পঞ্চবিংশ আৰু শেষৰ খণ্ড: আম্ৰপালী: বৰ্ণিল দস্তাবেজৰ স্বৰ্ণিল লিপি
লেখক- পাৰবীন চুলতানা
জনশূন্য পথ। চৌপাশে নিমাওমাও পৰিবেশ। ৰাতি–বিয়লি দুই এটা নিশাচৰ প্ৰাণীৰ বাদে আন হাই–উৰুমি নাই। যুদ্ধৰ বাবে প্ৰস্তুতি চলিছে সৰ্বতোপ্ৰকাৰে। কৃষকসকলে খেতি–খোলালৈ যোৱা নাই, পাঠশালাৰ পৰা ছাত্ৰসকল গৃহমুখী হৈছে। অনিশ্চয়তাই চানি ধৰিছে বৈশালীৰ আকাশ। সীমান্তত নিয়োজিত বৈশালী সৈনিকসকল আহত হৈছে, মগধ সেনানীয়ে আধুনিক অস্ত্ৰেৰে সুসজ্জিত হৈ বৈশালী ভূমি দখল কৰিছে। ক্ষমতালিপ্সু অজাতশত্ৰুৱে পিতৃ বিম্বিসাৰক বন্দী কৰি কাৰাগাৰত নিক্ষেপ কৰাৰ পাছতেই সাম্ৰাজ্য বিস্তাৰৰ অৰ্থে যুদ্ধ ঘোষণা কৰিছিল বৈশালীৰ বিৰুদ্ধে।
ৰাজঘোষকে ৰাজপথত ঢোলক বজাই যুদ্ধৰ ঘোষণা সদৰী কৰাৰ পাছতেই বৈশালীৰ স্বাভাৱিক ছন্দত হেঙাৰ আহিল। বছৰটোৰ অধিক সময় উৎসৱ উদযাপন কৰি থকা বৈশালীবাসীৰ মনৰ শংকাবোৰ বাঢ়ি গ‘ল। পৰিভ্ৰমী পখীৰ কল্লোলত উচ্ছ্বাস নাথাকিল। কপিকূলে কদলিৰ ঠোকটো লৈ নিজৰ মাজত অৰিয়া–অৰি কৰিবলৈ এৰিলে। মাতৃসকলে শিশুসকলক গৃহৰ বাহিৰ হোৱাত বাৰণ কৰিলে।
ৰাজঘোষকৰ ঘোষণা শুনি শিশু বিমলক চিত্ৰাংকন শিকাই থকা প্ৰভাই মোক উদ্দেশ্যি কৈ উঠিল, “যুদ্ধৰ খবৰ সত্য নে কি? মগধৰাজ অজাতশত্ৰুৱে সঁচাকৈ যুদ্ধ আৰম্ভ কৰিলে নেকি?”
অপ্ৰস্তুত হৈ পৰোঁ মই। মগধৰাজ্য আৰু বিম্বিসাৰ বিষয়ক যিকোনো আলোচনাই মোক সংকুচিত কৰি আনে। জীৱনৰ মধুৰতম সময়খিনিৰ কঠোৰ পৰিণতিটোৱে মোক যেন সৱাৰে ওচৰত শিৰনত কৰি ৰাখে। বাহ্যিক দৃষ্টিত অহংকাৰেৰে পৰিপূৰ্ণ কঠিন বৰ্ম এখন পৰিধান কৰি থাকিলেও ভিতৰখনত বিৰাজ কৰি থাকে মৃত্যুমুখী জীৱৰ দুৰ্বল আত্মা এটাই। অদৃশ্য হুমুনিয়াহৰ ভৰটো বাঢ়ি বাঢ়ি মোৰ যন্ত্ৰণাৰ জোলোঙা গধুৰ কৰি পেলায়। এনে উশাহগধুৰ পৰিৱশত প্ৰকৃতিৰ সান্নিধ্য বিচাৰি এদিন মই প্ৰভাক লগত লৈ পাহাৰখনলৈ বুলি ওলাই আহিলোঁ। লগত আমাৰ নিৰাপত্তাৰক্ষীদ্বয়।
ফলে ফুলে জাতিষ্কাৰ বৈশালীনগৰীৰ এই শীৰ্ণকায় ৰূপ দেখিলে ব্যথিত হৈ পৰোঁ। অশ্ৰু নিগৰি আহে মোৰ। পাহাৰৰ নামনিত বাগী এৰি আমি মন্দিৰটোলৈ খোজ কাঢ়ি উঠি গ’লোঁ। মন্দিৰৰ ওখ প্ৰস্তৰত বহি প্ৰকৃতিৰ বৈভৱ আৰু মানুহৰ ধ্বংসলীলা তুলনা কৰি পেলাওঁ।
এই যে সীমাৰ বাবে বাৰে বাৰে যুদ্ধ চলে, প্ৰকৃতিয়ে নিৰ্ধাৰণ কৰা সীমা নে এয়া? হিমালয়ৰ বতাহজাক কেৱল বৈশালীলৈ বয় নে? আৰু গংগাৰ পানীবোৰ?
মন্দিৰৰ ভিতৰৰ পৰা ভাঁহি অহা ঘণ্টাধ্বনিৰ সুৰে চিন্তাবোৰ জোকাৰি দিলে। প্ৰভালৈ চালোঁ, আন্মনা হৈ পৰিছে তায়ো। বতাহত দীঘল উশাহৰ শব্দ শুনি দুয়ো দুয়োলৈ চাই পঠিয়ালোঁ। মোৰ ভাব হ’ল, মন্দিৰত দেৱদাসী নৃত্য প্ৰদৰ্শন কৰি সতীত্ব হেৰুৱা কিশোৰী প্ৰভাৰ উচুপনিহে যেন সেয়া। সখী প্ৰভাৰো যেন একেই ভাব আহিল, বিবাহৰ দিনাই স্বামীহাৰা হৈ গণিকাবৃত্তি অৱলম্বন কৰা কিশোৰী আম্ৰপালীৰহে উশাহ সেয়া। একো একোটা উশাহত যেন পাৰ হৈ যায় এটা আলোকবৰ্ষ।
কিন্তু এই ভাব কিছুপৰলৈহে বৰ্তি থাকিল। উশাহৰ শব্দটো যে ভ্ৰম নহয়, এই কথা গম পোৱা মাত্ৰকে দুয়োজনী সচকিত হৈ উঠিলোঁ। নিৰ্জন মন্দিৰত এই মুনিচুনি বেলা কাৰ এই কাতৰ উশাহ?
আসঃ! এটা পুৰুষ অৱয়ব। শৰীৰৰ সহস্ৰ আঘাতত তেজে তুমুৰলি হোৱা কোন পুৰুষ এয়া। দেহত সৈনিকৰ পোছাক। হয়তো যুদ্ধত প্ৰাণ লৈ পলায়ন কৰা কোনো সৈনিক। আলফুলে কপালত হাত থ’লোঁ।
“কি কৰা যায়?”, প্ৰভাই মোৰ মুখলৈ চালে।
মই ঘোঁৰাবাগীখন মাতিবলৈ ক’লোঁ। নিৰাপত্তাৰক্ষীয়ে ব্যক্তিজনক দাঙি লৈ বাগীত উঠালে। দ্ৰুতবেগত বাগী দৌৰিল আম্ৰকুঞ্জলৈ।
“বৈদ্যক মাতা”, অচিন ব্যক্তিজনক অতিথিকক্ষৰ পালংকত শুৱাই দি পৰিচাৰকক নিৰ্দেশ দিলোঁ। বৈদ্য আহি নাড়ী পৰীক্ষা কৰিলে। ঔষধি তৃণৰ লেপন প্ৰস্তুত কৰি তেওঁৰ আঘাতবোৰত সানি দিলে। জিভাত ঢালি দিলে ঔষধি গছৰ ৰস।
ডেৰকুৰিতকৈও কম বয়সীয়া এজন যুৱক। শৰীৰ আটিল। আয়তাকৃতিৰ মুখমণ্ডলত কিছু কঠোৰতা বিৰাজমান। আসন্দীত বহি চাই ৰ’লো যুৱকলৈ। কিছুবেলিৰ পিছত আঘাত প্ৰাপ্ত ব্যক্তিয়ে চকু খুলিলে। অচিনাকী পৰিবেশ দেখি তেওঁ জাপ মাৰি উঠিব খুজিলে। মই তেওঁৰ বাহুত ধৰি শুৱাই দিলোঁ।
“ক্ষান্ত হোৱা যুৱক, তুমি আঘাতপ্ৰাপ্ত, তুমি অসুস্থ।”
গাৰ উত্তাপ বাঢ়ি আছিল তেওঁৰ। শীতল জলত কাৰ্পাসৰ টুকুৰা জুবুৰিয়াই কিছুপৰৰ অন্তৰে অন্তৰে কপাল আৰু মুখ মচি থাকিলোঁ। পানীৰ শীতল পৰশ পাই যুৱকজন আকৌ নিদ্ৰাত ঢলি পৰিল। বাৰে বাৰে চিন্তা আহি থাকিল কোন এই যুৱক, ক’ৰ পৰা আহিছে, ঘৰত বা কোন কোন আছে। মাতৃৰ মমতা উথলি উঠিল মোৰ। যুৱকৰ অবিন্যস্ত চুলিখিনিত হাত ফুৰাই দিলোঁ, নিদ্ৰামগ্ন মুখখনি হাতত তুলি লৈ মাজে মাজে শীতল জল পান কৰালোঁ। ৰাত্ৰিৰ প্ৰথম প্ৰহৰ, দ্বিতীয় প্ৰহৰ, তৃতীয় প্ৰহৰ, গোটেই নিশাটো যুৱকৰ শুশ্ৰষা চলিল। পুৱতি পখীয়ে কুৰুলিয়াই উঠিল, তমসা ফালি আদিত্যৰ কিৰণচাটি বাতায়নৰ ফাঁকেৰে সোমাই আহিল, তেতিয়াহে মই নিজ কক্ষলৈ গ’লোঁ।
ক্লান্ত দেহাটো শেতেলীত এৰি দিয়াৰ পিছতে গভীৰ নিদ্ৰাত ঢলি পৰিলোঁ।
বেলি দুপৰ হ’ল, নৃত্যকক্ষত বাজি থকা বাদ্যৰ সুৰ থামিল, স্নানাঘাটৰ পৰা ভাঁহি আহিল জলকেলি কৰি থকা বালক বিমলৰ হাঁহিৰ শব্দ, তেতিয়াহে নিদ্ৰাই মোৰ শেতেলী এৰিলে। অতিথিকক্ষত এৰি থৈ যোৱা অচিন যুৱকৰ কথা সেই সময়তহে মোৰ মনলৈ আহিলে। জাপ মাৰি উঠিলোঁ মই, ৰোগীৰ পথ্যৰ ব্যৱস্থা কৰিব লাগে। আগনিশাৰ তীব্ৰ জ্বৰত ভ্ৰম বকিছিল তেওঁ। জ্বৰ শাম কাটিলেই উষ্ম জলেৰে স্নান কৰাৰ পৰামৰ্শ দিছিল বৈদ্যই।
অতিথি যুৱকৰ কাষ পালোঁগৈ। দেৱালত আঁউজি বাতায়নেৰে স্থলপদ্মজোপালৈ চাই গভীৰ চিন্তাত নিমগ্ন আছিল যুৱক। বহুতদিনৰ চিনাকীৰ দৰে তেওঁ মোৰ মুখলৈ চাই ৰ’ল। মই তেওঁৰ স্নানৰ বাবে দাসীক উষ্ম জলৰ ব্যৱস্থা কৰিবলৈ ক’লোঁ। পাকশালাত সোমাই তেওঁৰ নিমিত্তে ঔষধ আৰু পথ্য তৈয়াৰ কৰিলোঁ। গৰম দুগ্ধত কেঁচা হৰিদ্ৰাৰ ৰস মিহলাই পিয়লাটো তেওঁৰ হাতত তুলি দিলোঁ। তাৰ পিছত আলফুলে তেওঁৰ ক্ষতস্থানবোৰত ঔষধৰ লেপন দিলোঁ। কাঢ়া ঔষধৰ লেপন পাই গভীৰ ক্ষতস্থানবোৰ চেকচেকাই উঠিল। অদম্য আঘাতত আটাহ পাৰি উঠিব যেন। মোৰ হাতত থাপ মাৰি ধৰি বাধা দি তেওঁ মোক কৈ উঠিল,
“সুন্দৰী, কোন হয় তুমি? কি তোমাৰ পৰিচয়?”
“যুৱক, মই এগৰাকী সাধাৰণ নাৰী। তোমাৰ পৰিচয় কি?”
“মই মগধ ৰাজ্যৰ সাধাৰণ প্ৰজা, পথ ভুল কৰি বৈশালীত ভৰি দিলোঁ, বৈশালীৰ সৈন্যই মোৰ এই অৱস্থা কৰিলে।”, তেওঁ নিজৰ পৰিচয় দিলে।
চিৰশত্ৰু মগধৰাজ্যৰ যুৱক! কোনোবা চোৰাংচোৱা নহয়তো! প্ৰমাদ গণিলোঁ মই। সেপ ঢুকি ক’লোঁ,
“সীমাত যুদ্ধ আৰম্ভ হৈছে যুৱক, তুমি বৰ ডাঙৰ ভুল কৰিলা। বৈশালীৰাজে গম পালে তোমাক পোতাশালত দিব।“
“কিন্তু সুন্দৰী, মই যে উভতি যোৱাৰ দৰকাৰ। মোৰ সংগীসকলে হয়তো মোৰ বাবে অপেক্ষা কৰি আছে।”
“নাই নাই যুৱক, তোমাক এই অৱস্থাত কোনোপধ্যেই যাবলৈ দিয়া নহ’ব। সুস্থ হ’লেহে তোমাৰ প্ৰস্থান সম্ভৱ। এতিয়া তোমাৰ বাবে আহাৰৰ ব্যৱস্থা কৰোঁ।”
দিনৰ পিছত ৰাত্ৰিৰ আগমন, ৰাত্ৰিৰ পিছত আকৌ দিন। যুৱক ক্ৰমান্বয়ে সুস্থ হৈ আহিছে। ক্ষতস্থানবোৰ শুকাই আহিছে। আগৰ দৰে ঔষধৰ লেপন দিওঁতে তেওঁ চিৎকাৰ কৰি উঠা নাই। মাজে মাজে অতিথিকক্ষৰ পৰা ওলাই উদ্যানত তহল দিছে। আম্ৰবাগানত সোমাই বিমলৰ লগত উমলিছে। কোনো এবাৰত বিমলৰ পিতৃপৰিচয় বিচাৰি বিতত হৈ পৰিছে। কোনোবা সময়ত গভীৰ চিন্তাত মগ্ন হৈ যেন তেওঁ আম্ৰবৃক্ষত আঁউজি ৰৈছে।
“কি চিন্তাত আছা যুৱক? ঘৰলৈ মনত পৰিছে নেকি?”, যুৱকৰ কাষত ৰৈ সুধি পেলাওঁ মই।
“নাই সুন্দৰী। বেলেগ কথা এটাতহে মন অস্থিৰ।”, কণ্ঠও অস্বাভাৱিক যেন যুৱকৰ।
“অস্থিৰ! কোৱা মোক অস্থিৰতাৰ কাৰণ।”, যুৱকৰ কণ্ঠৰ অস্বাভাৱিকতাত দ্বিধাগ্ৰস্ত হৈ পৰোঁ মই।
“তুমি কোন, তোমাৰ পৰিচয় জানিবলৈ উৎসুক মই”, যুৱকে মোৰ চকুলৈ চায়।
“মই বৈশালীৰ তনয়া, বৈশালীৰ বোৱাৰী, সেয়াই মোৰ পৰিচয়”, মই যুৱকৰ চকুৰ পৰা চকু আঁতৰাই দিগবলয়ৰ সিপাৰৰ মনা–নমনা বিন্দু এটাত চকু থৈ দিওঁ।
“তোমাৰ বাবে মোৰ হৃদয়ত আলোড়ন হৈছে সুন্দৰী। মই তোমাক বিয়া পাতিব খোজোঁ।”, মনৰ সকলো দ্বিধা ত্যাগ কৰি নিমিষতে কৈ উঠিল যুৱকে।
“কি কৈছা তুমি! কিদৰে এই চিন্তা তোমাৰ মনলৈ আহিল? তুমিতো জানা মই এটা সন্তানৰ মাতৃ। এগৰাকী মাতৃক এনে প্ৰস্তাৱ তুমি কিদৰে দিব পাৰা?”
“পিতৃহীন বিমলক মই পিতৃপৰিচয় দিব খোজোঁ। মোক গ্ৰহণ কৰা দেৱী, এয়া মোৰ কাতৰ অনুৰোধ।”
“নহয় যুৱক, এই অনুৰোধ মই গ্ৰহণ কৰিব নোৱাৰোঁ। এয়া অসম্ভৱ। বৈশালীৰ বোৱাৰীক আন পুৰুষে বিয়া কৰোৱাৰ নিয়ম নাই।”
“তুমি মোৰ প্ৰস্তাৱ নাকচ নকৰিবা সুন্দৰী। নহ’লে বৈশালীৰ আকাশত অগ্নি উৰিব।”
“নাই যুৱক, অবুজন নহ’বা, অহা বাটে ঘূৰি যোৱা”, হাতযোৰ কৰি মগধ ৰাজ্যৰ যুৱকক পাৰ্যমানে বুজাবলৈ চেষ্টা কৰিলোঁ মই।
“নহয় সুন্দৰী, মই তোমাক লৈ যাব খোজোঁ, মই তোমাক ৰাণীৰ দৰে ৰাখিম, তুমি মোৰ প্ৰস্তাৱত সন্মত হোৱা।”, যুৱক নাচোৰবান্দা।
“ৰাণীৰ দৰে ৰাখিবা? কোন হয় তুমি ৰাণীৰ দৰে ৰাখিবলৈ? বৈশালীবধূৰ সন্মান আৰু সামাজিক স্থিতি দেখিছা? সেইবোৰ দিব পাৰিবা তুমি?”, উষ্মামিহলি কণ্ঠেৰে উভতি ধৰিলোঁ মই।
“মই অজাতশত্ৰু, মগধৰ যুৱৰাজ।”, উত্তেজিত যুৱকে গোপন পৰিচয় ব্যক্ত কৰি পেলালে।
“অজাতশত্ৰু! মগধৰ যুৱৰাজ!”, যুৱকৰ মুখলৈ চালোঁ মই। বিম্বিসাৰ পুত্ৰ অজাতশত্ৰু নে এয়া?
সেই অজাতশত্ৰু, যি নিজ পিতৃক বন্দী কৰি সাম্ৰাজ্য বিস্তাৰৰ স্বপ্নত বন্দী, সেইজন কুলাংগাৰ পুত্ৰক মই নিজহাতে শুশ্ৰূষা কৰিলোঁ। ছিঃ! ঘৃণাত মোৰ সৰ্বশৰীৰত কম্পন উঠিবলৈ ধৰিলে। থুৱাই দিবলৈ মন গ’ল নিজক।
“এতিয়াই মোৰ গৃহ ত্যাগ কৰা অজাতশত্ৰু, দুনাই যাতে এই গৃহত মই তোমাক দেখা নাপাওঁ।”
অজাতশত্ৰুৱে চাই ৰ’ল, ইমান উষ্মা তেওঁ কাৰোবাৰ চকুত দেখা পাইছিল নে? কাৰোবাৰ সাহস আছিল নে এনে ধৰণৰ উষ্মা প্ৰদৰ্শনৰ? নিজ পিতৃৰে সাহস আছিল নে?
“হে নাৰী, তোমাৰ অত অহংকাৰ কিয়? কি আছে তোমাৰ যে তুমি মগধৰাজৰ প্ৰস্তাৱ নাকচ কৰিছা?”
“হে যুৱক, তোমাৰ অত অহংকাৰ কিয়? কি আছে তোমাৰ যে তুমি বৈশালীৰ বোৱাৰীক এনে প্ৰস্তাৱ দিবলৈ সাহস কৰিছা?”
“সাধাৰণ নাৰী তুমি, তোমাৰ ইমান স্পৰ্ধা! এই স্পৰ্ধা ভাল নহ’ব। ইয়াৰ শাস্তি বৈশালীয়ে ভোগ কৰিব লাগিব।“, যুৱক অজাতশত্ৰুৱে হুংকাৰ দি উঠিল।
“তুমি এতিয়াই প্ৰস্থান কৰা যুৱক, অন্যথা মই বৈশালীৰ সেনাপতিক খবৰ দিবলৈ বাধ্য হ’ম।” ময়ো সমান উষ্মাৰে চিঞৰি উঠিলোঁ।
দপদপাই ওলাই যায় তৰুণ যুৱক, অজাতশত্ৰু যাৰ নাম। অজাতশত্ৰুৰ খোজৰ শব্দই আম্ৰকুঞ্জৰ ধীৰ স্থিৰ বতাহজাকক অস্থিৰ কৰি পেলায়। বিম্বিসাৰপুত্ৰৰ ইমান ঔদ্ধত্য, পিতৃৰ সৈতে ইমান বৈপৰীত্য!
নিৰাকাৰ ব্যথাৰ বীজ এটিয়ে সংগোপনে গজালি মেলিলে বুকুত, এই যেন পুলি পোখা মেলি বাঢ়ি আহি অপতৃণৰ দৰে মোক মেৰিয়াই ধৰিব।
বিম্বিসাৰৰ প্ৰতিচ্ছবিটো মনলৈ আহিল। অসহায়তাৰ অবুজ যন্ত্ৰণা এটাই চেপি ধৰিলে মোক। পুত্ৰই অনাহাৰে ৰখা বিম্বিসাৰৰ মুখখনো হেনো আনন্দত উজ্বলি থাকে। কিহৰ ইমান আনন্দ তেওঁৰ! প্ৰেম প্ৰাপ্তিৰ আনন্দ নে বুদ্ধত্বৰ আনন্দ? বন্ধ কক্ষৰ জলঙাৰে ভাঁহি অহা বৌদ্ধৰ বাণী শুনি হেনো তেওঁ তন্ময় হৈ ৰয়। ভোক পাহৰে, তৃষ্ণা আঁতৰে, মনটো সুস্বাদু খাদ্যৰে যেন ভৰি থাকে।
সেইকণ সুখো নসহিলে অজাতশত্ৰুৱে। পিতৃৰ মুখত এনে উত্তৰ শুনি তেওঁ দেৱাল গাঁথি দিলে কাৰাগাৰৰ চৌপাশে। বুদ্ধৰ বাণীয়ে তেওঁৰ কাণত স্পৰ্শ কৰিব নোৱৰা হ’ল। তথাপি দেহা ভাগি নাযায় ভোকাতুৰ পিতৃৰ। মুখত জিলিকি থাকে স্বৰ্ণীল আভা। এই প্ৰফুল্লতাৰ কি কাৰণ? পেটত ক্ষুধা লৈ কিদৰে ইমান প্ৰফুল্ল হ’ব পাৰে মন? কোনে খাদ্য যোগান ধৰে তেওঁক? ৰাণীয়ে?
