সুখ
লেখক- ধ্ৰুৱজোতি শৰ্মা
সুখৰ সংজ্ঞা কি
অতীত, ভৱিষ্যত
নে কৰ্ফাল খাই ৰোৱা জীৱন
কাৰ বাবে সুখৰ সংজ্ঞা
যৌৱনৰ চঞ্চলতাত বিভোৰ হৈ থকা প্ৰেমিক যুগল
নে পেটৰ তাড়নাত ককবকাই থকা সময়ৰ বাবে
দুখক লগ পাইছিলো সিদিনা
সুখৰ ঘৰৰ পৰা আহি আছিল দুখ
বহুদিন সুখৰ ঘৰত হেনো যোৱা নাই জীৱন
অথচ জীৱনৰ কোৰ্হালেৰে ভৰি আছে দুখৰ ঘৰ
কোনেনো কব দুখৰ ঘৰত সুখৰ কলৰৱ বোৱাই অহা জীৱনৰ উল্লাসিতাৰ কথা।
মন মাৰি থকা দেখি
দুখে হেনো সুখক কলে সিদিনা
কথাবোৰ কবি খোলাকৈ
জীৱনৰ গভীৰতাত নাথাকে কোনো অসূয়া
আবিৰ সনা সপোনবোৰ অথবা
ৰং বিৰঙী সময়ৰ বাহিৰেও
হৃদয়ৰ স্পন্দন হৈ থাকে
নিভৃত জীৱনৰ ক্ষণবোৰ
সুখ আৰু দুখৰ পৰা বহু দূৰৈত
সেই ক্ষণবোৰৰ ঘৰ
সুখৰ সংজ্ঞা তাৰ বাবে
দুখৰেই মাথোঁ এক প্ৰতিচ্ছবি।
অন্যান্য শিতান
Menu
Subscribe
Login
0 Comments
Inline Feedbacks
View all comments
