বনগীত
লেখক- নূপুৰ হাজৰিকা
সৌ ফাগুনৰ ডালত কিৰিলিয়াই থকা শালিকা হাল উৰুৱাই দিয়া।
উৰুৱাই দিয়া ঠোঁটত ঠোঁট গুজি
মদাৰৰ ফেৰেঙনিত মগ্ন
কপৌহাল ।
ফাগুনৰ বা লগা লাহী -পাহি
পখিলা এজাক
মোৰ ফালে খেদি আনা ।
নিজান দুপৰ
কেৱল নিজৰ মাতটোহে শুনি ,
নৈৰ সোঁতত কঁপি কঁপি উটিছে ভাঁহিছে
পাহোৱাল ম’হগুৱালৰ পেঁপা ;
নৈৰ চাপৰিটো টগবগ তৰুণ তেজাল
ফুলৰ ইমান তেজ !
যোৱা ঐনিতম এটা বুটলি আনা
ফুলাম বননিৰ পৰা,
মোৰ খোপাত গুজি দিয়া।
মন বনৰীয়া ফুল
নিজানত ফুলে নিজানত সৰে ।
দেহ বনৰীয়া ফুল
সুগন্ধি লুকাই মাটিত
সৰাৰ আগেয়ে।
আমি বনৰ চৰাই
আপং এবাতি পি
ঐনিতম এটা জুৰি
দুয়ো উধাও হ’ম দেই
এই বসন্ততে !!
________________
অন্যান্য শিতান
Menu
Subscribe
Login
0 Comments
Inline Feedbacks
View all comments
