বিশিষ্ট সাহিত্যিক, কবি, গৱেষক তথা প্ৰাক্তন অধ্যাপিকা ড. মঞ্জু লস্কৰৰ সাক্ষাৎ গ্ৰহণ
লেখক- ৰশ্মিতা শইকীয়া
সাহিত্য ডট অৰ্গ তৰফৰ পৰা এইবাৰ সাক্ষাৎ গ্ৰহণ কৰা হৈছিল ড. মঞ্জু লস্কৰৰ। নগাঁৱৰ কামপুৰৰ নিজকামপুৰ গাঁৱত ১৯৬০ চনত জন্মগ্ৰহণ কৰি কামপুৰ উচ্চ ইংৰাজী বালিকা বিদ্যালয়ৰ পৰা ১৯৭৭ চনত হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱা ড. মঞ্জু লস্কৰে ১৯৮১ চনত নগাঁও ছোৱালী কলেজৰপৰা অসমীয়া বিষয়ত স্নাতক আৰু ১৯৮৩ চনত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে। ২০০৩ চনত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ অধ্যাপক ড. কেশৱানন্দ দেৱগোস্বামীদেৱৰ তত্ত্বাৱধানত ‘হৰিনাৰায়ণ দত্ত বৰুৱাৰ প্ৰাচীন গ্ৰন্থৰ সম্পাদনাৰ বিচাৰ: কীৰ্তন ঘোষাৰ আধাৰত এটি পৰ্যালোচনা’ শীৰ্ষক বিষয়ত কৰা গৱেষণাৰ বাবে ২০০৬ চনত তেখেতে সন্মানজনক পি এইচ ডি ডিগ্ৰী লাভ কৰে।
ধিং কটহগুৰি মহাবিদ্যালয়ৰ প্ৰবক্তা হিচাপে কৰ্মত যোগ দিয়া ড. লস্কৰে পিছলৈ নগাঁও ছোৱালী কলেজত ১৯৮৮ চনত প্ৰবক্তাৰূপে যোগদান কৰে। ১৯৯৯ চনৰপৰা তেখেত বাৰ বছৰ মুৰব্বী অধ্যাপক হিচাপে কৰ্মৰত হৈ থাকি সহযোগী তথা মুৰব্বী অধ্যাপক হিচাপে ২০২০চনৰ ৩১মাৰ্চত কলেজৰপৰাই অৱসৰ গ্ৰহণ কৰে।
সাহিত্য চৰ্চা কৰি দেশ আৰু সাহিত্যৰ উন্নয়নত বৰঙণি আগবঢ়োৱা ড. মঞ্জু লস্কৰে কবিতাৰ লগতে, কেইবাখনো শিশু নাট, পূৰ্ণাংগ নাট, চুটিগল্প, বহুকেইখন গৱেষণা মূলক গ্ৰন্থ, গৱেষণামূলক পত্ৰ প্ৰকাশ কৰি অসমৰ এগৰাকী সফল সাহিত্যিকৰূপে আত্মপ্ৰকাশ কৰিছে। ইতিহাস বিষয়তো নিজ দক্ষতা প্ৰমাণ কৰি ডঃ লস্কৰে কামপুৰৰ গৌৰৱোজ্জল ইতিবৃত্ত সম্পৰ্কেও বিস্তৃত অধ্যয়ন কৰিছে। সাহিত্য ডট হৈ এই সাক্ষাৎকাৰটি গ্ৰহণ কৰিছে ই-আলোচনীখনৰ এই মাহৰ সম্পাদক ডাঃ ৰশ্মিতা শইকীয়াই। সম্পাদকে এই সাক্ষাৎকাৰটিৰ অনুলেখন আৰু বৰ্ণাশুদ্ধি নিবাৰণ কৰিছে। সাক্ষাৎকাৰটি পাঠকসকললৈ বুলি আগবঢ়াইছে ডাঃ হিতেশ্বৰ শৰ্মা আৰু ডঃ দীপজ্যোতি বৰাই।
সাহিত্য ডট অৰ্গ- নমস্কাৰ বাইদেউ। সাহিত্য ডট অৰ্গৰ ফালৰপৰা আপোনাক স্বাগতম জনাইছোঁ।
ড. মঞ্জু লস্কৰ- নমস্কাৰ জনাইছোঁ ময়ো।
সাহিত্য ডট অৰ্গ- আপুনি নিশ্চয় স্কুলীয়া জীৱনৰপৰাই সাহিত্য চৰ্চা কৰি আহিছে। আপোনাৰ সাহিত্য চৰ্চাৰ বিষয়ে আমাক জনাওঁকচোন।
ড. মঞ্জু লস্কৰ – হয়, মই স্কুলীয়া জীৱনৰ পৰাই কবিতা লিখি আছিলোঁ যদিও সেই সময়ত প্ৰকাশ কৰাৰ কথা ভৱা নাছিলোঁ। অধ্যাপনাৰ লগতে ঘৰৰ ডাঙৰ ছোৱালী আৰু বোৱাৰী হিচাপে ঘৰুৱা দায়িত্বও বহুত আছিল।এদিন মোৰ ভনী দুজনীয়ে মোৰ বহুকেইটা কবিতা সংগ্ৰহ কৰি মোৰ হাতত তুলি দিছিল ‘ আনৰ বাবে বহুত ভাৱিলি। এতিয়া নিজৰ কথাও ভাৱ।’ এনেদৰেই ভনী দুজনীৰ উৎসাহত মোৰ প্ৰথম কবিতা সংকলন ‘আকৌ উপনিষদ’ প্ৰকাশ কৰিলোঁ। শ্ৰদ্ধাৰ নীলমণি ফুকনদেৱে সংকলনখন উন্মোচন কৰিছিল। এই পুথিৰ বাবে মই অসম লেখিকা সমাৰোহৰ তৰফৰপৰা ‘মুক্তালতা সোঁৱৰণী বঁটা’ও লাভ কৰিছিলোঁ। ইয়াৰ পিছত মই আৰু থমকি ৰ’বলগীয়া হোৱা নাই। কবিতাৰ লগতে, কেইবাখনো শিশু নাট, পূৰ্ণাংগ নাট, চুটিগল্প, বহুকেইখন গৱেষণা মূলক গ্ৰন্থ, গৱেষণামূলক পত্ৰ প্ৰকাশ হৈছে। প্ৰায়বোৰ নাটকেই ইতিমধ্যে অসমৰ বিভিন্ন ঠাইত মঞ্চস্থও হৈছে। ‘গান্ধাৰী আৰু অন্যান্য’ মোৰ আন এখন প্ৰকাশিত কবিতা সংকলন। শিশু নাট ‘কৰতল কমল’, ‘মধুৰ মাধৱ’ আৰু ‘আমি মানু্হ হ’ম মানুহৰ পূজাৰী’। পূৰ্ণাংগ নাটৰ ভিতৰত ‘নায়িকা’, ‘মহাভাৰত’, ‘পৰিহাস’ এইকেইখন মঞ্চস্থ হৈছিল।
চুটিগল্প সংকলন ‘ওমলা ঘৰৰ তলা’ নগাঁও সাহিত্য সভাই প্ৰকাশ কৰিছিল। এঘাৰখন প্ৰবন্ধ সংকলন ইতিমধ্যে প্ৰকাশ হৈছে। পোন্ধৰখনতকৈ বেছি গ্ৰন্থ সম্পাদনা কৰিছোঁ। ষাঠিৰো অধিক প্ৰবন্ধ বিভিন্ন কাকত আলোচনীত প্ৰকাশ হৈছে। চুটিগল্প আৰু কবিতা গৰীয়সী, নন্দিনী, বাৰ্তাপখিলী , শতৰূপা আদি আলোচনীত নিয়মীয়াকৈ প্ৰকাশ হৈ আহিছে।
সাহিত্য ডট অৰ্গ- আপুনি আমাৰ নগাঁও অঞ্চলৰ ইতিহাসৰ বিষয়ে যথেষ্ট অধ্যয়ন কৰিছে। কামপুৰ অঞ্চলৰ ইতিহাস সম্পৰ্কে কিছু কথা এই সাক্ষাৎকাৰটিৰ জৰিয়তে জনালে পাঠকসকল উপকৃত হ’ব।
ড. মঞ্জু লস্কৰ: নগাঁৱৰ প্ৰাক্ ঐতিহাসিক বিচাৰত কামপুৰৰ গৌৰৱোজ্জল ইতিবৃত্তৰ কাষ চাপিবই লাগিব। এইবিষয়ে অধ্যয়ন কৰি পোৱা অনুসৰি কিছু তথ্যসমৃদ্ধ কথা জনাব খুজিম। কামৰূপ ৰাজ্যৰ পাল বংশৰ ষষ্ঠগৰাকী ৰজা ধৰ্মপালৰ তৃতীয়খন তামৰ ফলি কপিলী যমুনা উপত্যকাত পোৱা গৈছিল। ফলিৰ মতে অনুমান হয় যে সেই সময়ত কামৰূপৰ ৰাজধানী হোজাই (দুৰ্জ্জয়া) ৰপৰা কামপুৰলৈ স্থানান্তৰিত কৰা হৈছিল। পাল বংশীয় কোনো কোঁৱৰে প্ৰাচীন কামৰূপ ৰাজ্যৰ স্বাধীনতাৰ বন্তি জ্বলাই ৰাখি কামপুৰৰ ঘিলানী বা নাৰিকলিত নতুন নগৰ পাতে। হয়তো কামপুৰেই পুৰণি কামৰূপ নগৰ হ’ব পাৰে। তাৰোপৰি কামৰূপৰ সমাৰ্থক ‘কামপুৰ’ হোৱালৈ চাই বহু কথাই অনুমান কৰিব পাৰি।
চতুৰ্দশ শতিকাৰ শেষৰফালে কপিলী উপত্যকাত কছাৰী শক্তিৰ উত্থান হয়। কছাৰীৰজা বা বৰাহীৰজা মহামাণিক্যৰ পৃষ্ঠপোষকতাত মাধৱ কন্দলীয়ে ৰামায়ণ ৰচনা কৰিছিল বুলি প্ৰবাদ আছে ।
ইতিমধ্যে প্ৰাক ঐতিহাসিক বিচাৰত কামপুৰৰ গৌৰৱোজ্জল ইতিবৃত্তৰ বিষয়ে কেইবাটাও প্ৰবন্ধ লিখিছোঁৱেই। প্ৰবন্ধকেইটাত এই বিষয়ে বিশদ বিৱৰণ পাবা।
সাহিত্য ডট অৰ্গ- আপোনাৰ কিংবদন্তিমূলক কেইবাটাও প্ৰবন্ধ পঢ়িছোঁ। বিশেকৈ প্ৰমীলা ৰাজ্য আৰু জনাগাভৰুৰ ওপৰত আপুনি লিখা প্ৰবন্ধৰ বিষয়ে দুআষাৰমান কওঁকচোন।
ড. মঞ্জু লস্কৰ – এইবিষয়ে থুলমূলকৈ মূল কথাখিনি কওঁ বাৰু।
কিংবদন্তি অনুসৰি কামপুৰৰ কপিলী উপত্যকাত তিনিখন নাৰী ৰাজ্য আছিল। প্ৰথমখন কমলা দেৱীৰ কন্দলী ৰাজ্য, দ্বিতীয়খন জনাগাভৰুৰ গৰুচৰ বা গৰুবাৎ ৰাজ্য, তৃতীয়খন মহিলা ৰাজ্য যাৰ নাম প্ৰমীলা ৰাজ্য।
কামপুৰ অঞ্চলৰ অন্তৰ্গত গৰুবাট গাওঁখন প্ৰাচীন গৰুচৰ বা গৰুবাৎ ৰাজ্য আছিল। কছাৰী বুঢ়া ৰজাৰ কন্যা জনাগাভৰুৱে ইয়াত ৰাজত্ব কৰিছিল। গোপীচন কোঁৱৰে তিনিটা পৰীক্ষাত উত্তীৰ্ণ হৈ অৰ্থাৎ পণত জিকি জনা গাভৰুক বিয়া কৰাইছিল।
পাণ্ডৱৰ ৰাজসূয় যজ্ঞৰ ঘোঁৰা প্ৰমীলা ৰাজ্যত ৰাণী প্ৰমীলাৰ হাতত বন্দী হৈছিল। ভগৱান শ্ৰী কৃষ্ণৰ মধ্যস্থতাত প্ৰমীলা আৰু অৰ্জুনৰ মিলন ঘটাই ঘোঁৰা মুক্ত কৰিছিল বুলি কথিত আছে।
কমলা দেৱীৰ কদলী কন্দলী ৰাজ্য বৰ্তমান কন্দলী পাহাৰৰ সমীপৱৰ্তী অঞ্চল বুলি অনুমান হয়। মন কৰিবলগীয়া যে কন্দলী চাহবাগিচাৰ সমীপৱৰ্তী পাহাৰত ‘বাদুলীকুৰুং(খোৰোং)’ নামৰ গুহা আছে। গোৰক্ষবিজয় গ্ৰন্থত উল্লেখ থকা মতে এই বাদুলীবোৰ হ’ল সিদ্ধ পুৰুষ গোৰক্ষনাথে অভিশাপ দিয়া কন্দলী ৰাজ্যৰ নাৰীসকল। এই ‘বাদুলী খোৰোং’ ৰ ওপৰতো মোৰ এক প্ৰবন্ধ ইতিমধ্যে প্ৰকাশ পাইছে।
তাৰোপৰি মহাভাৰতৰ দুটি বিশেষ চৰিত্ৰ হিড়িম্বা-ভীমৰ পৱিত্ৰ মিলনৰ স্থান কামপুৰ গাওঁ বুলি বহুতে বিশ্বাস কৰে।
কিংবদন্তিৰ বিষয়ে সোধাৰ বাবে মূল মূল কিংবদন্তিসমূহৰ বিষয়েহে তোমাক ক’লো।
সাহিত্য ডট অৰ্গ- আপুনি এক সুদীৰ্ঘ সময় অধ্যাপনা কৰি অৱসৰ গ্ৰহণ কৰিলে। ছাত্ৰ-ছাত্ৰীৰ মাজত সাহিত্য চৰ্চাৰ প্ৰতি ধাউতি কেনেধৰণৰ বুলি ভাৱে আপুনি? চ’ছিয়েল মিডিয়াত যি সাহিত্য চৰ্চা চলে আপুনি এই বিষয়ে কেনেধৰণৰ মতামত দাঙি ধৰিব খোজে বাৰু?
ড. মঞ্জু লস্কৰ – ভাল প্ৰশ্ন কৰিছা। সাহিত্য চৰ্চাৰ প্ৰতি ধাউতি বহুতৰে দেখিছোঁ। কিন্তু যি দেখিছোঁ বেছিভাগকেই লাগে সস্তীয়া জনপ্ৰিয়তা। সেয়ে কিবা এটা সৃষ্টি কৰিয়েই সামাজিক মাধ্যমত এৰি দিয়ে। তেনে লেখাত সৃজনশীলতা, একাত্মতা, অধ্যয়নৰ অভাৱ বাৰুকৈয়ে পৰিলক্ষিত হয়। সাহিত্য চৰ্চাতকৈ সাহিত্য সাধনাত গুৰুত্ব দিয়াতো বেছি দৰকাৰ। বিশেষকৈ ছাত্ৰ ছাত্ৰীয়ে প্ৰচুৰ অধ্যয়ন কৰক। সাহিত্য সৃষ্টিৰ গুৰুত্ব বুজি পাওঁক।
তাৰ মাজতো বহুতেই খুব ভাল সৃষ্টি কৰি আছে। বয়স হিচাপে পৰিপক্কতা দেখুৱাইছে।
সাহিত্য ডট অৰ্গ- নৱ প্ৰজন্মক সাহিত্য চৰ্চাৰ প্ৰতি আগ্ৰহী কৰি তুলিবলৈ আপুনি কিবা পৰামৰ্শ দিব নেকি?
ড. মঞ্জু লস্কৰ: নৱ প্ৰজন্ম বুলিয়েই নহয়, উঠি অহা প্ৰতিজন শিশু এটা সুস্থ বাতাৱৰণত থকাটো বা ডাঙৰ হোৱাটো প্ৰয়োজন হৈ পৰিছে। এই ক্ষেত্ৰত অভিভাৱকৰ ভূমিকা গুৰুত্বপূৰ্ণ। সাহিত্য চৰ্চাৰ পৰিৱেশ এটা সৰুতেই গঢ় দিব পাৰি। শিশুৰ ক্ষেত্ৰত বিশেষকৈ সাধু কোৱা, সাধু পঢ়া, পদ্য লিখা আদি অভ্যাসসমূহ সাহিত্য চৰ্চাৰ প্ৰাৰম্ভণি। ল’ৰা ছোৱালীক প্ৰকৃতিৰ লগত চিনাকি কৰাই দিয়ক, প্ৰকৃতিক ভাল পাবলৈ শিকাওঁক। মনবোৰ মুকলি হ’লে মানসিক সৃষ্টিৰ বাবে সুস্থ মস্তিষ্কৰো বিকাশ হয়।
সাহিত্য ডট অৰ্গ- সাহিত্যৰ ক্ষেত্ৰখনত আগবাঢ়ি যাবলৈ অনুপ্ৰেৰণা পোৱা লোকসকলৰ কথা কওঁকচোন।
ড. মঞ্জু লস্কৰ – এইক্ষেত্ৰত মই প্ৰথমেই মোৰ দুয়োগৰাকী ভনী শ্যামলী আৰু পাপৰিৰ নাম ল’ব লাগিব। তেওঁলোকে মোৰ কবিতাসমূহ সংগ্ৰহ কৰি মোক গটাই প্ৰকাশ কৰিবলৈ উৎসাহ নজনোৱা হ’লে হয়তো সাহিত্যৰ ক্ষেত্ৰখনত যি প্ৰচেষ্টা আগবঢ়াব পাৰিছোঁ, সেইখিনিও সম্ভৱ নহ’লহেঁতেন। গৱেষণামূলক অধ্যয়ন আৰু গৱেষণামূলক গ্ৰন্থ ৰচনাৰ ক্ষেত্ৰত মোক উৎসাহ যোগাইছিল শ্ৰদ্ধাৰ গুৰু ড. ৰাজেন শইকীয়া আৰু ড. কেশৱানন্দ দেৱগোস্বামীদেৱে। চুটিগল্প লিখাৰ ক্ষেত্ৰত মই এটা কথা উল্লেখ কৰিব খুজিছোঁ। নগাঁও কলেজৰ প্ৰাক্তন অধ্যক্ষ স্বৰ্গীয় প্ৰদীপ শইকীয়া চাৰে মোৰ ‘ওমলা ঘৰৰ তলা’ ৰ গল্পসমূহ পঢ়ি বৰ উচ্চ ধাৰণা এটা ৰাখি মোক চুটিগল্পৰ ক্ষেত্ৰখনত আগবাঢ়ি যাবলৈ উৎসাহিত কৰিছিল। কিতাপ সম্পাদনা কৰিবলৈ মোক শিকাইছিল মোৰ সহকৰ্মী তথা গুৰু ড. ৰাজেন শইকীয়া আৰু ড. জ্যোতিৰ্ময় জানা চাৰে।
শেষত মই কম মোৰ ঘৰখন পৰিয়ালটোৰ কথা। মোক সকলো ক্ষেত্ৰতে সহায় সহযোগিতা আগবঢ়োৱা মোৰ স্বামী , সন্তান, সমূহ পৰিয়ালবৰ্গ, শুভাকাংক্ষীৰ ওচৰত চিৰকৃতজ্ঞ।
সাহিত্য ডট অৰ্গ-
বাইদেউ,আপোনাৰ প্ৰিয় কবি-সাহিত্যিক কোন ?
ড. মঞ্জু লস্কৰ – কবি বুলি ক’লে নৱকান্ত বৰুৱা চাৰৰ কবিতা খুবেই প্ৰিয়।
গল্পকাৰ হিচাপে শ্ৰদ্ধাৰ অপূৰ্ব শৰ্মা আৰু মহিম বৰা চাৰৰ কথাই ক’ব খুজিম। প্ৰিয় লেখক বুলি ক’লে ড. বিৰিঞ্চি কুমাৰ বৰুৱা চাৰৰ কথাই উল্লেখ কৰিব খুজিম।
সাহিত্য ডট অৰ্গ-
নতুন কিবা লিখিছেনে বাইদেউ?
ড. মঞ্জু লস্কৰ -সদ্যহতে মই এখন অনুবাদ গ্ৰন্থৰ কাম কৰি আছোঁ আৰু ‘মালালা ইউছুফ জাই’ নামৰ এখন জীৱনী মূলক শিশু উপযোগী গ্ৰন্থৰ কামো প্ৰায় সম্পূৰ্ণ হৈছে । লগতে ‘কবিতাৰ বিভা’ নামৰ ২১ টা কবিতা বিষয়ক প্ৰবন্ধ সংকলন এখনৰ কামো ইতিমধ্যে শেষ হৈছে।
সাহিত্য ডট অৰ্গ- বাইদেউ, আপোনাৰ লগত কথা পাতি খুবেই ভাল লাগিল। ব্যক্তিগতভাৱে মই নিজেও বহুখিনি উপকৃত হ’লো। আশা ৰাখিছোঁ এই তথ্যসমৃদ্ধ সাক্ষাৎকাৰটোৱে বহুতৰে উপকাৰ সাধন কৰিব। আপোনালৈ আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ বাইদেউ। লগতে আপোনাৰ সু-স্বাস্থ্য কামনা কৰিলোঁ।
ড. মঞ্জু লস্কৰ – সাহিত্য ডট অৰ্গৰ প্ৰতিগৰাকী পঢ়ুৱৈ আৰু সদস্যক মইও ধন্যবাদ জ্ঞাপন কৰিলোঁ।