চাহ

লেখক- সুৰজিত নেওগ

প্ৰখ্যাত চিন্তাবিদ কাকুজো ওকাকুৰাই কৈছিল “চাহ— কলাত্মক জীৱনৰ এক ধৰ্ম।” আচলতে চাহ বিষয়টোৱে ইমান বিশাল যে এক সৰু পৰিসৰত চাহৰ বিষয়ে কিবা আলোচনা কৰিবলৈ যোৱাটো অত্যন্ত দুৰূহ। চাহকাপে আমাৰ জীৱনৰ প্ৰতিটো মুহূৰ্তত কেনে ধৰণে প্ৰতিক্ৰিয়া কৰে আৰু আমাৰ চিন্তা-চৰ্চাক কেনেকৈ পৰিচালিত কৰে সেয়া কোনেও কাকো আচলতে বুজোৱাৰ প্ৰয়োজন নাই৷ ‘এটি কলি দুটি পাত’ৰ আঁৰতেই যেন লুকাই আছে আমাৰ দৈনন্দিন জীৱন পৰিক্ৰমা তথাপিও, নিজৰ সামান্য জ্ঞান তথা ইণ্টাৰনেটৰ সহায় লৈ কিবা এটা আগবঢ়াইছোঁ৷

 

সংক্ষেপে চাহৰ বিষয়ে—

চাহ মানুহে কেনেকে খাবলৈ শিকিলে তাৰ ওপৰত এটা বৰ সুন্দৰ কাহিনী আছে৷ কিংবদন্তি অনুসৰি খ্ৰীষ্টপূৰ্ব ২৭৩৭ চনত চীনৰ সম্ৰাট শ্বেন নুংৱে এজোপা গছৰ তলত বহি জিৰণি লৈ থকাৰ সময়তে তেওঁৰ লিগিৰাজনে খোৱাপানী সিজাইছিল, ঠিক সেইমুহূৰ্ততে ওপৰতে থকা গছৰ কিছু পাত পানীত উৰি আহি পৰিল। শ্বেন নুঙ এজন প্ৰখ্যাত বনৌষধি বিশেষজ্ঞও আছিল আৰু তেওঁৰ লিগিৰাজনে ভুলবশতঃ সৃষ্টি কৰা মিশ্ৰণটো খাই তৎক্ষণাৎ বুজি উঠিছিল ইয়াৰ সুদূৰপ্ৰসাৰী ফলাফল। চাহৰ প্ৰচলন তেনেকৈয়ে আৰম্ভ হৈছিল বুলি কোৱা হয়। আমাৰ দেশত চাহৰ কাহিনী আৰম্ভ হৈছিল অসমত। ৰবাৰ্ট ব্ৰুচ নামৰ স্কটিছ নাগৰিকজনে ১৮২৩ চনৰ কোনো এটা দিনত পোনপ্ৰথমে শিৱসাগৰৰ ৰংপুৰৰ সমীপত বনত গজা চাহৰ দৰে গছ-গছনি লক্ষ্য কৰিছিল। যিহেতু ব্ৰুচ ব্যৱসায়িক অভিযানত আছিল তেওঁ সঠিককৈ চাহৰ আৱিষ্কাৰ অসমতে কৰি পেলাইছিল। অসমত চাহ ৰোপণ আৰম্ভ কৰা প্ৰথমজন ভাৰতীয় আছিল মণিৰাম দত্ত বৰুৱা যি মণিৰাম দেৱান নামেৰে পৰিচিত। সেই সময়ত মণিৰাম দেৱান অসম কোম্পানীৰ দেৱান মুখ্য প্ৰশাসনিক আৰু বিত্তীয় বিষয়া আছিল আৰু ১৮৪১ চনত তেওঁ সেই পদবীৰ পৰা পদত্যাগ কৰি নিজাকৈ চাহ বাগিছা আৰম্ভ কৰিছিল।

 

১৮৩৭ চনত উজনি অসমৰ চাবুৱাত প্ৰথমখন চাহ বাগিছা ব্যৱসায়িক ভিত্তিত প্ৰতিষ্ঠা কৰা হয়; ১৮৪০ চনত অসম চাহ কোম্পানীয়ে এই অঞ্চলত চাহৰ ব্যৱসায়িক উৎপাদন আৰম্ভ কৰে। চাবুৱা চাহবাগিছাখন চাবুৱা চহৰখনৰ গাতে লাগি আছে আৰু এতিয়াও সেইখন এখন উচ্চ মানদণ্ডৰ বাগিছা। এই বাগিছাখন বহু দশক জুৰি টাটা গ্ৰুপৰ অধীন এমালগেমেটেড প্লেণ্টেচনচে (এসময়ৰ টাটা টী) চলাই আহিছে আৰু এইখন এক সন্মানীয় সম্পত্তি। টাটা গ্ৰুপৰ সহযোগী প্ৰতিষ্ঠান এসময়ৰ টাটা টী আৰু এতিয়া টাটা কনজিউমাৰ্চ লিমিটেড নামেৰে পৰিচিত ১৯৬৪ চনত প্ৰতিষ্ঠা হোৱা ভাৰতৰ অন্যতম শীৰ্ষ চাহ ব্ৰেণ্ড। বৰ্তমান দেশৰ ভিতৰতে চাহৰ উৎপাদন আৰু বিতৰণৰ ক্ষেত্ৰত টাটা টীৰ সৰ্বাধিক অংশীদাৰিত্ব আছে। সেয়েহে ই ভাৰতৰ আটাইতকৈ ডাঙৰ চাহ কোম্পানী। আৰু এই প্ৰতিষ্ঠানতে এই অভাজনে যোৱা ২৫ বছৰে সেৱা আগবঢ়াই থাকি যথেষ্ট গৌৰৱান্বিত।

 

চাহৰ প্ৰকাৰ (Classification of tea)

 

চাহ প্ৰধানতঃ ৪ বিধ: – (১) বগা চাহ,  (২) সেউজীয়া চাহ,  (২) উলং চাহ, আৰু (৪) ক’লা চাহ। ঐতিহাসিকভাৱে পশ্চিমীয়া বিশ্বত ক’লা চাহ আটাইতকৈ বেছি জনপ্ৰিয় যদিও গ্ৰীণ টীয়ে অতি সম্প্ৰতি দ্ৰুতগতিত হৃতগৌৰৱ উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে। আন আন চাহ যেনে বনৌষধি চাহ প্ৰকৃততে চাহৰ পৰা তৈয়াৰ কৰা নহয় যদিও সাধাৰণতে চাহৰ কথা কওঁতে ইয়াক অন্তৰ্ভুক্ত কৰা হয়, কিন্তু প্ৰকৃততে ইয়াক ‘টি-যান’ (Tisane— চাহৰ প্ৰকৃত গুণ নথকা কিন্তু চাহৰ দৰে পানীয়) বুলি গণ্য কৰা হয় আৰু ‘সঁচা’ চাহ নহয়।

 

White Tea (বগা চাহ)

চাহ গছৰ অপৰিপক্ব কলিৰ পৰা বগা চাহ তৈয়াৰ কৰা হয় যিবোৰ কলি পূৰঠ হোৱাৰ আগতেই ছিঙি প্ৰক্ৰিয়াকৰণ কৰা হয় আৰু সাধাৰণতে চাহৰ লগত জড়িত বহুতো বৈশিষ্ট্য গঢ়ি তোলা হয়। অপৈণত স্বভাৱৰ বাবে ইয়াত উৎপাদিত কেফেইন আন যিকোনো চাহৰ জাততকৈ বহু কম হোৱাৰ প্ৰৱণতা থাকে। ইয়াক একেবাৰে জাৰণ (Oxidise) হ’বলৈ দিয়া নহয় যাৰ ফলত ইয়াৰ পৰা শেঁতা আৰু পাতল পানীয় (liquour) উৎপন্ন হয়। ই হয় চাহৰ ভিতৰত আটাইতকৈ সূক্ষ্ম।

 

Green Tea (গ্ৰীণ টী)

এইবিধ এনেকুৱা চাহ য’ত চাহপাতখিলাক পূৰঠ হ’বলৈ দিয়া হয় আৰু অতি কম সময়ৰ পিছত জাৰণ প্ৰক্ৰিয়া বন্ধ কৰিবলৈ ছিঙি, কেৰাহীৰ জুইত (বা ভাপত) দিয়া হয়। চাহপাতৰ প্ৰাকৃতিক সোৱাদটো অটুট থকাৰ বাবে প্ৰায়ে সেউজীয়া চাহৰ এটা সূক্ষ্ম মিঠা স্বাদ থাকে যিটো চাহক উলং বা ক’লা চাহৰ দৰে শৈলীলৈ ৰূপান্তৰিত কৰিলে হেৰাই যায়। সেউজীয়া চাহত সেউজীয়াৰ পৰা হালধীয়া ৰঙৰ পানীয় উৎপন্ন হয়। গ্ৰীণ টী বা সেউজীয়া চাহক প্ৰায়ে আটাইতকৈ স্বাস্থ্যকৰ চাহ বুলি প্ৰচাৰ কৰা হয়। ই পলিফেনল আৰু এণ্টিঅক্সিডেণ্টৰে ভৰপূৰ যিয়ে মগজু আৰু হৃদযন্ত্ৰৰ স্বাস্থ্যবৰ্দ্ধনত সহায় কৰে। গ্ৰীণ টীক জাৰণ কৰা নহয় বাবে ইয়াক কম প্ৰক্ৰিয়াকৃত প্ৰকৃত চাহৰ ভিতৰত অন্যতম বুলি গণ্য কৰা হয়।

 

Oolong Tea (উলং চাহ)

উলং চাহক আংশিকভাৱে জাৰিত হ’বলৈ দিয়া হয় আৰু এইদৰে ই অধিক জটিল আৰু গাঢ় পানীয় উৎপন্ন কৰে। ই সাধাৰণতে জিভাৰ স্বাদ অনুসৰি সেউজীয়া আৰু ক’লা চাহৰ মাজত অৱস্থান কৰে। চাহৰ বৈচিত্ৰ্যৰ ওপৰত নিৰ্ভৰ কৰি এটা উলং সামান্য জাৰিত হৈ অতি জাৰিত হ’ব পাৰে। ‘উলং’ৰ চৰিত্ৰৰ গভীৰতা বহু পৰিমাণে থাকে আৰু ই আংশিকভাৱে জাৰণৰ মাত্ৰাৰ ফল, গতিকে উলং এটা কেনেকৈ উৎপাদন হয় তাৰ ওপৰত নিৰ্ভৰ কৰি শেষত সেউজীয়া চাহ বা ক’লা চাহৰ আশে পাশে থাকিব পাৰে। সেয়েহে উৎপাদিত পানীয় সেউজীয়া হালধীয়াৰ পৰা আৰম্ভ কৰি গাঢ় এম্বাৰ ৰঙৰ হ’ব পাৰে।

 

Black Tea (ক’লা চাহ)

ক’লা চাহক জুইত তাপত শুকুৱাৰ আগতে সম্পূৰ্ণৰূপে জাৰণ হ’বলৈ দিয়া হয় যাৰফলত এই প্ৰক্ৰিয়াটোত বহুতো ৰাসায়নিক বিক্ৰিয়া ঘটে আৰু তাৰ পৰা এটা গাঢ়,  অতি জটিল চাহৰ সৃষ্টি হয়। পাতৰ সকলোবোৰ উদ্ভিদজাতীয় গুণ নোহোৱা হৈ যায় আৰু তাৰ ঠাইত খাদ্য জগতত অতুলনীয় চৰিত্ৰৰ গভীৰতা আহি পৰে। উৎপাদিত পানীয় গাঢ় এম্বাৰৰ পৰা আৰম্ভ কৰি কফিক প্ৰতিদ্বন্দ্বিতা কৰিব পৰা ক’লা ৰঙৰ পানীয় লৈকে হৈ পৰে।

 

CTC and Orthodox Tea

ক্ৰাছ, টিয়াৰ, কাৰ্ল (CTC) হৈছে ক’লা চাহ প্ৰক্ৰিয়াকৰণৰ এক পদ্ধতি য’ত পাতবোৰ শ শ চোকা দাঁত থকা নলাকাৰ ৰোলাৰৰ শৃংখলাৰ মাজেৰে পাৰ কৰি দিয়া হয় যিয়ে চাহখিনি থেতেলিয়াই, ফালি পেলায় আৰু কুটিল কৰি সৰু সৰু কঠিন গুটিলৈ পৰিণত কৰে। এই পদ্ধতি যথেষ্ট সহজ। আনহাতে অৰ্থডক্স চাহ পৰম্পৰাগত পদ্ধতিৰে চপোৱা হয় আৰু সেয়েহে, ইয়াৰ উৎপাদন সময়খৰচী আৰু ইয়াৰ বাবে অপৰিসীম জনশক্তিৰ প্ৰয়োজন। চাহ পাত ছিঙোতে সেয়ে যথেষ্ট সাৱধানতা অৱলম্বন কৰা হয়। অৰ্থডক্স চাহ উৎপাদনৰ সমগ্ৰ প্ৰক্ৰিয়াটো এজন প্ৰশিক্ষিত পেছাদাৰীৰ দ্বাৰা চোৱাচিতা কৰাই পাতৰ পৰা উত্তম সোৱাদ উলিওৱা হয়।

 

জৈৱিক চাহ (Organic Tea)

আজিৰ তাৰিখত সমগ্ৰ বিশ্বতে আটাইতকৈ বেছি সমাদৰ পোৱা চাহ বিধেই হ’ল জৈৱিক চাহ। ই আচলতে চাহৰ কোনো বিশেষ প্ৰকাৰ বা ভাগ নহয়; আন চাহৰ দৰেই, কেৱল প্ৰস্তুতি প্ৰণালীহে বেলেগ।

জৈৱিক চাহ নো কি?

জৈৱিক চাহত চাহ চপোৱাৰ পিছত বৃদ্ধি বা প্ৰক্ৰিয়াকৰণ কৰিবলৈ কীটনাশক, ঘাঁহনিনাশক, ভেঁকুৰনাশক, বা ৰাসায়নিক সাৰৰ দৰে কোনো ৰাসায়নিক পদাৰ্থ ব্যৱহাৰ কৰা নহয়। বৰঞ্চ কৃষকসকলে প্ৰাকৃতিক প্ৰক্ৰিয়া ব্যৱহাৰ কৰি সৌৰশক্তিচালিত বা আঠাযুক্ত ফিতাৰে কীট-পতঙ্গ ধৰাৰ দৰে পদ্ধতি অৱলম্বন কৰি বহনক্ষম চাহ শস্যৰ সৃষ্টি কৰে। যেতিয়া চাহপাতৰ জৈৱিকভাৱে খেতি আৰু প্ৰক্ৰিয়াকৰণ কৰা হয়, ই ক্ষতিকাৰক ৰাসায়নিক পদাৰ্থ, গধুৰ ধাতু, আৰু অন্য বিষাক্ত পদাৰ্থৰ যি আপোনাৰ ব্যৱস্থাপ্ৰণালীৰ বাবে ক্ষতিকাৰক হ’ব পাৰে, তেনে পদাৰ্থৰ পৰা মুক্ত হয়। জৈৱিক চাহে আপোনাৰ পাচনতন্ত্ৰত ভাল বেক্টেৰিয়াৰ সুস্থ ভাৰসাম্য ৰক্ষা কৰাত সহায় কৰে আৰু আপোনাৰ এণ্টিঅক্সিডেণ্টৰ মাত্ৰা বৃদ্ধি কৰে। এই এণ্টিঅক্সিডেণ্ট বোৰ কেঞ্চাৰ প্ৰতিষেধক হিচাপেও অত্যন্ত উপযোগী।

 

জৈৱিক চাহৰ খেতি কেনেকৈ কৰা হয়?

জৈৱিক চাহৰ খেতি সাধাৰণ চাহৰ খেতিতকৈ যথেষ্ট ব্যয়বহুল আৰু সেইবাবে ইয়াৰ বজাৰ মূল্য অধিক। কোনো জ্ঞাত বা অজ্ঞাত উৎসৰ পৰা যাতে কোনো ধৰণৰ প্ৰদূষক বা দূষক পদাৰ্থ ইয়াৰ ভিতৰলৈ বৈ যোৱা বা ভাহি অহাৰ সম্ভাৱনা নাথাকে তাৰ বাবে অঞ্চলটো যথেষ্ট পৃথক কৰি ৰখাৰ প্ৰয়োজন। এইখিনি সুৰক্ষা নিশ্চিত কৰিবলৈ অঞ্চলটোৰ ভূ-প্ৰকৃতিৰ ওপৰত নিৰ্ভৰ কৰি প্লটৰ চাৰিওফালে পৰ্যাপ্ত প্ৰস্থত বাফাৰ জ’ন থাকিব লাগে। বাফাৰ জ’নৰ ন্যূনতম প্ৰস্থ ১০০ মিটাৰ হ’ব লাগে। অঞ্চলটোৰ উচ্চতা আৰু বৰষুণৰ ওপৰত নিৰ্ভৰ কৰি মাটিৰ প্ৰফাইলৰ ন্যূনতম গভীৰতা ১.৫ৰ পৰা ২.০ মিটাৰ হ’ব লাগে আৰু জৈৱিক পদাৰ্থৰ অৱস্থা মধ্যমীয়াৰ পৰা উচ্চ পৰ্যায়ৰ হ’ব লাগে। বৃহৎ পৰিসৰৰ পচন সাৰ প্ৰস্তুতৰ বাবে বাগিছাখনত প্ৰদূষকমুক্ত পানীৰ বহুবৰ্ষজীৱী উৎসৰ প্ৰয়োজন হয়, যিটো জৈৱিক চাহ খেতিৰ বাবে অতি প্ৰয়োজনীয়। জৈৱিক চাহ খেতিৰ পৰিদৰ্শনৰ সুবিধাৰ বাবে ৰূপান্তৰৰ পূৰ্বৰ সময়ছোৱাত বাহ্যিক সামগ্ৰীৰ সবিশেষ দিবলৈ সম্পূৰ্ণৰূপে নথিভুক্ত কৰা প্ৰায় দহ বছৰৰ সময়ৰ বিশদ ইতিহাস বজাই ৰাখিব লাগে। জৈৱিক চাহ খেতিৰ বাবে মাটি আৰু পানী সংৰক্ষণৰ সঠিক ব্যৱস্থা গ্ৰহণ কৰাটো অতি প্ৰয়োজনীয়। খাদ আৰু মাল্‌চিঙে বৰষুণৰ পানী সংৰক্ষণ কৰে আৰু আৰ্দ্ৰতা উদ্ভিদক স্থায়ীভাৱে উপলব্ধ কৰে। জৈৱিক খেতিৰ ক্ষেত্ৰত কোনো ধৰণৰ জেনিটিক-মেনিপুলেটেড জাতৰ অনুমতি দিয়া নহয়। চাহ গছৰ বংশ প্ৰজনন বা উদ্ভিদ দুয়োটা পদ্ধতিৰে কৰা হয়।

 

জৈৱিক চাহ ৰোপণৰ পদ্ধতি—

নতুন চাহ বাগিছা স্থাপন কৰাৰ সময়ত সমস্যাজনক ঘাঁহবোৰ হাতেৰে উভালি পেলোৱাৰ যত্ন ল’ব লাগে, যেনে— ইম্পেৰাটা চিলিণ্ড্ৰিকা। তাৰ পিছত অবাঞ্চিত প্ৰজাতিৰ উদ্ভিদৰ বৃদ্ধি দমন কৰিবলৈ লাজুকীলতা (Mimosa pudica), গুৱেটামালা ঘাঁহ (Tripsacum laxum)ৰ দৰে দ্ৰুত বৃদ্ধি পোৱা আৱৰণকাৰী উদ্ভিদ ৰোপণ কৰাটো বাঞ্ছনীয়। প্ৰতি হেক্টৰত ১০ হাজাৰৰ পৰা ২০ হাজাৰৰ ভিতৰত গছ ৰোপণ কৰিব পাৰি৷

 

অজৈৱিকৰ পৰা জৈৱিক ৰূপান্তৰৰ সময়সীমা—

কৃত্ৰিম কৃষি ৰাসায়নিক পদাৰ্থৰ শেষ ব্যৱহাৰৰ পৰা ন্যূনতম ৰূপান্তৰৰ সময়সীমা তিনি বছৰ হ’ব লাগে। ৰূপান্তৰ আৰম্ভ হোৱাৰ পৰা এবছৰ পাৰ হোৱাৰ পিছতহে চাহক ‘ইন কনভাৰ্চন অৰ্গেনিক টী’ হিচাপে বিপণন আৰম্ভ কৰিব পাৰি। তিনি বছৰৰ ৰূপান্তৰ সম্পূৰ্ণ হোৱাৰ পাছতহে চাহক ‘জৈৱিক চাহ’ হিচাপে বজাৰত বিক্ৰী কৰিব পাৰি।

বনৌষধি চাহ কি?

প্ৰকৃত চাহ কেমেলিয়া চাইনেন্সিছ উদ্ভিদৰ পাতৰ পৰা তৈয়াৰ কৰা হয়, যাক সাধাৰণতে চাহ উদ্ভিদ বুলি জনা যায়, আনহাতে বনৌষধি চাহ খাব পৰা কিন্তু চাহ নোহোৱা গছৰ অন্তৰ্গত মছলা, ফুল, বাকলি আৰু পাতৰ সংমিশ্ৰণ ব্যৱহাৰ কৰি তৈয়াৰ কৰা হয় চাহৰ। বনৌষধি চাহ কেতিয়াও প্ৰকৃত চাহৰ দৰে উপকাৰী নহয়।

 

বৰ্ষাৰণ্য প্ৰমাণিত চাহ (Rainforest certified Tea)—

অসমৰ চাহ বিশ্বখ্যাত যদিও এই অঞ্চলৰে বহু অসাধু খেতিয়্ক তথা ব্যৱসায়ীয়ে বিভিন্ন সময়ত অৱলম্বন কৰা অসাধু উৎপাদনৰ প্ৰণালীৰ বাবে অসমৰ কিছু কিছু অঞ্চলৰ চাহ সামগ্ৰিকভাৱে মানুহৰ স্বাস্থ্যৰ বাবে ক্ষতিকাৰক হৈ পৰিল। তদুপৰি নতুন চাহ বাগিছা স্থাপনৰ বাবে বহু লোকে স্থানীয় আৰু প্ৰাকৃতিকভাৱে হোৱা বহু শস্য তথা খেতিৰ ধংস কৰি চাহ খেতি কৰিবলৈ ল’লে। ক্ৰমাগত এই অসাধু প্ৰক্ৰিয়াই এটা সময়ত বিশ্বৰ বহু দেশত বিশেষকৈ পশ্চিমীয়া বহু দেশৰ সচেতন চাহ উপভোক্তাৰ মনত সংশয়ৰ সৃষ্টি কৰিলে আৰু তাৰ ফলত চাহ আমদানি কৰা এই উন্নত দেশৰ চৰকাৰে চাহ উৎপাদনকাৰীৰ ওপৰত কিছু বহনক্ষম বাধ্যবাধকতা আৰম্ভ কৰিলে। বৰ্ষাৰণ্য মিত্ৰতাৰ প্ৰমাণপত্ৰ (Rainforest Alliance Certification) এনে এক ব্যৱস্থা যাৰ অবিহনে আমাৰ দেশৰ কোনো চাহ উৎপাদনকাৰী অথবা চাহ ৰপ্তানিকাৰীয়ে দেশৰ চাহ ইউৰোপ, আমেৰিকা, ৰাচিয়া আদি দেশলৈ পঠাব নোৱাৰে। ই বাধ্যতামূলক।

 

বৰ্ষাৰণ্য মিত্ৰতাৰ প্ৰমাণপত্ৰ ছীলৰ অৰ্থ হ’ল যে পণ্যটো (বা এটা নিৰ্দিষ্ট উপাদান) কৃষক, বনকৰ্মী, আৰু/বা কোম্পানীসমূহে একেলগে কাম কৰি এনে এখন পৃথিৱী সৃষ্টি কৰিছে য’ত মানুহ আৰু প্ৰকৃতিয়ে মিলাপ্ৰীতিৰে সহাৱস্থান কৰি লাভৱান হয়। বৰ্ষাৰণ্য মিত্ৰতা (Rainforest Alliance) প্ৰমাণিত চাহ স্বাস্থ্যকৰ আৰু উচ্চমানৰ হয় কাৰণ ইয়াক প্ৰাকৃতিকভাৱে উৎপাদন কৰা হয়। বজাৰত পোৱা আন মিশ্ৰণৰ তুলনাত ইহঁতৰ সুকীয়া সোৱাদ আৰু প্ৰাকৃতিক সুগন্ধি আৰু সোৱাদ আছে। বৰ্ষাৰণ্য মিত্ৰতা প্ৰমাণিত পাম বা বাগিছাসমূহে এনে পদ্ধতি ব্যৱহাৰ কৰাৰ অধিকাৰ আছে যিয়ে কৃষকৰ স্বাস্থ্য, তেওঁলোকৰ মাটি আৰু জীৱিকা আৰু তেওঁলোকৰ চাৰিওফালৰ জলপথ সুৰক্ষিত কৰিব পাৰে। বৰ্ষাৰণ্য মিত্ৰতাই ভৱিষ্যত প্ৰজন্মৰ বাবে তেওঁলোকৰ মাটি সুৰক্ষিত কৰা কৃষি কৌশলৰ প্ৰসাৰ ঘটায়। এতিয়া প্ৰশ্ন হ’ল— ‘ৰেইনফৰেষ্ট এলায়েন্স কোন?’

 

ৰেইনফৰেষ্ট এলায়েন্স বা বৰ্ষাৰণ্য মিত্ৰতা হৈছে জৈৱ বৈচিত্ৰ্য সংৰক্ষণৰ বাবে কাম কৰা এটা বেচৰকাৰী সংস্থা (এন জি অ’)। এই সংস্থাটোৱে ব্যৱসায়িক পদ্ধতি, মাটি ব্যৱহাৰৰ পদ্ধতি আৰু গ্ৰাহকৰ আচৰণৰ পৰিৱৰ্তনৰ জৰিয়তে কৃষকৰ বহনক্ষম জীৱিকা নিশ্চিত কৰে। এই সংস্থাৰ পৰা প্ৰমাণপত্ৰ সামাজিক, অৰ্থনৈতিক আৰু পৰিৱেশগত বহনক্ষমতাৰ বাবে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত স্বীকৃতিপ্ৰাপ্ত। টাটা টী এনে এক প্ৰতিষ্ঠান যি সদায় সামাজিকভাৱে অতিশয় দায়বদ্ধ আৰু তাৰেই ফলস্ৰুতিত টাটা টীৰ অধিনৰ ২৫খন বাগিছা সম্পূৰ্ণৰূপে বৰ্ষাৰণ্য মিত্ৰতা (Rainforest Alliance) প্ৰমাণিত। অসমত থকা সকলো চাহকোম্পানীৰ ভিতৰত টাটা টী একমাত্ৰ প্ৰতিষ্ঠান যাৰ সকলোবোৰ বাগিছা বৰ্ষাৰণ্য মিত্ৰতা (Rainforest Alliance) প্ৰমাণিত। এই কামকাজ চোৱাচিতা কৰিবলৈ টাটা টী প্ৰতিষ্ঠানত এক স্বয়ংসম্পূৰ্ণ পূৰ্ণ বিভাগ আছে যাৰ মুৰব্বী এজন জ্যেষ্ঠ প্ৰধান প্ৰবন্ধক। অসমৰ চাহ বিদেশলৈ ৰপ্তানি কৰিবলৈ এই বৰ্ষাৰণ্য মিত্ৰতা (Rainforest Alliance) প্ৰমাণিত ব্যৱস্থা বাধ্যতামূলক।

 

 

সামগ্ৰিক ভাবে অসমৰ চাহ উদ্যোগ

অসমৰ চাহ উদ্যোগ প্ৰায় ১৭২ বছৰ পুৰণি। ৰাষ্ট্ৰীয় অৰ্থনীতিত এই চাহ উদ্যোগে অতি উপযোগী ভূমিকা পালন কৰে। ১৮৩৩ চনত তেতিয়াৰ বৃটিছ চৰকাৰে পূৰ্বৰ অবিভক্ত লখিমপুৰ জিলাৰ চাবুৱাত এখন চাহ বাগিছা আৰম্ভ কৰে। ১৯৩৮ চনত এই বাগিছাৰ পৰা উন্নত মানৰ চাহ লণ্ডনলৈ অহাৰ লগে লগে অসমৰ চাহ বাগিছাৰ প্ৰতি লণ্ডন মহানগৰীৰ বাণিজ্যিক মহলে তীব্ৰ আগ্ৰহ প্ৰকাশ কৰে আৰু ১৮৩৯ চনত অসম কোম্পানী নামেৰে জনাজাত এটা কোম্পানী গঠন কৰি পৰীক্ষামূলক হোল্ডিংছ গ্ৰহণ কৰা হয়। তেতিয়ালৈকে অসমত স্থাপিত চাহ বাগিছাসমূহৰ ওপৰত ইষ্ট ইণ্ডিয়া কোম্পানীৰ প্ৰশাসন আছিল। এইটোৱেই আছিল ভাৰতৰ প্ৰথমটো কোম্পানী যিয়ে চাহৰ বাণিজ্যিক উৎপাদনৰ কাম হাতত লৈছিল আৰু আচলতে ই ইষ্ট ইণ্ডিয়া কোম্পানীৰ প্ৰত্যক্ষ উত্তৰাধিকাৰী আছিল। নাজিৰাৰ হাবি কাটি এডোখৰ ঠাই মুকলি কৰি এই কোম্পানীৰ কাৰ্যালয় স্থাপন কৰা হৈছিল আৰু ১৯৬৫ চনত কলিকতালৈ স্থানান্তৰিত নোহোৱালৈকে এই কোম্পানীটোৰ মুখ্য কাৰ্যালয় নাজিৰাতে আছিল। ১৮৪৫ চনত এই কোম্পানীটোৰ আনুষ্ঠানিক নিগমন কাৰ্যকৰী হয় আৰু ১৮৫২ চনৰ ভিতৰত চাহ বাগিছা পৰিচালনাৰ অন্যতম মহান অগ্ৰণী জৰ্জ উইলিয়ামছনৰ পৰিচালনাত ইয়াৰ অৱস্থা উন্নত হ’বলৈ ধৰে আৰু ইয়াৰ সফলতাই উদ্যোগটোৰ সম্ভাৱনাক ইমানেই আশাব্যঞ্জক আৰু আকৰ্ষণীয় কৰি তুলিছিল যে বহু প্ৰতিষ্ঠিত ব্যৱসায়ী ইয়াৰ অংশীদাৰী হ’বলৈ ঢপলিয়াই আহিছিল।

১৮৫৯ চনত দ্বিতীয় গুৰুত্বপূৰ্ণ চাহ কোম্পানী যোৰহাট চাহ কোম্পানী গঠন হয়। প্ৰদেশখনত চাহ বাগিছাক উৎসাহিত কৰিবলৈ চৰকাৰে চাহ খেতিৰ বাবে পেলনীয়া ভূমি বসতি স্থাপনৰ বাবেও উদাৰ ব্যৱস্থা কৰিছিল। ষাঠিৰ দশকৰ আৰম্ভণিতে পূৰ্বৰ আৱৰ্জনা ভূমিত বসতি নিয়মৰ বহু বিধান ৰেহাই দিয়া হৈছিল। ১৮৬০ চনৰ পৰা ১৮৬৫ চনৰ ভিতৰত এই উদ্যোগটো বন্য জল্পনা-কল্পনাৰ বিষয় হৈ পৰিছিল। অৱশ্যে এই সফলতাৰ ১৮৬৬ চনত পতন ঘটিল, যেতিয়া চাহৰ সকলো সম্পত্তিৰ মূল্য হ্ৰাস পালে। পৰিস্থিতি ইমানেই ভয়াৱহ আছিল যে চৰকাৰী তদন্ত আয়োগ নিযুক্তি দিবলগীয়া হৈছিল। তদন্ত আয়োগৰ ৰিপৰ্টত কোৱা হৈছিল যে উদ্যোগটো মূলতঃ সুস্থ আছিল আৰু লাহে লাহে ১৮৭০-৭১ চনৰ ভিতৰত জনসাধাৰণৰ আস্থা পুনৰ ঘূৰি আহিছিল আৰু সুস্থ ভিত্তিত উন্নয়ন অব্যাহত আছিল। ১৮৭৯ চনত চীনৰ পৰা ৰপ্তানিৰ অভাৱৰ ভুৱা উৰাবাতৰিৰ বাবে মূল্যৰ উত্থানৰ পিছত আৰু অধিক অৱনতি ঘটে। যদিও তিনি বছৰৰ পাছত অৱস্থাৰ উন্নতি ঘটিছিল, অতিৰিক্ত উৎপাদনৰ বাবে ১৮৯৩ চনৰ পৰা ১৯০৬ চনৰ ভিতৰত আন এক অৱনতি ঘটিছিল। বৰ্তমান শতিকাত উদ্যোগটোৱে নিজৰ সম্প্ৰসাৰণৰ আমেজ পুনৰ দখল কৰিব নোৱাৰিলে। আনহাতে, চাহৰ তলত প্ৰতি একৰ উৎপাদন, সীমিত সংখ্যক কোম্পানীৰ অধীনত বাগিছাসমূহ গোট খোৱা, উৎপাদনৰ প্ৰগতিশীল যান্ত্ৰিকীকৰণ আৰু যুক্তিসংগতকৰণ আৰু শ্ৰমৰ উৎপাদনশীলতাৰ ক্ষেত্ৰত তেওঁলোকৰ দক্ষতা বৃদ্ধিৰ ক্ষেত্ৰত যথেষ্ট উন্নতি হৈছে।

 

১৯১১ চনত যোৰহাটৰ সমীপত চাহ খেতি আৰু উৎপাদনৰ ওপৰত গৱেষণা অব্যাহত ৰখাৰ উদ্দেশ্যে টোকলাই গৱেষণা কেন্দ্ৰ স্থাপন কৰা হয়। উদ্যোগটোৰ উৎপাদন বৃদ্ধিৰ বাবে জ্ঞান প্ৰচাৰত এই গৱেষণা কেন্দ্ৰই এক অতি গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আহিছে। উন্নত কৌশল আৰু খেতিৰ দ্বাৰা আৰু উদ্ভিদক প্ৰভাৱিত কৰা ৰোগ আৰু কীট-পতংগ নিয়ন্ত্ৰণৰ দ্বাৰা চাহ বাগিছাসমূহৰ উৎপাদন বৃদ্ধি কৰাত সহায় কৰি আহিছে টোকোলাই পৰীক্ষা কেন্দ্ৰই।

 

প্ৰথম বিশ্বযুদ্ধৰ সময়ত চাহ উদ্যোগে মূলতঃ মূল্যৰ বাবে আন এক সংকটৰ সন্মুখীন হ’বলগীয়া হৈছিল। ভাৰতীয় চাহ সন্থাৰ পৰামৰ্শ মতে অসমৰ চাহ বাগিছাসমূহে মূল্যৰ গাঁথনি উন্নত কৰাৰ স্বাৰ্থত উৎপাদন হ্ৰাস কৰাৰ উদ্দেশ্যে ১৫ নৱেম্বৰ, ১৯২৩ তাৰিখে চাহ বাগিছাবোৰত উৎপাদনৰ ওপৰত এক প্ৰতিবন্ধকতা আৰোপ কৰে। লাহে ১৯২৭ চনলৈকে সমৃদ্ধিৰ যুগ আৰম্ভ হয়, য’ত কাৰখানা আৰু উৎপাদন কৌশলৰ আধুনিকীকৰণে দ্ৰুত অগ্ৰগতি লাভ কৰে। ত্ৰিশৰ দশকৰ আৰম্ভণিতে উদ্যোগটোৱে পুনৰ তীব্ৰ সংকটৰ সন্মুখীন হ’বলগীয়া হৈছিল। ভাৰতীয় চাহ নিয়ন্ত্ৰণ আইন – ১৯৩৩ প্ৰণয়ন কৰি, আন্তঃৰাষ্ট্ৰীয় চাহ সমিতি আৰু ভাৰতীয় চাহ অনুজ্ঞাপত্ৰ সমিতি গঠন কৰি এই সংকট সফলতাৰে ৰোধ কৰা হয়। দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত এই উদ্যোগটোৰ পুনৰোত্থানৰ সময় আছিল আৰু ১৯৫১ চনৰ পিছত ই এক অভূতপূৰ্ব সমৃদ্ধি লাভ কৰিছিল। পুনৰ ১৯৫২ চনত এই উদ্যোগ তীব্ৰ সংকটৰ সন্মুখীন হয় যেতিয়া চাহৰ দাম প্ৰায় উৎপাদন ব্যয়ৰ সমান হৈ পৰিল। ভাৰতীয় চাহৰ মন্দাৱস্থাৰ বাবে দায়ী বুলি প্ৰস্তাৱ কৰা বহুবিধ কাৰণৰ ভিতৰত আটাইতকৈ শক্তিশালী কাৰকবোৰ যেনে প্ৰতিযোগী দেশত অতিৰিক্ত উৎপাদন, যুক্তৰাজ্যত ব্যাপক ক্ৰয় ব্যৱস্থা বন্ধ হোৱাৰ বাবে প্ৰস্তুত বজাৰ আকৰ্ষণ কৰিব নোৱাৰা মধ্যমীয়া আৰু সাধাৰণ (ছেকেণ্ডাৰী) গ্ৰেডৰ চাহৰ অভাৱ॥ পিছৰ বছৰত পৰিস্থিতি যথেষ্ট উন্নত হয় আৰু তেতিয়াৰ পৰাই চাহ উদ্যোগে সন্তোষজনক অৱস্থা লাভ কৰি আহিছে যদিও ১৯৬০ চনত ভয়াৱহ খৰাং পৰিস্থিতিৰ বাবে কিছু অসুবিধাৰ সন্মুখীন হৈছিল।

১৯৭০ চনৰ ২৫ ছেপ্টেম্বৰত গুৱাহাটীত চাহ নিলাম কেন্দ্ৰ মুকলি হোৱাৰ লগে লগে, অসমৰ চাহ উদ্যোগৰ বাবে এক নতুন যুগৰ শুভকামনা। এই অঞ্চলৰ উৎপাদিত সামগ্ৰীৰ বাবে চাহৰ বিপণন সদায় সমস্যা হৈ আহিছে। পূৰ্বে কলিকতাৰ চাহ নিলাম কেন্দ্ৰটোৱেই আছিল অসম চাহৰ একমাত্ৰ বিক্ৰী কেন্দ্ৰ।

 

অতি ক্ষতিকাৰক কৃত্ৰিম ৰঙেৰে বোলোৱা চাহ—

প্ৰতিদিনে পুৱা আপোনাক সতেজ কৰি তোলা চাহ কাপত কৃত্ৰিম ৰং থাকিব পাৰে যদিও খাদ্য সুৰক্ষাৰ নীতিৰ অধীনত এনে কৃত্ৰিম ৰং ব্যৱহাৰ কৰাৰ কোনো অনুমতি নাই। বৰ্তমানে ভাৰতৰ চাহ বিষয়টো অতি গুৰুত্ব সহকাৰে লৈছে আৰু সকীয়াই দিছে যে এনেবোৰ কথা বেছ গুৰুতৰ চিন্তাৰ বিষয় হৈ পৰিছে। “আমাৰ দেশত বিভিন্ন খাদ্য সামগ্ৰীত ৰঙৰ ব্যৱহাৰ ভাৰতীয় খাদ্য সুৰক্ষা আৰু মানদণ্ড কৰ্তৃপক্ষৰ নিৰ্দেশনা অনুসৰি পালন কৰা হৈছে। চাহৰ ওপৰত কৰ্তৃপক্ষৰ নিয়ম অনুসৰি এই সামগ্ৰীটো বহিৰ্জাতীয় পদাৰ্থৰ পৰা মুক্ত হ’ব লাগিব, গ্ৰাহকৰ স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা ৰং মিহলি কৰাটো কঠোৰভাৱে নিষিদ্ধ যদিও চাহত ৰং কৰাটো ক্ৰমান্বয়ে আজিকালি গুৰুতৰ চিন্তাৰ বিষয় হৈ পৰিছে। বিভিন্ন ৰঙৰ বিষয়ৰ সৈতে চাহৰ চিকিৎসা কেৱল অসাধু ব্যৱসায়ী তথা ব্যভিচাৰীসকলৰ অসৎ চিন্তাৰ ফচল।” চাহপাতক বিচমাৰ্ক ব্ৰাউন, পটাছিয়াম নীলা, হালধীয়া, নীলা, প্লাম্বাগোৰ ৰং কৰি প্ৰডাক্টটোক কিছু প্ৰিয় ৰং বা চিকমিকনি প্ৰদান কৰিবলৈ ব্যৱহাৰ কৰাৰ উদাহৰণ পোৱা গৈছে। অতি নিয়মীয়াকৈ ব্যৱহাৰ কৰা ৰাসায়নিক পদাৰ্থবিধ হৈছে সীহ, যি সাধাৰণতে কাঠপেঞ্চিলৰ ক’লা অংশৰ বাবে ব্যৱহৃত হয়। এই কৃত্ৰিম ৰং মিহলি চাহ দেশৰ দাক্ষিণাত্যত আৰু পশ্চিম ভাৰত বিশেষকৈ গুজৰাটত এক ভয়াবহ ৰুপ ধাৰণ কৰিছে। অসাধু ব্যৱসায়ীসকলে সাধাৰণ মানুহৰ চাহৰ প্ৰতি থকা দুৰ্বলতাৰ পূৰ্ণ সুযোগ লৈ জনজীৱনৰ স্বাস্থ্যৰ প্ৰ্তি গুৰুতৰ ভাবুকি কঢ়িয়াই আনিছে।

 

অসমৰ চাহ বনাম আন ঠাইৰ চাহ-

পৃথিৱীৰ বৃহত্তম চাহ প্ৰস্তুতকৰ্তা হ’ল চীন দেশ আৰু তাৰ পিছতেই স্থান হ’ল ভাৰতৰ। অসমৰ চাহৰ শতিকাজুৰি সমগ্ৰ বিশ্বতে এক বিশেষ সমাদৰ আছে ইয়াৰ ৰং, উগ্ৰতা, ইনফিউচন আদি কাৰকৰ বাবে। দক্ষিণ ভাৰততো চাহ উৎপাদন হলেও এই চাহৰ বিশেষত্ব অসমৰ চাহৰ তূলনাত কম। অসমৰ চাহ সাধাৰণতে উজ্জ্বল, স্বাদত কাঢ়া আৰু সুস্বাদু হোৱাৰ বিপৰীতে দাৰ্জিলিঙৰ চাহ বিশেষ ফ্লেভাৰ (গোন্ধ)যুক্ত হয় আৰু ব্যক্তিবিশেষৰ স্বকীয় সোৱাদ অনুসৰি কোনো এবিধ চাহ প্ৰিয়হৈ পৰে। জগৎবিখ্যাত অসমৰ চাহ অতি সম্প্ৰতি আন এক সমস্যাত পৰিছে, যি নেকি নিম্নমানৰ আমদানিকৃত চাহৰ দ্বাৰা সৃষ্ট। নেপালত উৎপাদন হোৱা অতি নিম্নমানৰ চাহ অসমলৈ চোৰাংকৈ আনি ইয়াত পেকেজিং কৰি ‘অসম চাহ’ হিচাপে বজাৰত এৰি দিয়াৰ ফলত শতিকাজোৰা অসম চাহৰ খ্যাতি বিশ্বৰ বজাৰত বহুলাংশে ক্ষতিগ্ৰস্ত হৈছে। এই সমগ্ৰ অসাধু প্ৰক্ৰিয়াটোৰ গুৰি ধৰি আছে পশ্চিম ভাৰতৰ একাংশ ৰাজনৈতিক আশীৰ্বাদপুস্ত অসাধু ব্যৱসায়ীয়ে।

 

জালুক – চাহবাগিছাত চাহ খেতিৰ বিকল্প শস্যৰ খেতি

 

