ঘোলাপানী
লেখক- মৃত্যুঞ্জয় দেৱনাথ
মূল-বেংগলীঃ মৃত্যুঞ্জয় দেৱনাথ
অসমীয়া অনুবাদঃ বৰ্ণালী ফুকন
(মৃত্যুঞ্জয় দেৱনাথ বেংগলী আলোচনী দেশৰ প্ৰসিদ্ধ লেখক। তেখেতৰ সন্মতিক্ৰমে গল্পটো অনুবাদ কৰা হৈছে। )
ঘোলা পানীত সকলোৱে মাছ ধৰিছে। বোকা মাটি ফেনেকিছে। চেং, হাল, হুল, মাগুৰ, কাৱৈ আৰু ক’ত কিমান যে মাছ। মই পাৰত বহি চকু ডাঙৰ কৰি সেই দৃশ্য চাই থাকোঁ। এইবিলাক দেখিলে মোৰ ঘিণ লাগে। বমি হৈ যাব যেন লাগে।
অভ্ৰ ছাৰে ক’লে—আপুনি অসুস্থ? ডাক্তৰক দেখুওৱাক।
দিবাকৰ দত্তই আচৰিত হৈ ক’লে—মানে?
অভ্ৰ ছাৰে প্ৰত্যুত্তৰত মূৰটো লৰাই বিদ্ৰূপাত্মক হাঁহি এটা মাৰি ক’লে—সেয়াই! আপুনি ডাক্তৰৰ পৰামৰ্শ লওক। ইমিডিয়েটলী।
এইবুলি কৈ তেওঁ শ্ৰেণীকোঠাৰ ফালে আগবাঢ়িল।
দিবাকৰ দত্ত কিছু সময় প্ৰস্তৰ মূৰ্তিৰ দৰে বহি ৰ’ল। অলপ প্ৰকৃতস্থ হৈ টেবুলৰ ওপৰত পৰি থকা খবৰ কাগজখন তুলি লৈ অনিচ্ছাসত্ত্বেও কাগজখনৰ ওপৰত চকু ফুৰালে।
আজি বাতৰি কাগজত এটা আচৰিত বাতৰি ওলাইছে। দিবাকৰ দত্তৰ চকু বাতৰিটোত ৰৈ গ’ল। কালি অৱশ্যে নিউজ চেনেলবোৰৰ পৰা গম পাইছিল। অতদিনৰ ৰঙা সাধাৰণ কাপোৰ পিন্ধা শিল্পী প্ৰীয়ম দত্তই দল বদলালে। তেওঁৰ সঙ্গী হ’ল টলিপাৰাৰ আন এজন চেলিব্ৰিটী। মৃগাঙ্ক বন্দোপাধ্যায়। আচৰিত! বিস্তাৰিতভাবে পঢ়িবলৈ গৈ ঘিণ ভাব এটা উজাই আহিল। তেওঁ আশংকিত হৈ ভাবিলে, সঁচাই তেওঁ ডাক্তৰৰ শৰনাপন্ন হোৱা উচিত নেকি। তেওঁ সঁচাই ৰোগগ্ৰস্ত নেকি? সকলোৱে গোটেই ঘটনাটোৰ বাবে আমোদ পাইছে, গোফৰ তলত হাঁহিছে। তেওঁ অকলে কিয় ক্ৰোধিত হ’ব? বমি আহিব?
ঘৰ পায়ো খং মাৰ নগ’ল দিবাকৰ বাবুৰ। টোপনিৰ আৱেশত দৰজাৰ চিটকানি খুলি লাৱণ্যই তেওঁলৈ চালে। আধা খোলা চকুৰেই তেওঁ দিবাকৰৰ ভিতৰখন পঢ়ি পেলালে।
ভ্ৰূ কোঁচাই ক’লে—আজিও স্কুলত কিবা এটা গণ্ডগোল হ’ল? কাৰোবাৰ সৈতে নিশ্চয় কাজিয়া এভাগ লাগি আহিছা? কাৰ লগত পিছে?
আ-ও এটা শব্দ নকৰিলে দিবাকৰে। কান্ধৰ বেগটো চকীখনতে থৈ বাথৰুমত প্ৰবেশ কৰিলে।
ৰাতি গাৰুত মূৰটো থৈও শান্তি নাই পোৱা দিবাকৰে। ভাবিবলৈ গৈ বুকুখন টনটনাই উঠে। আপোন মনে ভাবিবলৈ ধৰে—
“ছিঃ! এই শিল্পীৰ গান শুনিয়েই তাৰ ইমান দিনে কিমান মনৰ বেদনা ভাল হৈছিল। গানৰ ভাষা শুনি ভিতৰি-ভিতৰি উজ্জীৱিত হৈ উঠিছিল। অথচ ইমান অসৎ! ইমান নিৰ্লজ্জ! লোভী। কেৱল চৰকাৰৰ অনুগ্ৰহ পোৱাৰ আশাত সমুলঞ্চে বিক্ৰী গ’ল। তেনেহ’লে বিবেক? আত্মসন্মানবোধ? গানৰ কথাত-বক্তৃতাত নীতি আদৰ্শৰে উপচি পৰা বুলি আওৰোৱাবোৰৰ কি হ’ব?
এসময়ত প্ৰীয়মে ভাল কথা কৈছিল। বাহঃ বাগ্মীতা! টিভি খুলি যেতিয়া প্ৰীয়মক দেখিছিল ঠাইতে মুখখন মেলি বহি পৰিছিল দিবাকৰ। তেওঁ কোৱা কথাবোৰ গোগ্ৰাসে গিলিছিল। কথাবোৰ আছিল আদৰ্শমণ্ডিত। অতি মূল্যবান কথা। সামাজিক অৱক্ষয়ৰ বিৰূদ্ধে আক্ষেপ, প্ৰতিবাদ, তীব্ৰ সমালোচনা।
যাঃ! শেষ হৈ গ’ল সকলো। এইবাৰ ষ্টুডিঅলৈ আহি বহিলে কি ক’ব প্ৰীয়মে? সেপ ধুকি ক’ব নেকি—ইমানদিনে যি কৈছিলোঁ সেয়া ভুল আছিল। সকলো মিছা আছিল!
প্ৰীয়মৰ বিখ্যাত গান বোৰ এতিয়াও মনলৈ আহে। গুনগুনাও।
“মৰা ডালত ফুল ফুলিবলৈ মোৰ এই গান/মৰা নদীত জোৱাৰ আনিবলৈ মোৰ এই গান/বুকু ফিন্দাই পাঞ্জাত যুঁজিবলৈ, মোৰ এই গান/আহা বন্ধু দুহাত ধৰোঁ….চৰৈৱেতি ..
স্কুলতো দিবাকৰ বাবুৰ শান্তি নাই। মানুহবোৰৰ কাৰ্য্যকলাপবোৰ দেখি খং উঠে।
ইছঃ! ক্ৰমে বিদ্যাৰ মন্দিৰো যেন লেতেৰা আবৰ্জনাৰে ভৰি পৰিছে। পচনশীল পতনশীল এই শিক্ষাৰ প্ৰাংগণ। কিন্তু সুৰক্ষাৰ বাবে বাধা দিবলৈ পথ বিচাৰি পোৱা নাই।
সময়ত স্কুললৈ যোৱা, প্ৰাতঃসভাত উপস্থিত থকা দিবাকৰৰ নিত্যনৈমিত্তিক অভ্যাস। অথচ স্কুলৰ প্ৰায় ভাগৰে এই কথাত কোনো আপত্তি নাই। প্ৰাৰ্থনা হৈ যোৱাৰ পাছত দিবাকৰ বাবুকে ধৰি আৰু কেইজনমান শিক্ষকৰ জিৰণি কোঠাত বহি থাকে। বাকী থকা কেইজন এজনৰ পাছত সিজন হেলি-দুলি স্কুলৰ চৌহদত প্ৰৱেশ কৰোঁতে অন্তত পোন্ধৰ বিশ মিনিট যায়। এইবোৰ দেখি দিবাকৰ টিকিচ টিঙিচকৈ খং উঠে। খং আৰু ক্ষোভত নাকেৰে গৰম বাষ্প নিৰ্গত হয়। অথচ কাক বা কি ক’ব তেওঁ? কোৱাৰো জানো অধিকাৰ আছে? সেয়াটো হেড অফ দ্য ইনষ্টিটিউটনৰ কাম। দুৰ্ভাগ্যজনক কথা এয়ে যে তেৱোঁ সেই সকলৰ লগতে আহে। গজ গমনত।
প্ৰায়ে অধীৰ বাবুৰ সৈতে দিবাকৰে তৰ্কত লিপ্ত হয়। ফাঁকিবাজ! সুবিধাবাদী! কিয় যে শিক্ষক হ’ল মানুহটো। হ’ব লাগিছিল ঘোচখোৰ কোনো পুলিচ অফিচাৰ। অথবা সুদখোৰ। এক্কেবাৰে কছাই। জীৱনত টকাৰ বাদে একো চিনি নাপালে। ঘৰতে মস্ত কছিং চেণ্টাৰ এটা খুলি লৈছে। ছাত্ৰ-ছাত্ৰীৰ ঘৰে ঘৰেও যায়। অথচ স্কুলত ল’ৰা-ছোৱালীবোৰক এটা লাইন পঢ়াবলৈ মন নাই। বেল বজাৰ কেই মিনিট মান আগেয়ে ক্লাছলৈ যাব। হাঁহি তামাছা কৰিব নহলে তাহাঁতক মনেমনে বহি থাকিবলৈ দি নিজে টেবুলত মূৰটো থব। তাৰ পিছত বিকট গৰ্জন কৰি নাক মাৰি শুই থাকিব।
ভাবিব পাৰি!
কথা কিন্তু সদায় ডাঙৰ ডাঙৰ। ষ্টাফ কাউঞ্চিলৰ মিটিংত আনক কথা কবলৈ সুযোগ নিদিয়ে। অকলেই সকলোবোৰ কথা ক’ব বিচাৰে। অধীৰ বাবুৱে মুখ খুলিলে বাকীসকলে মৌন হৈয়েই থাকে। ভূতৰ ভয়ত কুছিমুছি থকাৰ দৰে। অধীৰ সামন্ত ক’বলৈ গ’লে বৰ বেয়া মানুহ। মুখৰ ভাষা যেনে, আচৰণো তেনে। মিটিঙত বহি প্ৰায়ে ৰমেনবাবুৱে দীঘল হাতৰ চোলাটো কিলাকুটিলৈকে কোচাই লৈ দিবাকৰ বাবুলৈ খেদি যায়। তিনি বছৰ মান হ’ল ৰমেন বাবুয়ে অৱসৰ ল’লে। সেইবাবে কেতিয়াবা দিবাকৰ বাবুক আচুঁৰিবলৈ কামুৰিবলৈ আহে।
দিবাকৰ বাবুও এৰাৰ ভকত নহয়। শেষলৈকে দিবাকৰ বাবুৱে যুঁজ দিয়ে। সুযোগ বুজি তৰ্ক কৰি যায়। কাৰোবাৰ সমৰ্থন পালে তেওঁৰ শক্তি বাঢ়ে। সেয়াও বৰ দুৰ্লভ। অধিকতৰ সময়েই প্ৰায়বোৰে বেয়া মানুহজনকে সমৰ্থন কৰি মূৰ লৰাই।
”নিয়মৰ কথা কবলৈ নাহিব! স্কুল নিয়মতেই চলিছে।” এই বুলি এদিন টেবুল চপৰিয়াই অধীৰ বাবুৱে কৈছিল।
হেড মাষ্টৰ সেইদিনা চুপ হৈ আছিল। লগতে বাকীবোৰো। শান্ত স্বৰত দিবাকৰে তৰ্ক কৰে।
: নিয়ম কাক কয় অধীৰ বাবু? আৰু অনিয়ম? দুইটাৰ পাৰ্থক্য? যদি বুজাই দিয়ে।
অধীৰ সামন্তই উভতি ধৰিছিল—মহাশয় আপুনি সৰ্বজান্তা। আপোনাক কোনে বুজাব?
: এইটো কি মোৰ কথাৰ প্ৰশ্নৰ উত্তৰ?
: আপোনাৰ কথাৰ উত্তৰ দিবলৈ মই ইয়াত বহা নাই।
দিবাকৰ বাবুৰ পৰা মুখ ঘূৰাই হেডমাষ্টৰৰ দৃষ্টি আকৰ্ষণ কৰিলে অধীৰ সামন্তই।
হেডমাষ্টৰ অপূৰ্ব গড়গড়িয়ে তেতিয়া মিনমিনাই কিবা কৈছিল।
দেখি দিবাকৰ বাবু খঙত একশেষ হৈ উঠে। মনে মনে গৰজি উঠে। এই লেতু-সেতু মানুহটোৰ কাৰণে স্কুলখন উচ্ছন্ন হবলৈ লৈছে। ক’ত উচিত কথাত উচ্চস্বৰত ক’ব! স্কুলখন নিয়মত চলাবলৈ চেষ্টা কৰিব! স্কুলখনক অধঃপতনৰ হাতৰ পৰা ৰক্ষা কৰিবলৈ বিচাৰিব! সেইবোৰত নাই, উল্টাই মেকুৰীৰ দৰে মেওমেও কৰিছে! শিক্ষক-শিক্ষয়িত্ৰীসকল স্কুলত সময়ত উপস্থিত হোৱা উচিত, দায়িত্বশীল, শৃঙ্খলাৱদ্ধ হোৱা উচিত—স্পষ্টকৈ সেইটোৱেই কোৱাৰ সাহস নাই?
পুনৰ এবাৰ গৰ্জি উঠে অধীৰ সামন্ত। বুকুত ধকিয়াই কয়—মহাশয় মই সঠিক সময়তে আহোঁ।
সামান্য দহ-বিশ মিনিট দেৰি হয়। ইয়াতকৈ আগেয়ে আহিব নোৱাৰোঁ। ঘৰত সদায় বিভিন্ন ধৰণৰ কাম থাকে।
অলপকৈ ব্যৱসায়ৰো কাম থাকে। জানেইটো। অকলেই সকলো সামৰিব লাগে। এঘাৰটা পোন্ধৰ-বিশৰ আগেয়ে স্কুলত সোমোৱাটো সম্ভৱ নহয়। এয়া মোৰ চাফ কথা।
আশ্চৰ্য্য! ইমান ডাঙৰ অন্যায় শুনিও বাকীসকল মৌন হৈ থাকিল। একোটা যেন প্ৰস্তৰ মূৰ্তি। গভীৰ সত্যটো হৈছে, তলে তলে সকলো অধীৰ সামন্তৰ পক্ষত। স্কুলখন নিয়মত চলক সেয়া কোনেও নিবিচাৰে। তেনেহ’লে পৰিশ্ৰম বাঢ়ে। সদায় খৰখেদাকৈ আৰু সময় মিলাবলৈ আগতে ঘৰৰ পৰা ওলাব লগা হয়। বিশ্ৰাম নোলোৱাকৈয়ে শ্ৰেণীকোঠালৈ যথাসময়ত দৌৰিব লগা হয়। অকাৰণে ইমান কষ্ট বঢ়াই লোৱাৰ কি দৰকাৰ?
বিবৰ্ণ মুখেৰে দিবাকৰ বহি ৰ’ল। কিবা ক’ব নেকি? কথা কোৱা উচিত আছিল হেডমাষ্টৰে! অথচ তেওঁ বোবা। উল্টাই ক’লে—হ’ব তেনেহ’লে স্কুল এনেদৰেই চলক। সকলোৱে নিবিচাৰিলে আমিয়েই বা কি কৰিব পাৰোঁ?
: স্কুলখন ৰসাতলে গৈছে ছাৰ! সেই কথাও নাভাবে নেকি? অত’দিনৰ এক ঐতিহ্যমণ্ডিত শিক্ষা প্ৰতিষ্ঠান, সেইখন নিয়মত নচলিব? আমাৰ সুবিধা অসুবিধা অনুসৰি চলিব? এনেকুৱা হয় নেকি কেতিয়াবা? প্ৰতিষ্ঠানটিৰ শিপাতে উঁয়ে বাঁহ বান্ধিছে। নিজৰ ভৰিত নিজে কুঠাৰ মাৰিছোঁ। প্ৰতিনিয়ত দুৰ্গন্ধৰ দৰে দুৰ্নাম সকলোফালে বিয়পিছে। এই প্ৰতিষ্ঠান টিকি নাথাকিব। অদূৰ ভৱিষ্যতে শ্মশানভূমিত পৰিণত হ’ব। ছাত্ৰ-ছাত্ৰীবোৰ আশেপাশে থকা ভাল স্কুলবোৰলৈ দৌৰিব। তাৰ বাবে সচেষ্ট হোৱা উচিত নহয়?
