উঠ ৰে উঠ বাপু!
লেখক- নিবেদিতা শইকীয়া
পূবে দিলে ফেঁহুজালি, বেলিয়ে মাৰিলে হাঁহি
চৌপাশে চটিয়ালে হেঙুলী বৰণ,
পোণাকন, আঁহা উঠি, এৰাচোন ঢাৰি পাটী
সূৰুযক কৰা আহি ভকতি নমন।
সখিয়তী, বুলবুলি, ৰচকী শালিকাহালি
কাক, কুলি, কেতেকী, ঘৰচিৰিকা,
মৌপিয়া নাচনী, জাকি মাৰি বগলী
ডাউক আৰু শৰালি, দহিকতৰা!
কিছিৰ মিছিৰ কথা, হিয়াৰ মৰমেৰে মথা
পায় গৈ বহুদূৰ, পলকতে উৰি
নাথাকে ক্ষণিকো ৰৈ, এলাহ সাৱটি লৈ
সঁচাকৈয়ে বহু কাম আছে দেখো পৰি!
ফেঁচু আৰু হেটুলুকা, সখিয়তী, বাঢ়ৈটোকা
পাটমাদৈ, মইনা, আৰু কপৌ, ভাটো,
কণামুচৰি, হাড়গিলা, সাৰ পালে মাছৰোকাই তুমি কিয় পাক মাৰি শুইছা আকৌ?
শুনা সেয়া কুকুৰাই, ডাক দিলে কেতিয়াই!
হাঁহবোৰে গৰালৰ দৰ্জা খুন্দিয়ায়,
গোহালিৰ দামুৰিয়ে, উলাহতে জাপ দিলে
মুকলি পথাৰলৈ বাট বুলিব এতিয়াই।
লাকুৰ পাকুৰ কৰি পাৰবোৰ উৰি আহি
মা ই দিয়া চাউল খায় চোতালত বহি
ঘৰচীয়া, বনৰীয়া, প্ৰকৃতিৰ জীৱ কূল
হয় মতলীয়া, দেখি বেলিটিৰ হাঁহি!
মোহনীয়া হাঁহি দেখি, ফুলেও মেলিলে পাহি
ৰং আৰু সুবাসেৰে জগত জিনে
গোলাপ, তগৰ, জবা, কঠনা, কৰৱী
সূৰুযমুখীয়ে চালে সূৰুযৰ পিনে!
ফুল আৰু পখিলা, কত ৰঙৰ দেখিলা
মৌমাখি, ভোমোৰাৰ সুৰ গুণগুণ,
সকলোৱে কৰে কাম, ৰাতি হে বিৰাম
পুৱা হ’লে দেখিবা পূৰায় সপোন।
বাদ মাথোঁ নিশাচৰ, ফেঁচা, হুদু শিয়ালৰ
আৰু আছে বহু জীৱ ৰাতি সাৰে থকা
মানুহ প্ৰজাতি পাছে, অইন জীৱৰ লগে সংগে
ৰাতি জিৰণি লয়, দিনে কৰ্ম বন্ধা।
পুৱা হলে সাৰ পায়, জগাব নালাগে ভাই পৃথিৱীৰ সকলোটি প্ৰকৃতিৰ অধীন,
গছ লতা তৰু তৃণ, পশু পক্ষী যত জীৱ
চৰাচৰ জগত হয় নিয়মত লীণ।
সেয়ে শুনা পোণাকন, নকৰি পলম
এৰি ঢাৰিপাটী চোৱা, হিৰন্ময় ধৰা!
কাণ পাতি শুনা সুৰ, চকু মেলি চোৱাচোন
প্ৰকৃতিৰ অপৰূপ বিনন্দীয়া মেলা।