বিশ্বাস কৰক, গোলাপৰ মানুহজনীক আজিলৈকে মই দেখা নাই
লেখক- ধ্ৰুৱজ্যোতি ওঝা
ফাগুন মহীয়া বতৰ। কলেজ পাছ কৰি ধদুৱা কোবাই ফুৰা দিন তেতিয়া। অঞ্চলটোৰ ব্যৱসায়িক চ’কটোত দাদাৰ এখন দোকান আছিল। দাদাই প্ৰায়েই মোক দোকানত থৈ কিবাকিবি কামত ইফালে সিফালে ঘূৰি ফুৰে। ময়ো তেতিয়া তালিকাভুক্ত নিবনুৱা, দোকান খনতে হুদু বহা দিনৰ দিনটো বহি থাকো।
এদিনাখনৰ কথা। আবেলি সময়ত দোকানতে বহি আছোঁ। হঠাৎ গোলাপ ওলালহি চাইকেল এখন লৈ। চাইকেলৰ কেৰিয়াৰত বহাই আনিছে তুতুক।
গোলাপে বোলে, ”হেৰা, বʼলা ছোৱালী এজনী চাই আহোঁগৈ৷”
মই উৎসুকতাৰে সুধিলোঁ বোলো কʼৰ ছোৱালী হে!
গোলাপে বোলে, “উৱা ক’ৰ ছোৱালী হ’ব হে? মোৰ হʼবলগা মানুহজনী আকৌ। ছোৱালী চাবলৈ বুলি যোৱাৰ নিয়ম এটা আছে নহয়, তাকেহে ওলোৱা চাই আহোঁগৈ পতককৈ।
মই বোলো কৃষ্ণ হে আৰু …..…’জীৱন কালত নিজৰ বুলি ছোৱালী এজনীৰ চকুলৈকে চোৱাৰ সাহস আজিলৈকে গোটাব নোৱাৰিলোঁ, তোমাৰ কাৰণে কি ছোৱালী চাম হে।’
অলপ সময় তেনেদৰেই যোৱা নোযোৱাক লৈ সপক্ষে-বিপক্ষে ঢেৰ যুক্তি চলিল। মই অলপ থেৰোগেৰো কৰি থকা দেখি শেষত তুতুয়ে অলপ জোৰ কৰিয়েই ক’লে, ”ধেইৎ বʼল বʼল, ছোৱালী ঠিক হৈয়েই আছে অʼ, তই বেলেগকৈ ছোৱালী চাব নালাগে নহয়! আমাৰ লগত যাবহে লাগে মুঠতে, টেটু গুৰি লৈকে চাহ-জলপান ডবাম আমি লগত গৈ, সোনকালে সাজু হ’ মুঠৰ ওপৰত।”
ইতিমধ্যে লগৰ দুদুও আহি আমাৰ ওচৰ পালেহি। তাকো গোলাপে মাতি লৈ আনিছিল ছোৱালী চাবলৈ লগত যাবলৈ বুলি। সৰ্বশেষত ময়ো যেনিবা দুদুৰ চাইকেলতে উঠিলো গোলাপৰ ছোৱালী চাবলৈ বুলি যাবলৈ৷ গৈ পোৱাৰ পাছত চা-চিনাকি পৰ্ব চলিল৷ গোলাপে আমাক তাৰ লগৰে বুলি চিনাকি দিলে৷ অলপ পাছত ছোৱালীৰ মাকে ডাঙৰ ট্ৰে এখনত এসোপা মান পিঠা আৰু লাড়ু সজাই আমাৰ সন্মুখত খাবলৈ বুলি আগবঢ়াই দিলেহি। লাড়ু পিঠা দেখি মনটো ৰাইজাই লাগিলেই।
আমাৰ ঘৰত ছোৱালী নাছিল, গোটেই কেইটা ধদুৱা ডেকা। ঘৰত মা অকলে। ঘৰখনৰ সমস্ত জঞ্জাল মাৰি আজৰি হৈ পিঠা এটা বনাবলৈ আহৰি নাপায়। সেয়ে আমাৰ ঘৰত লাড়ু পিঠাৰ আয়োজন প্ৰায় নহয়েই। প্ৰায়েই মামাৰ ঘৰত, বৰতাৰ ঘৰত বা লগৰ বোৰৰ ঘৰত গোন্ধ লৈ লৈ পিঠাপনাৰ খবৰ শুঙি ফুৰোঁ। অৱশ্যে আমাক খাবলৈও দিয়ে বাৰু মানুহে, মিছাকে কʼবলৈ নাযাওঁ৷
সেই একাঁহী পিঠা ছোৱালীৰ মাকে সন্মুখৰ টেবুলত থʼবলে নাপালেই, আমাৰ হাতবোৰ আপোনাআপুনি আগবাঢ়ি গ’লেই। আমিও কথাৰ বেছি পাতনি নেমেলি চিধাই পিঠাৰ লগত ব্যস্ত হৈ পৰিলোঁ। গোলাপে অলপ লাজো পাইছিল নেকি আমাৰ গো গ্ৰাস দেখি, বোলে হেৰা, লাহে লাহে, অলপ লাহে লাহে খোৱা। মই বোলো থোৱা হে, খাবলৈ দিছে, খাইছোঁ আৰু! কিহৰ লাহে লাহে!
ছোৱালীয়ে চাহ আনি দিলেহি। চাহো সৰৌপ সৰৌপকৈ খালোঁ। সেই মুহূৰ্তত কেৱল পিঠাৰ টকাল আৰু গৰম চাহ সোহাৰ শব্দৰ বাহিৰে আন শব্দ একো নাই। চাবলৈ যোৱা ছোৱালী আহি চাহ দি গʼল, আমাৰ কিন্তু লক্ষ্য ভ্ৰষ্ট হোৱা নাই। কোন আহিছে কোন গৈছে আমাৰ খবৰ নাই। আমাৰ লক্ষ্য কেৱল পিঠা।
এটা সময়ত পিঠা শেষ হ’ল। পেট ভৰিল যদিও তিলৰ আৰু নাৰিকলৰ লাড়ু বহুতখিনি বাচি আছে ট্ৰে খনত। তুতুক কʼলো বোলো লাড়ু কেইটা থাকিয়ে গʼল নহয়, কি কৰা যায়, আজি আৰু নোৱাৰিম লোড লʼব, পেটত জেগা নাই, জেপতে ভৰাই লৈ যাওঁ নেকি!
গোলাপৰ ইতিমধ্যে ধৈৰ্য চুটি ঘটিছেই, বোলে হেৰা কি কৰিছা এইবোৰ, দেখিব এতিয়া গৃহস্থই, ৰাম ৰাম, নাক কাণ কাটিবা আৰু আজি …
আমাৰ মুঠতে সেইবোৰলৈ ভ্ৰূক্ষেপ নাই, তিনিওটাই থেছি থেছি লাড়ু বোৰ জেপত ভৰাই ট্ৰেখন আজৰাই দিলোঁ।
ট্ৰেখন নিবলৈ আহি মাকে বোলে আৰু দিম নেকি পিঠা কেইটামান। গোলাপে উচপ খাই উঠাৰ দৰে কʼলে, “নাই নাই নেলাগে। ঢেৰ হৈছে।”
মাকেও আমাক সুধিছে, “পিছে আমাৰ ছোৱালী কেনে দেখিলা।”
আমি ইটোৱে সিটোৰ মুখললৈ চাইছোঁ। ছোৱালী যে আমি দেখাই নাপালোঁ কেনেকৈ কওঁ, পিঠাত হে মগন হৈ আছিলোঁ।
দুদুয়ে পাছে উপস্থিত বুদ্ধি সাজি ক’লে, ”সুন্দৰ সুন্দৰ। বৰ ভাল, বৰ ভাল, আমাৰ দৰাৰ খুব পছন্দ হৈছে। এতিয়া তামোল দিবলৈ আহিব নহয়, দুআষাৰমান ভালকে পাতিম তেতিয়া৷” মনতে ভাবিলোঁ, “দুদুয়ে লাজ পোৱাৰ পৰা বচালে সেইবাৰলৈ। এইবাৰ সঁচাকে ছোৱালী চাব লাগিব। ফাল্টুৱামি নকৰোঁ।”
তেনেতে তামোল-পাণৰ বঁটা লৈ ছোৱালী ওলালহি৷ প্ৰথমেই আহি মোৰ ওচৰত ঠিয় দিলেহি। কেণাটো তাতেই লাগিল। জীৱনত মই কাহানিও ছোৱালী চাবলৈ গৈ পোৱা নাই, কি কৰিব লাগে কি কʼব লাগে একো উৱাদিহ নাপাওঁ। কিংকৰ্তব্যবিমূঢ় হৈ কি কʼম কি নক’ম চিন্তা কৰি ভাল নে বুলিয়েই সুধি দিওঁ বুলি ঠিয় হৈ তামোল এখন লʼব লওঁতেই ভৰিৰ তলেৰে মাৰ্বলগুটিৰ দৰে তিলৰ লাড়ুবোৰ ওলাই লৰ মাৰিলে। মজিয়াখন গোটেই তিলৰ লাড়ুময় হৈ পৰিল। বাকী গোটেইকেইটা সেইখিনিতে জঠৰ লাগিল। মোৰ জেপটোত ফুটা আছিল।
বিশ্বাস কৰক, গোলাপৰ মানুহজনীক তেতিয়াৰপৰা মই আজিলৈকে দেখা নাই।