সন্দেহত ৰাণীকো ৰজাৰ ওচৰলৈ অহাত বাৰণ কৰিলে কুলাংগাৰ পুত্ৰ অজাতশত্ৰুৱে। স্নানাগাৰত ৰাণীৰ দেহৰ পৰা নিৰ্গত হয় মৌ–ঘিউৰ গোন্ধ। নাই, ৰাণীয়ে দেহত সানি লোৱা মৌ–ঘিউ পান কৰাব নোৱাৰিলে স্বামী বিম্বিসাৰক। স্বামীৰ মন তৃপ্ত। কোনো এক অচিন নাৰীৰ সুৰভিৰে ভৰি থাকে তেওঁৰ মন–প্ৰাণ। তেওঁ ক্ষুধাৰ্ত হৈ নৰয়।
বিম্বিসাৰৰ মৃত্যু কামনা কৰে পুত্ৰ অজাতশত্ৰুৱে। বাটৰ কণ্টক আঁতৰাব খোজে অজাতশত্ৰুৱে।
সেই অজাতশত্ৰুক মই মৃত্যুমুখৰ পৰা বচাই আনিছোঁ, নিজহাতে পথ্য তৈয়াৰ কৰিলোঁ সেই পুত্ৰৰ বাবে, যি পুত্ৰই নিজ পিতৃক অন্নৰ পৰা বঞ্চিত কৰিব পাৰে। নিজকে দোষী যেন অনুভৱ হ’ল। ভগৱানে মোৰ পাপ লংঘনৰ সুযোগ দিছিল, মই সেই সুযোগ হেৰুৱালোঁ।
পাৰিলোঁহেঁতেন মই, অজাতশত্ৰুক বন্দী কৰি বৈশালীৰাজৰ হাতত তুলি দিব পাৰিলোঁহেঁতেন মই। কিয় নকৰিলোঁ মই তেনেকুৱা? এই উত্তৰ নাই মোৰ ওচৰত। কেতিয়াবা মই বিবেকশূন্য হৈ পৰোঁ। আবেগে মোক কঠোৰ হ’বলৈ নিদিয়ে।
দুহাতেৰে মুখ ঢাকি বহি পৰিলোঁ। শীতল মলয়াই মোক বা’ দি শান্ত কৰে। বাৰে বাৰে প্ৰকৃতিয়ে মোক ক্ষান্ত কৰে। ক্ষান্ত কৰে আহিনৰ নীলবৰ্ণী আকাশখনে। সৰোবৰত ছিটিকি পৰা কোমল ৰ’দৰ কণিকাবোৰে মোক শান্ত কৰি কয়, “সবাৰো উৰ্ধত এই সৌন্দৰ্য, সবাৰো উৰ্ধত এই বিশ্বব্ৰহ্মাণ্ড”।
স্নানঘাটৰ পৰা সৰোবৰলৈ দুহাত মেলি দিওঁ। শীতল জলকণাবোৰে মোক আলিংগন কৰে। মোৰ অসূৰ্যস্পশিত দেহাংশত জলকণাই চুম্বন যাঁচে। চুলিটাৰি দীঘল সৰীসৃপৰ দৰে পানীত বগুৱা বাই থাকে। পিঠিসাঁতোৰ দি মই জলজ পুষ্পবোৰলৈ চাই ৰওঁ। মৌমাখিয়ে গুঞ্জন তোলে, পানীফৰিঙে পংকজ পাহিত মুখ দিয়ে। ভিজা বস্ত্ৰেৰে মই পানীৰ পৰা উঠি আহি স্নানাঘাটৰ চিৰিত বহি ৰওঁ। মোৰ তপ্তকাঞ্চনবৰ্ণী দেহা দুপৰৰ ৰ’দত জিলিকি উঠে। পয়ত্ৰিশবছৰীয়া দেহাটোত এতিয়াও ঘন অৰণ্যৰ গভীৰতা। এই অৰণ্যৰ গভীৰতাত মোৰ মনৰ দাগবোৰ সযতনে লুকুৱাই থৈছোঁ। স্নানঘাটৰ বহল শিলাখণ্ডত মই দেহা–মন আচাৰি সৰোবৰৰ মাজৰ ৰাজহাঁহযোৰলৈ চাই ৰৈছোঁ।
দেহাৰ ভিজা বস্ত্ৰ দেহাতে শুকাল। দাসী ইৰা আহি মোৰ কেশৰাজি শুষ্ক বস্ত্ৰেৰে মেৰিয়াই ধৰিলে। মই তাইক আঁতৰাই পঠিয়ালোঁ। এই সময় একান্ত নিজৰ সময়। এই সময়ৰ ভাগ–বতৰা নহয়।
মোৰ কাষৰ পৰা আঁতৰি পশ্চাদ দুৱাৰত স্থানুৰ দৰে ৰৈ থাকে ইৰা। দাসী ইৰা এই ভৱনত বেছি পুৰণি নহয়। গতবেলি বাৰিষাৰ সময়তহে তাই আহিছিল। হাতত মলিয়ন মোনা আৰু দেহাত উঁৱলি যোৱা সামান্য বস্ত্ৰেৰে লৈ তাই আম্ৰকুঞ্জৰ বাহিৰত বহি ৰৈছিল। অসহায় কোনো মানবীয়ে আম্ৰকুঞ্জত আশ্ৰয় নাপাব, তেনে কথাতো হ’বই নোৱাৰে। লাহে লাহে তাই মোৰ আস্থাভাজন হৈ পৰিছিল। প্ৰভাই বিমলক লৈ ব্যস্ত হৈ পৰিছিল আৰু ইৰাই মোৰ সাজসজ্জাৰ পৰা খোৱা–বোৱালৈকে চকু দিছিল।
আকৌ পংকজপাহিত মোৰ চকু পৰিল। ভ্ৰমৰে ৰস চুহি নিয়াৰ পাছত পংকজপাহিৰ আগৰ সৌন্দৰ্য থাকিবনে?
থাকিব, দেহাত কলংক নাথাকে। কলংক থাকি যায় মনত। মনৰ কলংক ধুব নোৱাৰি। মনৰ কলংক নিকা কৰিবলৈ গভীৰ তপস্যাৰ প্ৰয়োজন। এই অস্থিৰতাৰ মাজত তেনে তপস্যা কিদৰে সম্ভৱ!
এনে অস্থিৰতাৰ মাজতে খবৰ পালোঁ বিষাক্ত পত্ৰ ভক্ষণ কৰি মোৰ একালৰ প্ৰেমাষ্পদ বিক্ৰমৰূপী বিম্বিসাৰে মৃত্যুক আঁকোৱালি লৈছে।
কি!
কিমানদূৰ সত্য এই খবৰ!
কাক সোধোঁ, কোনে খবৰ আনিব? প্ৰেমাষ্পদৰ মৃত্যু বাৰ্তাই মোক শোকাৰ্ত কৰি তুলিলে, অৰ্হৎ বুদ্ধৰ দৰে এই শোক অতিক্ৰম কৰিব পৰাকৈ মোৰ বোধিজ্ঞান জাগ্ৰত নহ’ল আৰু মই পৰি ৰ’লোঁ উদ্যানৰ শুষ্ক কাষ্ঠবেদীত। বস্ত্ৰ অসংযত, কেশৰাজি অবিন্যস্ত, বোধিজ্ঞান প্ৰায় লুপ্ত।
অহোৰাত্ৰি নৃত্য–গীত আৰু সোমৰসৰ ৰাগিত মুখৰিত হৈ থকা আম্ৰকুঞ্জ মোৰ এই আচৰণত নীৰৱ হৈ পৰিছে। পৰিচাৰক–পৰিচাৰিকাসকলে নিৰ্দিষ্ট দূৰত্বৰ পৰা তেওঁলোকৰ দেৱীৰ এই মৰ্মপীড়া দৰ্শন কৰি থাকিল। উদ্যানৰ পখীজাক শান্ত হৈ পৰিল। মৰিশালীৰ নিস্তব্ধতাৰে পাৰ হ’ল মুদ্ৰাৰতা নৰ্তকীৰ সুৰৰ ঝংকাৰ। বৰ্ণময় মাটিৰ পাত্ৰত শাৰী শাৰীকৈ সজোৱা দীপমালা ক্ৰমাৎ ম্লান হৈ পৰিল। সন্ধ্যাপৰতে অন্ধকাৰ হৈ পৰিল আম্ৰকুঞ্জৰ চৌহদ। বয়সৰ জোখেৰে যৌৱন শেষ হোৱা স্বত্বেও অনেক ৰাজপুত্ৰ, বণিক আৰু কবি–পণ্ডিতে ভিৰ কৰিব বিচাৰে আম্ৰকুঞ্জ। কিন্তু মোক নিৰলে থাকিবলৈ লাগে। নিসংগতাহে কাম্য মোৰ।
নিৰ্জনতাৰ সুৰে মোৰ আত্মা স্পৰ্শ কৰে। নিৰ্জনতাই সামৰি লয় মোৰ সমস্ত দুখ, পীড়া, যাতনা।নিৰ্জনতাই মোক সেই কথাকে কয়, যি কথা মোৰ আত্মাই শ্ৰৱণ কৰিব বিচাৰে। নিৰ্জনতাই মোক দুহাত মেলি সাবতি ধৰে।
আম্ৰকুঞ্জত অসাৰতাই বিৰাজ কৰে। সদাব্যস্ত প্ৰমোদকক্ষ নিস্তব্ধ হৈ পৰাত গতিশূন্য হৈছে বৈশালীৰ পুৰুষ সমাজ। লিচ্ছবি সমাজ বিতুষ্ট হৈছে। বৈশালীৰাজ ক্ষুণ্ণ হৈছে। ক্ষুণ্ণ হৈছে জম্বুদেশৰ ধনী বণিকসকল। অথচ কি এক ঔদাসীন্যই আৰাল দি ৰাখে মোৰ আত্মাৰ শূন্যতা। কদাকাৰ গ্লানিত ধ্বংসস্তুপত ৰূপান্তৰ হয় মোৰ আত্মাৰ দূৰ্গ। বিম্বিসাৰৰ মৃত্যুৰ লগে লগে মোৰ আত্মা অনাথ হৈ পৰিল। সেই খবৰ যে কোনেও নাজানে। নাজানে বাবেই লিচ্ছবি সমাজৰ নেতৃস্থানীয় ব্যক্তিসকল আহি এদিন মোক সোঁৱৰাই দিলে কিদৰে জম্বুদ্বীপৰ শ্ৰেষ্ঠ গণিকা হিচাপে গঢ়ি তুলিবলৈ মোৰ নামত প্ৰচুৰ ধন বিনিয়োগ কৰা হৈছিল।
হাঁহিলো মই। অট্টহাস্যৰ নিনাদ এটিয়ে সমস্ত পৃথিৱীক উদ্দেশ্যি কৈ উঠিল, “কিমান ধনৰ হিচাপ লাগে? যোৱা লৈ যোৱা। মোৰ আৰ্জিত সমূহ ধন লৈ যোৱা। বিনিময়ত মোক মুক্তি দিয়া। মোক মোৰ স’তে থাকিবলৈ দিয়া।”
অহমিকাৰে পৰিপূৰ্ণ মনটো বিম্বিসাৰৰ মৃত্যুৱে তেনেই ছেদেলি–ভেদেলি কৰি পেলালে। মোৰ দৰে বহুগামী নাৰীৰ এই বিলাস–বসনত প্ৰেমৰ দৰে পৱিত্ৰ অনুভৱে কিদৰে নিগাজী স্থান অধিকাৰ কৰিছিল? প্ৰেমৰ সুকোমল অনুভৱে কিদৰে তৃপ্ত কৰি ৰাখিছিল মোৰ অতৃপ্ত আত্মা, সেয়া মোৰ বাদে দ্বিতীয় কোনে বুজিব? এই যেন দূৰৰ অৰণ্যানি ফালি ভাঁহি আহে অশ্বখুৰাৰ খট্ খট্ নিধ্বান। বিক্ৰম নামধাৰী বিম্বিসাৰৰ গহীন পাদুকাৰ শব্দই অহৰ্নিশে আলোড়িত কৰি ৰখা মোৰ দুচকু এতিয়া সূদুৰ নীলিমাৰ শূন্যতাত নিমজ্জন। প্ৰতীক্ষাৰ অন্ত নপৰে। অস্থিৰ আত্মাই বিম্বিসাৰৰ আনন্ত্য আত্মাৰ লগত বিলীন হোৱাৰ কচৰৎ চলায়।
ধীৰে ধীৰে নিজৰো অজানিতে জীৱনৰ সকলো ব্যস্ততা, সকলো আকৰ্ষণ লীন যাবলৈ ধৰিলে গভীৰ নিৰ্লিপ্ততাত। আম্ৰবৃক্ষৰ শীতল ছায়াৰ ওচৰত যেন মাতৃৰ মমতা দাবী কৰিলোঁ,
“হে বৃক্ষ, জন্মক্ষণত যিদৰে আঁকোৱালি লৈছিলা, এতিয়াও সেই মমতাৰেই মোক আঁকোৱালি লোৱা। মই শূন্য, মই নিঃস্ব। মোৰ নিঃস্বতাক পুতৌ নকৰিবা। মোৰ নিঃস্বতাক তোমাৰ আঞ্চুলেৰে আচ্ছাদন কৰি লোৱা।”
অৰ্ধশায়িত অৱস্থাত কিমানদেৰি পৰি ৰওঁ সেই বৃক্ষৰ তলত সেই হিচাপ মোৰ ওচৰত নাথাকে। এদিন তেনে সময়তে বিমল আহি কাণৰ কাষত মাত লগালে,
“আই, বুদ্ধ আহিছে, বুদ্ধ আহিছে।”
বুদ্ধ আহিছে! সপোন নে বাস্তৱ এয়া! চকু মেলি বিমললৈ চাইছিলোঁ। প্ৰৱেশদ্বাৰত ৰক্তবৰ্ণী একবস্ত্ৰ পৰিধান কৰা ভিক্ষুকগণৰ সমদলটো চকুত পৰিল। বিমলৰ আঙুলিত ধৰি সন্মুখত দণ্ডায়মান হৈছিল এক মুণ্ডিত মস্তক সন্ন্যাসী। তেওঁৰ গৌৰবৰ্ণী দেহৰ পৰা বিচ্ছুৰিত আভাই পলকতে মোক সন্মোহিত কৰি পেলালে। সেউজ বননিৰ কোমল দলিচা ত্যাগ কৰি তেওঁৰ ভৰিত উবুৰ খাই পৰিলোঁ, “হে বুদ্ধ, মোক শৰণ দিয়া।”
বুদ্ধই মোৰ মূৰত হাত থ’লে। সেই স্পৰ্শত যেন মোৰ সকলো দুখ হৰণ হৈ গ’ল। গধুৰ জড়তা আঁতৰি প্ৰশান্তিৰে ভৰি পৰিল মোৰ শূন্য হৃদয়। বুজি উঠিলোঁ, এৱেই বুদ্ধ। আৰ্যাৱৰ্তৰ পৰম মানৱ এওঁ। এৱেঁই দুখ–হৰি। এৱেঁই বিষ–নাশক। এৱেঁই জীৱনদায়িনী। এৱেই মুক্তিদাতা।
“আই।”, বুদ্ধই মোক স্নেহমিহলি কণ্ঠেৰে মাত লগালে, “উঠা আই, আমাৰ আতিথ্য গ্ৰহণ কৰা।”
বুদ্ধৰ মুখত আই শব্দটো শুনি মোৰ হৃদয় শাঁত পৰি গ’ল। এই প্ৰথম কোনোবাই যেন মোক নাৰীৰ মৰ্যাদা দিলে।
বুদ্ধৰ মুখলৈ চালোঁ। সত্তৰোৰ্ধৰ এজন ব্যক্তি। পৰিব্ৰাজকৰ দৰে হাজাৰ মাইল খোজ কাঢ়ি তেওঁ আহি ইয়াত উপস্থিত হৈছে। তথাপি মুখখনত ক্লান্তিৰ ৰেশ নাই। স্বৰ্ণকাম্তি অৱয়বত স্পষ্টকৈ জিলিকি থাকে প্ৰজ্ঞাৰ আভা। নয়নযুৰিত ব্যাপ্ত মমতাৰ মায়া। মোহত্যাগ কৰা মানুহৰ চকুত এই মায়া দেখি মই উচপ খাই উঠিলোঁ। বুদ্ধৰ বাণী শুনিবলৈ, বুদ্ধৰ মুখৰ পৰা নিঃসৰিত সেই অমিয়াবাণী শুনিবলৈ মোৰ যে কত দিনৰ প্ৰতীক্ষা!
“কি ভাবি আছা আই?”
বুদ্ধৰ কথাত মই লজ্জাবোধ কৰিলোঁ। এই আহ্নিকবেলাৰ অতিথিক মই তৃষ্ণা নিবাৰণৰ সুযোগ নিদি ৰ’দত থিয় কৰাই ৰাখিছোঁ। ধিক্কাৰ আহিল নিজলৈ।
পৰিচাৰকক জিৰণিৰ ব্যৱস্থা ল’বলৈ নিৰ্দেশ দি ভোজনৰ দিহা দিবলৈ পাকশালালৈ দ্ৰুতগতিৰে খোজ ল’লোঁ। প্ৰতিটো খোজত মোৰ বক্ষ কঁপি উঠিল। কি ক’ম তেওঁক মই? কিমান যে প্ৰশ্নৰ উত্তৰ জানিবলৈ আছে এই সিদ্ধপুৰুষৰ ওচৰত! ক’ম নেকি যে, এই জীৱনে মোক আমুৱাই আনিছে। এই মোহৰ পৰা মোক মুক্ত কৰা প্ৰভু। এই ক্ষমতা বিলাসৰ প্ৰয়োজন নাই মোৰ। মোক শান্তি লাগে, পৰম শান্তি।
সমুদ্ৰৰ গৰ্জনৰ দৰে যেন গুজৰি উঠিব মোৰ বক্ষত চেপি ৰখা কান্দোনৰ ঢৌবোৰ। বিম্বিসাৰৰ মৃত্যুত যি টোপাল চকুপানী টোকা নহ’ল, সেই সমূহ টোপাল জমা হৈ হিমালয়ৰ আকাৰ লোৱা এই বুকুৰ বেথা বুদ্ধৰ বাদে কোনে নোহোৱা কৰিব পাৰিব?
মুহূৰ্ততে আম্ৰকুঞ্জৰ চৌহদ সলনি হৈ গ’ল। দলে বলে ভিক্ষুগণ আহি বুদ্ধং শৰণং গচ্ছামি ধ্বনিৰে আম্ৰকুঞ্জৰ চৌহদ মুখৰিত কৰি পেলালে। ভিক্ষুগণৰ বাবে জলৰ ব্যৱস্থা কৰা হ’ল। আম্ৰবৃক্ষৰ তলত বুদ্ধই আসন পাৰি বহিলে। তেওঁৰ চৌপাশে আসন ল’লে তেওঁৰ শিষ্যগণে। তেনেতে বৈশালী বৌদ্ধবিহাৰৰ তত্ত্বাৱধয়ক শুভ্ৰজিতে অস্ফূট সুৰত বুদ্ধক কাণে কাণে কোৱা শুনিবলৈ পালোঁ,
“তথাগত, আপোনাক বৌদ্ধবিহাৰলৈ আমন্ত্ৰণ জনাবলৈ আহিছোঁ।”
শিষ্য আনন্দে তথাগতৰ হৈ উত্তৰ দিলে, “সেয়া এতিয়া সম্ভৱ নহয়। তথাগত কিছুদিন ইয়াতেই থাকিব। দেৱী আম্ৰপালীয়ে বহু পূৰ্বেই তথাগতক নিমন্ত্ৰণ জনাই থৈছে।”
শিষ্য আনন্দৰ উত্তৰ শুনি শুভ্ৰজিত হতভম্ব। দ্বিধাগ্ৰস্ত মনত যেন সহস্ৰ প্ৰশ্নৰ জোৱাৰ। ভাবি আছে মনতে, তথাগতৰ দৰে যুগপুৰুষে আম্ৰপালীৰ দৰে কলংকিনী নাৰীৰ ঘৰত আশ্ৰয় লোৱাটো শোভা পাবনে? গুৰুক কিদৰে বিপথে যাবলৈ দিয়ে তেওঁ? মহাসংকটত পৰি তেওঁৰ মন বিচলিত হ’ল। কিন্তু মুখ ফুটাই একো ক’ব নোৱাৰিলে?
অন্তৰ্যামী তথাগতে শুভ্ৰজিতৰ মনৰ বিচলিত অৱস্থা বুজি উঠিল। শান্ত কণ্ঠেৰে শুভ্ৰজিতক ক’লে তেওঁ, “মনৰ কথা প্ৰকাশ নকৰিলে মনত চাপ বাঢ়ে। চাপ বাঢ়িলে ব্যাধিয়ে আগুৰে। গতিকে ব্যাধি কমাবলৈকে তোমাৰ মনৰ কথা খুলি দিব পাৰা।”
ইতস্তত কৰি শুভ্ৰজিতে প্ৰশ্ন কৰিলে, “তথাগত আপুনি বৌদ্ধবিহাৰত পদাৰ্পণ নকৰি সামান্য নৰ্তকীৰ পদূলিত ভৰি দিছে। এই নৰ্তকী এগৰাকী অপবিত্ৰা নাৰী। সমাজত এই নাৰীৰ কোনো স্থান নাই। ইয়াত আশ্ৰয় ল’লে আপোনাৰ সন্মান হানি হ’ব”।
আহত হ’ল তথাগত। এইকাৰণে নহয় যে শুভ্ৰজিতে তেওঁক প্ৰশ্ন কৰিবলৈ সাহ কৰিছে। বৰঞ্চ এইকাৰণে যে, বৌদ্ধধৰ্মত দীক্ষা প্ৰদান কৰিও শুভ্ৰজিতৰ দৰে শিষ্যৰ মনৰ পৰা আন্ধাৰ দূৰ কৰিবলৈ সক্ষম হোৱা নাই। তেওঁৰেই দৰ্শন মানি প্ৰতিদিনে অহিংসাৰ মন্ত্ৰ জপ কৰিও বুদ্ধৰ মহান অৰ্থ তেওঁৰ শিষ্যই উপলব্ধি কৰা নাই। ইয়াতকৈ যন্ত্ৰণাৰ কথা কি হ’ব পাৰে! ধীৰ কণ্ঠেৰে ক’লে শুভ্ৰজিতক,
“গুৰুৰ ওচৰত সকলো শিষ্যই সমান। তুমি যিদৰে মোৰ শিষ্য, আম্ৰপালীও মোৰ শিষ্যা। আম্ৰপালীয়ে মোৰ ধৰ্মত দীক্ষা ল’বলৈ ইচ্ছা প্ৰকাশ কৰিছে। তেওঁৰ চিত্ত পৱিত্ৰ, নিষ্কলুষ। তেওঁৰ গৃহত আশ্ৰয় ল’লে মোৰ সন্মান হানি নহয়।”
তাৰ পাছত তেওঁ শিষ্যগণক ধৰ্মোপদেশ দিলে। অষ্টাংগিক মাৰ্গৰ কথা ক’লে, ক’লে চাৰি আৰ্যসত্যৰ কথা। গম্ভীৰ কণ্ঠেৰে তেওঁ জীৱনতত্ব প্ৰচাৰ কৰিলে,
“মোহৰ পৰাই দুখৰ জন্ম। দুখমোচনৰ একমাত্ৰ উপায় হ’ল মোহৰ পৰা মুক্ত হোৱা। মোহৰ পৰা মুক্তি পাবলৈ হ’লে বাস্তৱক সহজে গ্ৰহণ কৰা।”
পাকশালাৰ সুমিষ্ট আয়োজনৰ মাজতো মোৰ কাণত বাৰে বাৰে বাজি থাকিল সেই অমিয়া বাণী, “দুখমোচনৰ একমাত্ৰ উপায় হ’ল বাস্তৱক সহজে গ্ৰহণ কৰা”।
মাটিত আসন পাৰি ভিক্ষুসকলক ভোজন পৰিৱশনৰ ব্যৱস্থা কৰা হ’ল। খুব পৰিমিত আহাৰেৰে ভোজন সমাপ্ত কৰিলে তথাগতসহ শিষ্যগণে। ভোজনৰ পাছত জিৰণি ল’লে, জিৰণিৰ পিছত প্ৰাৰ্থনাসভা।
বুদ্ধৰ এই আগমনৰ বাৰ্তা বৈশালীৰাজৰ কাণত পৰিবলৈ বেছি পৰ নালাগিল। লগে লগেই তেওঁ ক্ৰোধান্বিত হৈ উঠিল। কিমান সত্যতা আছে এই খবৰৰ? সঁচাকৈয়ে তথাগত আহি নগৰবধূৰ বাসগৃহত উপস্থিত হৈছে নেকি?
মূৰৰ ওপৰত যেন স্বৰ্গ ভাগি পৰিল তেওঁৰ। এই খবৰ সত্য হ’লে বৈশালীৰাজৰ ক্ষমতাক লৈ লিচ্ছবিসমাজত প্ৰশ্ন উঠিব। লিচ্ছবিসমাজ বুদ্ধৰ প্ৰতি পৰম অনুৰক্ত। বৌদ্ধ ধৰ্মৰ প্ৰসাৰৰ ফলত জম্বু দ্বীপত গঢ় লৈ উঠা এই নব্য সভ্যতাৰ কেন্দ্ৰবিন্দুয়েই হৈছে শাক্য কূলসম্ভূত এইজন পৰম পুৰুষ, গৌতম বুদ্ধ নামেৰে যাৰ পৰিচয় । বৈশালীৰাজৰ বৰ্তমানত বুদ্ধৰ দৰে প্ৰভাৱশালী ব্যক্তি এজন কিদৰে এগৰাকী নগৰগণিকাৰ বাসভৱনত ৰাত্ৰিযাপন কৰিব পাৰে, এই লৈ লিচ্ছবিসমাজে তেওঁক আঙুলি প্ৰদৰ্শন নকৰিবনে?
