শিশুৰ ম'বাইল আসক্তি
লেখক- ডাঃ ৰমেন হাজৰিকা
”ল’ৰাটোক মবাইল চাবলৈ মানা কৰকচোন ছাৰ। আপুনি ক’লে এৰিব।”
ক্লিনিকত চকুৰ অসুখ দেখুৱাবলৈ অহা অনেক শিশুৰ মাকে আমাক এই অনুৰোধটো কৰে; কেতিয়াবা দেউতাকজনেও। অভিভাৱকৰ অনুৰোধ এৰাব নোৱাৰি কেতিয়াবা কোনোবা শিশুক বেছিকৈ মবাইল চালে চকুৰ ‘পাৱাৰ’ কমিব বুলি একাষাৰ কওঁ। পিছে চিকিৎসাৰ বাবে দহ বা বিশ মিনিটৰ বাবে লগ পোৱা চঞ্চল শিশু এটাই ডাক্তৰৰ এনে বিৰক্তিকৰ উপদেশ মানিব জানো? গতিকেই আমাৰ হিতোপদেশ হয়গৈ কেৱল অৰণ্যৰোদন! তথাপি অভিভাৱকে, বিশেষকৈ মাতৃসকলে বাৰে বাৰে একেটা অনুৰোধকে কৰা শুনি মাজেসময়ে বিৰক্ত হওঁ যদিও, সাম্প্ৰতিক শিশুসকলৰ বৰ্ধমান মবাইল আসক্তিৰ কাৰণবোৰ জানিবৰ মন যায়। গতিকে সময় পালে কোনোবা শিশুৰ মাক দেউতাকৰে এই বিষয়ে কথা পতাৰ ইচ্ছা এটা বহুদিনৰ পৰা পুহি ৰাখিছিলোঁ।
° ° °
আজি কিছুদিনৰ আগতে ৰিকী নামৰ এটি দহবছৰীয়া সপ্ৰতিভ ল’ৰাক মাক-দেউতাকে চিকিৎসাৰ বাবে আনিলে। ৰোগীৰ নাম-ধাম লিখি থাকোঁতেই ৰিকীৰ মাকেও এই বিশেষ অনুৰোধটো কৰাত মোৰ মনে মনে হাঁহি উঠিল যদিও দেখুৱাই গহীন হৈ থাকিলো। সেইখিনি সময়ত মাকে কৈ থকা কথাবোৰৰ সাৰমৰ্ম হ’ল — ল’ৰাটো অতি অঘাইটং, মাকৰ কথা অলপো নুশুনে, পঢ়া-শুনাত মনোযোগ নিদি দিনৰ দিনটো কেৱল মবাইলটো পিটিকি থকাৰ ফলতে তাৰ চকুৰ অসুখ হৈছে। গতিকে মই ঔষধ দিয়াৰ লগতে ৰিকীক মবাইল চোৱা নিষেধ কৰিব লাগে। প্ৰয়োজনত চিকিৎসকে ৰোগীক দৰৱৰ উপৰিও আহাৰ-বিহাৰৰ অনেক পৰামৰ্শ দিব লগা হয়। গতিকে এটি ৰুগীয়া শিশুৰ উৎকণ্ঠিত মাতৃয়ে চিকিৎসকক কৰা এনে অনুৰোধ অপ্ৰত্যাশিত নহয়; বৰং যুক্তিসংগত বুলিয়েই ক’ব লাগিব। সেয়ে ৰিকীৰ নিদানপত্ৰ লিখি মাকৰ অভিযোগৰ প্ৰসংগৰে অলপ গহীন সুৰত তাক সুধিলোঁ … “তুমি দুষ্ট নেকি?”
ভয় ভয় চাৱনিৰে সৰল ল’ৰাটোৱে স্বীকাৰোক্তি দিলে – – “অলপ!”
