দৰঙৰ ওজা গুৰু সুৰেন্দ্ৰ নাথ ডাঙৰীয়াৰ সাক্ষাৎকাৰ
লেখক- শ্ৰী অজয় বৰুৱা
‘সাহিত্য ডট অৰ্গ’ৰ তৰফৰ পৰা এইবাৰ সাক্ষাৎ কৰা হৈছিল লোক পৰিৱেশ্য কলা ব্যাস সংগীতৰ বিশিষ্ট শিল্পী ৰাষ্ট্ৰীয় সন্মান প্ৰাপক দৰঙৰ ওজা গুৰু সুৰেন্দ্ৰ নাথ ডাঙৰীয়াক। ভাৰতীয় মাৰ্গীয় তথা শাস্ত্ৰীয় সংগীতৰ আধাৰত সৃষ্টি হোৱা ব্যাস (ব্যাহ, বিয়াহ)ৰ ওজাপালি অসমৰ লোক-কৃষ্টিৰ অৰ্ধ নাটকীয় আপুৰুগীয়া সম্পদ। এই লোক-কৃষ্টি বিধ বিশেষকৈ দৰং জিলাৰ প্ৰায় অঞ্চলত প্ৰাচীন কালৰে পৰা প্ৰচলিত হৈ আহিছে। প্ৰাক্ শংকৰী যুগ অৰ্থাৎ দ্বাদশ শতিকাই ইয়াৰ উৎপত্তিৰ সময় বুলি তথ্য ভিত্তিক মতবাদ পোৱা যায়। নাম আৰু বৌদ্ধ সিদ্ধাচাৰ্যসকলৰ চৰ্যাগীতি আৰু বৃহৎ কামৰূপৰ থলুৱা সংগীত ৰীতিৰ লগত সংপৃক্ত হৈ যি ৰাগ প্ৰধান সংগীতে ৰূপ লয, একালত প্ৰধানতঃ তাৰেই উপাসক হৈ পৰে মঙলদৈৰ ব্যাহৰ ওজাপালি। ৰজা ধৰ্মনাৰায়ণকে ধৰি দৰঙী ৰজাসকলৰ পৃষ্ঠপোষকতাই এই কৃষ্টিৰ উত্তৰণত বিশেষ সহায়ক হয়। অতীজৰে পৰা এতিয়ালৈকে বহু কেইজন বিশিষ্ট ব্যাহৰ ওজাপালিয়ে তথা গুৰুৱে সমগ্ৰ দৰং লগতে অসমতো অধিক শুদ্ধ ৰূপত শাস্ত্ৰীয় ৰাগ-ৰাগিণী পৰিবেশন কৰি এই কৃষ্টিটো সম্পদশালী কৰি গৈছে বা কৰি ৰাখিছে। বৰ্তমান বহু ঠাইত বয়সস্থ ব্যক্তিৰ লগতে যুৱক-যুৱতী, শিশু তথা মহিলাইও এই কৃষ্টিবিধ চৰ্চা কৰি আগুৱাই লৈ যোৱা পৰিলক্ষিত হৈছে। উক্ত শিল্পীসকলৰ মাজৰ অন্যতম হ’ল ‘ব্যাস সংগীত’ সাধনা কৰি এই নৃত্য-কলাক দেশ-বিদেশলৈ প্ৰচাৰ-প্ৰসাৰ কৰি ৰাজ্যিক তথা ৰাষ্ট্ৰীয় সন্মান আজুৰি আনিবলৈ সক্ষম হোৱা ব্যাস সংগীতৰ বিশিষ্ট শিল্পী দৰঙৰ ‘ওজা গুৰু’ সুৰেন্দ্ৰ নাথদেৱ।
‘সাহিত্য ডট অৰ্গ’ৰ হৈ সুৰেন্দ্ৰ নাথদেৱৰ এই সাক্ষাৎকাৰটি গ্ৰহণ কৰিছে ই-আলোচনীখনৰ এই মাহৰ সম্পাদক শ্ৰী অজয় বৰুৱাই। সম্পাদকে অনুলেখন কৰা উক্ত সাক্ষাৎকাৰটিৰ বৰ্ণাশুদ্ধি নিবাৰণ কৰিছে ‘অসমীয়াত কথা বতৰা’ গোটৰ সদস্য কলচুম বিবিয়ে। সাক্ষাৎকাৰটি পাঠকসকললৈ বুলি আগবঢ়াইছে অসমীয়াত কথা বতৰা’ গোটৰ সদস্য ক্ৰমে ডাঃ হিতেশ্বৰ শৰ্মা আৰু ডঃ দীপজ্যোতি বৰাই।
সাহিত্য ডট অৰ্গ:- নমস্কাৰ নাথদেউ। ‘সাহিত্য ডট অৰ্গ’লৈ আপোনাক আন্তৰিকতাৰে স্বাগতম জনাইছোঁ। প্ৰথমে আপোনাৰ পৰিচয় সম্পৰ্কে জানিবলৈ বিচাৰিছোঁ।
সুৰেন্দ্ৰ নাথ:- মোৰ জন্ম হৈছিল ১৯৪৯ চনৰ ১ নৱেম্বৰত দৰঙৰ কলাইগাওঁ থানাৰ অন্তৰ্গত ঝাকুৱাপাৰা গাঁৱত। ডাকঘৰ ভূড়াৰগঁড়। পিতাৰ নাম স্বৰ্গীয় ধনেশ্বৰ নাথ।
সাহিত্য ডট অৰ্গ:- আপুনি এই কলাবিধৰ লগত কেতিয়াৰ পৰা আৰু কেনেকৈ জড়িত হৈ পৰিল অলপ জনাবচোন।
সুৰেন্দ্ৰ নাথ:- মই প্ৰাথমিক বিদ্যালয়ত পঢ়ি থকা অৱস্থাৰপৰাই এই কলাবিধৰ লগত জড়িত হৈ পৰো। আৰ্থিক অনাটনৰ বাবে পঢ়া-শুনা সামৰি ঘৰতে থাকোঁতে আমাৰ ওচৰৰে গাঁও চৰণধৰাৰ এটা খেলে মোক মাতি নি প্ৰথমে নামৰ পাঠক কৰি নাম গাবলৈ আগবঢ়াই দিলে। এনেদৰে তিনি-চাৰি বছৰ নাম গাই ফুৰাৰ পিছত এজন ব্যাসৰ ওজা শ্ৰীকুলেন্দ্ৰ নাথ দেৱে তেওঁৰ দলত পালি হিচাপে মোক অন্তৰ্ভুক্ত কৰাই অনুষ্ঠান পৰিবেশন কৰিবলৈ সুবিধা দিয়ে। এয়াই মোৰ ওজা যাত্ৰাৰ প্ৰথম খোজ। পিছলৈ ওজা কুলেন্দ্ৰ নাথৰ বিশেষ অসুবিধা হেতু মোকেই তেওঁ ওজাৰ দায়িত্ব অৰ্পণ কৰিলে। সেই তেতিয়াৰ পৰাই যি ওজাৰ দায়িত্ব ল’লোঁ আজি প্ৰায় ৭৫ বছৰ বয়সলৈ এই দায়িত্ব পালন কৰি আহিছোঁ।
সাহিত্য ডট অৰ্গ:- ব্যাস সংগীত বা ওজাপালি আপোনাৰ জীৱনযোৰা সাধনাৰ ফচল। ইয়াৰ বিষয়ে অলপ জনাওকচোন।
সুৰেন্দ্ৰ নাথ:- ওজাপালি এই পদটো দুটা শব্দৰ সমষ্টি ওজা আৰু পালি। ওজা শব্দটো আহিছে সংস্কৃত শব্দ উপাধ্যায়ৰ পৰা। পালিৰ অৰ্থ ‘সহায়কাৰী’। গীত-পদ আদিত ওজাক যিসকলে সহায় কৰে তেওঁলোকেই পালি। পালি আকৌ কেইবা শ্ৰেণীত বিভিক্ত; যেনেঃ ডাইনাপালি, গোৰপালি আৰু আগপালি। শংকৰদেৱে গুৰুজনাৰ ভক্তিধৰ্ম প্ৰচাৰ কৰাৰ প্ৰসংগত ওজাপালিৰ সহায় লৈছিল। ইয়াৰপৰা আমি জানিব পাৰোঁ যে শংকৰদেৱৰ পূৰ্বৰ পৰাই আমাৰ দেশত ওজাপালি অনুষ্ঠানৰ প্ৰচলন আছিল। ব্যাস ওজাপালি হ’ল ওজাপালিৰ এটা ভাগ। ব্যাস গোৱা ওজাপালিয়ে বৈষ্ণৱ ধৰ্মক পোষকতা কৰে। ব্যাস ওজাপালিয়ে মহাভাৰত, ৰামায়ণ আৰু পুৰাণৰ আখ্যানৰ পদবোৰক পৰিবেশন কৰে। এইবিধ ওজাপালিয়ে বিষ্ণু পূজা, বাসুদেৱ পূজা, ৰাইজৰ সভা, আদিৰ গীত পদ গায় আৰু নৃত্য প্ৰদৰ্শন কৰে। বিষ্ণু তথা বাসুদেৱ পূজা ব্যাস সংগীতৰ মূল বিষয়বস্তু।
সাহিত্য ডট অৰ্গ:- ওজাপালি সংগীত যিহেতু পঞ্চ অংগ যুক্ত, এই কেইটা কি কি?
সুৰেন্দ্ৰ নাথ:- হয়। ওজাপালিৰ সংগীত পঞ্চ অংগযুক্ত। সেইবাবে এই বিধ সংগীতে পঞ্চাংগ সংগীতৰ দাবী কৰিব পাৰে। ওজাপালি সংগীতৰ পঞ্চ অংগকেইটা হ’ল—১)আলাপ ২) গুৰুবন্দনা, ৩)বিষ্ণুপদ ৪) সংগীতালাপ ৪)ঝুনা বা জুনা।
আলাপ হ’ল পৰম্পৰাগত বা শাস্ত্ৰীয় সংগীতৰ আৰম্ভণি সূচিত কৰা মাধ্যম। ৰাগ বা সুৰ হা-তা-না-ৰি (ঋ)-ৰিতা (ঋতা) আদি সাংকেতিক অক্ষৰৰ সহায়ত সাংগীতিক পটভূমিত প্ৰতিপাদন কৰা। আলাপ বা স্বৰ সাধনা হল: হা-তা-না-ৰি-ৰিতা।
সংগীতৰ দৰে ডাঙৰ বিদ্যাত সাধনাৰ জৰিয়তে পাৰ্গত হ’বলৈ সংগীত শাস্ত্ৰৰ সৈতে জড়িত গণপতি, সদাশিৱ, মহামায়া, কৃষ্ণ আৰু গন্ধৰ্বৰ কৃপা আৰু আশিসথ অতি প্ৰয়োজন। আলাপৰ জৰিয়তে এই দেৱতাসকলক বন্দনা কৰা হয়। যেনেঃ
হা-ৰ অৰ্থ গণপতি,
তা-ৰ-অৰ্থ সদাশিৱ,
না-ৰ অৰ্থ মহামায়া,
ৰি-ৰ অৰ্থ কৃষ্ণ,
আৰু ৰিতা-ৰ- অৰ্থ গন্ধৰ্ব।
আলাপ বা স্বৰ সাধনাৰ পৰৱৰ্তী অংগ বা স্তৰটোৰ নাম গুৰুবন্দনা। ওজাপালি পৰিবেশ্য কলা পৰিৱেশন কৰাৰ পূৰ্বে গুৰুৰ কৃপা লাভৰ বাবে দুই-এটি ‘বন্দনা’ আবৃত্তি কৰা প্ৰয়োজন। ওজাপালি যিহেতু গুৰুমুখী বিদ্যা সেইবাবে গীত-পদ-নৃত্যৰ আৰম্ভণিৰ পূৰ্বেই গুৰুক বন্দনা কৰা হয়। ওজাপালি বিদ্যাত গুৰুৰ স্থান লাভ কৰি আহিছে ক্ৰমে বিষ্ণু, বাসুদেৱ, শিৱ আদি দেৱতাই। ‘গুৰু বন্দনা’ সাধাৰণতে সিন্ধুৰা বা ৰামগিৰি, বা গুঞ্জৰী বা ভ্ৰমৰী ৰাগত নৃত্যসহ গাব লাগে। গুৰু বন্দনাত দুটা বা তাতকৈ অধিক গীত গোৱা দেখা যায়। গুৰু বন্দনাৰে ওজাপালি সংগীতৰ আৰম্ভণি হয় বাবে এই বিধ গীতক ‘পাতনি-গীতো’ বোলে। ‘গুৰু বন্দনা’ৰ শুভাৰম্ভ হয় এটি শ্লোকেৰেঃ
শ্ৰীকৃষ্ণায় ৱাসুদেৱায় দৈৱকী নন্দনায় চ।
নন্দ গোপ কুমাৰায় গোবিন্দায় নামো নমঃ। ।
গুৰু বন্দনাৰ পিছত গোৱা বন্দনা-স্তৰত সাধাৰণতে সাৰংগ, সুসাৰংগ, দেশাগ, ৰামগিৰি, ধনশ্ৰী আদি ৰাগৰ যিকোনো এটা বা দুটা ৰাগত গোৱা হয়। এইবিধ গীতৰ তাল ‘লেছাৰি’ বা জিকৰি। ‘সাৰংগ ৰাগ’ আৰু ‘জিকৰি তাল’ত গোৱা এটি বন্দনা-গীত বা পাতনি-গীতৰ অংশ মই গাই দিছোঁ—
দিহাঃ অহে গোবিন্ কি দিবো যাদব ৰায়।
অহে ব্ৰহ্মাণ্ডৰ ভিতৰে যত বস্তু আছে সমস্তে তোমাতে পায়।।
পদঃ কিবা আসন দিবো নাৰায়ণ গৰুড়ে যাৰ বাহন।
কিবা অলংকাৰ ৰঞ্জিবো তোমাৰে কৌস্তভে যাৰ ভূষণ।। ……..
কৃষ্ণৰ চৰণ হৃদয়ে ধৰিয়া দীন মাধৱ দাসে গায়।।
‘আলাপ’, ‘গুৰু বন্দনা’ আৰু ‘পাতনি গীত’ এই তিনিবিধ গীতৰ থুলটোক সামগ্ৰিকভাবে ‘গুৰুমণ্ডলী’ বা ‘গইদ’ বা ‘ঘুন্নি’ বোলে।
ব্যাস ওজাপালি সংগীতৰ পৰৱৰ্তী অংগটো হ’ল ‘বিষ্ণুপদ’। এই স্তৰটো নৃত্য প্ৰধান। এই স্তৰত গোৱা গীত-পদৰ নাম ‘বিষ্ণু-পদ’ আৰু বিষ্ণু-পদ গোৱাৰ প্ৰসংগত প্ৰয়োগ কৰা ৰাগ ৰূপৰ নাম ‘বিষ্ণু-ৰাগ’। ‘ৰাগ’ পদটোকেই কোনো কোনো অঞ্চলত ‘ঢেক’ বোলে। গতিকে সেই সেই অঞ্চলত ‘বিষ্ণু-ৰাগ’ পদটো ব্যৱহাৰ নকৰি ব্যৱহাৰ কৰে ‘বিষ্ণু-পদৰ ঢেক’। ‘বিষ্ণুপদ’ৰ দিহাৰ নাম ‘বিষ্ণুপদৰ থাক’ বা ‘থাৱৰ’ বা ‘চৰণ’। ইয়াৰ সুৰ বিস্তাৰৰ সংখ্যা তিনিৰপৰা সাতলৈ যাব পাৰে। গীত বা পদৰ এটা থাকৰপৰা আন এটা পদলৈ নমাই অনা সাংগীতিক বৈশিষ্ট্যৰ নাম ‘থাক’ বা থাৱৰ বা চৰণ। বিষ্ণু-পদৰ অংশ মই গাই দিছোঁ—
১ম চৰণ: বোলো মুখে ৰাম নাৰায়ণ।
হৃদয়ে চিন্তা অৰুণ চৰণ। ।
২য় চৰণ: মন মোৰ মজিলৰে বিষয় জঞ্জালে।
চিত মোৰ বান্ধিল ৰে। । ……..
