জীৱন-সুধা : উচ্চজিৎ কলিতা
এখন সাজি লোৱা দুখৰ পৃথিৱীত
আমি জীয়াই থাকোঁ,
আমাৰ সুখৰ স্বপ্ন হেৰাই যায়
অনাহুত সন্ধিয়া এটাত
অথবা বিনিদ্ৰ নিশাৰ ধামখুমীয়াত।
আমি ঠিৰাং কৰিব নোৱাৰোঁ,
আমি জীয়াই থাকিবলৈ সংগ্ৰাম কৰোঁ
নে সংগ্ৰাম কৰিবলৈ জীয়াই থাকোঁ,
আৰু হাহাকাৰ কৰি উঠে
আমাৰ স্বপ্নালু মগজুৰ প্ৰতিডাল স্নায়ু।
পপীয়া তৰাৰ দৰে খহি পৰে
সৰু সৰু স্বপ্নৰ টুকুৰাবোৰ,
মণিহাৰী দোকানৰ মজিয়াত যেনেকৈ ছিটিকি পৰে
ছিগি যোৱা মালাৰ পৰা
অনভিজ্ঞ কোনো কিশোৰীৰ হেঁপাহৰ মুকুতা-মণি।
এদিন আমি পুনৰ আকাশৰ ফালে চাওঁ
সাজি লোৱা দুখৰ কুঁৱলী ফালি,
সেই আকাশত পোহৰ নাই।
দোকানৰ মজিয়াত চুকে-কোণে
কিশোৰীয়ে বিচাৰি বুটলি ফুৰে
তাইৰ সিঁচৰতি হৈ পৰা হেঁপাহৰ মণি।
তাই ছিগা মণি গুঁঠে
আৰু আমি বিচাৰি যাওঁ
পপীয়া তৰাৰ হেৰোৱা পোহৰ।
আমাৰ স্বপ্নালু মগজুক সঞ্জীৱিত কৰাৰ
সেই এটাই মাথোঁ উপায়
জীৱনৰ প্ৰ’ট’প্লাজম।