একেধাৰে বিম্বিসাৰৰ প্ৰেমিকা, বিম্বিসাৰৰ শুভাকাংক্ষী, ৰজা বিম্বিসাৰৰ হৃদয়ৰ সংগিনী। তেতিয়াহ’লে?

মনৰ কোলাহল মনতে ৰাখি তেওঁ বিম্বিসাৰক প্ৰশ্ন কৰে,
“কোন হয়? বৈশালীৰ নগৰগণিকা? এগৰাকী নগৰগণিকাৰ ওচৰলৈ দেশ-বিদেশৰ সকলো পুৰুষৰ আগমণ ঘটিব পাৰে। তাত গোপনীয়তাৰ প্ৰসংগ কি থাকিব পাৰে?”

“গোপনীয়তাৰ প্ৰসংগ থাকিব পাৰে ৰাণী। তেওঁ মোৰ বাবে নগৰগণিকা নহয়, তেওঁ মোৰ বাবে প্ৰেয়সী, মোৰ আত্মাৰ ধ্বনি।”

কথাখিনি কৈ তেওঁ নৰ’ল। ৰজাৰ সাজ সোলোকাই ছদ্মবেশী সাজ ধাৰণ কৰি ঘোঁৰা চেঁকুৰাই তেওঁ যাত্ৰা আৰম্ভ কৰিলে সেই চিনাকী প্ৰদেশলৈ, সেই প্ৰতীক্ষাৰতা নাৰীৰ কুঞ্জলৈ।
ঘোঁৰাৰ খটখট শব্দৰ বাহিৰে আন শব্দ নুশুনা নিৰ্জন পথটোত তেওঁৰ কাণত ভাঁহি থাকে আকুল কণ্ঠেৰে দেৱী আম্ৰপালীয়ে তেওঁলৈ এৰি থোৱা সেই প্ৰশ্ন,
“প্ৰতীক্ষাৰতা নাৰীৰ চকুৰ দৃষ্টি দেখিছানে বিক্ৰম? যি দৃষ্টি বিয়পি থাকে দিগবলয়ৰ সিপাৰলৈ, সেই দৃষ্টিয়ে হাজাৰ মাইল দূৰত্বত থকা প্ৰেমিকক বন্দী নকৰিবই বা কিয়?”
বেগী ঘোঁৰাৰ বেগ দুগুণ হয়, চকু বন্দী হয় লক্ষ্যত। তাতোকৈ বেগেৰে আত্মাই আগুৱাই গৈ দেৱীৰ হৃদয়ত প্ৰেমিকৰ আগমনৰ সংকেত দিয়ে। মনুদেৱৰ অপসাৰণ কিম্বা যুদ্ধবীৰৰ ৰাজনৈতিক উত্থান একোতেই সুখী হ’ব নোৱৰা দেৱীৰ হৃদয়ৰ কোনোবা এটা কোণত হঠাতে শিহৰণৰ বন্যা নামে। চিনাকী ঘোঁৰাৰ খট খট শব্দৰ লগত যেন বিলীন হৈ যায় তেওঁৰ বুকুৰ ধপধপনিৰ শব্দ।


(আগলৈ)

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments