আত্ম কথন
লেখক- দীপাঞ্জলি বৰা
নিজৰ বুলিবলৈ আছে নো কিটো
জাৰৰ দিনত ল’বলৈ
তুমি সি দিয়া ফটা কঁথাখন
প্ৰতিটো শীতৰ ঋতুত
নতুনকৈ টাপলি মাৰি লওঁ ।
সময়ে থকাসৰকা কৰা কঁথাখন
শীতৰ প্ৰতিটো ঋতুত
ৰং- বিৰঙৰ টাপলি লাগি লাগি
আগৰ কঁথাখন হেৰাই যাওঁ যাওঁ !
তথাপি তুমি তুমি লগা
এক আপোন সুবাস তাত বিচাৰি পাওঁ ।
শীতৰ সেমেকা বতাহজাকে যেতিয়া
কঁপাই যায় মোক
তাকে আঁটি আঁটি
মেৰিয়াই লওঁ !
সেইখন বহু পুৰণি হ’ল জানা…
বয়সো বাঢ়িল নহয়
জাৰটোও বেছিকৈ লগা হ’ল
তথাপি তোমাৰ
মৰমৰ উত্তাপ আজিও
অনুভৱ কৰোঁ তাত ।
তুমি যোৱা কিমান বছৰ হ’ল
আজিকালি আঙুলিৰ মূৰত
গণিবলৈ বাদ দিলোঁ।
ভালেই হ’ল তুমি গ’লা
এতিয়ালৈকে থকা হ’লে
বৰ কষ্ট পালা হয়
তাতে মই যতনো
ল’ব নোৱাৰিলোঁ হেঁতেন !
অ’ তোমাক ক’বলৈ পাহৰিলোৱেই…
এইবাৰ তোমাৰ আলাসৰ লাড়ু
ঘাট- মাউৰা নাতি ল’ৰাটোৱে
ফোৰ্থগ্ৰেড নে কি
সেইটোত কিবা এটা চাকৰি পাইছে
মই ভালকৈ বুজি নাপাওঁ
চৰকাৰী চাকৰি হেনো
বৰ কষ্টৰে দুশ্ৰেণীমান পঢ়াইছিলো
বেছি নোৱাৰিলোঁ
তুমি যে সৰুতে তাক কৈছিলা-
“পঢ়া-শুনা কৰিলেহে
বৰ মানুহ হ’বি বোপাই”
পিচে বৰ মানুহ হ’ব নোৱাৰিলেও
তাৰ মনটো বৰ বহল
সি দৰমহা পালে মোলৈ বুলি
ডাঠ কম্বল এখন আনি দিব হেনো
আৰু জহি-খহি যোৱা ঘৰটোৰ
খেৰৰ চালিখন গুচাই
কেইচলা মান টিনপাত লগাব ।
বাৰিষাকালি যে বাল্টি চৰিয়া পাতিও
মজিয়াখন শুকান কৰি ৰাখিব নোৱাৰি
বৰষুণৰ পানীয়ে গোটেইখন বুৰাই পেলায়
ঘৰৰ মূধচটো তেনেই উৱলি গৈছে।
তুমিও গ’লাগৈ ঘপহকৰে …
মোৰ আফচোচ থাকি গ’ল-
দহ মাইল মান দূৰত হ’লেও
বগাইৰ ঠেলাগাড়ীখনতে
তোমাক লৈ গৈ হাস্পতালত
এবাৰ ডাক্তৰক দেখুৱাব পৰা হ’লে ,
তুমি কিজানি ভাল হৈ উঠিলাহেঁতেন !
পিছে, তুমি সময়কে নিদিলা
গাটো বেয়া লাগিছে বুলি
যি বিছনাত পৰিলা
আৰু চকুৱেই নেমেলিলা ।
ভালেই হ’ল তুমি গুচি গ’লা সোনকালে
এতিয়ালৈকে থকা হ’লে
মোৰ মুমূৰ্ষু অৱস্থাটো দেখি
বৰ দুখ পালা হয়
একো কৰিবও নোৱাৰিলাহেঁতেন!
তথাপি মোৰ শেষ ইচ্ছাটো
তোমাকে কওঁ দিয়া
তুমি সি থৈ যোৱা কঁথাখনৰ ওপৰত
নাতি ল’ৰা কণপিতৌৱে
আনি দিব বুলি কোৱা
কম্বলখন গাত জাপি লৈ
এবাৰ উম্ লৈ চাবলৈ বৰ মন ……
…………..
