মই স্বাধীন নে?

লেখক- স্নিগ্ধা তৃষা ফুকন

বহুদিনৰ মূৰত

স্মৃতিৰ শ্মশানত ভূমুকি মাৰিছিল,

একুৰা উত্তপ্ত জুইৰ দৰেই

দাহ কৰিছিল মোৰ মন-মন্দিৰ।

গণতন্ত্ৰ, স্বাধীনতা

অপ্ৰকাশিত কিছুমান উজ্জ্বল শব্দ

অৰ্থহীন ভাৱে অৰ্থযুক্ত।

কথা পাতিছিলোঁ

বহু সময়!

সন্ধ্যা কাননত নিৰলে চকুলো টুকি

নিক্ষেপ কৰিছিল

এক প্ৰশ্নবোধক চাৱনি!

সঁচাকৈয়ে

নিঃশব্দতাও এক কথোপকথনৰ কলা।

চূৰ্ণবিচূৰ্ণ হৈছিল হৃদয়

প্ৰতিটো বাক্যত!

জীৱনৰ অপভ্ৰংশত

শেষ হৈছিল নিজৰ অস্তিত্ব।

গণতন্ত্ৰই কৈছিল

মোক কলুষিত নকৰিবা।

ক্ষোভ পুঞ্জীভূত হৃদয়ে

আন্তৰ্নাদ কৰিছিল।

গণতন্ত্ৰ

মই স্বাধীন নে?

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments