নৱম অধ্যায় : সাম্প্ৰতিক যুগৰ অসমীয়া সাহিত্য প্ৰথম পৰ্ব (১৯৭০-১৯৯০)

লেখক- মৃণালজ্যোতি গোস্ৱামী

চুটিগল্প

‘ৰামধেনু’ আলোচনীৰ প্ৰকাশ বন্ধ হৈ যোৱাৰ পাছতে অসমীয়া গল্প সাহিত্যয়ো সুঁতি সলাইছিল৷ আমি ইতিমধ্যে উল্লেখ কৰিছোঁ যে ১৯৭০ চন মানৰ পৰাই অসমীয়া সাহিত্যিই পুনৰ সুঁতি সলাইছে৷ ইয়াৰ মূলতে হ’ল এই সময়ছোৱাত সংঘটিত হোৱা বিভিন্ন সামাজিক, ৰাজনৈতিক তথা অৰ্থনৈতিক পৰিৱৰ্তন৷ বিভিন্ন ঘটনা-পৰিঘটনাৰে তেতিয়াৰে পৰা বৰ্তমানলৈকে অসমৰ আকাশ, সমাজ জীৱন বিঢৌত৷ অসমীয়া সাহিত্যতো এইবোৰ ঘটনাৰ প্ৰকাশ ঘটা দেখিবলৈ পোৱা গ’ল৷ প্ৰহ্লাদ কুমাৰ বৰুৱাই সেই বাবেই মন্তব্য কৰিছে– ‘‘সংক্ষেপে ক’বলৈ গ’লে ১৯৭০ চনৰ পিছৰ পৰা অসমৰ ৰাজনৈতিক অস্থিৰতাই ভয়াৱহ ৰূপ ধাৰণ কৰি আহিছে আৰু এই অৱস্থাৰ পৰা জনসাধাৰণক মুক্ত কৰিবৰ বাবে অবিৰতভাৱে প্ৰতিবাদী কণ্ঠও ঘোষিত হৈ আহিছে৷’’

ৰামধেনু যুগৰ কেইবাজনো গল্পকাৰে এই সময়ছোৱাতো গল্প লিখি থকাৰ লগতে বহুকেইজন প্ৰতিভাসম্পন্ন গল্পকাৰ আৰ্ৱিভাব ঘটিল৷ তাৰে কেইজনমান গল্পকাৰ হ’ল– অতনু ভট্টাচাৰ্য, অৰুণ গোস্বামী, অনিল শইকীয়া, অখিল চক্ৰৱৰ্তী, অৰূপা পটঙ্গীয়া কলিতা, অপূৰ্ব কুমাৰ শইকীয়া, অভিজিৎ শৰ্মা বৰুৱা, উদয়াদিত্য ভৰালী, কুল শইকীয়া, জয়ন্ত কুমাৰ চক্ৰৱৰ্তী, জ্যোতিষ শিকদাৰ, জ্ঞান পূজাৰী, দীপালী দত্ত, দেৱব্ৰত দাস, নবীন বৰুৱা, নিৰুপমা বৰগোহাঞি, নীলিমা ঠাকুৰীয়া হক, পৰমানন্দ ৰাজবংশী, পূৰবী বৰমুদৈ, প্ৰশান্ত কুমাৰ দাস, প্ৰশান্ত ৰাজগুৰু, প্ৰীতি বৰুৱা, প্ৰবীণা শইকীয়া, ফনীন্দ্ৰ কুমাৰ দেৱচৌধুৰী, বিপুল কুমাৰ শইকীয়া, বিজয় শংকৰ শৰ্মা, ভূপেন শৰ্মা, ভূপেন্দ্ৰ নাৰায়ণ ভট্টাচাৰ্য, ভৃঙ্গেশ্বৰ শৰ্মা, বসন্ত দাস, বন্দিতা ফুকন, বিপুল খাটনিয়াৰ,মদন শৰ্মা, মনোজ কুমাৰ গোস্বামী, মনোৰমা দাস মেধি, যমুনা শৰ্মা চৌধুৰী, ৰং বং তেৰাং, ৰফিকুল হুছেইন, শিবানন্দ কাকতি, স্যামন্ত ফুকন, হিৰণ্য কাশ্যপ, য়েচে দৰজে ঠংচি, ইমৰান হুছেইন আদি৷ মন কৰিবলগীয়া যে এই সময়ৰ নাৰী গল্পকাৰসকলৰ গল্পত নাৰী মনৰ জটিলতা আৰু বৈচিত্ৰ, সামাজিক অন্যায়-অবিচাৰৰ প্ৰতি বিদ্ৰোহী মনোভাৱ আদি পৰিস্ফুট হৈছিল৷

সত্তৰৰ দশকত গল্পকাৰ হিচাপে আত্মপ্ৰকাশ কৰা শীলভদ্ৰৰ গল্পসমূহৰ গভীৰ বাস্তৱবোধৰ প্ৰকাশ ঘটিছে৷ কথনভঙ্গীত স্বকীয়তা আৰু ভাষা প্ৰয়োগৰ বিশেষ বৈশিষ্ট্যই তেওঁৰ গল্পক বৈচিত্ৰময় কৰি তুলিছে৷ অৰুণ গোস্বামীৰ গল্পৰ ক্ষয়িষ্ণু মানসিকতাৰ প্ৰকাশ, অৰূপা পটঙ্গীয়া কলিতাৰ গল্পত ‘ইণ্টাৰটেক্সৱেলিজিম’ তথা নাৰী মনস্তত্ত্বৰ প্ৰকাশ, দেৱব্ৰত দাসৰ গল্পত ব্যক্তিত্বৰ বিচ্ছিন্নতাৰ অনায়াস প্ৰয়াস ঘটিছে৷ অতুলানন্দ গোস্বামীয়ে সচৰাচৰ চকুত নপৰা জীৱনৰ অভিজ্ঞতাক ন-ৰূপেৰে গল্পত তুলি ধৰিছে৷ সৌৰভ কুমাৰ চলিহাত হাতত আৰম্ভ হোৱা নব্য গল্প কথনৰ ধাৰটোৰ সাৰ্থক উত্তৰসূৰী আছিল নগেন শইকীয়া আৰু অপূৰ্ব শৰ্মা৷ কুমুদ গোস্বামীৰ গল্পত সংবেদনশীলতা আৰু সূক্ষ্ম পৰ্যবেক্ষণ ক্ষমতাৰ পৰিচয় ফুটি উঠিছে৷ হৰেকৃষ্ণ ডেকাৰ গল্পৰ ভাষা বলিষ্ঠ আৰু বৰ্ণনা যথোপযুক্ত আৰু ভাব প্ৰৱণতাৰ পৰা মুক্ত৷ শিবানন্দ কাকতি আৰু বিপুল খাটনিয়াৰ গল্পত মানুহ কেনেদৰে আৰ্থ-সামাজিক অৱস্থাৰ ক্ৰীড়নক হৈ পৰে তাৰ সাৰ্থক প্ৰকাশ ঘটা দেখা যায়৷ বিপুল খাটনিয়াৰ আৰু মদন শৰ্মাৰ গল্পত সমাজ পৰিৱৰ্তনৰ চিন্তা প্ৰকাশিত হৈছে৷ উদয়াদিত্য ভৰালীৰ গল্পত বৌদ্ধিকতাৰ ছাপ স্পষ্ট আৰু তেওঁৰ প্ৰকাশৰীতি বলিষ্ঠ৷ সন্ত্ৰাসজৰ্জৰ অসমৰ চিত্ৰ ফুটি উঠিছে মনোজ কুমাৰ গোস্বামী, অৰূপা পটঙ্গীয়া কলিতা, মনোৰমা দাস মেধি, জয়ন্ত কুমাৰ চক্ৰৱৰ্তী আদিৰ গল্পত৷ মৌচুমী কন্দলীৰ গল্পত চেতন-অৱচেতনাৰ ছাঁ-পোহাৰৰ খেল উদ্ভাসিত হৈ উঠিছে৷ ‘বাস্তৱধৰ্মী মনস্তাত্ত্বিক চিত্ৰণ’ হ’ল এইসময়ৰ গল্পকাৰসকলৰ প্ৰধান লক্ষণ৷

মন কৰিবলগীয়া যে এই সময়ৰ গল্পকাৰসকলৰ ৰচনাত ৰাজনৈতিক চেতনা তীব্ৰ ৰূপত প্ৰকাশিত হৈছে৷ ৰাজনৈতিক চিন্তা-চৰ্চাকো সাহিত্য ৰচনাৰ প্ৰধান বিষয়বস্তু ৰূপে গ্ৰহণ কৰা দেখা যায়৷ অৱশ্যে এই সময়ছোৱাত পৰম্পৰাগত চিন্তা-ভাৱনাক লৈও ভালেমান গল্প ৰচিত হৈছিল৷ এনেদৰে বিচাৰ কৰিলে দেখা যায় যে, প্ৰায় প্ৰতিজন গল্পকাৰৰ ৰচনাৰ মাজেদি অসমীয়া চুটিগল্পই পূৰ্বৰ পৰম্পৰাগত ধাৰাটোৰ পৰা আঁতৰি আহিছে৷ ভাৱবস্তু, বিষয়বস্তু, ৰূপ বিন্যাস আৰু কলা-কৌশলগত দিশত আধুনিক সময়ত বিশ্বৰ বিভিন্ন প্ৰান্তত প্ৰচলিত শৈলীয়েও অসমীয়া গল্পকাৰৰ অনুপ্ৰাণিত কৰিছে৷ এই সময়ৰ গল্পসমূহৰ প্ৰধান বিশেষত্বসমূহৰ ভিতৰত উল্লেখযোগ্য কেইটিমান হ’ল–

o সামাজিক বাস্তৱতাৰ সঠিক প্ৰকাশ৷
o বিভিন্ন ঠাইত সৃষ্টি হোৱা সাহিত্যিক মতবাদসমূহৰ প্ৰয়োগ৷
o সামাজিক দায়বদ্ধতাৰ সাৰ্থক প্ৰকাশ৷
o ব্যংগ্যাত্মক ৰচনাৰ ধাৰাটি সবল হৈছে৷
o জীৱনক গভীৰ মানৱীয় অনুভূতিৰে উপলব্ধি কৰাৰ যত্ন৷
o বৈজ্ঞানিক যুক্তিবাদৰ প্ৰসাৰ৷
o বাহ্যিক ঘটনাতকৈ মানসিক ক্ৰিয়া-প্ৰতিক্ৰিয়াৰ প্ৰকাশত অধিক গুৰুত্ব আৰোপ, ইত্যাদি৷

(ক্ৰমশঃ)

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Don`t copy text!