পুৰণি স্মৃতি নতুন গান

লেখক- ৱাহিদ আহমেদ

তিনিটা ৰাতিয়ে সলাই দিছিল

এটি যাত্ৰাপথ,

তুমি আহিছিলা যিটো পথেৰে

সেইটো চিনাকি পথ আছিল,

সময় তেতিয়া বৰ ভয়ানক

মানুহৰ মনবোৰ

ব’হাগৰ নাচনীৰ দৰেই

বৰ উন্মাদ আছিল…

গাওঁখন নৰীয়াত পৰিছিল

তেতিয়াও মাঘ বিহুৰ মেজিত

তোমাৰ সুখৰ বাবে

আয়তীয়ে সেৱা লৈছিল,

মনোকষ্টত ভুগি থকা

হৃদয়খনত কোনোবাই

বিহ ঢালি দিছিল ৰাতিপুৱাতে

তেতিয়া হাঁহিবোৰক বন্দী কৰি

হত্যা কৰা হৈছিল

তুমিও কান্দিছিলা,

তোমাৰ দুখৰ সমভাগী হৈ

যাব পৰাকৈ মই তাত নাছিলোঁ,

তোমাৰ আতুৰ আহ্বানত

উপস্থিত হ’ব পৰা

পৰিবেশো অনুকূল নাছিল,

দীৰ্ঘ বিৰতিত আকৌ এবাৰ

সুযোগে তোমাক মাতিছে

এতিয়া মই ৰৈ আছোঁ…

তুমি অহালৈকে মই ইয়াতেই থাকিম



Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments