অনুবাদ সাহিত্য আৰু উত্তৰ-স্বাধীনতা কালত গল্প-উপন্যাসৰ অসমীয়া অনুবাদ: এটি টোকা

লেখক- মিতালী বৰ্মন

ভাষা আৰু সাহিত্যৰ মাজত এক অঙ্গাঙ্গি সম্পৰ্ক আছে। আমি সকলোৱেই জানো, সাহিত্য হ’ল সমাজৰ দাপোনস্বৰূপ। ভাষাই সাহিত্যক এটা নিৰ্দিষ্ট ৰূপত উপস্থাপন কৰে য’ত সমাজ একোখনৰ প্ৰতিফলন দেখা যায়। পৃথিৱীৰ যিকোনো সাহিত্যতে অনুবাদ সাহিত্যৰ ভূমিকা লেখত ল’বলগীয়া। অসমীয়াকে আদি কৰি আন ভাৰতীয় ভাষাসমূহত অনুবাদৰ জৰিয়তে সাহিত্যৰ উকমুকনি হৈছিল। সংস্কৃত ভাষাত ৰচিত সাহিত্যসমূহৰ অনুবাদ আটাইবোৰ ভাৰতীয় ভাষাতেই হৈছে আৰু মন কৰিবলগীয়া কথা যে তাৰপাছতহে এই ভাষাসমূহত সৃষ্টিশীল সাহিত্যই গজালি মেলিছিল। আন নালাগে, অসমীয়া ভাষাটোলৈ মন দিলেই উমান পাব পাৰি যে প্ৰাচীন অসমীয়া সাহিত্যৰ আটাইখিনি ৰচনাই ক্লাচিকেল সাহিত্যৰ অনুবাদহে আছিল। 

১/ অনুবাদ সাহিত্য 

অনুবাদ সাহিত্য হ’ল, এটা ভাষাত ৰচিত সাহিত্যক আন এটা ভাষাত পুনৰ সৃষ্টি কৰাৰ এক সাহিত্যিক সৃজনশীলতা। সংস্কৃত ‘ৱদ’ ধাতুৰ অৰ্থ হ’ল ‘কোৱা’। ‘ৱদ’ ধাতুৰ লগত ‘-ঘঞ’ প্ৰত্যয় যোগ হৈ ‘ৱাদ’ শব্দটো সৃষ্টি হৈছে। ‘ৱাদ’ শব্দৰ লগত ‘পিছত’ বুজাবলৈ ‘অনু’ উপসৰ্গটো ব্যৱহাৰ কৰা হৈছে। অৰ্থাৎ অনুবাদ শব্দটোৰ ব্যুৎপত্তি হ’ল: অনু-√ৱদ+ঘঞ; এই ব্যুৎপত্তিৰ ফালৰপৰা অনুবাদ মানে হ’ল, কোনোৱে আগতে কোৱা কথা পুনৰ কোৱা। প্ৰায়বোৰ ভাৰতীয় ভাষাতে যেনে, অসমীয়া, বাংলা, উড়িয়া, পাঞ্জাবী, গুজৰাটী, মাৰাঠী, তেলেগু, কান্নাড়া আদিত ‘অনুবাদ’ শব্দটো ব্যৱহাৰ কৰা হয়। অসমীয়া ভাষাত অনুবাদৰ বাবে ‘ভাঙনি’ শব্দটোও ব্যৱহাৰ কৰা হয়। আৰবী আৰু পাৰ্চী ভাষাৰ প্ৰভাৱত বহুতো ভাৰতীয় ভাষাত অনুবাদৰ বাবে ‘তৰ্জমা’ শব্দটোও ব্যৱহাৰ কৰা হয়। ইংৰাজী ভাষাৰ Translation শব্দটো লেটিন Translatio শব্দৰপৰা উৎপত্তি হৈছে। যাৰ অৰ্থ হৈছে, কোনো তথ্য এটা ভাষাৰপৰা আন ভাষালৈ নিয়া কাৰ্য্য। অনুবাদ কাৰ্য্যৰ লগত কমেও দুটা ভাষা জড়িত হৈ থাকে। যিটো তথ্য বা পাঠ অনুবাদ কৰিবলৈ লোৱা হয় তাৰ ভাষাক উৎস ভাষা বা স্ৰোত ভাষা (ইংৰাজীত Source language, চমুকৈ SL) আৰু অনূদিত ভাষাটোক লক্ষ্য ভাষা (ইংৰাজীত Target language, চমুকৈ TL) বুলি কোৱা হয়। 

১.১ অনুবাদৰ শ্ৰেণীবিভাগ: 

অনুবাদ কেনেধৰণে কৰিব পাৰি বা অনুবাদ কেইপ্ৰকাৰৰ এই বিষয়ে সাহিত্য সমালোচক আৰু তত্ত্ব বিশেষজ্ঞসকলে নানা আলোচনা কৰিছে যদিও এই বিষয়ে এটা নিৰ্দিষ্ট সিদ্ধান্তত উপনীত হ’ব পৰা নাযায়। তথাপি আলোচনাৰ সুবিধাৰ্থে প্ৰকৃতি, প্ৰক্ৰিয়া আৰু ভাষিক মাধ্যমৰ ভিত্তিত অনুবাদক বিভিন্ন ভাগত ভগাব পাৰি। প্ৰকৃতি অনুসৰি অনুবাদক শব্দানুবাদ, ভাবানুবাদ, ছায়ানুবাদ, সাৰানুবাদ, ব্যাখ্যানুবাদ, ৰূপান্তৰণ, মৌখিক অনুবাদ, লিপ্যাংকন, লিপ্যন্তৰণ আদি ভাগত ভগাব পাৰি। পাঠ্যধৰ্মী আৰু প্ৰভাৱধৰ্মী অনুবাদক প্ৰক্ৰিয়াভিত্তিক অনুবাদৰ অন্তৰ্গত কৰা হয়। আকৌ, ভাষিক মাধ্যমৰ ভিত্তিত অনুবাদক আন্তঃভাষিক, অন্তৰভাষিক আৰু প্ৰতীকান্তৰ অথবা অন্তৰ প্ৰতীকাত্মক হিচাপে শ্ৰেণীবদ্ধ কৰা হয়। 

১.২ অনুবাদৰ সুবিধা-অসুবিধা: 

মুকলি অনুবাদ বা ভাবানুবাদত অনুবাদকে অনুবাদত যথেষ্টখিনি সুবিধা পায়। সৃষ্টিশীল সাহিত্যৰ ক্ষেত্ৰত ভাবানুবাদৰ জনপ্ৰিয়তা অধিক। স্ৰোত ভাষাৰ পাঠৰ মূল ভাব বা আদৰ্শটো অক্ষুণ্ণ ৰাখি বাকী পটভূমি আৰু চৰিত্ৰসমূহ অনুবাদকে নিজৰ ঠাইৰ অনুকূল কৰি সজাই ল’ব পাৰে। উদাহৰণস্বৰূপে, মাধৱ কন্দলিয়ে বাল্মীকিৰ সপ্তকাণ্ড ৰামায়ণৰ অসমীয়া ভাঙনিত অসমত দেখা গছ-গছনি, ফুল-পাতক স্থান দিছে, ৰাম-সীতাৰ বিয়াত মহিলাসকলে উৰুলি দিছে। একেদৰে, শংকৰদেৱে অসমীয়া জনমানসলৈ লক্ষ্য ৰাখি ৰচনাৰ মাজত মূল সাহিত্যত নথকা কিছু নতুন চৰিত্ৰৰো সৃষ্টি কৰি সংযোজন কৰিছে ইত্যাদি। সেয়ে পুৰণি বা আধুনিক সাহিত্যত এনেধৰণে হোৱা অনুবাদক ‘ৰি-ক্ৰিয়েশ্যন’ অৰ্থাৎ মূল সাহিত্যৰ পুনৰনিৰ্মাণ বুলিও ক’ব পৰা যায়। 

অনুবাদ সাহিত্যই এখন সমাজক আন এখন সমাজৰ, আন এখন ঠাইৰ, ৰাজ্য বা দেশৰ সামাজিক-সাংস্কৃতিক ৰূপৰ সৈতে অৱগত কৰায়। গৱেষকসকলেও ভবিষ্যতে তাৰ ওপৰত ভিত্তি কৰিয়ে তুলনামূলক অধ্যয়ন কৰে। অনুবাদ কৰোঁতে এনে কিছুমান শব্দ পোৱা যায় যিবোৰ হয়তো কোনো ভাষা-ভাষী লোকৰ বাবে অপৰিচিত, কিন্তু যিগৰাকী ব্যক্তিৰ লেখা (সকলোধৰণৰ লেখাক সাঙোৰা হৈছে) অনুবাদ কৰিবলৈ লোৱা হৈছে তেখেতসকলৰ সমাজৰ বাবে সেইবোৰ শব্দ অতি আপোন আৰু সংস্কৃতিৰ ধ্বজ্জাবাহক। উদাহৰণস্বৰূপে, মোপাচাৰ “দা নেকলেচ” শীৰ্ষক গল্পটো ড° মহেন্দ্ৰ বৰাই ‘কণ্ঠহাৰ’ নামেৰে অনুবাদ কৰিছে। এই গল্পটোত ফ্ৰা, লুই আদি শব্দ আছে যিবোৰে আমাৰ টকা-পইচাৰ দৰে ফৰাচী মুদ্ৰাৰ হিচাপ বুজায়। গল্পটো অনুবাদ কৰোঁতে অনুবাদকে ফ্ৰা, লুই শব্দকেইটা মূল গল্পটোত থকাৰ দৰেই ব্যৱহাৰ কৰিছে। পাঠকে এই গল্পটো পঢ়ি যাওঁতে গল্পটোৰ গতিময়তাৰ লগত ছন্দ মিলাই বুজি পায় যে ফ্ৰা, লুই ফ্ৰান্সৰ মুদ্ৰা। এইদৰে অনুবাদে দুখন দেশ, দুখন সমাজৰ মাজত সংযোগী সাঁকো হিচাপে ভূমিকা পালন কৰে। একেদৰে ধৰা হ’ল, কোনো এটা অসমীয়া গল্পত ‘শৰাই’ৰ উল্লেখ আছে আৰু গল্পটো কোনো এগৰাকী অনুবাদকে আন ভাষালৈ (দেশী/বিদেশী) অনুবাদ কৰিবলৈ লৈছে। তেওঁ ‘শৰাই’ক কি বুলি অনুবাদ কৰিব? আন ভাষা কোৱা লোকৰ বাবে এই শব্দটো নতুন, কিন্তু এই একেটা শব্দই অসমীয়া সমাজখনৰ সংস্কৃতিৰ পৰিচয় বহন কৰে। তেনেক্ষেত্ৰত শব্দটো যেনেকৈ আছে তেনেকৈয়ে ব্যৱহাৰ কৰা উচিত। কাৰণে অনুবাদ কৰা ব্যক্তিগৰাকীয়ে তেওঁৰ অনুবাদৰ জৰিয়তে অসমীয়া সমাজখনৰ সংস্কৃতিৰো উমান আন এখন সমাজক দিব। কিন্তু তাৰ আগতে অনুবাদ কৰা ব্যক্তিগৰাকীয়ে (যদিহে তেওঁ অসমীয়া সংস্কৃতিৰ বিষয়ে জ্ঞাত নহয়) ‘শৰাই’ কি বস্তু নিজে জানিব লাগিব, নাজানিলে অনুসন্ধান কৰিব লাগিব, নিজৰ অনুসন্ধিৎসু মনটোক প্ৰতি পল সজাগ কৰি ৰাখিব লাগিব। গল্পটোৰ কাহিনীভাগত তেওঁ ‘শৰাই’ক অনুবাদ নকৰি সেইদৰে ৰাখি গল্পটোৰ শেষত ‘শৰাই’নো কি সেই বিষয়ে অনূদিত ভাষাৰ পাঠকক জনাবলৈ এটা টোকা দিয়া উচিত। 

বহুতো লোকে অনুবাদ কৰোঁতে টান পোৱা বা বুজি নোপোৱা শব্দ/বাক্য এৰি যায়। কথাটো ঠিক ইংৰাজী পঢ়িবলৈ টান পোৱা বিদ্যাৰ্থীয়ে পঢ়ি থকাৰ মাজত উচ্চাৰণ কৰিবলৈ টান পোৱা শব্দটো এৰি যোৱাৰ দৰে একে। বিদ্যাৰ্থীগৰাকীয়ে বাক্যৰ মাজত যিদৰে টান পোৱা শব্দটোনো কি, কেনেকৈ উচ্চাৰণ কৰে বা তাৰ অৰ্থ কি বুজিবলৈ চেষ্টা নকৰাৰ ফলত বাক্যটোৰ অৰ্থ সম্পূৰ্ণকৈ ফুটি নুঠে একেদৰে অনুবাদ কৰোঁতেও টান পাই বা বুজি নাপাই শব্দ/ বাক্য এৰি যোৱাৰ ফলত লেখাটোৰ প্ৰতিপাদ্য বিষয়ত বিঘিনি ঘটে বা ঘটিব পাৰে। তাতকৈয়ো ডাঙৰ কথা মূল লিখক, তেখেতৰ লেখাটো বা লেখাটোৰ আঁৰত থকা তেখেতৰ অনুভূতিক বা তেখেতৰ সমাজখনক আঘাত কৰাৰ অনুমতি কোনো অনুবাদকৰ্তাৰ নাই। অনুবাদৰ কামটো অতি সংবেদনশীল। অনুবাদকে অনুবাদ কৰাৰ সময়ত মূল লিখকগৰাকীৰ সমাজখনৰ লগত মনঃসংযোগ কৰিব পাৰিব লাগিব। উদাহৰণস্বৰূপে, ৰাজেন্দৰ সিং বেদীৰ ‘লাজৱন্তী’ দেশ বিভাজনৰ পটভূমিত লিখা এটা মনোৰম গল্প। গল্পটোৰ কাহিনীভাগত গল্পকাৰে ‘থেৰচাইটিচ’ আৰু ‘টাইমন’ৰ উল্লেখ কৰিছে। থেৰচাইটিচ আৰু টাইমননো কি বা কোন, গল্পটোৰ মাজলৈ এই শব্দ দুটাৰ আগমন কিয় ঘটিল, গল্পটোৰ লগত এই শব্দ দুটাৰ সংযোগ আৰু সংগতি কি এই বিষয়ে অনুবাদকে অনূদিত ভাষাৰ পাঠকক জনোৱাৰ আগতে নিজে জানিব লাগিব, সেই সময়ৰ সমাজখন অধ্যয়ন কৰিব লাগিব, গল্পটো লিখাৰ আঁৰৰ পটভূমি বিচাৰ কৰিব লাগিব। যদি শব্দ দুটা বুজি নাপাই এৰি থৈ যায় তেন্তে অনূদিত ভাষাৰ পাঠকে নিৰ্ঘাত কোনো সুন্দৰ উপমাৰ সোৱাদ পোৱাৰপৰা বঞ্চিত হ’ব। সেয়েহে অনুবাদ সাহিত্যৰ ক্ষেত্ৰত সদায় এক পৰস্পৰবিৰোধী মতবাদ চলি থাকে। সমালোচকসকলৰ এচামৰ মতে, সাহিত্যৰ ভাবানুবাদ মূল লিখকজনৰ প্ৰতি আঘাতস্বৰূপ। কিন্তু আন এচামৰ মতে অনুবাদকৰ ভাবানুবাদৰ সৃষ্টিশীলতাই মূল লিখকজনক আন এখন দেশৰ সাহিত্যত নতুনকৈ পৰিচয় কৰি দিয়াত সহায়ক হয়। 

আকৌ প্ৰতিটো ভাষাই নিজস্ব লোক-সাহিত্য, জঁতুৱা-ঠাচ, প্ৰবাদ, ফকৰা-যোজনা, শব্দ-সম্ভাৰ আদিৰে সমৃদ্ধ। আকৌ অসমীয়াৰ দৰে ভাষাত সম-উচ্চাৰণৰ অথচ ভিন্ন অৰ্থবোধক শব্দৰো পয়োভৰ আছে। গতিকে অনুবাদকে এইবোৰ দিশলৈয়ো চকু ৰখা উচিত। এটা সহজ বাক্য উদাহৰণস্বৰূপে লৈছোঁ, “হাতত মোনাখন লৈ দেউতা হাটলৈ গ’ল।” এই বাক্যটোত ‘হাত’ আৰু ‘হাট’ সম-উচ্চাৰণৰ অথচ ভিন্ন অৰ্থসূচক শব্দ। অনুবাদকে অনুবাদ কৰোঁতে অৰ্থলৈ চাই সম-উচ্চাৰণৰ হ’লেও উপযুক্ত ঠাইত উপযুক্ত অনূদিত শব্দসমূহ ব্যৱহাৰ কৰিব লাগিব। বহুসময়ত একেটা শব্দমালায়ো বেলেগ বেলেগ অৰ্থ প্ৰকাশ কৰিব পাৰে। উদাহৰণস্বৰূপে, “ইস্ এইটো দেখোন ভাতৰ লগত পানী খোৱা কাম” আৰু “কৰ’নাই আমাক ভালকৈয়ে পানী খুৱালে।” এই দুয়োটা বাক্যত “পানী খোৱা” বাক্যাংশৰ অৰ্থ বেলেগ। যিসকল লোকৰ মাতৃভাষা অসমীয়া বা যিসকল লোকৰ অসমীয়া ভাষাত দখল আছে তেখেতেসকলে এই দুয়োটা বাক্যৰে অৰ্থ যে বেলেগ সেয়া বুজি পাব। কিন্তু অনুবাদ কৰাৰ সময়ত কোনো বাক্যৰ শব্দ/বাক্যাংশই কি অৰ্থ বুজাইছে সেই কথা অনুবাদকে মন কৰিব লাগিব। আকৌ কোনো কোনো অনুবাদ আক্ষৰিকভাবে কৰিবলৈ ল’লেও অনুবাদক সমস্যাৰ সন্মুখীন হ’ব পাৰে। বিশেষকৈ জঁতুৱা-ঠাচ বা খণ্ডবাক্যবোৰ অনুবাদ কৰাৰ সময়ত এই সমস্যাই দেখা দিব পাৰে। উদাহৰণস্বৰূপে, It’s raining cats and dogs. এই বাক্যটোক অসমীয়ালৈ ভাঙনি কৰাৰ সময়ত “কুকুৰ-মেকুৰীৰ দৰে বৰষুণ দি আছে” বুলি ক’লে কোনো অৰ্থ প্ৰকাশ নহ’ব। ইংৰাজী cats and dogs খণ্ডবাক্যটিৰ অৰ্থ হ’ল ধাৰাসাৰ বৰষুণ দিয়া। গতিকে বাক্যটো আমি অসমীয়া “ধাৰাসাৰ বৰষুণ দি আছে” বুলি ক’ব লাগিব অথবা, সাহিত্যিক যোজনা সংযোগ কৰি “কলহৰ কাণে বৰষুণ দি আছে।” বা “দবা পিটা বৰষুণ দি আছে।” বুলি ক’ব বা অনুবাদ কৰিব লাগিব। “দবা পিটা বৰষুণ দিয়া” বাক্যাংশ আন ভাষালৈ অনুবাদ কৰাৰ সময়ত এই বাক্যাংশৰ অভিযোজনটো অনুবাদকে জানিব লাগিব। 

২. উত্তৰ-স্বাধীনতা কালত গল্প আৰু উপন্যাসৰ অসমীয়া অনুবাদ: 

অসমীয়া অনুবাদ সাহিত্যৰ ক্ষেত্ৰত এটা কথা লক্ষ্য কৰা যায় যে, অসমীয়াৰপৰা আন ভাষালৈ অনুবাদ কৰাৰ প্ৰৱণতা যিমান তাতকৈ আন ভাষাৰপৰা অসমীয়ালৈ অনুবাদ কৰাৰ প্ৰৱণতা বেছি। অসমীয়া সাহিত্যলৈ, লাগিলে সেয়া কবিতাই হওক, চুটিগল্পই হওক বা উপন্যাসেই হওক আধুনিকতাৰ আগমন ঘটিছিল মূলতঃ দুটা পথেৰে। তাৰে এটা হ’ল, ইংৰাজী সাহিত্যৰ জৰিয়তে আৰু আনটো হ’ল বাংলা সাহিত্যৰ জৰিয়তে। অনুবাদ সাহিত্যৰ ক্ষেত্ৰতো একে কথাই প্ৰযোজ্য। আন ভাষাৰ গল্প বা উপন্যাস এখন অনুবাদ কৰিবলৈ আমি প্ৰধানতঃ ইংৰাজী ভাষাৰ ওপৰত নিৰ্ভৰশীল হ’বলগীয়া হয়। আৰু যদি সেই গল্প বা উপন্যাসৰ বাংলা অনুবাদ হৈছে অসমীয়ালৈ তাৰ অনুবাদ কৰাত কিছুক্ষেত্ৰত আমি বাংলা ভাষাৰ ওপৰতো নিৰ্ভৰ কৰিবলগীয়া হয়। ইয়াৰ কাৰণ হ’ল, আমি বেছি ভাষা নাজানো বা নিশিকোঁ। এই সময়তে আমাৰ মনত এটা প্ৰশ্নৰ উদয় হয় – আমি অনুবাদ কৰিবলৈ লোৱা গল্প বা উপন্যাসখনৰ মূল ভাষাটো নাজানি বেছিভাগ ক্ষেত্ৰত নিৰ্ভৰশীল হোৱা ইংৰাজী অনুবাদটো আচলতে কিমান দূৰ গ্ৰহণযোগ্য? মূল ভাষাটো জনা অনুবাদকে কৰা অনুবাদ আৰু ইতিমধ্যে আন কোনোবাই ইংৰাজীলৈ কৰি থোৱা অনুবাদক ভিত্তি কৰি কৰা অনুবাদটোৰ মাজত পাৰ্থক্য নিশ্চয় থাকিব। এনে দোদুল্যমান পৰিস্থিতিত দ্বিভাষী বা ত্ৰিভাষী অভিধানে আমাক সহায় কৰিব বুলি অনুমান কৰিব পাৰি। এনেধৰণৰ অভিধানৰ প্ৰয়োজনীয়তাও অসমীয়া সাহিত্যত আছে। 

অসমীয়া অনুবাদ সাহিত্যলৈ মন কৰিলে আমি দেখোঁ যে বিদেশী ক্লাচিকেল বা ধ্ৰুপদী সাহিত্যৰ বহুখিনি অসমীয়া ভাষালৈ অনূদিত হৈছে। হোমাৰৰ ‘ইলিয়াড’, ‘অ’ডিচি’, এলবাৰ্ট কেমুৰ ‘দা প্লেগ’, মেক্সিম গৰ্কীৰ ‘দা মাডাৰ’ (মা), টলষ্টয়ৰ ‘ৱাৰ এণ্ড পিচ’ (যুদ্ধ আৰু শান্তি), ‘আন্নাকাৰেনিনা’, ‘ৰেচাৰেকচান’ (পুনৰোজ্জীৱন), পাৰ্ল এচ বাৰ্কৰ ‘গুড আৰ্থ’, মোপাচাৰ ‘বেল-আমি’ আদি অসমীয়া অনুবাদ সাহিত্যৰ উৎকৃষ্ট নিদৰ্শন। ভিক্টৰ হিউগৰ ‘লা মিজাৰেবল’ (দীনদুখী), চাৰ্লচ ডিকেন্সৰ ‘ডেভিড কপাৰফিল্ড’, ‘এ টেল অৱ দু চিটিজ’ (দুখন চহৰ), ‘অলিভাৰ টুইষ্ট’, হেমিংৱেৰ ‘ওল্ড মেন এণ্ড দা চি’ আদিৰো অসমীয়া ভাষালৈ সাৱলীল অনুবাদ হৈছে। জুল ভাৰ্ণেৰ কল্পবিজ্ঞানমূলক কেইবাখনো উপন্যাস, এইচ জি ৱেলচৰ কল্পবিজ্ঞানমূলক উপন্যাস ‘দা ইনভিজিবল মেন’, আগাথা ক্ৰিষ্টিৰ কেইখনমান ডিটেকটিভ উপন্যাস আৰু অৰ্থাৰ কনান ডয়েলৰ ‘চাৰ্লক হোমচ’ চিৰিজৰ কেইবাখনো কিতাপৰ সাৱলীল অসমীয়া অনুবাদ ইতিমধ্যে হৈছে। আকৌ কেতিয়াবা কিছুমান গল্প বা উপন্যাসৰ অনুবাদ বাতৰি কাকত বা আলোচনীৰ পাততে ৰৈ যায়। আমাৰ শৈশৱ-কৈশোৰৰ সংগী সঁফুৰাৰ পাতত জেক লণ্ডনৰ ‘হোৱাইট ফাংক’ৰ অসমীয়া ভাঙনি প্ৰকাশ হৈছিল। পাছলৈ কিতাপ হিচাপে এইখন প্ৰকাশ হৈছিল নে নাই আমাৰ জ্ঞাত নহয়। হয়তো এনেকৈ বহুতো গল্প বা উপন্যাসৰ অনুবাদ আলোচনীৰ বুকুৰ মাজতে লুকাই থাকিল। 

আকৌ গল্পৰ ভিতৰত টলষ্টয়ৰ গল্পসমূহ ফুলেন্দ্ৰ মোহন দাসে ‘টলষ্টয়ৰ গল্প সংকলন’ নামেৰে প্ৰকাশ কৰিছিল। বিদেশী সাহিত্যৰ ভিতৰত টলষ্টয় আৰু মোপাচাৰ গল্পসমূহৰ প্ৰায়ভাগে অসমীয়া ভাষালৈ অনুবাদ হৈছে। অনুবাদকে এইসকলক গল্পকাৰৰ গল্প অনুবাদ কৰাৰ কাৰণ মূলতঃ দুটা বুলি অনুমান কৰিব পাৰি। এক, এই গল্পকাৰসকলে কম পৰিসৰতে বক্তব্যৰ বিৱৰণেৰে গল্পটো সম্পূৰ্ণ কৰে। আৰু দুই, এইসকল গল্পকাৰে মানুহৰ দৈনন্দিন জীৱনৰ সৰু সৰু ঘটনাসমূহক তেওঁলোকৰ গল্পত ঠাই দিছিল আৰু এইবাবেই এনেধৰণৰ গল্পৰ আবেদন প্ৰতিখন সমাজতে খাপ খাই পৰে। এনেধৰণৰ গল্পৰ আবেদন সৰ্বব্যাপি। মোপাচাৰ ‘দা নেকলেচ’ গল্পটো যিদৰে এডাল হীৰাৰ হাৰৰ বাবে এগৰাকী মহিলা আৰু তেওঁৰ পৰিয়ালৰ দুৰ্দশাৰ কাহিনী একেদৰে টলষ্টয়ৰ ‘হাও মাটচ লেণ্ড ডাজ এ মেন নিড’-ও প্ৰতিজন ব্যক্তিৰ দাৰ্শনিক মনৰ অভিব্যক্তি। একেদৰে ও হেনৰী, চেখভ, অস্কাৰ ৱাইল্ড আদিৰ গল্পসমূহৰ ক্ষেত্ৰতো একে কথাই খাটে। ড° মহেন্দ্ৰ বৰাই অনুবাদ কৰা ‘দেশে-বিদেশে গল্প’ নামৰ সংকলনটো অসমীয়া অনুবাদ সাহিত্যত এক উল্লেখযোগ্য সংযোজন। ইয়াত প্ৰায় পোন্ধৰখন দেশৰ সাতাইশটা গল্পৰ অনুবাদ সন্নিবিষ্ট হৈছে। 

