সাক্ষাৎকাৰ: পাপৰি সৌকাধৰা বৰঠাকুৰ
লেখক- সাহিত্য ডট অৰ্গ
“সাহিত্য ডট অৰ্গ”ৰ হৈ এইবাৰ সাক্ষাৎকাৰ গ্ৰহণ কৰা হৈছিল ”আন্তৰিক সংযোগ” নামৰ অনুষ্ঠানটিৰ প্ৰতিষ্ঠাপক, ঘোষক, লেখিকা পাপৰি সৌকাধৰা বৰঠাকুৰক। আতুৰত থকা আৰু বিপদত পৰাজনক নিজৰ সামৰ্থ্যৰে সহায় আগবঢ়াবলৈ সদায় যিকোনো সময়তে উদগ্ৰীৱ হৈ থকা শিৱসাগৰ জিলাৰ “নামতি”ৰ প্ৰয়াত উপেন সৌকাধৰা আৰু চিত্ৰলেখা সৌকাধৰাৰ জীয়ৰী সুলেখিকা, ঘোষিকা পাপৰি সৌকাধৰা বৰঠাকুৰে যোৰহাটৰ দেৱীচৰণ বৰুৱা ছোৱালী মহাবিদ্যালয়ৰ পৰা উচ্চ মাধ্যমিকত উত্তীৰ্ণ হয় আৰু সেই মহাবিদ্যালয়ৰ পৰাই স্নাতক ডিগ্ৰী লাভ কৰে।

ৰোহিনী কান্ত বৰুৱা আইন মহাবিদ্যালয়,ডিব্ৰুগড়ৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰি বৰঠাকুৰে “ওকালতি” আৰম্ভ কৰে। কেইবছৰমানৰ পাছত ওকালতি বৃত্তি বাদ দি তেখেতে যোৰহাটত থাকিবলৈ লয় আৰু ক্ৰমে ICICI আৰু Bajajৰ দৰে নামী কোম্পানীত কৰ্মৰত হয়। ইয়াৰ পাছত তেওঁ গুৱাহাটীলৈ আহে আৰু “Human Resource Management” ত MBA ডিগ্ৰী লয়। বৰ্তমান তেওঁ জ্যেষ্ঠ “Human resource manager” হিচাপে বামুনীমৈদামৰ “Mono Motor Works” (a Maruti authorized service station)ত কৰ্মৰত হৈ আছে।
শৈশৱৰ পৰাই সাহিত্যৰ বিষয় বোৰৰ প্ৰতি ধাউতি থকা পাপৰি সৌকাধৰা বৰঠাকুৰে স্কুলত পঢ়ি থকা দিনৰে পৰা অসমৰ বিভিন্ন প্ৰান্তৰ সাহিত্যবিষয়ক প্ৰতিযোগিতাসমূহত অংশ গ্ৰহণ কৰি স্হান লাভ কৰিছিল। লগতে সমানে কলমৰ চৰ্চাও অব্যাহত ৰাখিছিল। তেওঁৰ লেখা অসমৰ পৰা প্ৰকাশিত প্ৰায় আটাইবোৰ কাকত-আলোচনীতে বৰ্তমানো প্ৰকাশ হৈ আছে। সময়ে সময়ে প্ৰকাশ পোৱা বিভিন্ন গুৰুত্বপূৰ্ণ প্ৰবন্ধ তথা ব্যক্তিগত ৰচনাসমূহ সামৰি ”আমাৰ চৌপাশৰ ভাল মানুহবোৰ” শীৰ্ষক এখনি গ্ৰন্হও ইতিমধ্যে তেওঁ প্ৰকাশ কৰিছে। বিভিন্ন অনুষ্ঠানত “ঘোষিকা” হিচাপে পাপৰি সৌকাধৰা বৰঠাকুৰক দেখা পোৱাৰ লগতে আকাশবাণী গুৱাহাটীৰ “অতিথি ঘোষক” হিচাপেও তেওঁ পৰিচিত। পাপৰি সৌকাধৰা বৰঠাকুৰৰ শেহতীয়া প্ৰয়াস হৈছে ”আন্তৰিক