কমনৱেলথ গেমছ ২০২২ আৰু ভাৰতৰ প্ৰদৰ্শন: এটি পৰ্যালোচনা

লেখক- দীপাঞ্জন কাশ্যপ

২২ সংখ্যক কমনৱেলথ গেমছ ইংলেণ্ডৰ বাৰ্মিংহাম চহৰত ২৮ জুলাইৰ পৰা ৮ আগষ্ট, ২০২২লৈ অনুষ্ঠিত হৈ যায়। ২০১৭ চনৰ ২১ ডিচেম্বৰত বাৰ্মিংহামক কমনৱেলথ গেমছ ২০২২ৰ আয়োজক চহৰ হিচাপে ঘোষণা কৰা হৈছিল। ১৯৩৪ চনৰ লণ্ডন আৰু ২০০২ চনৰ মানচেষ্টাৰৰ পিছত তৃতীয়বাৰৰ বাবে ইংলেণ্ডে সফলতাৰে কমনৱেলথ গেমছৰ আয়োজন কৰে। অৱশ্যে অবিভক্ত যুক্তৰাজ্যত লণ্ডন, মানচেষ্টাৰ আৰু বাৰ্মিংহামৰ উপৰিও কাৰ্ডিফে ১৯৫৮ চনত, এডিনবাৰ্গে ১৯৭০ আৰু ১৯৮৬ চনত আৰু গ্লাছগোৱে ২০১৪ চনত কমনৱেলথ গেমছৰ আয়োজন কৰিছিল। এইবাৰৰ কমনৱেলথ গেমছত সৰ্বাধিক ৭২খন দেশে যোগদান কৰিছিল আৰু অভিলেখ সংখ্যক ১২ লাখতকৈও অধিক টিকট বিক্ৰী হৈছিল। পোনপ্ৰথমবাৰলৈ এইবাৰ পুৰুষতকৈ মহিলাই যোগদান কৰা ইভেণ্টৰ সংখ্যা অধিক আছিল। 

   কমনৱেলথ গেমছ ২০২২ৰ ১৬টা খেলত প্ৰতিনিধিত্ব কৰিবলৈ ভাৰতীয় অলিম্পিক সংস্থাই ২১০ গৰাকী খেলুৱৈ (১০৬জন পুৰুষ আৰু ১০৪ গৰাকী মহিলা) আৰু ১০৭ গৰাকী বিষয়াসহায়ক কৰ্মচাৰীৰ দল ঘোষণা কৰিছিল। ভাৰতে এইবাৰৰ প্ৰতিযোগিতাত ৩x৩ বাস্কেটবল, বীচ্চ ভলীবল, নেটবল আৰু ৰাগবী চেভেনছত প্ৰতিদ্বন্দ্বিতা কৰা নাছিল। ভাৰতীয় পেৰা এথলীটসকলে এথলেটিকছ, পেৰা পাৱাৰলিফটিং, সাঁতোৰ আৰু টেবুল টেনিছত অংশগ্ৰহণ কৰিছিল। হকী খেলুৱৈ মনপ্ৰীত সিং আৰু তাৰকা বেডমিণ্টন খেলুৱৈ পি ভি সিন্ধুক উদ্বোধনী অনুষ্ঠানত ধ্বজাবাহকৰ দায়িত্ব দিয়া হৈছিল। প্ৰতিযোগিতা চলি থকাৰ মাজতে সামৰণি অনুষ্ঠানৰ বাবে ধ্বজাবাহকৰ নাম ঘোষণা কৰা হৈছিল আৰু উক্ত সন্মান যঁচা হৈছিল এইবাৰৰ কমনৱেলথ গেমছত ভাৰতৰ সফলতম খেলুৱৈ অচান্ত শৰথ কমল (টেবুল টেনিছ) আৰু কমনৱেলথ তথা এইবছৰৰ ৱৰ্ল্ড চেম্পিয়নশ্বিপত সোণৰ পদক জয়ী বক্সাৰ নিখট জৰীনক। স্কোৱাছ খেলুৱৈ অনাহাট সিঙ মাত্ৰ ১৪ বছৰ বয়সতে কমনৱেলথ গেমছত অংশগ্ৰহণ কৰা আটাইতকৈ কম বয়সীয়া ভাৰতীয় খেলুৱৈ হিচাপে পৰিগণিত হয়। ৪৫ বছৰীয়া লন বল খেলুৱৈ সুনীল বাহাদুৰ আছিল এই দলটোৰ আটাইতকৈ বয়সস্থ খেলুৱৈ। 

   ভাৰতীয় দলে কমনৱেলথ গেমছ ২০২২ত সৰ্বমুঠ ৬১টা পদক (২২টা সোণ, ১৬টা ৰূপ আৰু ২৩টা ব্ৰঞ্জ) লাভ কৰি পদক তালিকাৰ চতুৰ্থ স্থান দখল কৰে (অষ্ট্ৰেলিয়া, ইংলেণ্ড আৰু কানাডা ক্ৰমান্বয়ে প্ৰথম তিনিটা স্থানত থাকে) অষ্ট্ৰেলিয়াৰ গল্ড কোষ্টত আয়োজিত ২০১৮ চনৰ সংস্কৰণত ভাৰতীয় খেলুৱৈসকলে আয়োজক অষ্ট্ৰেলিয়া আৰু ইংলেণ্ডৰ পিছতে সামগ্ৰিকভাৱে ৬৬টা পদক (২৬টা সোণ, ২০টা ৰূপ আৰু ২০টা ব্ৰঞ্জ) লাভ কৰি তৃতীয় স্থান দখল কৰিছিল। কিন্তু গল্ড কোষ্টত ১৬টাকৈ পদক (৭টা সোণ, ৪টা ৰূপ আৰু ৫টা ব্ৰঞ্জ) লাভ কৰা শ্বুটিঙক কমনৱেলথ গেমছ ২০২২ৰ কাৰ্যসূচীৰ পৰা কৰ্তন কৰা হৈছিল। একেদৰে দিল্লী কমনৱেলথ গেমছ ২০১০ত ইতিহাস ৰচি ভাৰতে সৰ্বকালৰ সৰ্বোচ্চ ১০১টা পদক লাভ কৰিছিল যদিও তাৰে ৩০টা শ্বুটিঙত, ৮টা আৰ্চাৰীত, ৭টা গ্ৰেকোৰোমান মল্লযুঁজ আৰু ৪টা টেনিছত (সৰ্বমুঠ ৪৯টা) লাভ কৰিছিল, যিকেইটা খেল এইবাৰৰ কমনৱেলথ গেমছত অন্তৰ্ভুক্ত নাছিল। উল্লেখযোগ্য যে কমনৱেলথ গেমছৰ ইতিহাসত ভাৰতে লাভ কৰা মুঠ ৫৬৪টা পদকৰ ভিতৰত ১৩৫টাই আহিছে শ্বুটিঙৰ জৰিয়তে। উক্ত কথাখিনি এই কাৰণেই উল্লেখ কৰিছোঁ যে শ্বুটিঙৰ নিচিনা সদায়েই আধিপত্য বিস্তাৰ কৰা ইভেণ্ট নাথাকিলেও এইবাৰ ভাৰতৰ প্ৰদৰ্শন আছিল 

চকুত লগা। ভাৰতে জয় কৰা ২২টা সোণৰ পদকৰ ভিতৰত ৬টা মল্লযুঁজত, ৪টা টেবুল টেনিছত, ৩টাকৈ ভাৰোত্তোলন, বক্সিং, আৰু বেডমিণ্টনত আৰু এটাকৈ এথলেটিকছ, লন বল আৰু পেৰা পাৱাৰলিফটিঙত লাভ কৰিবলৈ সক্ষম হয়। বেডমিণ্টন, টেবুল টেনিছ, মল্লযুঁজ আৰু ভাৰোত্তোলনত ভাৰত সৰ্বশ্ৰেষ্ঠ দল বিবেচিত হয়। বক্সিঙত নৰ্ডান আয়াৰলেণ্ডৰ পিছতে দ্বিতীয় শ্ৰেষ্ঠ দল হিচাপে ভাৰতে অভিযান সামৰে। শংকেত সৰগৰে ভাৰোত্তোলনৰ ৫৫ কেজি শাখাত ৰূপৰ পদক জয় কৰি বাৰ্মিংহামত ভাৰতৰ পদক তালিকাৰ শুভাৰম্ভ কৰে। তলত ভাৰতীয় দলে পদক লাভ কৰা খেলবোৰৰ সংক্ষিপ্ত বিৱৰণ আগবঢ়োৱা হল। 

মল্লযুঁজ: বাৰ্মিংহামত ভাৰতে মল্লযুঁজত সুন্দৰ প্ৰদৰ্শন আগবঢ়াই আটাইকেইটা শাখাতে পদক (৬টা সোণ, এটা ৰূপ আৰু ৫টা ব্ৰঞ্জ) জয় কৰে। ২০১৮ চনৰ গল্ড কোষ্ট কমনৱেলথতো ভাৰতে ১২টা পদক জয় কৰিছিল যদিও সোণৰ পদকৰ সংখ্যা কম (৫টা) আছিল। ২০২০ চনৰ টকিঅঅলিম্পিকৰ ৰূপৰ পদক বিজয়ী ৰবি কুমাৰ দাহিয়া আৰু ব্ৰঞ্জৰ পদক বিজয়ী বজৰং পুনিয়া, আৰু ২০১৬ চনৰ ৰিঅদি জেনেইৰঅলিম্পিকৰ ব্ৰঞ্জৰ পদক বিজয়ী সাক্ষী মালিকে আশা কৰা ধৰণে চমৎকাৰ খেল প্ৰদৰ্শন কৰি সোণৰ পদক জয় কৰে। 

টেবুল টেনিছ: বাৰ্মিংহামত ভাৰতীয় টেবুল টেনিছ দলে সুন্দৰ প্ৰদৰ্শন আগবঢ়ায়। ৪টা স্বৰ্ণ, এটা ৰূপ আৰু দুটা ব্ৰঞ্জৰ পদক সহ ভাৰতে মুঠ ৭টা পদক জয় কৰে। অভিজ্ঞ অচান্ত শৰথ কমলে স্মৰণীয় প্ৰদৰ্শন কৰি পুৰুষৰ ছিংগলছ, দলীয় আৰু মিক্সড ডাবলছত স্বৰ্ণ আৰু পুৰুষৰ ডাবলছত ৰূপৰ পদক জয় কৰে। তৰুণী শ্ৰীজা আকুলাৰ প্ৰদৰ্শনো আছিল চকুত লগা; ভৱিষ্যতে দেশবাসীয়ে শ্ৰীজাৰ পৰা বহুখিনি আশা কৰিব। পেৰাছিংগলছত ভাবিনা পেটেলে স্বৰ্ণ জয় কৰাটোও আছিল গুৰুত্বপূৰ্ণ সাফল্য। পিছে ২০১৮ চনৰ গল্ড কোষ্ট কমনৱেলথত চাৰিটাকৈ পদক জয় কৰি চৰ্চালৈ অহা মণিকা বাট্ৰাই সকলোকে নিৰাশ কৰে আৰু পদক অবিহনে উভতিবলগীয়া হয়। 

ভাৰোত্তোলন: ভাৰোত্তোলনত ভাৰতে ১৫টা শাখাত প্ৰতিদ্বন্দ্বিতা কৰি ৩টা সোণ, ৩টা ৰূপ আৰু ৪টা ব্ৰঞ্জৰ পদকেৰে সৰ্বমুঠ ১০টা পদক জয় কৰে। টকিঅঅলিম্পিকৰ ৰূপৰ পদক বিজয়ী ছাইখম মীৰাবাই চানুৱে দমনীয় প্ৰদৰ্শনেৰে মহিলা ভাৰোত্তোলনৰ ৪৯ কেজি শাখাত গেমছ ৰেকৰ্ড প্ৰতিষ্ঠা কৰি সোণৰ পদক জয় কৰে। তদুপৰি যুৱ ভাৰত্তোলকদ্বয় জেৰেমি লালৰিনুংগা আৰু অচিন্ত শেউলিয়ে পূৰ্বৰ গেমছ ৰেকৰ্ড ভংগ কৰি স্বৰ্ণ জয় কৰে। অসমৰ পপী হাজৰিকাই ৫৯ কেজি শাখাত প্ৰতিদ্বন্দ্বিতা কৰি সপ্তম স্থানত নিজৰ অভিযান সামৰে। 

বক্সিং: ভাৰতে বক্সিঙত তিনিটা সোণৰ পদকৰ সৈতে মুঠ ৭টা পদক জয় কৰিলেও গল্ড কোষ্ট কমনৱেলথতকৈ বেয়া প্ৰদৰ্শন আগবঢ়ায় (ল্ড কোষ্টত তিনিটা স্বৰ্ণ সহিতে ৯টা পদক জয় কৰিছিল) অনুৰাগীক নিৰাশ নকৰি অমিত পাংঘল আৰু নিখাট জৰীনে দুৰ্দান্ত প্ৰদৰ্শন আগবঢ়াই স্বৰ্ণ জয় কৰে। অসমৰ একমাত্ৰ অলিম্পিক পদক বিজয়ী লাভলীনা বৰগোহাঁয়ে মহিলাৰ ৭০ কেজি আৰু দুবাৰৰ অলিম্পিয়ান শিৱ থাপাই পুৰুষৰ ৬৩.৫ কেজি শাখাত পদকৰ প্ৰবল দাবীদাৰ হিচাপে অংশগ্ৰহণ কৰিলেও অনুৰাগীক বাৰুকৈয়ে নিৰাশ কৰে। শিৱ আৰু লাভলীনা ক্ৰমান্বয়ে প্ৰিকোৱাৰ্টাৰ আৰু কোৱাৰ্টাৰ ফাইনেলত পৰাস্ত হয়। 

বেডমিণ্টন: তাৰকা খেলুৱৈ ছাইনা নেহৱালৰ অনুপস্থিতি সত্ত্বেও বাৰ্মিংহামত সুন্দৰ প্ৰদৰ্শনেৰে ভাৰতে মুঠছটা পদক (তিনিটা সোণ, এটা ৰূপ আৰু দুটা ব্ৰঞ্জ) জয় কৰে। প্ৰথমবাৰলৈ ভাৰতে একেখন কমনৱেলথ গেমছত পুৰুষ (লক্ষ্য সেন) আৰু মহিলা (পি ভি সিন্ধু) ছিংগলছৰ দুয়োটা স্বৰ্ণ পদক জয় কৰে। পুৰুষৰ ডাবলছতো বিশ্বক্ৰমৰ ৭ম স্থানৰ স্বাতিকচাইৰাজ ৰাণকিৰেড্ডী আৰু চিৰাগ চেট্টীয়ে স্বৰ্ণ জয় কৰে। অৱশ্যে মিক্সড দলীয় শাখাত যোৱাবাৰৰ বিজয়ী ভাৰত মালয়েছিয়াৰ হাতত ফাইনেলত পৰাস্ত হয়। 

এথলেটিকছ: টকিঅঅলিম্পিকৰ জেভেলিন চেম্পিয়ন তথা বিশ্ব চেম্পিয়নশ্বিপৰ ৰূপৰ পদক বিজয়ী নীৰজ চোপ্ৰাই আঘাতৰ বাবে কমনৱেলথ গেমছৰ পৰা নাম প্ৰত্যাহাৰ কৰাত ভাৰতে সম্ভাৱ্য পদক এটা হেৰুৱাবলগীয়া হৈছিল। তৎসত্ত্বেও এইবাৰ এথলেটিকছত ভাৰতে স্মৰণীয় প্ৰদৰ্শন কৰে। ত্ৰিপল জাম্পত ইতিহাস ৰচনা কৰি এলডোছ পল আৰু আব্দুল্লা আবুবেকাৰে সোণ আৰু ৰূপৰ পদক জয় কৰে। ৩০০০ মিটাৰ ষ্টিপলচেজত প্ৰায় দুবছৰ ধৰি অনবদ্য প্ৰদৰ্শন আগবঢ়াই অহা অবিনাশ চাবলেই ৰাষ্ট্ৰীয় ৰেকৰ্ড গঢ়ি ৰূপৰ পদক জয় কৰে। গুৰুত্বপূৰ্ণ কথাটো হল ১৯৯৮ চনৰ পৰা ক্ৰমাগত ছখন কমনৱেলথ গেমছত কেনিয়াৰ খেলুৱৈৰ বাদে আন দেশৰ দৌৰবিদে ৩০০০ মিটাৰ ষ্টিপলচেজত পদক অৰ্জন কৰিবলৈ সক্ষম হোৱা নাছিল। সেয়েহে চাবলেৰ প্ৰয়াসক ক্ৰীড়া বিশেষজ্ঞসকলে একেমুখে প্ৰশংসা কৰিছে। ইয়াৰ বাহিৰে মুৰুলী শ্ৰীশংকৰে পুৰুষৰ লং জাম্পত ৰূপ, প্ৰিয়ংকা গোস্বামীয়ে মহিলাৰ ১০, ০০০ মি খোজকঢ়াত ৰূপ, সন্দীপ কুমাৰে পুৰুষৰ ১০, ০০০ মি খোজকঢ়াত ব্ৰঞ্জ, তেজস্বিন শংকৰে পুৰুষৰ হাই জাম্পত ব্ৰঞ্জ আৰু অনু ৰাণীয়ে মহিলাৰ জেভলীন থ্ৰত ব্ৰঞ্জ জয় কৰে আৰু ভাৰতে প্ৰথমবাৰলৈ আটাইকেইটা ইভেণ্টত পদক জয়ৰ সোৱাদ লাভ কৰে। নিশ্চিতভাৱে ই ভাৰতীয় ক্ৰীড়া 

ক্ষেত্ৰখনলৈ আশাৰ বতৰা কঢ়িয়াই আনিছে। পদক জয় কৰিলেও কিন্তু চাবলেক বাদ দি বাকী খেলুৱৈসকলৰ ব্যক্তিগত প্ৰদৰ্শন অলিম্পিক বা বিশ্ব এথলেটিকছ চেম্পিয়নশ্বিপৰ মানদণ্ডতকৈ যথেষ্ট তলত। গতিকে অনাগত দিনত অধিক পদক জয় কৰিবলৈ হলে সকলোৱে কঠোৰ অনুশীলন কৰিব লাগিব। অসমৰ হিমা দাসে ২০০ মি আৰু ৪*১০০ মি দৌৰত ভাগ লৈ পদক অৰ্জন কৰিব নোৱাৰিলেও আশাপ্ৰদ প্ৰদৰ্শন কৰে। ৪*১০০ মি ৰীলেত হিমাৰ দলে জামাইকা, গ্ৰেট ব্ৰিটেইন, কানাডা, নাইজেৰিয়া আদি বিশ্বৰ আগশাৰীৰ দলৰ লগত প্ৰতিদ্বন্দ্বিতাত নামি পঞ্চম স্থানত থমকি ৰয়। 

লন বল: লাভলি চৌবে, পিংকি সিং, নয়নমণি শইকীয়া আৰু ৰূপা ৰাণী তিৰ্কীৰ দ্বাৰা গঠিত দলে লন বলৰৱিমেন ফশাখাত স্বৰ্ণ জয় কৰি ইতিহাস ৰচনা কৰে। আৰ্চাৰ জয়ন্ত তালুকদাৰৰ পিছত কমনৱেলথ গেমছত পদক জয় কৰা নয়নমণি দ্বিতীয়গৰাকী অসমীয়া আৰু প্ৰথমগৰাকী অসমীয়া মহিলা। তদুপৰি কমনৱেলথত সোণৰ পদক জয় কৰা নয়নমণিয়েই একমাত্ৰ অসমীয়া খেলুৱৈ। পুৰুষৰ দলটোৱেওমেন ফশাখাত প্ৰথমবাৰলৈ ৰূপৰ পদক জয় কৰে। অসমৰ মৃদুল বৰগোহাঁই আৰু তানিয়া চৌধুৰীও ভাৰতীয় লন বল দলৰ সদস্য আছিল। 

