'Nykaa' ৰ নায়িকা ফাল্গুনী নায়াৰৰ কাহিনী
লেখক- মধুৰ বৰা
২০১০ চনৰ কোনোবা এটা দুপৰীয়া, বেংকৰ উচ্চ পদস্থ বিষয়া ৪৮ বছৰীয়া ফাল্গুনী নায়াৰৰ মনত এটা প্ৰশ্নৰ জন্ম হল, “ইয়াৰ পাছত কি?” ব্যক্তিগত জীৱন আৰু বেঙ্কিং কেৰিয়াৰত ঈৰ্ষণীয় সফলতাৰ অধিকাৰী ফাল্গুনীৰ জীৱনত সকলোখিনিয়ে আছিল কিন্তু কিবা এটা যেন নাছিল। কোটাক মহিন্দ্ৰা কেপিটেল বেংকৰ মেনেজিং ডাইৰেক্টৰ হিচাপে তেওঁ মান-সম্মান, আৰ্থিক সুৰক্ষা আৰু পেছাদাৰী স্বীকৃতি সকলো লাভ কৰিছিল। বাহিৰৰ পৰা চালে তেওঁৰ জীৱনত একো অভাৱ দেখা নাযায়।
কিন্তু অন্তৰত এটি সৰু অসম্পূৰ্ণ সপোন জীয়াই আছিল। নিজে কিবা এটা কৰাৰ সপোন। সেই সপোন পূৰণৰ কাৰণে তেওঁ গোপনে গৱেষণা আৰম্ভ কৰে। বাণিজ্যিক বেংকৰ অভিজ্ঞতাৰপৰা তেওঁ লক্ষ্য কৰিছিল যে ভাৰতীয় মহিলাসকলৰ কাৰণে সৌন্দৰ্য সামগ্ৰী অনলাইন ক্ৰয় কৰিবলৈ বিশ্বাসযোগ্য আৰু সংগঠিত ৰূপত কোনো সুবিধা নাছিল। ফাল্গুনীয়ে এই শূন্যতাত এটা সুযোগ দেখা পাইছিল।
প্রায় দুবছৰ গুণাগথাৰ অন্তত ৫০ বছৰ বয়সত এটা সুৰক্ষিত, উচ্চ বেতনযুক্ত চাকৰি এৰি তেওঁ এনে এখন নতুন ক্ষেত্ৰলৈ আগবাঢ়িছিল য’ত তেওঁ আগতে কাম কৰা নাছিল—প্ৰসাধন আৰু সৌন্দৰ্যৰ সামগ্ৰীৰ খুচুৰা ব্যৱসায় । নাছিল পূৰ্ব অভিজ্ঞতা, নাছিল কোনো উদ্যোগপতিৰ সমৰ্থন, নাছিল সফলতাৰ নিশ্চয়তা।
অনেকে সুধিছিল— “এই বয়সত কিয়?”
কিন্তু ফাল্গুনীয়ে বিশ্বাস কৰিছিল—বয়স কোনো সীমাবদ্ধতা নহয় ই অভিজ্ঞতা আৰু শক্তি। যি অভাৱ আছিল সৌন্দৰ্য উদ্যোগৰ জ্ঞানত, সেয়া তেওঁ পূৰণ কৰিছিল সুদীৰ্ঘ বেঙ্কিং জীৱনে তেওঁক শিকোৱা কৌশল, শৃংখলা, দীঘলীয়া দৃষ্টিভংগী আৰু ব্যৱসায়িক স্পষ্টতাৰে। গতিকে বয়সকেই মূলধন হিচাপে লৈ ২০১২ চনত তেওঁ প্ৰতিষ্ঠা কৰিলে FSN E-Commerce Ventures— যি পাছলৈ ‘Nykaa’ নামেৰে জনাজাত হ’ল।
শূন্যৰ পৰা আৰম্ভনি—
প্ৰথম দিনবোৰ সহজ নাছিল। ফাল্গুনীৰ প্ৰথমটো অফিচ আছিল পিতৃৰ গুদাম ঘৰৰ এটা সৰু কোঠা। মাত্ৰ তিনিজন কৰ্মচাৰী—তেওঁৰ পিতৃৰ প্ৰতিষ্ঠানৰ দুজন আৰু তেওঁৰ কন্যা অদ্বৈতা নায়াৰ। যি বয়সত মানুহে স্থিৰতা বিচাৰে বা অৱসৰৰ কথা চিন্তা কৰে সেই বয়সত তেওঁ নতুনকৈ শিকিব লগা হৈছিল সামগ্ৰীৰ যোগান ব্যৱস্থা, গুদাম ঘৰৰ ব্যৱস্থা, ডিজিটেল বিপণন আৰু গ্ৰাহকৰ আচৰণ ইত্যাদি। তেওঁ নিজে প্ৰসাধন ব্ৰেণ্ডসমূহৰ বৰমূৰীয়াসকলক সাক্ষাৎ কৰিছিল, অনুৰোধ কৰিছিল—এই নতুন ষ্টাৰ্টআপক বিশ্বাসত লবলৈ। ডাঙৰ আন্তঃৰাষ্ট্ৰীয় ব্ৰেণ্ডসমূহ নতুন ষ্টাৰ্টআপ ‘Nykaa’ লৈ সন্দেহপ্ৰৱণ আছিল কাৰণ অনলাইন প্ৰসাধনৰ বিক্ৰী তেতিয়া চালুকীয়া অৱস্থাত আছিল, অনলাইনত নকল সামগ্ৰীৰ প্ৰয়োভৰ বেছি আছিল আৰু গ্ৰাহকৰ বিশ্বাস গঢ়িবলৈ সময় লাগিছিল।