অধীৰ সামন্তই চকু ডাঙৰ কৰি চালে। ভৰ্ৎসনাৰ এটা হাঁহি মাৰিলে। তাৰ পাছত কুৎসিত ভংগীত কবলৈ ধৰিলে—বেছটো! উৎকৃষ্ট মানৰ কেইজনমান ল’ৰা-ছোৱালী কৰ’বাৰ পৰা অপহৰণ কৰি লৈ আনক না মহাশয়। তেতিয়া চাব, ঠিক স্কুলৰ ভাল হৈছে। উৎকৃষ্ট ফলাফল লাভ কৰিছে। সুনামো বৃদ্ধি হৈছে।
সশব্দে হাঁহি উঠিল দিবাকৰ। কষ্টৰ অথচ তাচ্ছিল্যৰ হাঁহি। তেওঁ ক’লে—ভাল ল’ৰা-ছোৱালী কিয় আহিব আমাৰ স্কুললৈ? আমাৰ কি ভাল? সৎ? দায়িত্বশীল? কৰ্তব্যপৰায়ণ? আমি সময়ত স্কুল নাপাওঁহি, সময়ত শ্ৰেণীকোঠালৈ নাযাওঁ, মৰমেৰে ল’ৰা-ছোৱালীক নপঢ়াও…তেনেহ’লে কিয় আহিব তাহাঁতবোৰ আমাৰ স্কুললৈ?
: তেনেহ’লে কি কৰিব লাগিব আমি শুনো চোন? অধীৰ বাবুৱে ডিঙি বেকা কৰি চালে।
: ভেৰি চিম্পল।
বুলি কৈ দিবাকৰে মূৰটো লৰালে।
: স্কুলখনক অন্তৰৰপৰা ভাল পাব লাগিব। মৰমেৰে তাহাঁতক পঢ়োৱাব লাগিব। সন্তান জ্ঞান কৰিব লাগিব আমি আৰু নিয়মানুবৰ্তিতা মানি চলিব লাগিব। আৰু সময়ানুৱৰ্তিতাও। বছ! আৰু একো নালাগে।
অলপ থমকি ৰৈ দিবাকৰে পুনৰ ক’বলৈ লয়।
: জানেনে যিটো অঞ্চলত থাকোঁ মাজে মাজে লাজত পৰোঁ। অভিভাৱকসকলে আলোচনা কৰে, গীতশ্ৰী বিদ্যায়তন স্কুল নহয়, এটা ক্লাৱ ঘৰহে। তাত পঢ়া-শুনা নহয়। অকনো নহয়। ছাৰসকলে টোপনি মাৰে। সব ফাঁকিবাজৰ দল। মাধ্যমিকত এজনো পাছ নকৰে। কি ক’ব সেই সৰল উত্তৰত?
ক’ব পাৰিব যে এইবোৰ কথা সকলো মিছা? ৰটনা মাত্ৰ? পৰশ্ৰীকাতৰজনৰ ভুল ব্যাখ্যা?
সেইদিনা ছাদলৈ উঠিবলৈ লৈ দিবাকৰে থমকি ৰ’ল। আশ্চৰ্য্য! বাৰণ কৰাৰ পাছতো একেটা কামেই কৰি আছে ল’ৰাবোৰে। কিয় কৰিব? এয়াটো বস্তি নহয়। এয়াটো এপাৰ্টমেণ্ট। সম্ভ্ৰান্ত লোকৰ বাসস্থান। অথচ এনে কাম তাহাঁতবোৰে প্ৰায়ে কৰিছে। কৰ’বাৰ বদমাছ মদাহী বন্ধু-বান্ধৱ আনি গোটাব। মাজৰাতিলৈকে মদ গিলিব। বটলবোৰ সকলোৱে দেখাকৈ থিয় কৰি থব ৰাস্তাত। চিৰিৰ কাষত। এয়া কি অসভ্যালি!
কেইবাবাৰো দিবাকৰে আপত্তি কৰিছে। এদিন ৰাতি বাৰটা-এটা। মদ খাই মাতলামি, হৈ হাল্লা কৰি আছিল। তেতিয়ালৈকে দিবাকৰ সাৰে আছিল। লগা লগ ফোনকৰি ধমক লগালে। সেই ৰাতিটোৰ বাবে থমকিল। কেইদিনমান যোৱাৰ পাছত পুনৰ ৰূপী মুচিক ভৱ।
এটা, দুটা, চাৰিটা, আঠটা। বাপৰে! ইমান সোপা! ইমান মদ খায় ইহঁতে? ছিঃ! ভ্ৰূ আৰু নাক কোচাই বটল কেইটালৈ চায় দিবাকৰ বাবুৱে। উপলৰ ঘৰলৈ এবাৰ চালে। যাম নেকি? কলিংবেলটো টিপো? গৈ ভালকৈ দুটামান কথা শুনাই আহিম? কম, এইটো এটা এপাৰ্টমেণ্ট। ইয়াত ভদ্ৰ সভ্য মানুহ থাকে। বহু কেইজন ল’ৰা-ছোৱালী আছে। মদ খাইছা খোৱা। নিজৰ ঘৰত খোৱা। খালী বটলবোৰৰ সংগোপনে সৎকাৰৰ ব্যৱস্থা কৰা। এইবোৰ কি অসভ্যালি!
দুবাৰ ডিং ডং বজাৰ লগে লগে দুৱাৰখন মেল খালে
: কওক!
