অসমীয়া লিপি - প্ৰথম অধ্যায়

লেখক- ড° মৃণাল জ্যোতি গোস্বামী

অসমীয়া লিপিৰ কেনেদৰে সৃষ্টি হ’ল বা তাৰ আদি ৰূপটো কেনে আছিল সেই বিষয়ে বিভিন্ন লিপি বিশাৰদে অধ্যয়ন কৰিছে। ইয়াৰ বাবে তেওঁলোকে সমল হিচাপে গ্ৰহণ কৰিছে বিভিন্ন শিলালিপি, তাম্ৰলিপি, মুদ্ৰা, মাটি আৰু ধাতুৰ মোহৰ, বৰটোপ, কামান, ৰূপৰ জাপি, ইটা, শৰাই, চূণৰ টেমি, কাঁহী, মন্দিৰ-দেৱালয় আদিত থকা পৌৰাণিক সামগ্ৰী, তুলাপাত, কাঠৰ ফলক, কাপোৰ আদি (দাস, ১৯৯৭, পৃ. ১২৯-১৩০; ভট্টাচাৰ্য্য, ২০১৩, পৃ. ১৪)। এনে প্ৰত্নতাত্ত্বিক সমলসমূহকে আধাৰ হিচাপে লৈ বিভিন্ন সময়ত ভিন ভিন গৱেষক-পণ্ডিতে অসমীয়া লিপিৰ ইতিহাস অধ্যয়ন কৰিবলৈ যত্নপৰ হৈছে। সময়ে সময়ে নতুন নতুন সমল আৱিষ্কৃত হোৱাৰ লগে লগে পূৰ্বৰ ধাৰণাসমূহো নস্যাৎ কৰি নতুন ধাৰণাৰ সৃষ্টি কৰা হৈছে আৰু হয়তো অদূৰ ভৱিষ্যতে নতুন সমল উদ্ধাৰ হ’লে সেয়াও নতুনকৈ লিখা যাব।

অসমীয়া লিপি চৰ্চাৰ ইতিহাস লক্ষ্য কৰিলে দেখা যায় যে অনা অসমীয়া লিপি গৱেষক ড° বলহাৰ, গৌৰীশংকৰ হিৰচন্দ ওঝা, ড° আহমদ হাসান দানী, ৰাখালদাস বন্দ্যোপাধ্যায়ে আদিয়ে ভাৰতীয় লিপিমালাৰ বিকাশ তথা বঙলা লিপিৰ বিকাশৰ কথা আলোচনা কৰোঁতে প্ৰসংগক্ৰমে অসমীয়া লিপিৰ কথাও কৈছে। কিন্তু কোনেও অসমীয়া লিপিৰ স্বকীয় স্থিতিৰ কথা উল্লেখ কৰা নাই। পৰৱৰ্তী সময়ত হেমচন্দ্ৰ গোস্বামীৰ “Descriptive Catalogue of Assamese Manuscript” (1930) আৰু পদ্মনাভ ভট্টাচাৰ্যৰ “কামৰূপশাসনাবলী” (১৯৩২)ত পুৰালিপত্ত্বৰ বৈশিষ্ট্যৰ লগতে অসমীয়া লিপি সম্পৰ্কে কিছু কথা আলোচিত হৈছে। সৰ্বেশ্বৰ কটকীক অসমীয়া লিপি সম্পৰ্কে পোনপ্ৰথমবাৰৰ বাবে বিজ্ঞানসন্মতভাৱে আলোচনা কৰা দেখা যায়। তেওঁ “অসমীয়া প্ৰাচীন লিপি” (১৯৩৬) শীৰ্ষক গ্ৰন্থখনত অসমীয়া লিপিৰ সৃষ্টি সম্পৰ্কে বিশ্লেষণ কৰিছে। এই পুথিখন ১৯৭৯ চনত পুনৰ প্ৰকাশ হৈছিল। অৱশ্যে, ইয়াৰ পূৰ্বে সোণাৰাম চৌধুৰীয়ে অসম সাহিত্য সভাৰ পঞ্চম বুৰঞ্জী অধিৱেশনত সভাপতিৰ আসনৰ পৰা অসমীয়া লিপিৰ উৎপত্তি সম্পৰ্কে আলোচনা এটি আগবঢ়াইছিল আৰু সেয়া অসম সাহিত্য সভাৰ ভাষণাৱলী, তৃতীয় ভাগত সংকলিত হৈছে(চৌধুৰী, ১৯৩১, পৃ.৮১-৮২)। ইয়াৰ পাছৰে পৰা সাহিত্যৰ বিভিন্নজন ইতিহাসকাৰ আৰু লিপি বিশাৰদে ভিন ভিন সময়ত অসমীয়া লিপি সম্পৰ্কে বিস্তৃত আলোচনা কৰা দেখা যায়।

অসমীয়া লিপি সম্পৰ্কে কৰা আলোচনাসমূহ বিশ্লেষণ কৰিলে দেখা যায় যে তেওঁলোকৰ মাজত অসমীয়া লিপিৰ মূল সম্পৰ্কে মতবিৰোধ আছে। সৰ্বেশ্বৰ কটকীয়ে অসমীয়া লিপিৰ মূল বিচাৰি গৈ মন্তব্য আগবঢ়াইছে এনেদৰে— “গুপ্ত যুগৰ পূব ভাৰতীয় লিপিৰ পৰিৱৰ্তন আৰু সংমিশ্ৰণ ঘটি কুটিল লিপিৰপৰা কামৰূপ লিপি বা অসমীয়া লিপিৰ উৎপত্তি হৈছে।” (কটকী, ১৯৭৯, পৃ. ১৭-১৮) মন কৰিবলগীয়া যে তেওঁ যি সময়ত এই মন্তব্যটো আগবঢ়াইছিল সেই সময়লৈকে অসমত মাত্ৰ ২১খন ফলি (তাম আৰু শিলৰ) আৱিষ্কৃত হোৱাৰ লগতে পাঠোদ্ধাৰ হৈছিল। এই মতবাদটোৰ সমৰ্থন কৰিছিল ঠাকুৰ প্ৰসাদ বৰ্মা, প্ৰতাপচন্দ্ৰ চৌধুৰী, মহেশ্বৰ নেওগ, সুনীতি কুমাৰ চেটাৰ্জী, সত্যেন্দ্ৰনাথ শৰ্মা আদিৰ দৰে সাহিত্যৰ গৱেষক তথা লিপি বিশাৰদে। পৰৱৰ্তী সময়ত অসমত আৱিষ্কৃত কেইবাখনো লিপিয়ে এই ধাৰণাটো নস্যাৎ কৰে। সম্ভৱতঃ ডিম্বেশ্বৰ নেওগেই এই মতটো নাকচ কৰি নতুন ধৰণে চিন্তা আগবঢ়ায়। মন কৰিবলগীয়া যে ডিম্বেশ্বৰ নেওগেও তেওঁৰ “অসমীয়া সাহিত্যৰ ইতিহাস” (১৯৫৭) গ্ৰন্থখনত অসমীয়া লিপিৰ মূল কুটিল লিপি বুলি মানি লৈছিল (পৃ. ৭১) কিন্তু পৰৱৰ্তী সময়ত তেওঁ লিখা “Growth of the Asamiyā Language Development of the Asamiya Script Pre-Historic and Historic Asam” (1964)ত এটি ভিন্ন মত পোষণ কৰে। এই গ্ৰন্থখনত তেওঁ উল্লেখ কৰিছে—

when Brāhmī Lipi developed into the the Kāmrūpī and Gupta script co-ordinately, on parallel line, and not one from the other of the two as we may be sure. The script, like the culture of the two different kingdoms, must have run on parallel line, and there is really nothing to show that it was not. Like the old orthodox but erroneous theory ascribing the parenthood of Kāmarūpa speech to Māgadhi, this similarly old and pet theory of Kāmarūpa script being derived through Gupta and Kautila script is born of imagination but not borne by fact. (p.101)

ডিম্বেশ্বৰ নেওগৰ মতটো যে সকলোৱে গ্ৰহণ কৰিছিল সেয়াও নহয়। সেই কথাৰ উদাহৰণ হিচাপে উপেন্দ্ৰ নাথ গোস্বামীয়ে তেওঁৰ “অসমীয়া লিপি” (১৯৮৭) শীৰ্ষক গ্ৰন্থখনত উল্লেখ কৰা বক্তব্যখিনি এনে ধৰণৰ — “এই লিপিৰ মূল ব্ৰাহ্মী আৰু তাৰ পৰৱৰ্তী গুপ্ত লিপি। ইয়াক কুটিল লিপিৰ লগত সাঙোৰাৰ কোনো বিশেষ যুক্তি নাই। কুটিল লিপিৰ জন্মকাল ধৰা হয় ষষ্ঠ শতিকাৰপৰা; কিন্তু পঞ্চম শতিকাৰ পৰাই অসমত শিলালিপিৰ নিদৰ্শন বিদ্যমান।” (পৃ. ২০-২১) এই মতবাদৰ সমৰ্থক হ’ল বিশ্বেশ্বৰ হাজৰিকা, নাৰায়ণ দাস, সতীশ চন্দ্ৰ ভট্টাচাৰ্য্য আদি। এই প্ৰসংগত সতীশ চন্দ্ৰ ভট্টাচাৰ্য্যই “অসমীয়া লিপিতত্ত্ব অধ্যয়ন” (২০১৩) গ্ৰন্থত মন্তব্য আগবঢ়াইছে যে সৰ্বেশ্বৰ কটকীৰ কিতাপখন প্ৰকাশ পোৱাৰ কেইবছৰমানৰ পিছত অসমত কেইবাখনো নতুন লিপিৰ উদ্ধাৰ হয়। সেইবোৰৰ ভিতৰত- ভূতিবৰ্মাৰ বৰগংগা শিলালিপি (আৱিষ্কাৰ কাল ১৯৩৭ চন), ভাস্কৰ বৰ্মাৰ ডুবি তাম্ৰশাসন (১৯৫০), সুৰেন্দ্ৰ বৰ্মাৰ উমাচল শিলালেখা (১৯৫৫) আদি উল্লেখযোগ্য। লগতে, পৰৱৰ্তী সময়ত উদ্ধাৰ হোৱা নগাজৰী খনিকৰ গাঁও শিলালেখ আদিয়ে (পৃ. ৫২) অসমীয়া লিপি যে কুটিল লিপিৰ পৰা উদ্ভৱ হোৱা নাই, সেয়া প্ৰতিপন্ন কৰে কাৰণ লিপি বিশাৰদসকলে কুটিল লিপিৰ সময় ঠাৱৰ কৰিছে খ্ৰীঃ ৬০০-৯০০ লৈ। আনহাতে, কুটিল লিপিৰপৰা উদ্ভৱ হোৱা বুলি কোৱা বাকীবোৰ ভাষাৰ লিপিৰ গঢ় তথা বিকাশৰ স্তৰসমূহত সেই ভাষাসমূহত দেখা পোৱা গঢ়সমূহ অসমীয়া লিপিত অনুপস্থিত। নাৰায়ণ দাসে আৰু এটি কথা উল্লেখ কৰিছে যে অসমীয়া লিপিৰ বিকাশত নাগৰী লিপিৰ প্ৰভাৱ যে নাই, সেয়া অবিসংবাদী নহয়। এই প্ৰসংগত তেওঁ এচ এন চক্ৰৱৰ্তীয়ে বেংগলী অক্ষৰৰ বিকাশ সম্পৰ্কে লিখা এখন গৱেষণা পত্ৰৰ প্ৰসংগত টানি আনি কৈছে যে— “পূৰ্বভাৰতীয় বঙলালিপিৰ বিকাশৰ ক্ষেত্ৰত উল্লেখ কৰিছিল যে খ্ৰীষ্টীয় দশম শতাব্দিত বিকাশমান পূৰ্বভাৰতীয় লিপিৰ ওপৰত নাগৰীলিপিৰ প্ৰভাৱ পতিত হয় যদিও প্ৰথম মহীপালৰ ৰাজত্বৰপৰা আলোচিত লিপিৰ প্ৰভাৱ টুটি আহে।” (দাস, ১৯৯৭, পৃ. ১৬৮)

মহেন্দ্ৰ বৰাই অসম সাহিত্য সভাত প্ৰদান কৰা বাগ্মীবীৰ নীলমণি ফুকন স্মাৰক বক্তৃতাত {পৰৱৰ্তী সময়ত “The Evolution of Assamese Script: Bāgmibar Nilmoni Phukan Lectures” (1981) নামেৰে প্ৰকাশ পাইছিল} বেলেগ এটা মত পোষণ কৰা দেখা যায়। তেওঁ উল্লেখ কৰিছিল এনেদৰে-

Assamese script is a direct descendant of the Brahmi, branching itself off from the so called Gupta alphabet or the Northern Indian Script, which progressed
on its way by acquiring for itself certain basic traits of the Kutila Style of writing in course of its journey through the long corridor of history.’ (p.32)

এই আলোচনাৰ পৰা দেখা গৈছে যে অসমীয়া লিপিৰ উদ্ভৱ সম্পৰ্কে মতবিৰোধ আছে। তথাপিতো এটা কথা স্পষ্টভাৱে ক’ব পাৰি যে ব্ৰাহ্মীলিপিৰ পৰিৱৰ্তন ঘটিয়েই অসমীয়া লিপিৰ সৃষ্টি তথা বিকাশ হৈছে।

সৰ্বেশ্বৰ কটকীয়ে তেওঁৰ “অসমীয়া প্ৰাচীন লিপি” গ্ৰন্থখনতে অসমীয়া লিপিৰ ক্ৰমবিকশিত ৰূপটোৰ বিষয়ে পোনপ্ৰথমবাৰৰ বাবে আলোচনা কৰি যুগ বিভাজন কৰিছিল। তেওঁ তেতিয়ালৈকে প্ৰাপ্ত সমলৰ আধাৰত অসমীয়া লিপিৰ ইতিহাসক দুটা ভাগত ভাগ কৰিছিল— প্ৰাচীন কালৰ পৰা ত্ৰয়োদশ শতিকালৈ আৰু ত্ৰয়োদশ শতিকাৰ পৰা আধুনিক যুগলৈ। (কটকী, ১৯৭৯, পৃ.২) কিন্তু পৰৱৰ্তী কালত লিপি বিশাৰদসকলে অসমীয়া লিপি সম্পৰ্কে আৱিষ্কৃত তথ্যসমূহ বিবেচনা কৰি নতুনকৈ যুগবিভাজন কৰাৰ পোষকতা কৰে। বিভিন্নজনে নিজৰ নিজৰ ধৰণে যুগ বিভাজন কৰিছে যদিও উপেন্দ্ৰ নাথ গোস্বামীয়ে তেওঁৰ “অসমীয়া লিপি’ (১৯৮৭) গ্ৰন্থত কৰা যুগ বিভাজনটোৱেই বিজ্ঞানসন্মত বুলি পৰৱৰ্তী কালৰ লিপি বিশাৰদসকলে মানি চলে। তেওঁৰ বিভাজনটো এনে ধৰণৰ—

ক) পুৰণি অসমীয়া লিপি বা কামৰূপী লিপি (খ্ৰীষ্টীয় চতুৰ্থ-পঞ্চম শতিকাৰ পৰা ত্ৰয়োদশশতিকালৈ)
খ) মধ্যযুগীয় অসমীয়া লিপি (খ্ৰীষ্টীয় ত্ৰয়োদশ শতিকাৰ পাছৰ পৰা ঊনিবংশ শতিকাৰ মাজভাগলৈ, অৰ্থাৎ ছপা গ্ৰন্থ ওলোৱালৈকে), আৰু
গ) আধুনিক অসমীয়া লিপি (ঊনবিংশ শতিকাৰ আদিছোৱাৰ পৰা বৰ্তমানলৈ)

উপেন্দ্ৰ নাথ গোস্বামীয়ে গ্ৰন্থখন ৰচনা কৰাৰ সময়লৈকে বিবেচনা কৰিয়েই এই তিনিটা ভাগত ভাগ কৰিছিল বুলি ধাৰণা কৰাত আমাৰ একো অসুবিধা নহয়। কিন্তু তাৰ পৰৱৰ্তী সময়ত কম্পিউটাৰ তথা ইণ্টাৰনেটৰ প্ৰচলনৰ লগে লগে অসমীয়া লিপিও সেইবোৰত সংযোজিত হয়। সেয়ে গোস্বামীয়ে কৰা বিভাজনটোৰ প্ৰথম দুটা ভাগ একেই ৰাখি তৃতীয়টো ভাগৰ সময়সীমা “ঊনবিংশ শতিকাৰ আদিছোৱাৰ পৰা একবিংশ শতিকাৰ প্ৰথম দশকলৈ” বিবেচনা কৰিব পাৰি। তাৰ পৰৱৰ্তী সময়ছোৱাক আৰু এটা ভাগ সংযোজন কৰি — “ডিজিটেল মাধ্যমত অসমীয়া লিপি/কম্পিউটাৰ তথা ইণ্টাৰনেটত অসমীয়া লিপি” নামেৰে নামাংকিত কৰা যুগুত। তলত এই বিভাজন কেইটাৰ বিষয়ে বহলাই আলোচনা কৰা হ’ল।

ক) পুৰণি অসমীয়া লিপি বা কামৰূপী লিপি :

প্ৰাচীন অসমীয়া লিপি সম্পৰ্কে অধ্যয়ন কৰিবলৈ হ’লে সেই সমছোৱাৰ বিভিন্ন শৈললেখ, শাসন বা মোহৰ আদিৰ কথা বিবেচনা কৰিব লাগিব। তলত কালানুক্ৰমিকভাৱে উল্লিখিত সময়ৰ এনে প্ৰত্নতাত্ত্বিক সমলৰ বিষয়ে আলোচনা কৰা হ’ল।

১৯৭২ চনত সৰুপথাৰ অঞ্চলৰ খনিকৰ গাঁৱত এখন শিলালিপি উদ্ধাৰ হৈছিল আৰু সেইখনেই পৰৱৰ্তী সময়ত “নগাজৰী-খনিকৰ গাঁও প্ৰস্তৰ লিপি” বুলি জনাজাত হয়। প্ৰথম অৱস্থাত প্ৰতাপ চন্দ্ৰ চৌধুৰী আৰু দীনেশ চন্দ্ৰ সৰকাৰে ফলিখন সম্পৰ্কে বিচাৰ-বিবেচনা আগবঢ়াইছিল যদিও পৰৱৰ্তী সময়ত মুকুন্দ মাধৱ শৰ্মাই বিস্তৃতভাৱে আলোচনা আগবঢ়ায়। এইখনকেই তেতিয়ালৈকে অসমত আৱিষ্কৃত পুৰণি ফলিৰূপে স্বীকৃত প্ৰদান কৰা হৈছিল আৰু তাৰ সময়সীমা নিৰ্ধাৰণ কৰা হৈছিল খ্ৰীঃ পঞ্চম শতিকাৰ আদিভাগ। পৰৱৰ্তী সময়ত এই শৈললিপিখনৰ দ্বিতীয় অংশটোও উদ্ধাৰ হয় আৰু তাৰ পাঠোদ্ধাৰ কৰি সৱিশেষ কামৰূপ অনুসন্ধান সমিতিৰ মুখপত্ৰ “Journal of the Assam Research Society”ত প্ৰকাশ কৰে ধৰ্মেশ্বৰ চুতীয়াই (ভট্টাচাৰ্য্য, ২০১৩, পৃ.১৭-১৮)।

