বনগীত

লেখক- নূপুৰ হাজৰিকা

সৌ ফাগুনৰ ডালত কিৰিলিয়াই থকা শালিকা হাল উৰুৱাই দিয়া।

উৰুৱাই দিয়া ঠোঁটত ঠোঁট গুজি 

মদাৰৰ ফেৰেঙনিত মগ্ন 

কপৌহাল ।

ফাগুনৰ বা লগা লাহী -পাহি 

পখিলা এজাক 

মোৰ ফালে খেদি আনা ।

নিজান দুপৰ 

কেৱল নিজৰ মাতটোহে শুনি ,

নৈৰ সোঁতত কঁপি কঁপি উটিছে ভাঁহিছে 

পাহোৱাল ম’হগুৱালৰ পেঁপা ; 

নৈৰ চাপৰিটো  টগবগ তৰুণ তেজাল 

ফুলৰ ইমান তেজ !

যোৱা ঐনিতম এটা বুটলি আনা 

ফুলাম বননিৰ পৰা,

মোৰ খোপাত গুজি দিয়া।

মন বনৰীয়া ফুল 

নিজানত ফুলে নিজানত সৰে ।

দেহ বনৰীয়া ফুল 

সুগন্ধি লুকাই মাটিত 

সৰাৰ আগেয়ে।

আমি বনৰ চৰাই 

আপং এবাতি পি 

ঐনিতম এটা জুৰি 

দুয়ো উধাও হ’ম দেই   

এই বসন্ততে  !!

________________

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments