সম্পাদকীয়: সৌৰভ কুমাৰ চলিহা ৰচনাৱলীত এভূমুকি

লেখক- চিত্তৰঞ্জন ওজা

সৌৰভ কুমাৰ চলিহা কেৱল অসমৰ বাবে নহয় সমগ্ৰ বিশ্বৰ বাবে এক বিৰল, বিস্ময়কৰ প্ৰতিভাৰ অধিকাৰী আছিল। ২০০৮ চনত প্ৰকাশ পোৱা সৌৰভ কুমাৰ চলিহা ৰচনাৱলীখন হাতত লৈ মাজে মাজে পঢ়িলে দেখা পাওঁ সৌকুচৰ চিন্তাৰ গভীৰতা, অধ্যয়নৰ ব্যাপকতা, অন্তৰ্দৃষ্টি, মননশীলতা, সূক্ষ্ম পৰ্যবেক্ষণ। তেওঁৰ ৰচনা শৈলী আছিল স্বকীয়; এক বিশেষ কলাত্মক ৰূপত তেওঁ প্ৰকাশ কৰিছিল আধুনিক জীৱনৰ ছন্দপতন, অনিশ্চয়তা। সৌকুচৰ লেখাৰ এই স্বকীয় ধাৰা দেখা পোৱা যায় ১৯৫০ চনত লিখা আৰু ৰামধেনু আলোচনীত ১৯৫১ চনত প্ৰকাশ পোৱা ’অশান্ত ইলেক্ট্ৰন’ গল্পত। গল্পটোৰ পটভূমি আছিল স্বাধীনোত্তৰ কাল – ১৯৪৭-১৯৫০ চন, নিখিলৰ উদ্দেশ্যহীন জীৱন, সেইসময়ৰ অস্থিৰতা, ভাঙোন আৰু অনিশ্চয়তাৰে ভৰা সমাজখন। ১৯৫০ চনত দেখা পোৱা ’অস্থিৰতা, ভাঙন আৰু অনিশ্চয়তা’ আজি কেবা গুণে বাঢ়িছে। প্ৰতিনিয়ত দেখিবলৈ পোৱা গৈছে নৈতিকতাৰ স্খলন, জীৱনৰ নিৰাপত্তাহীনতা লগতে অস্থিৰতা আৰু অনিচ্ছয়তাৰে ভৰা সমাজৰ নৈতিক অৱক্ষয়। 

১৯৪৫ চনৰ পৰা ২০০৮ চনলৈ নিত্য নতুন কায়দাৰে ৰচিত সৌকুচৰ ৯০ টা গল্প প্ৰকাশ পাইছিল বিভিন্ন আলোচনী, বাতৰি কাকতত। এই সকলোবোৰ ‘সৌৰভ কুমাৰ চলিহা ৰচনাৱলী’ত সন্নিবিষ্ট হৈ আছে। তদুপৰি বিভিন্ন বাতৰি কাকত, আলোচনীত প্ৰকাশ পোৱা তেখেতৰ সানমিহলি ৰচনা সমগ্ৰ গ্ৰন্থখনত প্ৰকাশ পাইছে। ’কথা’ প্ৰকাশনে ২০০৮ চনতে প্ৰকাশ কৰা গ্ৰন্থখনৰ সম্পাদনাত আছিল শোণিত বিজয় দাস আৰু মুনীন বায়ন। সৌকুচ জীৱিত অৱস্থাত তেখেতৰ সন্মতিত তেখেতে বিচৰা ধৰণে গ্ৰন্থ উলিয়াই প্ৰকাশ কৰোঁতে সম্পাদকদ্বয়ে যে যথেষ্ট কষ্ট কৰিবগীয়া হৈছিল তাক বহলাই কোৱাৰ প্ৰয়োজন নাই। 

২০০৬ চনত সৌকুচৰ গল্প সংকলন জোনবিৰি প্ৰকাশ পাইছিল। ইয়াত ছটা ৰহস্য গল্প সন্নিবিষ্ট কৰা হৈছে। গল্পসমূহৰ নায়ক হ’ল অপৰ্ণা কুমাৰ পদ্মাপতি। সৌকুচ ওৰফে সুৰেন্দ্ৰ নাথ মেধিয়ে ১৯৬০ চনত অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ পদাৰ্থবিজ্ঞান বিভাগত অধ্যাপনা কৰিছিল আৰু ১৯৮৮ চনত তাৰ পৰাই অৱসৰ গ্ৰহণ কৰিছিল। প্ৰায় সমসাময়িকভাৱে অপৰ্ণা কুমাৰ পদ্মাপতিয়ে আমেৰিকাৰ এৰিজোনা ষ্টেট ইউনিভাৰ্চিটিৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী অৰ্জন কৰি অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ত মেকানিকেল ইঞ্জিনিয়াৰিঙত শিক্ষকতা কৰিবলৈ লয়। তেওঁ ১৯৮৮ চনৰ পৰা ১৯৯৩ চনলৈ অধ্যক্ষ পদত কৰ্মৰত হৈ আছিল। অকুপৰ বিচক্ষণ প্ৰসাশনিক দক্ষতাৰে কলেজখনৰ আন্তগাঁথনি আৰু উন্নত মানৰ শিক্ষাব্যৱস্থাৰ প্ৰচলন সম্ভৱ হৈছিল। অকুপ এজন প্ৰকৃতিবিদ আছিল, দীপৰ বিলৰ সংৰক্ষণৰ বাবে, কাজিৰঙাৰ জৈৱ বৈচিত্ৰৰ ৰক্ষাৰ হকে যথেষ্ট কাম কৰিছিল। প্ৰায় তিনিটা দশক সৌকুচ আৰু অকুপ সহকৰ্মী হিচাপে একেলগে কাম কৰিছিল। দুয়োৰে মাজত বিশেষ বন্ধুত্ব আছিল, দুয়োৰে মাজত বৌদ্ধিক দিশত বিভিন্ন আলোচনা চলিছিল। সুৰেন্দ্ৰ নাথ মেধিয়ে অৱসৰ লৈ জালুকবাৰীৰ চৰকাৰী বাসভৱনতে কিছু বছৰ আছিল। সেইসময়তো অকুপৰ অধ্যক্ষৰ কাৰ্যালয়ত গৈ প্ৰায়ে কথাবতৰা পাতিছিল। সেই আলোচনাবোৰৰ মাজত কলেজৰ কৰ্মচাৰী আৰু অনান্য মানুহৰ বহু সমস্যাৰ সমাধান দিছিল। কিছু ৰহস্যৰ উদ্ঘাটন কৰিবলৈ সক্ষম হৈছিল। তেনে কিছু ৰহস্য উদ্ঘাটনৰ কাহিনীৰে জোনবিৰি গ্ৰন্থখনত থকা ছয়টা গল্প ৰচনা কৰিছিল। ইয়াৰ ছয়টা গল্পতে অকুপৰ চৰিত্ৰটি ব্যোমকেশ বক্সি অথবা শ্বাৰ্লক হোমছৰ দৰে ৰহস্যঘন কাহিনীৰ মাজত অপৰাধীক বিচৰা পেছাগত ডিটেক্টিভৰ কাম নাছিল। সাধাৰণ মানুহৰ সৰু-সুৰা সমস্যাৰ সমাধানতহে ডিটেক্টিভৰ দৰে কাম কৰিছিল। প্ৰথম গল্পটোত চলিহা উপাধিৰ ব্যক্তিজনৰ ঘৰৰ গাড়ীৰ গেৰেজত তলামৰা অৱস্থাত নতুনকৈ কিনা গাড়ীখনৰ ৰেডিঅ’টো হেৰাল। দ্বিতীয় গল্পটোত তেওঁৰ সহকৰ্মীৰ পত্নীয়ে বিয়া এখনৰ পৰা আহি বাকচ এটাত সোণৰ গহনাখিনি ৰখাৰ পিছত বাকচটোৰ ছাবিপাত বিচাৰি নাপালে। তেনেদৰে তৃতীয় গল্পত সহকৰ্মীৰ পত্নীৰ সোণৰ হাৰ হেৰাল। এনেধৰণৰ সচৰাচৰ সন্মুখীন হোৱা ৰহস্যৰ উদ্ঘাটন কৰিছিল অকুপে। গ্ৰন্থখনৰ চাৰিটা গল্পত অজিতেশ বৰুৱা নামৰ আন এটা চৰিত্ৰ দেখুৱা হৈছে তেওঁৰ কাম হ’ল অধ্যক্ষৰ কোঠাত অকুপৰ সতে আড্ডা মৰা সময়ত ৰহস্যৰ ক্লু বিচৰাত সহায় কৰা। নিসন্দেহে এই চৰিত্ৰটি আন কোনো নহয় সুৰেন্দ্ৰ নাথ মেধি ওৰফে সৌকুচ নিজে। সূক্ষ্ম পৰ্যবেক্ষণৰ জৰিয়তে যে আমি দৈনন্দিন জীৱনৰ বহু ৰহস্যৰ উদ্ঘাটন কৰিব পাৰো এই ৰহস্যধৰ্মী গল্প কেইটাৰ জৰিয়তে জানিব পৰা যায়। নিসন্দেহে গল্প কেইটা বাস্তৱৰ পটভূমিত ৰচিত আৰু বহু পৰিমাণে সত্য ঘটনাৰ আধাৰত ৰচিত। গল্পসমূহত উল্লেখ থকা অকুপৰ পুৰণি অষ্টিন গাড়ীখনৰ বহু ইতিহাস আছে, মহাবিদ্যালয়ৰ তিনিটা দশকৰ প্ৰাক্তন ছাত্ৰ-ছাত্ৰী আৰু শিক্ষকে আজিও স্মৃতি ৰোমন্থন কৰে। জোনবিৰি গ্ৰন্থখন সৌকুচই অকুপৰ হাতত উচৰ্গা কৰি তেখেতৰ বিষয়ে এনেদৰে লিখিছিল, “সদা প্ৰফুল্ল, বহল হৃদয় আৰু উন্মুক্ত মনেৰে যাৰ জীৱনৰ ব্ৰত, যাৰ সান্নিধ্যলৈ অহা সকলোৰে বাবে যিজন হৈ পৰে উৎসাহ আৰু ভৰসাৰ থলী, নিজৰ সকলো অসুখ-অসুবিধা নেওচি অইনৰ ভাল কৰাই যাৰ অবিৰাম প্ৰয়াস, পৰিৱেশ আৰু প্ৰকৃতিৰ কল্যাণৰ বাবে সদা সক্ৰিয়……………।“               

সৌকুচৰ কথনশৈলীৰ বৰ্ণাঢ্য, চিন্তাৰ গভীৰতাৰ আভাস পাব পাৰি তেওঁৰ প্ৰবন্ধসমূহ পঢ়ি। তেনে এটা প্ৰবন্ধ হ’ল ’লিখোঁ কিয়?’। আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ অনুৰোধত এই প্ৰবন্ধটো লিখিছিল। এই লেখাটোত গৌতম বুদ্ধৰ এটা কাহিনী বৰ্ণনা কৰিছিল। কেইজনমান শিষ্যই বুদ্ধক নানা প্ৰশ্নৰে ব্যতিব্যস্ত কৰি তুলিছিল – দুখ যন্ত্ৰণাৰ পৰা কেনেকৈ মুক্তি পোৱা যায়, কামনা বাসনাৰ পৰা পৰিত্ৰাণ পোৱৰ উপায় আদি। অস্তিত্বহীনতা, শূন্যতা আদি নানান কথা। বহু সময় বুদ্ধ নীৰৱে ৰৈ শিষ্যসকলক ক’লে, “তোমালোকৰ এই প্ৰশ্নৰ কোনো উত্তৰ নাই।“ প্ৰশ্নৰে ব্যতিব্যস্ত কৰা শিষ্যসকল বিদায় লোৱাৰ পিছত বুদ্ধই বাকী শিষ্যসকলক এটা কাহিনী ক’বলৈ আৰম্ভ কৰে। বুদ্ধই এদিন ঘূৰি ফুৰোঁতে এটা ঘৰ দেখা পালে, ঘৰটোৰ চালত জুই লাগিবলৈ ধৰিছে। লগে লগে বুদ্ধই দৌৰ মাৰি আগুৱাই গৈ ঘৰৰ ভিতৰত আৱদ্ধ হৈ থকা মানুহবোৰক ওলাই আহিবলৈ ক’লে। ঘৰৰ ভিতৰত আৱদ্ধ হৈ থকা মানুহ কেইজনৰ কোনো ল’ৰালৰি নাই। বৰং তেওঁলোকে প্ৰশ্নহে কৰিবলৈ লৈছে, বাহিৰত এতিয়া বতৰ কেনেকুৱা, বৰষুণ দিব নেকি, বতাহ বলিছে নেকি ইত্যাদি ইত্যাদি। বুদ্ধই মানুহবোৰৰ প্ৰশ্নৰ কোনো উত্তৰ নিদিলে, লাহেকৈ ঘৰটোৰ পৰা ওলাই আহিল আৰু ভাবিলে, “যিসকলৰ গাত এতিয়াও তাপ লগা নাই, বৰং কথা বিনিময় কৰি থকাতহে যাৰ আগ্ৰহ অধিক, তেওঁলোকক মোৰ ক’বলগীয়া একো নাই।“ এই সাধুটো যেন অসমীয়া মানুহখিনিৰ উদ্দেশ্যেহে বুদ্ধই কৈছিল। আমাৰ প্ৰত্যেকৰে ঘৰৰ চালি কেইখন পুৰিবলৈ লৈছে। আমি ঘৰৰ ভিতৰতে ব্যস্ত হৈ পৰিছো বাহিৰত বতৰ কেনেকুৱা, বাহিৰৰ ৰ’দৰ উত্তাপত থাকিব পাৰিম নে, অথবা ঠাণ্ডাত কঁপি থাকিম নেকি, ইপিনে যাম নে সিপিনে যাম। আমি ঘৰৰ বাহিৰ ওলাব লাগে এই সিদ্ধান্তটোৱে ল’ব পৰা নাই, কোন পিনে যাম, কি কৰিম সেয়া পিছৰ কথা। গতিকে আমাৰ দৰে মানুহ ঘৰৰ ভিতৰতে পুৰি মৰিবই। বিজ্ঞজনে সেইটোৱে উপদেশ দিব, তোমালোকে জুইত পুৰি মৰাই ভাল। 

সৌৰভ কুমাৰ চলিহা ৰচনাৱলীৰ পাত লুটিয়াই গৈ থাকোঁতে এটা প্ৰবন্ধত ৰৈ যাব লগীয়া হ’ল। প্ৰবন্ধটিৰ শিৰোনাম হ’ল – চাইকেল। প্ৰবন্ধটিৰ আৰম্ভণিতে তেওঁ লিখিছে, “আমাৰ স্খলনৰ এটা ঘাই কাৰণ হ’ল আমাৰ দেশপ্ৰেমৰ বিলুপ্তি, স্বাভিমানৰ অভাৱ – আজি আমি নিজৰ সকলো ভাল কথা এৰি দি অইনৰ বেয়াবোৰ বান্দৰৰদৰে অনুকৰণ কৰা এটা জাতি।“ এখন ঠাইৰ স্বাভিমানৰ কথা বুজাবলৈ তেওঁ জাৰ্মানীৰ গ্যটিংগেন চহৰৰ কাহিনী এটা বৰ্ণনা কৰিছিল। সৌকুচ ওৰফে সুৰেন্দ্ৰ নাথ মেধিয়ে ১৯৫০ চনত পদাৰ্থ বিজ্ঞানত স্নাতক ডিগ্ৰী লাভ কৰি ১৯৫২ চনত ইংলণ্ডৰ লিভাৰপুলত উচ্চ শিক্ষাৰ বাবে যায়। তেওঁ লণ্ডন ইউনিভাৰ্ছিটিৰ পৰা পদাৰ্থ বিজ্ঞানত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে আৰু তাৰ পিছত তেওঁ জাৰ্মানীৰ আপেক্ষিকভাৱে সৰু চহৰ গ্যটিংগেনৰ এখন