টোপনিৰ আবেশতে তেতিয়াও উপল।
: টোপনি ভাঙিলোঁ। চৰি—লজ্জিতভাৱে ক’লে দিবাকৰে।
: আচ্ছা হ’ব। কওকচোন? চকুমুখত বিৰক্তিৰ চাপ। : এতিয়াই কম নে পাছত আহিম?
: তেনেহ’লে মাতিলে কিয় এতিয়া?
দিবাকৰে থতমত খালে। সঁচাকৈটো। কি ক’ব উত্তৰত! আপোনমনে হাঁহিলে দিবাকৰে!
: কৈছিলোঁ, তোমালোকক আগেও দুই এবাৰ কোৱা হৈছিল। আজিও দেখিলোঁ সেই একেই দৃশ্য! সেইবাবে কবলৈ আহিলোঁ।
: কি দৃশ্য? —চকু ডাঙৰ কৰি দিবাকৰক চাবলৈ চেষ্টা কৰে উপলে।
দিবাকৰ বাবুৱে ইংগিতেৰে বটলকেইটা দেখুৱালে।
নিৰ্লজ্জৰ দৰে উপলে হাঁহি পেলালে।
: অহ! সেইবোৰ। কিয়? কি অসুবিধা হৈছে? ছাদলৈ গৈছিল আপুনি? কাষেৰে পাৰ হৈ যাওকনা।
: সেয়াটো মই কৰিবই পাৰোঁ। সেইবুলি কি এপাৰ্টমেণ্টটো এনেদৰে কদৰ্য্য কৰি ৰাখিবা? বেয়া লাগে যে দেখিবলৈ!
: লেতেৰা? —উপলে বিস্ফোৰিত নেত্ৰৰে চালে।
: লেতেৰা ক’ত কৰিলোঁ? এটা ফালে আঁতৰাই ৰাখিছোঁ টো!
: সেইটো কথাই কৈছোঁ। ইয়াক লেতেৰা কৰা নকয়? কৰাটো ভাল নে? য’তে ত’তে এনেকৈ বিশৃংখল কৰি ৰাখিব পাৰি?
: ধেই! কি যা তা বকিছে? —উপলে কাজিয়া কৰাৰ সুৰত ক’লে।
বিৰক্তি প্ৰকাশ কৰি ক’লে—ক’ৰ য’তে ত’তে ৰাখিলোঁ? চিৰিৰ কোণত গোটাইটো ৰাখিছোঁ। বাল্টিত ভৰাই। কাৰো যাতে অসুবিধা নহয়।
: বুজিছোঁ। কিন্তু এইবোৰটো ভাল বস্তু নহয়। সেইবাবে…
: আপুনি নাখায় বাবেই তেনেকৈ কৈছে।
দিবাকৰে অপ্ৰস্তুত ভাবে চালে উপললৈ
কি কৈছে এই কাণ্ডজ্ঞানহীন ল’ৰাটোৱে? নিচা কি যোৱাই নাই নেকি? একে চৰে যেন দাঁতকেইটা ভাঙিম।
: মই খাওঁ বা নাখাওঁ বস্তুটো ভাল নহয়। —দৃঢ়স্বৰে দিবাকৰে ক’লে। এইলৈ তোমালোকক আগেয়ে কোৱা হৈছে। ইমানবাৰ ক’লে কি ভাল লাগে? ক’ব কিয় লগা হৈছে? মোৰ ঘৰত সৰু ল’ৰা আছে। মাজে মাজে সি ছাদলৈ আহে। এইবোৰ তাহাঁতৰ চকুত পৰাটো কি ভাল কথা?
: ৰাস্তাৰে যাওঁতে আৰু বহুত বেয়া দৃশ্য চকুত পৰে। চাব লগাও হয়। কি কৰে তেতিয়া? —উপলৰ উদ্ধত উত্তৰ।
: ল’ৰাক চকু বন্ধ কৰি থবলৈ কয়? নে চকুত চানগ্লাছ পিন্ধাই দিয়ে?
: অভদ্ৰৰ দৰে কথা কৈছা তুমি।
খঙে মূৰৰ চুলি আগ পায়গৈ দিবাকৰৰ। তথাপি নিজকে শান্ত কৰি ৰাখিবলৈ চেষ্টা কৰে।
: প্লিজ, আগতেও কৈছোঁ, এতিয়াও কৈছোঁ। এনেকুৱা কৰি নাৰাখিবা। এইটো এপাৰ্টমেণ্ট হয়। ভদ্ৰ সভ্য মানুহৰ ঠাই।
: এপাৰ্টমেণ্ট বাবেই কৰিছোঁ। আপুনি একো ক’ব নোৱাৰে। এইটো কাৰো ব্যক্তিগত নহয়।
: তুমি এনেকৈ ক’ব নোৱাৰা। মিটিঙত মই এই কথা উঠাম।
: ভয় দেখুৱাইছে?