১৯৯৭ চনত হেমেন্দ্ৰ নাথ দত্তই গোলাঘাট জিলাৰে বৰপথাৰ অঞ্চলৰ দুবৰণি গাঁৱত ফণী দেৱনাথ আৰু প্ৰতাপ দেৱনাথৰ ঘৰৰ পৰা এখন শৈললেখ উদ্ধাৰ কৰে। তেওঁ লিখা তথ্য মতে এইখন ফলি ব্যক্তি দুগৰাকীয়ে ১৯৯৫ চনত নিজ চৌহদত গাঁত খান্দোতে উদ্ধাৰ কৰিছিল। এই ফলিখনৰ বিষয়ে হেমেন্দ্ৰ নাথ দত্তৰ লগতে ধৰ্মেশ্বৰ চুতীয়ায়ো পৃথকে পৃথকে আলোচনা কৰিছে। এই ফলিখনত বসুন্ধৰ বৰ্মণ নামৰ ৰজা এজনৰ নাম উল্লেখ আছে। মন কৰিবলগীয়া যে নগাজৰী-খনিকৰ গাঁও প্ৰস্তৰ লিপিৰ দ্বিতীয়খন লিপিতো এইগৰাকী ৰজাৰ নাম উল্লেখ আছে। এই ফলিখনক সতীশ চন্দ্ৰ ভট্টাচাৰ্যই বৰ্তমানলৈকে অসমত আৱিষ্কৃত আটাইতকৈ পুৰণি শৈললেখ বুলি মত আগবঢ়াই এনেদৰে কৈছে-

এই চমু শিলালেখৰ আলোকচিত্ৰ পৰ্য্যবেক্ষণ কৰাৰ পিছত ইয়াৰ ঐতিহাসিক গুৰুত্বৰ উপৰিও লিপিতাত্ত্বিক তাৎপৰ্য্যৰ বিষয়েও ধাৰণা কৰিব পৰা গৈছে। প্ৰথম কথা, প্ৰাচীন অসমৰ মূল্যবান শিলালেখ নগাজৰী-খনিকৰ গাঁৱৰ প্ৰস্তৰ লিপিৰ দুয়োটা ভাগৰ অক্ষৰৰ লগত বৰ্তমান শিলালিপিৰ আখৰৰ সাদৃশ্য চকুত লগা। সেয়েহে দুৱৰণি শৈললেখক সহজে চতুৰ্থ-পঞ্চম শতিকাত থাপিব পাৰি। দ্বিতীয়তে, ফলিখনৰ ১৬টা অক্ষৰৰ ভিতৰত অ, ক, ত, দ আৰু য আখৰৰ দ্বিতীয়/তৃতীয় শতিকাৰ ব্ৰাহ্মী লিপিৰ অক্ষৰৰ লগত সাদৃশ্য দেখা যায়। তৃতীয়তে, বৰ্তমানলৈ প্ৰাপ্ত প্ৰচীন অসমৰ সকলো শিলালেখৰ অক্ষৰতকৈ আলোচ্যমান নথিৰ আখৰ অধিক মনোহাৰিত্বপূৰ্ণ। ইয়াৰ কলাত্মক বিকাশ চমকপ্ৰদ। চতুৰ্থতে, পুৰণি কামৰূপৰ যিমান নথি বৰ্তমানলৈ আৱিষ্কাৰ হৈছে সিবিলাকৰ প্ৰায় সকলোৰে আৰম্ভণিতে আছে মাংগলিক ‘আঞ্জী’ চিহ্ন। ইয়াৰ বিপৰীতে দুৱৰণি শিলালিপিৰ আৰম্ভণি সূচিত হৈছে শৈৱ ধৰ্মৰ প্ৰতীক এপাট ত্ৰিশূলেৰে। আটকধুনীয়া এই ত্ৰিশূলৰ মাজত খোদিত আছে পৰশু কুঠাৰ আৰু তলমূৰত মংগল কলশী। ত্ৰিশূলৰ চিত্ৰ অংকিত থকা বাবে বসুন্ধৰ বৰ্মনক শৈৱধৰ্ম মতত বিশ্বাসী বুলি ধৰাৰ যুক্তি আছে। (ভট্টাচাৰ্য্য, ২০১৩, পৃ.১৬)

প্ৰসংগক্ৰমে উল্লেখযোগ্য যে এই ফলিখনৰ বিষয়ে যিবোৰ সমীক্ষা প্ৰকাশ পাইছিল সেয়া গৱেষণামূল মুখপত্ৰতহে প্ৰকাশ পাইছিল। গ্ৰন্থৰূপত এই ফলিখনৰ বিষয়ে পোনপ্ৰথমে সমীক্ষা অন্তৰ্ভুক্ত কৰিছে সতীশ চন্দ্ৰ ভট্টাচাৰ্য্যইহে।

ইয়াৰ পাছতেই নাম ল’ব লাগিব কামৰূপৰাজ সুৰেন্দ্ৰ বৰ্মনৰ ‘উমাচল শিলালেখ’। গৱেষকসকলে এই লিপিখনৰ সময়সীমা নিৰ্ধাৰণ কৰিছে পঞ্চম শতিকাৰ শেষভাগ কাৰণ সুৰেন্দ্ৰ বৰ্মনৰ সময়সীমা নিৰূপিত হৈছে ৪৭০-৪৯৫ খ্ৰীঃ (ভট্টাচাৰ্য্য, ২০১৩, পৃ. ১৯)। নগাজৰী-খনিকৰ গাঁও শৈললেখ আৰু উমাচল শৈললেখ দুখনত উৎকীৰ্ণ — ক, ত, ন, ব, ম, য আদিৰ ৰূপ গুপ্তশৈলীৰ আখৰেৰে সৈতে একে। এইকেইখন শৈললেখৰ পৰৱৰ্তী সময়ত ভূতিবৰ্মাৰ শৈল শাসন, সপ্তম শতিকাৰ ভাস্কৰ বৰ্মাৰ ডুবি তাম্ৰশাসন, নিধানপুৰ তাম্ৰশাসন, নালন্দাত আৱিষ্কৃত মৃণ্ময় মোহৰ আদিৰ মাজত ব্ৰাহ্মী আৰু গুপ্ত-লিপিৰ আখৰৰ গঢ় লক্ষ্য কৰা যায়। সপ্তম
শতিকাৰ আটাইতকৈ উল্লেখযোগ্য নিদৰ্শন হ’ল ভাস্কৰ বৰ্মাৰ নিধানপুৰ আৰু ডুবি তাম্ৰশাসন। ইয়াৰে নিধানপুৰ তাম্ৰশাসনত কেইবাটাও নতুনত্ব দেখিবলৈ পোৱা যায়— ক, ব, ল আদি আখৰ প্ৰায় আধুনিক গঢ়ৰ।আনহাতে, ‘ভ’ অক্ষৰৰ ভিন্নৰূপতা, ‘হ’ অক্ষৰে দেৱনাগৰীৰ একেটা আখৰৰ ৰূপ গ্ৰহণ আদিয়ে বিকশিত অসমীয়া লিপিৰ ধাৰণা প্ৰদান কৰে। এই বাবেই নিধানপুৰ শাসনক অসমীয়া লিপিৰ ইতিহাসৰ এটা “নিৰ্ণায়ক বিন্দু” (Turning Point) বুলি মহেন্দ্ৰ বৰাই মত পোষণ কৰিছে। (Bora, 1981, p.26) নাৰায়ণ দাসেও ঠাকুৰ প্ৰসাদ বৰ্মাৰ মতামত সন্নিৱিষ্ট কৰি এই লিপিয়ে “এটি ভিন্নশৈলীৰ দ্যোতনা কৰে” (দাস, ১৯৯৭, পৃ. ১৭০) বুলি কৈছে।

নৱম শতিকাৰ তাম্ৰশাসনবোৰৰ লগতে আন আন ঠাইত উৎকীৰ্ণ আখৰৰ গঢ় পৰিৱৰ্তন হোৱা দেখিবলৈ পোৱা যায়। মূলতঃ নৱমৰপৰা দশম শতিকাৰ আদিভাগৰ মাজৰ সময়ছোৱাত উৎকীৰ্ণ আখৰবোৰে আধুনিক অসমীয়া আখৰৰ গঢ় ল’বলৈ আৰম্ভ কৰে। এই সময়ছোৱাৰে পৰা আ-কাৰ, ই-কাৰ আদিৰ গঢ় সম্পূৰ্ণ পৰিৱৰ্তিত হয়। ভালেমান ব্যঞ্জনবৰ্ণ আৰু যুক্ত-ব্যঞ্জনবৰ্ণই আধুনিকতাৰ কাষ চাপে। শ্ৰীকুমাৰৰ ঘণ্টালিপি, হৰ্জৰ বৰ্মাৰ তেজপুৰ শিলালেখ, হৰ্জৰ বৰ্মাৰ হায়ুংথল তাম্ৰলেখ, হৰ্জৰ বৰ্মাৰ ধূলাপাদূং বাগিচাত আৱিষ্কৃত মুদ্ৰা, বনমালী বৰ্মাৰ তেজপুৰ তাম্ৰলেখ, বনমালী বৰ্মাৰ পৰ্বতীয়া তাম্ৰশাসন, কাকীৰ লিপিসম্বলিত সূৰ্য্য প্ৰতিমা, দেওপানী বিষ্ণুমূৰ্তি লিপি, দেওপানীৰ হৰি-হৰ মূৰ্তি লিপি, তৃতীয় বলবৰ্মাৰ উত্তৰবৰবিল তাম্ৰশাসন, তৃতীয় বলবৰ্মাৰ নগাওঁ তাম্ৰশাসন, তৃতীয় বলবৰ্মাৰ উলুবাৰী তাম্ৰশাসন আদিৰ মাজেৰে ক্ৰমান্বয়ে অসমীয়া লিপিৰ আধুনিক গঢ় ক্ৰমবিকশিত হয়। এইবোৰত অ, আ, উ, ঊ, এ, ঔ, খ, গ, ঘ, জ, ঞ, ঢ, ত, থ, দ, ন, ফ, ব, ম, য, ল, ষ, স, ৎ আদি স্বৰ আৰু ব্যঞ্জনবৰ্ণ; ন্দ্ৰ, ত্ৰ, ম্ব, ল্ল, গ্ন, ঞ্জ, ঙ্ঘ, ণ্ড আদি যুক্তব্যঞ্জন আৰু কৃ, ৰু, ৰূ আদি আখৰবোৰে আধুনিক গঢ় লাভ কৰিবলৈ ধৰে। (হাজৰিকা, ২০০৩, পৃ.২১২)

দশমৰ পৰা দ্বাদশ শতিকাৰ উল্লেখযোগ্য অসমীয়া লিপিৰ উৎসসমূহ হ’ল— ৰত্নপালৰ বৰগাঁও আৰু শুৱালকুছি শাসন, ইন্দ্ৰপালৰ গুৱাহাটী আৰু গুৱাকুছি তাম্ৰশাসন, গোপাল বৰ্মাদেৱৰ গছতল তাম্ৰশাসন, ধৰ্মপালৰ খনামুখ তাম্ৰলেখ, ধৰ্মপালৰ শুভঙ্কৰপাটক শাসন, ধৰ্মপালৰ পুষ্পভদ্ৰা তামৰ ফলি। এই শাসনসমূহৰ অক্ষৰৰ গঢ় লক্ষ্য কৰিলে দেখা যায় যে বহু একাকী অক্ষৰ আৰু যুক্তাক্ষৰে আধুনিক গঢ় লাভ কৰিছে। এই ক্ষেত্ৰত উদাহৰণস্বৰূপে উল্লেখ কৰিব পাৰি গোপাল বৰ্মাদেৱৰ গছতল তাম্ৰশাসনত দেখা পোৱা ঞ্চ, ম্ন আদি যুক্তাক্ষৰ আৰু অ, আ, জ, ন, ব, ম, ৰ, ল, ক্ষ আদি একাকী অক্ষৰ। (ভট্টাচাৰ্য্য, ২০১৩, পৃ. ৫৪)

ত্ৰয়োদশ শতিকাৰ দুখন উল্লেখযোগ্য শিলালিপি হ’ল— কানাই বৰশীবোৱা তুৰষ্ক ক্ষয়ৰ ফলি আৰু সমুদ্ৰপালৰ আমবাৰী শিলালিপি। ইয়াৰে দ্বিতীয়খন ফলিৰ আখৰখিনি অস্পষ্ট আৰু জৰাজীৰ্ণ। আনহাতে, কানাই বৰশীবোৱা শিলালিপিখন ৩৪টা অক্ষৰ সম্বলিত আৰু ইয়াতেই অসমীয়ালিপিয়ে এক নিদিষ্ট গঢ় লাভ কৰা দেখিবলৈ পোৱা যায়। লিপি বিশাৰদসকলে সেইবাবেই এইখন শৈলাসনৰ পৰাই অসমীয়া লিপিয়ে সম্পূৰ্ণ আৰু স্বতন্দ্ৰ ৰূপত আত্মপ্ৰকাশ কৰে বুলি মত পোষণ কৰে।