“শুনিলে নহয় ছাৰ, ই আপোনাকো ভয় নকৰে, কিমানযে বদমাছি দিনটোত …” মাকে আকৌ পুতেকৰ দুষ্টালি বৰ্ণাবলৈ ল’লে। তেখেতক নীৰৱ হোৱাৰ ইংগিত দি মই ৰিকীক কোন ক্লাছত পঢ়ে, ঘৰত কিমান সময় আৰু কোন সময়ত পঢ়ে, খেলা-ধূলা কোন সময়ত আৰু কাৰ লগত কৰে, পাঠ্যপুথিৰ উপৰিও বাহিৰা সাধু কিতাপ পঢ়েনে, গান বাজানাত ৰাপ আছেনে আদি, ঠাইতে মোৰ মনলৈ অহা লাগতিয়াল কথাখিনি সুধিলোঁ। দুষ্ট হ’লেও শিশুৰ স্বাভাৱিক নিষ্কলুষতাৰে ল’ৰাটোৱে মোৰ প্ৰশ্নবোৰৰ যথা-যথ উত্তৰ দিলে। মোৰ কৌতূহল নিবৃত্তিৰ বাবে মাক-দেউতাকৰ লগতো যিমান পাৰি চমুকৈ কিছু প্ৰয়োজনীয় কথা পাতি, সাধাৰণ পৰামৰ্শৰে “আজিৰ পৰা অনাহকত মবাইল নল’বা“ বুলি বিদায় দিলো। মাকৰ নিৰ্দেশত যাবৰ পৰত ৰিকীয়ে মোক ‘থেংক ইউ’ দি গ’ল।
° ° °
আমি সকলোৱে জানো যে শিশুৰ শাৰীৰিক, মানসিক বিকাশ আৰু চৰিত্ৰ গঠনত, পিতৃ-মাতৃৰ লগতে ঘৰখন, সমাজ আৰু চৌপাশৰ পৰিৱেশৰ প্ৰভাৱ অপৰিসীম। দৰংজিলাৰ গ্ৰামাঞ্চলৰ পৰা আহি চাকৰিৰ স্বাৰ্থত বিয়াৰ পিছৰেপৰা গুৱাহাটীৰ ভাৰাঘৰত থিতাপি লোৱা ৰিকীৰ মাক-দেউতাক উচ্চশিক্ষিত। মাৰ্জিত বেশ-ভূষা আৰু আচৰণে তেওঁলোকৰ নিম্ন-মধ্যবিত্ত পৰিচয় দাঙি ধৰে। সন্তান দুটিয়ে গাঁৱৰ যৌথ পৰিয়ালৰ পৰিৱেশ পোৱা নাই। বৰ্তমান তেওঁলোক থকা অঞ্চলটোত মহানগৰীৰ অধিকাংশ ঠাইৰ দৰেই আৰ্থিক, সাম্প্ৰদায়িক, ভাষিক আৰু শৈক্ষিক দিশৰে ভিন্ন তৰপৰ জনবসতি যদিও গৰিষ্ঠসংখ্যকেই অসমীয়া। ক্লাছ ফাইভত পঢ়া ৰিকীৰ ঘৰত পঢ়া সময়ৰ বিষয়ে সোধাত মাকে জনালে যে তেওঁলোকৰ শুই উঠা পলম হয় কাৰণে সি ৰাতিপুৱা পঢ়িবলৈ সময় নাপায়, স্কুল যাবৰে হয়। দুই বজাত ঘূৰি আহি খাই বৈ অলপ শোৱে। পিছত ছাৰ অহালৈকে ‘হম-ৱৰ্ক’ কৰে। টিউচনৰ ছাৰ গধূলি সাত বজাতহে আহে।
“এওঁ সমনীয়াৰে খেলিবলৈ নাযায় নেকি?” মই সুধিলো।
“ওচৰৰ ল’ৰাবোৰ সাংঘাতিক বদমাছ ছাৰ, ইয়াক সিহঁতৰ সৈতে খেলিবলৈ নিদিওঁ। লুডু, চাইনিচ চ্চেকাৰ, কেৰম বৰ্ড সকলো কিনি দিছো, দুইটাই ঘৰতে খেলে।“ ৰিকীৰ মাকৰ উত্তৰ।
“টিভি চোঁৱানে নাই? “ এইবাৰ মই ৰিকীক সুধিলো।
“মায়ে ভণ্টিয়ে চায়, মোকহে নিদিয়ে …।” ৰিকীৰ উত্তৰত অভিযোগৰ সুৰ!
“সি টিভিৰ ওচৰত বহিলেই ৰিমটটো লৈ মিনিটে মিনিটে চেনেল সলাই থাকিব, আমাৰ চিৰিয়েলখনো চোৱা নহয় – – সেয়ে তাক টিভিৰ ওচৰলৈ আহিবলৈ নিদিওঁ।“ মাকে ক’লে।
“সাধু কিতাপ পঢ়ানে? বুঢ়ী আইৰ সাধু পঢ়িছানে? “ৰিকীক সুধিলোঁ।
“ Elephant Talesখন পঢ়িছো, আপুনি কোৱাখন পঢ়া নাই।“এইবাৰ সি উত্তৰ দিলে।
“ইংলিছ মিডিয়ামত পঢ়ে যে … ষ্টৰী বুক তেনেকৈ নায়েই।“মাকেই ক’লে।
“আপুনি সিহঁতক সাধু কয়নে?”
“মই সাধু নাজানোৱেই দেখোন! সময়ো নাপাওঁ; ঘৰত কোনো ‘পাৰ্ট টাইমাৰ’ নাইযে … ।“ সামান্য বিব্ৰতভাবে মহিলাগৰাকীয়ে উত্তৰ দিলে। কথা বহলাই লাভ নাই বুলি জানিও ৰিকীয়ে ফুটবল ভাল পায়নে সুধিলোঁ। ইমান সময় নিৰৱে থকা দেউতাকে এইবাৰ জনালে যে সি বল খেলিবলৈ ভাল পায় যদিও তেওঁলোকৰ ওচৰত কোনো মুকলি ঠাই নাই। চাৰি কিলোমিটাৰ দূৰৈৰ বেলতলা ক’চ্চিং চেণ্টাৰত দহ বছৰীয়া ল’ৰাটোক দৈনিক অনা নিয়া কৰি খেলাৰ প্ৰশিক্ষণ দিয়াবলৈ তেওঁৰ সময় আৰু ধন, দুয়োটাৰে অভাৱ। মানুহজনৰ মুখৰ অসহায় ৰূপটো দেখি মোৰ বেয়া লাগিল! আবাসী অঞ্চলৰ মাজে মাজে সৰুকৈ হলেও একোখন পাৰ্ক বা ময়দানৰ আৱশ্যকতা আবাসীসকলৰ লগতে মহানগৰ পৰিকল্পনা বিভাগ তথা চৰকাৰে কেতিয়া অনুভৱ কৰিব বাৰু?
° ° °
লেখাটো যুগুতাই থাকোঁতে এতিয়া ভাবিছো, সংসাৰৰে হওক বা সমাজৰে হওক, দায়িত্ববোৰ আমি অনবৰতে আনলৈ ঠেলি থাকিলেই সমাজখন সঠিক দিশে আগ বাঢ়িব জানো? এই স্বভাৱৰে আমি সন্তানহঁতৰ বা নৱপ্ৰজন্মৰ দিগদৰ্শী অগ্ৰজ হব পাৰিমনে?
আজি ৰিকীৰ দৰে শিশুৰ হাতত মবাইল কোনে তুলি দিছে? দহ বছৰীয়া ল’ৰাটোক জৰুৰীকালীন অৱস্থাত ফায়াৰ ব্ৰিগেড, পুলিচ কিম্বা চিকিৎসকক মাতিবৰ কৌশল শিকাই থোৱা বেয়া নহয়। কিন্তু তিনি চাৰিবছৰীয়া অবোধ শিশুকো ওমলাবলৈ মবাইল ব্যৱহাৰ কৰিলে হিতে বিপৰীত হ’বই। হাতত দিয়া মবাইলৰ ৰঙীন, সবাক কাৰ্টুনবোৰ চাই স্ফূৰ্তি পাই কান্দিবলৈ এৰা এই শিশুবোৰৰ বোধশক্তি উদয়ৰ আগেয়েই মবাইল আসক্তি হয়। ছয়-সাত-আঠ বছৰত এওঁলোক মবাইলগেম খেলিব পৰা হয় আৰু কৈশোৰত ইয়াৰে একাংশ ধাৱিত হয় নিষিদ্ধ ভাৰ্চুৱেল জগত খনলৈ! এইদৰে অন্ধ অপত্যস্নেহৰ বশৱৰ্তী হৈ প্ৰকৃততে আমিয়েই সন্তানহঁতৰ কুঅভ্যাস গঢ়ি তোলোঁ।
ক্লাছ ফাইভৰ ছাত্ৰজনক পিতৃ-মাতৃৰ এজনে নিয়মিত দৈনিক এঘণ্টা পঢ়ালেও সি ভাল ফলাফল দেখুৱাব পাৰে। শৈশৱৰ চঞ্চলতাৰ প্ৰতি সহনশীল হৈ সন্তানৰ সৈতে পিতৃ-মাতৃয়ে মাজে সময়ে টিভিৰ কাষত বহিলে, কেতিয়াবা ৰামায়ণ, মহাভাৰত, বুঢ়ী আইৰ সাধুৰ কাহিনী একোটা শুনালে গল্পৰ ৰস আৰু আপোনজনৰ নিবিড় সান্নিধ্যই সন্তানক সংবেদনশীল আৰু আমাৰ পুৰাতন সংস্কৃতিৰ প্ৰতি শ্ৰদ্ধাশীল আৰু আগ্ৰহী কৰি তুলিব। মাক, আইতাকৰ মুখৰ নিচুকনি গীত আৰু মৰমৰ পৰশত কেঁচুৱাৰ টোপনি যায়। সেইদৰেই দুষ্ট ল’ৰাটোও শান্ত হয়, সদাচাৰ শিকে। একক পৰিয়াল হোৱাৰ পৰা শিশুৰ বাবে ‘আইতা’ ৰ সাহচৰ্য আজিকালি দুৰ্লভ হ’ল। গতিকে মাক-দেউতাক, বিশেষকৈ মাতৃগৰাকীৰ দায়িত্ব বাঢ়িল। শিশু নিচুকাবলৈ টেবলেট, মবাইল, লেপটপ ব্যৱহাৰ কৰাতকৈ একোলা লৈ এটি গীত গোৱা, বাহিৰৰ ফুল-পখিলা, গছ-বিৰিখ, চৰাই-চিৰিকটি বা আকাশৰ জোন-তৰা দেখুওৱা পুৰাতনীয়া প্ৰথাবোৰ আজিও উত্তম আৰু ফলদায়ক … এই কথা আমি সকলোৱে মনত ৰাখিব লাগিব। দুষ্ট হ’লেও ৰিকীৰ দৰে শিশুবোৰেই আমাৰ ভৱিষ্যত!
