বীৰ হনুমানৰ জন্মকথা
লেখক- মৌচুমী বৰি
এবাৰ স্বৰ্গত ভগৱান ব্ৰহ্মাই পদুমফুলৰ আসনত বহি ধ্যানমগ্ন হৈ আছিল। যেতিয়া তেওঁ চকু খুলিলে, দেখা পালে যে এগৰাকী স্বৰ্গৰ অপ্সৰাই তেওঁৰ সন্মুখত থিয় হৈ কান্দি আছে। ব্ৰহ্মাই তাইক সুধিলে – “মই তোমাৰ দুখৰ কাৰণ জানিব পাৰোঁ নে?” পুঞ্জিকাস্থলা নামৰ অপ্সৰাগৰাকীয়ে ব্ৰহ্মাক ক’লে – “হে প্ৰভু, মই এটা ভয়ানক অভিশাপৰ সন্মুখীন হৈছোঁ। মই পৃথিৱীখননো কেনেকুৱা চাবৰ বাবে পৃথিৱীলোকলৈ গৈছিলোঁ। তাত মই আচৰিত ধৰণৰ দৃশ্য এটা দেখিবলৈ পালোঁ। এটা বান্দৰে আসনত বহি ধ্যান কৰি আছিল। মই ধেমালি কৰিবলৈ উৎসুক হৈ পৰিলোঁ আৰু গালৈ বুলি শিল দলিয়াবলৈ আৰম্ভ কৰিলোঁ। পিছে মোৰে দুৰ্ভাগ্য যে তেওঁ আচলতে বান্দৰৰূপী এজন সন্ন্যাসীহে আছিল। তেওঁ অগ্নিশৰ্মা হৈ চকু খুলিলে আৰু মোলৈ চাই অভিশাপ দিলে – “যিদিনাই মই কাৰোবাৰ প্ৰেমত পৰিম সেইদিনাই মই বান্দৰলৈ ৰূপান্তৰ হ’ম।” এইবুলি কৈ অপ্সৰাগৰাকীয়ে পুনৰ হুকহুকাই কান্দি উঠিল।
অপ্সৰাগৰাকীৰ এই বিপদত ব্ৰহ্মা গভীৰ চিন্তাত নিমগ্ন হ’ল কিয়নো তেওঁ অপ্সৰাগৰাকীয়ে পোৱা অভিশাপ সম্পূৰ্ণৰূপে খণ্ডন কৰিব নোৱাৰে। ব্ৰহ্মাই ক’লে – “হে অপ্সৰা, অভিশাপৰ পৰা ওলাই অহা এটা উপায় আছে কিন্তু তুমি ধৈৰ্য ধৰিব লাগিব।” ব্ৰহ্মাই পুনৰ ক’লে — “তুমি অভিশাপমুক্ত তেতিয়াহে হ’বা তুমি যেতিয়া ভগৱান শিৱৰ অংশ অৱতাৰ জন্ম দিবা। তুমি শিৱৰ আৰাধনা কৰা। এতিয়া তুমি এই স্বৰ্গ এৰি পৃথিৱীত বাস কৰাৰ সময় আহি পৰিল।”
ব্ৰহ্মাৰ কথামতে পুঞ্জিকাস্থলাই অঞ্জনা নামেৰে পৃথিৱীলোকত থাকিবলৈ আহিল।
অঞ্জনাই অৰণ্যত থাকিবলৈ ল’লে। এদিন তাই দেখিবলৈ পালে যে এজন বাহুবলী পুৰুষে এটা সিংহৰ লগত যুঁজ কৰি আছে আৰু সিংহটো পুৰুষজনৰ আক্ৰমণত ধৰাশায়ী হৈ পৰিছে। সুন্দৰ সুঠাম পৰাক্ৰমী পুৰুষজনক দেখি তাই মুহূৰ্ত্ততে প্ৰেমত পৰিল আৰু লগে লগে অনুভৱ কৰিলে যে তাইৰ মুখখন সলনি হ’বলৈ আৰম্ভ কৰিছে। অভিশাপ যে তাইৰ ওপৰত ক্ৰিয়া কৰিছে সেইকথা জানি তাই ভীষণ ভয় খালে আৰু মূৰ ঘূৰাই মাটিত ঢলি পৰিল। সিংহক পৰাস্ত কৰা পুৰুষজনে সুন্দৰী যুৱতীগৰাকী মাটিত ঢলি পৰা দেখি কাষ চাপি আহিল আৰু ভাবিলে যে তেওঁক দেখি তাই হয়তো ভয় খাইছে। পুৰুষজন কাষ চাপি অহা দেখি মাটিত পৰি থকা অঞ্জনাই সেই পুৰুষজনক মুখখন দেখুৱাবলৈ বেয়া পাই হাতেৰে নিজৰ মুখখন ঢাকি ৰাখিলে আৰু আঙুলিৰ ফাঁকেৰে পুৰুষজনলৈ চাই আচৰিত হৈ গ’ল। তাই প্ৰেমত পৰা এই পুৰুষজনৰ মুখখনো বান্দৰৰ দৰে! হঠাতে অঞ্জনাৰ মুখখন আনন্দত উজ্জ্বল হৈ উঠিল।
: মই কেশৰী, বান্দৰৰ ৰজা। – পুৰুষজনে অঞ্জনাৰ আগত নিজৰ পৰিচয় দি পুনৰ ক’লে
: হে দেৱী, মই তোমাৰ ৰূপত মুগ্ধ, তুমি কোন মই নাজানো কিন্তু মই তোমালৈ বিয়াৰ প্ৰস্তাৱ আগবঢ়াব বিচাৰোঁ। – পুৰুষজনৰ প্ৰস্তাৱত অঞ্জনা আচৰিত নোহোৱাকৈ নাথাকিল যদিও তাই বিয়া পাতিবৰ বাবে সন্মতি হ’ল। এনেকৈয়ে স্বৰ্গৰ অপ্সৰা অঞ্জনা আৰু বান্দৰৰ ৰজা কেশৰী বিবাহপাশত আবদ্ধ হ’ল।
দুয়ো সংসাৰ পাতি অৰণ্যত সুখে-সন্তোষে থাকিবলৈ ল’লে। সেই সময়তে পৃথিৱীৰ অন্য এটা কোণত অযোধ্যাৰ ৰজা দশৰথে পুত্ৰ লাভৰ উদ্দেশ্যে যজ্ঞ পাতিছিল। যজ্ঞ কৰি থাকোঁতে অগ্নি দেৱতা সন্তুষ্ট হৈ হাতত এটি মিঠা দ্ৰব্যৰ পাত্ৰ লৈ ৰজা দশৰথৰ আগত দেখা দিলে। অগ্নি দেৱতাই মিঠা দ্ৰব্যৰ পাত্ৰটো ৰজা দশৰথৰ হাতত তুলি দি ক’লে – “আপোনাৰ তিনিও পত্নীক এইখিনি খাবলৈ দিব আৰু আপুনি একোজন মহাপ্ৰতাপী বীৰ পুৰুষৰ পিতৃ হ’ব পাৰিব।” দশৰথে অগ্নি দেৱতাৰ কথা পালন কৰিলে আৰু তিনিও পত্নীকে খাবলৈ দিবৰ বাবে প্ৰস্তুত হ’ল। ৰজা দশৰথে যেতিয়া তৃতীয় পত্নীক মিঠা দ্ৰব্যৰ পাত্ৰটো দিবলৈ গ’ল, সেইসময়তে চৰাই এটা আহি দশৰথৰ হাতৰ পাত্ৰটোত টান এটা মাৰি উৰি গুচি গ’ল। টান মাৰি দিয়াৰ বাবে যেতিয়া পাত্ৰটোৰ পৰা অকণ মিঠা দ্ৰব্য মজিয়াত পৰিল সেই সময়তে বায়ু দেৱতাই বতাহেৰে সেই দ্ৰব্যখিনি পূজা কৰি থকা অঞ্জনাৰ হাতত পেলালেগৈ। অঞ্জনাই নিজৰ হাতত মিঠা দ্ৰব্যখিনি দেখা পাই ভগৱানৰ নিৰ্মালি বুলি গ্ৰহণ কৰিলে। কেইটামান মাহৰ পিছতে অঞ্জনাৰ এটি সুন্দৰ পুত্ৰ জন্ম হ’ল। পুত্ৰ সুখত কেশৰী আৰু অঞ্জনাৰ মনত অপাৰ আনন্দ লাগিল। আনন্দতে অঞ্জনাই পুত্ৰটিৰ নাম ৰাখিলে – অঞ্জনেয়, অঞ্জনাৰ পুত্ৰ অঞ্জনেয়। এনেকৈয়ে কেশৰী নন্দন হনুমানৰ জন্ম হৈছিল।