বিদেশী ভাষাৰ গল্প, উপন্যাসৰ অসমীয়া অনুবাদৰ উপৰি আন ভাৰতীয় ভাষাসমূহৰো বিভিন্ন গল্প আৰু উপন্যাসৰ অনুবাদ অসমীয়া ভাষালৈ হৈছে। কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰৰ প্ৰায়ভাগ সাহিত্য, শৰৎ চন্দ্ৰ চট্টোপাধ্যায়ৰ দেৱদাস আদিৰ অসমীয়া অনুবাদ উপভোগ্য। একেদৰে আশাপূৰ্ণা দেৱীৰ ‘প্ৰথম প্ৰতিশ্ৰুতি’, মৈত্ৰেয়ী দেৱীৰ ‘নহন্যতে’-ৰ অসমীয়া অনুবাদো হৃদয়পৰশা। হিন্দী সাহিত্যৰ ভিতৰত প্ৰেমচান্দৰ কেইবাখনো উপন্যাস আৰু কেইবাটাও গল্পৰ অসমীয়া অনুবাদ ইতিমধ্যে প্ৰকাশ পাইছে। ড° মামণি ৰয়ছম গোস্বামীয়েও ‘মুন্সি প্ৰেমচান্দৰ গল্প সংকলন’ নামেৰে প্ৰেমচান্দৰ কিছু গল্প অসমীয়ালৈ অনুবাদ কৰিছিল। ফনীশ্বৰ নাথ ৰেণুৰ ‘ময়লা আচল’ৰ অনুবাদো লেখত ল’বলগীয়া। উৰ্দু সাহিত্যিক চাদাদ হাসান মাণ্টোৰো প্ৰায়ভাগ চুটি গল্পৰ অসমীয়া অনুবাদ হৈছে। কিন্তু প্ৰেমচান্দ বা মাণ্টোৰ গল্পৰ আবেদনময়ীতাৰ বাবে সেই গল্পসমূহ আজি পৰ্য্যন্ত বিভিন্নজনে অনুবাদ কৰিয়ে আছে। ড° মলয়া খাওন্দে উড়িয়া ভাষাৰপৰা কৰা ‘দাদি বুঢ়া’ নামৰ গ্ৰন্থৰ অসমীয়া অনুবাদৰ বাবে সাহিত্য অকাডেমী বঁটা লাভ কৰিছিল। একেদৰে পাপৰি গোস্বামীয়ে অনুবাদ কৰা ভীষ্ম সাহানিৰ ‘জালিয়ানৱালাবাগ’, মিথিলেশ্বৰৰ ‘উচ ৰাত কী বাত’ আদিৰ অসমীয়া অনুবাদ সমাদৃত। ভাৰতীয় ভাষাসমূহৰ ভিতৰত হিন্দী, উৰ্দু, পাঞ্জাবী আৰু বাংলা গল্পকাৰৰ প্ৰায় কুৰিটা গল্পেৰে মামণি ৰয়চম গোস্বামী আৰু পাপৰি গোস্বামীয়ে যুটীয়াভাবে অনুবাদ কৰা ‘কলম’ নামৰ সংকলনটো এই ক্ষেত্ৰত উল্লেখযোগ্য। 

আমি দেখিবলৈ পাওঁ যে বিশ্ব সাহিত্যৰ বহুতো গ্ৰন্থ পৃথিৱীৰ বিভিন্ন ভাষালৈ অনূদিত হৈছে। প্ৰসংগক্ৰমে এটা প্ৰশ্ন উত্থাপিত হ’ব পাৰে – কোনবোৰ গল্প বা উপন্যাসৰ অনুবাদ একাধিক ভাষাত হোৱাৰ সম্ভাৱনা আছে? প্ৰশ্নটোৰ উত্তৰ দুইধৰণে দিব পাৰি। যিবোৰ গ্ৰন্থ বহুলভাবে সমাদৃত সেইবোৰ গ্ৰন্থৰ একাধিক ভাষালৈ অনুবাদ হোৱাৰ সম্ভাৱনা থাকে। আকৌ বঁটা-বাহনেৰে মৰ্যাদাপ্ৰাপ্ত গ্ৰন্থসমূহৰো অনুবাদ একাধিক ভাষাত হোৱাৰ সম্ভাৱনা থাকে। তেনেধৰণৰ কেতবোৰ সাহিত্যৰ অনুবাদ অসমীয়া সাহিত্যলৈ হৈছে। একেদৰে জ্ঞানপীঠ বঁটা বিজয়ী সাহিত্যিক মামণি ৰছয়ম গোস্বামীৰো প্ৰায় আটাইখিনি ৰচনাই একাধিক অন্য ভাৰতীয় ভাষা আৰু বিদেশী ভাষালৈ অনূদিত হৈছে। মামণি ৰয়ছমৰ গ্ৰন্থৰ আবেদন আৰু জনপ্ৰিয়তাৰ লগতে সাহিত্য অকাডেমি, জ্ঞানপীঠ বঁটা আদিৰ বাবেও তেখেতৰ সাহিত্যৰাজি একাধিক ভাষালৈ অনূদিত হোৱা বুলি অনুমান কৰিব পাৰি। 

