সাক্ষাৎকাৰ: দেৱাশীষ শৰ্মা
লেখক- সাহিত্য ডট অৰ্গ
‘সাহিত্য ডট অৰ্গ’ৰ তৰফৰ পৰা এইবাৰ সাক্ষাৎ কৰা হৈছিল নগাঁও জিলাৰ আয়ুক্ত শ্ৰীযুত দেৱাশীষ শৰ্মা মহোদয়ক। এক বৰ্ণিল জীৱন অতিবাহিত কৰা শ্ৰীযুত শৰ্মা ডাঙৰীয়াই অসমৰ সমাজ জীৱন আৰু সাংস্কৃতিক ক্ষেত্ৰখনলৈ প্ৰভুত বৰঙনি আগবঢ়াইছে। এগৰাকী সফল বিষয়া হোৱাৰ উপৰিও তেখেতৰ ব্যতিক্ৰমী কৰ্মই তেখেতক সমাজ জীৱনত আলোকিত কৰিছে। কৰ্কট ৰোগীসকলৰ প্ৰতি থকা তেখেতৰ সেৱাৰ মনোভাৱ তথা সংস্কৃতিৰ লগত যুক্ত তেখেতৰ কৰ্মৰাজিয়ে তেখেতক অনন্য কৰি তুলিছে।
’সাহিত্য ডট অৰ্গ’ৰ হৈ এই সাক্ষাৎকাৰটি গ্ৰহণ কৰিছে ই-আলোচনীখনৰ এই মাহৰ সম্পাদক শ্ৰী বিচিত্ৰ কুমাৰ নাথ আৰু ‘অসমীয়াত কথা বতৰা’ গোটৰ সদস্য শ্ৰী অভিজিত দত্তই। সম্পাদকে অনুলেখন কৰা এই সাক্ষাৎকাৰটিৰ বৰ্ণাশুদ্ধি নিবাৰণ কৰিছে ‘অসমীয়াত কথা বতৰা’ গোটৰ আন এগৰাকী সদস্য শ্ৰী কলচুম বিবিয়ে। সাক্ষাৎকাৰটি পাঠকসকললৈ বুলি আগবঢ়াইছে গোটৰ আন দুগৰাকী সদস্য ক্ৰমে ডাঃ হিতেশ্বৰ শৰ্মা আৰু ডঃ দীপজ্যোতি বৰাই।
সাহিত্য ডট অৰ্গ: নমস্কাৰ মহাশয়। ‘সাহিত্য ডট অৰ্গ’ৰ তৰফৰপৰা আপোনাক স্বাগতম আৰু ধন্যবাদ জনালোঁ। প্ৰথমতে আমি আপোনাৰ শৈশৱৰ বিষয়ে জানিব বিচাৰিছোঁ।
শ্ৰী দেৱাশিস শৰ্মা: – হয়, মই সৰুকালটো কটাইছিলোঁ অৰুণাচলত। শৈশৱৰ অভিজ্ঞতাই মোক বৰ্তমান সমৃদ্ধ কৰিছে। মোৰ জন্মৰ পাছতেই শিক্ষাৰম্ভ কৰিছিলোঁ সেইখন চহৰতেই। যোৰহাটত মই ‘নাৰ্চাৰি’লৈ পঢ়িছিলোঁ। এদিন হঠাৎ দেউতাই আহি ক’লে যে আমি অৰুণাচললৈ যাব লাগিব। দেউতাৰ নতুন কৰ্মস্থলী অৰুণাচলৰ দাপৰিজঅ’ বুলি ঠাই এখনত আমি থিতাপি ল’লোঁহি। দাপৰিজঅ’লৈ যোৱাৰ বাটত আমি চিলাপথাৰ পাইছিলোঁ। তাৰ পৰা গৈ লিকাবালিত এদিন খপি পিছ দিনা নাক থকা আগৰ দিনৰ টাটা বাছ এখনত উঠি আমি দাপৰিজঅ’লৈ ৰাওনা হৈছিলোঁ। লিকাবালিৰ পৰা দাপৰিজঅ’লৈ মুঠ ১২ ঘণ্টা লাগে। সেই সময়ত বাটবোৰত ভূমিস্খলন হোৱাৰ বাবে যাত্ৰীসকলে বহু অসুবিধাৰ সন্মুখীন হৈছিল। যাত্ৰীসকলে বাটত ৰৈ ভাত দাইল আৰু আলু পিটিকা খাই পেটৰ ভোক নিবাৰণ কৰিবলগীয়া হৈছিল। ৰেচনৰ ট্ৰাকবোৰৰ বাবে দেউতাহঁত সেই সময়ত খাপ পিতি আছিল।
দাপৰিজঅ’ৰ ল’ৰা-ছোৱালীবোৰ জনজাতীয় আছিল, সিহঁতবোৰ বৰ সৰল মনৰ আছিল। ল’ৰা-ছোৱালীবোৰ বিদ্যালয়লৈ অহাত বহুত পলম কৰিছিল। সেয়েহে দেউতাহঁতে গাঁৱলৈ গৈ গৈ সিহঁতক মাতি আনিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছিল।
মই যেতিয়াই অতীতৰ দিনবোৰলৈ ঘূৰি যাওঁ, তেতিয়া অনুভৱ হয় যে মোৰ অতীতৰ স্মৃতিবোৰ বৰ মধুৰ আছিল। আজৰিপৰত আমি মধুৰিআমৰ গছত বহু দেৰিলৈ বহি থাকি মধুৰিআম খাই সময় পাৰ কৰিছিলোঁ। সেই সময়ত হয়তো আমি বনৰীয়া জীৱন এটাও উপভোগ কৰিছিলোঁ। জীৱনৰ সেই কালচোৱাই পৰৱৰ্তী সময়ত প্ৰত্যাহ্বান নেওচি আগবাঢ়ি যোৱাত মোক বিশেষভাৱে সহায় কৰি আহিছে।
সেই সময়তে অৰুণাচলত প্ৰথম NCRT পাঠ্যক্ৰম আৰম্ভ হৈছিল। লাহে লাহে অসমীয়া ভাষাটো অৰুণাচলৰ পৰা নাইকিয়া হ’বলৈ ধৰিছিল। সেয়েহে দেউতাহঁতৰ মনত দুখবোধৰ সৃষ্টি হৈছিল আৰু ভাষাটো ৰক্ষাৰ ক্ষেত্ৰত প্ৰতিবাদ সাব্যস্ত কৰিছিল। আজিৰ সময়তো অৰুণাচলৰ পুৰণি মানুহখিনিয়ে অসমীয়া ভাষাতে কথা পাতে। কিন্তু নতুন প্ৰজন্মৰ মাজত লাহে আমাৰ ভাষাটো নোহোৱা হ’বলৈ ধৰিছে। সেই সময়ত অসমীয়া ভাষা তেওঁলোকৰ ভাৱ-বিনিময়ৰ মাধ্যম আছিল।
আমাৰ মা-দেউতাই শিক্ষকতা বৃত্তিৰ লগত জড়িত হোৱা বাবে অসমীয়া ভাষাত পাঠদান কৰিছিল। আমাৰ ঘৰখন সংগীত, নাটক আদিৰ লগত বৰ ঘনিষ্ঠ হৈ আছিল। দাপৰিজঅ’ৰ ল-ৰা-ছোৱালীবোৰৰ সংগীত শিকোৱাৰ দায়িত্ব দেউতাক দিয়া হৈছিল। সেইকাৰণে দেউতাই প্ৰতি তিনি মাহৰ অন্তৰত ল’ৰা-ছোৱালীবোৰক লৈ আখৰা কৰিছিল। দেউতাই নাচ আৰু গান শিকাইছিল। মায়ে আকৌ শিকাইছিল নাটক। অৰ্থাৎ আমাৰ ঘৰখনত এটি সংস্কৃতিৰ পৰিবেশ সদায়েই বিৰাজ কৰিছিল।
দাপৰিজঅ’ত অৱস্থিত আমি থকা ক’লনীটো আছিল শিক্ষকৰ ক’লনী। এই ক’লনীটোত মিশ্ৰিত সংস্কৃতি আছিল। অৰ্থাৎ কোনোবা উত্তৰ প্ৰদেশৰ দ্বিবেদী ছাল, অন্ধ্ৰপ্ৰদেশৰ প্ৰসন্ন ছাৰ, বিহাৰৰ ৰাম যতন ৰাম ছাৰ, মৰাণৰ ফুকন ছাৰ আদি এই ক’লনীৰ বাসিন্দা আছিল। তেওঁলোকৰ ল’ৰা-ছোৱালীবোৰ মোৰ সমবয়সীয়া আছিল। সেয়েহে তেওঁলোকৰ ল’ৰা-ছোৱালীৰ লগত অৰ্থাৎ আজি বোলে ৰাম যতন ৰাম চাৰৰ ঘৰত, কালি বোলে ফুকন মামাৰ ঘৰত, কেতিয়াবা দ্বিবেদি চাৰৰ ঘৰত তেওঁলোকৰ সংস্কৃতিৰ সোৱাদ লবলৈ সক্ষম হৈছিলোঁ। এখন সৰু ৰাজ্য অৰুণাচলত থাকি ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যৰ লোকৰ সংস্পৰ্শলৈ আহি তেওঁলোকৰ সংস্কৃতিৰ বিষয়ে মই জানিব পাৰিছিলোঁ। বিহাৰত লিপি চৌকা খোৱাৰ কথা বা চাতু গুৰিৰে চৰ্বত বনাই খাব পৰা কৌশলৰ কথা আমি তেতিয়াই জানিব পাৰিছিলোঁ। কৰবাত ওলাই গ’লে অলপ চাটু গুৰিত পানী দি অলপ নেমু টেঙা চেপি দি আৰু অলপ নিমখ দি যদি ৰাতিপুৱাতে এক গিলাছ খাই দিওঁ, গোটেই দিনটোলৈ ভোক নালাগিছিল।
এনেদৰে মই এক ধুনীয়া ল’ৰালি কাল উপভোগ কৰিছিলোঁ। আমি থকা ঠাইৰ কাষেৰে সোৱনশিৰি নদীখন বৈ গৈছিল, তাতে বাঁহ জোৰা দিয়া নাওবোৰ আছিল আৰু লগতে ভাৰতৰ প্ৰবেশদ্বাৰখন আছিল। আমি নাও চলালে তাৰ পৰা মানুহবোৰে চিঞৰি কৈছিল, “ঐ চা, সি নাও চলাব জানে!” অৰ্থাৎ সেই সময়ত নাও চলাব জনাটো বহু ডাঙৰ কথা আছিল। বন্ধৰ দিনত বন্ধুবোৰৰ লগত মই ৰাতিপুৱাই ওলাই যাওঁ। গৈ গৈ কৰবাত ক্ৰিকেট খেলিলোঁ, কৰবাত ফুটবল খেলিলোঁ। কোনোবা দিন গছকেই বগালোঁ, কোনোবা দিন পাহাৰকে বগালোঁ। লেতেৰা-পেটেৰা হৈ ঘৰলৈ আহি মাৰ পৰা গালি শুনিছিলোঁ, তাৰ পাছত গা ধুবলৈ দিলে। এনেদৰেই মোৰ শৈশৱ পাৰ হৈছিল।
সাহিত্য ডট অৰ্গ: – আপুনি কোৱা ‘বনৰীয়া’ শব্দটিয়ে নিশ্চয়েই আপুনি শৈশৱত প্ৰকৃতিৰ লগত একাত্ম হৈ থকা কথাটো সুচাইছে। আপোনাৰ বা আমি অনুভৱ কৰা সেই ‘বনৰীয়া’ ভাল লগা স্মৃতি আজি হয়তো শিশুসকলে অনুভৱ কৰাৰ পৰিবেশ নোহোৱা হৈছে। এইক্ষেত্ৰত আপোনাৰ অনুভৱ কেনেধৰণৰ?
