ধৰ্মীয় আস্থা, প্ৰকৃতিৰ ভাৰসাম্যঃ প্ৰতিমা বিসৰ্জনৰ বিকল্পৰ সন্ধান

লেখক- ঈশ্বৰ প্ৰসন্ন

প্ৰতিবছৰেই মোৰ মনলৈ এটা প্ৰশ্ন আহে, এইবাৰো আহিছে—ভক্তি আৰু শ্ৰদ্ধাৰে পূজা-অৰ্চনা কৰা দেৱী দুৰ্গাৰ প্ৰতিমাসমূহ নদীত বিসৰ্জন দিয়াৰ পৰিৱৰ্তে, ধৰ্মীয় পৰম্পৰাৰ মৰ্যাদা অক্ষুণ্ণ ৰাখি আন কোনো বিকল্প উদ্ভাৱনৰ জৰিয়তে বিসৰ্জনৰ পৰম্পৰা পালন কৰিব নোৱাৰিনে? মোৰ‌ এই প্ৰশ্নৰ আঁৰত ধৰ্মীয় আস্থাক আঘাত কৰাৰ কোনো উদ্দেশ্য নাই; তাৰ পৰিৱৰ্তে ধৰ্মীয় বিশ্বাসৰ সৈতে প্ৰকৃতিৰ এক সমন্বয় গঢ়ি তোলাৰ আজিৰ সময়ৰ এক স্বাভাবিক চিন্তাহে নিহিত হৈ আছে।

 

মানৱ সভ্যতা সমূহৰ ইতিহাসলৈ লক্ষ্য কৰিলে দেখা যায় যে পৃথিৱীৰ প্ৰায়বোৰ মানৱ সভ্যতা নদীক কেন্দ্ৰ কৰিয়েই গঢ়ি উঠিছিল। নদীৰ পানী, পাৰৰ কৃষিকায্যৰ বাবে উৰ্বৰ পলসুৱা মাটি আৰু জীৱন-জীৱিকাৰ সহজলভ্য সুবিধাই মানুহক নদীৰ পাৰলৈ আকৰ্ষিত কৰিছিল। আমাৰ সিন্ধু সভ্যতাও সিন্ধু নদী আৰু ইয়াৰ উপনদীসমূহৰ পাৰতেই গঢ়ি উঠিছিল-যি কথা আমি সকলোৱে জানো।

 

ভাৰতীয় পৰম্পৰাত প্ৰকৃতিৰ সৈতে মানুহৰ সম্পৰ্ক অতি প্ৰাচীন আৰু গভীৰ। আদিতে এই অঞ্চলৰ অধিবাসীৰ মাজত-গছ-গছনি, নদ-নদী,, অগ্নি, বতাহ-বৰষুণ আদি প্ৰাকৃতিক উপাদান আৰু পৰিঘটনাসমূহক উপাসনা কৰাৰ পৰম্পৰা আমাৰ-ধৰ্মীয় আৰু সাংস্কৃতিক জীৱনৰ বিভিন্ন ধাৰাসমূহত দেখা যায়। নদীক মাতৃৰূপে কল্পনা কৰা, গংগা-যমুনাৰ দৰে নদীক পৱিত্ৰ বুলি গণ্য কৰা আৰু প্ৰকৃতিৰ বিভিন্ন উপাদানৰ মাজত ঐশ্বৰিক শক্তিৰ উপস্থিতি অনুভৱ কৰা—এই ধৰণৰ কথা-বতৰাৰপৰা প্ৰকৃতিৰ সৈতে আমাৰ আধ্যাত্মিক সংযোগৰ বিষয়ে স্পষ্ট ধাৰণা হয়। ধৰ্মীয় আচাৰ-অনুষ্ঠানৰ ৰেহ-ৰূপ সময় সাপেক্ষে সলনি হৈ আহিছে, কাৰণ এই কথাবোৰ পৰিবৰ্তনশীল আৰু আপেক্ষিক, কিন্তু তথাপিও প্ৰকৃতিৰ প্ৰতি সন্মান প্ৰদৰ্শনৰ মূল চিন্তাটো আজিও সমানেই প্ৰাসংগিক, বৰঞ্চ কিছু বেছি বুলিলেও অত্যুক্তি নহ’ব।

 

মা দুৰ্গা শক্তিৰ প্ৰতীক। আনহাতে, নদীও প্ৰকৃতিৰ এক অপৰিসীম শক্তিৰ উৎস। নদীয়ে মানুহক পানী দিয়ে, কৃষিভূমিৰ উৰ্বৰতা বৃদ্ধি কৰে, বিভিন্ন প্ৰজাতিৰ অসংখ্য জীৱক আশ্ৰয় দিয়ে আৰু পৰিৱেশৰ ভাৰসাম্য ৰক্ষাত আমি নেদেখাকৈ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। সেয়েহে, শক্তিৰ অধিষ্ঠাত্ৰী দেৱী দুৰ্গা দেবীৰ আৰাধনা কৰোঁতে প্ৰকৃতিৰ জীৱনী শক্তি নদীৰ প্ৰতিও আমাৰ দায়িত্বশীলতা প্ৰকাশ পোৱাটো উচিত বুলি ধাৰণা হয়। দেবী দুৰ্গাক সন্তুষ্ট কৰাৰ উদ্দেশ্যেৰে পূজা-অৰ্চনা কৰি যদি অজানিতে আন এক জীৱনদায়িনী শক্তি—নদীৰ ক্ষতিসাধন কৰোঁ, তেন্তে আমাৰ-ধৰ্মীয় আচৰণৰ সৈতে প্ৰকৃতিৰ প্ৰতি থকা দায়িত্বৰ মাজত আপোনা-আপুনি এক অসামঞ্জস্য আহি পৰিব।

 