সংযোগ”। “সাহিত্য ডট অৰ্গ”ৰ হৈ এই বিষয়ে তেওঁৰ লগত কথোপকথন তথা সাক্ষাৎকাৰ গ্ৰহণ কৰিছে, ই – আলোচনীখনৰ এই মাহৰ সম্পাদক আশাদীপা শইকীয়াই। সম্পাদকে এই সাক্ষাৎকাৰটিৰ অনুলেখন আৰু বর্ণাশুদ্ধি নিবাৰণ কৰিছে। সাক্ষাৎকাৰটি পাঠকসকললৈ বুলি আগবঢ়াইছে ডাঃ হিতেশ্বৰ শৰ্মা আৰু ডঃ দীপজ্যোতি বৰাই।
সাহিত্য ডট অৰ্গ : নমস্কাৰ বাইদেউ। আপোনাক “সাহিত্য ডট অৰ্গ”ৰ ফালৰ পৰা স্বাগতম জনাইছোঁ।
পাপৰি সৌকাধৰা বৰঠাকুৰ : আন্তৰিক ধন্যবাদ। “সাহিত্য ডট অৰ্গ”ৰ সমূহ পাঠকলৈ মোৰ শ্ৰদ্ধা জনালোঁ।
সাহিত্য ডট অৰ্গ : প্ৰথমেই আপোনাৰ শৈশৱৰ কথা সোধো। শৈশৱৰ পাহৰিব নোৱাৰা এটা ঘটনা কওঁকচোন।
পাপৰি সৌকাধৰা বৰঠাকুৰ : শৈশৱৰ ঘটনা বুলি ক’লে বহু কথাই মনত পৰে। তথাপি এটা ঘটনা মোৰ সদায় মনত থাকি যাব। সেয়া হৈছে, আমি একেবাৰে পিছপৰা অঞ্চল এটাৰ এখন খেতি প্ৰধান ঘৰৰ সন্তান। অঞ্চলটোত গাড়ী – মটৰ, হাস্পাতাল, ডাক্তৰ একো পাবলৈ নাছিল সেই সময়ত। মানুহৰ অসুখ – বিসুখ হ’লে চাবলৈ, দৰৱ দিবলৈ আমাৰ গাঁৱত “গোলাপ গায়ন” বুলি কম্পাউণ্ডৰ এজন আছিল। তেওঁ চাই “নোৱাৰোঁ” বুলি ক’লেহে ৰোগীক ডিব্ৰুগড়লৈ নিয়া হৈছিল। আমি যৌথ পৰিয়ালত ডাঙৰ হোৱা বাবে ককা – আইতাৰ প্ৰতি অত্যন্ত হেঁপাহ আছিল। তেওঁলোকৰ অসুখ – বিসুখ হ’লে আমি চিন্তাত পৰিছিলোঁ । তেওঁলোক আৰু অঞ্চলটোৰ মানুহবোৰ সুস্থ হৈ থাকিবলৈ গোলাপ বৰ্তা জীয়াই থাকিব লাগিব, এই কথা আমাৰ মনত সোমাই গৈছিল। কাৰণ, বর্তা নহ’লে গাঁৱৰ মানুহৰ অসুখত দৰৱ দিয়া মানুহ নাছিল। আমি সৰুতে শুনিছিলো যে, বৰটোকোলা চৰাইৰ ডিঙিত থকা “মকৰধ্বজ” আনি খুৱালে মানুহ অমৰ হয়। সেয়ে দাদা আৰু মই পথাৰৰ মাজত থকা মাটিৰ ঢাপত চু্চঁৰি চুচঁৰি আঠুত ভেজা দি বৰটোকোলা ধৰিবলৈ গৈছিলো। যাতে সেইটো খুৱাই গোলাপ বৰ্তাক জীয়াই ৰাখিব পাৰোঁ। শৈশৱৰ এই ঘটনাটো আজিও মনত পৰে মোৰ।
সাহিত্য ডট অৰ্গ : শৈশৱত আমাৰ কিছুমান চখ আৰু এটা লক্ষ্য থাকে ? চখ আৰু লক্ষ্য বহুতৰে আকৌ একে হয়, আপোনাৰ ক্ষেত্ৰত লক্ষ্য আৰু চখ একেই নে সুকীয়া আছিল?