চৰকাৰি পঞ্জীয়নভুক্ত চাহবাগিছাসমূহৰ চাহখেতি কৰা মাটিত চাহ খেতিৰ সলনি বিকল্প শস্যৰ খেতি কৰা নিষেধ। ই আইনমতে দণ্ডনীয়। অতি সম্প্ৰতি চৰকাৰে এই আইনৰ সংশোধন ঘটাই চাহ বাগিছাৰ মুঠ মাটিৰ ৫% পৰ্যন্ত মাটিত বিকল্প শস্যৰ খেতি কৰাৰ অধিকাৰ প্ৰদান কৰিছে। অৱশ্যে বিকল্পৰ সলনি অতিৰিক্তভাৱে বেলেগ শস্যৰ খেতি কৰিব পৰা যায়। ইয়াৰ এক উত্তম উদাহৰণ হ’ল চাহ বাগিছাবোৰত হোৱা জালুকৰ খেতি। এই শতিকাৰ আৰম্ভণিপৰ্যন্ত কোনো চাহ খেতিয়্কেই এই বিষয়ত সিমান মন কাণ দিয়া নাছিল যদিও পৰিবৰ্তিত পৰিবেশ পৰিস্থিতিত বৰ্তমানে ই এক অতি লাভদায়ক খেতি হৈ পৰিছে। কাৰণ ইয়াৰ বাবে নালাগে কোনো অতিৰিক্ত মাটি বা আন আন্তঃগাঁথনি। চাহগছৰ বাবে ৰোপণ কৰা ডাঙৰ ছাঁ-গছবোৰকে (shade tree) আধাৰ হিচাপে লৈ জালুক গছজোপা বগাই যায়। আপুনি হয়তো মন কৰিছে চাহবাগিছাৰ ডাঙৰ ডাঙৰ ছাঁ-গছ বোৰত ঘন লতাজাতীয় এবিধ উদ্ভিদ; এই লতাজোপাই হ’ল আপুনি খোৱা জালুক গছ। এজোপা জালুক গছ পূৰঠ হবলৈ প্ৰায় পাঁচ বছৰ লাগে যদিও প্ৰথম বছৰৰ পৰা জালুকৰ উৎপাদন হয়। এজোপা পূৰঠ জালুকে বছৰত সৰ্বোচ্চ ১২ কেজি পৰ্যন্ত জালুক দিব পাৰে। সাধাৰণ এক উদাহৰণ হ’ল, টাটা টীৰ অধিনৰ ২৫খন বাগিছাতে বৰ্তমানে সম্পূৰ্ণ বৈজ্ঞানিক পদ্ধতিৰে জালুকৰ খেতি কৰা হয় যাৰ বাবে এক সুকীয়া বিভাগ আছে। পৰিসংখ্যা অনুসৰি টাটা টীৰ গড় বছৰি উৎপাদন প্ৰায় ৮৫ মেট্ৰিক টন। এই জালুক দেশৰ তথা বিদেশৰ বিভিন্ন স্থানলৈ ৰপ্তানি কৰা হয়। অসমৰ বজাৰতে ক’লা জালুকৰ মূল্য ৬০০ ৰ পৰা ৮০০ টকা প্ৰতি কেজি।

 

অসমৰ চাহ উদ্যোগৰ সমস্যা—

 

অসমত চাহ বাগিছাৰ আৰম্ভণিৰে পৰাই ৰোপণকাৰীসকলে প্ৰয়োজনীয় শ্ৰমিক শক্তি নিশ্চিত কৰাৰ ক্ষেত্ৰত যথেষ্ট অসুবিধাৰ সন্মুখীন হৈ আহিছিল। অসমৰ স্থানীয় মানুহখিনি স্বভাৱগত ভাৱে এলেহুৱা আৰু কানীয়া (সেই সময়ত) হোৱা বাবে চাহ ৰোপণকাৰী সংস্থাবোৰ সদায় বাহিৰৰ শ্ৰমিকৰ ওপৰত নিৰ্ভৰশীল আছিল৷ প্ৰথম অৱস্থাত বৃটিছ শাসকে অনুপ্ৰৱেশকাৰী চীনা শ্ৰমিকৰ সৈতে এক সম্পৰীক্ষা কৰি চাইছিল যদিও প্ৰয়োজনীয়তা আৰু ৰক্ষণাবেক্ষণৰ ব্যয় বেছি হোৱাৰ বাবে আৰু তেওঁলোকৰ পৰিচালনাৰ অসুবিধাৰ বাবে সম্পূৰ্ণ বিফল বুলি প্ৰমাণিত হয়। স্থানীয় শ্ৰমিক পৰ্যাপ্ত সংখ্যাত উপলব্ধ নাছিল আৰু তেওঁলোকৰ পলায়নৰ আশংকাও আছিল। এনেদৰে অসমৰ চাহ বাগিছাৰ সম্প্ৰসাৰণৰ সৈতে মোকাবিলা কৰিবলৈ ভাৰতৰ অন্যান্য প্ৰান্তৰ পৰা বৃহৎ সংখ্যক শ্ৰমিক অনাটো প্ৰয়োজনীয় হৈ পৰিল। অনুপ্ৰৱেশকাৰী শ্ৰমিকৰ ধাৰাবাহিক প্ৰবাহৰ ফলস্বৰূপে এতিয়া ৰাজ্যৰ চাহ উৎপাদনকাৰী অঞ্চলসমূহত বৃহৎ সংখ্যক চাহ বাগিছাৰ শ্ৰমিকৰ সৃষ্টি হৈছে।

 

এতিয়া অসম চাহৰ আন্তৰ্জাতিক খ্যাতি আছে আৰু বিশ্ব চাহ বজাৰত উল্লেখযোগ্য স্থান লাভ কৰিছে। অসমত চাহ খেতিৰ মুঠ মাটিকালি দেশৰ মুঠ চাহ খেতিৰ আধাতকৈও অধিক। ভাৰতৰ চাহ উৎপাদনৰ আধাতকৈ অধিক উৎপাদন কেৱল অসমতে। অসমত বাৰ্ষিক গড় উৎপাদন প্ৰায় ৬৩০- ৭০০ কোটি কিলোগ্ৰাম।

অসমৰ চাহ উদ্যোগ বৰ্তমান অতিকে সংকটাপন্ন। উপৰুৱাকে চালে এয়া অনুভৱ কৰিব নোৱাৰি যদিও, বৰ্তমাৰ গতিত থাকিলে এই ঐতিহাসিক আৰু অসমৰ একমাত্ৰ বৃহৎ উদ্যোগ অচিৰেই মৃতপ্ৰায় হ’ব। ইতিমধ্যে বহু বৃহৎ চাহ কোম্পানীয়ে এই উদ্যোগ পৰিত্যাগ কৰিছে আৰু আন বহুতে এই পথেৰে ধাবমান হৈছে। আমি সকলোৱে এটা কথা মনত ৰখা ভাল যে কোনো ব্যৱসায়ী বা উদ্যোগপতি, যিমানে ডাঙৰ নহওক লাগিলে কোনো ব্যৱসায় লোকচানত অনন্তকাল চলাই থাকিব নোৱাৰে। উদ্যোগৰ সমান্তৰালভাৱে সমাজসেৱা থাকিলেও লাভালাভৰ ওপৰতে একো একোটা উদ্যোগৰ ভবিষ্যত নিৰ্ভৰ কৰে। বৰ্তমান সময়ত বেছিভাগ চাহ বাগিছাৰে উৎপাদন ব্যয় অভাৱনীয়ভাৱে বৃদ্ধি পাইছে কিন্তু তাৰ তুলনাত চাহ বিক্ৰীমূল্য সমানুপাতিক হোৱা নাই। চাহ বাগিছাৰ বাবে থকা ১৯৫১ চনৰে বাগিছা আইনখনৰ (Plantation Act 1951) সংশোধন অতি জৰুৰী হৈ পৰিছে এই উদ্যোগটো বচোৱাৰ বাবে। বাগিছাৰ শ্ৰমিকসকলক ৰাজনৈতিক লাভালাভৰ পৰা আতঁৰত ৰাখি এক সুস্থিৰ অৱস্থা বৰ্তাই ৰখাটো অতি প্ৰয়োজনীয় হৈ পৰিছে। শেহতীয়াকৈ কেইমাহমানৰ আগতে ভাৰতীয় চাহ সংস্থাই (Indian Tea Association) নিম্ন লিখিত সমস্যাসমূহৰ বাবে অতি সষ্টম হৈ চৰকাৰৰ প্ৰতি আহ্বান জনাইছে এইবোৰৰ দূৰীকৰণত চৰকাৰৰ কৰণীয়খিনিৰ বাবে৷

 

—উৎপাদনৰ ব্যয় বহনক্ষম স্তৰৰ বাহিৰলৈ বৃদ্ধি পোৱাত ভাৰতীয় চাহ বাগিছা খণ্ডই তীব্ৰ আৰ্থিক চাপৰ সময়ছোৱাৰ মাজেৰে সময় অতিবাহিত কৰিছে।

—চাহৰ দাম উৎপাদকসকলৰ বাবে লাভজনক নহয় আৰু উৎপাদনৰ বৰ্ধিত ব্যয়ৰ লগত খোজ মিলাব পৰা নাই। যোৱা ১০-১১ বছৰত চাহৰ মূল্য প্ৰায় ৪.৫% CAGR ৰে বৃদ্ধি পাইছে যদিও একে সময়ছোৱাত কয়লা, গেছ, MOP, ছালফাৰ আদিৰ দৰে গুৰুত্বপূৰ্ণ সামগ্ৰীৰ ব্যয় ৯-১২% CAGR ৰে বৃদ্ধি পাইছে।

