বৰ্ষা নহালৈকে…. – ৰাফট আলম
তেওঁ আছিল এচাটি সুগন্ধি বতাহ
যি আঁতৰি যোৱাৰ লগে লগে
সিক্ততা আহিল, নিয়ৰৰ টোপালৰ
দুচকুত থিতাপি ল’লে প্ৰতীক্ষাই৷
ফুলৰ ঋতুৱেনো কি জানে কেতিয়ালৈকে
কাঁইটৰ কোলাত বহি
এপাহ এপাহকৈ উৱঁলি যাব লাগিব৷
সুবাসৰ সেই চিনাকি চিনাকি বা চাটি
কেতিয়াও আৰু উভটি নাহে৷
গৰম বতাহে আগজাননী লৈ আহিছে মৰু-প্ৰবাহৰ
ৰ’দৰ তাপত দহিবলৈ আছে দিন
আকৌ বৰ্ষা নহালৈকে৷
■■■