সম্পাদকীয়: এজাক সপোন যেন বৰষুণ
লেখক- আশাদীপা শইকীয়া
“সম্পাদকীয়” লিখি থকাৰ সময়তে পশ্চিমৰ বতাহ এজাকে উৰুৱাই অনা চমকা – চমক ক’লা মেঘৰ টুকুৰা গোট খাইছিল আকাশত। চাই থাকোঁতেই নীলা আকাশখন যেন হঠাৎ এজনী অভিমানী প্ৰেমিকালৈ পৰিণত হৈছিল। এনে লগিছিল যেন অভিমানী প্ৰেমিকাৰ দুচকুৰে মূহুৰ্ততে সৰসৰাই নামি আহিব চকুলোৰ বান।
আহিছিল..ক্ষন্তেক পাছতেই আকাশৰ পৰা পৃথিৱীলৈ বৰষুণৰ ৰূপালী সূতা কাটিছিল ডাৱৰে। এয়া আছিল ধৰালৈ “শাওণ” অহাৰ বতৰা। ধূলিৰে ধুসৰিত পৃথিৱীক আলফুলে প্ৰথম বাৰিষাৰ বৰষুণে ধুৱাই নিয়ে। বাৰিষা আহিলেই পথাৰবোৰ গাভৰু হয়। পানীপিয়া চৰাইৰ মাত আৰু বৰষুণৰ শব্দৰ সংমিশ্ৰণত কি যে এক মনোমোহা সুৰৰ সৃষ্টি হয়। “বৰষুণ” এজাকলৈ হেঁপাহেৰে ৰৈ থকা গীতিকাৰৰ কলমত এনেকৈয়ে সৃষ্টি হয় সুমধুৰ গীতৰ…..
“টোপাল টোপাল বৰষুণে আহি
চকুৰ পতাত চুমা সিঁচি দি যায়..
মেঘৰ নাচোনে পৃথিৱী কপালে
সেউজ অহাৰ আজি বাতৰি পায়।”
“বৰষুণ”ক লৈ কেৱল গীতিকাৰেই নহয় কবি – সাহিত্যিকৰ কলমতো কবিতা, গল্প, অনুভৱৰ প্লাৱন নামে। আচলতে, “বৰষুণ” শব্দটোৱেই হেঁপাহৰ, আৱেগৰ। “বৰষুণ” বুলি ক’লেই সেমেকা মাটিৰ সুবাসে ভৰাই তোলে মন…. “বৰষুণ” বুলি ক’লেই এচাতি প্ৰেমৰ বতাহে ভৰুণ কৰে বুকু।
“বৰষুণ”ৰ প্ৰতি মোৰো এক আজন্ম দুৰ্বলতা আছে। কিন্তু, মই বিচৰা বৰষুণজাক কল্পনাৰ বৰষুণজাকতকৈ অকণমান বেলেগ। প্ৰায়েই কল্পনা কৰোঁ, এনে এজাক বৰষুণৰ, যি জাক বৰষুণে ধুই চাফা কৰি পেলাব সমাজৰ কলুষতা বোৰ, মানুহৰ মলিন মনবোৰ। আজি কিছু বছৰৰ পৰা আমাৰ সমাজত ভাল খবৰৰ সংখ্যাতকৈ বেয়া খবৰৰ হিচাপ বাঢ়ি গৈছে। মানুহৰ আকৃতি লৈ অমানুহৰ ভিৰ হৈছে, হাঁহি থকা মানুহতকৈ চকুলোৰ ভৰ সহি থকা মানুহৰ সংখ্যা বেছি হৈছে। মই সেইজাক বৰষুণৰ কল্পনা কৰোঁ, যাৰ প্ৰচণ্ড শক্তিয়ে ধুই নিকা কৰিব পাৰে এই সকলো কদৰ্যতা, সকলো যন্ত্ৰণা। শিশুৰ মুখত নিস্পাপ হাঁহি সদায় ওলমি থাকক, সেইজাক বৰষুণে আমাৰ চৌপাশ সদায় সেউজীয়া কৰি তোলক..
বৰষুণ সকলোৰে প্ৰিয়। কিন্তু, “বৰষুণ” ৰ আন এটা ৰূপো আছে। এই ৰূপ বাস্তৱৰ। এই বাৰিষাতে ফেনে – ফুটুকাৰে অসমৰ নদ – নদী উপচি পৰিব। বহু ঠাইত বানপানীয়ে ঘৰ – দুৱাৰ, পশুধন, সঞ্চিত সকলো উটুৱাই লৈ যাব। খেতিয়কে অতি কষ্টেৰে কৰি থোৱা ধাননী ডৰা মূহুৰ্ততে বানপানীয়ে টচনচ কৰি পেলাব। এয়া প্ৰতি বছৰৰ একাংশ লোকৰ যন্ত্ৰণা। কিন্তু, এই সমস্যা সমাধানৰ বাবে কোনো চৰকাৰেই কেতিয়াও আন্তৰিকতাৰে যত্ন কৰা দেখা নাযায়। এই সকল লোকক দেখিলে “বৰষুণ” হেঁপাহৰ হৈ নাথাকে, “বৰষুণ” যন্ত্ৰণাৰ হে হৈ পৰে.। সুধাকণ্ঠৰ গীতত এই যন্ত্ৰণাৰ প্ৰতিফলন ঘটিছিল এইদৰে —
“ভৰা বাৰিষাৰ বানে
খহাই নিলে গাঁও,
পাৰতে উচুপি কান্দে
দুখীয়াৰ ছাও।
ভৰা বাৰিষাতে, ভৰা বাৰিষাতে।।
তথাপিও “বৰষুণ” ক ভালপাওঁ, ভালপায় সকলোৱে। “বৰষুণ” এজাকে কাৰোবাক যদি “নষ্টালজিক” কৰি তোলে, কাৰোবাৰ বাবে চকুপানীক বাধা দিব নলগাৰ এক সুযোগ হৈ পৰে। বৰষুণৰ শব্দই মানুহৰ বুকুৰ উচুপনিৰ শব্দক সামৰি লয় সাদৰৰে। কাৰোবাৰ বাবে “বৰষুণ” বিলাস। একাপ ধোৱাই থকা গৰম চাহ আৰু সন্মুখত বহি থকা প্ৰিয়জনৰ সৈতে আলাপ, এয়াও বহুতৰ বাবে “বৰষুণ” ৰ দিনৰ কল্পনা…
এতিয়া প্ৰায় প্ৰতিদিনে বৰষুণৰ আগমণ হৈছে ধৰালৈ। তথাপিও সেইজাক বৰষুণৰ অপেক্ষাত মই সদায় ৰৈ থাকিম, যি জাক বৰষুণে আহি আমাক “মানুহ” কৰি গঢ়ি তুলিব। জাতি – ভেদ, ধৰ্মৰ বিচাৰ নোহোৱাকৈ মানুহে মানুহক সহায় কৰিব, সন্মান কৰিব। শিশুৰ বাবে এখন সেউজীয়া পৃথিৱী সেইজাক বৰষুণে আমাক দি থৈ যাব।
আৰুনো আমাক কি লাগে ? মানুহৰ বাবেই মানুহৰ মঙ্গল হওঁক। সেই কামনাৰে —-
আশাদীপা শইকীয়া
১৪/৮/২০২৫
