পিতৃৰ প্ৰেম দৃশ্যমান নহয়;মূল হিন্দী–চন্দ্ৰকান্ত দেৱতালে
অনুবাদক: মনালিছা পাঠক নেওগ
তোমাৰ নিৰ্মল চকুযুৰি
মোৰ নিঃসংগ ৰাতিৰ আকাশত
দূৰ নক্ষত্ৰৰ দৰে জ্বলি থাকে—
যেন অন্ধকাৰৰ গভীৰতালৈও
এচিকুট পোহৰ সাঁচি ৰখা কোনো প্ৰতিশ্ৰুতি।
পিতৃৰ প্ৰেম দৃশ্যমান নহয়।
ই আকাশৰ ইথাৰৰ দৰে—
নীৰৱ, অদৃশ্য, অথচ সৰ্বব্যাপী।
দৃশ্যমান হয় মাথোঁ তেওঁৰ উপদেশ,
যিবোৰ বহু সময়ত
তীক্ষ্ণ শিলৰ দৰে লাগে;
কিন্তু সেই কঠোৰতাৰ অন্তৰালত
নিঃশব্দে জ্বলি থাকে
এটা দীৰ্ঘ উদ্বেগ,
এটা অদৃশ্য আশীৰ্বাদ।
এই পৃথিৱীৰ অসংখ্য পিতৃৰ
অন্তহীন শাৰীত
মোৰ স্থান কোনখিনিত,
সেই কথা মই নাজানো।
কিন্তু ফুলেৰে সজোৱা
শিশুৰ সৰল পৃথিৱীখনত
তুমি মোৰ বাবে সদায় প্ৰথম—
সকলোতকৈ প্ৰিয়,
সকলোতকৈ দীপ্ত।
মোক ক্ষমা কৰিবা—
মোৰ সীমাহীন স্নেহ আৰু সৰল বিশ্বাসত
মই ভাবিছিলোঁ,
মোৰ ছাঁৰ তলতেই
তোমাৰ বাবে গঢ়ি তুলিব পাৰিম
এখন ৰঙীন, নিৰাপদ পৃথিৱী।
কিন্তু এতিয়া,
যেতিয়া তুমি সত্যৰ কঠিন পথত
নিজৰ ভৰিত থিয় হৈ
নিজৰ আকাশ বিচাৰি ল’বলৈ শিকিছা।
এতিয়া মোৰ হৃদয়ত
কোনো হাহাকাৰ নাই।
বৰঞ্চ এক গভীৰ শান্তি নামি আহে—এই কথা ভাবি যে,
মোৰ ভাষাৰ চৌহদৰ সিপাৰেও,
মোৰ স্বপ্নৰ সীমা অতিক্ৰম কৰিও,
তোমাৰ ছাঁ নিজাকৈ দীঘল হৈছে;
তুমি এতিয়া
মোৰ উচ্চাৰিত শব্দৰ বাহিৰতো,
মোৰ আশংকাৰ বাহিৰতো,
নিজৰ পোহৰ আৰু নিজৰ আকাশ লৈ
এখন স্বতন্ত্ৰ পৃথিৱীৰ অধিবাসী
আৰু এয়াই হয়তো
এজন পিতৃৰ নিঃশব্দ আনন্দ—
যেতিয়া তেওঁৰ সন্তান
তেওঁৰ হাতৰ মুঠিৰ পৰা মুক্তহৈও,
তেওঁৰ হৃদয়ৰ ভিতৰত
এটা অনন্ত বসন্ত হৈ ৰৈ যায়।।