৭ম চৰণ: গোবিন্দাই গোবিন্দাই গোবিন্দাই এ
হৰি মই পশিলোঁ শৰণ। ।
‘বিষ্ণু-পদ’ৰ সামৰণীত ব্যাস ওজাপালিৰ পৰম্পৰামতে জয়দেৱৰ ‘গীত-গোৱিন্দ’ কাব্যত সন্নিৱিষ্ট দশাৱতাৰৰ গীতটো গোৱা হয়।
বিষ্ণু-পদৰ পৰৱৰ্তী স্তৰ হ’ল সংগীতালাপ। ইয়াক ‘চাবৰবানা’, ‘গানকাৰ ৰাগ’ আদি নামেৰেও জনা যায়। ‘গানকা’ পদটোৰ অৰ্থ আদৰ্শ। ওজাপালি সংগীতত স্থান পোৱা ৰাগত ব্যৱহৃত স্বৰ মাত্ৰাৰ অৰোহণ-অবৰোহণ ক্ৰমৰ এই স্তৰত উপস্থাপন কৰা হয় কাৰণেই বোধ হয় এই স্তৰটোক ‘গানকাৰ’ বা আদৰ্শ ৰাগ বোলে। ওজাপালি সংগীতৰ শ্ৰেষ্ঠাংশৰ আৰম্ভণি সূচিত হয় এই ৰাগেৰে।
সাহিত্য ডট অৰ্গ:- ব্যাস সংগীতত সংগীতালাপৰ পাঁচোটা ভাগৰ মালিতা আৰু দিহাও অন্যতম। এই দুটাৰ বিষয়ে চমুকৈ কবচোন।
সুৰেন্দ্ৰ নাথ:- গীত-পদৰ ক্ৰম আৰু বৈশিষ্ট্য ফালৰ পৰা সংগীতালাপক মালিতা, ৰাগ, বানা দিহা আৰু পদ এই পাঁচ ভাগত বিভক্ত। তাৰ ভিতৰত মালিতাৰ বিষয়ে কবলৈ হ’লে– মালিতা মানে কাহিনী গীত। ওজাপালিত ৰাগ-ৰাগিনীৰ জন্ম বিষয়ক গীত-পদক মালিতা কয়। এটি সাৰংগ মালিতা গায় দিছোঁ
“জগত সংহৰি প্ৰভু প্ৰলয় জলত।
ব্ৰহ্মাক স্ৰজিলা প্ৰভুৰ নাভি কমলত।।
উপজিয়া ব্ৰহ্মাদেৱে চতুৰ্দিশে চাইলা।
চাহন্তে ব্ৰহ্মাৰ তেৱে চাৰিমুখ ভৈলা।।
চিত্ৰসেন গন্ধৰ্বে যে সেহি ৰাগ গাইলা।
তুষ্ট হুয়া ব্ৰহ্মাই সাৰংগ নাম থৈলা।।”
আকৌ
দিহা হ’ল বানা (উচ্চৈস্বৰে গোৱা পদ) পিছৰ দিহা। বিশেষ এটা সুৰ পুন: পুন: আবৃত্তি কৰাৰ নামেই স্থায়ী। স্থায়ী দিহা একেই। দিহা শেষ হোৱাৰ পিছত পদ গোৱা হয়।
দিহাঃ অ হৰি হা-হ-হ-অ-প্ৰাণ যদুৰাই,
অ দুৰ্ঘোৰ মায়াৰ জৰী থৈয়া আছা বন্দী কৰি
নিয়া প্ৰভু কৈসানি মোকোলাই-অ।।
পদঃ ঋষিয়ে বোলন্ত শুনা ৰাজা সন্ত
পাচ কথা অনন্তৰে।
দশধানী তীৰে কৰিয়া গমন
পন্থ ছয় প্ৰহৰৰে।।
সাহিত্য ডট অৰ্গ:- ব্যাস ওজাপালিৰ পঞ্চাঙ্গ সংগীত বুলি কি জনা যায়?
সুৰেন্দ্ৰ নাথ:- হয়। বিশিষ্ট সা্গীতিক সম্ভাৰেৰে সমৃদ্ধ ওজাপালি অনুষ্ঠান ৰূপায়ণৰ ক্ষেত্ৰত পাঁচোটিকৈ আঙ্গিক প্ৰকৰণ থকা বাবে ইয়াক পাঞ্চাঙ্গ সংগীত ৰূপে জনা যায়। এই আঙ্গিক প্ৰকৰণ সমূহ হ’ল—
১)স্বৰ সাধনাৰ পঞ্চ উপকৰণ—হা, তা, না, ঋ(ৰি), ঋতা (ৰিতা)।
২) সংগীত পৰিবেশনৰ পঞ্চ উপকৰণ— পদ, ৰাগ, মালিতা, দিহা চলনা।
৩) নৃত্য কলাৰ পঞ্চ উপাদান— বুলন গতি, গতি, চাৱন, দৃষ্টি, ওৰা দেহভঙ্গীমা, লয়, সুৰ তালৰ মিল আছে হস্তমুদ্ৰা
৪) পাঁচ প্ৰকাৰৰ নাচ— খুটি নাচন, মৈৰাছালি, ধুপুনী, উঘাঘূৰণি, পাক ঘূৰণি
৫) পাঁচ প্ৰকাৰৰ বুলন—অশ্ববুলন, ভাটৌবুলন, হস্তিবুলন, চলনি, বুলন।
৬) পাঁচ প্ৰকাৰৰ চাৱন—শান্ত চাৱন, কৰুণ চাৱন, লাজুক চাৱন, ভয়াৰ্ত চাৱন, উগ্ৰচাৱন
৭)) পাঁচ প্ৰকাৰৰ তাল—চাব তাল, চৌতাল, জিকিৰি তাল, লেচেৰি তাল, থোকা তাল।
৮) সংগীতানুষ্ঠানৰ পঞ্চক্ৰম—গুৰু বন্দনা, পাতনিগীত, বিষ্ণুপদ, সঙ্গীতালাপ আৰু ঝুনা। ইত্যাদি
সাহিত্য ডট অৰ্গ:- ক’ত ক’ত, কেতিয়া পৰিবেশন কৰিব পাৰি জনাব নেকি?
সুৰেন্দ্ৰ নাথ:- সাধাৰণতে বিষ্ণু তথা বাসুদেৱ পূজাত ব্যাসৰ ওজাপালি পৰিবেশিত হয়। এই পূজাত প্ৰথমে বন্দনা গোৱাৰ অন্তত ঘৰুৱা অথবা ৰাজহুৱা সভাদিত দৰ্শক শ্ৰোতাৰ মনোৰঞ্জনৰ অৰ্থে সংগীত পৰিবেশন কৰা হয় বাবে এই ওজাক সভা গোৱা ওজা বুলি বোলে। বিষ্ণুপূজাৰ সভা গৌন্ধচৌপৰী, আদচৌপৰি আৰু এপৰীয়া এই তিনি প্ৰকাৰৰ। প্ৰথম দিনা সন্ধিয়া অধিবাসৰ পূজা। অধিবাসৰ সন্ধিয়া ধৰ্মীয় নীতি অনুসৰি পূজাৰ বেদীত স্থাপন কৰা হয় পূৰ্ণঘট। তাত চন্দন, কস্তুৰী গন্ধ কলাই, সুগন্ধি দ্ৰব্য মিহলাই গন্ধতেল, গন্ধমালা প্ৰদান কৰা হয়। আমোলমোলীয়া গোন্ধে পূজা তথা সভা মণ্ডপখনি শুদ্ধ আৰু পৱিত্ৰ কৰি তোলে।
পূজা প্ৰাক্ মুহূৰ্তত সু-সজ্জিত বেশেৰে ওজাপালিয়ে বেদীৰ সমুখত উত্তৰমুৱাকৈ আসন গ্ৰহণ কৰি বিষ্ণু বন্দনাৰ গীত গায় আৰু সমবেত দৰ্শক শ্ৰোতাৰ আগত ৰাগ ৰাগিণীযুক্ত কাহিনী সম্বলিত পদ নৃত্য মুদ্ৰা কৰে। ৰাতিপুৱা পুৱালী ৰাগেৰে সভা সামৰণি মৰা হয়। সন্ধিয়া আৰম্ভ হৈ ৰাতিপুৱা শেষ হয় বাবে ইয়াক আদচৌপৰি সভা কয়। এদিনতে অৰ্থাৎ দিনৰ ভাগতে সম্পন্ন কৰা সভাক এপৰীয়া সভা কোৱা হয়। বিষ্ণু পূজাৰ বাহিৰেও মৃতকৰ আদ্যশ্ৰাদ্ধ, গোঁসাইঘৰীয়া ৰাজহুৱা সভা, দৌলোৎসৱ আদি অনুষ্ঠানতো পৰিবেশন কৰা হয় ব্যাসৰ ওজাপালি।
সাহিত্য ডট অৰ্গ:- ব্যাস ওজাপালিৰ সাজ-সজ্বাৰ বিষয়ে ক’বচোন।
সুৰেন্দ্ৰ নাথ:- ব্যাস সংগীত এক গন্ধৰ্ব বিদ্যাৰূপে খ্যাত। সেয়ে ব্যাসৰ ওজা আৰু পালিসকলৰ বেশভূষাৰে ইন্দ্ৰৰ ৰাজসভাৰ সাক্ষাৎ গন্ধৰ্ব লেখীয়া হোৱাতো বাঞ্ছনীয়। ব্যাস ওজাপালিৰ ওজাজন এজন দেখনীয়াৰ সু-কণ্ঠৰ গৰাকী হোৱাতো ভাল। তেওঁৰ পিন্ধনত ঘূৰণীয়া জামা, কঁকালত টঙালি, মূৰৰ আগফালে বহল আৰু পিচৰ ফালে ওলোমাই লোবা ফুলাম পছৰা, শুধ বগা টুপী ওজাজনৰ পোছাক। ভৰ্তি নেপূৰ, হাতত গামখাৰু, কাণত কড়িয়া, গলত মণিমালা, আঙুলিত আঙুঠি আৰু কপালত চন্দনৰ ফোঁট পৰিধান কৰিব লাগে। আকৌ ওজাপালিসকলে পিন্ধনত কপাহী সূতাৰ ভুণি (ধূতি) গাত খাদী কুৰ্তাচোলা, কান্ধত গামোচা, মূৰত ঔফুলীয়া পাগুৰি আৰু কপালত বগা চন্দনৰ ফোঁট লৱ লাগে।
সাহিত্য ডট অৰ্গ:- ব্যাস ওজাপালিয়ে ব্যৱহাৰ কৰা বাদ্যযন্ত্ৰ বিষয়ে অলপ কওকচোন।
সুৰেন্দ্ৰ নাথ:- ব্যাস ওজাপালিয়ে অনুষ্ঠান পৰিবেশনৰ সময়ত ওজাজনে ভৰিত পিন্ধা নেপুৰ পিন্ধে আৰু আৰু পালিসকলে দুই হাতেৰে বজোৱা সৰু আকৃতিৰ খুটি তালে ব্যৱহাৰ কৰে। খুটি তালৰ আকৃতি পুষ্পিতা নৱযুৱতীৰ স্তনযুগলৰ দৰে হ’ব লাগে কয়। ওজাৰ নেপূৰ পৰিধান বিশেষ নীতিপূৰ্ণ আৰু তাল বজোৱা পদ্ধতিও পাঁচ প্ৰকাৰৰ।
সাহিত্য ডট অৰ্গ:- আপুনি এই কৃষ্টিৰ লগত জড়িত হোৱাৰ পিছত কি কি সুবিধা চৰকাৰীভাৱে পাইছে জনাবচোন।
সুৰেন্দ্ৰ নাথ:- হয়। এই ব্যাস সংগীতৰ লগত জড়িত হৈ বা ইয়াক প্ৰচাৰ-প্ৰসাৰ কৰি মই প্ৰথমতে কওঁ মই আৰ্থিকভাৱে সচ্ছল হৈছোঁ আৰু চৰকাৰীভাৱে মই বহুত সুবিধা পাবলৈ সক্ষম হৈছোঁ। ২০০৮ চনত মই দিল্লী আজাদ ভৱনৰ পৰা ‘লাইভ পেঞ্চন ‘ আৰু ২০১৯ চনত অসম চৰকাৰৰ পৰা ‘শিল্পী পেঞ্চন’ পাইছোঁ। ইয়াৰ উপৰিও সংগীত নাট একাডেমীয়ে মোক ভাৰতবৰ্ষৰ প্ৰায় প্ৰতিখন ৰাজ্যত এই কৃষ্টি প্ৰদৰ্শন সুবিধা দিছে সম্পূৰ্ণ চৰকাৰী খৰচত। লগতে অসমৰ শ্ৰীমন্ত কলাক্ষেত্ৰৰ দ্বাৰা অসমৰ বিভিন্ন জিলাৰ লগতে বহুবাৰ দিল্লীত কৃষ্টি প্ৰদৰ্শনৰ সুবিধা প্ৰদান কৰিছে। ‘চং চং ড্ৰামা একাডেমী’ত একেৰাহে পোন্ধৰবছৰ কৃষ্টি প্ৰদৰ্শনৰ সুবিধা দি মোক কৃতাৰ্থ কৰিছে। শেহতীয়াকৈ এটা ভাল খবৰ যে ICCR দ্বাৰা আমাক বিদেশটো আমাৰ কৃষ্টি প্ৰদৰ্শনৰ এক সুবিধা দিছে। সময় তাৰিখ সঠিক হোৱা নাই যদিও আমাৰ কাগজ পত্ৰৰ কামবোৰ হৈ গৈছে। এই খবৰে মোক আৰু দুগুণ উৎসাহিত কৰিছে। মোৰ লগে মোৰ শিষ্যসকলকো মই বিভিন্ন ৰাজ্যত কৃষ্টি প্ৰদৰ্শনৰ সুবিধা চৰকাৰে দিছে। তাৰবাবে চৰকাৰৰ লগতে সকলোৰে ওচৰত মই কৃতজ্ঞ।