শ্ৰী দেৱাশিস শৰ্মা: – হয়। আচলতে ইয়াৰ বাবে কিছু পৰিমাণে আমিও দায়ী। প্ৰকৃতিৰ লগত একাত্ম হ’বলৈ আমাক আমাৰ পিতৃ-মাতৃয়ে অনুপ্ৰাণিত কৰিছিল। সেই সময়ত আমাক আমাৰ অভিভাৱকে প্ৰকৃতিৰ লগত একাত্ম হ’বলৈ প্ৰত্যক্ষ বা পৰোক্ষভাৱে উৎসাহ দিছিল। সেই সময়ত আমি এক উমৈহতীয়া জীৱন-প্ৰণালীৰ লগত একাত্ম হ’বলৈ সুযোগ পাইছিলোঁ। উদাহৰণস্বৰূপে এছিয়াড গেমছৰ সময়ত ধৰক আমাৰ ঘৰত টেলিভিছন নাছিল। আমি টেলিভিছন চাবলৈ ওচৰৰ খুৰাহঁতৰ ঘৰলৈ ঢাপলি মেলিছিলোঁ। খুৰাহঁতেও আমি যোৱা বাবে বেয়া পোৱা নাছিল।
লাহে লাহে সমাজখনলৈ পৰিবৰ্তন আহিল। বৰ্তমানৰ সময়ত আমি নতুন প্ৰজন্মক কি দিলোঁ? তেওঁলোকে কি দেখি ডাঙৰ হ’ল? তেওঁলোকে দেখিলে যে ঘৰখনত দেউতাকে অনবৰতে ফোনটোৰ লগতে ব্যস্ত হৈ থাকে। ঘৰত কেতিয়াবা ‘পাৰ্টি’ৰ আয়োজন দেখিলে। তাত দেখাদেখিকৈ পানীয় পৰিবেশন কৰা হ’ল। একে সময়তেই আহিল এক তুমুল প্ৰতিযোগিতা। তাৰ ধামখুমীয়াত যেন সমাজখন ছিটিকি পৰিল। অভিভাৱকৰ প্ৰত্যাশা বৃদ্ধি পালে। সমান্তৰালকৈ ল’ৰা-ছোৱালীৰ মানসিক দিশ বাধাগ্ৰস্থ হ’ল। আমি নতুন প্ৰজন্মৰ ওপৰত মানসিক চাপ সৃষ্টি কৰিবলৈ ল’লোঁ। আমাৰ শৈশৱত এনে মানসিক চাপ নাছিল। মই হাইস্কুল শিক্ষান্ত পৰীক্ষাত বৰ ভাল ফলাফল দেখুৱাব পৰা নাছিলোঁ। তাৰবাবে কোনেও মোক দোষাৰোপ কৰা নাছিল। আমাৰ অভিভাৱকসকলে মানসিক চাপ আমাৰ ওপৰত নিদিয়াৰ বাবেই আমি প্ৰকৃতিৰ লগত একাত্ম হ’ব পাৰিছিলোঁ। সেইবাবে আমি সামাজিক দায়বদ্ধতা এটাও অনুভৱ কৰিছিলোঁ। অৱশ্যে এতিয়াও বহু ল’ৰা-ছোৱালীয়ে সু-সংস্কাৰ পাইছে, মাক দেউতাকে সুন্দৰকৈ ডাঙৰ-দীঘল কৰিছে, সেই ল’ৰা-ছোৱালীসকল আজি ভাল মানুহ হৈছে আৰু সমাজৰ দায়িত্ববোধ থকা একোগৰাকী নাগৰিকৰূপে নিজকে উত্তৰণ কৰিছে।
সাহিত্য ডট অৰ্গ: – এইবাৰ আপোনাৰ শিক্ষা জীৱনৰ বিষয়ে আমি জানিবলৈ বিচাৰিম।
শ্ৰী দেৱাশিস শৰ্মা: – অৰুণাচলৰ ডনবক্সৰ পৰা মেট্ৰিক পাছ কৰি ডিগবৈ বিবেকানন্দ বিদ্যালয়ৰ পৰা মই দ্বাদশ শ্ৰেণীৰ পৰীক্ষাত অৱতীৰ্ণ হ’লোঁ। সেই পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পিছত মই দিল্লী বিশ্ববিদ্যালয়ৰ অধীনৰ ৰামজাশ মহাবিদ্যালয়ত মই নামভৰ্তি কৰিলোঁ। সেই মহাবিদ্যালয়ৰ পৰা মই ইংৰাজীত স্নাতক ডিগ্ৰী ল’লোঁ আৰু সৰ্বশেষত ‘ বিজ্ঞাপন আৰু জনসম্পৰ্ক বিষয়’ত স্নাতকোত্তৰ ডিগ্ৰী গ্ৰহণ কৰিলোঁ।
সাহিত্য ডট অৰ্গ: – এইবাৰ আপোনাৰ কৰ্মজীৱনৰ বিষয়ে জানিবলৈ বিচাৰিম।
শ্ৰী দেৱাশিস শৰ্মা: – হয়, ১৯৯২ চনত মই অসম লোকসেৱা আয়োগৰ পৰীক্ষাত উত্তীৰ্ণ হ’লোঁ। ১৯৯২ চনত প্ৰথমে মই সৰভোগত চক্ৰ বিষয়া হিচাপে চাকৰিত যোগদান কৰিলোঁ। ইয়াৰ পিছতেই মই অসম চৰকাৰৰ সাধাৰণ প্ৰশাসন বিভাগত ‘প্ৰটকল বিষয়া’ হিচাপে কৰ্মত নিয়োজিত হ’লোঁ। মাননীয় ৰাজ্যপাল মহোদয়ৰ বিশিষ্ট বিষয়া হিচাপেও মই ছয় বছৰ চাকৰি কৰাৰ অভিজ্ঞতা হ’ল। পিছত মই মুম্বাইলৈ আহিলোঁ আৰু মুম্বাই অসম ভৱনৰ উপ আৱাসিক আয়ুক্ত হিচাপে নিযুক্তি লাভ কৰিলোঁ। তাৰ মাজতেই অলপ সময়ৰ বাবে মই সংলগ্ন পদবীত সাধাৰণ প্ৰশাসন বিভাগৰ অতিৰিক্ত সচিব হিচাপেও কৰ্মৰত আছিলোঁ। ইয়াৰ পাছতেই মোক গুৱাহাটী পৌৰনিগমৰ আয়ুক্ত হিচাপে নিযুক্তি দিয়া হৈছিল। তাৰ পাছত মৰিগাঁৱত উপায়ুক্ত হিচাপে নিযুক্তি লাভ কৰিলোঁ। ইয়াৰ পাছতেই বৰ্তমান মই নগাঁও জিলাৰ আয়ুক্ত হিচাপে কাৰ্য্যনিৰ্বাহ কৰিবলৈ ল’লোঁ আৰু আজিকোপতি মই পদতেই কাৰ্যনিৰ্বাহ কৰি আছোঁ।
সাহিত্য ডট অৰ্গ: – আপুনি মুম্বাইৰ অসম ভৱনটো মেৰামতি কৰাৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। এই বিষয়ে আমাক অলপ কওকচোন।
শ্ৰী দেৱাশিস শৰ্মা: – হয়, এই বিষয়ে ক’বলৈ ময়ো ভাল পাম। ৰাজ্যপালৰ বিশিষ্ট বিষয়া হৈ থকাৰ পিছতেই মোক অসম ভৱনলৈ বদলি কৰা হৈছিল। অসম ভৱনলৈ প্ৰথম আহি এটা জৰাজীৰ্ণ ঘৰ দেখিছিলোঁ। মুখ্য দুৱাৰখন তাৰেৰে বেৰি থকা দেখি মই আচৰিত হৈছিলোঁ। । মই যেতিয়া ভিতৰলৈ সোমাওঁ তেতিয়া তাত গড়কাপ্তানি বিভাগৰ কৰ্মৰত এগৰাকী কনিষ্ঠ অভিযন্তাক লগ পাইছিলোঁ। তেওঁ মোক থাকিবলৈ এটা ঘৰ ঠিক কৰি দিছিল। তেওঁ মোক প্ৰথম ভাত সাঁজ খুৱাইছিল। তেওঁ হ’ল আমাৰ সকলোৰে আদৰৰ শ্ৰী ত্ৰিনয়ন সন্দিকৈ। এইখিনিতেই ক’ব লাগিব যে সেই সময়ছোৱাত অসম ভৱনটো ব্যক্তিগত খণ্ডলৈ হস্তান্তৰ কৰিব বিচৰা হৈছিল। সেই সময়ৰ অসমৰ মুখ্য সচিব জ্যোতি ৰাজখোৱা মহোদয়ে মোক তালৈ পঠাইছিল আৰু গৈ এটি সুন্দৰ ‘ৰিপৰ্ট’ দিবলৈ কৈছিল। ময়ো গৈ এটি সুন্দৰ ৰিপৰ্ট দিছিলোঁ। মুম্বাইৰ এই অসম ভৱনতো আজিৰ অসম ভৱন হৈ থকাত জ্যোতি ৰাজখোৱা চাৰৰ অৰিহণা বহু আছিল। মুম্বাইৰ অসম ভৱনে আজিৰ যি ৰূপ পাইছে, তাৰ অন্তৰালত আন এগৰাকী বিষয়াৰো বিশেষ অৱদান আছে। তেওঁ আছিল ই পি বাৰ্মা মহোদয়। তেওঁ মোক মুখ্য সচিবৰ ওচৰলৈ লৈ গৈছিল আৰু অসম ভৱন মেৰামতি কৰিবলৈ চাৰি লাখ টকাৰ অনুদান দিছিল। একেদৰে গড়কাপ্তানি বিভাগৰ অজয় বৰদলৈৰ বাবেই চল্লিশ হাজাৰ টকাৰে ভৱনটোৰ ‘ট্ৰেঞ্চফৰ্মাৰ’টো আমি মেৰামতি কৰিবলৈ সক্ষম হৈছিলোঁ।
সাহিত্য ডট অৰ্গ: – কৰ্কট ৰোগত আক্ৰান্ত লোকসকলৰ বাবে অহৰহ সেৱা আগবঢ়োৱা ‘দীপশিখা ফাউণ্ডেশ্যন’ৰ বিষয়ে আমি আপোনাৰ পৰা জানিবলৈ বিচাৰিম।
শ্ৰী দেৱাশিস শৰ্মা: – ‘দ্বীপশিখা ফাউণ্ডেছন’ আৰম্ভ হৈছিল অসম ভৱন, মুম্বাইত। মুম্বাইলৈ গৈ মই এটা কথা লক্ষ্য কৰিলোঁ। কৰ্কট আৰু অন্যান্য ৰোগ নিৰাময়ৰ বাবে মুম্বাইলৈ চিকিৎসাৰ বাবে যোৱা বহু লোকক তেজৰ প্ৰয়োজন হয়। একেদৰে আৰ্থিকভাৱে পিছপৰা ৰোগীসকলক বিভিন্ন সহায়ৰ প্ৰয়োজন হয়। সহায় বিচাৰি হাবাথুৰি খাই থকা এইসকল ৰোগী বিশেষকৈ কৰ্কট ৰোগীসকলৰ বাবে কিবা এটা কৰিবলৈ মোৰ বৰ হেঁপাহ হ’ল। সেয়েহে মুম্বাইত থকা কেতবোৰ বেচৰকাৰী সংস্থাৰ লগত সম্পৰ্ক গঢ় দি তুলি তেওঁলোকক যিখিনি পাৰোঁ সহায়ৰ হাত আগবঢ়ালৈ চেষ্টা কৰিবলৈ ধৰিলোঁ।
সেই সময়তেই মুম্বাইৰ অসম এছ’ছিয়েচনৰ সভাপতি ৰূপাঞ্জলি বৰুৱা বাইদেৱে আমাক জনাইছিল যে অসমৰ পৰা বহু কৰ্কট ৰোগী চিকিৎসাৰ বাবে মুম্বাইলৈ আহে। কিন্তু তেওঁলোকে থাকিবলৈ ঠাই নাপায়। কৰ্কট ৰোগীসকলৰ বাবে এটি বাসস্থান তথা এটা সাংস্কৃতিক কেন্দ্ৰ স্থাপন কৰা আৱশ্যক বুলিও তেওঁ আমাক জনাইছিল। ঘটনাবোৰ প্ৰত্যক্ষ কৰি আৰু বাইদেউৰ কথা শুনি আমাৰ টাটা মেমৰিয়েল হস্পিটেললৈ যাবলৈ এক ইচ্ছা জাগ্ৰত হ’ল। মানুহখিনিক আমি লগ ধৰিলোঁ। আমি তেওঁলোকৰ সাক্ষাৎ লাভ কৰি বুজিব পাৰিলোঁ যে তেওঁলোক সঁচাকৈয়ে অসুবিধাৰ সন্মুখীন হৈছে। প্ৰথম অৱস্থাত আমি তেওঁলোকৰ বাবে অসম ভৱনতেই থকাৰ ব্যৱস্থা কৰিলোঁ। গুৱাহাটীৰ নাৰিকল বস্তিৰ জনৈক চক্ৰৱৰ্তী ডাঙৰীয়া আৰু তেওঁৰ পৰিবাৰ কৰ্কট ৰোগত আক্ৰান্ত হৈছিল আৰু তেওঁলোক অসম ভৱনৰ প্ৰথম বাসিন্দা হ’ল।
লাহে লাহে কৰ্কট ৰোগীসকলেৰে অসম ভৱন ভৰি পৰিল। ৰোগীসকল যিহেতু দীঘলীয়া সময়ৰ কাৰণে থাকিব লাগে, সেইবাবে আমি আমি এটাকৈ এটাকৈ ৰূম ভাড়াত লবলৈ ধৰিলোঁ। পিছলৈ আমাক বহু মানুহে সহায়ৰ হাত আগবঢ়ালে। অনা অসমীয়া বহু কেইগৰাকী ব্যক্তি যেনে ৰতনলাল দিদ্বানি, নিতা যোশী আদিয়ে আমাক বিশেষভাৱে সহায় আগবঢ়াইছিল। একেদৰে অসমৰ বহুকেইগৰাকী ব্যক্তি যেনে ড° মৃণ্ময়ী বৰুৱা, ড° মনালিছা গোস্বামী শৰ্মা আদিয়েও আমাক সহায় কৰিছিল। অ, আৰু এটা কথা। দ্বীপশিখা নামটো দিছিল ত্ৰিনয়ন সন্দিকয়ে। নামটোত এটা বিশেষ অৰ্থ লুকাই থকা বুলি মই প্ৰায়েই অনুভৱ কৰোঁ। আমি ডাঙৰ ডাঙৰ কাম কৰিব বিচৰা মানে আমি ডাঙৰ একুৰা জুই জ্বলাব বিচাৰোঁ। সেই জুইৰ জ্যোতিয়ে ডাঙৰ ঠাই এটুকুৰা জ্যোতিৰ্ময় কৰি তুলিব পাৰে। পিছে সকলোৱে এনে একুৰা শিখা প্ৰজ্বলন কৰিব নোৱাৰে। পিছে আমি সীমিত পৰিসীমাৰ মাজত থাকি যদি সকলোৱে সৰু সৰু এগছি এগছি দ্বীপ জলাও, এগছি দ্বীপৰ লগত আন এগছি দ্বীপ লগ লাগি গোটেই সমাজখন পোহৰ কৰি তুলিব।
সেই সময়তেই কম বয়সীয়া কৰ্কট ৰোগীসকলৰ বাবে গুৱাহাটীত শিশু আশ্ৰয়স্থল বনোৱা হ’ল। অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ পৰা অহা তথা কৰ্কট ৰোগত আক্ৰান্ত শিশুসকলে যাতে সেই আশ্ৰয়স্থলত বিনামূলীয়াকৈ থাকি চিকিৎসা কৰিব পাৰে তাৰো ব্যৱস্থা কৰা হ’ল। ঠিক তেনেদৰে এই ফাউণ্ডেছনৰ উদ্যোগত উপ সমিতি সেৱা কেন্দ্ৰ হিচাপে ডিব্ৰুগড়তো এটা আশ্ৰয়স্থল স্থাপন কৰা হল। আপোনালোকে জানি ভাল পাব যে কৰ্কট ৰোগীসকলৰ বাবে আমি তিতাবৰত এটা পুনৰ্বাসন কেন্দ্ৰ স্থাপন কৰিবলৈ ওলাইছোঁ। সোনকালে কৰ্কট ৰোগ চিনাক্ত কৰিব পৰা সু সজ্জিত সঁজুলিযুক্ত কেতবোৰ বাছৰ ব্যৱস্থাও এই ফাউণ্ডেছনৰ দ্বাৰা কৰা হল। বাছবোৰৰ জৰিয়তে অসমৰ সকলো ঠাইলৈ গৈ মানুহৰ মাজত কৰ্কট ৰোগ সম্পৰ্কে সজাগতা সৃষ্টি কৰিবলৈ অহৰহ প্ৰয়াস কৰা হ’ল। থুলমূলকৈ দ্বীপশিখা ফাউণ্ডেচনৰ জৰিয়তে এনেবোৰ কামেই সমাজৰ হিতৰ বাবে কৰি থকা হৈছে।
আচলতে কৰ্কট ৰোগ বুলি ক’লেই মানুহৰ মাজত অন্ধকাৰ শব্দটি মনলৈ আহে। অৰ্থাৎ কৰ্কট ৰোগ হোৱাৰ লগে লগে ৰোগীৰ মনলৈ আহে, “মোৰ জীৱনটো অন্ধকাৰ হৈ গ’ল।” সেয়েহে আমি যদি সকলোৱে একোডাল শিখা জ্বলাই লওঁ, তেতিয়াহলে সেই শিখাই জন্ম দিব একুৰা বিশাল শিখা। সেই শিখাৰ পোহৰে কৰ্কটৰোগীসকলক সাহস আৰু উদ্যম যোগাব।
সাহিত্য ডট অৰ্গ: – আপোনাৰ জীৱন দৰ্শনে আপোনাৰ জীৱন মহিমাময় কৰি তুলিছে। এগৰাকী সফল প্ৰশাসনিক বিষয়া হোৱাৰ উপৰিও সাংস্কৃতিক ক্ষেত্ৰতো আপুনি নিজ গুণে খ্যাতি লাভ কৰিছে। সংস্কৃতিৰ ক্ষেত্ৰখনত আপোনাৰ এক স্বকীয় পৰিচয় আছে। এই পৰিচয় গঢ়ি তোলাত আপুনি কোনো বিশেষ ব্যক্তিৰ দ্বাৰা অনুপ্ৰাণিত হৈছে নে? আপোনাৰ জীৱনক সংস্কৃতিয়ে কেনেদৰে প্ৰভাৱিত কৰিছে?
শ্ৰী দেৱাশিস শৰ্মা: – আচলতে জীৱনক লৈ মই সদায়েই আশাবাদী। মই ভাবোঁ যে হাতত এটি বন্দুক লোৱাতকৈ এখন গীটাৰ লৈ গান আওৰাই সমাজখনলৈ পৰিবৰ্তন আনিব পাৰি। হয়, সাংস্কৃতিক জগতখনৰ প্ৰতি থকা মোৰ অনুৰাগৰ সৈতে সংপৃক্ত হৈ আছে মোৰ কেতবোৰ বিশেষ অনুভৱ। মই ভূপেনদাৰ অনুৰাগী আৰু ভাগ্যক্ৰমে ভূপেনদাৰ সান্নিধ্যওঁ খুব ঘনিষ্ঠভাৱে পাইছোঁ। মুম্বাইত থকা অৱস্থাত চৰকাৰৰ দ্বাৰা নিয়োজিত হৈ মই তেখেতৰ বিশিষ্ট বিষয়াৰূপে কাৰ্যনিৰ্বাহ কৰিছিলোঁ। তেওঁ যেতিয়া অসম ৰত্ন বঁটা পাইছিল, তেতিয়া তেওঁৰ চৰকাৰী কামবোৰ ময়েই চোৱা-চিতা কৰিছিলোঁ। একেদৰে তেওঁ মুম্বাইৰপৰা গুৱাহাটীলৈ আহোঁতে মই তেওঁক সংগ দিছিলোঁ। এনে এটা সুবিধা পোৱাৰ বাবে মই নিজকে সৌভাগ্যবান বুলিয়েই গণ্য কৰোঁ। ভূপেনদাৰ গীতবোৰ যেতিয়াই হৃদয়ঙ্গম কৰোঁ, মই ভাবোঁ যে তেখেতে আচলতে তেখেতৰ গীতৰ বাবে নবেল বঁটা পোৱাৰ যোগ্য। বব ডিলানৰ দৰেই আমাৰ ভূপেনদা এগৰাকী বিশ্ববৰেণ্য শিল্পী। কিছুমান ক্ষেত্ৰততো ভূপেনদাৰ গীতসমূহ বহু উচ্চমানৰ যেন লাগে। ভূপেনদাৰ এই গীতবিলাক যদি সময়ত অনুবাদ কৰি বিশ্বৰ দৰবাৰলৈ লৈ যাব পৰা গ’লহেতেন, তেওঁ চাগৈ নবেল বঁটাটো পালেহেঁতেন। তেওঁৰ গোটেই জীৱনৰ যি সংগ্ৰাম সেই সংগ্ৰামে মোক সদায়েই অনুপ্ৰাণিত কৰিছিল। তেওঁ কিন্তু বন্দুক বাৰুদত বৰ বেছি বিশ্বাস কৰা নাছিল। মই আজিও কওঁ, যাৰ সাংস্কৃতিক মন এটা আছে তেওঁলোকৰ বাবে সমাজখনলৈ এটি ভাল পৰিবৰ্তন আহিব। সংস্কৃতিৰ দৰেই সমাজখনত সাহিত্য থকা বাবেও সমাজখনলৈ পৰিবৰ্তন আহিব। আজিও সমাজত কিছুমান মানুহ আছে, যিসকলে হিংসাত বিশ্বাস নকৰে, আজিও তেওঁলোক সমাজখনত এটা সু সংগঠিত দল হিচাপে কাম কৰি আছে।
হিংসাৰে সমাজখনলৈ পৰিবৰ্তন আনিব নোৱাৰি, হয়টো অকণমান সময়ৰ বাবে কিছু পৰিবৰ্তন আহিব পাৰে। পিছে সেয়া চিৰস্থায়ী নহয়। বহু সভ্যতা অকল হিংসা, দ্বেষ আৰু খিয়লা-খিয়লিৰ বাবেই ধ্বংস হৈছে। সেয়েহে আমি সমাজখন লৈ পৰিবৰ্তন আনিবৰ বাবে আমাৰ সভ্যতা, সংস্কৃতি আৰু সাহিত্যৰ প্ৰসাৰৰ ওপৰত গুৰুত্ব প্ৰদান কৰিব লাগিব। এইক্ষেত্ৰত মই এটা উদাহৰণ দিবলৈ ভাল পাম। আমি পৰুৱাটোক পৰুৱা বুলি কৈ হয়তো ইতিকিং কৰোঁ। হাজাৰ হাজাৰ বছৰ ধৰি পিছে পৰুৱাটো আছে। পিছে ডাইনছৰ পৃথিৱীৰ পৰা বিলুপ্ত হ’ল। কিয় শেষ হ’ল জানেনে? কাৰণ সিহঁতে হিংসাক বিশ্বাস কৰিছিল। পৰুৱাবোৰ আজিও থকাৰ অন্তৰালত নিহিত হৈ আছে সিহঁতৰ মাজত থকা মৰম, সাদৰ আৰু আন্তৰিকতা। পৃথিৱীখনত যদি সকলোৰে আক্ৰোশ আৰু লোভ নোহোৱা হয়, আমি বহু ওপৰলৈ যাব পাৰিম।
সাহিত্য ডট অৰ্গ: – এগৰাকী সফল প্ৰশাসনিক বিষয়া হোৱাৰ উপৰিও আপুনি সমাজত বিভিন্ন যোগাত্মমূলক কৰ্ম কৰি আহিছে। আপুনি ইমান সুন্দৰকৈ বিভিন্ন কৰ্মৰ মাজত কেনেদৰে ভাৰসাম্য ৰক্ষা কৰি চলিছে?
শ্ৰী দেৱাশিস শৰ্মা: – (হাঁহি) ভাৰসাম্য মিলাবলৈ সকলোৰে অসুবিধা হয়। আচলতে আমি আনৰ অকল ধুনীয়া দিশবোৰহে দেখা পাওঁ। মানুহৰ মনবোৰ ধুনীয়া কৰি ৰাখিবলৈ নিজলৈ অলপ হ’লেও সময় ব্যয় কৰিব লাগে। মোৰ গীটাৰখন আৰু মোৰ গানকেইটা হ’ল মোৰ বাবে এক ইন্ধন। কেতিয়াবা মই অকলশৰীয়াকৈ থাকিলেও এনেয়ে গীটাৰখন লৈ জয়ন্ত হাজৰিকাৰ গীত এটা গাওঁ। যেতিয়াই মই গীটাৰখন বজাবলৈ ধৰো, সেই মুহূৰ্তত মই মোৰ দুখ-ভাগৰ পাহৰি যাওঁ, মোৰ মনটো ভাল লাগিবলৈ ধৰে। মই ভাবোঁ যে পৃথিৱীৰ সকলো ব্যক্তিয়ে দিনটোত অতিকমেও ১ ঘণ্টা সময় নিজৰ বাবে দিব লাগে। আমি হাজাৰ ব্যস্ত হলেও অলপ সময় নিজলৈ ৰাখিব লাগে। সেই সময়ছোৱাত আমি ভাল পোৱা কামটো কৰিব লাগে। তেতিয়াই জীৱনটোও সন্তুলিত হৈ পৰে। জীৱনটো ভালকৈ কটাবলৈ আৰু নিজ কৰ্মক্ষেত্ৰত ভালকৈ কাম কৰাতো তেতিয়াই এক অদম্য শক্তি লাভ কৰিব পাৰি। অকল অৰ্থৰ পিছত দৌৰি থাকি আমি এসময়ত অৰ্থ অসাৰ বুলি অনুভৱ কৰোঁ। পিছে তেতিয়ালৈ বহু পলম হয়। সেয়েহে সময় থাকোঁতেই জীৱন উপভোগ কৰিব লাগে। সুখবোৰ বিচৰাৰ স্বাধীনতা আমাৰ নিজৰ। পিছে আমি সুখবোৰ বিচাৰি লোৱাত ব্যৰ্থ হওঁ। কোনোবা এজনে এখন মাৰ্চিদিছ গাড়ী এখন চলাই যিটো সুখ অনুভৱ কৰিছে, মই কিন্তু কাৰ্বিআংলঙৰ পাহাৰৰ ফালে এখন ইয়ামাহা লৈ পাহাৰৰ ফালে চাই এটা ‘চেণ্ডউইছ’ খাই তাতকৈ বেছি সুখ বিচাৰি পাইছোঁ। এনেদৰে সুখৰ ধাৰণা ব্যক্তি অনুসাৰে ভিন্ন হয়। সকলোৱে এই সুখ অনুভৱ কৰিলেই জীৱনত ভাৰসাম্য বজাই ৰাখিব পাৰি বুলি মই ভাবোঁ। আমি মনটোক এটা বুজনি দিয়াটো আৱশ্যক। মানুহৰ উচ্চ আকাংক্ষা ভাল, কিন্তু উচ্চ আকাংক্ষাৰ বাবে মই সাজু হয় নে নহয়, এই কথাষাৰোঁ হৃদয়ঙ্গম কৰা উচিত। উদাহৰণস্বৰূপে মই যদি ভাৰতৰ প্ৰশাসনীয় সেৱাৰ এগৰাকী বিষয়া হ’বলৈ বিচাৰিছোঁ যদিও পঢ়া-শুনাত একেবাৰে মনোনিবেশ কৰা নাই, সেই আকাংক্ষা মই পূৰণ কৰিব নোৱাৰোঁ। মই আঢ্যৱন্ত হ’বলৈ হাবিয়াস কৰিছোঁ। কিন্তু মই কষ্ট কৰিবলৈ মন কৰা নাই আৰু আয়াসতে ধন ঘটিবলৈ বিচাৰিছোঁ। তেনে স্থলত যদি মই অসৎ উপায়েৰে ধন ঘটিলেও সেই ধন নোহোৱা হ’ব। পৰিশ্ৰম নকৰালৈকৈ কোনো বস্তুৰ অৰ্থ নাথাকে। পৰিশ্ৰমৰ বিনিময়ত পোৱা সুখৰহে প্ৰকৃত মূল্য থাকে।
সাহিত্য ডট অৰ্গ: – আপুনি বিভিন্ন স্তৰত বিষয়া ৰূপে এক দীঘলীয়া সময় কটাইছে। এই বিষয়ে আপোনাৰ অভিজ্ঞতা কেনেধৰণৰ?
শ্ৰী দেৱাশিস শৰ্মা: – মই দৰাচলতে মানুহক মৰমেৰে বশ কৰিবলৈ ভাল পাওঁ। এই কথাটো মই মোৰ কৰ্মজীৱনতো বজাই ৰাখিছোঁ। আমি ক্ষমতা পালেই আমি তাক কেনেকৈ প্ৰয়োগ কৰিব পাৰোঁ, তাৰে চেষ্টা চলাওঁ। হাতত লাঠি এডাল আছে বুলিয়েই কাৰোবাক লাঠিচাৰ্জ কৰি দিম বুলি ভবা কথাটো একেবাৰে গৰ্হিত কাৰ্য। ক্ষমতাৰ অপব্যৱহাৰে নিজৰ আৰু আনৰ জীৱনো বিষময় কৰি তোলে। মৰমৰ দ্বাৰাও মানুহক বশ কৰিব পৰা যায়।
সাহিত্য ডট অৰ্গ: – সাহিত্য ডট অৰ্গৰ তৰফৰ পৰা আপোনাক পুনৰবাৰ ধন্যবাদ জনালোঁ। আপোনাৰ কৰ্ম আৰু দৰ্শনে আমাকো কথাবোৰ অনুভৱ কৰিবলৈ সুযোগ দিলে। আমাৰ পাঠকসকলেও এই সাক্ষাৎকাৰটিৰ দ্বাৰা নিশ্চয়েই উপকৃত হ’ব। আপোনাক শুভৰাত্ৰি জনাই আমি ইমানতেই এই অনুষ্ঠানটি সামৰিলোঁ।
শ্ৰী দেৱাশিস শৰ্মা: – মই অনুভৱ কৰা কথাবোৰ ক’বলৈ সুবিধা দিয়াৰ বাবে আপোনালোককো মই ধন্যবাদ জনালোঁ। শুভৰাত্ৰি।
