বোকাৰ গোন্ধে মোক মতলীয়া কৰে – শৈলেন তালুকদাৰ

বোকাৰ গোন্ধে মোক মতলীয়া কৰে
বাৰিষাৰ বৰষুণে যেতিয়া তোমাক কোমল কৰে
গোহালিত ওলমি আছে মোৰ কঁঠাল কাঠৰ হাল
এইবাৰ বাৰিষাত তহঁতৰ চবকা নধৰিলেই ভাল ।

তৰামাই অ’ কোমল চাউলখিনি তিয়াই থ’
টকৌপাতৰ জাপিটোও বাৰান্দাতে থওঁগৈ ৰহ্ ।
কুকুৰাই ডাক দিব
আজি মেঘে বৰষিব

নৈ পাৰৰ মাটিখিনি বোকা কৰিম গৈ
কোমল চাউলৰ জলপান দিবি
চেঁচা কলহৰ পানী ঢালিবি
ৰ’দ পাই ৰাঙলী তোৰ মুখখনি চাই
ভাগৰ গুচাম গৈ
কেঁচা বোকাৰ আমোলমোলত
বাপ্পেকে গোটেইডৰাকে চহামগৈ ।
■■■

Subscribe
Notify of

2 Comments
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
Anonymous
5 years ago

ধুনীয়া কবিতা , পঢ়ি ভাল লাগিল।

আছাদুল
5 years ago

ধুনীয়া কবিতা, পঢ়ি ভাল লাগিল।

Copying is Prohibited!