পূৰ্ণতা : নিবেদিতা হাজৰিকা


এআকাশ হালধীয়া সপোন
আৰু এবুকু আত্মীয়তা লৈ ৰৈ আছিল তেওঁ
বিষণ্ণ দুচকুৰ গভীৰতাত লিখা আছিল
বিশ্বাসৰ পাঠ
অতদিনে কিয় বাৰু দেখা পোৱা নাছিলোঁ মই?
সকলোৱে সোধাৰ দৰে সোধাও নাছিলোঁ এবাৰ
তেওঁৰ কাপেৰে অহৰহ কেনেকৈ নিগৰিছিল
গোলাপৰ ৰঙীন সুবাস অথবা বুকুৰ শেষ নোহোৱা বিষাদ !
চাৰিওফালে মুকলি হৈ আছিল
মোৰ পৰা তেওঁলৈ যোৱাৰ বাট
অথচ……. !!
মোৰ চাৰিওফালে যেতিয়া বাজি আছিল
ছঁয়াময়া স্মৃতিৰ বিষণ্ণ আলাপ
তেতিয়াই তেওঁ সুধি পেলাইছিল
মোৰ প্ৰিয় ঋতুৰ নাম ;
আৰু কৈছিল…
‘ব’লা আমি একেলগে সৰাপাত বৰণীয়া চহৰলৈ যাম’ ।
নিসংগতাৰ অন্তহীন নৈয়ে নৈয়ে তেওঁ উজাই আহিছিল
দুখবোৰ বিনিময় কৰিবলৈ
তেওঁৰ বিষাদমগ্ন দুচকুৰ ঢৌৱে
মোৰ যাতনাৰ চহৰখন থানবান কৰি পেলাইছিল,
পবিত্ৰ আত্মীয়তাৰ কথকতাৰে সময়বোৰ
উমাল কৰি তুলিছিল ক্ৰমশঃ !
আৰু এদিন নিৰ্জন ৰাতিৰ তোৰণৰ তলত
থমকি ৰৈ গৈছিল সময় ;
নিঃসীম শূন্যতাখিনি ভৰাই
পূৰ্ণতাৰ আলোকেৰে মুখৰিত হৈ উঠিছিল
হৃদয় !

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Copying is Prohibited!