সেউজ সমাধি

লেখক- ড. গীতালি শইকীয়া।

সেইদিনা পুৱাতেই যোৰহাটলৈ যাত্ৰা আৰম্ভ কৰিছিলোঁ। ঘৰলৈ যোৱাৰ হেঁপাহত মন ভৰি আছিল। টেপেছিয়া পাৰ হৈ ডিগাৰু নদীৰ ওপৰত থকা দলংখন অতিক্ৰম কৰিয়েই আমাৰ বাছখন হঠাতে ৰৈ গ’ল। প্ৰথমতে কোনো যাত্ৰী উঠাবলৈ বাছখন ৰখোৱা বুলিয়েই ভাবিছিলোঁ। পাঁচ মিনিট মানৰ পাছত বাছখনৰ কনডাক্টৰজনে যাত্ৰীসকলক জনালে যে বাছখনৰ যান্ত্ৰিক বিজুতি ঘটিছে সেয়েহে কিছুসময় ৰ’ব লাগিব। বিৰক্ত হ’লেও ৰাস্তাত হ’ব পৰা দুৰ্ঘটনাৰ পৰা হাত সাৰিবলৈকে সকলোৱে কনডাক্টৰৰ কথা মানি ল’লে। 

নদীৰ প্ৰতি মোৰ সৰুৰে পৰা আন্তৰিক টান আছে। সেয়েহে বাছৰ পৰা নামি গ’লো। ইতিমধ্যে ধৰাৰ বুকুলৈ সংগোপনে শীতৰ আগমন ঘটিছিল। পুৱাৰ কোমল ৰ’দালিজাক গাঁত লগাত ভালেই লাগিছিল। কিন্তু হঠাতে চকু গ’ল পথৰ পৰা বাঁওকাষে কিছু দূৰৈত থকা শ্মশানখনত বহুত মানুহ গোট খাই আছে। শ্মশানখন নদীৰ একেবাৰে কাষতেই। 

মৃত শৰীৰ দাহ কৰাৰ পাছত নদীতেই সকলো বৰ্জনীয় পদাৰ্থ মিহলি হয়। মৃতদেহ দাহ কৰাৰ ফলত আকাশ অভিমুখী ধোঁৱাৰ কুণ্ডলী সৃষ্টি হৈছিল। মৃত ব্যক্তিজনৰ আত্মীয়ৰ কান্দোনৰ শব্দ কাণত পৰিছিল। গাড়ীখন নদীৰ কাষত বেয়া হোৱাৰ বাবে মনে মনে পুলক অনুভৱ কৰিছিলোঁ যদিও এতিয়া এই পৰিৱেশটো কিছু অস্বস্তিকৰ হৈ পৰিল। মই সাউতকৈ আহি বাছত বহিলোঁহি। এগৰাকী যাত্ৰীয়ে বাছৰ খিড়িকীবোৰ বন্ধ কৰি দিবলৈ হেণ্ডিমেনক নিৰ্দেশ দিলে। বতাহে শ্মশানৰ ফালৰ পৰা এটা অচিনাকি গোন্ধ কঢ়িয়াই আনিছিল। অভিজ্ঞ ব্যক্তিজনে মোৰ ফালে চাই ক’লে—”মৰাশ পোৰাৰ গোন্ধ ওলাইছে।” 

কিয় জানো মুহূৰ্ততে এক উদাসীনতাত মনতো ডুব গ’ল। ডিগাৰুৰ পানীতেই নহয় প্ৰতিদিনেই আমাৰ দেশৰ সৰু ডাঙৰ নদীবোৰত এনেদৰেইতো মানুহৰ বৰ্জনীয় পদাৰ্থ মিহলি হৈ নদীবোৰক তিলতিলকৈ মাৰি আহিছে। মই বুজি পালোঁ, আজিৰ এই যাত্ৰাই