এই অৱস্থাৰ পৰা ‘Nykaa’ লাহে লাহে আগবাঢ়ি গ’ল।
‘Nykaa’ শব্দটো আহিছে সংস্কৃত শব্দ “নাইকা”ৰ পৰা—অৰ্থাৎ, স্পট লাইট-ত থকা নাৰী। ফাল্গুনী নায়াৰে বিচাৰিছিল— প্ৰতিগৰাকী মহিলাই নিজকে বিশেষ বুলি অনুভৱ কৰক। প্ৰসাধন মানে নিজকে উদযাপন। এইটো আছিল তেওঁৰ ব্যক্তিগত দৰ্শন। লগতে অতিমাত্ৰা ডিছকাউণ্ট নহয়, সঠিক পছন্দৰ সামগ্ৰী ‘Nykaa’ উপলব্ধ কৰিবলৈ ফাল্গুনীয়ে যত্ন কৰিছিল। ফাল্গুনী নায়াৰে এটা সাক্ষাৎকাৰত কৈছিল—“আধা দামত দুডাল লিপষ্টিক বিক্ৰী কৰাতকৈ, মহিলা গৰাকীৰ পছন্দৰ ৰঙৰ এডাল লিপষ্টিক বিক্ৰী কৰা মোৰ বাবে বেছি গুৰুত্বপূৰ্ণ।” কথাষাৰে ‘Nykaa’-ৰ মূল ভাবনাৰ এটা আভাস দিয়ে। গতিকে ‘Nykaa’-ই সদায় প্ৰসাধন বিক্ৰীৰ আগতে গ্ৰাহকক সঠিক পৰামৰ্শ আগবঢ়ায় যাতে গ্ৰাহকে কেৱল প্ৰডাক্ট নহয়, আশ্বাসো লাভ কৰে।
ইউনিকৰ্ণ (Unicorn) আৰু মহামাৰীৰ পিছত উত্থান:
২০২০ চনত ‘Nykaa’ ভাৰতৰ প্ৰথম মহিলা-প্ৰতিষ্ঠাপক নেতৃত্বাধীন Unicorn হিচাপে প্ৰতিষ্ঠিত হয়। ( ষ্টাৰ্টআপ যাৰ বজাৰ মূল্য ১ বিলিয়ন ডলাৰতকৈ অধিক) এই প্ৰাপ্তি আছিল ফাল্গুনী নায়াৰৰ দৃঢ়তা আৰু দূৰদৰ্শিতাৰ ফচল। তাৰ পাছতে COVID-19 মহামাৰীৰ সময়ত ‘Nykaa’ ই যথেষ্ট লোকচানৰ মুখামুখি হৈছিল, কিন্তু ফাল্গুনী নায়াৰৰ প্ৰচেষ্টাত ‘Nykaa’ পুনৰ শক্তিশালীভাৱে আত্মপ্ৰকাশ কৰিলে। আজি ‘Nykaa’ ত মাহে ৫ মিলিয়নতকৈ অধিক গ্ৰাহকৰ সমাবেশ হয় (active users)। দেৰ লাখ প্ৰডাক্ট, ৫০০+ ব্ৰেণ্ড, সমগ্ৰ ভাৰতত বহু অফলাইন ষ্ট’ৰ (offline store) থকা ‘Nykaa’ আজিৰ দিনত সৌন্দৰ্য আৰু প্ৰসাধনৰ শীৰ্ষস্থানীয় নাম।
২০২১ চনত IPO সফলতাৰে সম্পন্ন কৰি শ্বেয়াৰ মাৰ্কেটত প্ৰৱেশ কৰিছিল ফাল্গুনী নায়াৰৰ ‘Nykaa’ এ। প্ৰতিটো শ্বেয়াৰৰ মূল্য ২৫০০ টকা পৰ্য্যন্ত বৃদ্ধি পাইছিল এটা সময়ত। IPO ৰ সফলতাৰ পাছত সংবাদমাধ্যমে তেওঁক ভাৰতৰ অন্যতম স্ব-নির্মিত কোটিপতি মহিলা উদ্যোগী বুলি উল্লেখ কৰিলে। (Fobes ইণ্ডিয়া আলোচনীৰ মতে)
কিন্তু IPO-ই তেওঁৰ সফলতাৰ আৰম্ভণি নাছিল — ই আছিল বহু বছৰৰ কঠোৰ পৰিশ্ৰমৰ স্বীকৃতি।
“এই বয়সত?”
“এগৰাকী মহিলায়ে ষ্টাৰ্টআপ (startup)গঢ়িব পাৰিব নেকি?”
এই প্ৰশ্নবোৰে ফাল্গুনী নায়াৰক আঘাত কৰিছিল কিন্তু সাহসেৰে প্ৰত্যুত্তৰ দি বহু অনুমান, প্ৰাচীৰ ভাঙি পেলাইছিল। বেংকত কাম কৰা দিনৰ পৰা তেওঁ জানিছিল ব্যৱসায়ৰ বেছিভাগ শীৰ্ষ স্থান পুৰুষৰ দখলত থাকে। পুৰুষক বেছি গুৰুত্ব দিয়া এনে এটা পৰিৱেশত তেওঁ পুনৰ নিজকে প্ৰমাণ কৰিব লগা হৈছিল। এই ব্যৱস্থাৰ পৰিৱৰ্তন বিচাৰিয়ে ‘Nykaa’-ৰ শীৰ্ষ পদসমূহত আজি কেইবাগৰাকীও মহিলা আছে। তেওঁ বিশ্বাস কৰে যে লীডাৰ হবলৈ নাৰীসকল বেছি সক্ষম তথা সফলতাৰ বাবে বয়স বা লিংগ কোনো বাধা নহয়।
ব্যক্তিগত আৰু পেছাগত জীৱনৰ সমন্বয়
দুটা সন্তানৰ মাতৃ,এগৰাকী পত্নী, এগৰাকী উদ্যোগপতিৰ সকলো দায়িত্ব একেলগে শ্ৰীমতী নায়াৰে পালন কৰি আহিছে, এইয়া কৰিবলৈ অদম্য সহনশীলতা, সময় ব্যৱস্থাপনা আৰু পৰিয়ালৰ শক্তিশালী সমৰ্থনৰ প্ৰয়োজন। সকলো মহিলাক এনেদৰে সক্ষম কৰি তোলা, ফাল্গুনী নায়াৰৰ এটা সপোন আছে বুলি তেওঁৰ জীৱনীত উল্লেখ কৰিছে।
ফাল্গুনী নায়াৰৰ জীৱনে আমাক এটা কথাই সোঁৱৰাই দিয়ে যে সপোন দেখিবলৈ বয়স বাধা নহয়। সপোন দেখিবলৈ লগে কেৱল “সাহস।” তেওঁ দেখুৱালে দেৰিকৈ আৰম্ভ কৰিও শিখৰত উঠিব পাৰি। বয়স কেৱল এটা সংখ্যা, মনৰ ইচ্ছা আৰু আত্মবিশ্বাস থাকিলে ইতিহাস গঢ়িব পাৰি। আজিৰ ‘Nykaa’ কেৱল এটা কোম্পানী নহয় ই এটা প্ৰতীক।
যেতিয়া কোনো নাৰীয়ে ভাবি উঠে—
“এতিয়া দেৰী হৈ গ’ল নেকি?”
তেতিয়া ফাল্গুনী নায়াৰৰ কাহিনীয়ে মিচিকিয়াই হাঁহি কয়—
“নাই। এয়াই সময়।”