প্ৰধানমন্ত্ৰীক চমন দি তেওঁ সবিশেষ জানিবলৈ বিচাৰি ক’লে, “এজনী গণিকাক ধন আৰু অলংকাৰেৰেই ক্ষান্ত কৰি ৰখা উচিত। আম্ৰপালীক যিমান ধন লাগে দি দিয়া, বিনিময়ত তথাগতক ইয়ালৈ পঠিয়াই দিয়ক তেওঁ।“
প্ৰধানমন্ত্ৰীয়ে ৰজাৰ উষ্মা দেখি প্ৰমাদ গণিলে, “ঠিক আছে মহাৰাজ, মই এতিয়াই এই বিষয়টো নিষ্পত্তি কৰি আহোঁ।”
দ্ৰুতগতিত প্ৰধানমন্ত্ৰীয়ে ৰাজপ্ৰাসাদ ত্যাগ কৰি আম্ৰকুঞ্জৰ ফালে ৰথ আগুৱাই নিলে। আম্ৰকুঞ্জত তেতিয়া অত্যন্ত ভিৰ। তথাগতৰ দৰ্শনৰ বাবে সমগ্ৰ বৈশালী উঠি আহিছে। মূল প্ৰৱেশদ্বাৰ সেই নিমিত্তে খুলি দিয়া হৈছে। বিশাল জনতাই ঘেৰি লৈছে তথাগতক। নিৰাপত্তাৰক্ষীয়ে ইমান মানুহৰ ভীৰ নিয়ন্ত্ৰণলৈ আনিব পৰা নাই। পাকশালাত সকলোৰে বাবে আহাৰ পাক কৰা হৈছে। ভিৰ ফালি প্ৰধানমন্ত্ৰীয়ে আম্ৰকুঞ্জত প্ৰৱেশ কৰিলে। প্ৰৱেশপথতে দাসী প্ৰজ্ঞাই আদৰিলে প্ৰধানমন্ত্ৰীক। প্ৰধানমন্ত্ৰীক অভিবাদন জনাই প্ৰজ্ঞাই ক’লে যে,
“মহামাত্য ডাঙৰীয়া, আজি ভগৱান বুদ্ধৰ আপ্যায়নৰ হেতু বৈশালীবধূ ব্যস্ত হৈ আছে। আজি তেখেতে আপোনাক সময় দিব নোৱাৰিব।”
সামান্য দাসীৰ এই অৱজ্ঞা মহামাত্যই আন সময়ত হোৱা হ’লে সহ্য কৰিব নোৱাৰিলেহেঁতেন। কিন্তু তেওঁ ধৈৰ্য ধৰিবলৈ বাধ্য হ’ল। তথাগতক ইয়াৰ পৰা লৈ যোৱাটোহে তেওঁৰ লক্ষ্য। তাৰ বাবে নগৰগণিকা সৈমান হোৱাটো বাঞ্চনীয়।
তেনেতে মোৰ চকুৱে চকুৱে পৰিল মহামাত্য। মাত লগালোঁ,
“খোদ মহামাত্য মোৰ বাসভৱনত, কি সকাম আছিল মহোদয়?”
“বৈশালীৰাজে আপোনাৰ বাবে এটা প্ৰস্তাৱ পঠিয়াইছিল দেৱী।“
“প্ৰস্তাৱ!”, মই আচৰিত হ’লোঁ।
“বৈশালীৰাজে বিচৰা নাই যে তথাগত আপোনাৰ বাসভৱনত অতিথি হৈ থাকক। তাৰ বাবে যিমান প্ৰয়োজন হয় অৰ্থদান কৰিবলৈ প্ৰস্তুত তেওঁ।”
“অৰ্থদানৰ ইমান অৰ্থহীন প্ৰলোভন!”, হাঁহি পেলালোঁ মই। হাঁহি হাঁহিয়েই উত্তৰ দিলোঁ, “মহাৰাজক ক’বগৈ মহামাত্য ডাঙৰীয়া, তাৰ তিনিগুণ অৰ্থদান দিবলৈ সাজু আছোঁ মই। তথাগত আজি মোৰ বাসভৱনত থাকিব।”
“ক্ষমতা আৰু বৈভৱৰ ৰাগি মূৰত লাগিছে নগৰবধূৰ”, মনতে হুংকাৰ তুলি মহামাত্য ডাঙৰীয়া চৌহদৰ বাহিৰ হ’ল। আম্ৰকুঞ্জ ত্যাগ কৰি তেওঁ বৈশালীৰাজৰ ওচৰ পালেগৈ। বৈশালীৰাজ ক্ষোভত ফাটি পৰে।
“কি উপায় মহামাত্য? কি উপায়েৰে এই অপমানৰ পোটক তোলা যায়? কি উপায়েৰে নগৰবধূৰ এই অহংকাৰক মষিমূৰ কৰা যায়?”
“মহাৰাজ, গছত পোক লাগিলে গছ কাটি দিয়াই নিয়ম, লাগিলে সেয়া চন্দন গছেই নহওক কিয়?”
“কাটি পেলোৱা যাওক গছ, এতিয়াই কাটি পেলোৱা যাওক গছ।”, তৰ্জন গৰ্জন কৰি উঠিল বৈশালীৰাজ যুদ্ধবীৰে। সেনাপতিলৈ চমন পঠিয়ালে তেওঁ আৰু গোপন কক্ষত গোপনে আলোচনা হ’ল সেই নিৰ্মম সিদ্ধান্ত।
বৈশালীবধূ আম্ৰপালীৰ হত্যাৰ সিদ্ধান্ত আছিল সেয়া। জনতাৰ ভিৰৰ মাজতে সেই কাম সম্পন্ন হ’ব লাগিব।
এইফালে আম্ৰকুঞ্জৰ ব্যস্ততা থমা নাই।
আম্ৰকুঞ্জত বুদ্ধদেৱৰ আজি দ্বিতীয় দিন। বুদ্ধৰ স্নানাহাৰৰ নিমিত্তে মোৰ বিশেষ পৰমান্ন তৈয়াৰ কৰিবলৈ মন গ’ল। ৰন্ধনশালাত সহযোগী হিচাপে মোৰ লগত থাকিল কেৱল ইৰা আৰু সুহাগী। বুদ্ধদেৱক দৰ্শন কৰিবলৈ অহা দৰ্শকৰ বাবে মুকলিকৈ ৰন্ধা–বঢ়াৰ আয়োজন কৰিছে আন আন ৰান্ধনি পোষকসকলে।
ৰন্ধনশালাৰ পৰা ভাঁহি অহা পৰমান্নৰ গোন্ধ বতাহত বিয়পি গ’ল। তথাগতৰ ধৰ্মসভাখনিৰ সামৰণি পৰিছিল। অতিথিবৃন্দক মজিয়াত শাৰী শাৰীকৈ বহিবলৈ দি ভোজনৰ দিহা কৰা হ’ল। পৰমান্নৰ পাত্ৰ সাজু কৰি তথাগতৰ সন্মুখত ৰাখিলোঁ, পৰমান্নৰ গোন্ধ পাই দৌৰি আহিল বিমল,
“আই আই মোকো পৰমান্ন দিয়া।”
বিমলক চকু পকাই ধৰিলোঁ মই, এই বিশেষ পৰমান্ন বুদ্ধই স্পৰ্শ কৰাৰ পাছতহে বাকীসকলক পৰিৱেশন কৰা হ’ব। বুদ্ধই হাঁহিলে। বিমলক মৰমেৰে কাষত বহুৱাই ল’লে,
“বাছা বিমল, তুমি মোৰ লগতে বহা। মোৰ লগতে আহাৰ গ্ৰহণ কৰিবা তুমি।”
তেনেতেই লৱৰি আহিল মোৰ নিৰাপত্তাৰক্ষী, উত্তেজিত হৈ ক’লে মোক,
“ক্ষমা কৰিব দেৱী, এই পৰমান্ন প্ৰথমে আপোনাৰ দাসীক গ্ৰহণ কৰিবলৈ দিয়ক।”
“কি কৈ আছা তুমি, জ্যেষ্ঠজনে স্পৰ্শ কৰাৰ আগতে এই পৰমান্ন গ্ৰহণ কৰাটো নিয়মবিৰুদ্ধ।”, ডবিয়াই উঠিছোঁ মই।
“কিন্তু দেৱী, এই পৰমান্ন ভগৱান বুদ্ধই গ্ৰহণ কৰিব নোৱাৰে, এই পৰমান্নত বিহ মিহলোৱা হৈছে।”
“কি কৈছা এইবোৰ? মই নিজহাতে তৈয়াৰ কৰা পৰমান্নত বিহ কোনে ঢালিব?” উত্তেজনাত কঁপি উঠিলোঁ মই।
স্তম্ভিত হৈ চাই ৰ’ল তথাগতে। শিষ্যগণে ইজনে সিজনৰ মুখলৈ চালে। তথাগতে মোৰ নিৰাপত্তাৰক্ষীক স্নেহমিহলি কণ্ঠেৰে সুধিলে, “এইবোৰ তুমি কি কৈ আছা বাছা? এই পৰমান্নত বিহ কি কাৰণত মিহলাব?”
নিৰাপত্তাৰক্ষীয়ে ক’লে, “কি কাৰণত মিহলাইছিল সেয়া দাসী ইৰাইহে ক’ব পাৰিব?”
“ইৰা!”, ইৰা উচপ খাই উঠিল, “নাই নাই, এয়া মিছা কথা। মই কি কাৰণে বিহ মিহলাম?”
“তেতিয়াহ’লে এই পৰমান্ন ইৰাক মুখত লবলৈ দিয়া হওক”, নিৰাপত্তাৰক্ষীয়ে আকৌ জোৰ দিলে।
মই ইৰাৰ মুখলৈ চালোঁ। তাই পিছ হুঁহকি গ’ল। সন্দেহ সঁচা প্ৰমাণিত হোৱাত মই কান্দি পেলালোঁ, “কি কাৰণে তই এই পৰমান্নত বিহ ঢালিলি ইৰা? কিহৰ বাবে এই সৰ্বনাশ কৰিবলৈ ওলাইছিলি?”
তথাগতে উঠি ইৰাৰ কাষত থিয় হ’ল, “এই বিষাক্ত পৰমান্ন গ্ৰহণ কৰিলে তোমাৰ শান্তি হ’ব নেকি বাছা? মোৰ মৃত্যু হ’লে তোমাৰ জীৱনৰ সকলো সমস্যা সমাধান হৈ যাব নেকি? যদি তেনেকুৱাই হয়, মই সাজু আছোঁ এই পৰমান্ন ভক্ষণ কৰিবলৈ।”
শিষ্যগণে একমুখে চিৎকাৰ কৰি উঠিল, “এয়া আপুনি কি কৈছে প্ৰভু?”
দাসী ইৰা কান্দোনত ভাগি পৰিল। তথাগতে ইৰাৰ মূৰত হাত ফুৰাই সুধিলে, “কোৱা বাছা, ক’ৰ পৰা আহিছা? মোৰ খাদ্যত বিহ ঢালিবলৈ তোমাক কোনে পৰামৰ্শ দিলে?”
“মগধৰ ৰজা অজাতশত্ৰুৱে”, কান্দি কান্দি ক’লে দাসী ইৰাই।
“অজাতশত্ৰুৱে!”, আশ্চৰ্যত চক্ষু মেল খাই গ’ল মোৰ।
বুদ্ধও আচৰিত, তেওঁক হত্যা কৰি অজাতশত্ৰুৱে কি পাব? কি শত্ৰুতা বুদ্ধৰ স’তে অজাতশত্ৰুৰ?
“বুদ্ধৰ স’তে শত্ৰুতা নহয়। শত্ৰুতা আম্ৰপালীৰ স’তেহে। বুদ্ধক হত্যা কৰাৰ অপৰাধত বৈশালীবাসীৰ চকুত আম্ৰপালীক অপৰাধী সজাটোৱেই আছিল অজাতশত্ৰুৰ লক্ষ্য।“
বিমলক সাৱটি উচুপি উঠিলোঁ মই। উচুপি উচুপি তথাগতক ক’লো, “মোৰ শিষ্যত্ব প্ৰদান কৰক বুদ্ধদেৱ। বিমলৰ দায়িত্ব লওক। বিমলক আপোনাৰ ধৰ্মত দীক্ষা দিয়ক। বিমলক আপোনাৰ সংঘত সদস্য কৰি লওক।”
তথাগত গভীৰ চিন্তাত মগ্ন হ’ল। তাৰ পিছত শিষ্য আনন্দক কিবা নিৰ্দেশ দিলে। বাহিৰত অপেক্ষাৰত জনতাৰ ভিৰ বাঢ়ি গৈছে। জনতাৰ সন্বলিত ধ্বনি, “ভগৱান বুদ্ধৰ জয় হওক।”
ভগৱান বুদ্ধই উত্তৰত ক’লে, “সমস্ত পৃথিৱীৰে মংগল হওক।”
আনন্দৰ নেতৃত্বত বৌদ্ধবিহাৰৰ সমূহ বৌদ্ধ ভিক্ষুণীৰ সমদল আহি আম্ৰকুঞ্জত উপস্থিত হ’ল। সকলোৰে মুণ্ডিত মস্তক। শৰীৰত ৰক্তবৰ্ণী উত্তৰীয়।
আম্ৰপালীয়ে বৌদ্ধধৰ্মত দীক্ষা ল’ব! বৈশালীবাসীৰ বাবে এয়া সৰু খবৰ নাছিল। বুদ্ধই মনৰ পৱিত্ৰতাৰে সকলোকে সামৰি লৈছে। বৈশালীৰাজৰ ষড়যন্ত্ৰ তল পৰি গৈছে।
উত্তেজনাই পিষ্ট কৰা হৃদয় হঠাৎ অচঞ্চল হৈ পৰিছে। হিমালয়ৰ ওপৰেৰে বৈ অহা বতাহজাক যেন শান্ত হৈ পৰিছে। ঋতুৰাণী শৰতে বতাহত কোমল সুবাস বিলাইছে। আকাশে ৰঙীন পুষ্পৰেণুৰ দৰে ৰ’দ ছটিয়াই দিছে। আকাশৰ বহু ওপৰেৰে উৰি গৈছে পৰিভ্ৰমী বিহংগৰ জাক।
গংগাৰ বালিচৰে মোক আসন পাতি দিছে। পূৰ্বাহ্ন সূৰ্যৰ বিভঞ্জিত প্ৰতিবিম্বই গংগাৰ বুকুত জলকেলি কৰিছে। ক্ষৌৰকৰ্মীয়ে খুৰাই দিয়া মোৰ দীঘল চুলিটাৰি প্ৰাণময়ী গংগাই সামৰি লৈছে। মোৰ মাখনবৰ্ণী দেহা কোনো এক পুৰাতন আৱেশে মেৰিয়াই ধৰিছে। সুখময়তাৰ শিহৰণত মোৰ জীৱনত পৰম তত্ব আৱিষ্কাৰ হৈছে যেন। একবস্ত্ৰ ধাৰণ কৰি মই ভিক্ষুণীৰ সমদলত বিলীন হৈছোঁ।
সমগ্ৰ বৈশালীবাসীৰ বাবে সেই চাক্ষুস অভিজ্ঞতা কম বিস্ময়কৰ নাছিল! বৈশালীৰ আম্ৰকুঞ্জত স্থাপন হ’ল ভিক্ষুণী সংঘ। প্ৰতিটো প্ৰাতস কালত বৈশালীৰ গণিকাগৃহত বাজি উঠিল সেই পৰম ধ্বনি,
“বুদ্ধং শৰণং গচ্ছামি”
ধম্মং শৰণং গচ্ছামি।
সংঘং শৰণং গচ্ছামি।”
(সমাপ্ত)