—২০২০ চনত ক’ৰণা মহামাৰীৰ প্ৰাদুৰ্ভাৱৰ পৰা উদ্ভৱ হোৱা যোগানৰ সমস্যাৰ বাবে চাহৰ মূল্য লক্ষণীয় ভাৱে বৃদ্ধি হয় যদিও ২০২১ চনত পুনৰ মূল্য ২০২০ৰ স্তৰৰ পৰা ৬% হ্ৰাস পায়।

—২০২২ চনত জানুৱাৰীৰ পৰা জুনলৈকে চাহ ব’ৰ্ডৰ উপলব্ধ তথ্য অনুসৰি সৰ্বভাৰতীয় চাহৰ মূল্য সংশ্লিষ্ট ২০২১ চনৰ স্তৰৰ পৰা ৫%তকৈ অধিক হ্ৰাস পাইছে।

—ক্ষুদ্ৰ চাহ খেতিয়ক (এছটিজি)ৰ উত্থানৰ ফলত ২০১০ চনত ৯৬৬ মিলিগ্ৰামৰ পৰা ২০২১ চনত ১৩২৯ মিলিগ্ৰামলৈ উৎপাদনৰ মাত্ৰা দ্ৰুতগতিত বৃদ্ধি পাইছে (৩৮% বৃদ্ধি)। আজিৰ তাৰিখত ক্ষুদ্ৰ চাহ খেতিয়কৰ উৎপাদন মুঠ উৎপাদনতকৈ ৫০%তকৈ অধিক।

—ঘৰুৱা ব্যৱহাৰৰ মাত্ৰা আৰু ৰপ্তানিয়ে উৎপাদন বৃদ্ধিৰ লগত খোজ মিলাব পৰা নাই আৰু বজাৰত অতিৰিক্ত যোগান আপাত দৃষ্টিত দেখা গৈছে। যাৰ বাবে উৎপাদনৰ মানদণ্ড যথেষ্ট হ্ৰাস পাইছে আৰু আন্তৰাষ্ট্ৰীয় বজাৰত অসমৰ চাহে এক ঋনাত্মক ভাৱমূৰ্তি গঢ়ি তুলিছে। ক্ষুদ্ৰ চাহ খেতিয়কৰ কেঁচা চাহপাতৰ মানৰ সাংঘাতিক তাৰতম্যৰ বাবে অসমৰ সুনাম থকা চাহৰ বজাৰ মানদণ্ড লক্ষণীয়ভাৱে হ্ৰাস পাইছে।

—অতিৰিক্ত যোগান হৈছে মূল্য স্থবিৰতাৰ অন্যতম প্ৰধান কাৰণ।

—ক্ষুদ্ৰ চাহ খেতিয়ক (এছটিজি) আৰু ক্ৰয় পাতৰ কাৰখানা (বিএলএফ) খণ্ডৰ বৃদ্ধিয়ে বিভিন্ন পৰিসৰৰ অৰ্থনীতিৰ সৈতে দ্বৈত অৰ্থনৈতিক গাঁথনিৰ সৃষ্টি কৰিছে। পঞ্জীয়নভুক্ত চাহ বাগিছাসমূহক বাগিছা শ্ৰমিক আইনৰ দ্বাৰা চাহ বাগিছাৰ শ্ৰমিক আৰু তেওঁলোকৰ পৰিয়ালক কল্যাণমূলক সুবিধা প্ৰদানৰ নিৰ্দেশ দিয়া হৈছে যিয়ে এক বৃহৎ আৰ্থিক বোজাৰ সৃষ্টি কৰে। এছটিজি আৰু বিএলএফ খণ্ডসমূহ এনে বাধ্যবাধকতাৰ অধীনত নহয় যাৰ ফলত তেওঁলোকৰ খৰছ যথেষ্ট কম।

—২০১৮ চনত ২৫৬ মিলিয়ন কেজিৰ শীৰ্ষ স্তৰ স্পৰ্শ কৰাৰ পিছত চাহ ৰপ্তানি ২০২১ চনত ১৯৬ মিলিয়ন কেজিলৈ হ্ৰাস পাইছে। যোৱা দুবছৰ ধৰি মহামাৰীৰ প্ৰাদুৰ্ভাৱৰ পৰা উদ্ভৱ হোৱা ভাৰতীয় চাহ ৰপ্তানিৰ বাবে প্ৰত্যাহ্বানমূলক হৈ পৰিছে আৰু ইৰানৰ চালানৰ বাবে পেমেণ্টৰ সমস্যা যিখন অন্যতম বৃহৎ ভাৰতীয় চাহৰ বাবে বজাৰ।

—২০২২ চনত জানুৱাৰী-মে’ৰ সময়ছোৱাত চাহ ব’ৰ্ডৰ উপলব্ধ তথ্য অনুসৰি ২০২১ চনৰ সংশ্লিষ্ট সময়ছোৱাৰ তুলনাত চাহ ৰপ্তানি ৫০ লাখ কিলোগ্ৰাম সামান্যভাৱে বৃদ্ধি পাইছে।

—উদ্যোগটোৱে ২০২২ চনত চাহ ৰপ্তানি পুনৰুজ্জীৱিত কৰাৰ বাবে আশাবাদী আৰু ২০২৫ চনৰ ভিতৰত ৩৫০ মিলিয়ন কেজিৰ লক্ষ্যত উপনীত হোৱাৰ আমাৰ দৃষ্টিভংগী আছে। শেহতীয়াকৈ ১১ জুলাই, ২০২২ তাৰিখে ভাৰত আৰু অন্যান্য দেশৰ মাজত বাণিজ্যিক নিষ্পত্তি ভাৰতীয় টকাত নিষ্পত্তি কৰাৰ অনুমতি দিয়া আৰ বি আইৰ বিজ্ঞপ্তিৰপৰা কেইবাখনো মূল বজাৰৰ সৈতে বাণিজ্যিক নিষ্পত্তিৰ বাবে লাভৱান হ’ব বুলি আশা কৰা হৈছে।

 

এই গুৰুতৰ সমস্যাখিনিৰ সমাধানৰ অৰ্থে ভাৰতীয় চাহ সংস্থাই কিছু পৰামৰ্শ আগবঢ়াইছে। চাহ বাগিছা খণ্ডত বিয়পি পৰা আৰ্থিক অসুবিধাৰ বাবে কিছু তাৎক্ষণিক হস্তক্ষেপৰ প্ৰয়োজনীয়তা আহি পৰিছে।

 

ক) ৰপ্তানি সামগ্ৰীৰ ওপৰত শুল্ক বা কৰ ৰেহাই (RODTEP) আঁচনি

 

—ভাৰতৰ পৰা ব্যৱসায়িক সামগ্ৰী ৰপ্তানি আঁচনি (MEIS) বন্ধ কৰাৰ অনুসৰি ৰপ্তানিৰ এফ অ’ বি মূল্যৰ ওপৰত ৫% প্ৰৰোচনামূলক হাৰ নিৰ্ধাৰণ কৰা হৈছিল, ভাৰত চৰকাৰে ৰপ্তানি সামগ্ৰীৰ ওপৰত শুল্ক বা কৰ ৰেমিচন (RODTEP) আঁচনি প্ৰৱৰ্তন কৰে।

—ভাৰত চৰকাৰে ঘোষণা কৰা RODTEP পুৰস্কাৰৰ হাৰে চাহৰ বাবে প্ৰযোজ্য হাৰ F.O.B ৰ ১% ৰাখিছিল যদিও Black Tea —Leaf/Dust in Bulk ৰ বাহিৰে সকলো ক্ষেত্ৰতে হাৰ ১.৭% ৰখা হৈছিল। প্ৰতি কেজিত ৩.৬০ টকা।

—বিভিন্ন উদ্যোগৰ অংশীদাৰসকলে হাৰ পৰ্যালোচনাৰ বাবে অনুৰোধ জনোৱাৰ পিছত চৰকাৰে উদ্যোগসমূহক ৰপ্তানি বান্ধি ৰখা সামগ্ৰীৰ ওপৰত শুল্ক/চেছ উপাদান নিৰ্ণয় কৰিবলৈ সতেজ অধ্যয়ন চলাবলৈ পৰামৰ্শ দিয়ে। সেই অনুসৰি আই টি এয়ে নতুনকৈ অধ্যয়নৰ দায়িত্ব দিছিল আৰু চূড়ান্ত প্ৰতিবেদন চাহ ব’ৰ্ডত দাখিল কৰা হৈছে।

—শেহতীয়া অধ্যয়নত প্ৰকাশ পাইছে যে চাহ উদ্যোগৰ বাবে প্ৰতি ইউনিটত গড় ৰপ্তানি বিক্ৰী মূল্যৰ শতাংশ হিচাপে এম্বেডেড টেক্সৰ গড় হাৰ ৫.৯১%।

—আমি চৰকাৰক আহ্বান জনাম যে ভাৰতীয় চাহক বিশ্ব বজাৰত প্ৰতিযোগিতামূলকভাৱে থাকিবলৈ সক্ষম কৰিবলৈ চাহৰ বাবে প্ৰযোজ্য RODTEP হাৰ এফ অ’ বি মূল্যৰ কমেও ৬%লৈ সংশোধন কৰক।

 

খ) ইৰানৰ ৰপ্তানি

—ভাৰতৰ মুঠ চাহ ৰপ্তানিৰ ২০% ইৰানৰ বজাৰ। পেমেণ্টৰ সমস্যাৰ বাবে ইৰানলৈ চালান হ্ৰাসে ঘৰুৱা বজাৰত ঘৰুৱা চাহিদা-যোগানৰ ভাৰসাম্যত বিৰূপ প্ৰভাৱ পেলাইছে আৰু অতিৰিক্ত যোগানে পৰিস্থিতি অধিক বেয়া কৰি তুলিছে।

—২০২০ চনলৈকে ইৰানৰ ৰপ্তানিৰ বাবে ধন টকা-ৰিয়েল ব্যৱস্থাৰ জৰিয়তে প্ৰভাৱিত হৈছিল যিটো ইৰানৰ পৰা তেল আমদানি বন্ধ হোৱাৰ বাবে আমেৰিকাৰ নিষেধাজ্ঞাৰ পিছত অকাৰ্যকৰী হৈ পৰিছিল।

—২০১৯ চনত ৫৫ মিলিয়ন কেজি স্পৰ্শ কৰা ইৰানলৈ চাহৰ ৰপ্তানি ২০২০ চনত ৩৩ মিলিয়ন কেজিলৈ হ্ৰাস পায় আৰু ২০২১ চনত আৰু অধিক হ্ৰাস হৈ ২৬ মিলিয়ন কেজি হয়গৈ।

—জানিব পৰা গৈছে যে যদিও আৰ বি আইয়ে তৃতীয় পক্ষৰ মুদ্ৰা পৰিশোধৰ অনুমতি দিছে ক্ষেত্ৰভিত্তিকভাৱে, ৰপ্তানিকাৰকসকলে শুল্ক আৰু বেংকৰ সৈতে মিলনৰ ক্ষেত্ৰত অসুবিধাৰ সন্মুখীন হৈছে যাৰ ফলত ধন পৰিশোধৰ বাস্তৱায়নত পলম হৈছে।

—তেল আমদানি পুনৰ আৰম্ভ আৰু টকা-ৰিয়াল পৰিশোধৰ ব্যৱস্থা অব্যাহত ৰখাৰ বাবে ইৰান চৰকাৰৰ সৈতে বিষয়টো আলোচনাৰ বাবে লোৱাৰ কথা সদয়ভাৱে বিবেচনা কৰিবলৈ সংস্থাটোৱে চৰকাৰক আহ্বান জনাব।

গ) নিৰ্দিষ্ট কৃষি সামগ্ৰী আঁচনিৰ বাবে পৰিবহণ আৰু বিপণন সহায়

ঘ) এফ এছ এছ এ আই নিয়মাৱলীৰ অধীনত সৰ্বোচ্চ অৱশিষ্টৰ মাত্ৰা (এম আৰ এল)।

 

থোৰতে কিছু তথ্য _

—অসমত ৮০৩খন পঞ্জীয়নভুক্ত ডাঙৰ চাহ বাগিছা আছে য’ত কেৱল ব্ৰহ্মপুত্ৰ উপত্যকাত ৭০৫খন আৰু বাকী ৯৮খন বৰাক উপত্যকাত আছে।

—অসমত প্ৰায় ৮০০টা চাহ কাৰখানা আছে, ইয়াৰে ৫০৮টা কাৰখানা বাগিছাযুক্ত আৰু ২৯৬টা চাহ কাৰখানা বাগিছাবিহীন বা কিনা পাতৰ কাৰখানা।

—দেশৰ প্ৰথমখন চাহ বাগিছা ১৮৩৭ চনত উজনী অসমৰ চাবুৱাত ব্যৱসায়িক ভিত্তিত প্ৰতিষ্ঠা কৰা হয় আৰু বৰ্তমানে এই বাগিছাখন টাটা গ্ৰুপৰ অধীন।

—অসমৰ বিশ্বনাথ জিলাৰ মোনাবাৰী চাহ বাগিছা এছিয়াৰ সৰ্ববৃহৎ চাহ বাগিছা। এই চাহ বাগিছাখনৰ মালিক উইলিয়ামছন মেগ’ৰ গ্ৰুপৰ অংশ মেকলয়ড ৰাছেল ইণ্ডিয়া লিমিটেডৰ।

—ডিব্ৰুগড় হ’ল ডিব্ৰুগড় আৰু তিনিচুকীয়া দুখন মুখ্য চাহ উৎপাদনকাৰী জিলাৰ প্ৰৱেশদ্বাৰ। অসমৰ চাহ খেতিৰ প্ৰায় ৫০% এই অঞ্চলৰ অংশ আৰু ইয়াৰ ফলত ডিব্ৰুগড়ক ‘ভাৰতৰ চাহ চহৰ’ বুলিও কোৱা হয়। আনহাতে যোৰহাট নগৰক চাহৰ ৰাজধানী বুলি কোৱা হয়।

—অসমত বিশ্বৰ ভিতৰতে চাহ বাগিছাৰ সৰ্বাধিক ঘনত্ব আছে। ইয়াত উৎপাদিত চাহৰ বেছিভাগেই সমগ্ৰ বিশ্বতে যোগান ধৰা হয়। এই কাৰণেই অসমক ‘চাহৰ দেশ’ বুলিও কোৱা হয়।

—জনমূৰি চাহ খোৱাৰ পৰিমাণ (সৰ্বাধিক) —তুৰস্ক-৩.১৬ কেজি, আয়াৰলেণ্ড —২.১৯ কেজি, বৃটেইন —১.৯৪ কেজি, ইৰান —১.৫ কেজি, ভাৰত আছে ২৮নং স্থানত —০.৩৩ কেজি মাত্ৰ।

—ভাৰতৰ ভিতৰতে সৰ্বাধিক বিক্ৰী হোৱা চাহৰ ব্ৰেণ্ড হৈছে টাটা গ্ৰুপৰ টাটা টী।

—সমান ওজনৰ সোণতকৈও ৩০ গুণ বেছি, প্ৰতি কিলোগ্ৰামত প্ৰায় ১২ লাখ ডলাৰ মূল্যৰ ডা-হং পাও চাহ চীনৰ ফুজিয়ান প্ৰদেশৰ ৱুই পৰ্বতমালাত উৎপাদিত বিশ্বৰ আটাইতকৈ দামী চাহ আৰু ইয়াৰ বিৰলতাৰ বাবে ইয়াক ৰাষ্ট্ৰীয় সম্পদ হিচাপে ঘোষণা কৰা হৈছে।

—অসমত সৰু-বৰ ক্ষুদ্ৰ চাহ খেতিয়কৰ সংখ্যা প্ৰায় ৫০ হাজাৰ আৰু খুদ্ৰ চাহবাগিছাৰ কেঁচাপাত উৎপাদন মুঠ উৎপাদনৰ প্ৰায় ৫০%। ১০ হেক্টৰ (১ হেক্টৰ = ৭.৫ বিঘা) বা তাতকৈ কম মাটি-কালিৰ চাহ বাগিছা থকা এজন খেতিয়কক চৰকাৰে ক্ষুদ্ৰ খেতিয়ক হিচাপে শ্ৰেণীভুক্ত কৰে৷

 

 

চাহ উদ্যোগটো অসমৰ বাবে অনগ্ৰসৰ ৰাজ্য এখনৰ বাবে সঞ্জীৱনী স্বৰূপ। এই উদ্যোগটোত অসমৰ প্ৰায় ১০ লক্ষ লোক প্ৰত্যক্ষ আৰু আন বহুলোক পৰোক্ষভাৱে জড়িত হৈ আছে। গতিকে এই উদ্যোগটো সুস্থৰূপত জীয়াই ৰখাটো নিশ্চয়কৈ প্ৰতিজন অসমীয়াৰে নৈতিক দায়িত্ব।

 

[লেখাটোৰ বহু সমল যদিও ইণ্টাৰনেটৰ পৰা, উপলব্ধ সকলো তথ্য চালিজাৰি চাই শুদ্ধ ৰূপত দিবলে চেষ্টা কৰা হৈছে; কিছু তথ্য ভাৰতীয় চাহ সংস্থাৰ পৰা লোৱা আৰু বাকীখিনি নিজা অভিজ্ঞতাৰ পৰা]

 

*************

সুৰজিত নেওগ,

মুখ্য তথ্য প্ৰযুক্তি বিষয়া তথা উপ মহাপ্ৰবন্ধক,

এমালগেমেটেড প্লেনটেচনচ (পূৰ্বৰ টাটা টী)

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Don`t copy text!