পেৰা পাৱাৰলিফটিং: বাৰ্মিংহামত ভাৰতে সোণৰ পদক জয় কৰা আন এটা খেল আছিল পেৰা পাৱাৰলিফটিং। সুশীলে পুৰুষৰ হেভীৱেইট শাখাত গেমছ ৰেকৰ্ড সহিতে সোণৰ পদক জয় কৰে। 

  ইয়াৰ উপৰিও ভাৰতে কমনৱেলথ গেমছত প্ৰথমবাৰলৈ অন্তৰ্ভুক্ত হোৱা মহিলা ক্ৰিকেটত ঐতিহাসিক ৰূপৰ পদক জয় কৰে। হকীত পুৰুষ আৰু মহিলাৰ দলে ক্ৰমে ৰূপ আৰু ব্ৰঞ্জৰ পদক জয় কৰাটো উৎসাহজনক বতৰা। জুডোত ভাৰতে সুন্দৰ প্ৰদৰ্শন কৰি দুটা ৰূপ আৰু এটা ব্ৰঞ্জৰ পদক জয় কৰিবলৈ সক্ষম হয়। স্কোৱাচতো ভাৰতে দুটা ব্ৰঞ্জৰ পদক জয় কৰে। 

  সামগ্ৰিকভাৱে চাবলৈ গলে বাৰ্মিংহামত ভাৰতৰ প্ৰদৰ্শন সন্তোষজনক। 

   এসময়ত ক্ৰিকেটক বাদ দি অন্যান্য খেলবোৰে ভাৰতত প্ৰয়োজনীয় গুৰুত্ব নাপায় বুলি যি বদনাম শুনিবলৈ পোৱা গৈছিল সেই পৰিৱেশৰ আমূল পৰিৱৰ্তন হৈছে, যিটো নেকি ভাৰতৰ ক্ৰীড়া ক্ষেত্ৰৰ বাবে শুভ লক্ষণ। পূৰ্বৰ কেন্দ্ৰীয় যুৱ কল্যাণ আৰু ক্ৰীড়া মন্ত্ৰী কিৰেণ ৰিজিজুৱে ২০২৮ চনৰ লছ এঞ্জেলছ অলিম্পিকত ভাৰতক পদক তালিকাৰ শীৰ্ষ দহখন দেশৰ মাজত অধিষ্ঠিত কৰাবলৈ প্ৰয়োজনীয় সকলো ব্যৱস্থা লোৱা হব বুলি ঘোষণা কৰিছিল। ক্ৰীড়া ক্ষেত্ৰৰ সৰ্বাংগীণ বিকাশৰ বাবে ভাৰত চৰকাৰে ইতিমধ্যে খেলো ইণ্ডিয়া গেমছ, ফিট ইণ্ডিয়া মভমেণ্ট আদি পদক্ষেপ হাতত লৈছে যি সম্ভাৱনাপূৰ্ণ খেলুৱৈসকলক সঠিক নিৰ্বাচনৰ জৰিয়তে যথোপযুক্ত প্লেটফৰ্মলৈ উলিয়াই অনাত সফল হৈছে। এই সম্ভাৱনাপূৰ্ণ খেলুৱৈসকলৰ উন্নত প্ৰদৰ্শনৰ বাবে প্ৰয়োজন হব আন্তঃগাঁথনিৰ পৰিকল্পিত উন্নয়ন, অনুষ্ঠান তথা ব্যক্তিবিশেষৰ সুদূৰপ্ৰসাৰী পদক্ষেপ, চৰকাৰৰ সহৃদয়তা, প্ৰয়োজনীয় সাসুবিধা আৰু শ্ৰেষ্ঠতম প্ৰশিক্ষণৰ সুবিধা। আশা কৰিছোঁ এঢাপ এঢাপকৈ ভাৰত ক্ৰীড়াক্ষেত্ৰৰ সাফল্যৰ শিখৰত উপনীত হব আৰু অনাগত দিনত আমি বহুতো ঐতিহাসিক মুহূৰ্তৰ সাক্ষী হৈ ৰম। 

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Don`t copy text!