দেউতা

লেখক- সমীপ কুমাৰ ডেকা*

নিজলৈ

ভাবিব নজনা

সাঁচিব নজনা

অক্লান্ত যোদ্ধাজনেই

নহয় জানো

দেউতা

শৰীৰ ঘুণীয়া হ’লেও

আৰ্থিক দীনতাত ভুগিলেওঁ

মুখত হাঁহিটি ৰাখি

সন্তানৰ সকলো অভিযোগ ভাঙি

পৃথিৱীৰ সমস্ত আজুৰি আনি

সন্তানৰ সন্মুখত ৰখাজনেই

নহয় জানো

দেউতা!

 

দেউতাকবোৰ মাকবোৰৰ দৰে

সিমান জনপ্ৰিয় নহয়

ঢাকঢোল বজাই স্বীকৃতি লোৱাতো

বৰ পাকৈত নহয়

দায়িত্ব আৰু কৰ্তব্যৰ তাগিদাত

ভাবিবলৈ সময় নোপোৱা

দেউতাকৰ জনপ্ৰিয়তা ক’ৰবাত হেৰাই যায়

তথাপিতো দেউতাকৰ আক্ষেপ নাই

নীৰৱে সকলো পালন কৰি যায়

মোৰ দেউতা শ্ৰেষ্ঠ দেউতা

বুলি কিমানৰ মুখতনো শুনা যায়!

 

মাকৰ প্ৰিয় সন্তান থাকিলেও

দেউতাকৰ নাই

প্ৰিয় অপ্ৰিয়ৰ অশুভ পৰম্পৰাত

দেউতাকবোৰৰ বিশ্বাস নাই

দেউতাকৰ দৃষ্টিত

সকলোৰে কদৰ 

সমান হোৱা উচিত

ছোৱালীক কেৱল বিয়া দি

ল’ৰাক বিদেশত পঠোৱা সপোনবোৰত

তেওঁলোক নাই

সেইবাবেই হয়তো

দেউতাকবোৰৰ সিমান জনপ্ৰিয়তা নাই৷

 

এগৰাকী দেউতাকে নিবিচাৰে 

তেওঁৰ সন্তান

পিছ পৰক

হাৰি যাওঁক

ৰণত পৰি যাওঁক

দেউতাকৰতো এটাই লক্ষ্য

মোৰ সন্তানে দায়িত্ব বুজক

জগত চিনক

যুঁজিবলৈ শিকক৷

 

সেই দেউতাককে কিছুমান সন্তানে

নৰক যাতনা ভোগায়

বুঢ়া বুলি স্বীকৃতি দি

কায়দাৰে আঁতৰি যায়

অদম্য সাহসৰ প্ৰতীক সেই দেউতাকজন

এদিন সিহঁতৰ বাবে এলাগী হৈ যায়

কোনো কুলাংগাৰ পুত্ৰৰ আতিশয্যত

দেউতাকৰ বজ্ৰকণ্ঠ

হঠাতে ম্লান পৰি যায়

নিজে পতা ঘৰখনত

অঘৰী হৈ যায়

সন্তানৰ নামত উৎসৰ্গিত 

দেউতাকৰ জীৱন

কোনো আধুনিক সত্তাৰ কবলত পৰি 

ককবকায়

সকলোকে জিকিবলৈ শিকোৱা

দেউতাকজন

নিজ সন্তানৰ ওচৰতে 

হাৰি যায়

নীৰৱ সাধক দেউতাকবোৰে

বিষণ্ণ মনেৰে এদিন

অজান মুলুকলৈ এনেকৈয়েতো

আঁতৰি গুচি যায়৷৷




Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments