সূৰ্যকুমাৰ…..ভাৰতীয় ক্ৰিকেটৰ নতুন সূৰ্য

লেখক- জানমণি বৰা

মুম্বাই স্কুলৰ বেটাৰ সূৰ্যকুমাৰ যাদৱ ভাৰতীয় তথা বিশ্বক্ৰিকেটৰ নৱতম চাঞ্চল্য। শচীন আৰু বিৰাট কোহলিতকৈ সূৰ্যকুমাৰ অলপ পৃথক। বেটাৰ হিচাপে তেওঁ‌ৰ সকলোতকৈ ডাঙৰ গুণ বা সক্ষমতা হৈছে এই যে বগা বলৰ ক্ৰিকেটত তেওঁ‌ প্ৰথমতো বলৰ পৰাই আক্ৰমণাত্মক ৰূপ ধাৰণ কৰিব পাৰে বা কৰে। বিৰাট কোহলি বা বাবৰ আজমে তেওঁ‌লোকৰ ইংনিছ সজাবলৈ ক্ৰিজত অকণমান সময় লয়। তেওঁ‌লোকে প্ৰথম দহ-বাৰটামান বল অতি সাৱধানেৰে খেলি বলৰ গতি-মতি, ছুইং, উইকেটৰ আচাৰ-ব্যৱহাৰ আদি গভীৰভাৱে অধ্যয়ন কৰি লয়। তাৰ পিছতহে তেওঁ‌লোকে স্বাভাৱিক ছন্দেৰে খেলিবলৈ আৰম্ভ কৰে। কিন্তু সূৰ্যকুমাৰৰ বেটিং চাই এনে লাগে যেন তেওঁ‌ ড্ৰেছিং ৰূমতে খেলৰ গতি-প্ৰকৃতি অধ্যয়ন কৰি প্ৰথমটো বলৰ পৰাই প্ৰতিপক্ষক ধৰাশায়ী কৰিবলৈ মানসিকভাৱে নিজকে প্ৰস্তুত কৰি তোলে। বলৰ ছুইং, উইকেটৰ বাউন্স, স্পিন আদিয়ে তেওঁ‌ৰ বেটিং শৈলীত বৰ বিশেষ প্ৰভাৱ পেলাব নোৱাৰে। ভাৰতীয় ক্ৰিকেটৰ টপ অৰ্ডাৰৰ বেটিং পৰম্পৰাগতভাৱে ৰক্ষণাত্মক। এইক্ষেত্ৰত সূৰ্যকুমাৰ নিসন্দেহে এক ব্যতিক্ৰম বুলি ধৰিব পাৰি।

সূৰ্যকুমাৰৰ অস্ত্ৰ অলেখ। তেওঁ‌ৰ উইকেটৰ চাৰিওদিশে ৰাণ কৰাৰ ক্ষমতা আছে। তেওঁ‌ৰ বেটিং চালে আন এজন কিংবদন্তি ক্ৰিকেটাৰৰ কথা আমাৰ মনলৈ আহে। তেওঁ‌ হ’ল দক্ষিণ আফ্ৰিকাৰ এ বি ডেভিলিয়াৰ্চ। এ বি বিশ্বক্ৰিকেটত মি. 360 হিচাপে পৰিচিত। আমাৰ সূৰ্যকুমাৰৰো এ বিৰ দৰেই ক্ৰিকেট সৃষ্টি কৰাৰ ক্ষমতালৈ চাই ক্ৰিকেট ৰসজ্ঞসকলে তেওঁ‌ক আন এজন মি. 360 আখ্যা দিব খোজে। আচল কথাটো হ’ল, প্ৰতিটো বলে সোধা প্ৰশ্নৰ বাবে সূৰ্যকুমাৰ বা এবিৰ দৰে বেটাৰৰ বেটত বহুকেইটা উত্তৰ থাকে। উদাহৰণস্বৰূপে অফ ষ্টাম্পৰ সামান্য বাহিৰৰ গুড লেন্থৰ বল এটাই সোধা প্ৰশ্নৰ ব্যাকৰণসন্মত উত্তৰ হ’ল কভাৰ ড্ৰাইভ অথবা লেইট কাট। শচীন বা কোহলীৰ বেটৰ পৰা তেনে এক বলত আপুনি আশা কৰিব পাৰে এটি সুন্দৰ, দৃষ্টিনন্দন কাভাৰ ড্ৰাইভ। কিন্তু সেই একেটা বলকে সূৰ্যকুমাৰে খেলিব পাৰে নিজৰ ইচ্ছা অনুসাৰে; শুই, বহি, অথবা এটা ভৰিৰ আঠুত ভৰ দি উইকেটৰ যিকোনো দিশে। সেইখিনিতে তেওঁ‌ ব্যতিক্ৰম।

ভাৰতৰ ঘৰুৱা ক্ৰিকেট প্ৰতিযোগিতা ৰঞ্জি ট্ৰ্ফিত সূৰ্যকুমাৰৰ অভিষেক ঘটিছিল ২০১০ চনত, মুম্বাইৰ হৈ। কলকাতা নাইট ৰাইদাৰ্চৰ হৈ আই পি এলত তেওঁ‌ৰ প্ৰৱেশ ঘটে ২০১৪ চনত । ২০১৮ চনত তেওঁ‌ক নীতা আম্বানি মালিকানাধীন মুম্বাই ইণ্ডিয়ানচে চুক্তিবদ্ধ কৰে আৰু তেতিয়াৰপৰাই দলটিৰ এজন নিৰ্ভৰযোগ্য টপ অৰ্ডাৰ বেটাৰ হিচাপে তেওঁ‌ আই পি এলত খেলি আহিছে। আই পি এলত তেওঁ‌ বহুকেইটা স্মৰণীয় আৰু প্ৰশংসাযোগ্য ইনিংছ খেলিছে। কিন্তু ৰঞ্জি ট্ৰ্ফি আৰু আই পি এলত অৰ্জন কৰা সুনামে তেওঁ‌ৰ বাবে ভাৰতীয় জাতীয় দলত স্থান লাভৰ পথ মসৃন কৰি তুলিব নোৱাৰিলে। ভাৰতৰ জাতীয় দলত স্থান লাভ কৰিবৰ বাবে তেওঁ‌ বহুদিন অপেক্ষা কৰিব লগা হ’ল। অৱশেষত যোৱা ২০২১ চনতহে তেওঁ‌ লাভ কৰিলে ভাৰতীয় দলৰ প্ৰৱেশ পত্ৰ। বহু ক্ৰিকেট বিশেষজ্ঞৰ মতে অন্ততঃ নূন্যতম দুটা তিনি বছৰৰ আগতেই তেওঁ‌ ভাৰতীয় দলত স্থান লাভ কৰিব লাগিছিল। কিন্তু বাস্তৱত সেয়া ন’হল। সি যি কি নহওক, ভাৰতীয় জাতীয় দলৰ জাৰ্চি পৰিধান কৰাৰ এটা বছৰৰ ভিতৰতে কিন্তু তেওঁ‌ অৰ্জন কৰিছে টি টুৱেণ্টি ক্ৰিকেটত বিশ্বৰ সৰ্বশ্ৰেষ্ঠ বেটাৰৰ খিতাপ। যোৱা অক্টোবৰ মাহত অষ্ট্ৰেলিয়াত অনুষ্ঠিত হোৱা টি টুৱেণ্টি বিশ্বকাপত বহুকেইটা স্মৰণীয় ইনিংছ খেলি তেওঁ‌ ক্ৰিকেটৰ ইতিহাসত নিজৰ নাম সোণালী আখৰেৰে লিপিবদ্ধ কৰিবলৈ সক্ষম হৈছে। তদুপৰি তেওঁ‌ অৰ্জন কৰিছে এটা কেলেণ্ডাৰ বৰ্ষত টি টুৱেণ্টি ক্ৰিকেটত সৰ্বাধিক ৰাণ সংগ্ৰহ কৰা ভাৰতীয় বেটাৰৰ খিতাপ। ভাৰতীয় জাতীয় দলৰ এজন নৱাগত খেলুৱৈ হিচাপে সূৰ্যকুমাৰৰ এই সফলতা নিসন্দেহে ঈৰ্ষণীয় আৰু প্ৰশংসাৰ যোগ্য।

এই যে সূৰ্যকুমাৰ যাদৱে ভাৰতৰ জাতীয় দলত স্থান লাভ কৰিবলৈ অনেক কষ্ট কৰিব লগা হ’ল, অলেখ হতাশা আৰু ভগ্ন স্বপ্নৰ স্তুপৰ মাজেৰে তেওঁ‌ৰ ক্ৰিকেট আগবঢ়াই নিব লগা হ’ল—সেই সংগ্ৰাম কিন্তু তেওঁ‌ৰ বাবে নিসন্দেহে এক আশীৰ্বাদত পৰিণত হ’ল। আন্তৰাষ্ট্ৰীয় মঞ্চত প্ৰৱেশ ঘটাৰ আগতেই সেই দীঘলীয়া সংগ্ৰামে তেওঁ‌ক ক্ৰিকেটাৰ হিচাপে পৰিপক্ক কৰি তুলিলে। ভাৰতৰ ঘৰুৱা ক্ৰিকেটৰ অভিজ্ঞতা আৰু আই পি এলৰ অভিজ্ঞতাই তেওঁ‌ক জুইয়ে পোৰা সোণত পৰিনত কৰিলে। আন্তৰাষ্ট্ৰীয় ক্ৰিকেটৰ যি চাপ, সেই চাপ মোকাবিলা কৰিবৰ বাবে একমাত্ৰ ক্ৰিকেটীয় প্ৰতিভাই যথেষ্ট নহয়। মনৰ পৰিপক্কতাও ক্ৰিকেট খেলুৱৈৰ থাকিবলগা এক অন্যতম গুণ। আমাৰ কথাতে কয় নহয় বোলে বয়স বৃদ্ধি হ’লে বুদ্ধি হৈব ভাল। সূৰ্যকুমাৰৰ ক্ষেত্ৰতো এইষাৰ কথা ষোল অনাই সত্য প্ৰমাণিত হ’ল। এক পৰিপক্ক মনেৰে সৈতে ভাৰতৰ জাতীয় দলৰ হৈ প্ৰথমবাৰ খেলপথাৰত নামিয়েই ইংলেণ্ডৰ বিশ্বত্ৰাস পেচাৰ জফ্ৰা আৰ্চাৰৰ এটা দ্ৰুতবেগী বাউঞ্চাৰ অনায়াসে লেগ চাইদৰ বাউণ্ডেৰীৰ ওপৰেদি মাৰি পঠিয়াই সূৰ্যকুমাৰে সদম্ভে বিশ্ব ক্ৰিকেটত নিজৰ উপস্থিতি ঘোষণা কৰিলে আৰু তাৰ লগে লগে ভাৰতীয় ক্ৰিকেটত আৰম্ভ হ’ল সূৰ্য যুগ।

ভাৰতীয় ক্ৰিকেটত বিৰাট কোহলী এতিয়া এক অস্তমিত ৰবি। কিমান দিনলৈ আৰু তেওঁ‌ ভাৰতীয় ক্ৰিকেটপ্ৰেমীৰ প্ৰত্যাশাৰ বোজা কঢ়িয়াব পাৰিব সেয়া সময়েহে হ’ব। তেওঁ‌ৰ কান্ধৰ বোজা লঘু কৰিবলৈ প্ৰায় সঠিক সময়ত উদয় হৈছে আন এক সূৰ্য—সূৰ্যকুমাৰ। সূৰ্যকুমাৰৰ হাত ধৰি ভাৰতীয় ক্ৰিকেটে লাভ কৰক এক নতুন উচ্চতা—এয়াই সকলো ভাৰতীয় ক্ৰিকেটপ্ৰেমীৰ একান্ত কামনা।

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Don`t copy text!