ঠিকনা : মৈত্ৰেয়ী পাটৰ


তুমি নদীৰ পৰা আহিছা?
বৰষুণৰ দৰে গোন্ধাইছে তোমাৰ গা
গুটিমালীৰ দৰে ফুলিছে
তোমাৰ থুপি থুপি কথা
কথাই নে সেয়া?
নে বৰষুণৰ কোমল চিনাকি আশা?
কথাৰ কেঁচা বাটত
মুঠি মুঠি মেঘ সানিছা
ভীষণ নিবিৰ হৈ তুমি নামি আহিছা
ওঁঠত লৈ আনিছা ভিজা মাটিৰ সুহুৰি
গান এটা হৈ সি বাগৰি ফুৰিছে
পথাৰে পথাৰে
গছে গছে
বুকুৱে বুকুৱে..
আমৰ ডালে ডালে আকৌ ফুলিছে
তোমাৰ বৰষুণ যেন কথা
সঁচাই কোৱাচোন,
ক’ৰ পৰা আহিছা?
আজি যে আকৌ বৰষুণৰ দৰে গোন্ধাইছা..

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!