কিছুমান গল্প, উপন্যাসৰ অসমীয়া ভাষালৈ অনুবাদ হৈছে ব্যক্তিগত নিচা আৰু আগ্ৰহৰ বাবে, অন্যহাতে আন কিছুমানৰ অনুবাদ পৰিকল্পিত আৰু আনুষ্ঠানিকভাবে হৈছে। পৰিকল্পিত আৰু আনুষ্ঠানিকভাবে হোৱা অনুবাদৰ ক্ষেত্ৰত সাহিত্য অকাডেমি, নেচনেল বুক ট্ৰাষ্ট, অসম সাহিত্য সভা আদিৰ প্ৰচেষ্টা শলাগ ল’বলগীয়া। তথাপি দেশী-বিদেশী যিমানবোৰ সাহিত্য অসমীয়ালৈ অনুবাদ হৈছে সেয়াও যথেষ্ট নহয়। 

সামৰণি: 

আমাৰ এই চমু লিখনিত বহুখিনি সাহিত্যৰ অনুবাদকৰ নাম মনলৈ অহা নাই। সাহিত্যৰ অন্যান্য অংগক দিয়াৰ দৰে অনুবাদক মান দিয়াত আমি যেন এতিয়াও কিছু পিছ পৰি আছোঁ! তথাপি সম্প্ৰতি ভাৰতবৰ্ষৰ বিভিন্ন বিশ্ববিদ্যালয়ে স্নাতকোত্তৰ পাঠ্যক্ৰমত অনুবাদৰ বিষয়টো সংলগ্ন কৰাটো এক আশাৰ বতৰা। ইং ১৯৬০চনৰ অক্টোবৰ মাহত ইউৰোপীয়ান দেশসমূহ, আমেৰিকা আৰু কানাডাৰ সাহিত্যিকসকলৰ উমৈহতীয়া প্ৰচেষ্টাত ‘ইউৰোপীয়ান ট্ৰানচলেচন চেণ্টাৰ’ প্ৰতিষ্ঠিত হৈছিল। কিন্তু ভাৰতবৰ্ষৰ দৰে বহুভাষিক দেশ এখনত এনেধৰণৰ অনুবাদৰ কোনো আনুষ্ঠানিক অনুষ্ঠান আছে নে নাই আমাৰ জ্ঞাত নহয়। যদি নাই এনে অনুষ্ঠানৰ গঠন হোৱা উচিত আৰু ই ভাৰতীয় অনুবাদ সাহিত্যৰ লগতে অসমীয়া অনুবাদ সাহিত্যৰ ভঁড়ালো চহকী কৰিব বুলি অনুমান কৰিব পাৰি। 

মিতালী বৰ্মন

সহকাৰী অধ্যাপক, 

আধুনিক ভাৰতীয় ভাষা আৰু সাহিত্য অধ্যয়ন বিভাগ

দিল্লী বিশ্ববিদ্যালয়

******************************

সহায়ক গ্ৰন্থপঞ্জী: 

অসমীয়া

কটকী, প্ৰফুল্ল (২০০৮). তুলনামূলক সাহিত্য আৰু অনুবাদ বিচাৰ, গুৱাহাটী: জ্যোতি প্ৰকাশন

বেজবৰা, নীৰাজনা মহন্ত (২০১১). অনুবাদ তত্ত্ব আৰু প্ৰয়োগ, ডিব্ৰুগড়: বনলতা

ইংৰাজী

Das, Bijoy Kumar (1998). The Horizon of Translation Studies, Delhi: Atlantic.

Kalyani, P. K (2001). Translation studies, Delhi: Creative Books.

শিতানটিৰ অন্যান্য লেখাসমূহ পঢ়ক

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Copying is Prohibited!