ভেকুলীহাল আৰু বৰষুণজাক – মানস জ্যোতি চলিহা

ভেকুলী হালে টোৰটোৰাই-টোৰটোৰাই বৰষুণ জাক মাতিলে,
এতিয়া মেঘ চপৰাই জোনটো ঢকালৈ ৰৈ আছে ।

মিলনঃ
বৰষুণজাকে তাইক বৰ বেয়াকৈ চুই যায়
দূৰৈৰ গলহেকাৰিটোৱেও প্ৰেমৰ নিজৰা গলায়,
জোনবাইও আজি মাকৰ ঘৰলৈ বিহু খাবলৈ যায়
বানে গৰকা, শাওণে গচকা পথাৰ খনত
তাই সৃষ্টিৰ কঁঠীয়া সিঁচি যায় ।

গৰ্ভধাৰণঃ
হৃদয়ৰ গভীৰতাত যেতিয়া ভালপোৱাবোৰে গৰ্ভধাৰণ কৰে
আঙুলিৰ গাঁঠিত তাই একুট দুকুট কৈ গণে।
সময় বতাহৰ লগত আহে আৰু যায়
ঘণ্টাৰ মূৰত মাথো জোনাকগলা বৰষুণ জাক
সিহঁতৰ ওচৰৰ পৰা আঁতৰি যায় ।

লালুকীটোৰ জন্মঃ
ভ্ৰূণৰ পৰা সি ভূমিষ্ঠ হ’ল
অযুত সপোনবোৰ বুকুত বান্ধি
ভেকুলীজনী আজি মাক হ’ল
ঢোৰা টো তাৰ পিছে পিছে ঘূৰে
তাই তাক বুকুতে লৈ ফুৰে
নাখাই খুৱায়, নুশুই শুৱায়
তাৰ সকলো সপোনবোৰ যে তাইৰ ৷

লালুকীটোৰ আজি বিয়াঃ
লালুকীটো কেতিয়াবাই এটা পূৰ্ণ ভেকুলী হ’ল
ভেকুলীজনীৰ মনত কিন্তু সি লালুকী হৈয়ে ৰ’ল
লালুকীটোৰ আজি বিয়া
ৰভাতল খদমদম, চাৰিওফালে আপ্যায়ন
মাকে তাক বেই তললৈ নিছে
নোৱাইছে ধোৱাইছে,
বৰযাত্ৰী কৰি সাঁজোনে কাঁচোনে পঠাইছে
ভেকুলীজনীৰ কোনোবাখিনিত দুখ
আজি তাইৰ বোৱাৰী আহিব
তাৰ মৰমবোৰ দুভাগ হ’ব !

বাৰ্দ্ধক্যঃ
ভেকুলীজনী আজি ৰুগীয়া
অকলশৰীয়া
ল’ৰা-বোৱাৰী আঁতৰত থাকে
নাতিটোৰো বহু দিন মুখ নেদেখে ।।
■■■

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Copying is Prohibited!