মোক আৰু কোনো মাদকতা দিব নোৱাৰে। নদী ভাল পোৱা প্ৰত্যেক মানুহেই আজি নদীৰ দুৰৱস্থাক লৈ শংকিত আৰু আমি সকলোৱে সকলো কথা বুজিও নুবুজাৰ দৰে নদী, গছ, আকাশত আঘাত 

 হানি আপোন পৃথিবীখন ধ্বংসৰ মুখলৈ ঠেলি দিছে। প্ৰতিবছৰেই বাঢ়ি আহিছে উষ্ণতা। গৰমত বহুতেই প্ৰাণ হেৰুৱাইছে কিন্তু তথাপি প্ৰতিকাৰৰ বাবে আমি যেন পৰ্যাপ্ত ব্যৱস্থা গ্ৰহণ কৰা নাই। আমাৰ সামাজিক কিছুমান ব্যৱস্থাই পৰিৱেশলৈ ভাবুকি কঢ়িয়াই আনিছে। ডিগাৰুৰ পাৰত সম্মুখীন হোৱা সেই পৰিস্থিতিয়ে মোক মাজে মাজে ভাবুক কৰি তোলে। কিছুদিনৰ পাছত বিশেষ এটা কামত দিল্লীলৈ যাব লগা হৈছিল। দিল্লীত থকা মোৰ ভাইটিৰ বন্ধু এজন আমাক লগ ধৰিবলৈ আহিছিল। কথাৰ মাজতে তেওঁ জনালে যে তেওঁ মোক্ষদা নামৰ এটা বেচৰকাৰী সংস্থাৰ সক্ৰিয় সদস্য। মোক্ষদাই প্ৰধানকৈ কি কাম কৰে জানিবলৈ বিচৰাত তেওঁ ক’লে যে পৰিৱেশ ৰক্ষাৰ বাবে মোক্ষদাই ১৯৯২ চনৰ পৰাই কাম কৰি আহিছে। মোক্ষদাৰ বিষয়ে অধিক জানিবলৈ বিচাৰিলে মই তেওঁলোকৰ ৱেবছাইটত চাব পাৰিম বুলি বন্ধুজনে জনালে। মোক্ষদাৰ বিষয়ে তেতিয়াই জানিবলৈ মই মোক্ষদাৰ ৱেবছাইটত সোমালোঁগৈ। মোক্ষদাৰ উদ্দেশ্যৰ বিষয়ে জানিয়েই এক অবুজ আবেগত মন ভৰি পৰিল। কাৰণ মোক্ষদাই বৃক্ষৰোপণ, সংৰক্ষণৰ বাবে এক অভিনৱ পদ্ধতি গ্ৰহণ কৰি আছে। দাহ সংস্কাৰ যুগ যুগ ধৰি সনাতন বৈদিক পৰস্পৰাৰে ভাৰতত চলি আহিছে। প্ৰতি বছৰেই এই পৰম্পৰাই হাজাৰ হাজাৰ গছ ধ্বংস কৰাৰ লগতে আমাৰ পৰিৱেশলৈ এৰি দিছে বিষাক্ত গেছ। মোক্ষদাই মানুহৰ মাজত সেয়েহে এই পদ্ধতিৰ কিছু সংস্কাৰ অনাৰ বাবে সজাগতা সৃষ্টি কৰাৰ লগতে স্থাপন কৰিছে পৰিৱেশ অনুকূল দাহ ব্যৱস্থাৰ শ্মশান, য’ত প্ৰাকৃতিক গেছৰদ্বাৰা মৃতদেহ দাহ কৰা হয়। ইয়াৰ বাবে চি এন জি মেচিন বহুওৱা হৈছে। চি এন জি মেচিনৰ দ্বাৰা মৃতদেহ দাহ কৰা প্ৰক্ৰিয়াত প্ৰাকৃতিক পৰম্পৰাৰে মৃতদেহ দাহ কৰাতকৈ বহু কম পৰিমাণৰ কাঠ ব্যৱহাৰ হয় আৰু কম সময়ত সমগ্ৰ দাহ প্ৰক্ৰিয়াটো অন্ত পৰে। অৰ্থাৎ পৰম্পৰাগত পদ্ধতিৰে মৃতদেহ

দাহ কৰাতকৈ ৯০ শতাংশ কম প্ৰদূষণ হয়। ইতিমধ্যে বিভিন্ন উৎসৰ পৰা নিৰ্গত গেছে মানুহৰ জীৱন ধাৰণক ব্যাপকভাবে প্ৰভাৱিত কৰিছে। দিল্লীত বিগত বৰ্ষসমূহত বায়ু প্ৰদূষণে বহু মানুহৰ জীৱনলৈ সংকট অনাৰ কথা আমাৰ সকলোৰে জ্ঞাত। মোক্ষদাই সেয়েহে সেই পদ্ধতিক জনপ্ৰিয় কৰিবলৈ আপ্ৰাণ চেষ্টা চলাইছে। ৱেবছাইটত পঢ়ি সকলো কথা হৃদয়ংগম কৰাটো সম্ভৱপৰ নহয়। ভাইটিৰ বন্ধুজন পুনৰ আবেলি আমাৰ কোঠালৈ আহিছিল। আমাৰ আলোচনাত পৰিৱেশ অনুকূল শ্মশানৰ কথাই প্ৰাধান্য পালে। বন্ধুজনক সুধিছিলোঁ—”যুগ যুগ ধৰি চলি অহা এই পৰম্পৰা পৰিৱৰ্তন কৰিবলৈ যাওঁতে তেওঁলোকে সাধাৰণ মানুহৰ পৰা বাধাৰ সন্মুখীন হোৱা নাইনে?” তেওঁ হাঁহি মাৰি ক’লে যে কিছুমান ঠাইত সমাজৰ নেতৃস্থানীয় ব্যক্তিয়েই মোক্ষদাৰ সদস্যসকলক ডাবি-ধমকি দিয়ে, কাৰণ মৃতদেহ সংস্কাৰৰ প্ৰক্ৰিয়াটোত বহু ব্যক্তি জড়িত হৈ থাকে। ভাৰতীয় বিশ্বাস অনুসৰি দাহ পৰ্বত মৃত ব্যক্তিজনো জড়িত হৈ থাকে আৰু শৰীৰটো পৱিত্ৰভাৱে জ্বলাই দিয়া প্ৰক্ৰিয়া মৃত ব্যক্তিজনৰ ত্যাগ বুলি গণ্য কৰা হয়।

মৃত ব্যক্তিজনৰ ত্যাগ বুলি গণ্য কৰা হয়। আত্মীয়ৰ মৃত্যু এজন ব্যক্তিৰ বাবে অতি স্পৰ্শকাতৰ বিষয়। দুখত জৰ্জৰিত হৈ থকা ব্যক্তি এজনে আত্মীয়ৰ মৃতদেহ সন্মুখত লৈ পৰিৱেশ প্ৰদূষণৰ কথা ভবাৰ পৰ্যায়ত নাথাকে। তদুপৰি কোনো ব্যক্তিয়ে যদি পৰিৱেশ অনুকূল প্ৰাকৃতিক গেছেৰে আত্মীয়ৰ মৃতদেহ সংস্কাৰ কৰিব বিচাৰে তেতিয়া সমাজব বিদ্ৰূপৰো সম্মুখীন হয়। পৰিবেশ অনুকূল প্ৰক্ৰিয়াটোত যিহেতু গেছেৰেই শীৰৰটো দাহ কৰা হয় সেয়েহে অতি কম পৰিমাণৰ কাঠ ব্যৱহাৰ হয় আৰু অন্যান্য খৰচো হ্ৰাস পায়। কঠোৰ ৰীতি-নীতি মানি চলাৰ নামত বহুতে মৃত আত্মীয়ক পৰম্পৰাগত পদ্ধতিৰেই দাহ কৰে। মৃতদেহ দাহৰ বাবে ভাৰতত জধেমধে গছ কটা হয় আৰু গছৰ চোৰাং বেহাও হয়। প্ৰতিবছৰে ভাৰতত ৮.৫ মিলিয়ন মানুহৰ মৃত্যু হয় আৰু ৮ মিলিয়ন কাৰ্বনডাই অক্সাইড পৰম্পৰাগত মৃতদেহ সৎকাৰ প্ৰক্ৰিয়াৰ বাবে বায়ুমণ্ডলত মিলিত হয়। কেৰল অৰ্থ উপাৰ্জনৰ আকাংক্ষাত জীয়াই থকা এচাম মানুহে প্ৰকৃতিৰ ধ্বংসৰ প্ৰতি গুৰুত্ব নিদি বেআইনীভাৱে গছ কাটে। আচলতে মৃতদেহ সংস্কাৰ প্ৰক্ৰিয়াটোও সেইসকল লোকৰ বাবে উদ্যোগতহে পৰিণত হৈছে। মোক্ষদাৰ জৰিয়তে বংশ পৰিয়াল থকা মৃত ব্যক্তিৰ পৰিৱৰ্তে অচিনাক্ত মৃতদেহৰহে অধিক সৎকাৰ কৰা হয়। একে উশাহতে কথাবোৰ কোৱাৰ দৰে তেওঁ মোক আমাৰ ৰাজ্যত তেনে কোনো বিকল্প পদ্ধতিৰে মৃতদেহ সৎকাৰ কৰা হয় নেকি সুধিলে। মোৰ ওচৰত তেওঁক দিবলৈ কোনো ইতিবাচক উত্তৰ নথকাত মই লজ্জা অনুভৱ কৰিলোঁ। তীক্ষ্ণ বুদ্ধিৰ ছাত্ৰজনে অসমৰ নদ-নদীবোৰৰ বিষয়েও বহু খবৰ ৰাখিছে। শেহতীয়াকৈ আমাৰ ব্ৰহ্মপুত্ৰত হোৱা প্ৰদূষণৰ কথাও তেওঁ মোক ক’লে। অসমৰ নদ-নদীৰ পৰা বহুকেইটা প্ৰজাতিৰ জলচৰ প্ৰাণীৰ বিলুপ্তি ঘটিছে। বিশেষকৈ শিহুৰ সংখ্যা উদ্বেগজনকভাৱে হ্ৰাস পাইছে আৰু ইয়াৰ কাৰণ হৈছে জল প্ৰদূষণ। মই ডিগাৰুৰ অভিজ্ঞতাও তেওঁক ক’লোঁ। গংগা নদীত প্ৰতিবছৰেই ভাৰতৰ ভিন্ন প্ৰান্তৰ লোকে অস্থি বিসৰ্জন দিয়ে। একেদৰেই আমাৰ ব্ৰহ্মপুত্ৰতো অস্থি বিসৰ্জন দিয়া হয়। তেওঁ মোক মৃতদেহ সৎকাৰৰ পৰম্পৰাগত পদ্ধতিয়ে যে পৰিৱেশক কিমান অত্যাচাৰ কৰিছে সেই বিষয়ে দীঘলীয়াকৈ ক’লে। সেই সময়ত মোৰ চকুৰ আগত ভাহি আছিল ভৰলুৰ আৱৰ্জনাবোৰ। মৃতদেহ সৎকাৰৰ বাবে পৰিৱেশ প্ৰদূষণ হোৱা কথাটো ১৯৬০ চনতে ৰাষ্ট্ৰীয় সেউজ প্ৰাধিকৰণৰ দৃষ্টিত পৰিছিল। ভাৰতৰ পৰিবেশ মন্ত্ৰালয়ৰ লগত আলোচনা মৰ্মে এই সমস্যা সমাধানৰ বিকল্প ব্যৱস্থা গ্ৰহণৰো নিৰ্দেশ দিয়া হৈছিল। কিন্তু ভাৰতৰ অধিকাংশ মানুহে এই পৰম্পৰা সলনি কৰিবলৈ মান্তি নহয়। 

ভাৰতত দ্ৰুতগতিৰে জনসংখ্যা বৃদ্ধি হৈছে আৰু তাৰ সমান্তৰালভাৱে প্ৰদূষণো বৃদ্ধি হৈছে। কল-কাৰখানা আৰু বাসস্থান স্থাপন নকৰিলেও নহয় অথচ তাৰ বাবে ব্যাপকভাবে অনিষ্ট হৈছে পৰিৱেশৰ। সেয়েহে সময়ৰ আহ্বানত সঁহাৰি জনাই আমি আমাৰ মানসিকতাৰ পৰিৱৰ্তন ঘটাবই লাগিব। সেউজ সমাধি পৰিবেশ অনুকূল দাহ সংস্কাৰ পদ্ধতিয়ে আৰ্থিকভাবে দুৰ্বল শ্ৰেণীকো যথেষ্ট সকাহ দিয়ে। মই ব্যক্তিগতভাৱে এনেকুৱা মানুহো লগ পাইছোঁ, যি পিতৃ-মাতৃ বা আত্মীয়ৰ চিকিৎসাত সৰ্বস্বান্ত হৈছে আৰু মৃতদেহ সৎকাৰৰ বাবে প্ৰয়োজনীয় ধনৰ বাবেও আনৰ ওচৰত হাত পাতিবলগীয়া হৈছে। মোক্ষদাই অতি ন্যূনতম পৰিমাণৰ কাঠ ব্যৱহাৰ কৰাৰ ফলত বহু টকা ৰাহি হয়। এজন ব্যক্তিক পৰম্পৰাগত পদ্ধতিৰে দাহ কৰোঁতে প্ৰায় ৬ ঘণ্টামান সময়ৰ প্ৰয়োজন হয় আৰু ৫০০ৰ পৰা ৬০০ কেজি কাঠৰ প্ৰয়োজন হয়। কিন্তু নতুন পদ্ধতিৰে সৎকাৰ কৰিলে মাত্ৰ ১৫০ৰ পৰা ২০০ কিলোগ্ৰাম কাঠহে প্ৰয়োজন হয়। সকলোৱে নিজৰ আত্মীয়জনক পৰম্পৰাগত পদ্ধতিৰে অতি শ্ৰদ্ধাৰে বিদায় জনাব খোজে। সেই প্ৰক্ৰিয়াত যিবোৰ নিয়ম-নীতি পালন কৰা হয় গেছ প্ৰয়োগ কৰি কৰা প্ৰক্ৰিয়াত সেই নিয়মসমূহ পালন কৰিব নোৱাৰিব আৰু মৃত ব্যক্তিজনৰ আত্মাই মুক্তি নাপাব বুলিও বহুতেই আশংকাত ভোগে। মোক্ষদাৰ শ্মশানত সেয়েহে আত্মীয়সকলক প্ৰায় সকলো নিয়ম পালনৰ সুযোগ দিয়া হয় আৰু গেছৰ দ্বাৰা দাহ পৰ্ব সমাপন কৰাৰ পাছত মৃতদেহৰ পৰা উৎপন্ন ভস্ম আত্মীয়ৰ হাতত গতাই দিয়া হয়। কিন্তু সেই ভস্মখিনিওৈো় অস্থি বিসৰ্জনৰ নামত নদীতেই পেলোৱা হয়। মোক্ষদাৰ হাতত এই সমস্যাৰো সমাধান ওলাল। মথুৰাৰ ব্ৰজভূমিত মোক্ষদাই নেতৃস্থানীয় লোকসকলৰ সৈতে আলোচনা কৰি গোবৰ্দ্ধন গাঁৱত বৃক্ষ সংৰক্ষণৰ অভিনব পন্থা গ্ৰহণ কৰিছে। এই গাঁওখন ভাৰতৰ আটাইতকৈ ডাঙৰ গাঁও। দাহ সংস্কাৰৰ পাছত যিবোৰ ভস্ম ওলাই সেই ভস্ম গৰুৰ গোবৰত মিহলাই গছৰ গুৰিত সাৰ দিয়াৰ ব্যবস্থা তেওঁলোকে কৰিছে। এই প্ৰক্ৰিয়াৰ দ্বাৰা ৰোপণ কৰা গছজোপাই মৃত আত্মীয়ৰ স্মৃতি বহন কৰি থাকিব আৰু মৃত্যুৰ পাছতো তেওঁ পৰোক্ষভাবে নিজৰ সমাজখনলৈ অক্সিজেন, ছাঁ আৰু বতাহৰ ৰূপত অবদান আগবঢ়াই থাকিব। অতি সংবেদনশীল এই কথাই গাঁওবাসীৰ অন্তৰ চুবলৈ সক্ষম হ’ল। প্ৰাকৃতিকভাবে উৎপন্ন কৰা গেছত গৰুৰ গোবৰৰ ব্যাপক ব্যৱহাৰ হয়। ব্ৰজভূমিত যথেষ্টসংখ্যক গো-পালক আছে। কিন্তু গো-পালকসকলৰ আৰ্থিক অবস্থা সচ্ছল নহয়। সেয়েহে মোক্ষদাই গৰুৰ গোবৰ, গো-মূত্ৰ ব্যৱসায়িক দৃষ্টিৰে উৎপাদনৰ ব্যৱস্থাও কৰিছে। ইয়াৰ ফলত গো-পালকৰ আৰ্থিক অবস্থাও ভাল হ’ব। মোক্ষদাৰ এনে প্ৰশংসনীয় পদক্ষেপে বিদেশতো আদৰ লাভ কৰিছে যদিও আমাৰ দেশত এই সংস্থাটোৰ বিষয়ে জনা মানুহ খুবেই কম। দিল্লীত ইতিমধ্যে চাৰিখন পৰিবেশ অনুকূল শ্মশান স্থাপন কৰা মোক্ষদাই অন্যান্য ৰাজ্যতো তেওঁলোকৰ শাখা সম্প্ৰাসাৰণ কৰাৰ পৰিকল্পনা কৰিছে। 

এইবাৰ গ্ৰীষ্মকালত অত্যধিক উষ্ণতাই সকলো মানুহকে জোলোকা জোলোকে পানী খুৱালে। প্ৰকৃতিৰ অভিশাপৰ পৰা ৰক্ষা পাবলৈ হ’লে আমি প্ৰকৃতিক সংৰক্ষণ কৰিবই লাগিব। পুৰণিকলীয়া ৰীতি-নীতি কিছু শিথিল কৰি আমি যদি দাহ সংস্কাৰৰ কিছু পৰিৱৰ্তন কৰিব পাৰোঁ, তেন্তে বায়ু প্ৰদূষণ, জল প্ৰদূষণো যথেষ্ট পৰিমাণে হ্ৰাস পাব। এনে লাগে সময়ৰ আহ্বানক মানি লোৱাৰ বাহিৰে হয়তো আমাৰ আন উপায়ো নাই, কাৰণ দিনে দিনে বাঢ়ি অহা জনসংখ্যাই বাসস্থানৰ বাবে পাহাৰ-পৰ্বতো অধিকাৰ কৰি লৈছে। গতিকে শ্মশানৰ বাবে এটুকুৰা মাটি পেলাই থোৱাটোও হয়তো এসময়ত অসম্ভৱ হৈ পৰিব। নিজক বচাবলৈকে আমি প্ৰকৃতিক সুৰক্ষা দিব লাগিব। 

শিতানটিৰ অন্যান্য লেখাসমূহ পঢ়ক

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments