এখন শীৰ্ণ নদীৰ আত্মগাথা

লেখক- নূপুৰ হাজৰিকা

বুকুত বাঢ়ি অহা বালিচৰ 

শীৰ্ণ নদীৰ 

আঙুলিৰে আঁকিলো বালিত 

এখন হেৰাই যোৱা মুখ 

ইমান নিজান ঘাট 

নিগাজীকৈ থাকিবলৈ নহ’ল

 নাৱৰীয়া মন ! 

সূৰ্যাস্তত উৰি যোৱা 

কুৰুৱা এহাল দেখি 

মোৰো  বুৰ মাৰিবলৈ  মন গ’ল 

সোঁত বিহীন নদীত ।

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments