জীৱন জীয়াৰ সপোন

সম্পাদক - ‌অজয় বৰুৱা

 

           “আকাশত বন্ধা আছে আমাৰ সীমা 

            হাতৰ মুঠনত লৈ ফুৰোঁ পৃথিৱী

            অথচ 

            বাঢ়ি গৈ আছে আকাশৰ উচ্চতা……”

গতিশীল সময়ৰ লগে লগে পৰিবৰ্তন হ’ল মানৱ জীৱনৰ ইতিহাস, সমাজ ব্যৱস্থা, জীৱন-ধাৰণ প্ৰণালী, কমিছে মূল্যবোধ, মানৱতাবোধ। এখোজ দুখোজকৈ সন্তৰ্পণে কিন্তু নিৰন্তৰ হৈ থকা পৰিবৰ্তৰ বাবে সলাই পেলাইছে মানুহৰ মানসিকতা, সম্পৰ্ক, আত্মীয়তাৰ বান্ধোন। ফেচবুক, ইনষ্টাগ্ৰাম, টুইটাৰ, ইণ্টাৰনেট, স্নেপচাট ইত্যাদিৰ বহুল প্ৰসাৰৰ বাবে সমগ্ৰ পৃথিৱীখনেই হাতৰ মুঠিত। যোগাযোগ আৰু যাতায়াত উন্নত হ’ল। সকলো ডিজিটেল হ’ল। কিন্তু কোনোবাখিনিত যেন কিবা  কেৰোণ থাকি গ’ল। বিজ্ঞান আৰু প্ৰযুক্তিৰ ন ন আৱিষ্কাৰে আমাক কল্পনাতীত সুবিধা দিয়াৰ লগতে এই কৌশলসমূহৰ প্ৰয়োগ কৰি সমগ্ৰ পৃথিৱীখন হাততে ললোঁ। কিন্তু মানুহৰ মনৰ পৰিধি বহল হোৱাৰ সলনি দেখোন সেই পৰিধি এক সীমাৰ ভিতৰতে আৱদ্ধ হৈ পৰিল। মই, মোৰ চিন্তা, পৰিয়ালকেন্দ্ৰিক বাতাবৰণ, বেঙ্ক বেলেঞ্চ, বিলাসী গাড়ী, পোছাক, বিদেশ ভ্ৰমণ, মাটি, ঘৰ-দুৱাৰ ইত্যাদি সীমাহীন আশা-সপোনৰ পিছে পিছে দৌৰি হেৰুৱাই পেলাইছোঁ অতীত। নৈৰাশ্যৰ জাল ফালি স্বচ্ছ আৰু বৰ্ণময় মুহূৰ্ততবোৰ সপোন সুগন্ধিক ৰঙীনৰ পৰা ৰঙীনতৰ কৰাৰ হেঁপাহবোৰে  আমাক ঘূৰি চাবলৈ নিদিয়ে। আৰু যেতিয়া পিছফালে ঘূৰি চোৱা যায় দেখা যায় কেৱল শূন্যতা। ভিৰৰ মাজত হেৰাই থাকিলোঁ আমি। মা-দেউতা, ভাই-ভনী, আত্মীয়-স্বজনৰ পৰা বহু দূৰৈত আমাৰ অৱস্থান। আমি যেন অভিনয় কৰি গৈ আছোঁ সুখী হোৱাৰ।

         “সযতনে অসীমক পূৰ্ণতা দিয়াৰ ভাও

          সাতোৰঙী অতুল্ অট্টালিকা 

          অযতনত অসীমত বিলীন…….।” 

সকলোৰে এক জীয়া সপোন সমাজত স-সন্মানেৰে, অভাৱ-অনাটন নোহোৱাকৈ শান্তিপূৰ্ণভাৱে জীয়াই থকাৰ। অৰ্থ, সন্তুষ্টি, তুলনা, সপোন আদি সীমাৱদ্ধতাত ৰাখিলেই ই সম্ভৱ হৈ উঠে। তাকে নকৰি আকাশলংঘী সপোন দেখি, অনাকাংক্ষিত প্ৰাপ্তিৰ পিছত দৌৰি, জটিলতা আৰু অসন্তুষ্টিৰে জীৱনতো ভৰাই তুলিলে ই হিতে বিপৰীত হয়। কিয়নো ঐশ্বৰ্য প্ৰাপ্তিৰেও সমাপ্তি নহয় মানুহৰ সীমাহীন জীৱন। কৰবাত পাইছিলোঁ সুখ আৰু আৰাম দুটা ভিন্ন ব‌স্তু। আমাৰ ভুল আৰামকে সুখ বুলি ভবাটো। 

       ‘অসন্তুষ্টি কমাইছোঁ 

       তুলনা এৰিছোঁ 

       অভাৱবোৰ স্বাভাৱিক বুলি ধৰিছোঁ 

       প্ৰাপ্তিৰ নাই আকাশলংঘী সপোন

       প্ৰাপ্তি-অপ্ৰাপ্তিৰ সীমা অস্পষ্টকৈ দিছোঁ

       সৰু মানুহ, সৰু সপোন।’

জীৱনত অৰ্থৰ অভাৱ সকলোৰে থাকে, থাকিব। মগনীয়া কিম্বা কৌৰপতিৰো। সেয়ে ক্ষুদ্ৰাতিক্ষুদ্ৰ আনন্দৰ মুহূৰ্তবোৰ সন্তুষ্টিৰে ভৰাই তুলিব লাগে। সেয়ে ক’ব পাৰি জীৱনটো সন্তুষ্টি আৰু সুখেৰে পাৰ কৰিবলৈ আনন্দ আহৰণ প্ৰক্ৰিয়া কষ্টকৰ হ’লেও অসাধ্য নহয়। ঠিক একেদৰে পৃথিৱীখনত হৈ থকা অশান্তি, হত্যা-হিংসা, ধ্বংস, অনিয়ম আদিয়েও এক অশান্তিৰ পৰিবেশ সৃষ্টি কৰি সকলোৰে শান্তি বিনষ্ট কৰিছে। শান্তিপূৰ্ণভাৱে পৃথিৱীখনত জীয়াই থাকিবলৈ আমাক শান্তিসভা, শ্লোগান কিম্বা বিপ্লৱৰ প্ৰয়োজন মুঠেই নাই। সুখ-শান্তিৰ নিৰৱিচ্ছিন্ন প্ৰক্ৰিয়া প্ৰতিজন মানুহে নিজে নিজৰ ব্যক্তিগত জীৱনৰপৰা আৰম্ভ কৰিব লাগিব। শান্তি অনাৰ ক্ষেত্ৰত প্ৰতিজনে নিঃস্বাৰ্থভাৱে মানুহৰ প্ৰতি সহানুভূতিশীল হ’বলৈ আত্মক জগাই তুলিব পাৰিব লাগিব। তেতিয়া পৃথিৱীখনত যুগান্তকাৰী পৰিবৰ্তন নিশ্চয়। বিশ্বাস ভালপোৱা থাকিব লাগিব আৰু সকলোৱে আত্মসমালোচনা, আত্মশুদ্ধি কৰিব লাগিব। 

সম্প্ৰতি ব্যক্তিগত ক্ষুদ্ৰ স্বাৰ্থৰ বাবে বৃহৎ স্বাৰ্থকো নেওচি এচামে  দিকবিদিক হেৰুৱাই পথভ্ৰষ্ট হৈছে। আধ্যাত্মিক চেতনা, জাতীয় চেতনা, সু-চিন্তা, সঠিক পথ প্ৰদৰ্শক, মানৱীয় একাত্মবোধতা আদিৰ অভাৱৰ ফলত আজিৰ সমাজ স্খলিত হৈ সাংঘাতিকভাৱে বিশৃঙ্খল পৰিস্থিতিৰ মাজত সোমাই পৰিছে। ইয়াৰ পৰা পৰিত্ৰাণ পাবলৈ যুৱ প্ৰজন্মক আধ্যাত্মিক আৰু বৌদ্ধিক দিশৰ প্ৰতি আগ্ৰহান্বিত কৰাৰ অতিকে প্ৰয়োজন। যুৱ-প্ৰজন্মক সঠিক ৰূপত নিয়োজিত কৰিব পাৰিলেহে সমগ্ৰ মানৱ জাতিৰ উত্তৰণ অৱশ্যাম্ভাবী। মানুহ সামাজিক প্ৰাণী হিচাপে সমাজৰ বিভিন্ন ক্ষেত্ৰ সমূহৰ বিকাশ সাধনে সমাজ এখনক উত্তম সমাজৰ মৰ্য্যদা প্ৰদান কৰে। বিভিন্ন সামাজিক ব্যাধি, অন্ধবিশ্বাসৰ দৰে কুপ্ৰথা, ধৰ্মান্ধতা আদিয়ে সামাজিক অৱনমিতহে কৰে। তথাপি মানুহৰ কলা-সংস্কৃতিৰ প্ৰতি আগ্ৰহ, চৰ্চা বাঢ়িছে। 

বিৱৰ্তনশীল সমাজৰ বাস্তৱ ৰূপটো প্ৰতিফলিত কৰিব পৰাকে সাহিত্য আৰু কলা সংস্কৃতি, 

সাহিত্য, সংগীত, সৌন্দৰ্য্য আদিৰ দিশত যথেষ্ট পৰিমাণে ধাৱিত হোৱা পৰিলক্ষিত হৈছে। জীৱশ্ৰেষ্ঠ মানৱে আধ্যাত্মিক ভাৱৰ দ্বাৰা উদ্বুদ্ধ হৈ আনন্দানুভূতি উপভোগ কৰিব বিচাৰে। সেই অনুভূতিৰ বৰ্হিপ্ৰকাশতেই সৃষ্টি হয় এক কলা সি সাহিত্য, সংস্কৃতি নতুবা সংগীত যিয়েই নহওক। এই সৃষ্টিৰ বাবেই মানুহ মানুহ হিচাপে বিবেচিত হয়। আজিকালি সাহিত্য সৃষ্টি মাধ্যম বহু হৈছে। যাৰ দ্বাৰা সহজে কম সময়তে প্ৰচাৰো কৰিব পাৰি। ই-বুক, ই-আলোচনী, ইলেক্ট্ৰনিক বুক লীডাৰ আদিয়ে কিতাপ বা গ্ৰন্থৰ স্থান ল’ব নোৱাৰে বুলি কয় যদিও পৰিবৰ্তনৰ লগে এইবোৰ স্থায়িত্ব পাব, সংৰক্ষিত হৈছে থাকিব যুগ যুগান্তৰলৈ। ডিজিটেল প্ৰযুক্তিয়ে কিতাপৰ সৃষ্টিত বিপুল অহৰিহণা আৰু বৈপ্লৱিক পৰিবৰ্তন আনিছে। গতিকে ই-আলোচনীৰ গুৰুত্ব বৰ্তমান অপৰীসীম। 

       বৰ্তমান সমাজত ফেচবুক হ’ল এক শক্তিশালী গণ মাধ্যম। এচামে ফেচবুকৰ অপব্যৱহাৰ কৰাৰ বিপৰীতে এচামে ফেচবুককে মাধ্যম হিচাপে লৈ কিছুমান গঠনমূলক কামত আগবাঢ়িল। অসমীয়া কী-পেডৰ প্ৰচলনৰ লগে লগে কোনো কোনো স্বাভিমানী অসমীয়াই অসমীয়া ভাষা আৰু জাতিৰ অস্তিত্ব ৰক্ষাত কিঞ্চিত অৰিহণা যোগাওঁ বুলি সুকীয়াকৈ কিছুমান ফেচবুক গোট খুলিলে আৰু ভাষা সাহিত্য চৰ্চাৰ কাম আৰম্ভ কৰি দিছে। তেওঁলোকে ভালকৈয়ে বুজি উঠিলে যে অসমীয়া ভাষা আৰু জাতি ৰক্ষাৰ একমাত্ৰ ব্ৰহ্মাস্ত্ৰ ভাষাটোৰ চৰ্চা আৰু প্ৰসাৰ। কিছু সময়ৰ ভিতৰতে দেখা গ’ল যে মাতৃভাষাৰ প্ৰতি অগাধ স্নেহ থকা ব্যক্তিৰ সংখ্যাও অসমত কোনোগুণে কম নহয়। ফেছবুকত যেন মহামিলন ঘটিল অসমীয়া ভাষা আৰু জাতিপ্ৰেমী অসমীয়াসকলৰ। দেখাক দেখি প্ৰায়সকলেই ফেচবুকত অসমীয়া ভাষা লিখা, পঢ়া আৰম্ভ কৰি দিলে। ফেচবুকৰ পথাৰৰপৰা ন ন সাহিত্যিকৰো জন্ম হ’ল। এক কথাত কেইটামান বৰ্ষৰ ভিতৰতে ফেচবুক মাধ্যমত অসমীয়া ভাষাৰ চৰ্চা যেন অসমীয়াৰ বাবে এক আধুনিকতাৰ মানদণ্ডস্বৰূপ হৈ পৰিল। তেনে এক গোট হ’ল ‘অসমীয়াত কথা বতৰা’। যিয়ে সাহিত্য চৰ্চা আৰু প্ৰসাৰত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আহিছে। যাৰ দ্বাৰা নৱ প্ৰজন্মক সাহিত্য প্ৰতিভাৰ সন্ধান দিয়াৰ ব্যৱস্থা কৰা হৈছে আৰু ইউনিক’ড মাধ্যমৰে আগুৱাই নিবলৈ চেষ্টা কৰা হৈছে। ইয়াৰ উপৰিও ইউনিক’ড মানক পদ্ধতি ব্যৱহাৰ কৰি অসমীয়া লিখাৰ বাবে আকৰ্ষিত এই গোটৰ মূল উদ্দেশ্য। প্ৰতি মাহে প্ৰকাশ কৰি অহা ই-আলোচনী ‘সাহিত্য ডট অৰ্গ’ তাৰে ফচল। এই গোট আৰু আলোচনীখনে অসমীয়া ভাষা সাহিত্য চৰ্চাৰ ক্ষেত্ৰত আকাশ চুবলৈ সক্ষম হ’ব নিশ্চিত। সদায় অসমীয়া লিখিবলৈ আৰু পঢ়িবলৈ চেষ্টা কৰাজনক উৎসাহ উদ্দীপনা দি মাতৃভাষাৰ প্ৰতি প্ৰেম, ভাষাটোৰ চৰ্চাৰ প্ৰতি আগ্ৰহী কৰি তোলা ‘অকব’ৰ এক জাতীয় দায়িত্ব বুলি ধৰি লৈ কাম কৰি গৈছে।

শেষত অজানিতে ৰৈ যোৱা ভুল ভ্ৰান্তিৰ ক্ষমা বিচাৰিছোঁ। 

‌অজয় বৰুৱা 

সম্পাদক 

সাহিত্য ডট অৰ্গ, পঞ্চদশ বৰ্ষ

তৃতীয় সংখ্যা (জুন, ২০২৫, আহাৰ, ১৯৪৭শক)

এই সংখ্যাটোৰ আঁৰত-

বিশেষ কৃতজ্ঞতা: 

  আলোচনীখনি সম্পাদনা কৰাত সকলো দিশতে সহায় আগবঢ়োৱাৰ সম্পাদনা সমিতিৰ সম্পাদক প্ৰশিক্ষণ দল, আপলোডিং দল, সাক্ষাৎকাৰ দল, বৰ্ণাশুদ্ধি নিবাৰণ দলৰ শ্ৰদ্ধাৰ বিষয়ববীয়াসকলক আন্তৰিক কৃতজ্ঞতা আৰু শলাগৰ শৰাই আগবঢ়ালোঁ।  সাক্ষাৎকাৰ লোৱাৰ ক্ষেত্ৰত মোক বিশেষভাৱে সহায় কৰা উদীয়মান কবি, লেখক বন্ধুবৰ বসন্ত বৰুৱাদেৱকো ধন্যবাদ জ্ঞাপন কৰিলোঁ। তদুপৰি আমাৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই যথাসময়ত নিজৰ লেখা প্ৰেৰণ কৰি আমাক কৃতাৰ্থ কৰা সকলো ন-পুৰণি শ্ৰদ্ধাৰ লেখক লেখিকালৈ এই চেগতে আমি শলাগৰ শৰাই আগবঢ়াইছোঁ। 

শিতানটিৰ অন্যান্য লেখাসমূহ পঢ়কঃ-

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Don`t copy text!