প্ৰতিমা বিসৰ্জন ধৰ্মীয় আচাৰ-অনুষ্ঠানৰ এক গুৰুত্বপূৰ্ণ অংশ। সময় আগবঢ়াৰ লগে লগে পূজাৰ সংখ্যা, প্ৰতিমাৰ আকাৰ আৰু বিসৰ্জনৰ কাৰ্যসূচী বৃদ্ধি পাইছে। পূৰ্বতে যি স্থানত সীমিত পূজা হৈছিল, তাত প্ৰতিমাও সীমিতভাবে বিসৰ্জন দিয়া হৈছিল, গতিকে নদীৰ ওপৰত বিৰূপ প্ৰভাৱৰ‌ কথাটো চৰ্চাৰপৰা আঁতৰত আছিল। আজি সেই একে স্থানতে বহুসংখ্যক পূজা অনুষ্ঠিত হয়, সেইদৰে একে স্থানত বিসৰ্জন দিয়া প্ৰতিমাৰ সংখ্যাও‌ অভাৱনীয়ভাৱে বৃদ্ধি পালে, গতিকে স্বাভাবিকতেই ছবিখন সলনি হ’ল। প্ৰতিমা নিৰ্মাণত ব্যৱহৃত সামগ্ৰীৰ গুণাগুণ, ৰং, প্ৰলেপ আৰু অন্যান্য উপাদানৰ ওপৰতো পৰিৱেশৰ প্ৰভাৱ বহুপৰিমাণে নিৰ্ভৰশীল। বিশেষকৈ সহজে পচি নোযোৱা সামগ্ৰী, ৰং আদি বিভিন্ন ৰাসায়নিক পদাৰ্থ আৰু প্লাষ্টাৰ অৱ পেৰিছৰ দৰে সামগ্ৰী ব্যৱহাৰ কৰিলে জলজ পৰিৱেশৰ ক্ষতি হোৱাৰ বহু বেছি আশংকা থাকে বুলি ইতিমধ্যে প্ৰমাণিত হৈছে। বৃহৎ পৰিমাণৰ প্ৰতিমা আৰু পূজাৰ আনুষংগিক সামগ্ৰী বিসৰ্জন দিয়াৰ ফলত পানীৰ গুণাগুণৰ অৱনতি ঘটিব পাৰে, নদীৰ তলিত আৱৰ্জনা জমা হ’ব পাৰে আৰু জলজ জীৱৰ স্বাভাবিক জীৱনচক্ৰত বিৰূপ প্ৰভাৱ পৰিব পাৰে বুলি পৰিবেশবিদসকলে ইতিমধ্যে সকীয়নি দিছে। প্ৰতিটো ক্ষেত্ৰতে এই প্ৰভাৱ একে নহ’লেও, প্ৰতিমা বিসৰ্জনৰ সংখ্যা বৃদ্ধি পোৱাৰ লগে লগে সম্ভাৱ্য পৰিৱেশগত ক্ষতিৰ আশংকাৰ কথাটো গুৰুত্বসহকাৰে বিবেচনা কৰাৰপৰা আজিও আঁতৰাই ৰখাটো হয়তো আমাৰ সকলোৰ বাবে মংগলজনক নহয়। আমি পাহৰি যাব নালাগে যে নদী কেৱল প্ৰতিমা বিসৰ্জনৰ বাবে নহয়; ই অসংখ্য জীৱৰ বাসস্থান আৰু মানুহৰো জীৱন-জীৱিকাৰ আধাৰ। গতিকে নদীৰ স্বাস্থ্যৰ সৈতে একেলগে বহু কথাই জড়িত হৈ আছে। প্ৰকৃতিৰ ভাৰসাম্য বিঘ্নিত হৈ ৰুষ্ট হোৱা প্ৰকৃতিৰ ভয়ানক ৰূপ আমি আজিকালি সততে দেখিবলৈ পাওঁ, কিন্তু এনে প্ৰাকৃতিক দুৰ্যোগক কেৱল মানুহৰ কোনো এটা বিশেষ কাৰ্যৰ ফল বুলি নিশ্চিতভাৱে ক’ব নোৱাৰি। তথাপি, প্ৰকৃতিৰ ওপৰত অতিৰিক্ত চাপ সৃষ্টি কৰা কাৰ্যসমূহ হ্ৰাস কৰা আৰু পৰিৱেশৰ প্ৰতি দায়িত্বশীল হোৱা যে অত্যন্ত প্ৰয়োজনীয়, সেই কথাও একে আষাৰে অস্বীকাৰ কৰিব নোৱাৰি। দেৱীক আমি দুৰ্গতি নাশৰ বাবে পূজা-অৰ্চনা কৰোঁ, কিন্তু এই আৰাধনাৰ নামত যদি প্ৰাকৃতিৰ অন্যতম শক্তিৰ আধাৰ নদী মাতৃৰ ক্ষতি হয়, তেন্তে সেই দিশটোকো আমি আত্মসমালোচনাৰে বিবেচনা কৰা উচিত। ধৰ্মীয় আস্থা আৰু প্ৰকৃতিৰ ভাৰসাম্য দুয়োটা বিষয়েই সমানেই গুৰুত্বপূৰ্ণ। এফালে পৰম্পৰা আমাৰ সভ্যতা-সংস্কৃতিৰ অমূল্য সম্পদ, আনফালে প্ৰকৃতি সুৰক্ষিত থকাটো‌ও সভ্যতাৰ বাবেই জৰুৰী, গতিকে পৰম্পৰাৰ অৰ্ন্তনিহিত মূল উদ্দেশ্য অক্ষুণ্ণ ৰাখি সময় সাপেক্ষে কিছুমান পৰম্পৰাগত নীতি-নিয়ম সংশোধন হোৱাটো সময়ৰে দাবী বুলি ভবা উচিত।

 

গতিকে প্ৰতিমা বিসৰ্জনৰ বিকল্প ব্যৱস্থাৰ বিষয়ে সময় থাকোঁতেই চিন্তা-চৰ্চা আৰম্ভ কৰি নীতিনিৰ্ধাৰকসকলে ব্যৱস্থা গ্ৰহণ কৰিলে আমাৰ বাবেই মংগল। আমি এনে পদক্ষেপক আন্তৰিকতাৰে সমৰ্থন কৰিবলৈ সাজু থাকিব লাগে। প্ৰকৃতি ৰুষ্ট হৈ মানুহৰ বিনাশ মাতিলে ধৰ্ম কৰিব কোনে? তদুপৰি, পৰিৱেশৰ বাবে নিৰাপদ সামগ্ৰীৰে নিৰ্মিত প্ৰতিমা ব্যৱহাৰ কৰা, বিসৰ্জনৰ পিছত নপচা অৱশিষ্টসমূহ সংগ্ৰহ কৰি নিষ্কাশন কৰা, লগতে নদীত প্লাষ্টিক, কাপোৰ, ফুলৰ মালা আৰু অন্যান্য আৱৰ্জনা পেলোৱা বন্ধ কৰা আদি আগতীয়া ফলপ্ৰসূ ব্যৱস্থা গ্ৰহণ কৰিব পৰা যায়, এই ক্ষেত্ৰত মানুহৰো সজাগতাৰ প্ৰয়োজন।

 

অৱশ্যে, এনে ব্যৱস্থা গ্ৰহণ কৰোঁতে ধৰ্মীয় অনুভূতি আৰু পৰম্পৰাৰ প্ৰতি নিশ্চয় সন্মান প্ৰদৰ্শন কৰিব লাগিব। বিকল্প ব্যৱস্থাসমূহ ধৰ্মীয় পৰম্পৰাৰ বাবে অনুকূল পৰিবেশৰ হোৱাৰ লগতে সাধাৰণ মানুহৰ বাবেও সুবিধাজনক হোৱাটো বাঞ্ছনীয়। তেতিয়া এনে ‌প্ৰয়োজনীয়‌ আৰু সংবেদনশীল পৰিবৰ্তনৰ বাবে জনসাধাৰণৰ স্বতঃস্ফূৰ্ত সহযোগিতা লাভ কৰি বাস্তৱায়িত কৰাৰ ক্ষেত্ৰত পদক্ষেপ লোৱাৰ বাবে সুবিধাজনক স্থিতিত থকাৰ সম্ভাৱনা বৃদ্ধি পায়।

 

এই কথাই বহুদিনৰপৰাই আমনি কৰি থাকে, সেই বাবেই লিখিছোঁ। আমি যদি —দুৰ্গা দেৱীৰ আৰাধনাৰ সমান্তৰালভাৱে প্ৰকৃতিক সুৰক্ষিত ৰখাটোও এক পৱিত্ৰ দায়িত্ব হিচাপে গ্ৰহণ কৰোঁ, তেন্তে সমাজলৈ ধৰ্ম আৰু পৰিৱেশৰ মাজৰ এক সুন্দৰ সমন্বয়ৰ বাৰ্তা দিবলৈ সক্ষম হ’ম। আমি দেবীৰ ওচৰত সকলোৰে মংগল কামনা কৰোঁ, সেই মংগলৰ ভিতৰত কেৱল মানুহেই নহয়, প্ৰকৃতি, আৰু অন্যান্য জীৱকূলৰ কল্যাণো অন্তৰ্ভুক্ত হোৱা উচিত আৰু এইকথা তেতিয়াহে সম্ভৱ হ’ব, যেতিয়া এনে পদক্ষেপসমূহ বাস্তৱায়িত হ’ব। উৎসৱৰ‌ ধামখুমীয়াত আনন্দত উটি-ভাহি আমি এই অতি জৰুৰী কথাবোৰ এৰাই চলিলে ভৱিষ্যত প্ৰজন্মৰ বাবে বৰ সুখকৰ অভিজ্ঞতা নহ’ব।

 

সেয়েহে, দেৱী দুৰ্গাৰ প্ৰতি থকা আমাৰ আস্থা-ভক্তি আৰু নদী মাতৃৰ প্ৰতি থকা আমাৰ দায়িত্ব—এই দুয়োটাকে একেলগে সন্মান জনাই প্ৰতিমা বিসৰ্জনৰ পৰিৱেশ-অনুকূল বিকল্পৰ সন্ধান কৰাটো আজিৰ সময়ৰ আহ্বান। পৰম্পৰা আৰু প্ৰকৃতি ইটো-সিটোৰ পৰিপূৰক হ‌ওক।

শিতানটিৰ অন্যান্য লেখাসমূহ পঢ়ক

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments