যান্ত্ৰিক : মিতালী বৰ্মন


অনুভৱবোৰ কিনিব পৰা হ’লে!
ভিন্ন স্বাদৰ অনুভৱবোৰ!!
প্ৰেমিকবোৰে আহি ভিৰ কৰিবহি
প্ৰেমৰ শ্ব’ৰুমৰ দুৱাৰদলিত
প্ৰেম নোপোৱাবোৰে পাবলৈ
পোৱাবোৰে আৰু বেছি পাবলৈ
পায়ো হেৰুৱাবোৰো আহিব
আকৌ এবাৰ ভাগ্য জুখিবলৈ।
দৰ-দাম কৰিব।
আটাইতকৈ চৰা দামত
বিক্ৰী হ’ব সুখী অনুভৱবোৰ!
মুখৰ আগত চেঙা লুটি খাই
পৰি থাকিব দুখবোৰ….
প্ৰেমিকবোৰে কেৰাহিকৈয়ো চাব নোখোজে
দুখী অনুভৱবোৰ
ভয় হয়—- কি ঠিক
ডিচকাউণ্টৰ প্ৰলোভন দি
টানি টানি মেৰিয়াই
পিন্ধাই দিয়ে যদি দুখৰ পোচাক!
মহঙা দিনৰ গোলকীয় কায়দা….
প্ৰেমিকবোৰে বুজিয়েই নাপায়
দৰ-দাম কৰি কৰি
চৰা দামত কিনা
প্ৰেমৰ বজাৰৰ সুখবোৰৰ লগত
বিনামূলীয়াকৈ আহে দুখী অনুভৱবোৰ!!

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Copying is Prohibited!