এই আলোচনাৰ পৰা এটা কথা স্পষ্টৰূপে ফুটি উঠিছে যে, চতুৰ্থ-পঞ্চম শতিকাতে আৰম্ভ হোৱা অসমীয়া লিপিয়ে ক্ৰমান্বয়ে পৰিৱৰ্তনৰ মাজেৰে আহি ত্ৰয়োদশ শতিকাৰ আৰম্ভণিৰ কানাই বৰশীবোৱা তুৰষ্ক ক্ষয়ৰ শিলৰ ফলিত (১১২৭ শক অৰ্থাৎ ইংৰাজী ১২০৫ চন) এটা সুকীয়া ৰূপ পৰিগ্ৰহ কৰি এক স্বতন্ত্ৰ লিপিৰূপে আত্মপ্ৰকাশ কৰে। নাৰায়ণ দাসে খ্ৰীষ্টীয় চতুৰ্থ শতিকাৰ পৰা সপ্তম শতিকাৰ কালছোৱাৰ অসমীয়া লিপিৰ “অৱস্থানান্তৰৰ কাল” (Period of Transition), অষ্টমৰ পৰা দশম শতিকাৰ কালছোৱাক “পৰীক্ষা-নিৰীক্ষাৰ কাল” (Period of Experiments), একাদশ-দ্বাদশ শতিকাৰ কালছোৱাক “দ্ৰুত বিকাশৰ কাল” (Period of Accelerated Development) আৰু ত্ৰয়োদশ শতিকাক (অৰ্থাৎ কানাই-বৰশীবোৱা শিলালিপিৰ সময়লৈকে)”পৰিপূৰ্ণতাৰ কাল” (Period of Maturity) বুলি মত পোষণ কৰিছে। (দাস, ১৯৯৭, পৃ. ১৭০-১৭২)

(ক্ৰমশঃ)


সহায়ক গ্ৰন্থপঞ্জী

অসমীয়া গ্ৰন্থ

কটকী, সৰ্বেশ্বৰ (১৯৭৯); অসমীয়া প্ৰাচীন লিপি; গুৱাহাটী: মণিমাণিক প্ৰকাশন।
গোস্বামী, উপেন্দ্ৰ নাথ (১৯৮৭); অসমীয়া লিপি; গুৱাহাটী: অসম প্ৰকাশন পৰিষদ।
চৌধুৰী, সোণাৰাম (১৯৩১); অসম সাহিত্য সভাৰ বুৰঞ্জী শাখাৰ সভাপতিৰ অভিভাষণ; শিৱসাগৰ: অসম সাহিত্য সভা।
দাস, নাৰায়ণ (১৯৯৭); বিশ্বলিপিৰ ভূমিকা; গুৱাহাটী: ডেকা পাবলিকেচনচ।
নেওগ, মহেশ্বৰ (সম্পাঃ) (১৯৭৪); প্ৰাচ্য-শাসনাৱলী; গুৱাহাটী: অসম প্ৰকাশন পৰিষদ।
নেওগ, মহেশ্বৰ (১৯৮৭); অসমীয়া সাহিত্যৰ ৰূপৰেখা; গুৱাহাটী: চন্দ্ৰ প্ৰকাশ।
নেওগ, ডিম্বেশ্বৰ (১৯৫৭); অসমীয়া সাহিত্যৰ ইতিহাস; গুৱাহাটী: শুৱনি প্ৰকাশ।
ভট্টাচাৰ্য্য, পদ্মনাভ (১৯৩১); কামৰূপশাসনাবলী; ৰংপুৰ: ৰংপুৰ সাহিত্য পৰিষৎ।
ভট্টাচাৰ্য্য, সতীশ চন্দ্ৰ (২০১৩); অসমীয়া লিপিতত্ত্ব অধ্যয়ন; গুৱাহাটী: চন্দ্ৰ প্ৰকাশ।
শৰ্মা, সত্যেন্দ্ৰ নাথ (১৯৮৭); অসমীয়া সাহিত্যৰ সমীক্ষাত্মক ইতিবৃত্ত; গুৱাহাটী: সৌমাৰ প্ৰকাশ।
হাজৰিকা, বিশ্বেশ্বৰ (২০০৩); “অসমীয়া লিপিৰ বুৰঞ্জীৰ চমু আভাস”; ব্ৰহ্ম, শোভাৰ মুখ্য সম্পাঃত প্ৰকাশিত অসমীয়া সাহিত্যৰ বুৰঞ্জী (প্ৰথম খণ্ড) (পৃ.২১০-২২৫); গুৱাহাটী: এবিলাক।

ইংৰাজী গ্ৰন্থ
Bora, M (1981). The Evolution of Assamese Script: Bāgmibar Nilmoni Phukan Lectures. Jorhat: Asam Sahitya Sabha.
Choudhury. P.C. (1966). The History of Civilisation of the people of Assam to the Twelfth Century AD. Gauhati: Deptt. of Historical and Antiquarian Studies in Assam.
Choudhury, P.C. (1961). A Catalogue of Sanskrit Manuscripts at the DHAS. Gauhati: Dept. of Historical and Antiquarian Studies in Assam.
Goswami. H. C. (1930). Descriptive Catalogue of Assamese Manuscripts. Calcutta: University of Calcutta.
Neog, D, (1964). Growth of the Asamiyā Language Development of the Asamiya Script Pre-Historic and Historic Asam. Guwahati: Xuwani Prakash.
Neog, M (1981). Tradition and Style. Jorhat: Asam Sahitya Sabha.
Sharma M. M. (1978). Inscriptions of Ancient Assam. Guwahati: Gauhati University.
Verma, T. P. (1976). Development of Script in Ancient Kamarupa. Jorhat: Asam Sahitya Sabha.

 

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Don`t copy text!