পাপৰি সৌকাধৰা বৰঠাকুৰ: চখ বুলি ক’লে মই সৰুৰে পৰা লিখি ভাল পাইছিলো, এতিয়াও ভাল পাওঁ। আৰু ঠিক লক্ষ্য বুলি নহয়, মানুহক ন্যায় দিবলৈ উকীল হোৱাৰ হেঁপাহ এটা জাগিছিল। হেঁপাহ পূৰণ কৰি আইন পঢ়ি মই উকীল হ’লো যদিও সামাজিক কামত জড়িত হোৱাৰ বাবে সেই বৃত্তি এৰি দিলোঁ।
সাহিত্য ডট অৰ্গ : সমাজৰ দুৰ্বল, অসহায় লোক সকলক সহায় কৰিবলৈ আৰু অকলশৰীয়া জনক সংগ দিয়াৰ উদ্দেশ্যেৰে আপুনি গঢ় দিছে “আন্তৰিক সংযোগ” নামৰ স্বেচ্ছাসেৱী অনুষ্ঠানটি। অনুষ্ঠানটিৰ জন্মৰ আঁৰৰ কথাখিনি কওঁকচোন।
পাপৰি সৌকাধৰা বৰঠাকুৰ : “আচলতে, এই অনুষ্ঠানটি জন্মৰ উদ্দেশ্য হৈছে মানুহক মানুহৰ সান্নিধ্য দিয়া। ঘৰত অকলশৰে থকা বয়সস্হ মানুহখিনিৰ কথা ভাবিয়েই অনুষ্ঠানটি অৰম্ভ কৰিছিলোঁ। বহলভাৱে ক’বলৈ গ’লে, কথাটো এনেকুৱা– ধৰক আপোনাৰ লগত বৃদ্ধ মা বা দেউতা আছে। আপোনাৰ গৃহস্থৰ লগতে আপুনিও এগৰাকী চাকৰি কৰা মহিলা। আপোনাৰ সন্তানেও স্কুল,হ’মৱৰ্ক, নাচ-গান,চুইমিং আদিবোৰত ব্যস্ত হৈ পৰি ইচ্ছা কৰিলেও ককাকক বা আইতাকক সময় দিব নোৱাৰা অৱস্হা।নিৰ্দিষ্ট সময়ত অহা কোনোবা পাৰ্ট টাইমাৰ এগৰাকীয়ে দিনটোৰ বাবে ৰন্ধা-বঢ়াখিনি নাইবা আন-আন যাৱতীয় কাম-কাজখিনি কৰি থৈ গুছি যায়।এইয়া হৈছে আজিকালি আমাৰ প্ৰত্যেকৰে ঘৰৰ এখন চিনাকি ছবি। ফলস্বৰূপে ককা বা আইতাগৰাকীয়ে ৰাষ্টাৰে যোৱা মানুহ চাই চায়েই সময় পাৰ কৰে বা নিজৰ অতীত জীৱনৰ ব্যস্ততাপূৰ্ণ সময়বোৰ অকলে সোঁৱৰে নাইবা দূৰৈত থকা পো-বোৱাৰীলৈ মনত পেলাই নীৰৱে চকুলো টোকে।কথা এষাৰ পাতিবলৈকো এটা সংগৰ অভাৱ। আনফালে এনে এটা শ্ৰেণী আছে যি আনৰ ঘৰে ঘৰে গৈ ঘৰ সৰা-মোচা, কাপোৰ ধোৱা, কেঁচুৱা ৰখা… এনেবোৰ কাম কৰি কৰিয়েই জীৱনৰ আধা বয়স পাৰ কৰিলে। এতিয়া আৰু এনেধৰণৰ কাম কৰিবলৈ দেহাই নিদিয়া হৈছে।যাৰ ফলত তেওঁলোকৰ আয়ৰ বাট প্ৰায় বন্ধ হৈ পৰিছে।অভাৱে জুৰুলা কৰা ঘৰখনত উপাৰ্জনহীন হৈ পো-বোৱাৰীৰ বাবে যেন তেওঁলোক একো একোটা বোজা স্বৰূপহে হৈ পৰে। জীৱনৰ শেষ দিনকেইটা চৰম হতাশাৰ মাজেদি পাৰ কৰিবলৈ লয় এইসকল লোকে। “আন্তৰিক সংযোগে” এইসকল অভাৱী লোকক নি সেইসকল আঢ্যৱন্ত লোকৰ লগত লগ লগাই দিয়ে। বিশেষ কোনো টান কাম নকৰাকৈ তেওঁ লোকক সংগ দিয়াৰ নামত এইসকল লোকে কিবা এটা উপাৰ্জনো কৰিলে আৰু আনফালে প্ৰায় একেবয়সৰ লগ এটাৰ সান্নিধ্যত সেই আইতা বা ককা জনো সুখী হ’ল। তেওঁলোকক সুখী দেখি আপোনাৰো মনটো ভাল লাগিল।”
সাহিত্য ডট অৰ্গ : অনুষ্ঠানটিৰ উদ্দেশ্য শুনি ভাল পালোঁ। কিন্তু, এনে ধৰণৰ অনুষ্ঠান গঢ় দিয়াৰ আঁৰত বিভিন্ন কাৰক থাকে। আপোনাৰ মনলৈও এয়া হঠাৎ অহা অনুভৱ নহয় বুলি ধাৰণা হয়। কি কথাই এনে অনুষ্ঠান গঢ় দিবলৈ আপোনাক প্ৰেৰণা দিছিল ?
পাপৰি সৌকাধৰা বৰঠাকুৰ : হয়। আচলতে কিছুমান বিশেষ ঘটনাই মোক এই অনুষ্ঠানটি গঢ় দিয়াত প্ৰেৰণা যোগাইছিল। মোৰ অনুভৱক সাকাৰ কৰাৰ বাটটোৰ এটি বিশেষ সুঁতি হ’ল এই ”আন্তৰিক সংযোগ” নামৰ অনুষ্ঠানটি। মই যিহেতু যৌথ পৰিয়াল এটিৰ সদস্য হিচাপে মোৰ শৈশৱ আৰু কৈশোৰ পাৰ কৰিছিলোঁ, মই দেখিছিলো যে আমাৰ পৰিয়ালবোৰৰ মাজত আত্মীয়তা আৰু মৰমেও হাতত হাত ধৰি আগবাঢ়ে। ককা-আইতা, বৰদেউতা-বৰমা, খুৰা-খুৰী আদিৰ আন্তৰিক আৰু নিকপকপীয়া সম্পৰ্কবোৰে এনেধৰণৰ যৌথ পৰিয়াল সমূহৰ ভেটি ৰচনা কৰে। বয়স বঢ়াৰ পিছত যেতিয়া মই অধ্যয়ন আৰু জীৱিকাৰ বাবে নগৰমুখী হলো, তেতিয়া মই দেখিবলৈ পালোঁ যে নগৰাঞ্চলত বাস কৰা ককা-আইতাসকলৰ জীৱন আমাৰ পৰিয়ালত বাস কৰা ককা-আইতাসকলৰ দৰে নহয়। তেওঁলোকে বিভিন্ন কাৰণত পৰিয়ালৰ উমাল সান্নিধ্যৰ পৰা বঞ্চিত হয়। তেওঁলোক প্ৰায়েই নিসংগতাত ভোগে। মই গুৱাহাটীত বাস কৰাৰ সময়ত প্ৰায়েই এগৰাকী চিনাকি আইতাক তেওঁলোকে বাস কৰা অট্টালিকাৰ ‘বেলকণী’ত সদায়েই বহি থকা দেখা পাওঁ। তেখেতে খুউব কৰুণ দৃষ্টিৰে বাটলৈ চাই থাকে। জানোচা কথা পাতিবলৈ তেওঁ কাৰোবাক লগ পায়! নিসংগতাত ভোগা এনেধৰণৰ বয়সীয়াল মানুহ দেখিলেই মোৰ মনত এটি দুখবোধে ক্ৰিয়া কৰিবলৈ ধৰিলে। তেওঁলোকৰ বাবে কিবা অলপ কৰিবলৈ মই মোৰ হৃদয়ত এক তাগিদা অনুভৱ কৰিবলৈ ধৰিলো। সেই তাগিদাত সুঁৱৰি, নিসংগতাত ভোগা বয়সীয়াল লোকসকলৰ বাবে কিবা অলপ কৰিবলৈ মই ২০২০ চনত ”আন্তৰিক সংযোগ” আৰম্ভ কৰিলোঁ।
সাহিত্য ডট অৰ্গ : আপুনি এই অনুষ্ঠানটি যিদৰে কল্পনা কৰি গঢ় দিছিল, সেইদৰে আগবঢ়াই নিবলৈ সক্ষম হৈছে বুলি ভাবেনে ? অনুষ্ঠানটিৰ বাবে যিখিনি মানুহৰ প্ৰয়োজন , অৰ্থাৎ অকলশৰীয়া জনক সংগ দিয়া লোকসকলৰ প্ৰয়োজন পূৰণ কৰিব পৰাকৈ মানুহ পাইছেনে?
পাপৰি সৌকাধৰা বৰঠাকুৰ : আচলতে যেতিয়া আমি এই ”আন্তৰিক সংযোগ” আৰম্ভ কৰিছিলোঁ, তেতিয়া ই আমাৰ মাজতেই সীমাবদ্ধ হৈ আছিল। সামাজিক মাধ্যমৰ যোগেৰে আমাক মানুহে লাহে লাহে জনা হ’ল। কিন্তু, ২০২০ চনত অতিমাৰী ক’ভিডৰ বাবে আমি ”আন্তৰিক সংযোগ”ৰ বাবে কোনো বিজ্ঞাপনৰো সহায় লোৱা নাছিলোঁ। আমি ‘ফেচবুক’ত এটি ‘প’ষ্ট’ দিয়াৰ পিছত মানুহে আমাক যোগাযোগ কৰিবলৈ ধৰিলে। পিছলৈ অৱশ্যে বৈদুত্যিন মাধ্যমত প্ৰচাৰ হোৱা মোৰ সাক্ষাৎকাৰৰ দ্বাৰা ”আন্তৰিক সংযোগ” অধিক জনপ্ৰিয় হৈ পৰিল।
”আন্তৰিক সংযোগে” ইতিমধ্যেই অসমৰ বিভিন্ন ঠাইৰ পৰা যঠেষ্ট সহাঁৰি লাভ কৰিছে। www.antoriksonjog.org নামৰ এটা ওৱেবচাইট এটাও আমি মুকলি কৰিছে। যিটোৰ দ্বাৰা অসমৰ বাহিৰত থকা লোকসকলো যথেষ্ট উপকৃত হৈছে।প্ৰথম অৱস্হাত মাথোঁ গুৱাহাটীৰ বাবে বুলি মুকলি কৰা এই সেৱাই বৰ্তমান যোৰহাট,নগাওঁ,শ্বিলঙৰ উপৰিও শিলচৰ,হাইলাকাণ্দি,বাংগালোৰ তথা মুম্বাই পৰ্যন্ত সামৰি লৈছে। তদুপৰি আমাৰ এই উদ্দেশ্যক সন্মান জনাই লেখক,কবি তথা অসম আৰক্ষীৰ যুটিয়া আয়ুক্ত পাৰ্থসাৰথি মহন্তই “বুঢ়া বুঢ়া গোন্ধ” বুলি তেওঁৰ এটি স্বৰচিত কবিতা “আন্তৰিক সংযোগ” ৰ নামত উৎসৰ্গা কৰি অনুষ্ঠানটোৰ উদ্দেশ্য সাফল্যমণ্ডিত কৰাত আমাক উৎসাহ যোগাইছে।
‘কৰ”ণাৰ বাবে ”আন্তৰিক সংযোগ”ৰ পঞ্জীয়ন ২০২১ চনতহে সম্পন্ন কৰা হ’ল। তাৰ পাছত ২০২৪ – ২৫ চনত আমাৰ হাতত এতিয়াও ১২০০ মান প্ৰপত্ৰ আছে। এতিয়ালৈ আমি ৩৭৬ জন ব্যক্তিলৈ আমাৰ সেৱা আগবঢ়াইছো।
সাহিত্য ডট অৰ্গ : এই কৰ্মত নিয়োজিত সকলক কিদৰে নিৰ্বাচন কৰে ?
পাপৰি সৌকাধৰা বৰঠাকুৰ : সঁচা কথা কবলৈ হ’লে কাম বিচাৰি অহা যিকোনো মানুহকেই নিয়োজিত কৰিব নোৱাৰোঁ। সহায়কাৰী হ’বলৈ আগবাঢ়ি অহা লোক এজনৰ প্ৰাথমিক তথ্যসমূহ বিশ্লেষণ কৰাৰ পিছত আমাৰ আৱাস অৰ্থাৎ ‘হোষ্টেল’ত তেখেতক তিনিদিন থাকিবলৈ দিয়া হয়। সেই তিনিদিনত আমাৰ প্ৰশিক্ষক তথা আৱাসৰ নিৰীক্ষকে তেওঁক সুক্ষ্মভাৱে পৰ্যবেক্ষণ কৰে। প্ৰশিক্ষক তথা আৱাসৰ নিৰীক্ষকে দিয়া প্ৰতিবেদনৰ ওপৰত নিৰ্ভৰ কৰিহে আমি সহায়কাৰী এজন নিৰ্বাচিত কৰোঁ। লগতে আমি অকলশৰীয়া লোকজনৰ মনৰ অৱস্থাৰ বুজ লোৱাৰো চেষ্টা কৰোঁ, তেওঁক কেনে মানুহৰ প্ৰয়োজন এই বিষয়ে উমান পাবৰ বাবে।
সাহিত্য ডট অৰ্গ: আপুনি এগৰাকী বোৱাৰী, পত্নী, মাতৃ আৰু কৰ্মৰত মহিলা হৈও সমাজৰ বাবে কৰি অহা বিভিন্ন কামৰ লগতে “আন্তৰিক সংযোগ”কো সমান উদ্যমেৰে আগবঢ়াই নিছে। এই ক্ষেত্ৰত ঘৰৰ সদস্যসকলৰ সহযোগিতা কেনে ?
পাপৰি সৌকাধৰা বৰঠাকুৰ : সহযোগিতা নাথাকিলে আগবাঢ়িবলৈ অসুবিধা হ’লহেঁতেন। বিশেষভাৱে মোৰ প্ৰতিটো ক্ষেত্ৰতে স্বামীৰ পৰা পোৱা মানসিক সাহস, আমাৰ একমাত্ৰ কন্যাৰ সহযোগিতাই মোক আগুৱাই যাবলৈ অধিক প্ৰেৰণা দিছে। লগতে মোৰ কৰ্মক্ষেত্ৰ “মন’ মটৰ ৱৰ্কচ” ৰ স্বত্বাধিকাৰী শ্ৰদ্ধাৰ অনিল শইকীয়া ছাৰৰ সহায় সহযোগিতাৰ বাবে মই চিৰকৃতজ্ঞ।
সাহিত্য ডট অৰ্গ : মহিলা হিচাপে এই কৰ্মত আগুৱাই যাওঁতে নানা প্ৰতিবন্ধকতাৰ সন্মুখীন হৈও আপুনি সকলো বাধা আঁতৰাই মানুহৰ মাজত সান্নিধ্যৰ সেঁতু গঢ়ি তোলাত সফল হৈছে । আপোনাৰ “আন্তৰিক সংযোগ” ৰ যাত্ৰা অবিৰত হওঁক। ‘সাহিত্য ডট অর্গ’ৰ ফালৰ পৰা আপোনালৈ আন্তৰিক শুভকামনা থাকিল।
পাপৰি সৌকাধৰা বৰঠাকুৰ : পুনৰ বাৰ ‘সাহিত্য ডট অৰ্গ’ৰ সমূহ পাঠক আৰু সম্পাদনা সমিতিলৈ মোৰ ধন্যবাদ জনালোঁ, ই – আলোচনীখনৰ উত্তৰোত্তৰ কামনা কৰিলোঁ।