সাহিত্য ডট অৰ্গ:- নাথ ডাঙৰীয়া আপুনি এতিয়াই কি কি ৰাজ্যিক বা ৰাষ্ট্ৰীয় বা অন্যান্য বঁটা পাবলৈ সক্ষম হৈছে জনাবচোন।
সুৰেন্দ্ৰ নাথ:- মোৰ সাধনা, প্ৰচাৰ-প্ৰসাৰ আদিৰ ওপৰত ভিত্তি কৰি অসম চৰকাৰ, ভাৰত চৰকাৰ আৰু বহুতো একাডেমী, বেচৰকাৰী সংস্থা, বিভিন্ন ৰাজ্যৰ অনুষ্ঠান-প্ৰতিষ্ঠান, দূৰদৰ্শন, প্ৰচাৰ ভাৰতী, অল ইণ্ডিয়া ৰেডিঅ আদিত অনুষ্ঠান পৰিবেশন কৰিবলৈ আমন্ত্ৰণ জনাই আৰু সম্বৰ্ধনা, বঁটা আদি দিয়ে। তাৰ ভিতৰত উল্লেখযোগ্য ২০০৮ চনত ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰালয়ৰ পূৰ্বাঞ্চলীয় সাংস্কৃতিক কেন্দ্ৰ কলিকতাৰ (Indian council for cultural relations) পৰা ‘গুৰু উপাধি’ প্ৰদান কৰে। ২০০৮-২০০৯ চনত ‘গুৰু শিষ্য আঁচনি’ ৰূপায়ণৰ দ্বাৰা ব্যাস সংগীতৰ প্ৰশিক্ষকৰ অনুমতি, ২০১১ চনত Indira Gandhi National Centre For The Arts, New Delhi ত অনুষ্ঠান পৰিবেশন কৰি প্ৰমাণ পত্ৰ, ২০১৩ চনত আগ্ৰাত ৰাষ্ট্ৰীয় সন্মান সমাৰোহ সংস্কাৰ, সংস্কাৰ ভাৰতী নাট্য কেন্দ্ৰ, ৰাষ্ট্ৰীয় নাট্য আৰু নৃত্য মহোৎসৱত অনুষ্ঠান পৰিবেশন কৰা বাবে সম্বৰ্ধনা, ২০১৮ চনত মাজুলীত ‘Two Days National Seminar And Shastra Prayga Programme On RAMAYANA TRADITIONAL OF NORTHEAST INDIA ‘ অংশ গ্ৰহণ, ২০১৯ চনত সাংস্কৃতিক মহাসভা অসমৰ ‘তক্ষশীল অসম’ৰ পৰা আজীৱন সভ্যৰ স্বীকৃতি, ২০১৯ চনত Prasar Bharati, All India Redio, Doordarshan ত অনুষ্ঠান পৰিবেশন স্বীকৃতি আৰু ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰালয়ৰ মহাকুম্ভমেলা-২০২৫ প্ৰয়োগৰাজত অংশগ্ৰহণ আদি। তেওঁলোকৰ মতে মই কৰ্ম সাধনাৰ ব্যতিক্ৰমী প্ৰতিভা সমাজলৈ আগবঢ়াইছো। তাৰে এয়া স্বীকৃতি। যাৰ বাবে ময়ো দুগুণ উৎসাহেৰে কৰ্মক্ষেত্ৰত আগবাঢ়ি গৈ আছোঁ।
সাহিত্য ডট অৰ্গ:- যিকোনো শিক্ষা গ্ৰহণৰ ক্ষেত্ৰত আমাক গুৰু লাগিবই। আপুনি এই কৃষ্টি গ্ৰহণ বা আয়ত্তৰ ক্ষেত্ৰত কোন কোন গুৰুৰ ওচৰত শিক্ষা লৈছিল?
সুৰেন্দ্ৰ নাথ:- হয় শিক্ষা গ্ৰহণ কৰিব লাগিলে গুৰু লাগিবই। মোৰ এই কৃষ্টি সাধনাৰ ক্ষেত্ৰত প্ৰথমজন গুৰু হিচাপে ক’ব লাগিব দৰং জিলাৰে বৰদৌলগুৰি কৰৈচুবাৰ শ্ৰদ্ধাৰ ধৰ্মেশ্বৰ নাথ আৰু দ্বিতীয়জন গুৰু হ’ল শ্ৰদ্ধাৰ শাস্ত্ৰীৰাম নাথ।
সাহিত্য ডট অৰ্গ:- আপুনি সাধনা, প্ৰচাৰ-প্ৰসাৰ কৰি অহা এই কৃষ্টিটোৰ প্ৰতি নৱ-প্ৰজন্মৰ দৃষ্টিভংগী কেনে বুলি ভাৱে?
সুৰেন্দ্ৰ নাথ:- ধন্যবাদ আপুনি এটি ভাল প্ৰশ্নৰ অৱতাৰনা কৰিছে। আমি প্ৰায়ে কৈ থাকোঁ যুৱ-প্ৰজন্ম উৎশৃংখল, গুৰু-গোসাই নামানে, কলা-সংস্কৃতি প্ৰতি আকৰ্ষিত নহয়। এই কথাবিলাক সম্পূৰ্ণ শুদ্ধ বুলি ক’ব নোৱাৰি। অৱশ্যে ঠাই বিশেষে দেখা যায়। যুৱ-প্ৰজন্ম পশ্চিমীয়া সংস্কৃতি প্ৰতি আকৃষ্ট হ’লেও নিজৰ কৃষ্ট-সংস্কৃতিও ৰক্ষা কৰি আছে, সাধনা, প্ৰচাৰ-প্ৰসাৰ কৰি আছে। এতিয়ালৈ মই প্ৰায় আঠযোৰ (শিক্ষিত যুৱক) ব্যাস সংগীতৰ পাৰ্টীক প্ৰশিক্ষণ দি ৰাইজৰ মাজলৈ উলিয়ায় দিছোঁ। যিসকলে এতিয়া ইয়াক প্ৰচাৰ-প্ৰসাৰৰ লগতে এটা বৃত্তি হিচাপেও লৈছে। নিজৰ সংসাৰখন চলাই নিবলৈ সক্ষম হৈছে এই বৃত্তিৰে। অসমৰ বিভিন্ন ঠাইত এই কৃষ্টি প্ৰদৰ্শন কৰিছে, অনাতাঁৰ, টিভি বা বিভিন্ন মাধ্যমত প্ৰচাৰ কৰি কৃষ্টিটোক মাত্ৰা প্ৰদান কৰিছে। মই প্ৰশিক্ষণ দিয়াৰ ভিতৰত এযোৰ মহিলা আৰু এযোৰ সৰু ল’ৰাৰ পাৰ্টীও আছে।
সাহিত্য ডট অৰ্গ:- আপোনাৰ পৰা আজি ব্যাস সংগীতৰ বিষয়ে বহু কথা জানিব পাৰিলোঁ। তাৰ বাবে আপোনাক অশেষ ধন্যবাদ। এতিয়া আমি শেষৰ প্ৰশ্নটোলৈ আগবাঢ়িছোঁ। আপুনি আপোনাৰ পৰিয়ালটোৰ বিষয়ে অলপ কওকচোন।
সুৰেন্দ্ৰ নাথ:- হয় ধন্যবাদ। ময়ো আজি এনেদৰে আপোনাসৱৰ আগত মোৰ সাধনা, কষ্টৰ কথাখিনি ক’ব পাৰি খুবেই ভাল লাগিছে। সফল হৈছোঁ নে নাই নাজানো তথাপি ৰাইজৰ মৰম, আশীৰ্বাদ পাইছোঁ। সেয়াই মোৰ জীয়াই থকাৰ উৎস। মোৰ পৰিয়াল বুলি কলে মোৰ ল’ৰা এজন আৰু ছোৱালী দুজনী। দুজনীকে বিয়া দি উলিয়াই দিছোঁ আৰু ল’ৰাকো সংসাৰখন পাতি দিছোঁ। ইয়াৰ উপৰিও সকলো সময়তে মোক উৎসাহ দি আগবাঢ়ি যোৱাত সহায়ৰ লগতে মোৰ প্ৰয়োজনীয় বস্তু-বাহিনী সময়ত খুব যতনেৰে যোগান ধৰা মোৰ সহধৰ্মিণী আছে। খুব দৰিদ্ৰতাৰ মাজেৰে পাৰ কৰা জীৱনটো বৰ্তমান এই কৃষ্টিৰ পৰিবেশন কৰি মই মানসিক আনন্দৰ লগতে আৰ্থিকভাৱেও সচ্ছল হৈ পৰিয়ালটিক অভাৱ নিদিয়াকৈ চলি আছোঁ। ময়ো চেষ্টা আৰু সাধনা অটুট ৰাখিম ৰাইজৰ মাজত এই কৃষ্টি পৰিবেশন আৰু জীয়াই ৰাখিবলৈ। পুনৰ আপোনালোকৰ লগতে সাহিত্য ডট অৰ্গৰ পৰিয়ালৈ মোৰ ভক্তি ভৰা সেৱা জনালোঁ।
সাহিত্য ডট অৰ্গ:- সংস্কৃতি হ’ল জাতি এটাৰ অস্তিত্ব ৰক্ষাৰ প্ৰাণকেন্দ্ৰ স্বৰূপ। এনে সংস্কৃতি ৰক্ষাৰ ক্ষেত্ৰত প্ৰতিজন ব্যক্তিয়েই শিল্পী সুলভ মনৰ অধিকাৰী হোৱাতো একান্ত কাম্য। কিন্তু ই এক সাধনা। এনে সাধনাৰ বলতেই আপুনি এজন সংস্কৃতিৱান মানুহ হিচাপে স্বীকৃত। আপোনাৰ কৰ্ম সংস্কৃতিয়ে জাতিটোক আৰু দুখোজ আগুৱাই যোৱাত সহায় কৰাৰ লগতে অন্য জাতি উপজাতিৰ বাবে আদৰ্শৰ ভেটি স্বৰূপ হোৱাটো নিশ্চিত। আপুনি সদায় সুস্থ -সবল হৈ আগবাঢ়ি যাওক সেয়া ভগৱানৰ ওপৰত প্ৰাৰ্থনা কৰিছোঁ। ‘সাহিত্য ডট অৰ্গ’ৰ পাঠকসকলে এই সাক্ষাৎকাৰটি পঢ়ি নিশ্চয়েই উপকৃত হ’ব। ই-আলোচনীখনৰ তৰফৰ পৰা আপোনাক ধন্যবাদ জ্ঞাপন কৰিলোঁ।
সুৰেন্দ্ৰ নাথ:- হয়, আপোনালোকে মোক কথাবোৰ ক’বলৈ এখন মঞ্চ দিলে। আপোনালোককো মই আন্তৰিক ধন্যবাদ জনালোঁ।