: ভয় দেখুওৱাৰ কথা নহয়। ইয়াত আমি সকলোৱে নিজৰ নিজৰ ফ্লেটত থাকোঁ। সেইবুলি যি ইচ্ছা তাকে কৰি ফুৰিব নোৱাৰোঁ আমি। আনৰ কথাওটো ভাবিব লাগিব।
: যথেষ্ট ভাবিছোঁ। সেইবাবেই বটলবোৰ এটা কোণত জমা কৰি থৈছোঁ। সাফাইৱালা আহিলে সকলো চাফা হৈ যাব। এইকণ সহিব লাগিব। বছ ইমানেই।
আৰু একো নকৈ উপলৰ নিৰ্লজ্জ চকুৰ পৰা চকু আঁতৰাই দিবাকৰ বাবুয়ে তল মূৰ কৰে। ছাদলৈ নগ’ল আৰু। এটা এটাকৈ চিৰি বগাই তেওঁ তললৈ নামি আহিল। ঘৰত সোমাই লেখাৰ টেবুলত বহিল। তেওঁ ভাবিবলৈ ধৰে, বজাৰত চলা কথাটোৱেই সত্য। কলকতাৰ বুকু ফালি চাৰিওপিনে মূৰ ওখ কৰি থিয় হোৱা চকুৰোৱা এপাৰ্টমেণ্টবোৰ আচলতে একোটা বস্তি। শিক্ষিত ডাঙৰ লোকৰ বস্তি।
লাৱণ্য এতিয়াও টোপনিৰ পৰা উঠা নাই। চায়নো। উঠিব চাগে এইমাত্ৰ। এঙামুৰি দি উঠোঁতে উঠোঁতে আৰু আধাঘণ্টা। এইটো সময়ত দিবাকৰৰ এক কাপ চাহৰ প্ৰবল ইচ্ছা জাগে। কৰি দিব কোনে? নিজে কৰি খাবলৈও ইচ্ছা নহয়। ঘৰৰ বোৱাৰীবোৰ কেতিয়াবা ইমান দেৰিলৈকে শুই থাকে?
নতুন এখন বিছনা বনোৱালে সৌ কোঠালিৰ বাবে। তাকো ঘৈণীয়েকৰ কেটকেটনিত। তক্তাপোছত ল’ৰাৰ পঢ়িবলৈ অসুবিধা। মাজে মাজে তেওঁৰো মন যায় আনটো কোঠালিত শুবলৈ। তক্তাপোছত শুবলৈ ভাল নালাগে। নতুন বিছনা নবনোৱাকৈ উপায় নাই।
লগতে শ্বকেচ কাম টেবুল বনোৱা হ’ল। সেয়া ল’ৰা চায়নৰ কথা ভাবি। পুৰণা টেবুলত বহি পঢ়িবলৈ তাৰ অসুবিধা হৈছিল। তাৰো বহুত দাম পৰিল। চাৰে ন হাজাৰ। দেখিবলৈ সুন্দৰ। সৰু ডাঙৰ চাৰিটা খাপ। প্ৰতি খাপত চিচাৰ শ্লাইডিং দুৱাৰ। তাৰ পেটৰপৰা এখন কাঠ ওলাই অহা অৰ্থাৎ লিখা-পঢ়া কৰা টেবুল। কাম শেষ হলেই ভিতৰলৈ ঠেলি দিব পাৰি। আৰু তেতিয়া সি দেখাত সম্পূৰ্ণ এটা শ্বকেচ হৈ পৰে।
তথাপি ল’ৰাৰ স্বভাৱৰ পৰিৱৰ্তন নহ’ল। অত’ অজুহাতত শ্বকেচটো কিনি অনা হ’ল, অথচ কামত নালাগিল। আগৰ দৰেই সেই একেই বিছনাত উবুৰি হৈ পঢ়াশুনা কৰিছে ল’ৰাই। বিছনাত খেলিমেলি কিতাপৰ দম। দেখি কাৰ গা ইচাটিবিচাটি কৰে!
ল’ৰাটোক দোষ দি কি হ’ব? এতিয়াও সি সৰু হৈ আছে। যেনেকৈ গঢ়িব বিচাৰি তেনেকৈ গঢ় দিব পাৰি। নষ্টৰ মূল হ’ল তাৰ মাক। ল’ৰাক কিবা এটা ক’বলৈ ল’লেই ঢাল হৈ সন্মুখত থিয় হ’ব। তাৰ পাছত প্ৰশ্ৰয় দিব দুহাত ভৰাই।
তথাপি বুজাইছিল এদিন, “বাবু, এইবোৰ কি হৈছে? ইমানসোপা টকা খৰচ কৰি মনোমত পঢ়াৰ টেবুল তৈয়াৰ কৰি দিয়া হ’ল, বিছনাত উবুৰি হৈ পঢ়াৰ বেমাৰটো নগ’ল? ভাল লাগে নে দেখাত? তেনেহ’লে কি প্ৰয়োজন আছিল বিনা কাৰণত টকাসোপা জলাঞ্জলি দিয়াৰ? মোৰ কি বিৰাট টকা-পইচা নেকি ৰে? টকাৰ গছ আছে? লৰাই দিলেই সৰি পৰে। মোৰ কিন্তু এইটোৰ মুঠেই পচন্দ নহয়।”
ল’ৰাই কিতাপ বন্ধ কৰি দেউতাকলৈ চকু পিটপিটাই চায়। তাৰ ওঁঠৰ কোণত হাঁহি। এই এক গুণ তাৰ! সৰ্বদা মুখত হাঁহি। নৰম সুৰত ক’লে—
: ঠিক আছে এইবাৰৰ পৰা টেবুলত পঢ়িম।
: তেনেহ’লে এতিয়াই পঢ়।
: আহা! পঢ়িম বুলি কৈছোঁ নহয়। ইমান চিন্তা কিয় কৰিছা? এইমাত্ৰ টোপনিৰ পৰা উঠিলোঁহে। সেই কাৰণে…
: সেইকাৰণেটো কৈছোঁ। । টোপনিৰ পৰা উঠিলি নে নাই। এতিয়াও যদি বিছনাত শুই পঢ়, টোপনি আহিবই। কথা শুন। তোৰ বেয়া বিচাৰি কোৱা নাই। ক’ত টোপনিৰ পৰা উঠিবি, হাতমুখ ধুবি, অকমান পানী খাবি, ব্যায়াম কৰিবি, স্কিপিং খেলিবি-সেইবোৰ নাই, আকৌ বিছনাত বাগৰি থাকিবি। কেনেকৈ ভাল অভ্যাস গঢ়ি উঠিব।
দেউতাকৰ বিনয়ী দৃষ্টিলৈ চাই সি আকৌ হাঁহে।
: হ’ব কাইলৈৰ পৰা কৰিম।
: আজিৰ পৰা কিয় নকৰ? —দিবাকৰে জেদ ধৰে।
: অ! কলোঁটো কাইলৈৰ পৰা।
দিবাকৰ বাবুৱে আৰু একো নকয়। তেওঁৰ চকুৱেমুখে বিৰক্তিৰ ভাব। মনেমনে বিৰবিৰাই কয়, বদমাছ এটা। চৰম অবাধ্য। ভালকৈয়ে জানো, কাইলৈও ঠিক একেটাই কৰিব। কথা কেতিয়াও নাৰাখে। তেনেকুৱা ল’ৰাই নহয় ই। কথাতে কয় বাপ কা বেটা। আচলতে তেওঁৰ ঘৰত উল্টা। এইটি হ’ল মা কা বেটা।
তাৰ মাকো সেই সময়তে ৰান্ধনীশাল এৰি তাত উপস্থিত হ’লহি। ইষৎ ৰুক্ষ তেওঁ—কি হৈছে? কি বকবক কৰিছা তাৰ লগত?
