সংগী : বিজয়া মুখোপাধ্যায়

লেখক- ভাৱানুবাদ :অপৰাজিতা গগৈ

আমি যাৰ স’তে সদায় একেলগে থাকোঁ

সেয়া প্ৰেম নহয়

সেয়া মাথোঁ নিসংগ নিৰুত্তাপ এক অভ্যাস

 

প্ৰেম আলহীৰ দৰে স্মিত হাঁহিৰে কাচিৎ আহে

চৰাঘৰত কিছুক্ষণ কটায়

হঠাৎ অদৃশ্য হৈ যায়

এৰি থৈ যায় মাথোঁ কিছু মধুৰ  স্মৃতি

 

তাৰ পাছত আমাৰ সংগী হয় একাকীত্ব

প্ৰতিদিন প্ৰতিক্ষণ কটাওঁ

নিৰুত্তাপ নিসংগ উৎকন্ঠিত  এক জীৱন

শিতানটিৰ অন্যান্য লেখাসমূহ পঢ়ক

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments