জনসাধাৰণৰ বাবে আইন
সম্পাদক- চিত্তৰঞ্জন ওজা
ল’ৰালিকালৰ আইন সম্পৰ্কীয় দুটা ঘটনা মোৰ মনত আজিও সজীৱ হৈ আছে। মহাজন এজনৰ বোৱাৰীয়েকক ধৰি বান্ধি ঘৰৰ পিছফালৰ কুঁৱাত পেলাই দিয়া হৈছিল। পুৱা আৰক্ষী থানাত খবৰ দিছিল আত্মহত্য কৰা বুলি। আৰক্ষীয়ে ঘটনাস্থলী পোৱাৰ আগেয়ে মৃতদেহটো কুঁৱাৰপৰা উলিয়াই সৎকাৰ কৰা হ’ল। মৰণোত্তৰ পৰীক্ষা নকৰাকৈয়ে সৎকাৰ কৰা হ’ল। মহিলাগৰাকীৰ পৰিয়ালে থানাত এজাহাৰ দিবলৈ গৈ নিৰাশ হৈ ঘৰ পালেহি। ওচৰ চুবুৰীয়াই মহিলাগৰাকীৰ মৃত্যুকাতৰ চিঞৰ নিশা দুপৰলৈকে শুনা পাইছিল। কাষৰ ঘৰৰ এজনে শাহুৱেক আৰু ননদে মহিলাগৰাকীক চুলিত ধৰি টানি অনা দেখা পাইছিল। তেওঁ সাক্ষী দিবলৈ সাহস কৰি ওলাই আহিছিল। আৰক্ষীয়ে উপযুক্ত তদন্ত কৰাৰ পৰা বিৰত থাকিল। মহিলাগৰাকীক হত্যা কৰা হ’ল যদিও মহাজনৰ ধন আৰু ক্ষমতাৰ বলত আৰক্ষীৰ সহায়ত আত্মহত্যাৰ আখ্যা দিয়া হ’ল। আন এটা ঘটনা ঘটিছিল আমাৰ পৰিয়ালৰ সম্বন্ধীয় মানুহৰ ঘৰত। তেওঁ এজন মহাজনেই আছিল। অবিবাহিতা খুলশালীয়েকক নিজৰ ঘৰলৈ আনিছিল পত্নীক সহায় কৰিবলৈ। বানপানীৰ সময় আছিল তেতিয়া। ঘৰৰ সন্মুখত ৰাস্তাত এবুকু পানী হৈছিল। অহা-যোৱা কৰোঁতে খুলশালীজনী পানীত ডুবি মৰিল। সেই নিশাই মাক-দেউতাকক খবৰ নিদিয়াকৈ মৃতদেহটো সৎকাৰ কৰিলে। অথচ ছোৱালীজনীৰ ঘৰটো তিনি কিলোমিটাৰ দূৰত আছিল। পাছদিনাহে ছোৱালীজনীৰ মাক-দেউতাকে খবৰ পায়। আৰক্ষীৰ ওচৰলৈ কোনো নগ’ল। কোনেও এজাহাৰ দাখিল নকৰিলে। মৃত্যুৰ পাছতে বহুতে বু বু বা বা কৰিলে। সেয়া এক দুৰ্ঘটনা আছিল নে পৰিকল্পিত হত্যা আছিল সেয়া আজিও অস্পষ্ট হৈ থাকিল।
উপৰোক্ত দুটা ঘটনাৰ সময় আছিল ১৯৭২-৭৫ চন। পঞ্চাশ বছৰ ব্যৱধানত আইনী ব্যৱস্থাৰ বহু সাল-সলনি ঘটিল। মোৰ জন্মস্থানত আজি তেনে ঘটনা ঘটিলে দোষী সাৰি যাব নোৱাৰে। আৰক্ষীয়ে থানাত এজাহাৰ ল’বই লাগিব। তদন্ত হ’বই লাগিব। সাক্ষীৰ লগত আৰক্ষীৰ কথোপকথনৰ ভিডিঅ’ ন্যায়ালয়ত জমা দিয়াৰ প্ৰযুক্তি ব্যৱহাৰ হৈছে। সাক্ষীয়ে পিছত ভয়ত বা টকাৰ লোভত ন্যায়াধীশৰ আগত মিছা মাতিব নোৱৰা হ’ল। দোষী সাব্যস্তৰ হাৰ ৫%ৰ পৰা ২৬%লৈ বৃদ্ধি পালে। থানাৰ পৰিৱেশ সলনি হ’ল। এজন সাধাৰণ ভুক্তভোগীয়ে থানালৈ নিৰ্ভয়ে যাব পৰা হ’ল। উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত ৰাজ্যৰ সকলো থানাত চিচি টিভি কেমেৰা লগোৱাৰ বাবে আচামীক থাৰ্ড ডিগ্ৰী শাস্তি দিয়া বন্ধ হ’ল। আৰক্ষীৰপৰা অভব্য আচৰণ দেখা নোপোৱা হ’ল। আৰক্ষী আৰু সাধাৰণ জনতাৰ মাজৰ সম্পৰ্ক যথেষ্ট উন্নত হ’ল। সচৰাচৰ আৰক্ষীয়ে টকা খোৱাৰ যি অপযশ আছিল সেয়া বহু পৰিমাণে হ্ৰাস পালে।
ইমানখিনিৰ পাছতো সৰ্বসাধাৰণৰ বাবে আইনৰ কথা ভাবিলে এনে ভাব হয় আমাৰ যেন এতিয়াও কৰিবলৈ বহু কাম বাকী আছে। আমি সকলোৱে জানো যে আইন সকলোৰে বাবে সমান। আইনৰ সন্মুখত ধনী-দুখীয়া, ধৰ্ম বা জাতিভেদৰ কোনো স্থান নাই। পিছে, বাস্তৱত এজন দুখীয়া নিছলা গাঁৱৰ মানুহে আইনৰ জৰিয়তে সহজে ন্যায় পাব পাৰেনে? আইনৰ মেৰপেচ আৰু জটিলতাত সাধাৰণ মানুহৰ কি অৱস্থা হয় তাক আমি বুজি পাওঁ। ফ্ৰেঞ্জ কাফকাই লিখা ’ডা ট্ৰায়েল’ নামৰ উপন্যাসৰ এটা চৰিত্ৰ আছিল জোচেফ কে’। আৰক্ষীয়ে কোনো অজ্ঞাত কাৰণত গ্ৰেপ্তাৰ কৰাৰ এবছৰৰ পাছত শুনানি বা ট্ৰায়েলৰ সুযোগ নিদিয়াকৈ জোচেফক মৃত্যুদণ্ড বিহে। মৃত্যুদণ্ডৰ আগলৈকে জোচেফে নাজানিলে তেওঁৰ বিপক্ষে কি অভিযোগ আছিল। আজিও তেনে কাহিনী সম্ভৱ নেকি? আই পি চি আৰু চি আৰ পি চিৰ সলনি আজি ভাৰতীয় ন্যায় সংহিতা আৰু ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা নামৰ দুখন নতুন আইন প্ৰৱৰ্তন কৰি আইনী ব্যৱস্থাৰ আমূল পৰিৱৰ্তন কৰাৰ পিছত সকলো নাগৰিকে ন্যায় পায়নে? এইটো আজিৰ দিনত এটা কোটিটকীয়া প্ৰশ্ন।
উন্নত প্ৰযুক্তি আমাৰ মাজলৈ অহাৰ লগে লগে অপৰাধীসকলে প্ৰযুক্তিৰ নতুন কৌশল প্ৰয়োগ কৰি এচাম দুষ্কৃতিকাৰীয়ে সৰ্বসাধাৰণক লুটিবলৈ লৈছে। চাইবাৰ অপৰাধ তেনে প্ৰযুক্তিৰ ফলত সংঘটিত হোৱা ঘটনা। প্ৰযুক্তিৰ সহায়ত চাইবাৰ অপৰাধীসকলে সাধাৰণ জনতাৰ পৰা নিতে ন ন কৌশলেৰে লাখ লাখ টকা হৰলুকি কৰিছে। আৰক্ষীৰ বাবে বৰ্তমান ই এক বৃহৎ প্ৰত্যাহ্বান হৈ পৰিছে। মন কৰিবলগীয়া কথা হ’ল, চাইবাৰ অপৰাধৰ সংখ্যা দিনক দিনে বৃদ্ধি পাবলৈ ধৰিছে। কেৱল চহৰ-নগৰৰ মানুহেই নহয় গাঁৱত বাস কৰা সাধাৰণ নাগৰিকৰ পৰাও অপৰাধী চক্ৰই টকা লৈ উধাও হৈছে।
’জনসাধাৰণৰ বাবে আইন’ বিষয়ত এটা কথা প্ৰায়ে উত্থাপন হয় যে যিকোনো ধৰণৰ আইনী প্ৰক্ৰিয়াত উকীলৰ ওচৰলৈ যাবলগীয়া হয়। উকীল মানেই টকা। আদলতত নিজৰ কথাখিনি ৰাখিবলৈ উকীলক প্ৰতিবাৰে শকত পৰিমাণৰ ধন পৰিশোধ কৰিবলগীয়া হয়। আদালতে তাৰিখৰ পাছত তাৰিখ ঘোষণা কৰাৰ লগে লগে উকীলৰ ফীজৰ পৰিমাণ উৰ্ধ্বমুখী হৈ পৰে। সাধাৰণ নাগৰিকৰ ক্ষেত্ৰত তাক বহন কৰা অসম্ভৱ হৈ পৰে। আনকি নিজে বসবাস কৰা মাটিখিনি নামজাৰি কৰিবলৈ বহু সময়ত উকীলৰ হতুৱাই বহু টকা ব্যয় কৰিবলগীয়া হয়। মোকৰ্দমাৰ অনুসন্ধানত আৰক্ষীৰ ভূমিকাক লৈ বহুতে প্ৰশ্ন কৰে, সন্দীহান হৈ পৰে। ক্ষমতা আৰু টকাৰ বলত বলীয়ান ৰাজনৈতিক নেতাৰ আঙুলিৰ নিৰ্দেশত আৰক্ষীৰ কিছু লোক পৰিচালিত হয় বুলিও মাজে মাজে শুনা যায়। এনে ঘটনা যাতে ঘটিব নোৱাৰে তাৰ বাবেও বিহিত ব্যৱস্থা হাতত লোৱা উচিত।
এই বিষয়সমূহ গভীৰভাৱে আলোচনা কৰি আইনৰ মেৰপেচবোৰ সহজ কৰি সঁচা অৰ্থত দেশত ’জনসাধাৰণৰ বাবে আইন’ প্ৰযোজ্য হওক তাৰেই কামনা কৰিলোঁ।