দিবাকৰে বেজাৰ মনেৰে ক’লে—এনেই। কথা দুটামান কৈছিলোঁ।
: কি কথা?
: কি আৰু, চকিত চিধাহৈ বহি টেবুলত পঢ়িব কৈছিলোঁ।
: বাদ দিয়া না সেইবোৰ। সি যেনেকৈ ভালপায় পঢ়ক।
: তেনেহ’লে অত’সোপা কিয় বনালোঁ?
দিবাকৰ বাবুৱে খঙত চায়।
কি প্ৰয়োজন আছিল? টকা-পইচা ঘৰত নধৰা হৈছিল নেকি? বেচি হৈছিলগৈ? কবলৈ গৈয়ো নকলে তেওঁ। মনৰ ভিতৰত কথাখিনি কৈ সেপ ধুকিলে। তেওঁ ভালদৰে জানে, ঘৈণীয়েকে ৰণচণ্ডী মূৰ্তি ধৰি কাজিয়া কৰিম বুলিয়েই সেইটো কোঠালৈ আহিছে। ইফালে অস্ত্ৰ হিচাপে হাতত ডাঙৰ খন্তি এখন। ৰাতিপুৱাতে যুদ্ধ এখন তৰি লবলৈ তেওঁৰ মন নগল।
তেনেহ’লে ক’ত শান্তি বিচাৰি যাব দিবাকৰে? য’তে ত’তে যে ঘোলা পানী ছিটিকি পৰিছে। অথচ সকলো ঠিকেই আছে, ভালে আছে। তেওঁহে অকলে উশাহ-নিশাহ ল’ব পৰা নাই। ক্ষণে ক্ষণে উশাহ বন্ধ হ’ব খোজে। ঘিণ ভাব এটা উজাই আহে।
অগত্যা ডাক্তৰৰ শৰনাপন্ন হ’ল দিবাকৰ। ৰাতিপুৱাই নাম লিখাই আহিলে। ডক্টৰ সুবীৰ ঘোষ হাজৰা চৌধুৰী। বাপৰে গোটেই ৰাজ্যৰ উপাধি ডিঙিত উলমাই লৈছে। পিছে ভাল ছাইকায়াট্ৰিষ্ট। এচএচকেএম-ৰ ডাক্তৰ। যথেষ্ট নামকৰা। ৰোগীৰে ঠাহ খাই আছে চেম্বাৰ। চৈধ্য নম্বৰত তেওঁৰ নাম। এতিয়া পাঁচ নম্বৰ গৈছে।
ভিতৰলৈ সোমাই ডাক্তৰক কি ক’ব দিবাকৰে? কি দৰে আৰম্ভ কৰিব? কোনটো কথা ক’ব? কোনটো এৰিব? চকু মুদি ভাবিবলৈ চেষ্টা কৰিলে। তেতিয়াই ঘেক ঘেককৈ ডাক্তৰৰ কোঠালিটোৰ পৰা বিকট শব্দ ভাহি আহিল। ৰিচেপচনিষ্ট গৰাকীয়ে চিঞৰিলে—নেক্সট শ্ৰাবণী স্যমন্ত?
মাজতে কেইমুহূৰ্তমানৰ বাবে চিলমিলকৈ টোপনি গৈছিল তাৰ মাজতে অদ্ভুত সপোনটো দেখা পালে।
গাঁৱৰ ঘৰলৈ ফুৰিবলৈ গৈছে দিবাকৰ। খোজেৰে গৈ গৈ পালেগৈ শাঁনবাদি পুখুৰীৰ পাৰ। তাতে বহিল দিবাকৰ। তাত বোকা মিশ্ৰিত ঘোলা পানী। সকলোৱে তাত আঁঠুলৈকে কাপোৰ কোচাই মাছ ধৰিবলৈ নামিছে।
দৰিকনা, চেং, কাৱৈ, মাগুৰ ধৰিছে। দেখি ঘিণ লাগিব ধৰিছে। বমি কৰোঁ যেন লাগিছে। এইটো কথাই ক’ব ডাক্তৰৰ আগত। কিয় বাৰে বাৰে এই সপোনটো দেখিছে? কিবা বেয়া ইংগিত নেকি? কি ক’ব বিচাৰিছে? সাংকেতিক কিবা?
পুনৰ ঘেক ঘেক শব্দত দিবাকৰ উচপ খাই উঠিল। টোপনি এৰি চকু কেইটা মেলিলে। সৰু মাতটোৰে ৰিচেপছনিষ্ট গৰাকীয়ে চিঞৰিলে।
মিষ্টাৰ দিবাকৰ দত্ত।
ডাক্তৰৰ কোঠালিত প্ৰবেশ কৰি দিবাকৰ মনে মনে বহি ৰ’ল। তাৰ পাছত ঝিলমিলকৈ টোপনিৰ মাজত দেখা সপোনটোৰে আৰম্ভ কৰিলে। ব্যাখ্যা কৰিলে। তাৰ পাছত বহু কথা যোগ কৰিলে। পচন ধৰা স্কুলখনৰ কথাও ক’লে। এপাৰ্টমেণ্টৰ অভদ্ৰ ল’ৰাবোৰৰ কথা, সংসাৰৰ কথা। সমাজৰ বহু অনিয়ম আৰু অসমাঞ্জস্যৰ কথা।
সকলো শুনি ডাক্তৰে মূৰটো লৰালে। প্ৰেচক্ৰিপচনত কলম বুলাই থাকি ক’লে—এই ৰোগৰ নাম অচিপিডি। অবচেচিভ কম্পালচিভ পাৰ্চনেলিটি ডিজৰ্ডাৰ। পাৰ্চনেলিটি প্ৰবলেমৰ বাবে পৰিবেশৰ সৈতে খাপ খোৱাৰ অসুবিধা। আপোনাৰ মাজত সকলো সময়তে এটা এবচলিউটনেচে কাম কৰিছে। সেইবাবে সকলোতে জঞ্জাল দেখা পায়। একোৱেই যেন ঠিককৈ চলা নাই। ফলত ব্যক্তিত্বৰ সৈতে সংঘাত আৰম্ভ হৈছে। ভিতৰি অশান্তি বাঢ়িছে। খং উঠি থাকে। তাৰ পৰিণতিত শৰীৰ বেয়া হোৱা। ঘিণ লগা। এই ৰোগ ভাল হবলৈ সময় লাগিব।
অলপ ৰৈ ডাক্তৰে পুনৰ ক’লে—ধৈৰ্য্য ধৰিব লাগিব। যিবোৰ দৰৱ দিলোঁ নিয়মত খাওক। আপাততঃ এক মাহ।
দিবাকৰ এক প্ৰকাৰৰ জঁপিয়াই উঠিল—
: কিন্তু যিবোৰ কলোঁ সেইবোৰটো অন্যায় অনিয়মৰ ছবি। এইবোৰ মানি লোৱাটো সম্ভৱ?
উত্তৰত ডাক্তৰ হাজৰাই হাঁহিলে। পৰামৰ্শ দি ক’লে—বৰঞ্চ উল্টাকৈ ভাবক। ভাবক জগত নিয়মতেই চলিছে। সব ঠিক ঠাক। কি ভিতৰ কি বাহিৰ। তাক বদলোৱাৰ আপোনাৰ সাধ্য নাই। আৰু যি অসাধ্য অসম্ভৱতাক লৈ কি দৰকাৰ ভাবিবলৈ। কিন্তু নিজৰ দৃষ্টিভংগী বদলোৱা সম্ভৱ। সেইটো বদলাই সকলো হাঁহি মুখে গ্ৰহণ কৰক। দ্বিতীয় এটা পথ নাই। সকলোৱে সেইদৰেই বাচি আছে।
ঘৰ গৈ পাইও দিবাকৰৰ নিচা নাকাটিল। হাজাৰাৰ কথাবোৰ তেওঁৰ মূৰৰ ভিতৰত ঘূৰপাক খাবলৈ ধৰিছে। কাৰোৰে সৈতে তেওঁ বিশেষ একো কথা নাপাতিলে। খাইবই গাৰুত মূৰ থলে। টোপনি ভাঙিল পাছদিনা পুৱা। ঘড়ী চাই দেখিলে সময় তেতিয়া পাঁচটা দহ। দিবাকৰৰ মৰ্নিং ৱাকত যোৱাৰ ইচ্ছা হ’ল। লগে লগে তেওঁ ওলাই গ’ল। তেতিয়াও সূৰ্য্য উদয় হোৱা নাই। তাক বিচাৰি খোজ কাঢ়িবলৈ আৰম্ভ কৰিলে। এটা সময়ত সূৰ্য্য উদয় হ’ল। সূৰ্য্যৰ হাঁহি মুখৰ ফালে চাই দিবাকৰেও হাঁহিলে। অনুভৱ কৰিলে হাঁহিলে চাৰিওপিনে পোহৰ বিয়পে। এই হাঁহিকে বিয়পাই দিব লাগিব সকলোতে। সূৰ্য্যৰ দৰে। নহলে বাচি থাকিব কেনেকৈ?
এপাৰ্টমেণ্টত ভৰি দিয়েই তাকেই কৰিলে। উপলহঁতৰ সন্মুখীন হৈ পূৰ্ণদ্যমে হাঁহিলে, কিবাকিবি কথা ক’লে। লাৱণ্যৰ সৈতেও হাঁহি তামাছা কৰিলে। ল’ৰাটোৰ সৈতেও। মন কৰিলে আগৰ দৰে তেওঁৰ দম বন্ধ হৈ অহা নাই। সুন্দৰভাৱে শ্বাসপ্ৰশ্বাস ল’ব পাৰিছে। উৎফুল্ল মনেৰে কথা ক’লে—হাঁহিলে অক্সিজেনৰ পৰিমাণ বাঢ়ি যায়। অনুভৱ হয় অপাৰ্থিৱ এক আনন্দ।