স্কুলত শিক্ষকতাৰে নিজৰ কৰ্ম জীৱনৰ পাতনি মেলে। জাৰ্মানীৰ কেইবাখনো শিক্ষানুষ্ঠানত পাঠদানৰ অভিজ্ঞতা লৈ ১৯৬০ চনত তেওঁ গুৱাহাটীলৈ প্ৰত্যাৱৰ্তন কৰে আৰু অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ত যোগদান কৰে। গ্যটিংগেনত সৌকুচই এখন চাইকেল দোকানত সোমাই চাইকেল চাই আছিল। চাইকেলৰ দাম দেখি তেওঁ বুজি পালে যে কম দৰমহাৰ চাকৰিৰে এইখন কিনা সম্ভৱ নহয়। চাইকেল দোকানৰ মালিক হে’ৰ ডিডেৰিখে সৌকুচৰ স’তে ভাব বিনময় কৰিলে। সৌকুচই গুৱাহাটীখন কিমান ধুনীয়া তাকে ক’লে। চাইকেল এখন যিকোনো প্ৰকাৰে সৌকুচক দিবলৈ তেওঁ আগ্ৰহ প্ৰকাশ কৰে, সেয়া গ্যটিংগেনৰ সন্মানৰ কথা। সৌকুচই বুজালে যে নতুন চাইকেল এখনৰ যিমান দাম সেই দামত কিনা তেওঁৰ বাবে সম্ভৱপৰ নহয়। তথাপি মালিকে এৰি দিয়া নাই। তেওঁ সুধিলে এখন চাইকেলৰ বাবদ সৌকুচই কিমান ধন দিব পাৰে। বজাৰৰ মূল্যতকৈ বহু কম মূল্য – দহ মাৰ্ক দিব পাৰিব বুলি ক’লে। সেইখিনিতে সেইদিনাৰ আলোচনা সমাপ্ত হ’ল। ইয়াৰ কিছুদিন পিছত তেওঁ সেই পিনে যাওঁতে চাইকেল দোকানখনত সোমাল। মালিকে ক’লে দহ মাৰ্কত তেওঁ চাইকেল এখন দিব পাৰিব। সৌকুচ আচৰিত হ’ল, ১০০ মাৰ্কৰ চাইকেল ১০ মাৰ্কত দিব, ধেমালি কৰিছে নেকি। ৱৰ্কশ্বপত বহুতো পুৰণি পাৰ্টচ পৰি আছে। সেইবোৰ মিলাই চাইকেল এখন হৈ যাব। কেইদিনমান পাছত সঁচাকৈয়ে সৌকুচৰ বাবে মালিকজনে কষ্টেৰে চাইকেল এখন প্ৰস্তুত কৰি দিলে। চাইকেলখন দিবৰ সময়ত তেওঁ সৌকুচৰ পৰা এক মাৰ্ক বেছিকৈ বিচাৰিলে। কাৰণটো তেওঁ ক’লে যে চাইকেলখনৰ সন্মুখত গ্যটিংগেন চহৰৰ প্ৰতীক এটা লগাই দিছে। সেই প্ৰতীকটো গ্যটিংগেনৰ নাগৰিকৰ স্বাভিমান। সৌকুচই ইয়াত যেতিয়া চাইকেলখন চলাব, বন্ধু-বান্ধৱে সুধিলে ক’ব পাৰিব যে এইখন মেইড্ ইন গ্যটিংগেন। কাহিনীটোৰ জৰিয়তে সৌকুচই গ্যটিংগেন চহৰৰ মানুহৰ স্বাভিমান প্ৰকাশ কৰিছে। ১০০ মাৰ্কৰ চাইকেলখন লোকচান ভৰি হ’লেও ১০ মাৰ্কত দিব পাৰে কিন্তু এক মাৰ্ক নিজৰ ঠাইৰ স্বাভিমানৰ বাবে তেওঁ ল’ব। হে’ৰ ডিডেৰিখৰ দৰে স্বাভিমান আমাৰ দেশৰ কেইজনৰ গাত আছে? টকাৰ বাব নিজৰ দেশখনকে বিক্ৰী কৰিবলৈ সৰ্বদা সাজু থাকো আমি।   

’কথা’ প্ৰকাশনক ধন্যবাদ যে ২০০৮ চনতে সৌৰভ কুমাৰ চলিহা ৰচনাৱলীখন প্ৰকাশ কৰিলে। নহ’লে হয়তো তেখেতৰ মৃত্যুৰ পোন্ধৰ বছৰ পিছত বহু লেখা হেৰাই গ’লহেঁতেন। কিন্তু আজিলৈ সুৰেন্দ্ৰ নাথ মেধিৰ নামত প্ৰকাশ পোৱা দুখন গ্ৰন্থৰ লগতে বিভিন্ন আলোচনী, বাতৰি কাকতত প্ৰকাশিত আৰু সিঁচৰতি হৈ থকা প্ৰবন্ধসমূহ একেলগ কৰি প্ৰকাশ কৰা হৈ উঠা নাই। এতিয়াই যদি সেইবোৰ সংগ্ৰহ কৰি প্ৰকাশ কৰা নাযায় বহুতো মূল্যৱান লেখা কালৰ সোঁতত যে হেৰাই যাব সেয়া ধূৰুপ। আজিকালি পঢ়ুৱৈৰ সংখ্যা যেনেদৰে কমি গৈছে তেনে একোখন বৃহৎ কলেৱৰৰ গ্ৰন্থ প্ৰকাশ কৰিলেও বজাৰত কেইখনমান কপিহে বিক্ৰী হোৱাৰ সম্ভাৱনা থাকে। লাভৰ অংক নথকা হেতুকে সাধাৰণতে প্ৰকাশকসকল আগবাঢ়ি নাহে। তেনে পৰিস্থিতিত ট্ৰাষ্ট বা ফেন ক্লাবে প্ৰকাশৰ দায়িত্ব লয়। সুৰেন্দ্ৰ নাথ মেধিৰ গুণগ্ৰাহী সকলৰ ইমান দিনৰ আশা পূৰণ হোৱাৰ লক্ষ্যৰে দেৱপ্রিয় দাস, বিনয় মোহন শইকীয়াই অশেষ কষ্ট স্বীকাৰ কৰি সুৰেন্দ্ৰ নাথ মেধি ৰচনাৱালী প্ৰকাশৰ যো-জা কৰিছিল। ২৫ জুনত তেখেতৰ পঞ্চদশ মৃত্যু দিৱসত গ্ৰন্থখন উন্মোচন কৰা কথা আছিল।   গুণগ্ৰাহীসকলে প্ৰকাশৰ খৰচ বহন কৰিবলৈ আগবাঢ়ি আহিছিল। শেষত শুনা পালো কোনো এজন ’ভদ্ৰ’লোকে আইনী ব্যৱস্থাৰ ভাবুকি দি গ্ৰন্থখনৰ প্ৰকাশত বিধি পথালি দিছে। ’ভদ্ৰ’লোকজনে নিজেই আগভাগ লৈ গ্ৰন্থখন প্ৰকাশ কৰিলে আমি নিশ্চয় অতিশয় আনন্দিত হ’লোহেঁতেন। নিজেও কামটো নকৰি আনে ভাল কাম এটা কৰিবলৈ লওঁতে বাধা প্ৰদান কৰা কথাটো সহজে ল’ব নোৱাৰিলোঁ। আমি এতিয়াও আশাবাদী। পঞ্চদশ মৃত্যু দিৱসত প্ৰকাশ কৰিব নোৱাৰিলেও অনতি পলমে সুৰেন্দ্ৰ নাথ মেধি ৰচনাৱলীখনে নিশ্চয় প্ৰকাশৰ মুখ দেখা পাব। অসমীয়া সাহিত্যৰ ভঁৰাল টনকিয়াল হ’ব। 



 

শিতানটিৰ অন্যান্য লেখাসমূহ পঢ়ক

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments