একাকিত্ব : নয়নমণি শৰ্মা

নাঙঠ গছবোৰ বিষণ্ণ চৰাইবোৰৰ দৰে সঙ্গীবিহীন
আহিম বুলি নহাকৈ থকা বৰষুণজাকৰ দুখত ম্ৰিয়মান
পথাৰখনৰ দৰে উদাসীন সময়
তুমি হেঁপাহৰ জুমুঠিত সোণাৰু ছটিয়াই দিয়া প্ৰিয়তমা
ফুলক সুগন্ধী দুহিতা
এটি পুৱা
এটি কবিতা।।

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Copying is Prohibited!